চেনাইনি নৈৰ পাৰে পাৰে (-মুংচাজ’ বৰ্ণালী আম্ফি মান্তা)

চেনাইনি নৈৰ পাৰে পাৰে (-মুংচাজ’ বৰ্ণালী আম্ফি মান্তা)

চেনাইনি নৈৰ পাৰে পাৰে (-মুংচাজ’ বৰ্ণালী আম্ফি মান্তা)

by November 25, 2016 0 comments

২০১৪ চনৰ ঠেঁটুৱৈ লগা ডিচেম্বৰ মাহৰ এটা দিনত…
পুৱাৰে পৰা মাৰ পিছে পিছে ঘূৰি ফুৰিছোঁ, যিমান পাৰো ঘৰুৱা কামত সহায় কৰি
মাৰ মন ভাল লগাই আছোঁ, তাৰ মাজতো বেগটোত লাগতিয়াল বস্তু সামৰি আছোঁ…
উদ্দেশ্য এটাই, মোক পূব কাৰ্বি পাহাৰ যাবলৈ অনুমতি লাগে৷ মায়ে গুৰুত্ব
নিদি পাকঘৰৰ কামত ব্যস্ত থকাত এপাকত পিৰালিতে বহি ৰাউচি জুৰিলোঁ৷ খাটাং
আছিলোঁ এনে কৰিলে মায়ে আমনি পাই যাবলৈ দিবই দিব৷
“ককায়েৰে মাছ মাৰি ঘূৰি অহাৰ আগতে যাৱ যদি যা, নহ’লে মৰিয়াই ঠেং ভাঙিব“,
মোৰ বাবে এইশাৰীয়ে যথেষ্ট আছিল৷ পিঠিত বেগটো লৈয়ে বাছ ষ্টেণ্ডলৈ দৌৰ
দিলোঁ, দাদাক ঠেং দুখন ঘূৰি আহি গতাম…৷
বিয়লি ২.১৫ ত কাৰ্বি আংলং অভিমুখী বাছখন আহি পালে, উঠি পৰিলোঁ৷ বাছৰ
ভিতৰত, বডীৰ ওপৰত নিয়াৰিকৈ পাণ জপাৰ দৰে মানুহ৷ কোনোবাই যদি দুজনীয়া আসনক
তিনিজনীয়া কৰিছে কোনোবাই আকৌ বাছৰ যাত্ৰী অহা-যোৱা কৰা ৰাস্তাটোতে হাতৰ
টোপোলাটো আসন বনাই বহি লৈছে৷ হৰেক ৰকমৰ মানুহ, শ্বিলং-গুৱাহাটীত অধ্যয়নৰত
ল’ৰা-ছোৱালী, ভৈয়ামৰ বজাৰত বাঁহ গাজ, জলকীয়া বিক্ৰী কৰি পিঠিত ধানৰ বোজা লৈ
অহা পাই (বাইদেউ) কেইজ
নীলৈকে৷ নিয়াৰিকৈ বুলি এইবাবেই ক’লো, ঠাঁহ খাই থকা মানুহখিনিৰ মাজত অনাহকত
ঠেলা-হেঁচা নেদেখিলোঁ, সকলোৱে নিজক যিমান পাৰি গোটাই-চপাই বেলেগলৈ ঠাই
আজৰাই দিছে, মুখৰ ভাব এনেকুৱা…দিনটোৰ ভিতৰত উভতনি বাছ এখনেই, যাবতো লাগিব
সকলোৱে এইখনতেই ভাই, গছকি-খছকি যোৱাতকৈ মিলা প্ৰীতিৰে যাওঁ৷
বাছ চলিল, কেইবাটাও কাষলতিৰ তলেৰে পাৰ হৈ এটা ছিটত নিকপকপীয়াকৈ খামুচি ধৰি
