আনাৰস (ডা০ ভূপেন শইকীয়া)

আনাৰস (ডা০ ভূপেন শইকীয়া)

আনাৰস (ডা০ ভূপেন শইকীয়া)

by December 1, 2016 0 comments

ল’ৰালি কালত এটা সাঁথৰ শুনি আমোদ পাইছিলোঁ – “গছৰ ওপৰত গছ , সেই গছৰ ওপৰত এডাল লাঠি ,লাঠিৰ ওপৰত ফল ,ফলৰ ওপৰত গছ , উত্তৰটোনো কি” ? হয়, আপুনি উত্তৰটো নিশ্চয় জানে ৷ শুদ্ধ উত্তৰ সেই মাটিকঁঠাল বা আনাৰসৰ বিষয়েই মই আজি কবলৈ ওলাইছোঁ ৷ ইতিমধ্যে এইবিধ ফলৰ বিষয়ে বিশ্বৰ বিভিন্ন ঠাইত ইমানবোৰ বৈজ্ঞানিক আলোচনা, গবেষণা প্ৰসূত প্ৰৱন্ধ-পাতি প্ৰকাশিত হৈছে যে মোৰ এই লিখনি হাতী মাৰি ভুৰুকাত ভৰোৱাৰ প্ৰয়াস কৰাৰ দৰে হব ৷ তথাপিও আমাৰ মানুহখিনিক এই ফলৰ বহুমুখী উপকাৰিতাৰ বিষয়ে কিছু কথা অৱগত কৰোৱাৰ মানসেৰে দুকলম লিখিবলৈ আগবাঢ়িছোঁ ৷
গুণগত মানৰ পৰা আনাৰসক প্ৰকৃততেই ফলৰ ৰজা বুলি মান্যতা দিব পাৰি ৷ অতীজৰে পৰা ই সম্ভ্ৰান্ত ফলৰ সন্মান দখল কৰি আহিছে ৷ বিশ্বৰ প্ৰতিখন ঠাইতেই স্বাস্থ্য-উপযোগী এই সুস্বাদু ফল সৰ্বথা সমাদূত হৈ আহিছে ৷ বৰ্তমান বিশ্বত সৰ্বাধিক আনাৰস উৎপাদনকাৰী দহখন দেশ হ’ল – ফিলিপাইনচ, থাইলেণ্ড, ক’ষ্টা ৰিকা, ইণ্ডোনেচিয়া, চিলি, ব্ৰাজিল, ভাৰতবৰ্ষ, নাইজেৰিয়া, মেক্সিকো আৰু কলোম্বিয়া ৷ বিশ্বৰ বজাৰসমূহত অন্তত: ৬বিধ বেলেগ বেলেগ প্ৰজাতিৰ আনাৰস উপলব্ধ ৷
আমোদজনক কথা ‘আনাৰস’ শব্দৰ লগত মিল থকা ‘অনন্নাস’ নামেৰে এই ফল বিধ কেইবাটিও ভাৰতীয় ভাষাত পৰিচিত ৷ সেই ভাষাকেইটা হ’ল- হিন্দী, বাংলা, মাৰাঠী, গুজৰাটী, কানাড়া আৰু উৰ্দূ ৷ আশ্চৰ্যজনকভাবে কেইবাটিও বিদেশী ভাষাটো ‘অনন্নাস’ শব্দটিত প্ৰচলিত ৷ সেই কেইটা ভাষা হ’ল- ডাট্চ, ইষ্টোনিয়ান, ফিনিচ, জাৰ্মান, ডানিচ, আৰবী, গ্ৰীক, হাংগেৰী, ইটালিয়ান, ৰাচিয়ান, টাৰ্কী,প’লিচ, স্বিডিচ আৰু পৰ্টুগীজ ৷ ইংৰাজীত বোলে পাইনএপল (Pineapple ) ৷ ব’টানিকেল নাম হ’ল Ananas comosus ৷ দেৱভাষা সংস্কৃতত আনাৰসক বহুনেত্ৰ ফলম বোলে ৷ আনাৰচৰ ফলত চকুসদৃশ্য কেউদিশে ঘাত থকাৰ বাবেই এই নাম হ’ল বুলি বুজিব পাৰি ৷ আমাৰ অসমীয়া ভাষাত আনাৰসৰ মতা নাম কেইবাটিও : মাটিকঠাল, সফুঁৰি-কঠাল, কেতেকী-কঠাল ৷ এই চেগতে আনাৰসৰ আন কেইটিমান ভাষাত মতা নাম পাঠকক জনাই দিওঁ – মিচিং (কেতেকী কনাল),গাৰো (অনাৰস), বিষ্ঞুপ্ৰিয়া মণিপুৰী (কেহেম),কাৰ্বি (পাৰক জংফং), ডিমাচা (লাইমৰী), টাই (মাক্ কিঙ্ হম্), নেপালী (ভুই কটৰ), পঞ্জাবী (অনানাচ), উৰিয়া (চুপাৰি আনাচিনানাচ), মলয়ালম (কইথা চক্কা),তেলেগু (আনাসু পাণ্ডূ),তামিল (আনাসী পাজহাম), ইণ্ডোনচিয়া (নানাস), স্পেনিচ (পিনা ডে প্লেঅ’ন)আৰু চীনা ভাষাত আনাৰসক বেন য়ে হঙ ফেং লি বোলে ৷ মেঘালয়ৰ খাচিয়াসকলে আনাৰসক চহ্ ত্ৰুণ বোলে৷
ইংৰাজীৰ ‘পাইনএপল’ শব্দটো পাইন গছৰ মতা ফুল (pine cone)ৰ লগত মিল থকা হেতুকে ১৩৯৮চনত স্পেনিসকলে দিয়া নাম পিনাৰ পৰা অহা বুলি ঠাৱৰ কৰা হৈছে ৷ ১৪৯৩চনত ইউৰোপিয়ান সকলে দক্ষিণ আমেৰিকাৰ কেৰিবিয়ান দ্বীপপুঞ্জত পোনপ্ৰথমবাৰ বাবে আনাৰসৰ আবিষ্কাৰ কৰে ৷ ব্ৰাজিল,পাৰাগুৱে আৰু কেৰিবিয়ান দ্বীপপুঞ্জ আছিল আনাৰসৰ আদিম বসতি স্থল ৷ ১৪৯৩চনতেই ক্ৰিষ্টফাৰ কলম্বচে আমেৰিকাৰপৰা স্পেইন আৰু ইউৰোপলৈ আনাৰসৰ সঁচ কঢ়িয়াইছিল বুলি জনা যায় ৷ ১৬শতিকাত পৰ্টুগীজ আৰু স্পেনিচ পৰিভ্ৰমণকাৰীয়ে আনাৰসৰ জাত এচিয়া আৰু আফ্ৰিকাৰ দেশসমূহলৈ লৈ যায় ৷ ১৮শতিকাত আমেৰিকাৰ হাৱাই প্ৰদেশত আনাৰসৰ খেতি আৰম্ভ হয় আৰু এতিয়াও তাত ইয়াৰ কৃষিত গুৰুত্ব দি থকা হৈছে ৷ ভাৰতবৰ্ষলৈ আনাৰসৰ খেতি পটুৰ্গীজসকলে আনিলে বুলি শুনা যায় ৷ বৰ্তমান আমাৰ দেশৰ অসম, ত্ৰিপুৰা, মেঘালয়, মিজোৰাম, পশ্চিমবংগ, কেৰালা, কৰ্ণাটক আৰু গোৱাত বিশাল পৰিমাণত – আনহাতে গুজৰাট,মহাৰাষ্ট্ৰ, উৰিষ্যা, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু বিহাৰত কম পৰিমাণে আনাৰসৰ খেতি হয় ৷ ভাৰতত উৎপাদিত আনাৰস ইংলেণ্ড, স্পেইন, নেপাল আৰু মধ্যপ্ৰাচ্যৰ দেশসমূহলৈ বিভিন্ন ৰূপত (যেনে টিনত স্লাইচ হৈ,ৰস হিচাবে নাইবা পকা ফল হিচাবে) বুজন পৰিমাণত ৰপ্তানি হয় ৷
গছৰ বৰ্ণনা : – বিশেষ নিলিখিলেও হ’ব যিহেতু গছবিধ সকলোৰে পৰিচিত ৷ আনাৰস হ’ল দীঘলীয়া তৰোৱাল-সদৃশ কাঁইটীয়া পাতেৰে আৱৰা গছ য’ত ডাঙৰ, মঙহাল, সুস্বাদু ফল ধৰে ৷ প্ৰতিটো আনাৰসক ৩০খিলা পৰ্য্যন্ত কাঁইটীয়া পাতে আৱৰি ৰাখে ৷ ৰোপণৰ পৰা পূৰঠ ফল ধৰালৈ তিনিটা বছৰ সময় লাগে ৷ ইয়াৰ পাত, ডাল আৰু বাকলিৰ পৰা ঔষধ,পশুখাদ্য,ভিনেগাৰ আদি তৈয়াৰ কৰা হয় ৷
কি কি লাগতিয়াল তত্ব আনাৰসত থাকে ?
