সফল হোৱাৰ উপায় -১ (- দীপাংকৰ মল্ল বৰুৱা)

সফল হোৱাৰ উপায় -১ (- দীপাংকৰ মল্ল বৰুৱা)

সফল হোৱাৰ উপায় -১ (- দীপাংকৰ মল্ল বৰুৱা)

by November 25, 2016 0 comments

ল’ৰা-ছোৱালীহঁতৰ পৰীক্ষাৰ ফলাফল ওলাইছে৷ ৰাণীয়ে ভালেই কৰিছে, কিন্তুু নীলে আশা কৰা ধৰণে নম্বৰ নাপালে৷ সি সদায় শ্ৰেণীত প্ৰথম হৈ আহিছে৷ কিন্তুু এইবাৰ সি চতুৰ্থ স্থানহে পালে৷ সেই বাবে তাৰ মনটো বেয়া৷
“ককা, দাদাই মনটো বেয়া কৰিছে৷ সি বোলে এইবাৰ পৰীক্ষাত ভাল নম্বৰ নাপালে”৷ ৰাণীয়ে আহি ককাকক খবৰ দিলেহি৷
“ফলাফলক লৈ কেতিয়াও মন বেয়া কৰিব নাপায়৷ গীতাত কোৱা নাই জানো, কৰ্ম কৰাটোহে মানুহৰ হাতত থাকে, ফলাফল নাথাকে”৷ ককাকে ক’লে৷
“ককা, তুমি তাক মাতি আনি বুজালে চাগে’ সি কথাটো বুজি পাব”৷
“আজি আবেলি তহঁত আটাইকেইটা আহিবি৷ আজি মই তহঁতক গীতাৰ কথা ক’ম”৷ ককাকে ক’লে৷
ৰাণীয়ে অভি, প্ৰীতি আৰু আয়ানলৈ খবৰ পঠিয়ালে৷ নীলকো ক’লে৷ আবেলি আটাইকেইটা ককাকৰ কোঠাত হাজিৰ হ’ল৷
ককাকে আটাইকে বহিবলৈ ক’লে৷ “নীল, তই বোলে মনটো বেয়া কৰিছ”? ককাকে নীললৈ চাই ক’লে৷
“ককা, এইবাৰ কি হ’ল জানো? মই পৰীক্ষাত আগৰ বাৰৰ দৰে ভাল কৰিব নোৱাৰিলোঁ”৷ নীলে ক’লে৷
“মোৰো পৰীক্ষা সিমান ভাল নহ’ল ককা৷ যোৱাবাৰতকৈ কম নম্বৰ পালোঁ”, প্ৰীতিয়ে ক’লে৷
“মই বুজিছোঁ৷ সকলো পৰীক্ষাতে আমি সমানে ভাল কৰিব নোৱাৰো৷ কিন্তুু এইটো একো ডাঙৰ কথা নহয়৷ প্ৰতিটো পৰীক্ষাতে সমানে ভাল কৰাটো সহজ নহয়৷ টেণ্ডুলকাৰে খুব ভাল ক্ৰিকেট খেলিছিল৷ কিন্তুু তেওঁ জানো প্ৰতিখন খেলতে চেঞ্চুৰি মাৰিব পাৰিছিল”? ককাকে বুজালে৷
“আমাৰ কিয় এনেকুৱা হয় ককা? কেতিয়াবা আমি পৰীক্ষাত ভাল কৰোঁ, কেতিয়াবা কৰিব নোৱাৰোঁ”, অভিয়ে সুধিলে৷
“আজি মই সেই কথাকে ক’বলৈ তঁহতক মাতি আনিছোঁ৷ গীতাৰ চতুৰ্দশ অধ্যায়ত শ্ৰীকৃষ্ণই অৰ্জুনক বুজাইছে, মানুহে কেনেদৰে সকলো সময়তে সকলো কামতে সাফল্য লাভ কৰিব পাৰে”৷ ককাকে ক’লে৷
“সঁচানে ককা? সকলো কামতে সফল হ’ব পাৰিনে”? আয়ানে আচৰিত হৈ সুধিলে৷
“নিশ্চয়৷ সকলো কামতে সফল হোৱাৰ উপায় গীতাত শ্ৰীকৃষ্ণই মানৱ জাতিলৈ দি গৈছে”, ককাকে ক’লে৷
“ককা, সেই উপায় কি জানিবলৈ বৰ মন গৈছে”, অভিয়ে ক’লে৷
“গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক এক বিশেষ জ্ঞানৰ কথা কৈছে, যি জ্ঞানৰ সহায়ত আমাৰ আগৰ ঋষি, মুনি, মহাপুৰুষ সকলে কোনেও কল্পনা কৰিব নোৱৰা সাফল্য লাভ কৰি গৈছে৷ এই জ্ঞানৰ সহায়ত আমিও সকলো কামতে সফল হ’ব পাৰিম”৷ ককাকে ক’লে৷
“কি সেই জ্ঞান ককা”? ৰাণীয়ে সুধিলে৷
“সেয়া হৈছে আমাৰ মাজত থকা তিনিবিধ গুণৰ বিষয়ে জ্ঞান৷ আমাৰ সকলোৰে মাজত তিনিবিধ বিশেষ গুণ থাকে৷ এই তিনিবিধ গুন হৈছে সাত্বিক, ৰাজসিক আৰু তামসিক”৷ ককাকে ক’লে৷
“সাত্বিক, ৰাজসিক আৰু তামসিক গুণ? তাৰ মানে কি ককা”? প্ৰীতিয়ে সুধিলে৷
“মই এটা এটাকৈ তহঁতক আটাইকেইটা গুণৰ বিষয়ে ক’ম৷ গীতাৰ চতুৰ্দশ অধ্যায়ক গুণত্ৰয় বিভাগ যোগ বুলি কোৱা হয়৷ গুণত্ৰয় বিভাগ যোগ হৈছে আমাৰ মাজত এই তিনি গুণ কেনেদৰে বেলেগ বেলেগ পৰিমাণত আছে সেই বিষয়ে জ্ঞান৷ মই প্ৰথমতে তামসিক গুণৰ বিষয়ে ক’ম৷ তামস শব্দৰ অৰ্থ হ’ল আন্ধাৰ৷ তামসিক গুণ মানে আন্ধাৰৰ লগত সম্পৰ্ক থকা গুণ”৷ ককাকে ক’লে৷
“আন্ধাৰৰ লগত সম্পৰ্ক থকা গুণ? অলপ বুজাই কোৱাচোন ককা”৷ অভিয়ে সুধিলে৷
“আমাৰ এলাহ, ভাগৰ, টোপনি, কাম কৰিবলৈ মন নোযোৱা হোৱা এইবোৰকে তামসিক গুণ বোলা হয়৷ সেইদৰে আমাৰ আমোদ প্ৰমোদৰ প্ৰতি থকা আকৰ্ষণ, নিচাৰ প্ৰতি আসক্তি আদিয়ো হ’ল তামসিক গুণ৷ এই গুণবোৰে মানুহৰ মন আন্ধাৰ কৰি ৰাখে, অজ্ঞানতাত বুৰাই ৰাখে৷ সেই কাৰণেই এইবোৰ হ’ল তামসিক গুণ৷ তহঁতে কথাখিনি বুজিছনে”? ককাকে ক’লে৷
“বুজিছোঁ ককা৷ তামসিক গুণে আমাক এলেহুৱা, একো কাম কৰিবলৈ মন নোযোৱা কৰে৷ কিন্তুু আন দুটা গুণ কি ককা”? নীলে সুধিলে৷
“ৰাজসিক গুণবোৰ হ’ল আমাৰ মনত থকা ক্ৰোধ, অহংকাৰ, স্বাৰ্থপৰতা, হিংসা-দ্বেষ আৰু কামনা-বাসনা আদি৷ আমাৰ মনত যেতিয়া কোনো বস্তুৰ প্ৰতি আসক্তি হয়, মনে বিচৰা কিবা বস্তু পালে আমাৰ অহংকাৰ হয়, নাপালে খং উঠে, আত্ম গৌৰৱত ওফন্দি উঠি আমি আমি আনৰ প্ৰতি হিংসা কৰোঁ, টকা পইচা সম্পত্তিৰ পিছে পিছে দৌৰিবলৈ লওঁ, মনৰ সকলো কামনা বাসনা পূৰ কৰিবলৈ চেষ্টা কৰোঁ, সেইবোৰকে ৰাজসিক বা ৰজো: গুণ বুলি কোৱা হয়”৷ ককাকে ক’লে৷
“ৰাজসিক মানে ৰজাৰ দৰে নেকি ককা”? অভিয়ে সুধিলে৷
