সীমাৰ পৰিধি ভাঙি: জৰ্জিয়া, টিবিলিছি, কাখেটিলৈ (-মল্লিকা বৰ্মন)

সীমাৰ পৰিধি ভাঙি: জৰ্জিয়া, টিবিলিছি, কাখেটিলৈ (-মল্লিকা বৰ্মন)

সীমাৰ পৰিধি ভাঙি: জৰ্জিয়া, টিবিলিছি, কাখেটিলৈ (-মল্লিকা বৰ্মন)

by November 25, 2016 0 comments

“The world is a book, and  those who do not travel read  only one page.” – Saint  Augustine
৪ মে’ৰ খেলপথাৰ শিতানৰ এটি শিৰোনাম ‘ইতিহাস হ’ব ৰিঅ’ অলিম্পিক: প্ৰথমবাৰৰ বাবে এটা ইভেণ্টত মাতৃ-পুত্ৰ, স্বাভাৱিকতে আমাৰ দৃষ্টি আকৰ্ষণ কৰে । মন কৰিবলগীয়া যে ১২০ বছৰীয়া অলিম্পিক ইতিহাসত ইয়াৰ পূৰ্বে পিতা-পুত্ৰই, পিতৃ-কন্যা আৰু মাতৃ-কন্যাই অংশগ্ৰহণ কৰিছিল । কিন্তু আজিলৈকে মাতৃ-পুত্ৰই একেখন অলিম্পিকত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰা নাই ।   আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি মতে, জৰ্জিয়াৰ শ্বুটিং ফেডাৰেচনে ঘোষণা কৰা মতে ৰিঅ’ অলিম্পিকত প্ৰতিনিধিত্ব কৰিবলগীয়া গৰ্বিত মাতৃগৰাকী হ’ল নিন’ ছালুকা ভাডজে আৰু পুত্ৰ হ’ল টিছনে মাচাভাৰিয়ানি ।simar-poridhi-bhangi_mallika-barman

জৰ্জিয়া শব্দটোৱে আমাক টানি লৈ গ’ল যোৱা বছৰ তাত কটাই পৰিতৃপ্তি লাভ কৰা সময়খিনিলৈ। সেই মাতৃ-পুত্ৰ হালে অলিম্পিকত পদক অৰ্জনত সমৰ্থবান হ’লনে নাই আমি জানিবলৈ সক্ষম নহ’লো কিন্তু জৰ্জিয়াক আমি পুনৰাই হৃদয়ৰ কাষ চপাই আনিবলৈ সক্ষম নিশ্চয়কৈ হ’লোহঁক ।

আমি সকলোৱে জীৱন পথৰ একোজন মুছাফিৰ।  বিচিত্ৰ এই পথত বহুজনে সংগ দিয়ে, ক’ত জন যে হেৰাই যায় আমাৰ অজানিতে।  যোৱাবাৰ ছোৱালীহঁতৰ গৰমৰ বন্ধৰ কালছোৱা অসমত কটাই থকাৰ বেলিকা কাটাৰৰ পৰা এটি ফোন আহে প্ৰতিৱেশী অসম-সমাজৰ জগন্নাথ মহন্তৰ ।  মহন্তই ঈদৰ বন্ধত নিকটৱৰ্তী জৰ্জিয়ালৈ যাবলৈ প্ৰস্তাৱ আগবঢ়ালে । ইতিমধ্যে কাটাৰ নিৱাসী অসম সমাজৰ জেষ্ঠ্য সদস্য ডাক্তৰ প্ৰেমানন্দ গোস্বামী দাদাহঁতৰ পৰিয়ালটো জৰ্জিয়াৰ পৰা ঘূৰি আহি পাইছিলহি আৰু অসম সমাজৰ সদস্যসকলৰ আগত সানন্দে অৱগত কৰাইছিল জৰ্জিয়া ভ্ৰমণৰ বৃত্তান্ত । কাষৰীয়া লগতে নিৰাপদ ঠাই । “A journey is best measured in friends, rather than miles.” –Tim Cahill  ৰ এই কথাখিনি সাৰোগত কৰি আমিও মহন্তৰ প্ৰস্তাৱত হয়ভৰ নিদিয়াৰ যুক্তি বিচাৰি নাপালোঁ ।
অইনবাৰৰ দৰে ঘৰৰ পৰা ঘূৰি আহোঁতে দুখ-বেদনাৰ টোপোলাটোৰ লগত ভিৰ কৰিলেহি জৰ্জিয়াৰ প্ৰতি অস্থিৰ-অশান্ত এখনি মন । ওভতনি যাত্ৰাত সেইবাৰ পাঁচটা দিন মুম্বাইত অতিবাহিত কৰিছিলোঁ ভাৱলেষহীনভাৱে ।  মনলৈ আহি থাকিল এটাই শব্দ -‘জৰ্জিয়া’ ।  হাতত যে সময় তেনেই তাকৰীয়া ।

উভতি আহিয়ে নেটত সন্ধান পৰ্ব আৰম্ভ কৰি দিয়া গ’ল জৰ্জিয়াৰ ওপৰত । জৰ্জিয়া এখন সৰু দেশ ৬৯,৭০০ বৰ্গ কি.মি. যাৰ অৱস্থিতি ইউৰোপ আৰু এচিয়াৰ চতুষ্পথত । কৃষ্ণ সাগৰ আৰু কাস্পিয়ান সাগৰৰ মাজত দক্ষিণত ককেচাছ পৰ্বতলানি । উত্তৰত ৰাচিয়া, তুৰ্কি আৰু আৰ্মেনিয়া দক্ষিণত আৰু আঝৰৱাইজান পূৱ দিশত দেশখনক বেঢ়ি ধৰিছে । জনসংখ্যা ৪.৬ মিলিয়ন । জৰ্জিয়াৰ অৰিয়াঅৰি আছিল পাৰ্ছিয়া, তুৰস্ক আৰু ৰাছিয়াৰ সৈতে ; অৱশেষত ১৯শতিকাত ৰাছিয়াৰ ৰাজ্যভুক্ত হৈছিল । আৰ্মেনিয়াৰ পিছত দ্বিতীয় পৌৰাণিক দেশ যিয়ে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে ।

