পানীদিহিং ভ্ৰমণৰ অভিজ্ঞতা আৰু কিছু অনুভৱ (- আৰহান ইনামূল)

পানীদিহিং ভ্ৰমণৰ অভিজ্ঞতা আৰু কিছু অনুভৱ (- আৰহান ইনামূল)

পানীদিহিং ভ্ৰমণৰ অভিজ্ঞতা আৰু কিছু অনুভৱ (- আৰহান ইনামূল)

by November 25, 2016 0 comments

বৰ্তমান সময়ত অসমৰ সংবাদ মাধ্যম সমূহৰ লগতে বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনসমূহৰ দ্বাৰা প্ৰকাশিত বিভিন্ন বিবৃতি আৰু কাৰ্যকলাপৰ পৰা সাধাৰণতেই সাধাৰণ মানুহৰ মনত এনে ধাৰণা হয় যে সচাকৈয়ে যেন অসম খনত যুগ যুগ ধৰি পাৰস্পৰিক সম্প্ৰীতিৰে বসবাস কৰি অহা ভিন ভিন জাতি-জনজাতি, ধৰ্ম-সম্প্ৰদায়ৰ লোক সকলৰ মাজত অসহিঞ্চুতা বাঢ়িছে৷ কিন্তুু আজিৰ তাৰিখতো কোনো এজন সচেতন নাগৰিকে অসমৰ ভিন-ভিন ধৰ্ম-জাতি-জনজাতি-সম্প্ৰদায়ৰ লোকে একেলগে যুগ যুগৰে পৰা বাস কৰি অহা কোনো এটা অঞ্চল বা গাঁও স্বচক্ষে-কিছু সময় লৈ ভ্ৰমণ কৰি আহে তেন্তে তেতিয়া হয়তো তেঁওৰ সেই ভুল ভাগিব৷ হয়, অসমত সাম্প্ৰদায়িক বা জাতিগত সংঘৰ্ষ নোহোৱা নহয়, কিন্তুু আজি প্ৰতিজন সচেতন অসমীয়াই জানে যে তেনে সংঘৰ্ষ সমূহত সাধাৰণ মানুহক পণ হিচাপে লৈ কোনোবাই ৰাজনৈতিক মুনাফা লাভ কৰে, আৰু তাৰ বাবেই প্ৰায় পৰিকল্পিত ভাৱে সাধাৰণ-সহজ-সৰল লোক সকলক বলিৰ পঠা সজোৱা হয়৷ অন্যথা এই আবেগিক, সৰল লোক সকলে প্ৰায় নাজানেই সাম্প্ৰদায়িকতা কি? ধৰ্ম-ৰক্ষা কি? যেতিয়ালৈকে কোনোবা ৰাজনৈতিক দালালে তেঁওলোকৰ মগজুৰ পক্ষালন নকৰে৷ যি সকল লোকে ইয়াৰ বিপৰীতে দাবী কৰে মই তেঁওলোকক প্ৰত্যাহ্বান জনাইছো আহক এবাৰ উত্তৰ-পশ্চিম যোৰহাটৰ বৃহত্তৰ গৰুমৰা, বাহফলা, নাম-দেউৰী, মাজৰ-দেউৰী, ওপৰ-দেউৰী, গেন্ধালী, আমগুৰি, স্বগুৰি আদি অঞ্চললৈ, অথবা যাওক তেঁওলোক বৃহত্তৰ পানীদিহিং অঞ্চললৈ, নাহৰণী, বালিবাট, নেঘেৰিটিং আদি অঞ্চললৈ৷ এই অঞ্চলবোৰতেই দেখা পোৱা যাব কি দৰে যুগ যুগ ধৰি ভিন-ভিন ধৰ্মৰ, জাতি-জনজাতিৰ, সম্প্ৰদায়ৰ লোকে পাৰস্পৰিক মিলাপ্ৰীতি, ঐক্য আৰু সম্প্ৰীতিৰে বাস