আনাৰসত থাকে কেইবাবিধো ভিটামিন, লাগতিয়াল খনিজ, এণ্টিঅক্সিডেণ্ট, এনজাইম আদি অনেক উপকাৰী তত্ব ৷ সেইবিলাক হ’ল -পটেচিয়াম, কেলচিয়াম, মেগনেচিয়াম, ফচফোৰাচ,চেলেনিয়াম, ভিটামিন-চি, ভিটামিন-এ, ভিটামিন-বি কমপ্লেকচ (ফলেট,থায়ামিন, ৰাইবোফ্লেবিন, পাইৰিডক্সিন) , ভিটামিন-ই, আইৰণ, কপাৰ, জিংক আৰু বিটা-কেৰটিন ৷ চ’ডিয়াম থাকে কম পৰিমাণত ৷ কিছু পৰিমানত কাৰ্বোহাইড্ৰেট আৰু কম পৰিমানত প্ৰটিন থাকে ৷ ক’লেষ্টৰল আৰু ফেটৰ পৰিমাণ শূণ্য ৷ যথেষ্ট পৰিমাণত অঘোলনশীল ফাইবাৰ থাকে ৷ আনাৰসত থাকে ব্ৰমলেন (Bromelain) এবিধ এনজাইম ৷ এইবিধ প্ৰটিঅ’লাইটিক এনজাইম থকাৰ ফলত মানুহ নানা ধৰণে উপকৃত হয় ৷
আনাৰস কেনেকৈ খাব ?
আনাৰস হ’ল সুস্বাদু আৰু সুগন্ধ কৰা ফল৷ইয়াৰ স্বাদ হ’ল টেঙা-মিঠা৷ পকা আনাৰস কাটি ডোখৰ ডোখৰ কৰি নাইবা সৰু সৰুকৈ কূটি নিমখ জলকীয়া সানি খাবলৈ বেচ জুতি লগা৷ বহুতে ৰস উলিয়াই চৰবত কৰিও খায়৷ জাম-জেলিও বনাব পাৰি৷ আন আন ফলৰ লগত চালাদো কৰি খাব পাৰি৷ মালদ্বীপত মই দুটা বছৰ কৰ্মৰত থাকোতে দেখিছিলোঁ তাৰ তাৰকা হোটেলবিলাকত পৰিবেশন কৰা পোলাও আৰু বিৰিয়ানীত দুই এডোখৰ আনাৰস থাকিবই৷ ইয়াত মধ্য প্ৰাচ্যৰ চুপাৰমাৰ্কেটত শুকানকৈ প্ৰচেচিং কৰা আনাৰসো বিক্ৰী হয়৷ আনাৰসৰ ৰস ওলিয়াই খোৱাতকৈ গোটাকৈ খোৱাটো বেচি স্বাস্থ্যসন্মত; কিয়নো তেতিয়াহে শৰীৰে ফাইবাৰৰ উপকাৰিতাটো সম্পূৰ্ণকৈ লাভ কৰিব পাৰিব৷
আনাৰসৰ উপকাৰিতা কি কি ?
ৰোগ প্ৰতিৰোধ ক্ষমতা (ইমিউনিটি) বৃ্দ্ধিকাৰক : আনাৰসত থকা এণ্টিঅক্সিডেণ্ট, মিনাৰেল (খনিজ)আৰু ভিটামিনে ফ্ৰি-ৰেডিকেল নামৰ শৰীৰৰ বাবে অহিতকাৰী শক্তি বিৰুদ্ধে যুঁজ দিয়ে ৷
কেন্সাৰ ৰোগৰ পৰা সুৰক্ষা : আনাৰসত থকা এণ্টিঅক্সিডেণ্ট, বিটা-কেৰটিন, মেংগানিজ আদি খনিজ, ভিটামিন এ আৰু চি হ’ল কৰ্কটৰোগৰ শক্তিশালী প্ৰতিৰোধক ৷ নিয়মীয়ায়কৈ আনাৰস খোৱা সকলে প্ৰষ্টেটৰ কেন্সাৰ, ক’লোনৰ কেন্সাৰ, মহিলাৰ স্তনৰ কেন্সাৰ ,ডিঙি আৰু বক্ষৰ কেন্সাৰৰ পৰা সুৰক্ষা লাভ কৰে ৷
হৃদৰোগৰ পৰা সুৰক্ষা : ডায়েটৰী ফাইবাৰ, ভিটামিন-চি আৰু উপযুক্ত মাত্ৰাত থকা প’টেচিয়ামে আমাৰ কলিজাক ষ্ট্ৰোক, উচ্চ ৰক্তচাপ, তেজৰ নলীত চৰ্বি জমা হোৱা ৰোগ এথেৰস্কে্লৰচিচ আদিৰ পৰা সুৰক্ষা দিয়ে ৷ প’টেচিয়াম হ’ল তেজৰ নলী শিথিল কৰোতা (Vasodilator) ৷ আনহাতে আনাৰসত চ’ডিয়ামৰ পৰিমান তেনেই সামান্য ৷ মেদবহুলতা কমোৱাত আনাৰস সহায়ক ৷ প’টেচিয়ামে ইচকেমিক হাৰ্ট ডিজিজ ৰোধ কৰে আৰু কিডনিৰ পাথৰ সৃষ্টিত বাধা দিয়ে ৷
চকুৰ সুৰক্ষাৰ বাবে উপযোগী : বিটা-কেৰটিন হ’ল চকুৰ মেকুলাৰ ডিজেনৰেচন অৰ্থাৎ বাৰ্ধক্যজনিত ৰোগ ৰোধ কৰোতা ৷
পাক প্ৰণালীত কৰা উপকাৰিতা : আনাৰসত থকা ব্ৰমলেন হ’ল প্ৰটিন হজম কৰোতা এনজাইম ৷ ফলৰত আমাৰ খাদ্য ভালদৰে হজম হয় ৷ আনাৰসত থকা ফাইবাৰ আৰু পানীয়ে শৌচ নিয়মীয়া কৰে ৷ নানা কাৰণত হোৱা জণ্ডিচ আৰু আভোকত আনাৰস উপকাৰী ৷
শ্বাসৰোগত কৰা উপকাৰ : বিটা-কেৰটিন হাঁপানী ৰোগ প্ৰতিৰোধ কৰোতা ৷ ব্ৰমলেন আৰু ভিটামিন-চি চাইনৰ ৰোগ,কাহ-চৰ্দিত উপযোগী৷
ডায়বেটিজত উপকাৰিতা : টাইপ-১আৰুটাইপ-২ ডায়েবেটিজ দুয়োটাতেই এক সীমিত পৰিমাণৰ দৈনিক আনাৰস খালে চুগাৰ,ইনচুলিন আৰু কলেষ্টেৰল লেভেলৰ উন্নতিপৰিলক্ষিত হয় ৷ অঘোলনশীল ডায়েটেৰী ফাইবাৰৰ ফলত শৰীৰৰ এই লাভ হয় ৷ আমেৰিকাত পুৰুষক প্ৰায় ৩৫গ্ৰাম আৰু মহিলাক প্ৰায় ২৫ গ্ৰাম আনাৰস দৈনিক খাবলৈ পৰামৰ্শ দিয়া হয় ৷
ছাল আৰু চুলিৰ ক্ষেত্ৰত কৰা উপকাৰ : ভিটামিন-চি হ’ল ছাল আৰু চুলিৰ নিৰ্মাণত সহায়ক ৷ ছালৰ আশ্ৰয় ক’লাজেন (Collagen) নিৰ্মাণত ভিটামিন-চি অপৰিহাৰ্য্য ৷ আনাৰসে ছালৰ উজ্বলতা বঢ়ায় আৰু চুলি সৰা ৰোধ কৰে ৷
উৰ্বৰতা বৃদ্ধি আৰু গৰ্ভধাৰণত সহায়ক: নিয়মীয়া আনাৰস সেৱন কৰিলে পুৰুষৰ উৰ্বৰতা শক্তি বাঢ়িব আৰু মহিলাৰ গৰ্ভধাৰণ কৰাৰ ক্ষমতা বৃদ্ধি পায়৷ প্ৰজনন অনুকুল কৰিবৰ বাবে লাগতিয়াল সকলো তত্বই আনাৰসত উপলব্ধ ৷
এন্টি-ইনফ্লমেটৰী গুণৰ প্ৰয়োগ : ব্ৰমলেন থকা বাবে আনাৰস হ’ল বিষহাৰক আৰু ঘা শুকোৱাত সহায়ক গতিকে মোচোকা খোৱা, টেন্দনৰ বিষ, আৰ্থাইটিচ আদিত উপযোগী ৷
হাঁড়ৰ শক্তি বঢ়াই তোলা : মেংগানিজৰ ফলত সেয়া সম্ভৱপৰ ৷ বয়সিয়াল লোকৰ অষ্টিঅ’প’ৰচিচ (হাঁড়ৰ ক্ষয়) ৰোধ কৰে ৷
তেজ সঞ্চালনত উপযোগী : কপাৰ আৰু প’টেচিয়ামৰ ভূমিকা এই ক্ষেত্ৰত উল্লেখযোগ্য ৷ তেজৰ ৰক্তকণিকা বৃদ্ধিতো সহায়ক ৷ ব্ৰমলেন থকা হেতুকে থ্ৰম্বাচ (তেজৰ চেকুৰা) জমা হবলৈ সুযোগ নাপায় ৷
মানসিক স্বাস্থ্যৰ উন্নতি – এলঝেইমাৰ বা আন পাহৰি যোৱা ৰোগ হোৱাত বাধা দিয়ে ৷ তেজৰ সহজ সঞ্চালন আৰু বৰ্ধিত ৰক্তকণিকাই মস্তিষ্কলৈ সুচাৰুৰূপে অক্সিজেন বোৱাই নিয়াৰ ফলত এনে সম্ভৱপৰ ৷
মহিলাসকলৰ বাবে অতি উপযোগী : আনাৰসত থকা খনিজ,ভিটামিন,এনজাইম মহিলাসকলৰ বাবে বিশেষ প্ৰয়োজনীয় ৷কিছুমান মহিলাৰ মাহেকীয়াৰ হোৱা বিষ নিৰাময়ত সহায়ক সিদ্ধ হৈছে ৷
দাঁতৰ আৰু দাঁতৰ আলুৰ (Gum) স্বাস্থ্যৰ বাবে উপযোগী ৷
সতৰ্কতা : গৰ্ভাৱস্থাৰ আগভাগত আনাৰস নাখাব৷ কিয়নো জৰায়ুত সংকোচন হৈ গৰ্ভপাত হব পাৰে ৷ তেওঁলোকে শেষৰ দিনকেইটাত আনাৰস খাব পাৰিব ৷
কেঁচা আনাৰস নাখাব ৷ কেঁচা আনাৰসত বিষাক্ত তত্ব থাকে ৷
কিছুমান মানুহৰ আনাৰসৰ এলাৰ্জি হোৱা দেখা যায় :- তেওঁলোকৰ মুখত ঘা, বেচি লেলাৱতি,ছালত ডফলা-ডফল চকলা বন্ধা আৰু খজুৱতি হব পাৰে ৷ এলাৰ্জিৰ চিকিৎসা কৰিলে সোনকালেই লক্ষণসমূহৰ উপশম ঘটে ৷ আকৌ সৰুতে আনাৰস খাব নোৱৰা কিছুমানৰ ডাঙৰ হলে এলাৰ্জিৰ লক্ষণ নুফুটাও হয় ৷
গুৰুতৰ এলাৰ্জি নথকাসকলে মাজে মাজে কম পৰিমাণত দুই এচকল আনাৰস খালে এটা সময়ত খাব পৰা হয়গৈ – ইয়াক Desensitized হোৱা বোলে৷ প্ৰয়োজনসাপেক্ষে আৰম্ভণিতে এটা বা দুটা লিভচেট্ৰিজিন নহলে ল’ৰাটডিন নামৰ এলাৰ্জিৰোধক পিলৰ প্ৰয়োজন হব পাৰে৷ইমান উপকাৰী সুস্বাদু ফলৰ জুতি কমকৈ হলেও সকলোৱে লব পাৰিলে ভাল৷
গেষ্ট্ৰ-ইছফজিয়েল-ৰিফ্লাক্স-ডিজিজ আৰু বেচি এচিডিটি থকালোকে ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ আনাৰস নাখাব ৷
কিছুমান মানুহে ডাক্তৰৰ পৰামৰ্শমতে তেজ গোট নমৰা এন্টিকোএগুলেল্ট দৰব খাই থাকে ৷ তেনেলোকে আনাৰস নাখাব ৷
………….