‘ৱাইনৰ জন্মস্থান’, ‘বেলকনি অৱ ইউৰোপ’ জৰ্জিয়াৰ অৱস্থিতি হৈছে কূটনৈতিক ৰূপত মহত্বপূৰ্ণ নাইবা কৌশলগতভাবে গুৰুত্বপূৰ্ণ চাৰিআলি নাইবা চৌপনহা য’ত ইউৰোপ লগ লাগিছেহি এছিয়াৰ । জৰ্জিয়াৰ আছে একক আৰু অনন্য তথা পুৰণি সাংস্কৃতিক ঐতিহ্য । প্ৰসিদ্ধি আছে অতিথি আপ্যায়ন আৰু ৰন্ধনশৈলীত ।

আমাৰ চাৰিজনীয়া পৰিয়ালটো  আৰু জগন্নাথ মহন্তৰ তিনিজনীয়া পৰিয়ালটো ফ্লাই ডুবাইৰে যাত্ৰা কৰাটো নিশ্চিত হৈছিল । চেপ্তেম্বৰৰ পৰা নৱেম্বৰলৈ শৰৎ কাল পৰে জৰ্জিয়াত ।  সঘন বৃষ্টিপাত হয় । আমি যে বৰষুণ দিব বুলি আগতেই খাটাং, সেয়ে দুয়োটি পৰিয়ালে চাটি লৈ গৈছোঁ, মোকাবিলা কৰিম ভালকৈয়ে । লগতে পৰ্য্যাপ্ত পৰিমাণে গৰম কাপোৰ ।

যাওঁতেই লগত ভজা মাছ, চাউল, দাইল, চেনী-চাহপাত সমন্বিতে বেলনা মাৰিডাল পৰ্য্যন্ত লাগেজত ভৰোৱা হৈছিল । নিজে ৰন্ধা-বঢ়া কৰি খোৱাৰ কথা বিবেচিত হৈছিল খাদ্যৰ তাৰতম্য । সোৱাদ খাপচৰা হোৱাৰ সমস্যাই দেখা দিব , হেনজানি আগতেই সাঁজু হৈ যোৱাই যুগুত । অভিজ্ঞজনৰ পৰামৰ্শমতে আমি ‘Airbnb’ ত ‘এপাৰ্টপেণ্ট’ বুক কৰি ৰাখিছিলোঁ ।

২৪ চেপ্তেম্বৰৰ গধূলি ডোহাৰ হামাড  ইণ্টাৰনেচনেল  এয়াৰপ’ৰ্টত   Flydubai Airlineৰ বিমানখনত  বহি লৈছিলোঁহে  চকুৰ পচাৰতে  ডুবাই  অৱতৰণ  কৰা যেন লাগিল বিমানখনে । যোৱা প্ৰায় তিনিটা সপ্তাহ তিলিকতে নাইকিয়া হৈ গ’ল ভ্ৰমণৰ যো-জা কৰোঁতে  আৰু এয়াতো মাথোঁ এটা ঘণ্টা ! আমাৰ ‘সংযোজিত বিমান’  ডুবাইৰ সময়মতে ১:২০মিনিটত । ডুবাই আৰু জৰ্জিয়াৰ সময়ৰ  পিছে  কোনো ব্যৱধান নাই । অৰ্থাৎ দুয়োখন ঠাইৰ একঘণ্টা সময়ৰ ব্যৱধান আছিল কাটাৰৰ সময়ৰ সৈতে ।  আমি ডুবাই এয়াৰপৰ্টৰ পৰা লেণ্ডলৰ্ডৰ বাবে খেজুৰৰ টোপোলা এটি লৈ ল’লো ।