ল’লোঁ, পাহাৰৰ একা-বেকা বাটত খোলা খিৰিকীয়েদি ওলায়ে পৰিম নহ’লে৷
“ঐ ড্ৰাইভাৰ বাবা, কি ব্ৰেক টানিছ ৰে? গোটেই গাটো জিনজিনাই যায়“, পিছফালে
বহা কোনোবা এটাই চিঞৰি উঠিল, সুৰতে গম পালোঁ মোৰ দৰে ভৈয়ামৰে কোনোবা৷
মইয়ো এতিয়াহে গম ল’লোঁ…অথনিৰে পৰা কিয় মোৰ দাঁতৰ গুৰিলৈকে ভাকুটকুটাই
আছিল৷ বাছখনে ব্ৰেক টানিলেই এনে এটা কম্পনৰ সৃষ্টি হয়, গা জিনজিনাই যায়
৷ বিৰাট হাঁহি উঠিছিল যদিও মুখ টিপিয়াই হাঁহি অসমীয়া বুজি নোপাৱা ৰাইজৰ
মাজত ভাৱলেশহীন মুখ সামৰি থলোঁ! থাওক দে, ঘৰত মাৰ আগত কৈ তেতিয়াই প্ৰাণখুলি
হাঁহিম৷
ৰাস্তাৰ নামত একোডোখৰ নায়ে, অঁকোৱা-পকোৱা, এনেকুৱা লাগে এতিয়াই যেন বাছখন
পিছলি তলৰ কাৰোবাৰ ঘৰৰ টিঙত চিৎভোলোঙা দিবগৈ৷ ৰাস্তাত শিলগুটি দিছেনে
ৰাস্তাটোহে শিলগুটিত উবুৰি খাই পৰি আছে একো ধৰিবই নোৱাৰি৷
বুকুত ভয়, দুচকুত এসোপা বিস্ময় লৈ দুয়োকাষৰ থিয় গৰা, লানি লানি পাহাৰৰ
সৌন্দৰ্য্য চাই গৈ থাকিলোঁ৷
“ভৰিটো ৰাখিবি নেকি? দে মইনা কালি ঘূৰাই দিবি“…
কণ্ডাক্টৰৰ মাততহে সম্বিত ঘূৰাই পালোঁ৷ ইমান ভিৰ, ঠেকেচনিৰ মাজত সি ভাড়া
তুলি মোৰ কাষেৰে পাৰ হৈ পিছফালে যাব খোঁজোতে মোৰ ভৰিৰ আৰু মই আঁউজি থকা
আসনৰ মাজত কেৰেপা খাই তাৰ ভৰি এখন ফচি গ’ল৷ সি টনা-আজোৰা কৰি আছে, মই হে
গম পোৱা নাই৷ লাজ পাই সামান্য লৰচৰ কৰি ভৰিখন মোকোলাই দিলোঁ৷ ইচ্ এইকণতে
কেৰেপা খাবলৈ ই চকু মেলি আছে নে মুদি আছে৷
লাহে লাহে কাৰ্বি পাহাৰৰ বুকুত সোমালোঁ, ডিচেম্বৰৰ খৰধৰ আন্ধাৰখিনি
কেতিয়াবাই নামিলে৷ গন্তৱ্যস্থান কেতিয়া পাম বুলি মনতে হিচাপ এটা কৰোতেই
বিকট শব্দ এটা কৰি বাছখন ৰৈ গ’ল…এনেই জয়াল পাহাৰীয়া বাট, বাছখন মাজবাটতে
ৰৈ যোৱাত বৰকৈ ভয় খালোঁ৷ ভয়তে এজন দেৱ-দেৱীৰো নাম মনত নপৰিল, মাতো কাক?