বাঁহগাজ আৰু স্বাস্থ্য-
-ডা০ ভূপেন শইকীয়া

বাঁহ-গাজ আমি কিয় খাব লাগে ? এই পোনপটীয়া প্ৰশ্নটোৰ উত্তৰ কিমানজনে দিব পাৰিব তাত মোৰ সন্দেহ আছে ৷ আগতে বাঁহ আৰু বাঁহ-গাজ কি সেয়া জানি লোৱা ভাল ৷ বনস্পতি বিজ্ঞানৰ মতে বাঁহ হ’ল এবিধ ঘাঁহ ৷পৃথিৱীৰ আটাইতকৈ ওখ ঘাঁহ বিধেই হ’ল বাঁহ ৷ ইংৰাজীত বাঁহক Bamboo বোলে- কানাড়া ভাষাৰ Bambu শব্দৰ পৰা ইণ্ডোনেচিয়া আৰু মলয়সকলে ইংৰাজীলৈ এই শব্দ আমদানি কৰিলে বুলি জনা যায় ৷ বিশ্বত আটাইতকৈ ক্ষিপ্ৰতাৰে বঢ়া বনস্পতিবিধ হ’ল বাঁহ ৷ এডাল বাঁহ গছৰ সৰ্বোচ্চ উচ্চতা ১৫ৰ পৰা ৩৯ফুট ৷ বাঁহ গছ ২৪ঘন্টাত ২৷ ৪ ইঞ্চিৰ পৰা ৩৬ ইঞ্চিলৈকে বঢ়াৰ তথ্য বিজ্ঞানীসকলে লক্ষ্য কৰিছে ৷ বাঁহৰ অনেক প্ৰজাতিৰ ভিতৰত অসমত সাধাৰণতে জাতি বাঁহ আৰু ভলুকা বাঁহ এই দুবিধ বাঁহ সকলোৰে পৰিচিত৷ অসমত উপলব্ধ আন আন কেইটিমান বাঁহৰ প্ৰজাতি হ’ল কাক, বিজুলী, নল, কাঁটা আৰু মকাল ৷
বাঁহক ঘাইকৈ কাগজ, ঘৰুৱা সামগ্ৰী, কেঁচা ঘৰৰ খুটা আদি বনাবলৈ ব্যৱহাৰ কৰা হয় ৷ সৰুৰে পৰা অসমীয়া জন-জীৱনত দেখি অহা বাঁহৰ আন প্ৰয়োগ কিছুমান হ’ল – জেওৰা-বেৰা দিয়া, ছাতি,লাঠি,লাখুটি, টাঙোন, এচাৰি,দুৱাৰ-দাং,পদূলিৰ নঙলা, চকী-বিচনা, বিচনি, চালনি, পাচি,খৰাহি, অসমীয়া শিপিনিৰ আদৰৰ তাঁত-শালৰ নানান সঁজুলি, পাকঘৰৰ সঁজুলি হেতা-ঘোটনি-চামুচ, জুই ফুউওঁৱা বাঁহৰ চুঙা,বাঁহৰ টকা আৰু আন বাদ্য যন্ত্ৰত ব্যৱহাৰ হোৱা যেনে ঢোলৰ বা নাগাৰাৰ মাৰিডাল, বাঁহী বনোৱা ইত্যাদিত ৷ বাঁহৰ পাত গৰু, ম’হ, ছাগলীৰ প্ৰিয় খাদ্য ৷ বাঁহৰ জেং পুখুৰীৰ পোহনীয়া মাছ কেইটাক বগলি-কণামুছৰিৰ পৰা বচাই ৰাখিবলৈ পুখুৰীৰ পানীত দিয়া হয় ৷ বাঁহৰ জেঙত বাৰীৰ কেৰেলা,পটল, স্কোৱাচ, জিকা-ভোল, ধুন্দুলি-কুন্দুলি, পাণ, জালুক, ভেদাইলতা আদি লতায়ো বগাই লমালমকৈ ফল-ফুল দিবলৈ যেন সুখ পায় ৷ গ্ৰামীন জনজীৱনত বহু ঠাইত নৈ পাৰ হবলৈ এতিয়াও সাঁকো আৰু বাঁহৰ দলং ব্যৱহৃত হয় ৷ মেজিৰ ভেলাঘৰতেই হওঁক বা আন সকামতেই হওঁক শুকান বাঁহৰ লাগনি খৰি ব্যৱহৃত হয় ৷ মুঠতে বাঁহৰ প্ৰতিটো অংশই কৃষক সমাজ আৰু আন অসমীয়া গ্ৰাম্য জীৱনৰ অপৰিহাৰ্য্য অংগ ৷জনমে-মৰণে বাঁহ অসমীয়া জন-জীৱনৰ অংগ কেনেকৈ হয় চাওক – সৰুতে আয়ে কোৱা মনত আছে নৱজাতক কেঁচুৱা আৰু মাতৃক সংলগ্ন কৰা নাভিডাল ধাইসকলে কাটিছিল ধাৰ থকা বাঁহৰ চোঁচেৰে ৷ আকৌ মৰণকালৰো সংগী হয় বাঁহৰ চাঙীখন ৷ বিয়া-সবাহত ৰভা আৰু আদৰণি তোৰণ দিবলৈ বাঁহ নহলে নচলে ৷ বিহুৰ বতৰত বাঁহৰ চুঙাদৈ, চুঙা পিঠা কোনে খাই ভাল নাপায় ? গাঁৱৰ চোতালত ঘৰে ঘৰে ধান ৰ’দত শুকুৱাই বাঁহৰ ঢাৰিত ৷ আনহাতে চহৰৰ সুউচ্চ ভৱনৰ নিৰ্মাণৰ ঢালাইৰ কামত বাঁহ নহলেই নচলে ৷ বাঁহগছৰ ফুল আপুনি দেখিছেনে ? বাঁহ-ফুল দেখিবলৈ বৰ ধুনীয়া, পাতল বেঙুনীয়া বৰণৰ ৷ জনবিশ্বাসমতে বাঁহৰ ফুলে দূৰ্ভিক্ষৰ আগজাননী দিয়ে ৷ দৰাচলতে বাঁহৰ ফুলত উৰ্বৰা শক্তিবঢ়োৱা ভিটামিন-ই জাতীয় তত্ব থাকে ৷ বাঁহৰ ফুল ভক্ষণ কৰি এন্দুৰ-ডালশলিয়াৰ বংশ বৃদ্ধি হলে পথাৰৰ শইচত সেইবিলাকে আক্ৰমণ চলাব যাৰ ফলত কৃষকে কমকৈহে শস্য চপাব পাৰিব ৷
এতিয়া বাঁহ-গাজৰ আলোচনালৈ উভটি আহোঁ ৷ বাঁহ-গাজ হ’ল বাঁহ গছৰ গুৰিৰ পৰা নকৈ ওলোৱা কুমলীয়া গজালি বা পুলি ৷ ইয়াক সৰু সৰুকৈ কূটি পাছলি হিচাপে খোৱা হয় ৷ বাঁহ -গাজ কেঁচাতে বা খৰিচা কৰি ভাৰতবৰ্ষ ( ঘাইকৈ অসম) , চীন, জাপান, মান, য়ুগাণ্ডা, নেপাল, ভিয়েটনাম, ইণ্ডোনচিয়া, ফিলপাইনচ আদি অনেক দেশৰ মানুহে আঞ্জা খায়। খৰিচা হ’ল দুবিধ ৷ মাটিৰ কলহত বা চিচাৰ বৈয়ামত নহলে বটলত ভৰাই থ’লে দিনচেৰেকৰ পাছত সেয়া পকে অৰ্থাৎ টেঙা হয়, তাক পকা-খৰিচা বোলে ৷ আকৌ শুকুৱাই ললে সেয়া হয় শুকান বা জিম- খৰিচা ৷
অসমীয়া ভাষাত সততে প্ৰচলিত এটি ফকৰা যোজনা হ’ল : “তোমাৰে বাৰীৰে বাঁহ-গাজ তাৰে কৰিছোঁ খৰিছা, তোমাকে বেচি টকাটো লাভ কৰিছোঁ, কথাটো মন কৰিছা”! ইয়াৰ ওপৰিও অসমীয়াৰ অনেক বিহুগীততো বাঁহৰ উল্লেখ পোৱা যায় ৷ গ্ৰামাঞ্চলত এটা সময়ত প্ৰবচন শুনা গৈছিল – যাৰ নাই বাঁহ তাৰ নাই সাহ ।