তিনি ঘণ্টা ত্ৰিছ মিনিটৰ অন্তত বিমানখনে অৱতৰণ কৰিছিলহি টিবিলিছি এয়াৰপ’ৰ্টত । এয়াৰপৰ্টৰ পৰা নামিয়ে দেখিবলৈ পাইছিলোঁ ডাৱৰীয়া বতৰ আমাৰ বাবে ৰৈ আছিল ।  এয়াৰপৰ্টত নমাৰ লগে লগে কোনো অসুবিধা নোহোৱাকৈ আমাৰ  যাৱতীয়  কাম-কাজ  সমূহ সমাপন হৈছিল ।   কাটাৰ ৰেচিডেঞ্চ পাৰ্মিটৰ সহায়ত এই দেশ ভ্ৰমণ কৰিব পাৰি  । ৯৪ খন দেশে জৰ্জিয়াত ভিচা নোহোৱাকৈ প্ৰৱেশ কৰিব পাৰে ;  ৯০দিন পৰ্য্যন্ত  থাকিব পাৰে ।  টিবিলিছি আন্তৰ্জাতিক বিমান বন্দৰ ১৮ কি.মি. আঁতৰত মুখ্য চিটিৰ পৰা ; নতুন টাৰ্মিনেল ২০০৭ চনত নিৰ্মিত হৈছিল । বিমানবন্দৰত অৱতৰণ কৰিয়ে মন কৰিছিলোঁ জৰ্জিয়া আৰু ইংৰাজী ভাষাত বিমান উৰণ প্ৰস্থানৰ বা-বাতৰি পৰিৱেশিত হৈ আছে । চহৰলৈ বিমানবন্দৰৰ পৰা মাথো ২০মিনিটৰ ৰাষ্টা । ওচৰ চুবুৰীয়া দেশ আৰ্মেনিয়া, আঝাৰবেইজান আৰু তুৰষ্কৰ সৈতে বাচ সেৱা উপলব্ধ । অনুৰূপভাৱে ৰেল সেৱাও উপলব্ধ । টেক্সি সেৱা আটাইতকৈ সুবিধাজনক, সকলো ঠাইতে মজুত । মেট্ৰ সেৱা ৰাতিপুৱা ৬ বজাৰ পৰা নিশা ১২ বজালৈ খোলা থাকে । জৰ্জিয়ান ড্ৰাইভাৰ এজনৰ ভাৰা গাড়ীৰে আমাৰ গন্তব্যস্থানলৈ আগবাঢ়িলোঁ । সৰু সৰু বাট-পথ । পাহাৰীয়া এলেকা । চাৰিওফালে ককেচাছ পৰ্বতমালা। পোন্ধৰ কিল’মিটাৰ দূৰত্ব অতিক্ৰমী আমাৰ গাড়ীয়ে পৰম আকাংক্ষিত এপাৰ্টমেণ্টটোত প্ৰৱেশ কৰিলেহি । আমাক গৃহস্থই সম্ভাষণ জনাবলৈ ৰৈ আছিল । আমিও সেই ছেগতে তেখেতলৈ আনা খেজুৰৰ টোপোলাটি তুলি দিলোঁ ।

আমাৰ এপাৰ্টমেন্টটো আছিল ধুনীয়া কাঠৰ মজিয়াৰ, বেছ আহল বহল । বিশাল আৰু পোহৰেৰে মুখৰিত । এখন ডাঙৰ ফলমূলৰ বাগিছা সন্মুখৰ ফালে । নিৰ্জন কোলাহল শূণ্য । বাৰান্দাখনত ডাঙৰ খিৰিকীৰে সৈতে যুক্ত কৰা হৈছে যাতে ধুনীয়াকৈ বাগিছাখনৰ পৰ্যবেক্ষণ কৰিব পৰা যায়  । চাৰিহাজাৰ স্কুৱেৰ ফুটৰ ঘৰটো, সোমায়েই সন্মুখতে এখন বিলিয়াৰ্ড বোৰ্ড । চৰাঘৰত পিয়ান’ এটি । গৃহস্থনী মিচ তাকো (Tako) । ঘৰৰ ঠিকনা Mikheil Zandukeli Street zandukeli, Tbilisi, Georgia । গৃহ প্ৰৱেশ কৰিয়েই চকু গ’ল কাগজ এটুকুৰাত উল্লেখিত ৱাই-ফাই সংযোগৰ বাবে আৱশ্যকীয় ইউজাৰ আই-ডি আৰু পাচৱৰ্ড । এচি আৰু হিটাৰ সুবিধা মজুত থকা ঘৰটিৰ কাৰুকাৰ্যই আমাক বাৰুকৈয়ে আকৃষ্ট কৰে ।

আমাৰ জেগাডোখৰৰ অৱস্থিতি মধ্যবৰ্তী এলেকাত । তিনি মিনিট খোজ কঢ়া দূৰত্বত Rustaveli মেট্ৰ’ষ্টেচন, বাচ ষ্টপ, টেক্সি ষ্টেণ্ড । জন্তু লগত ৰাখিবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰা হৈছিল । নগদ ধনৰাশি পৰিশোধ কৰিব লাগিব বুলি উল্লেখ থকাত আমি কাটাৰতে কাটাৰি ৰিয়াল য়ুএছ ডলাৰলৈ পৰিৱৰ্তন কৰি (আলফাৰদান এক্সেঞ্জ অফিচ) লগতলৈ গৈছিলোঁ ।