“এৰা ৰজা-মহাৰজা সকলৰ মাজতেই এনে গুণবোৰ বেছিকৈ দেখিবলৈ পোৱা যায়৷ যেতিয়া ৰজা মহাৰজাৰ দৰে আমাৰ সা সম্পত্তি আৰু টকা পইচাৰ প্ৰতি মোহ জন্মে, আমি সেইবোৰকলৈ অহংকাৰ কৰোঁ, নিজক লৈ গৌৰৱ কৰোঁ সেয়াই হ’ল ৰাজসিক গুণ৷ আমি কৰা কামৰ পৰা আমি যেতিয়া ফল আশা কৰোঁ, সেয়াও ৰাজসিক গুণৰে লক্ষণ”৷ ককাকে ক’লে৷
“বুজিছোঁ ককা, ৰাজসিক গুণবোৰে আমাক উত্তেজিত কৰে, আমাক অহংকাৰী কৰে”৷ অভিয়ে ক’লে৷
“ককা, আৰু এটা গুণৰ কথা কৈছিলাযে৷ সেইটো কি ককা”, প্ৰীতিয়ে সুধিলে৷
“সেইটো হৈছে সাত্বিক গুণ৷ এই গুণটোক গীতাত শ্ৰীকৃষ্ণই আটাইতকৈ পৱিত্ৰ গুণ বুলি কৈছে৷ চতুৰ্দশ অধ্যায়ৰ ৬ নং শ্লোকত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে –
“তত্ৰ সত্বং নিৰ্মলত্বাৎ প্ৰকাশকমনাময়ম৷
সুখসংগেন বধ্নাতি জ্ঞানসংগেন চানঘ”৷ ৷
অৰ্থাৎ আন গুণভিলাকৰ তুলনাত আটাইতকৈ পৱিত্ৰ বাবে সাত্বিক গুণে আনক পোহৰাই তুলিব পাৰে আৰু এই গুনটো সকলো প্ৰতিক্ৰিয়াৰ পৰা মুক্ত৷ যিসকলৰ গাত এই গুণটো থাকে তেওঁলোকে সকলো সময়তে সুখ অনুভৱ কৰে৷ তেওঁলোক সদায় জ্ঞান লাভৰ প্ৰতি আসক্ত হয়”৷
“কিন্তুু এই সাত্বিক গুন কেনে হয় ককা”? ৰাণীয়ে সুধিলে৷
“আমি যেতিয়া এলাহত সময় অপব্যয় নকৰি একান্ত মনে নিজৰ কামত নিমগ্ন হৈ থাকোঁ, কিন্তুু কামৰ পৰা একো ফল আশা নকৰোঁ, কিবা পালেও পোৱাখিনিক লৈ আমি গৌৰৱ বা অহংকাৰ নকৰোঁ, নাপালেও নোপোৱা খিনিৰ বাবে শোকত বুৰ নাযাওঁ, স্বাৰ্থপৰ হৈ কেৱল নিজৰ কথা নাভাবি ভগবানৰ ওচৰত নিজকে সমৰ্পন কৰোঁ, সদায় জ্ঞানৰ অন্বেষণ কৰোঁ, তেতিয়া আমাৰ গাত যিবোৰ গুণে দেখা দিয়ে সেয়াই হ’ল সাত্বিক গুণ৷ সাত্বিক গুণ থকা মানুহে নিজৰ আমোদ প্ৰমোদ, কামনা বাসনা সকলো হাঁহিমুখে ত্যাগ কৰি নিষ্কাম কৰ্মত ব্যস্ত হৈ থাকে আৰু ভগবানৰ ওচৰত নিজকে সমৰ্পন কৰে”, ককাকে ক’লে৷
“ককা, এজন মানুহৰ গাত এটাই গুণ থাকিব পাৰেনে? নে আটাইকেইটা গুণেই থাকে”? অভিয়ে সুধিলে৷
“এই আটাইকেইটা গুণেই প্ৰতিজন মানুহৰ মাজতে থাকে, কিন্তুু পৰিমাণ কম বেছি হয়৷ এই গুণবোৰৰ পৰিমাণে এজন মানুহৰ ব্যক্তিত্ব নিৰূপন কৰে৷ আকৌ এই গুণবোৰৰ অনুপাতো বিভিন্ন সময়ত আৰু বিভিন্ন পৰিস্থিতিত সলনি হয়৷ কোনো এটা গুণৰ প্ৰভাৱ যেতিয়া বেছি হয়, মানুহজনে তেনে ব্যৱহাৰ কৰিবলৈ লয়”৷ ককাকে ক’লে৷