বাঁহ-গাজক আন আন ভাষা বা অঞ্চলত মতা নাম হ’ল :- অৰুণাচল (বাঁহচুৰি), মণিপুৰ (উ-চয় আৰু চৈবুম), বাংলা (কোৰিল, বাঁশবেৰুনকৰ), ওৰিয়া (বাঁশচাগাজা), নগালেণ্ড (বাঁশ-টংগা), ঝাৰখণ্ড (সাংধনা), তেলেগু (ভেদেৰু চিগৰু), তামিল ( মুংগিল কুৰুথু),মলয়ালম (মোলানকম্বু), কৰ্ণাটক (কালেলে), মাৰাঠী (কাল্কিপান), মিজো (মাউটুৰাই),পঞ্জাবী আৰু উৰ্দুত (বাঁশ),কাৰ্বি (হেন-আপ, আপথোৰ) , ডিমাচা (মিয়াহ বাইৰে), টাইভাষাত (ন-মান), নেপালী ( তামা), বাংলাদেশত (বাজচুড়),ম্যনামাৰত (মাইট, মিয়াহেইট),চীন ( চুন কী), কোৰিয়া ( জুক চুন), জাপান ( টাকেনকো’), ভিয়েটনাম (মাংগ), স্পেনিচ আৰু ফৰাচীত (বাম্বু), ফিলিপাইনচত (লাবংগ, টাম্বো),ইণ্ডোনেচিয়া (ৰেবুং) আৰু হিন্দী ভাষাত বাঁস বোলে ৷
ইতিহাসত বাঁহ গছৰ বৰ্ণনা – আজিৰ পৰা ৪০০০বছৰ পূৰ্বৰ পৰাই মানুহে বাঁহ-গাজ ভক্ষণ কৰি আহিছে ৷ চীনদেশৰ টাং সাম্ৰাজ্যৰ সময়ত ( খৃষ্টাব্দ ৬১৮ৰ পৰা ৯০৭) বাঁহ-গাজৰ উপকাৰিতা পোন প্ৰথমবাৰৰ বাবে লিপিবদ্ধ কৰা হৈছিল ৷ খৃষ্টাব্দ ১৩৬৮ৰ পৰা ১৬৪৪ চনলৈ চীনত মিং সাম্ৰাজ্য চলিছিল ৷ সেই সময়ৰ ৰচনাৱলীটো বাঁহ-গাজৰ ঔষধি গুণসমূহৰ বৰ্ণনা পোৱা যায় ৷ জাপানত অতীজৰ পৰা বাঁহ-গাজক ‘বনৰ পাচলিৰ ৰজা’ আখ্যা দি অহা হৈছে ৷বাঁহ গাজৰ তৰি-তৰকাৰিয়ে মানুহৰ জীৱনী শক্তি বৃদ্ধি কৰে বুলি জাপানী সকলে বিশ্বাস কৰে আৰু সেয়ে প্ৰতি সাঁজ খাদ্যৰ লগত অন্ততঃ এটুকুৰা হ’লেও বাঁহগাজ তেওঁলোকৰ নিয়মীয়া খাদ্য তালিকাৰ অন্তৰ্ভুক্ত ৷
বাঁহ গছৰ বৰ্ণনা -চিৰসেউজ বাঁহ গছে ধৰাক সেউজী আৰু সুন্দৰ কৰি ৰখাত চিৰকাল এক অনন্য ভূমিকা পালন কৰি আহিছে ৷ এজোপা বাঁহ গছৰ আয়ুস হ’ল ২০বছৰ ৷ সাধাৰণতে গছৰ উচ্চতা ৩৯ফুট হয়, কদাচিত কোনো অঞ্চলত সেই সীমা অতিক্ৰমো কৰা দেখা যায় ৷ গছৰ আকাৰ চিলিণ্ডাৰ দৰে ঘূৰণীয়া হয় ৷ জাতিভেদে সেই ঘেৰা এক ইঞ্চিৰ পৰা ১২ইঞ্চিলৈকে হব পাৰে ৷ বাঁহগছৰ ছালখন মিহি ৷ ফোপোলা বাঁহৰ দুই মূৰৰ গাঠিবিলাকৰ পৰা পাতল,চেপেতা আৰু মিহি পাত ওলায় ৷ গা গছৰ বৰণ সেউজীয়া, কিছু হালধীয়া বা মূগা বৰণৰ হয় ৷
প্ৰাপ্তিস্থান – বাঁহগছৰ ঘাই বসতিস্থান হ’ল এচিয়া মহাদেশৰ ভাৰত,বাংলাদেশ, চীন, টাইৱান, জাপান, ভিয়েটনাম, ইণ্ডোনচিয়া, ম্যানমাৰ আদি দেশ ৷ জলবায়ুৰ লগত খাপ নোখোৱা বাবে বাঁহগছ কানাডা, ইউৰোপ, পশ্চিম এচিয়া আৰু এন্টাৰ্কটিকাত ৰোপণ কৰিব পৰা নাযায় ৷
ব’টানিকেল নাম – Phyllostachys edulis, Bambusa vulgaris – জনামতে বিশ্বত বাঁহ গছৰ ১৫৭৫টা প্ৰজাতি আছে আৰু তাৰে ১১০টা প্ৰজাতিৰ বাঁহহে মানুহে খাদ্য হিচাবে ভক্ষণ কৰে ৷
বাঁহ-গাজত কি কি উপাদান থাকে ?
বাঁহগাজ হ’ল কম কেলৰি আৰু বেচি ফাইবাৰযুক্ত বনস্পতি খাদ্য ৷ ১০০গ্ৰাম বাঁহগাজত থাকে মাত্ৰ ২৭ কেলৰি উৰ্জা ৷ আন আন লাগতিয়াল উপাদানসমূহ হ’ল – কাৰ্বোহাইড্ৰেট (৫.২ গ্ৰাম), প্ৰটিন (২.৬গ্ৰাম), ফেট ( ০.৩গ্ৰাম), ডায়েটেৰী ফাইবাৰ (২.২গ্ৰাম) আৰু ক’লেষ্টেৰল হ’ল শূণ্য ৷ বাঁহ-গাজত থকা প্ৰটিনত কমেও ১৯বিধ লাগতিয়াল এমাইনো এচিড থাকে ৷
বাঁহগাজত থকা ভিটামিনসমূহ হ’ল – বি কমপ্লেক্স গোটৰ থায়ামিন,ৰাইবোফ্লেবিন, পাইৰিডক্সিন, পেন্টথনিক এচিড; ভিটামিন – চি, ভিটামিন – এ, ভিটামিন- ই আৰু ভিটামিন-কে ৷ ইলেকট্ৰলাইট – প’টেচিয়াম (৫৩৩মিলিগ্ৰাম), চ’ডিয়াম (৪ মিলিগ্ৰাম) ৷ মিনাৰেলবিলাক হ’ল- কেলচিয়াম, ক’পাৰ, আইৰণ, মেগনেচিয়াম, মেংগানিজ, ফচফ’ৰাচ, জিংক আৰু চেলেনিয়াম ৷ ফাইটো-নিউট্ৰিয়েন্ট : বিটা-কেৰটিন ৷
টেক্সিফাইলিন কি ?
কেঁচা / তাজা বাঁহ-গাজত টেক্সিফাইলিন (Taxiphylline )নামৰ এবিধ প্ৰাকৃতিক বিষাক্ত দ্ৰব্য (Cyanogenic glycoside ) থাকে ৷ কুমলীয়াৰ তুলনাত পূৰঠ বাঁহ-গাজত টেক্সিফাইলিন বেছিকৈ থাকে ৷ জাতিভেদে এই টেক্সিফাইলিনৰ উপস্থিতি কম-বেছি হ’ব পাৰে ৷ ভাল কথাটো হ’ল গৰম পানীৰে ধুলে বা সিজালে এই বিষাক্ত দ্ৰব্য বিনষ্ট হয়৷ এই চাইনাইডৰ উপস্থিতিয়ে দেহৰ কোষৰ নিশ্বাস-প্ৰশ্বাসত বাধা ওপজাব পাৰে ৷
বাঁহ-গাজ খাবলৈ কি দৰে প্ৰস্তুত কৰা হয় ?