এয়াৰপৰ্ট’ত দুখনকৈ জৰ্জিয়াৰ চিম কাৰ্ড ক্ৰয় কৰা হৈছিল, যাতে পৰিয়াল পৰিজনৰ সৈতে নিজৰ অনুভৱবোৰ ভাগ-বাটোৱাৰা কৰিব পাৰোঁ । আমাৰ প্ৰয়োজন অনুযায়ী চিম কাৰ্ড আমি পাইছিলোঁ ।প্ৰথমদিনা কোনো ভ্ৰমণসূচী ৰখা নাছিলোঁ, কেবল জিৰণি । যিহেতু গোটেই ৰাতি টোপনি ক্ষতি হৈছিল । আমাৰ ঘৰৰ বাহিৰত লমালমে লাগি আছিল আঙুৰ-মোক খা-মোক-খা কৰি আৰু দেখা নেদেখা বিবিধ ফল-আমি উমলি জামলি শিশু একোটি হৈ পৰিছিলোঁ । তাত আছিল ডালিম, পীয়েৰ, peaches আদি কৰি বহুত জনা নজনা ফলৰ গছ । জেষ্ঠা কন্যাই আটাহ পাৰি উঠিল ‘মা, মা হেজেল নাটৰ গছ!’ ৰুটিৰ সামান্য টুকুৰাটো দুয়োজনী ছোৱালীৰে প্ৰিয় ‘নিউতেলা’ অবিহনে পেটলৈ নাযায় কস্মিনকালেও, চিঞৰি নুঠি পাৰেনে! ‘নিউতেলা’ যি নেকি হেজেল নাটৰ পৰা প্ৰস্তুত কৰা হয় । তাই মনৰ উলাহেৰে সেই গছৰ কিছু গুটি সংগ্ৰহ কৰিলে লগৰ বান্ধৱীক দেখুৱাবলৈ ।
দুয়োজন গৃহস্থ অলপ ওলাই গ’ল বজাৰ-সমাৰ তথা চৌপাশ দৰ্শন, আৱহাৱা জানিবলৈ বুজিবলৈ ।  তেওঁলোক ঘূৰি আহিল কিছু বেলি মূৰকত আৰু দুয়ো হাঁহিত থাকিব পৰা নাই । আমি যিমানেই সুধো দুয়োৱে মূৰে কপালে হাত দি হাঁহিব লাগিল । অলপ পিছত ৰহস্য ফাদিল হ’ল ; তলৰ দোকান আৰু তাৰ আশে-পাশে যিমান খিনি মানুহ ল’গ পালে তাৰ পৰা তেওঁলোক এটা কথাত নিশ্চিত হ’ল যে জৰ্জিয়াত ইংৰাজী নেছেল । ইংৰাজী বুলি যে এটা ধনী ভাষা আছে সিহঁতে তাক লৈ অন্ততঃ মূৰ নঘমায় । সৌভাগ্যক্ৰমে মহন্তই নিজৰ ম’বাইলত ইংৰাজীৰ পৰা জৰ্জিয়ালৈ অনুবাদ কৰিব পৰা চফটৱেৰ এটা যাওঁতেই ডাউনলোড কৰি নিছিল । সেইটোৰ সহায়-সহযোগিতাত কিছু বজাৰ-সমাৰ সম্ভৱ হ’ল সেইদিনাৰ বাবে । আগলৈ বা কি কি ঘটনা ঘটিবলগীয়া আছে আমাৰ কপালত…!
গধূলি ওলাই আহিছিলোঁ তলৰ মূল পথলৈ । সোঁফালে ওলাই গ’লে ‘ৰুস্তাভেলী এভিনিউ’–মূলপথ চহৰৰ । পথৰ কাষত এটি মূৰ্তি, মধ্যযুগীয় জৰ্জিয়ান কবি ৰুস্তাভেলী(Shota Rustaveli)ৰ । তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে এই পথছোৱা যি নেকি স্পন্দন টিবিলিছিৰ । আৰম্ভণি Freedom Squareৰ পৰা ১.৫ কি.মি. দৈৰ্ঘ্যৰ পথটোক টিবিলিছিৰ প্ৰধান ৰাজমাৰ্গ ৰূপে গন্য কৰা হয় , কাৰণ যথেষ্ট সংখ্যক চৰকাৰী, ব্যক্তিগত, সাংস্কৃতিক আৰু ব্যৱসায়িক প্ৰতিষ্ঠান এই পথছোৱাৰ ওচৰে-পাজৰে থিয় দি আছে । তাৰ ভিতৰত টিবিলিছি অপেৰা হাউচ, ৰুস্তাভেলী থিয়েটাৰ, Parliament of Georgia, আৰ্ট হাউচ অফ্‌ টিবিলিছি, আৰ্ট মিউজিয়াম, চাৰ্চ ইত্যাদি । এই পথছোৱাত বিভিন্ন ক্যেফে, ভোজনালয়(ৰেষ্টোৰাঁ), দোকানেৰে ভৰি আছে । মুঠৰ ওপৰত খাদ্য ৰসিকৰ বাবে বিস্তৃত ঠাই আগুৰি আছেহি । এয়া হৈছে আধুনিক আৰু বিংশ শতিকাৰ স্থাপত্যকলাৰ একত্ৰীকৰণ । ইয়াত যদি গণ বিক্ষোভ হৈছে, তেনে বহুত প্ৰদৰ্শনী, সাংস্কৃতিক কাৰ্য্যসূচীও পৰিৱেশিত হৈছে । এই পথছোৱা স্থাপত্যকলাৰ অনুপম নিদৰ্শন আৰু অন্যতম পৰ্যটন কেন্দ্ৰ চহৰখনৰ । সৰু দোকানৰ পৰা আন্তৰ্জাতিক নামী-দামী প্ৰতিষ্ঠানে কান্ধত কান্ধ মিলাই থিয় দি আছে যেন ।
এয়াৰপৰ্টৰ পৰা আহি থাকোঁতে মন কৰিছিলোঁ টিবিলিছিৰ পথসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন, আধুনিক নতুন নতুন দালানে ভৰি পোনাই বহি পৰিছেহি যেন । KFC, McDonald, Domino, Foodmart, Goodwill, Wendys, Bata ৰ ব্যৱসায়িক প্ৰতিষ্ঠান দেখিবলৈ পাইছিলোঁহক।