কৰি আহিছে৷ আনকি এওঁলোকক বৰ্তমান অসমজুৰি জুই লগা থকা ধৰ্ম-কেন্দ্ৰিক ৰাজনীতিয়েও কোনো প্ৰভাৱ পেলাব পৰা নাই৷ বহু দিনৰে পৰাই ইচ্ছা আছিল তেনে এক অঞ্চল কিছু সময় হাতত লৈ ভ্ৰমণ কৰাৰ, অৱশেষত মোৰ এই মনোকামনা পুৰ হ’ল৷panidihing-vromonor_aarhan-inamul
আজি কিছুদিন আগতে “নিয়মীয়া বাৰ্তা“ কাকতত প্ৰকাশিত মোৰ এটা প্ৰৱন্ধৰ যোগেদি কথা-বাৰ্তা হৈছিল অসমৰ এজন বুদ্ধিজীৱী, কবি-সাহিত্যিক, প্ৰধানকৈ শংকৰী সাহিত্য-সংস্কৃতিৰ সাধক তথা বিশেষজ্ঞ শ্ৰদ্ধাৰ ইছমাইল হোচেইন চাৰ’ৰ লগত৷ চাৰৰ পৰা পোৱা প্ৰস্তাৱ মৰ্মেই সাজু হৈছিলো বৃহত্তৰ পানীদিহিং-নিতাইপুখুৰী অঞ্চল ভ্ৰমণ কৰিবলৈ৷ অৱশ্যে মুল উদ্দেশ্য আছিল এখনি কবি সন্মিলন আৰু এখন সজাগতা সভাত অংশগ্ৰহণ কৰা৷ কিন্তুু আমি হাতত অলপ সময় লৈয়ে ওলালো যাতে সেই ঐতিহাসিক অঞ্চলটো অলপ ফুৰিব পাৰো, চাব পাৰো ওচৰৰ পৰা বিভিন্ন জাতি-জনজাতি সমূহৰ জীৱন শৈলী, সংস্কৃতি তথা কটাব পাৰো সেই সৰলচিতীয়া লোক সকলৰ মাজত কিছু আপোন সময়৷ শিৱসাগৰ নগৰৰ পৰা ডিমৌ হৈ লাওঁখোৱা আলিৰে নিতাইপুখুৰীলৈ প্ৰায় ৯.৫ কিলোমিটাৰ যোৱাৰ পিছতে, নিতাইপুখুৰীৰ পৰা প্ৰায় ৭.৫ কিলোমিটাৰ বাট অতিক্ৰম কৰিলেই পোৱা যায় বাম-ৰজাবাৰী অঞ্চল – আমাৰ গন্তব্যস্থান৷ সন্ধিয়া প্ৰায় ৭ মান বজাত আমি গৈ উপস্থিত হৈছিলো পানীদিহিং কনিষ্ঠ মহাবিদ্যালয়ত, তাতে আয়োজন কৰা হৈছিল কবি সন্মিলন খনি৷ আমি গৈ পোৱাৰ পিছতেই সন্ধিয়াটো যেন মতলীয়া হৈ পৰিছিল কাব্যিকতাৰ ৰাগীত৷ স্থানীয় কেইবাগৰাকীও নতুন প্ৰজন্মৰ কবিয়ে কবিতা পাঠ কৰাৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ ব্যক্তিয়েও তেঁওলোকৰ কবিতা পাঠ কৰিছিল৷ এই অভাজনেও পাঠ কৰি গৈছিলো নিজৰেই কেইবাটাও অকবিতা৷ কিন্তুু অনুষ্ঠানটিৰ আটাইতকৈ আকৰ্ষণীয় দিশ আছিল কবি তথা কেইবাটাও জনজাতীয় ভাষাত দখল থকা শ্ৰদ্ধাৰ ইছমাইল হোচেইন চাৰ’ৰ কবিতাৰ ওপৰত দিয়া বহুমূলীয়া বক্তব্য আৰু তেঁওৰ নিজৰ কেইবাটাও আমাক