অঞ্চলভেদে, দেশভেদে বাঁহগাজ খোৱাৰ প্ৰস্ততিকৰণ পদ্ধতি ভিন্ন ভিন্ন ৷ অসমত বাঁহ-গাজ কূটি খৰিচা বনায় ৷সাধাৰণতে ভলুকা আৰু কাক বাঁহৰ খৰিচা বনায় ৷ খৰিচাৰ স্বাদ মৃদু টেঙা, কেঁচাতে থকা তিতিকি ভাৱটো তাত নাথাকে ৷ সেই খৰিছাৰে মাছৰ জোল, মাছ ভজা, দাইল বা শাকৰ সৈতে আঞ্জা বনোৱা হয় ৷ বৈয়ামত ভৰাই খৰিছা সঞ্চয় কৰিব পাৰি আৰু খৰিছাৰ জুতি লগা আচাৰ বনাব পাৰি ৷আচাৰ প্লাষ্টিকৰ বটলৰ পৰিবৰ্তে চিচাৰ বটল বা বৈয়ামত সংৰক্ষণ কৰিলে বেচি দিনলৈ ভালে থাকে৷ অৰুণাচলী আৰু নগাসকলৰ এবিধ প্ৰিয় খাদ্য হ’ল গাহৰি মাংসৰ খৰিচাৰ সৈতে ৰন্ধা ব্যঞ্জন ৷ কোনোবাই বনায় খৰিচাৰ জলকীয়া, নহৰু,মছলা দি জ্বলা-টেঙা আচাৰ আৰু আন কোনোবাই গুড় বা অমিতা দি মিঠা আচাৰ বনায় ৷অসমত বিভিন্নজনৰ ঘৰত খৰিচাৰে নানা জুতিলগা খাদ্য বনোৱা হয়। বাঁহগাজ কলখাৰৰ সৈতে খাবলৈ বৰ ভাল। শুকান খৰিচাৰে মাগুৰ মাছৰ ফ্ৰাই বৰ সোৱাদ লগা। বাঁহ গাজৰ কঠাল গুটি দি ৰন্ধা খাৰ আৰু খৰিচা দি সনা পুৰা গৰৈ মাছৰ আঞ্জাৰ জুতি মুখত লাগি থাকে।
বাঁহ-গাজ স্বাস্থ্যৰ বাবে কিয় উপযোগী ?
(১) মেদবহুলতা কমোৱাত সহায়ক: ১০০গ্ৰাম বাঁহগাজত থাকে ৮গ্ৰাম ডায়েটেৰী ফাইবাৰ ৷ ফাইবাৰ থকাৰ ফলত কলেষ্টেৰল কমাত সহায়ক হয় ৷ সোনকলে উদৰ পূৰ্ণ হোৱাৰ ভাৱ আহে ৷ বাঁহ-গাজত চুগাৰ, কাৰ্বহাইড্ৰেট আৰু কেলৰি কম থকাত ওজন কমোৱাত সহায়ক হয় ৷
(২) ৰক্তচাপ কমোৱাত গুৰুত্বপূৰ্ণ ভূমিকা :
বাঁহ-গাজত থকা প’টেচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে ৷
(৩) কৰ্কটৰোগৰ প্ৰতিৰোধত ভূমিকা : গবেষণামূলক অনুসন্ধানত গম পোৱা গৈছে যে বাঁহ-গাজত থকা ফাইটোষ্টেৰল নামৰ তত্বই কেঞ্চাৰ প্ৰতিৰোধক হিচাবে কাম কৰে ৷ ক’লোনৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে ৷
(৪) শৰীৰৰ ইমিউনিটি বঢ়োৱাত সহায়ক : বাঁহ- গাজত থকা এন্টিঅক্সিডেন্ট,মিনাৰেল, ভিটামিন আৰু ট্ৰেচ এলিমেন্টৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়া পৰিলক্ষিত হয় ৷
(৫) পাকপ্ৰণালীৰ উপকাৰিতা : ভোক লগাত সহায়ক, হজম ক্ৰিয়াত সহায় কৰে,ডায়েৰিয়া ভাল কৰে, শৌচৰ পৰিমাণ বূদ্ধি কৰি কৌষ্ঠৰোগ আতৰায় ৷ পিত্তৰ বিষৰ উপশম ঘটায় ৷পেলুৰ চিকিৎসাত, পেটৰ পুৰণি ৰোগৰ চিকিৎসাত বাঁহ-গাজ ব্যৱহৃতহৈ আহিছে ৷
(৬) মহিলাৰ ঋতুস্ৰাৱৰ সমস্যা (বিষ) আৰু প্ৰসৱত বিলম্বত বাঁহ-গাজ উপযোগী ৷
(৭) নিয়মীয়া বাঁহ-গাজ খাওঁতাৰ অপকাৰী ক’লেষ্টেৰল বিলাক কমে ৷ গতিকে হৃদৰোগ প্ৰতিৰোধ কৰে ৷
( ৮) এন্টিইনফ্লেমেটৰী আৰু বিষহাৰক গুণৰ বাবে বাঁহ-গাজ কটা-চিঙা, খহু,ঘাত আদিত বাহ্যিক প্ৰয়োগ কৰি যোগাত্মক ফলাফল দেখা গৈছে ৷
(৯) বাঁহ-গাজৰ এন্টিভাইৰেল ক্ৰিয়া – মিজলচৰ চিকিৎসাত বাঁহ-গাজৰ চুপ খোৱাই ৰোগীয়ে কম সময়তে আৰোগ্য লভা দেখা গৈছে ৷ অসমৰ বিভিন্ন ঘৰত এতিয়াও আই (বসন্ত) ওলোৱাৰ পঞ্চম দিনত শুকনি হিচাপে শুকান খৰিছা -মাগুৰ মাছৰ আঞ্জা দিয়া হয়।
(১০) বিষহাৰক গুণৰ বাবে বাঁহ-গাজ বাত বিষৰ চিকিৎসাত উপযোগী ৷
(১১) বৃশ্চিক আৰু সৰ্প দংশনৰ আয়ুৰ্বেদিক চিকিৎসাত বাঁহ-গাজৰ প্ৰয়োগ হৈ আহিছে ৷বৰলে বিন্ধা, বিছাই ডকা আদিটো বাঁহগাজ প্ৰয়োগ কৰি উপশম ঘটোৱা হয় ৷
(১২) আয়ুৰ্বেদিক চিকিৎসকসকলে হাঁপানী আৰু আন শ্বাসজনিত বক্ষ ৰোগৰ চিকিৎসাত বাঁহ-গাজ ব্যৱহাৰ কৰে ৷
(১৩) চুলি সৰাৰ চিকিৎসাতো বাঁহ-গাজ উপযোগী৷
(১৪) কেতিয়াবা সৰু সৰু ল’ৰা ছোৱালীৰ শৌচদ্বাৰেদি (বিশেষকৈ গ্ৰাম্যাঞ্চলত) জোক সোমাই যায় । তেতিয়া অলপমান খৰিচা খুৱাই দিলে জোক বাহিৰলৈ ওলাই আহে । হাল বাওতে গৰুৰ নাভিত জোক সোমালে খৰিচা খুৱালে জোক এৰাই বাহিৰ হয় ৷
বাঁহ-গাজ খোৱাত কোনে সতৰ্কতা লব লাগে ?
গতিকে ওপৰৰ আলোচনাৰ পৰা গম পোৱা গ’ল যে বাঁহ-গাজ খালে পুৰণি ৰোগ বাঢ়িব, চুলি সৰিব, বাত বিষ হব, উচ্চ ৰক্তচাপ হব আদি ভুল ধাৰণাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই ৷ বাঁহ-গাজ খাই এলাৰ্জি হোৱা অতি দূৰ্লভ ৷ স্তনপান কৰাই থকা মাতৃয়েও বাঁহগাজ নিৰ্ভয়ে খাব পাৰে ৷
কেঁচাকৈ গৰম পানীৰে নোধোৱাকৈ বাঁহ-গাজ কেতিয়াও সেৱন কৰিব নালাগে ৷
গৰল, থাইৰয়ডৰ টিউমাৰ আৰু হাইপোথাইৰইডৰ ৰোগীয়ে বাঁহ-গাজ নোখোৱাটোৱেই মংগলজনক ৷
বাঁহ-গাজ বিশ্বৰ বজাৰত কি দৰে উপলব্ধ ?
কেঁচা বাকলি থকা বাঁহগাজ অসমৰ হাটসমূহত প্ৰায় বিক্ৰী হোৱা বেচ দেখা যায় ৷ গুৱাহাটী-শ্বিলং ৰ’ডত বৰাপানীৰ পৰা বৰ্ণিহাটলৈ ঘাইপথৰ দাঁতিত প্ৰায় গোটেই বছৰটোৱেই মুঠা মুঠাকৈ বাঁহ-গাজ বিক্ৰী হৈ থকা দেখা যায় ৷ অসমৰ বাহিৰত হয়তো এনে দূশ্য সুলভ নহব পাৰে ৷ মধ্যপ্ৰাচ্যৰ চুপাৰ মাৰ্কেটৰ শাক-পাচলিৰ বিপণীত বাকলি থকা কেঁচা বাঁহগাজ বিক্ৰী হোৱা দেখা যায় ৷ লগতে দেখা যায় টিনত বা বটলত ভৰোৱা ডোখৰ ডোখৰ কৰা বাঁহ-গাজ, আচাৰ,জেলি,চুপ আদি ৷ এই ৰেডিমেড সামগ্ৰীবোৰ আহে চীন,টাইৱান, ফিলিপাইনচ,জাৰ্মানী আদি দেশৰ পৰা ৷
********

ঢেঁকীয়া শাক কি ক’ত কিয় বিখ্যাত ?