কিছুসময় অ’ত-ত’ত থিয় দি, ফটো আদি উঠি  মানুহবোৰৰ ৰেহৰূপ উপভোগ কৰিবলৈ লাগিলোঁ, বোধকৰো অফিচ-কাছাৰী চুটি হৈছে । হিলদল ভাঙি ওলাই আহিছে বিভিন্ন বয়সৰ, বিভিন্ন গঢ়ৰ মুনিহ-তিৰোতা । ইমান ধুনীয়া ! সুগঢ়ী বয়সীয়াল মহিলাৰ ভিৰ অলপ যেন বেছি । দেখি ভাল লাগিছিল এই বয়সতো কৰ্মত বিশ্বাসী এই সকল মহিলা । ৰাষ্টাত হালধীয়া ৰঙৰ পাব্লিক বাছ সেৱা । তেনেকৈ থাকোঁতেই ঠাইখন পোহৰেৰে আলোকিত হৈ পৰিল । গাড়ীৰ ষ্টিয়েৰিং সোঁফালে । অলপ Carrefour ত সোমালোঁ, আমি চাহ বাকিবলৈ চেকনি খন অনা নহ’ল । সেইখন লোৱা গ’ল ।
এপাৰ্টমেণ্টটোৰ বিশালতা নে নিমাওমাও পৰিৱেশৰ আছিল দেখি নেকি নাজানোঁ ডাঙৰৰ পৰা সৰুলৈ ভৌতিক সত্তা অনুভূত হ’বলৈ লাগিল সময় অতিক্ৰমৰ লগে লগে । ৱাৰড্ৰ’বত ওলোমাই ৰখা জনৈক ব্যক্তিৰ কোট কেইটাই সেই ধাৰণাক নিশ্চয়তা প্ৰদান কৰিবলৈ সমৰ্থ হ’ল যেন । মহন্তহঁতৰ ৰুমটোত মোটা মোটা কিতাপেৰে ঠাহ খাই থকা আলমিৰা এটা । কিতাপৰ চেহেৰা সাইলাখ দেখিবলৈ আইন-কানুন বিষয়ক কিতাপ যেন লগা । মহন্তই কৈয়ে পেলালে বোলে আজি আমাক কোন আইনজ্ঞৰ প্ৰেতাত্মাই ওকালতিৰ জ্ঞান বাৰুকৈয়ে দিয়ে ঠিকনা নাই ।

পিছদিনাখন আমি টিবিলিছিৰ দক্ষিণ-পূবৰ পৃথিৱীৰ আটাইতকৈ পুৰণি ৱাইন ক্ষেত্ৰসমূহৰ ভিতৰত এখন কাখেটিলৈ যাত্ৰা কৰিম । এয়াৰপৰ্টৰ পৰা আমাক অনা ড্ৰাইভাৰ ‘জৰ্জ’ আমাৰ যাত্ৰাৰ সংগী হ’ব ।

ৰাতিটো আমি ভবাৰ দৰে একো নহ’ল পিছে । কিন্তু প্ৰথমদিনাখন ৰাতি মহন্ত দম্পত্তিৰ চাৰে তিনি বছৰীয়া কন্যা পুতলাৰ জ্বৰ-বমি । অলপ সময়ৰ বাবে আমি বিপাঙত পৰিছিলোঁ । আমাৰ এই ভ্ৰমণৰ উদ্দেশ্য মাথোন আমোদ-প্ৰমোদ হে আছিল । মাথোঁ এখন দেশ নিৰ্বাচন কৰাৰ কাৰণ আছিল শিশু সন্তান কেইটি । দুয়োটি পৰিয়ালৰে শিশু সন্তানক প্ৰাধন্যতা দিয়া হৈছিল ভ্ৰমণসূচী তৈয়াৰ কৰাৰ বেলিকা ।

…কিন্তু সকলোকে আচৰিত কৰি তাই ৰাতিপুৱা যাবলৈ সাজু হৈছিল ।  ভাষাৰ বাবে জনাৰ উপায় নাই মূৰত কি ঘঁহিছো শ্চ্যেম্পু নে কণ্ডিচনাৰ ! আটকধুনীয়া বাথৰুম, কিট্‌চেন । পাকঘৰত ডিচ ৱাচাৰ, ডাইনিং এৰিয়া প্ৰমুখ্যে আটাইখিনি আধুনিক উপকৰণ মজুত । পাকঘৰত  ‘ওপজা সোণৰ মাটি’ অসমৰ উলিয়ামচন মেগৰৰ চাহৰ টেমাটো দেখি নিজৰ পৰিয়ালৰ আপোনজনক ল’গ পোৱা যেনেই লাগিছিল ।  আমাৰ কিৰিলিত গছৰ পাত ভাগ্যে নসৰাকৈ থাকিল যেনিবা !