মোহাচ্ছন্ন কৰি তোলা কবিতাৰ পাঠ৷ আচৰিত হৈছিলো, যেতিয়া সেই অনুষ্ঠানত উপষ্ঠিত থকা বিভিন্ন জনজাতিৰ লোকৰ লগত তেঁওলোকৰ ভাষাতেই অকনো খোকোজা নলগাকৈ বাৰ্তালাপ কৰা দেখি৷ সেয়াই তেঁওক সেই মুহূৰ্ত্ততে আপোন কৰাই তুলিছিল তাৰ স্থানীয় লোক সকলৰ মাজত৷ সকলোৱে তেঁওক যিদৰে আকোৱালি লৈছিল, সেয়া সচাকৈয়ে হৃদয়স্পৰ্শী আছিল৷ সেই নিশা আমাক থকা-খোৱাৰ ব্যৱস্থা কৰা হ’ল বাম-ৰজাবাৰীৰেই শিক্ষক তথা সমাজ কৰ্মী শ্ৰদ্ধাৰ গিৰিচন দলে’ৰ ঘৰত৷ দিহিংৰ মথাউৰিৰ কাষতে থকা তেঁওৰ ঘৰটোত বাট চায় আছিল আপোন মানুহৰ দৰেই তেঁওৰ পৰিয়ালে৷ আমি বৰ আৰামেৰে আৰু সম্পূৰ্ণ ঘৰুৱা অনুভৱৰ সৈতে পাৰ কৰিলো নিশাটো৷ সেই নিশাহে বুজি পাইছিলো হোচেইন চাৰ’ৰ দৰে ব্যক্তিয়ে কিহৰ নিচাত এই দৰে অসমৰ বিভিন্ন স্থানৰ জনজাতীয় অঞ্চল সমূহ ভ্ৰমণ কৰি থাকে, সেয়া আছিল মানুহৰ – মানুহৰ প্ৰতি থকা টান আৰু নিভাজ মৰম৷ কোনো জাতি-ধৰ্ম-সম্প্ৰদায়ৰ বিচাৰ নকৰাকৈ তেঁওলোকে আমাক নিজৰ ঘৰৰ মানুহৰ দৰে যি আতিথ্য প্ৰদান কৰিলে তাৰ ফলশ্ৰুতিতে পিছদিনা তেঁওলোকৰ পৰা বিদায় লোৱা পৰত আমাৰ দুচুকুৰে নিগৰিচিল চকুলো৷ সেই নিশা আমি পাৰ কৰিলো নগিন: আপঙ, প: ৰ আপঙৰ ৰাগীত ঐনিতম-গুমাৰগৰ মাজত নিমজ্জিত হৈ৷ শ্ৰদ্ধা আৰু সন্মানৰ ভৰত মুৰ দোঁ খাই গৈছিল হোচেইন চাৰ’ৰ সন্মুখত যেতিয়া তেঁও সেই মিছিং ডেকা-গাভৰু সকলৰ লগত সমানেই সমান স্বৰেৰে ঐনিতম গাই গৈছিল এটাৰ পিছত এটাকৈ, আৰু অকনো ভাগৰি নপৰাকৈ সেই ঐনিতমৰ তালে তালে যেতিয়া তেঁও নাচিছিল সম্পূৰ্ণ কলাসন্মত ভাৱে৷
পিছদিনা পুৱাই আমি উপহাৰ স্বৰূপে পাইছিলো “মিকাগালো আৰু মিছিং দু: মেৰ“, সেয়া পৰিধান কৰাৰ পিছতেই হেনো মই মিলি গৈছিলো তেঁওলোকৰ সৈতে, অন্তৰ ভৰি পৰিছিল কৃতজ্ঞতা আৰু সন্মানেৰে আমাক আতিথ্য দিয়া পৰিয়ালবৰ্গলৈ৷ তাৰ পিছতে আমি ৰাওনা হৈছিলো সেই অঞ্চলৰ এজন সচেতন সমাজ-কৰ্মী, কবি, প্ৰাক্তন শিক্ষক তথা সাংবাদিক শ্ৰদ্ধাৰ মাধৱ দেউৰী দেৱৰ সৈতে ইতিহাস প্ৰসিদ্ধ “ধাই