বাছৰ পৰা নামি যোৱা দুই একৰ মুখত গম পালো বাছখনৰ ঢুৰা নে কি সেইপাতেই
ভাঙি থাকিল৷ এইপিনে সেইডোখৰত এটাও ঘৰ-দুৱাৰ চকুত নপৰিল, দুয়োপিনে ডাঠ
হাবি, বাছখন ভাল নহয় যদি বাছতে ৰাতি কটাব লগা হয়, ৰাতিয়েই এপাল গণেশ আহি
মহতিয়াই উঠাই নিয়ে কোনেও গম নাপাব৷ ইফালে-সিফালে চাই কাৰো মুখত ভয়ৰ চিন
নেদেখিলোঁ, এৰা পাহাৰীয়া জন-জীৱনত অভ্যস্ত সকলো৷
ড্ৰাইভাৰ-হেণ্ডিমেন সকলোৰে চেষ্টাত ঢুৰাপাত জোৰা লাগিল নে নতুন লগালে গম
নাপাওঁ, মুঠতে বাছখন আকৌ কেৰমেৰ কৈ চলি উঠিল৷
ৰক্ষা…চাৰি ঘণ্টা ঠিয় হৈ ছয়মান বজাত গন্তৱ্যস্থানত নামিলোঁ৷ যাৰ ঘৰলৈ মই
আহিছোঁ সিহঁতৰ ল’ৰা দুটাই আবেলিৰে পৰা বাছ ষ্টেণ্ডত মোলৈ ৰৈ আছিল৷ সকাহ
পালোঁ, পিঠিৰ গধুৰ বেগটো এটাৰ হাতত গতাই ঘিটমিটিয়া আন্ধাৰত জোনাকী পৰুৱাক
সাৰথি কৰি কুকুৰ লৰ ধৰিলোঁ৷
সেইচোৱাতো মোৰ নাকনি-কাননি…অচি
নাকি লুঙলুঙীয়া ৰাস্তা, এঠাইত পাহাৰ খান্দি থোৱা কোমল ৰঙামাটিত কঁকাললৈকে
পোত গ’লোঁ৷ চিঞৰ-বাখৰ লগোৱাত এই দুটাই হাঁহি হাঁহি তুলি ধৰিলে থলৰ
(ভৈয়াম)মানুহৰ ভৰিত বোলে জোৰ নাই৷ গাহৰি খোৱা হাতেৰে এঘোচা দি বগৰাই দিলে
গম পাবি ৰ জোৰ আছেনে নাই হুঁহ৷
আন্ধাৰ ফালি গৈয়ে আছোঁ, সিহঁতৰ ঘৰটো নাপাওঁহে নাপাওঁ৷ উফ্, মই নোৱাৰোঁ আৰু
খোজকাঢ়িব বুলি মাটিতে লেপেটা দিওঁতেই এটাই ক’লে, পদূলিতে কেলেই শুইছ, ব’ল
ঘৰ পালোঁ৷
একুৰা ডাঙৰ দপদপীয়া জুই…
জুইকুৰাক আগুৰি গোটেই ঘৰখন৷
মোক দেখিয়েই গোটেই কেইখন মুখেই মেলেক কৈ হাঁহি দিলে৷ অচিনাকি হ’লেও কথা
নাই, মই যে নিশাৰ অতিথি, গোটেই কাৰ্বি পাহাৰৰ৷ ভাগৰ ক’ৰবাত পলাল৷
মোক মুখ-হাত ধুবৰ যতনাই দি ঘৰৰ তিৰোতাকেইজনীয়ে সেইকুৰা জুইতেই
ৰন্ধা-বঢ়াত ব্যস্ত হ’ল…
দুটা মস্ত ডাঙৰ ডাঙৰ ভলুকা বাঁহৰ চুঙা, তাতে জীয়াই থকা এসোপামান
এৰীপলু, নিমখ, কিহবাৰ পাত আৰু গা গছৰ সৈতে গন্তি কৰিব নোৱাৰা ফিৰিঙী জলকীয়া
দি চুঙাকেইটা টকৌ পাতেৰে সোপা দি জুঁইত সুমুৱাই দিলে৷ এজনীয়ে শুকান মাছৰ