কাখেটি(Kakheti) পৰ্বতীয়া এলেকা ; এক স্বতন্ত্ৰ সামন্তবাদী আধিপত্য অষ্টম শতিকাৰ শেষৰ পৰা । তেলাভী(Telavi) আৰু চিগনাগী(Signagi) সকলোতকৈ বেছি পদধূলা দিয়া চহৰ কাখেটি । তেলাভী ৰাজধানী চহৰ কাখেটিৰ । ভ্ৰমণ পৰিকাঠামো দ্ৰুত উন্নয়নমুখী হৈছে কাখেটিত , যিহেতু ই সকলোতকৈ পৰিদৰ্শন অঞ্চল জৰ্জিয়াৰ ।
কাখেটিলৈ যোৱা পথছোৱা সীমাহীন পাক, এবাৰ যদি আৰোহণ পিছৰবাৰ অৱৰোহণ । এই পথছোৱা বছৰৰ সকলো সময়তে দৰ্শনীয় ৰূপত পোৱা যায় । মাজে মাজে ক্ষুদ্ৰ সৰল শান্ত ও মনোৰম গাঁৱ একোখন পাৰ হৈ যাওঁ । Alazani উপত্যকাৰ চমৎকাৰ নৈসৰ্গিক ৰূপ লাৱণ্য, ক’কেছাছ পৰ্বতমালাৰ মনোৰম দৃশ্যৰাজি, ভেড়াৰ পাল, পুৰাতন অৰণ্যানি, সুন্দৰ তৃণভূমি, মেঘৰ সমুদ্ৰই এই মাৰ্গত ৰৈ আছে আপোনাক স্বাগতম জনাবলৈ, আঁকোৱালি ল’বলৈ…। পাষাণ-হৃদয়ৰ লোকৰো অন্তৰ দগ্ধ নোহোৱাকৈ নাথাকিব নিশ্চয়কৈ ! আৰু যদি কোনোজন পৌৰাণিক তথা প্ৰকৃতিৰ অনুৰাগী হয়, তেন্তে দুৰ্বল কৰি তুলিব মন-মগজু ।সমগ্ৰ পথছোৱা ছবিৰ দৰে স্পষ্ট আৰু আকৰ্ষণীয়, আৰু আটাইতকৈ উৰ্বৰা অঞ্চল জৰ্জিয়াৰ । উত্তৰৰ সীমান্ত ক’কেছাছ পৰ্বতমালাৰ বিস্তৃতি আৰু দক্ষিণত আজেৰবাইজান । আমাৰ কাখেটি ভ্ৰমণছোৱা তেলভীৰ মাজেৰে গৈছিল সেয়ে কিছু চাবলগীয়া জেগা যেনে Akhali Shuamta আৰু Dzveli Shuamta Monastery উভয় প্ৰাংগণ একেলগে দৰ্শন কৰাটো বাস্তৱিকতে এটা উচিত সিদ্ধান্ত আছিল । Dzveli Shuamta Monastery  (the old Shuamta) কাখেটিৰ সকলোতকৈ মহত্বপূৰ্ণ আৰু সকলোতকৈ ধুনীয়া স্থাপত্য কীৰ্তিস্তম্ভৰ দুটি হ’ল Dzveli আৰু Akhali Monastery । দুয়োটাৰ অৱস্থিতি হৈছে পৰ্ণপাতী উদ্ভিদেৰে ভৰা অৰণ্যত যিয়ে আৰু বেছি মনোমুগ্ধকৰ কৰি তুলিছে । এই দুয়োটা মনেষ্ট্ৰি সম্পূৰ্ণ পৃথক স্থাপত্যৰ ফালৰ পৰা তথা নিৰ্মাণৰ সময়ো ভিন্ন । Dzveli বেছি পুৰণি । অগ্ৰভাগত থিয় হৈ থকা চাৰ্চটো পঞ্চম শতিকাৰ ; গম্বুজ আকৃতিৰ চাৰ্চ দুটা সপ্তম শতিকাৰ বুলি জানিবলৈ পাইছিলোঁ । নিৰিবিলি পৰিৱেশ, শান্ত-সমাহিত চৌপাশ সঁচাকৈয়ে পুণ্যধাম-নিভৃত জংগলৰ কোণত, মানুহৰ বসতি, কোলাহলৰ পৰা বহু যোজন আঁতৰত । ষোল্ল শতিকাত Akhali স্থাপন নোহোৱালৈ সমগ্ৰ মধ্য যুগছোৱালৈ তীৰ্থযাত্ৰীৰ পচন্দৰ জেগা আছিল এই মনেষ্ট্ৰি । কাব’লষ্টোন(cobblestone)ৰ দ্বাৰা Dzveli Monastery নিৰ্মিত । এডাল ‘ইচ্ছা বৃক্ষ’ জৰ্জিয়ান পৰম্পৰা অনুসৰি ডালত ফিটা বান্ধি মনৰ আকাংক্ষা পূৰণ কৰিব পাৰে । সুগঢ়ী প্ৰৌঢ়াই ইয়াত কেণ্ডেল বিকি থকা আমাৰ চকুত পৰিছিল । বৃদ্ধত্ব ক্ষোভ নহয়, যোগাত্মকভাৱে উৎসাহ যোগায় তেওঁলোকে ।