আলি“ৰে পানীদিহিং ৰাষ্টীয় পক্ষী অভৰাণ্য পৰিভ্ৰমণ কৰাৰ উদ্দেশে৷ এই “ধাই আলি“টো আৰু এটা “ধাই-পুখুৰী’’ নিৰ্মাণ কৰোৱাইছিল স্বৰ্গদেউ শিৱসিংহই তেওঁক তুলি-তালি ডাঙৰ দিঘল কৰা এগৰাকী “ধাই-মাতৃ“ৰ প্ৰতি সন্মান জনাই৷ কিন্তুু যেতিয়া আমি গৈ পানীদিহিং ৰাষ্টীয় পক্ষী অভৰাণ্য পালোগৈ তাত আমাৰ বাবে ৰৈ আছিল চৰম হতাশা৷ যদিওঁ সেই পক্ষী চৰণ ক্ষেত্ৰ খনক ৰাষ্টীয় স্বীকৃতি দিয়া হৈছে তথাপিও কিন্তুু তাত বিজ্ঞানসন্মত বা পৰিবেশ ৰক্ষাকাৰী কোনো ব্যৱস্থা নেদেখিলো, আনকি সেই অভৰাণ্যৰ মুখৰ অংশ খিনিতেই বেদখল হোৱাৰ লগতে কোনো ক্ষেত্ৰতেই পক্ষী চৰণৰ বাবে উপযোগী যেন নালাগিল৷ আনকি তাত আমি এখনো ফলক বা অন্য লিখিত ৰূপত কোনো ঘোষণা নেদেখিলো৷ ইয়াৰ পৰাই প্ৰমাণিত হয় চৰকাৰ বা অন্য পৰিবেশ ৰক্ষাকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান সমূহ কিমান প্ৰকৃততে আগ্ৰহী পৰিবেশ তথা জীৱকুলৰ সংৰক্ষণৰ প্ৰতি৷ তাৰ উভতি অহা বাটতেই আমি এপাক এপাক ভুমুকি মাৰিলো “গৰখীয়া দৌল“ত, বৰ সুন্দৰ পৰিবেশৰ সৈতে থকা এই “গৰখীয়া দৌল“ত প্ৰতি বছৰে আয়োজন কৰা হয় “দৌল-যাত্ৰা“, এই উৎসৱত বিভিন্ন জাতি-জনজাতি-সম্প্ৰদায়ৰ লোকেৰে লোকাৰণ্য হৈ পৰে এই “গৰখীয়া দৌল“৷ অসম চৰকাৰৰ পৰ্যটন বিভাগে অলপ মাত্ৰ কানসাৰ দিলেই এই অঞ্চল পৰ্যটন উদ্যোগৰ বাবে বৰ উপযোগী হৈ পৰিব৷ “পানীদিহিং ৰাষ্টীয় পক্ষী অভৰাণ্য“, “গৰখীয়া দৌল“ আদি চাই উভতি অহা পথত কোনো দেউৰী দাওনীয়ে ধান কাটি থকা দেখি আমি নামি গলো পথাৰৰ মাজলৈ, হোচেইন চাৰে ৰৈ নাথাকি এগৰাকীৰ হাতৰ পৰা কাচি এখন লৈ লাগি গ’ল ধান কাটিবলৈ, চাৰৰ যে আগতে খেতি কৰাৰ অভিজ্ঞতা আছে আমি সেই মুহুৰ্ত্ততে গম পালো, কাৰণ বাকী সকল দাওনীৰ সৈতে সমহাৰতে আৰু অকণো নষ্ট নকৰাকৈ তেওঁ দাই গ’ল এটাৰ পিছত এটাকৈ ধানৰ মুঠি৷ তাৰ লগতে চাৰে জুৰি গ’ল সোণগুটিৰে ভৰা পথাৰৰ মাৎ ধান দাই দাই এটাৰ পিছত এটা সুৰীয়া দেউৰী গীত, চাৰে আৰম্ভ কৰাৰ লগে লগে অন্য এগৰাকী