সৈতে তিলৰ চাতনি, ৰঙালাওৰ বাঁহ গাজ দিয়া আঞ্জাৰে ভাত বঢ়া আৰম্ভ কৰিলেই৷
দহমিনিটমান জুইত লুটিয়াই বগৰাই চুঙাকেইটা উলিয়াই আনিলে, পোৰা বাঁহৰ
মলমলীয়া গোন্ধত তেতিয়াহে ভোকটো অনুভৱ কৰিলোঁ৷ চুঙাৰ সোপা এৰুৱাই লাঠী
এডালেৰে গোটেই বস্তুখিনি খুন্দি আমাক যতনাই দিলে৷ জুইকুৰাৰ চাৰিওকাষে বহি
সকলোৱে খাদ্যত মন দিলোঁ৷
ভাগৰ-ভোকত সকলো খাদ্যতে জুতি পালোঁ, এৰী পলু খিনিহে ভয়ে ভয়ে খালোঁ৷ লেটা হে
খাই পাইছোঁ, কেতিয়াও পলু খাই পোৱা নাই, পিঠিত থকা শুংকেইডালে ডিঙিত বিন্ধে
বুলি বৰ ভয় লাগে৷
পলুখিনিয়ে ওঁঠৰ পৰাই জ্বলা-কলা দেখুৱাই দিলে৷ মই গোটেই জীৱনত খাই শেষ
কৰিব নোৱাৰা জ্বলা সিদিনাই পাইছিলোঁ…জ্বলাৰ কোবত সেহাই সেহাই জিভাখন
সোলোকায়ে থম নে সামৰিয়ে থম তৎ ধৰিব নোৱাৰি সুধিয়েই পেলালোঁ, পলুত দিয়া পাত
আৰু গা গছ সোপা কিহৰ আছিল?
সেইয়া বোলে জলকীয়াৰ পাত আৰু গা-গছ৷ হৰি হৰি! হেৰৌ বাঁহ ডালকটো
নেৰেই, জলকীয়া জোপাকো বংশ উচন কৰি খাৱ৷ মুখেৰে একো নামাতি হাতত পানীৰ
চুঙাটো লৈ উঠি গ’লো৷
সকলোৰে খোৱা-বোৱা হ’লত শুবৰ যো-জা চলালোঁ৷
বাঁহেৰে বনোৱা তুলীবিহীন বিছনা, গাৰ ওপৰত মাত্ৰ এখন পাতল কম্বল৷ এবাৰো
মাটিৰ লেপন নপৰা বাঁহৰ বেৰৰ ফাকেদি পাহাৰীয়া ফিৰফিৰিয়া বতাহজাকে গোটেই
ৰাতি কঁপাই থাকিল৷
পুৱতি নিশা উৰলৰ মাতত সাৰ পালোঁ,
মবাইল খেপিয়াই সময় চাই দেখিলোঁ তিনি বাজিছে…উফ্, এনেকুৱা সময়তে ঘৰৰ
বিছনাখনলৈ মনত পৰে, জাগি জাগি শুব পাৰি৷
উঠি বাহিৰলৈ ওলাই আহিলোঁ৷ চাৰিওফালে চালোঁ,
সাত ঘৰ মান মানুহেৰে এখন গাওঁ৷ ঘৰবিলাকৰ ইটোৰ পৰা সিটোৰ দুৰত্বও বহু বেছি
…টাৰ্জানৰ ৰিঙেও ঢুকি নাপাব৷ ওখ-চাপৰ টিলাবিলাকত ঘৰবিলাক আটোমটোকাৰীকৈ
সজা৷ পদুলিৰ জপনা বিলাক ভৈয়ামতকৈ সুকীয়া, গোটা পূৰঠ জাতি বাঁহেৰে ওখকৈ
কায়দাৰে বনোৱা, ঠিক যেন এখন পৰ্দা আঁৰি থোৱা আছে, ঠেলি সোমাব পাৰি৷ মনটো
ভাল লাগি গ’ল৷ ভৈয়ামত এয়া ক’ত দেখিলোঁহেঁতেন৷ চাই-মেলি ঘূৰি ফুৰোঁতে কেতিয়া