—————–
মোৰ এবিধ প্ৰিয় শাক ঢেঁকীয়াৰ বিষয়ে ৰচনাখন লিখিবলৈ আৰম্ভ কৰিবলৈ লওঁতেই
পোনতে মনলৈ আহিছে অহুকাণে-পহুকাণে শুনা এজন বিখ্যাত লোকৰ ভোজন-বিলাসৰ
কাহিনী ৷ ‘সাগৰ দেখিছা’খ্যাত কবি দেৱকান্ত বৰুৱা যেতিয়া অখিল ভাৰতীয়
কংগ্ৰছ দলৰ সভাপতি আছিল তেতিয়াৰ কথা – দিল্লীৰ পৰা নগাওঁলৈ আহি বাহৰ
পাতিলেই অসমত থকা পালি-পহৰীয়াৰ মাজত হৈ-চৈ লাগি গৈছিল ৷ সময়ে-অসময়ে
দূৰ-দূৰণিলৈ গাড়ী চেকুৰুৱা হৈছিল য’ৰ পৰা হলেও দুবিধ খাদ্য-সামগ্ৰী
সংগ্ৰহ কৰিবলৈ ৷ সেই দুবিধ আছিল ঢেঁকীয়া শাক আৰু পুঠিমাছ ! গতিকেই
বিখ্যাত অসমীয়া লোকৰো অতি প্ৰিয় খাদ্য হ’ল ঢেঁকীয়া ৷
অসমীয়া মানুহে কেতিয়াৰ পৰা ঢেঁকীয়াক খাদ্য হিচাপে গ্ৰহণ কৰি আহিছে সেয়া
সঠিককৈ ক’ব নোৱাৰিলেও ‘কথাগুৰু চৰিত’ত পোৱা তথ্যমতে, ১৫ শতিকাৰ মাজ ভাগত
মহাপুৰুষ মহাপুৰুষ শংকৰদেৱৰ শিষ্য মাধৱদেৱে ৰাজৰোষত পৰি বন্দী হৈছিল ৷
মাধৱদেৱে বন্দীশালৰ ওলাই আহি, যোৰহাটৰ ওচৰৰ এখন গাঁৱত এটি ভগা পজাঁত থকা
এহাল বুঢ়া-বুঢ়ীৰ ঘৰত দুখে-ভাগৰে আশ্ৰয় লৈছিল ৷ গৃহিণী বৃদ্ধাগৰাকীয়ে
নিশাৰ অতিথিক আপ্যায়ন কৰে ঢেঁকীয়াৰ আঞ্জাৰে ৷ গুৰুজনাই ভোজন কৰা সেই
ঠাইতে বন্তি প্ৰজ্বলন কৰি নামঘৰ স্থাপন কৰা হয়। তেতিয়াৰ পৰাই এই
নামঘৰটোৰ লগতে অঞ্চলটোৰ নাম ঢেঁকীয়াখোৱা হয়। মহাপুৰুষ মাধৱদেৱে
প্ৰজ্বলিত কৰা সেই বন্তি গছি ধৰ্মপ্ৰাণ ৰাইজে এতিয়াও প্ৰায় ৫০০বছৰ ধৰি
একেৰাহে জ্বলাই ৰাখিছে – যাক ‘এছিয়া বুক অফ ৰেকৰ্ডছ ‘ আৰু ‘ইণ্ডিয়া বুক
অফ ৰেকৰ্ডছ’-এ “দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি” বুলি স্বীকৃতি
প্ৰদান কৰিছে। গতিকে ইতিহাস আৰু জনশ্ৰুতিৰ আধাৰত এই কথা ক’ব পাৰি যে ১৫
শতিকাৰ বহু আগতেই অসমৰ মানুহে ঢেঁকীয়াৰ খাদ্যগুণৰ কথা জানিব পাৰিছিল।
ঢেঁকীয়াৰ বিষয়ে অনুসন্ধান কৰোতে পোনতে চকুত পৰিল ‘বিকাশপেডিয়া’ত প্ৰকাশিত
তিনিটি সুন্দৰ লিখনি ৷ তাত প্ৰকাশিত তথ্যমতে ১৯৯৭ চনত গুৱাহাটী
বিশ্ববিদ্যালয়ৰ জৈৱ-প্ৰযুক্তি বিভাগৰ মূৰব্বী অধ্যাপক এ. কে. সন্দিকৈৰ
তত্ত্বাৱধানত এটা দলে অসমৰ ৫০ বিধ বনৰীয়া আৰু খেতিত হোৱা থলুৱা শাকৰ
খাদ্যমূল্য সম্পৰ্কে অধ্যয়ন কৰিছিল। এই অধ্যয়নত পোৱা তথ্য অনুসৰি আামাৰ
চিনাকি ঢেঁকীয়াত ৩৩.৩৭ শতাংশ, খুতুৰা শাকত ২৯.৪৫ শতাংশ, পালেং শাকত ২৫.৩
শতাংশ, মধুসোলেঙত ২১.৮৩ শতাংশ, পূৰ্ণনৱাত ১৯.৯৬ শতাংশ, কলমৌত ১৮.৩৮
শতাংশ, মাটিকান্দুৰিত ১৮.১৮ শতাংশ আৰু বন্ধা কবিত ১২.২ শতাংশ প্ৰটিন
থাকে। পুষ্টিগুণৰ পৰা ঢেঁকীয়াতকৈ বেছি প্ৰটিন থকা উদ্ভিদ প্ৰজাতি হ’ল
ছয়াবিন – ইয়াৰ গুটিত ৪৩.২ শতাংশ প্ৰটিন থাকে। তুলনামূলকভাবে মুৰ্গীৰ
মাংসত প্ৰটিন থাকে ২৫.৯ শতাংশ, গাহৰিৰ মাংসত থাকে ১৮.৭ শতাংশ। গতিকে সুলভ
মূল্যত বছৰটোৰ ৯/১০মাহেই উপলব্ধ ঢেঁকীয়া শাকৰ বৈজ্ঞানিক বিশ্লেষণ এটি
আগবঢ়োৱাই হ’ল মোৰ আজিৰ এই লিখনিৰ মূল উদ্দেশ্য ৷ লগতে মই চেষ্টা কৰিম
যাতে কিছুমান লোকৰ মনৰ পৰা ঢেঁকীয়া বিষয়ে থকা ভ্ৰান্ত ধাৰণা সমূহ আঁতৰ হয়
৷ প্ৰচলিত ভুল ধাৰণা কিছুমান হ’ল এই বনৰীয়া শাক ঢেঁকীয়াই কৰ্কট ৰোগ কৰিব
পাৰে ৷ ঢেঁকীয়া খালে সহজে ফুড পইজনিং হয় ৷ হৃদৰোগ আৰু ব্লাডপ্ৰেচাৰ বাঢ়ে
৷ ঢেঁকীয়া খোৱা মানুহৰ পুৰণি ৰোগ উক দিয়ে আদি ৷
এতিয়া পাঠকসকলক পূবৰ পৰা পশ্চিমৰ দেশলৈ লৈ যাব খুজিছোঁ ৷ কানাডাৰ এখনি
সৰু নগৰৰ নাম হ’ল নিউ ব্ৰুন্সৱিক (New Brunswick) – যি এটা সময়ত খ্যাতি
লাভ কৰিলে ‘বিশ্বৰ ঢেঁকীয়া শাকৰ ৰাজধানী’ বুলি ৷ অনুমানিক ১৭শতিকাৰ পৰা
কানাডাৰ বাসিন্দাসকলে ঢেঁকীয়াৰ সৈতে পৰিচিত হোৱাৰ পৰা খাদ্য হিচাবে
বিস্তাৰিতভাবে ইয়াক গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে ৷ এটা সময়ত চাহিদা পূৰণ
কৰিবলৈ প্ৰকৃতিত স্বাভাৱিকভাবে গজা ঢেঁকীয়াৰ ওপৰিও তেওঁলোকে
ব্যৱসায়িকভাবে ইয়াৰ খেতি কৰিবলৈ আৰম্ভ কৰিলে ৷ তৎকালিকভাবে বিভিন্ন
ধৰণেৰে ঢেঁকীয়া ৰান্ধি খোৱাৰ ওপৰিও দীৰ্ঘদিনৰ বাবে সংৰক্ষণ কৰাৰ ন ন
পদ্ধতি উদ্ভাৱন কৰিবলৈও সক্ষম হ’ল ৷
ভাৰতবৰ্ষৰ আৰু নেপালৰ হিমালয়ৰ পাদদেশৰ অঞ্চলসমূহৰ ওপৰিও ঢেঁকীয়া শাক
উত্তৰ আমেৰিকা, থাইলেণ্ড, মালয়েছিয়া, ছিংগাপুৰ, জাপান, কোৰিয়া, টাইৱান,
চীন, ম্যানমাৰ, ফিলিপাইনছ, লাওচ, ভিয়েটনাম, কম্বোডিয়া,
ইণ্ডোনেছিয়া,ৰাচিয়া, ইউৰোপৰ কিয়দাংশ আৰু অষ্ট্রেলিয়া আদি দেশত মানুহে
খাদ্যত ব্যৱহাৰ কৰে ৷
ঢেঁকীয়া শাকৰ বৰ্ণনা : ঢেঁকীয়া এবিধ শাক জাতীয় বনৰীয়া উদ্ভিদ। বিজ্ঞানী
সকলৰ মতে পৃথিৱীত প্ৰায় দহহাজাৰ ঢেঁকীয়াবৰ্গৰ প্ৰজাতি আছে। ভাৰতবৰ্ষৰ
বিভিন্ন জনগোষ্ঠীয়ে ইয়াৰে প্ৰায় ২১ বিধ ঢেঁকীয়া প্ৰজাতিক খাদ্য হিচাপে