Akhali Shuamta Monastery (the new Shuamta) তেলভীৰ ওচৰত, বৃক্ষাচ্ছাদিত অসম ভূমিত, Tsivgombori পৰ্বতত ইয়াৰ অৱস্থিতি।  মনেষ্ট্ৰিটোৱে এই নাম পোৱাৰ কাৰণ হ’ল ই তিনিওফালৰ পৰা পৰ্বতেৰে পৰিৱেষ্টিত হৈ আছে । Shuamta মানে পৰ্বতৰ মাজত । এই মনেষ্ট্ৰিটো ১৬শ শতিকাত কাখেটিৰ ৰজা আৰু তেওঁৰ পত্নী টিনাটিনৰ দ্বাৰা প্ৰতিষ্ঠিত হৈছিল । ৰাণী টিনাই সৰু কালছোৱাত সপোন দেখিছিল,  সপোনত কোৱা হৈছিল এটি অৰ্থডক্স মন্দিৰ নিৰ্মাণ কৰিবলৈ । ঠাই টুকুৰাও সপোনত চিহ্নিত কৰা হৈছিল । কিন্তু জেগা ডোখৰ অজ্ঞাত আছিল তেওঁৰ বাবে । কিন্তু যেতিয়া কাখেটি যুৱৰাজৰ সৈতে বিবাহ হ’ল, তেওঁৰ বিবাহ-যাত্ৰাৰ জৰিয়তে ঠাই টুকুৰা চিনাক্ত কৰিবলৈ সক্ষম হ’ল আৰু এইদৰে মঠটিৰ স্থাপনা হৈছিল । ই ইটাৰে নিৰ্মিত ।
পিছলৈ ৰাণী সেই মনেষ্ট্ৰিৰ নান ৰূপে পৰিগণিত হৈছিল আৰু তাতেই সমাধিস্থ কৰা হৈছিল ।  মনেষ্ট্ৰিৰ অভ্যাগতক মনেষ্ট্ৰিৰ চিষ্টাৰৰ বাবে গেটত অপেক্ষা কৰিবলৈ অনুৰোধ জনোৱা হৈছিল ; যিয়ে চাৰ্চৰ ভিতৰলৈ লৈ যাব । জৰ্জিয়ান চাৰ্চসমূহ ৰক্ষণশীল, আৰু বেছিভাগতে পুৰুষসকলে দীঘল পেণ্ট আৰু দীঘল চাৰ্ট পিন্ধি যোৱাটো প্ৰযোজ্য । মহিলাসকলে দীঘল স্কাৰ্ট আৰু বাউসি তথা মূৰ ঢাকি প্ৰৱেশ কৰাটো আৱশ্যক । বহুত চাৰ্চে স্কাৰ্ট সদৃশ আবৃত কাপোৰ যোগান ধৰে মহিলাসকলক । কিন্তু এইক্ষেত্ৰত যথোচিত বস্ত্ৰ পৰিধান কৰাই শ্ৰেয় । ৰীমাই জিন্‌চ পৰিধান কৰি যোৱা হেতুকে চাৰ্চৰ ফালৰ পৰা যোগান ধৰা এখন দীঘল কাপোৰ মেৰিয়াই হে  উপাসনা গৃহত প্ৰৱেশ কৰিব পাৰিলে ।
লক্ষ্য কৰিছিলোঁ ফটো তুলিবলৈ অনুমতি দিয়া হোৱা নাছিল । নতুন আৰু পুৰণি মনেষ্ট্ৰিৰ মাজৰ দূৰত্ব আছিল মাথো দুই কি:মি । আমি সৰল গছৰ গুটি বুটলিছিলোঁ । আমাৰ ভ্ৰমণৰ আৰম্ভণি আমি উপাসনাৰ জৰিয়তে, ভগবানৰ দৰ্শনেৰে কৰিছিলোঁ ।
ষ্টালিনৰ শাসনকালত ছোভিয়েট ইউনিয়নে দ্বিতীয় বিশ্বযুদ্ধত অংশ লৈছিল, আৰু নাজী জাৰ্মানীৰ পৰাজয়ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । ষ্টালিনৰ নেতৃত্বত ছোভিয়েট ইউনিয়ন ২য় বিশ্বযুদ্ধৰ পিছত বিশ্বৰ দুই পৰাক্ৰমী শক্তিৰ অন্যতম ৰূপে পৰিগণিত হয় । দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সাত লাখ জৰ্জিয়ানে যুদ্ধত অংশ লৈছিল নাজী জাৰ্মানীৰ বিৰুদ্ধে । তিনি লক্ষৰ ওপৰ সংখ্যক জৰ্জিয়ানৰ প্ৰাণ গৈছিল উক্ত যুদ্ধত । আমাৰ ড্ৰাইভাৰ জৰ্জে সময়ে সময়ে লৈছিল গাইডৰ ভূমিকাও । জানিবলৈ পাই আচৰিত হৈছিলোঁ যে পাঁচ কৌটি(পঞ্চাচ মিলিয়ন)নিৰীহ জনসাধাৰণৰ হত্যাৰ তেজেৰে হাত ৰাঙলী কৰা ষ্টেলিন আছিল এজন জৰ্জিয়ান । ইমান চিগাৰেট খাই আমাৰ ‘ফ্ৰেইণ্ড’ জৰ্জে । ইয়াত ৰাজহুৱা স্থানত চিগাৰেট খোৱাটো নিষিদ্ধ নহয় । আমাৰ অনুমতি লৈ মাজে মাজে গাড়ী ৰখাইও চিগাৰেট হুপিছে ।
আমি ইমান দিনে দেখিছিলোঁ বালি, শিলৰ ভৰ্টি ট্ৰাক, কিন্তু ইয়াত যেতিয়া কেবল আঙুৰ ভৰ্টি ট্ৰাকবোৰ দেখি আমি কিৰিলি পাৰিছিলোঁ । আমাক যে অচিনাকী জৰ্জিয়ান আঙুৰ খেতিৰ মালিকে মৰমতে ম’না ভৰাই আঙুৰ দিছিল । আমাৰ হৃদয় ভৰি পৰিছিল । আমি মনে মনে ফটো উঠা দেখি খং কৰিব বুলি বৰ ভয় খাইছিলোঁ । ভাষাৰ সমস্যা পাইছিলোঁ, কিন্তু ইমান বন্ধুত্বসুলভ ব্যৱহাৰ । ‘ফ্ৰেইণ্ড’ বুলি কৰা সম্বোধন ।
সেইদিনা শনিবাৰ আছিল বাবে কোনো কাৰখানা খোলা নাছিল, স্বাভাৱিকতে আমি আশাহত হৈছিলোঁহক ।  জৰ্জে প্ৰডাকচ্‌ন আৰম্ভ নোহোৱা এটি ‘কাৰখানা’লৈ আমাক লৈ যায় ।
বগা  ৱাইন  প্ৰস্তুত কৰিবলৈ সময়ৰ প্ৰয়োজন মাথো এক মাহ  আৰু ৰঙা ৱাইন তিনি মাহ সময় লয় । অ’ কবলৈ পাহৰিছিলোঁৱে তেওঁলোকে ‘কাৰখানা’ বোলে ‘factory’ক । তাত বহুতো ৱাইনৰ টেংক আছিল আৰু প্ৰত্যেকটো টেংকত মজুত ৰাখিব পাৰি  ৩১৮ হেক্টলিটাৰকৈ ৱাইন । ইটালীৰ পৰা অহা কাৰখানাটোৰ মেনেজাৰৰ দায়িত্বত থকা ব্যক্তি জনে ভঙা ভঙা ইংৰাজীত আমাক বুজালে আৰু ইংৰাজী ভালদৰে নজনাৰ বাবে নম্ৰতাৰে ক্ষমা খুজিলে । তেখেতে দেখুওৱা বৰফৰ টুকুৰাই ক্ষতিগ্ৰস্ত কৰা মেচিন এটাৰ বিধ্বস্ত ৰূপটোৱে আমাৰ চকু কপালত তুলিলে ।
এওঁলোকে যে ইমান হিন্দী চিনেমা ভাল পায়, ভাৰতীয় লোককো । আমাৰ মুখ মণ্ডলত যেন ভাৰতীয়ৰ ধ্বজা । দেখিলেই গাই দিব ‘ইচক ডানা বিচক ডানা, ডানে ওপৰ ডানা’ ।
সংগীতে হেনো ভাষাৰ পৰিধি নামানে, সঁচা কথা.. নহ’লেনো সাঁতোৰ শ্ৰেণীত লগ পোৱা মৌৰিতানিয়া  দেশৰ যুৱক এজনে ম’বাইলত ‘কভি কভি মেৰে দিল ম্যে’ শীৰ্ষক গানটো শুনি প্ৰতিবাৰেই কান্দি উঠে বুলি অকপট স্বীকাৰোক্তি দিয়েনে আমাৰ আগত… হিন্দী ভাষাৰ অ আ ক খ একো নজনাকৈ-নুবুজাকৈ !! আৰু কি যে ৰঙীয়াল তেওঁলোক ! মন-প্ৰাণ পুলকিত হৈ পৰে । দেহৰ ৰঙ কি যে তেজে ফুটু ফুটু কৰা ।  চালক ‘জৰ্জ’ৰ প্ৰিয় গান (ডিস্ক’ ডেঞ্চাৰ খ্যাত মিঠুনৰ) ‘জিমী জিমী, আজা-আজা’ । তেওঁৰ লগত আমিও গাওঁ । য’ত শব্দ নিষ্ফল হয় সংগীতে তাত বাট কাটে । আমিও সেই সুবিধাতে এমুঠি জোনাক ছটিয়াও তাপিত হৃদয়ত … জীৱনক বিচাৰি পাওঁ যেন…!!