দাওনীয়ে চাৰ’ৰ সৈতে গাবলৈ আৰম্ভ কৰিলে, আমিও সুবিধা পালো সম্পূৰ্ণ প্ৰাকৃতিক কৃষিৰ পৰিবেশত দেউৰী বিহু গীতৰ সোৱাদ লবলৈ৷ অৱশ্যে আমাৰ সভালৈ লৰালৰি হোৱা বাবে বেছি সময় তাত কটাব নোৱাৰিলো৷ উভতি অহাৰ বাটতে আমাক দেউৰী ডাঙৰীয়াই সুমুৱাই আনিলে ১৮৯০ চনতেই প্ৰতিষ্ঠা হোৱা ৫৩ নং টেঙ্গাপানী ধাইবাৰী প্ৰাথমিক বিদ্যলয়ত, বিদ্যালয় খনত প্ৰৱেশ কৰিয়েই আমি অভিভূত হৈ পৰিলো মৰমলগা কণ-কণ শিশুসৱৰ কলৰৱত৷ কিন্তুু বৰ দুখৰ কথা যে প্ৰায় ১০০ৰ ওচৰাউচৰি ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত একমাত্ৰ প্ৰধান শিক্ষক জনৰ বাদে আন শিক্ষক সকলে নিয়মীয়া দৰমহা নোপোৱাকৈ মাহৰ পিছত মাহ শিক্ষাদান কৰি আহিছে, শেহতিয়াভাৱে চৰকাৰে নিযুক্তি দিয়া টেট উত্তীৰ্ণ এগৰাকীও শিক্ষক-শিক্ষয়ত্ৰীক তাত নিযুক্তি দিয়া হোৱা নাই৷ হতাশ হৈ এটা হুমুনিয়াহৰ সতে ওলাই আহিলো বিদ্যলয় খনৰ পৰা৷
নিৰ্দিষ্ট সময়ত আয়োজন হোৱা সভাখনিত অংশগ্ৰহণ কৰাৰ পিছত আমি ওলাই গ’লো কেইবাখনো গাঁৱৰ মাজলৈ৷ মিছিং, সোণোৱাল-কছাৰী, নেপালী, টেঙ্গাাপুনীয়া দেউৰী, আহোম, কোচ, চুতীয়া, চাহ-জনগোষ্ঠী, কৈৱৰ্ত্ত সম্প্ৰদায়ৰ, হৰিজন, দেছুৱালী, ইছলাম ধৰ্মী, নেপালী লোকেৰে ভৰা এই অঞ্চলটোক “বৃহৎ অসমৰ এক ক্ষুদ্ৰ সংস্কৰণ“ বুলি আখ্যা দিব পাৰি৷ আমি অভিভূত হৈছিলো দেখি যে ৰাস্তাৰ এফালে যদি দেউৰী সকলে বাস কৰিছে তেন্তে আনটো ফালে, মানে বিপৰীত দিশত বাস কৰিছে মিছিং সকলে৷ কিন্তুু আজি পৰ্ষ্যন্ত সেই অঞ্চলত কোনো জাতিগত বা গোষ্ঠীগত সংঘাট হোৱাৰ ইতিহাস নাই৷ যিকোনো ৰাজহুৱা কাম-কাজ, উৎসৱ-পাৰ্বণ ইত্যাদিত সকলো সম্প্ৰদায়ৰ লোকেই সমানেই অংশগ্ৰহণ কৰে আৰু হাতে-কামে লাগি যায়৷ আনকি আমি অংশগ্ৰহণ কৰা কবি-সন্মিলন খনি বা মুল সভাখনি আয়োজন কৰা লোক সকল কোনো এটা নিৰ্দিষ্ট গোষ্ঠী বা সম্প্ৰদায়ৰ নাছিল, সেই অঞ্চলৰ প্ৰায় সকলো সম্প্ৰদায়ৰ লোকেই তাত সমানেই হাত-উজান দিছিল৷ যদিওঁ মই ব্যক্তিগত আদৰ্শ অনুযায়ী