ব্যৱহাৰ কৰে। আমাৰ উত্তৰ পূৰ্বাঞ্চলত অন্তত: ৫টা প্ৰজাতিৰ ঢেঁকীয়া দেখা
যায় ৷ ঢেঁকীয়াৰ পাতবোৰ দেখিবলৈ বিহলঙনীৰ দৰেই, কিন্তু ঢেঁকীয়াৰ পাতবোৰ
শুং নথকা আৰু মিহি ৷ মাজ ভাগৰ পৰা এডাল দীঘল থোৰ ওলায় আৰু আগটো কেঁকুৰা ৷
প্ৰজাতিভেদে পাতৰ আকৃতি আৰু প্ৰকৃতিত তাৰতম্য দেখা যায় ৷ ঢেঁকীয়া এপ্ৰিল
মাহৰ পৰা অক্টোৱৰ মাহলৈকে পৰ্য্যাপ্ত পৰিমাণে পোৱা যায় ৷ চ’ত মাহৰ প্ৰথম
বৰষুণ কেইজাক পোৱাৰ পিছৰে পৰা ঢেঁকীয়াৰ কোমল কুঁহি পাত ওলাবলৈ আৰম্ভ কৰে
আৰু গোটেই বাৰিষা কাল ছোৱাত ইয়াৰ গছত একেৰাহে থোৰ ওলাই থাকে। এজোপা গছৰ
পৰা প্ৰতি তিনি-চাৰি দিনৰ মূৰে মূৰে নতুন কোমল থুঁৰি ছিঙিব পৰা হয়। এইবিধ
শাক নদীৰ পাৰত, পথৰ দাঁতিত আৰু বাৰীৰ আশে পাশে ওখ জিপাল মাটিত লহপহকৈ
নিজে নিজে গজি উঠা দেখা যায় ৷ গতিকে আমি কিনা ঢেকীয়া শাক সদায় সকলো ধৰণৰ
ৰাসায়নিক সাৰৰ প্ৰভাৱৰ পৰা সৰ্বথা মুক্ত ৷ অন্য শাক-পাচলিৰ খেতিত যথেষ্ট
যত্ন কৰিব লগীয়া হ’লেও ঢেঁকীয়াত কষ্ট কৰিব লগীয়া একো নাথাকে।
ঢেঁকীয়াজাতীয় উদ্ভিদ প্ৰজাতিসমূহ হ’ল নিম্নবৰ্গৰ অপুষ্পক উদ্ভিদ ৷
ঢেঁকীয়া গছত ফুল নুফুলে ৷
ইংৰাজী নাম : Fiddlehead ferns
ব’টানিকেল নাম : Diplazium escullentum
আন আন অঞ্চলত ইয়াৰ পৰিচয় :
• বঙালী ভাষাত ঢেকিৰ শাক, ঢেকি,পালই
• কাৰ্বি ভাষাত ডুমকেক, ডুনকেক,ডুংকেক
• ডিমাছাত দাওনহলাই
• টাই ভাষাত ফাক কুত
• নেপালীত নিয়ুৰো
• চিক্কিমত নিয়ুৰো
• জম্মু-কাশ্মীৰত কসৰোড
• হিমাচল প্ৰদেশত লিংগিৰি
• উত্তৰাখণ্ডত লিংগুডা
• মালেয়শিয়াত পুচুক পাকু
• ফিলিপাইনচত পাকু
• থাইলেণ্ডত ফাক কুত
• জাপানত ৱাৰাবী
• কোৰিয়াত গোচাৰি
• চীন আৰু টাইৱানত জ্যুকাই
ঢেঁকীয়া কি দৰে খায় ? শুকান ভাজি বনাই, আন পাচলিৰ সৈতে আঞ্জা বনাই, চাহৰ
দৰে,চালাদ কৰি, আচাৰ বনাই ঢেঁকীয়া খোৱা যায় ৷
থোৰতে কবলৈ হলে অসমীয়া ৰান্ধনীয়ে চৰুত ৰন্ধা মাছ,ঔটেঙা,ঢেঁকীয়া আাদিৰ
নানাবিধ সুস্বাদু ব্যঞ্জনে যিকোনো ব্যক্তিৰে মন পৰিতৃপ্ত কৰি তুলিব পাৰে

সতৰ্কতা : সিজোৱাৰ আগতে ঢেঁকীয়া শাক কেইবাবাৰো ভালকৈ ঘঁহি ঘঁহি ধুব লাগে
৷ ভালদৰে নোধোলে আৰু আধা সিজাকৈ খালে ওকালি, বমি, পেটৰ বিষ, হাগনি, জ্বৰ
আদি উপসৰ্গ দেখা দিব পাৰে ৷
ঢেঁকীয়াত কি কি লাগতিয়াল তত্ব থাকে ? উৰ্জা ১০০গ্ৰাম ঢেকীয়াত ৩৫কেলৰি ৷
কাৰ্বোহাইড্ৰেট – ৪শতাংশ, প্ৰটিন-৮শতাংশ, ফেট-২শতাংশ,কলেষ্টৰল ০,
ভিটামিন-এ,ভিটামিন-বি (গোট),ভিটামিন-চ
ি ; চডিয়াম ১শতাংশৰো কম, পটাচিয়াম ৮শতাংশ; মিনাৰেল কেলচিয়াম ৩শতাংশ,
ক’পাৰ ৩৫শতাংশ,আইৰণ ১৬শতাংশ, মেগনেচিয়াম ৮-৫শতাংশ, মেংগানিজ ২২শতাংশ,জিংক
৭-৫শতাংশ আৰু চেলেনিয়াম ১শতাংশ ৷ আৰু আছে বিটা-কেৰটিন, এন্টিঅক্সিডেন্ট,
অমেগা-৩,অমেগা-৬ আৰু লাগতিয়াল ফেটি এচিড ৷
ঢেঁকীয়াৰ উপযোগিতা :
লিভাৰৰ অসুখত উপযোগী – নানান কাৰণত দেখা দিয়া জণ্ডিচ, লিভাৰৰ চিৰচিচ,
টিউমাৰ, ভাইৰাচজনিত ৰোগত ব্যৱহৃত৷
পাক প্ৰণালীত – ৰুচি বঢ়ায়, শৌচ-কচা আঁতৰায় ৷
ফিটা পেলুৰ চিকিৎসাত প্ৰমাণিত৷
ডায়েবেটিজৰ উপযোগী শাক ৷
দৃষ্টিশক্তিৰ উন্নতি সাধে ৷
উচ্চ ৰক্তচাপ কমোৱাত পটেচিয়ামে ভূমিকা লয় ৷
কেঞ্চাৰ- হাওঁফাওঁৰ, বক্ষ আৰু মুখৰ,ছালৰ কৰ্কটৰোগ ৷
মহিলাৰ স্তনৰ ৰোগ – প্ৰসৱৰ পিছত হোৱা স্তনৰ বিষ, স্তনাগ্ৰ ফাটি যোৱাত
ঢেঁকীয়াৰ শিপাৰে চিকিৎসা দিয়া হয় ৷ ঢেঁকীয়া খালে মাতৃদুগ্ধৰ উন্নতি ঘটে ৷
বক্ষৰোগ,কাঁহ – শ্বাসজনিত ৰোগৰউপশম হয় ৷
ঢেঁকীয়া শাকৰ বাতনাশক গুণ আছে ৷
শক্তিবৰ্ধক আৰু যৌনদূৰ্বলতা আঁতৰ কৰাত সহায়ক ৷
ঢেঁকীয়াৰ শিপাৰ গুড়িৰ পাউদাৰ লগালে ঘা শুকায় ৷
ঢেঁকীয়া শাকৰ বিকিৰণ ৰোধক গুণ (Ant radiation power )আছে বুলি চিনাক্ত হৈছে ৷
অতি সুলভ মূল্যত উপলব্ধ উচ্চমানৰ প্ৰটিন ভিটামিনযুক্ত অনেক গুণকাৰী
স্বাদিষ্ট খাদ্য ৷
অসমীয়া সাহিত্য,লোকগীত আৰু জনজীৱনত ঢেঁকীয়াৰ প্ৰাদূৰ্ভাৱ :
“প্ৰবাসী অসমীয়া এজনে যেতিয়া ঔটেঙাৰে ৰন্ধা ঢেঁকীয়া আৰু গৰৈমাছৰ
পিটিকাৰে বহু দিনৰ মূৰত এসাঁজ খাবলৈ পায়, তেতিয়া তেওঁ কেৱল অন্যান্য
খাদ্যৰ দৰে সোৱাদেই পায়, নে এক অনাবিল আত্মিক তৃপ্তিও লাভ কৰে”?
দুবছৰমান আগতে ‘প্ৰকাশ’ আলোচনীত ডা০ ধ্ৰুৱজ্যোতি বৰাৰ ‘শিপা ক’ত?’ বোলা
ৰচনা এখনত এইদৰে ঢেঁকীয়াৰ বৰ্ণনা পঢ়িবলৈ পোৱা গৈছিল ৷
আন এজন বিশিষ্টলোকে কৈছিল – “ঢেঁকীয়া আমাৰ সামাজিক আৰু সাংস্কৃতিক
পৰম্পৰাৰো অঙ্গ। নতুন প্ৰজন্মৰ বহুতেই হয়তো অৱগত নহয় যে, ঢেঁকীয়া, মাগুৰ
মাছ আৰু ঔ টেঙাৰ ব্যঞ্জনে যিকোনো ব্যক্তিৰ জিভাৰ পানী উলিয়াব পাৰে “।
কচুটেঙা ঢেঁকীয়া বিলাহী বেঙেনা জুতি লগাই খাবা-বিহুগীতত এইদৰে উল্লেখ আছে ৷
মোখনিত মই এই যোজনাটোকে গালোঁ :
ঔ টেঙা ঢেঁকীয়া শাক, জিভাৰ পানী পৰি থাক !