আঠ বাজি গ’ল গমেই নাপালোঁ৷ ঘৰলৈ ফোন এটা কৰোঁ বুলি ভাবি নেটৱৰ্ক বিছাৰি টিলা
এটাত উঠি ল’লোঁ, ওহো নেটৱৰ্কৰ নাম গোন্ধ নাই, হতাশ হৈ নামি আহিব খোজোঁতেই
পোৱালি এটাই ভঙা অসমীয়াত চিঞৰিলে…“পাই, মহঁৰ খুটিটোত যা, তাতে পাবি“৷
আউ, মহঁৰ খুটিত হে পাবলৈ ই নেটৱৰ্ক নে মহৰ গাখীৰ৷ ভয়ে ভয়ে মহঁকেইটাৰ কাষ
চাপিলোঁ৷ সঁচায়েই নেটৱৰ্ক পালোঁ৷ মাৰ লগত কথা পাতিলোঁ, চিন্তা কৰিবলৈ হাক
দিলোঁ৷ মায়েও ক’তো বাহিৰত ওলাবলৈ মানা কৰি সোনকালে ঘৰ যাবলৈ দহাই দহাই
ক’লে, শুনি থলোঁ৷
সিদিনাৰ পৰাই পাহাৰখনৰ লগত চিনাকি হ’লোঁ, ভাইটি দুটাক লগত লৈ গোটেই গাওঁখন
ঘুৰা, সৰু সৰু দং (জান)বিলাকত মিছা মাছ ধৰা, আৰ’ৰ (ঝুম খেতি) টঙী ঘৰত উঠি
নামিবৰ সময়ত নামিব নোৱাৰি টেঁটুফালি থকা, অগভীৰ, খৰস্ৰোতা চেনাইনি নৈৰ
ভয়ংকৰ পিছল শিলবিলাকৰ উমান লৈ আবেলি উভতি ভাতৰ অভাৱত শিমলু আলু, ৰঙা লাওৰ
সিজোৱা খোৱা৷
গৈছিলোঁ তিনিদিনৰ বাবে, “ঝক্কাছ“ৰ বাবে
আৰু দুদিন বেছিকৈ থাকিব লগা হ’ল৷ দেখিলোঁ জীৱনটোক নতুনকৈ…ভাগৰি নপৰা কৰ্মঠ
হাত-ভৰি, বোজা বৈয়ো বেঁকা নোহোৱা পিঠিবিলাক চুই চালোঁ, অনুভৱ কৰিলোঁ সমতলৰ
ওপৰত থকা অন্য এখন পৃথিৱীৰ দুখীয়া মানুহখিনিৰ কষ্টখিনিক৷ পিয়াহৰ কেঁচুৱাক
কাতি কৰি পুৱাই ঝুমখেতিলৈ যোৱা মাককেইজনীক, নিজতকৈ মাত্ৰ এবছৰে সৰু
ভাই-ভনীকেইটাক দিনটো আৱৰি ৰখা তিনি-চাৰি বছৰীয়া ককায়েক-বায়েককেইটাক, টঙীৰ
ছাঁত নিতালে শুই মাকহঁতক সকাহ দিয়া এমহীয়া কেইটাক অবাক হৈ চাইছিলোঁ৷
আপোনা-আপুনি চকুযোৰ ভৰি আহিছিল৷ মনতে প্ৰণাম কৰিছিলোঁ প্ৰকৃতি আৰু
হাঁহিৰে প্ৰচুৰ চহকী মানুহখিনিক৷
ঘৰলৈ উভতিছিলোঁ…এসোপা মৰম-কৃতজ্ঞতা, বিস্ময় বুকুত বান্ধি৷ এৰা… পাহাৰখনৰ
লগত বহুত কথাই থাকি গ’ল, মানুহখিনিক ভালকৈ লগ পোৱাই নহ’ল, এইকেইদিনতে আপোন
হৈ পৰা কাৰেং -কাক্ৰুংহঁতৰ হাঁহিত যোগ দিয়াই নহ’ল…বহুত অনুভৱ বাকী থাকি
গ’ল৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.