কোনো ব্যক্তি বিশেষৰ সন্মূখত মাটিত পৰি সেৱা কৰা পৰম্পৰাক সমৰ্থন নকৰো তথাপিও সেইদিনা সভাৰ অন্তত আমাৰ অনুৰোধক নেওচা দি হলেও সেই অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক লোকে যেতিয়া মোক আৰু হোচেইন চাৰক সন্মূখত লৈ বিদায়ী সেৱা আগবঢ়াইছিল, আমাৰ বুকু গধুৰ হৈ পৰিছিল৷ আমি দেউৰী গাঁও সমূহ ভ্ৰমণ কৰোতে বা তাৰ দেউৰী মানুহৰ লগত কথা পাতোতে লক্ষ্য কৰিলো এজনো স্থানীয় দেউৰী সম্প্ৰদায়ৰ লোকে দেউৰী ভাষা নকয়৷ পিছত হে গম পালো যে টেঙ্গাপুনীয়া দেউৰী সকলে বহু যুগ আগৰে পৰাই অসমীয়া ভাষাকেই মাতৃভাষা হিচাপে গ্ৰহণ কৰি আহিছে৷ দেউৰী গাঁও সমূহত দেউৰী-গীত-মাতৰ লগত, গাহৰি-মাংস আৰু ছু: জ্যে’ৰ সোৱাদ লৈ মতলীয়া হৈছিলো৷
চৰকাৰৰ কৃষি বিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ প্ৰশিক্ষণ বা সাহাৰ্য নোপোৱাকৈয়ে পানীদিহিং অঞ্চলৰ কৃষক সকলে যি কৃষি বিপ্লৱৰ সূচনা কৰা তাত লক্ষ্য কৰিলো, সেয়া সচাকৈয়ে উৎসাহজনক৷ কিন্তুু মাজে মাজে বনৰীয়া হাতীয়ে সেই অঞ্চলত সমস্যাৰ সৃষ্টি কৰে৷ বনৰীয়া হাতীক ৰুধিবলৈ যদিও ঠায়ে ঠায়ে বিদ্যুত-প্ৰবাহী তাৰৰ ব্যবস্থা কৰা হৈছে কিন্তুু বৰ্তমান সময়ত সেইবোৰ কাৰ্য্যক্ষম নহয়৷ আনহাতে সেই অঞ্চলৰ কৃষক সকলৰ বাবে অন্য সমস্যাই বাৰুকৈয়ে চিন্তাত পেলাইছে সেয়া হ’ল সেই অঞ্চলত বহু “দহোৱা মাটি“ আছে, অৰ্থাৎ তুলনামূলকভাৱে দ-মাটি পৰি আছে, তাত পানী জমা হৈ যায় বাবে খেতিৰ উপযোগী নহয়৷ সেই অঞ্চলৰ কৃষক সকলে বাৰম্বাৰ চৰকাৰৰ ওচৰত আবেদন জনোৱাৰ পিছতো সেই মাটি সমূহ কৃষিপযোগী কৰি তোলাৰ কোনো ব্যৱস্থা কৰা নাই৷ যদিও তাত জলসিঞ্চন বিভাগৰ অগভীৰ নলী-নাদ আছে কিন্তুু সেইবোৰ বৰ্তমান অচল৷ কৃষক সকলৰ এই সমস্যা সমূহৰ প্ৰতি যদি চৰকাৰৰ কৃষি বিভাগে কাণসাৰ দিয়ে তেন্তে সেই অঞ্চলত যে এক ব্যাপক “কৃষি বিপ্লৱ“ সৃষ্টি হ’ব সেয়া নিশ্চিত৷