“কথাটো অলপ বুজাই দিয়াচোন ককা: , ৰাণীয়ে ক’লে৷
“মই তহঁতক কৈছোঁৱেই, গুণৰ পৰিমাণ অনুসৰি মানুহৰ ব্যক্তিত্ব আৰু স্বভাৱ ভিন ভিন হয়৷ উদাহৰণ স্বৰূপে, যিবোৰ মানুহৰ মাজত তামসিক গুণৰ পৰিমাণ বেছি থাকে, তেওঁলোক এলেহুৱা, আৰাম প্ৰিয়, আমোদ প্ৰিয়, খাদ্য প্ৰিয়, নিচাসক্ত হয়৷ তেওঁলোকৰ মন গভীৰ আন্ধাৰে আৱৰি থাকে৷ তেওঁলোকে জীৱনত কোনো উত্সাহ, উদ্দীপনা আৰু নতুন কথা জনাৰ আগ্ৰহ অনুভৱ নকৰে৷ বাহ্যিক আমোদ প্ৰমোদৰ মাজত থাকিলেও তেওঁলোকৰ মন সদায় অজ্ঞান অন্ধকাৰে আৱৰি থাকে৷ সেইদৰে যিবোৰ মানুহৰ মাজত ৰাজসিক গুণৰ পৰিমাণ বেছি থাকে তেওঁলোক স্বাৰ্থপৰ, অহংকাৰী আৰু টকা পইচা, ধন সম্পত্তিৰ মোহত আচ্ছন্ন হৈ থাকে৷ তেওঁলোকে কাম কৰিলেও সেয়া নিজৰ বাবেই কৰে৷ আনৰ কথা ভাবিবলৈ তেওঁলোকে আহৰি নাপায়৷ আনহাতে সাত্বিক গুণৰ পৰিমাণ অধিক থকা ব্যক্তিয়ে নিজৰ বাবে একো আশা নকৰাকৈ ভগবানৰ চৰণত নিজকে সমৰ্পন কৰি নিজৰ কৰ্তব্য কৰি যায়৷ তেওঁলোকে সা সম্পত্তিৰ বা নিচাৰ প্ৰতি আসক্ত নহয়, কিন্তুু জ্ঞান আহৰণৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ অনুভৱ কৰে৷ তেওঁলোকে নিজৰ মাজতে সকলো সুখ বিচাৰি পায়”৷
“কিন্তুু ককা, আমি মানুহ এজনক দেখিলেই ধৰিব পাৰিমনে তেওঁ সাত্বিক, ৰাজসিক নে তামসিক গুণ থকা ব্যক্তি”? আয়ানে সুধিলে৷
“নিশ্চয়৷ সাত্বিক গুণধাৰী মানুহৰ লগত কথা পাতিলে পৰম শান্তি অনুভৱ কৰিব পৰা যায়৷ তেওঁলোক জ্ঞানৰ পোহৰেৰে উজ্জ্বল হৈ থাকে৷ তেওঁলোকে সকলোৰে লগত ভাল ব্যৱহাৰ কৰে, মিঠা ভাষাত কথা পাতে আৰু সদায় নিজৰ কামত ব্ৰতী হৈ থাকে৷ সেইদৰে খঙাল, অহংকাৰী, লোভী, স্বাৰ্থপৰ, হিংসাকুৰীয়া মানুহ দেখিলে জানিবিযে সেইজন ৰাজসিক গুণৰ মানুহ৷ যিবিলাক মানুহ এলেহুৱা, নিষ্ক্ৰিয়, নিচাসক্ত, উন্মত্ত, হিংসুক, কাজিয়াখোৰ সেইসকল তামসিক গুণৰ প্ৰভাৱত থাকে৷ আমি মানুহৰ স্বভাৱ বা ব্যৱহাৰৰ পৰা বহুত কথাই জানিব পাৰোঁ৷ গীতাত এইবুলিও কোৱা হৈছেযে সত্বগুণী সকলে ক্ৰমে ক্ৰমে উদ্গতি লাভ কৰি স্বৰ্গৰ দেৱতাসকলৰ লগত বাস কৰাৰ যোগ্যতা পায়৷ ৰজোগুণীসকলে এই পৃথিৱীতে থাকি যায় আৰু তমোগুণীসকলে নৰকত স্থান পায়”৷ ককাকে ক’লে৷
(আগলৈ)

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.