বৰজ’মি (Borjomi) বিখ্যাত ইয়াৰ খনিজযুক্ত পানী (মিনাৰেল ৱাটাৰ)ৰ বাবে । এই পানী আটাইতকৈ শক্তিশালী যোদ্ধা অত্যধিক নিচাসক্ত আৰু ডজনৰো অধিক ৰোগৰ । গোটেই বিশ্বব্যাপি ইয়াৰ খ্যাতি ; যি নেকি দেশখনৰ প্ৰমুখ ৰপ্তানিজাত সামগ্ৰীও । আপুনি খাবও পাৰে নাইবা ‘বাথ’ও ল’ব পাৰে । আমাৰ চালক ‘জৰ্জে’ আমাক বুজালে আৰু সেই পানীৰ সোৱাদ দিলেও । আমাৰহে সেই পানীৰ সোৱাদ ভাল লগা নাছিল ।

মাজে মাজে পানী নোহোৱা এটা দুটা শিলাময় নৈ  আমি পাৰ হৈ যাওঁ।  এখন পানী নাইকিয়া নদী, শুকাই কেৱল শিলগুটি । আমি অলপ ফ্ৰেচ হ’বলৈ ৰৈ দিলোঁ । আনফালে এটি পৰিস্কাৰ , আটকধুনীয়া হ্ৰদ । আমি তললৈ গ’লো , ছোৱালীহঁতে পানীলৈ শিলগুটি দলিয়াই খুৱ উপভোগ কৰিলে । আমাৰ কথা বতৰা শুনি জৰ্জিয়ান মহিলা এগৰাকী আগবাঢ়ি আহি নিজৰ ভাষাৰেই সুধিলে আমি ক’ৰ পৰা আহিছোঁ । ‘ইণ্ডিয়া’ শব্দটো মাথো বুজি পাই আমাক নিজ কন্যাৰ নে পুত্ৰৰ যি নেকি বেংগলোৰ নিৱাসী আমাক অতি আগ্ৰহেৰে ফটো দেখুৱালে । মহিলা গৰাকী কিছু যেন আৱেগিক । আমিও এই মূহুৰ্তত তেওঁৰ সমভাগী । ইমান দূৰৈত থকা আপোনজনৰ স্মৃতিকাতৰ হৈ পৰিছে আমাক দেখি , সেই একেই অনুভৱ আমাৰ যেনেকৈ কোনোবা অচিনাকী জৰ্জিয়ানৰ পাকঘৰত আমাৰ আপোন চাহপাত দেখি । সেই সময়ত আমাৰ ভাষা এক হৈ পৰিছিল । আমি হৃদয়ৰ ভাষা বুজি উঠিছিলোঁ । আমি ফটো উঠিলোঁ আগ্ৰহেৰে, হাঁহি ধেমালিৰে । তেওঁক অকণমান সান্নিধ্য দিবলৈ পাই আমাৰো মন ভৰি পৰিছিল ।

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.