এইটো নহয় যে সেই অঞ্চলৰ ৰাইজ ৰাজনৈতিকভাৱে সচেতন নহয়, কিন্তুু বৰ্তমান অসমত বিৰাজ কৰা তলখাপৰ সাম্প্ৰদায়িক ৰাজনীতিৰ কোনো আভাস তাত নাপালো৷ আনকি শাসক দলৰেই বহু তৃণমূল পৰ্যায়ৰ নেতা বা স্থানীয় কৰ্মীয়েই বৰ্তমান চৰকাৰ খনে যি বাংলাদেশী হিন্দুক সংস্থাপন দিয়াৰ সিদ্ধান্ত লৈছে প্ৰকাৰন্তৰে তাৰ বিৰোধিতা কৰে বুলি আমাক জনালে৷ তেওঁলোকে আমাক জনোৱা মতে যিটো অঞ্চলত জাতি-ধৰ্ম-গোষ্ঠী নিৰ্বিচাৰে একেলগে ৰঙালী বিহু উদযাপন কৰে, পৰা: গ উৎসৱ আয়োজন কৰে, আলি-আয়ে-লিগাং উদযাপন কৰে, শ্ৰী-শ্ৰী বলীয়া বাবা থানত প্ৰতি বছৰে বহাগত দেউৰী বিহু উপভোগ কৰে অথবা শাওনীয়া পূজা বা দেউৰী সকলৰ বোকা-খেলা উৎসৱত সকলোৱে সমানে অংশগ্ৰহণ কৰে তাত সাম্প্ৰদায়িক ৰাজনীতিৰ কোনো স্থান নাই৷
অসমৰ এজন যুগপুৰুষ স্বৰ্গীয় ভীমবৰ দেউৰী’য়ে জন্মলাভ কৰা এই অঞ্চলত তেঁওৰ আদৰ্শকেই সাৰোগত কৰি এক শৈক্ষিক আৰু বৌদ্ধিক পৰিবেশ বৰ্তাই ৰাখিবলৈ অহৰহ চেষ্টা চলাই আহিছে “লুইতপৰীয়া সাংস্কৃতিক গোষ্ঠী“য়ে৷ আমি অংশগ্ৰহণ কৰা মুল সভাখনি স্বৰ্গীয় ভীমবৰ দেউৰী প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল আৰু ইয়াৰ প্ৰাঙ্গনত তেঁওৰ এক বৃহৎ – সুন্দৰ প্ৰতিমূৰ্তি আছে৷ অৰ্থাৎ অঞ্চলটোৰ লোক সকলে সেই যুগপুৰুষ জনাই দেখুৱাই থৈ যোৱা উত্তৰণৰ পথেৰে আগুৱাই যাবলৈ আগ্ৰহী আৰু যৎপৰোনাস্তি চেষ্টা কৰি আহিছে৷
শেহত মোক জীৱনৰ এই অমূল্য অভিজ্ঞতা আহৰণ কৰিব পৰা ভ্ৰমণটোৰ সুবিধা দিয়া বাবে এই সুযোগতে শ্ৰদ্ধাৰ ইছমাইল হোচেইন চাৰ’লৈ কৃতজ্ঞতা যাচিলোঁ, আৰু অসম আৰু অসমীয়াক প্ৰকৃততে জানিব, ওচৰৰ পৰা পাব বিচৰা সকলক অনুৰোধ জনাও যে “অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰাত ব্যস্ত থকাতকৈ অলপ আজৰি সময় উলিয়াই এপাক ফুৰি আহক এই বৃহৎ পানীদিহিং অঞ্চলত- “বৃহৎ অসমৰ এক ক্ষুদ্ৰ সংস্কৰণ- এই পানীদিহিং অঞ্চল’ত৷ মোৰ অভিজ্ঞতাৰ পৰা কথা দিলো আপুনি জীৱনত নোপোৱা মানুহৰ মৰম-আদৰণি আৰু অভ্যৰ্থনা তাত পাব৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.