*****

অসমৰ হাবিৰ বনৰীয়া ঔষধি গছ – ঔটেঙা
———

অসমীয়া মানুহৰ মাজত ঔটেঙা আৰু ঔকিল নিচিনা লোক কমহে ওলাব ৷ সঘনাই চেনেলবিলাকত হকে-বিহকে নানা সন্দেহত বিভিন্নজনক আইন হাতত তুলি লোৱা জনতাই ঔকিল সোধাই থকাৰ দূশ্য আজিকালি বৰ সুলভ ৷ পিছে আজিৰ প্ৰজন্মই বনৰীয়া, গাঁৱলীয়া খাদ্য বুলি ভবা ঔটেঙাৰ উপকাৰিতাৰ বিষয়ে দুই এটা কথা জানেনে তাত সন্দেহ আছে ৷ গোটেই বিশ্বই এটা কথা জানে দক্ষিণ পূৱ এচিয়াৰ দেশসমূহৰ ভিতৰৰ অসমৰ বিভিন্ন বনাঞ্চলত ঔটেঙাৰ গছ আটাইতকৈ বেছিকৈ আছে ৷ ঘাইকৈ বনৰীয়া হাতীৰ এবিধ প্ৰিয় খাদ্য হোৱা বাবে ইয়াৰ ইংৰাজী নাম হাতী-আপেল বা হাতী-ফল ৷ এজন পাঠকে জনোৱামতে হাতীয়ে ঔটেঙাটো নভঙাকৈয়ে ভিতৰৰ বীজটো উলিয়াই খাব পাৰে হেনো আৰু ইংৰাজসকলে সেই বাবেই ইয়াক Elephant apple হিচাবে নামাকৰণ কৰিছিল । বড়োসকলে কয় ঠাইগৰ, কাৰ্বি সকলে কয় পিমপ্লান, ডিমাচাত থাইডি, মিচিং ভাষাত চম্ পা, টিৱাসকলে কয় অ’ৰো আৰু বিষ্ণুপুৰীয়া মণিপুৰীসকলে কয় হেইকিৰী ৷ ইয়াৰ বাহিৰে আন আন ভাষাত ঔটেঙাৰ সমশব্দ হ’ল – নেপালী (পাঁচপানে, পাঁচ ফল,পঞ্চ কুলে, ৰামফল, থুলো তাতৰী),বাংলা (চালতা), টাই (মাক্ ছান্), হিন্দী (চলতা, কৰমবেল), ওৰিয়া (উহুবা), কানাড়া (বেটকানাগালু ),মালয়ালম (ভালাপুন্না), তেলেগু (উভ্ভা), তামিল (উভয়),আৰু সংস্কৃত (আভাৰ্টাকি) ৷ ঔটেঙাৰ ব’টানিকেল নাম হ’ল – Dillenia indica ৷
ঔটেঙা গছৰ প্ৰাপ্তিস্থান : – ভাৰতৰ অসমৰ বিভিন্ন সংৰক্ষিত বনাঞ্চল (ঘাইকৈ বাক্সা, ডিগবৈ, ডুমডুমা, বুঢ়ীদিহিং, কাকজান, বগাপানী আদিত), অৰুণাচল আৰু পশ্চিমবংগৰ উপৰিও কম পৰিমানে উৰিষ্যা, বিহাৰ,মধ্য প্ৰদেশ,অন্ধ্ৰ প্ৰদেশ,তেলেংগানা আৰু কৰ্ণাটকৰ অৰণ্যতো ঔটেঙাৰ গছ পোৱা যায় ৷ বাংলাদেশত, শ্ৰীলংকাত, থাইলেণ্ডত, ভিয়েটনামত ,মালয়েছিয়াত, ইণ্ডোনেচিয়া, চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলত আৰু অষ্ট্ৰেলিয়াৰো বনাঞ্চলত ঔটেঙাৰ গছ দেখা গৈছে ৷
গছৰ বৰ্ণনা : – ঔটেঙা হ’ল চিৰসেউজ উদ্ভিদ ৷ গছৰ উচ্চতা ১৫মিটাৰ বা তাতোকৈ ওখ হয় ৷ পাতবিলাক ১৫ৰ পৰা ৩৬চেন্টিমিটাৰ দীঘল,পাতবিলাক খহতা আৰু আঁচবিলাক স্পষ্টকৈ বহা অৰ্থাৎপাতখিলাৰ শিৰাবিন্যাসৰ বিশেষত্ব চকুত লগা ৷ পাতখিলা আলুৰ চিপচৰ দৰে পাতল ৷ গছত ১৫/২০চেন্টিমিটাৰ ব্যাসৰ বগা ফুল জুন মাহৰ পৰা এমাহ মানলৈ ফুলে ৷ ঔটেঙাৰ গছত অক্টোবৰৰ পৰা জানুৱাৰীলৈ ঘূৰণীয়া ৫/১০ চেন্টিমিটাৰ ব্যাসৰ ফল লাগে ৷ আৰম্ভণিতে সেউজীয়া হৈ লগা ফল পূৰঠ হৈ পকিলে হালধীয়া বৰণ লয় ৷ পূৰঠ ঔটেঙাৰ পৰা ওলোৱা নিৰ্দিষ্ট গোন্ধ বহুতৰ প্ৰিয় ৷ ফল পোন্ধৰটা পাহিৰ সমষ্টি ৷ ইয়াৰ ভিতৰত ৫টা গুটি থাকে ৷ ঔটেঙাৰ গুটিটো বিজলুৱা ৷ তলসৰা এই গুটিৰ পৰাই নতুন পুলি গজে ৷ হাতীৰ ওপৰিও বান্দৰ, হৰিণা পহু আৰু কেৰ্কেটুৱাই ঔটেঙা ভক্ষণ কৰে ৷
ইয়াত থকা লাগতিয়াল তত্বসমূহ কি কি ? : -১০০গ্ৰাম ঔটেঙাৰ ফলৰ খাদ্যমূল্য এনেধৰণৰ – কেলৰি :৫৯কিলো কেলৰি, ৮ শতাংশ প্ৰ’টিন, ২-৫ শতাংশ ফাইবাৰ, ৩-৫ শতাংশ ছাই, ১৬ মিলিগ্ৰাম কেলচিয়াম, ২৬ মিলিগ্ৰাম ফচফৰাচ, ৪ মিলিগ্ৰাম ভিটামিন-চি ৷ ইয়াৰ উপৰিও থাকে ভিটামিন-বি, থায়ামিন, ৰাইবোফ্লেভিন আৰু বিটা-কেৰ’টিন ৷
ঔটেঙা কেনেকৈ ব্যৱহৃত হয় ? : -অসমীয়া মানুহে ঔটেঙাৰ মাছৰ আঞ্জা, দাইলত দি, অম্বল বনাই, চৰবত, আচাৰ আৰু চাটনি কৰি খায় ভাল পায় ৷ আন বহুতে জাম,জেলি আদি বনায় ৷ অসমীয়া ৰান্ধনীসকলে ঔটেঙাৰ নানাবিধ জুতিলগা ব্যঞ্জন বনায় ৷ তাৰ কিছুমান হ’ল : – মাটিদাইলৰ লগত ঔটেঙাৰ আঞ্জা, মচুৰ দাইল + ঔটেঙা + ঢেঁকীয়াশাকৰ আঞ্জা, খুতুৰা + কচু আৰু মাছৰ আঞ্জা, কুমলীয়া ঔটেঙাৰ কলিৰ চৰ্চৰি ভাজি, ভাতত সিদ্ধ কৰা ঔটেঙাৰ পিতিকা আদি ৷ বহুতে ঔটেঙা সৰুসৰুকৈ কুটি নিমখ লগাই ৰ’দত শুকুৱাই সাঁচি থয় ৷ কেঁচা ঔটেঙা ফ্ৰিজত এমাহলৈ সংৰক্ষণ কৰিব পাৰি ৷
অসমীয়া জনজীৱনত অতীজৰে পৰা ঔটেঙাই বিশিষ্ট স্থান লাভ কৰি আহিছে ৷ অলপতে মুক্তিপোৱা ‘কথা নদী’ বোলছবিখনতো ঔটেঙাই দৰ্শকৰ বিশেষ দূষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে ৷
এতিয়া পাঠকসকলে অসমীয়া ভাষা শুৱনি কৰা এইকেইটিমান ঔ-মিঠা বাক্য পঢ়কচোন : –
“ঔফুলীয়া হাঁহি”!
“আঞ্জাৰ সোৱাদ ঔ; মাতৰ সোৱাদ বৌ” !
” ঔটেঙা ঢেকীয়া শাক, জিভাৰ পানী পৰি থাক ” !
“ঔৰে গছতে মৌৱে বাহ ল’লে ককাই পাৰি দে খাওঁ”!
ঔটেঙাৰ উপযোগী গুণসমূহ : -কেইবাখনো আন্ত:ৰাষ্ট্ৰীয় শোধপত্ৰত প্ৰকাশ পোৱা তথ্য মতে ঔটেঙাৰ অন্তৰ্নিহিত গুণৰ ভিতৰত উল্লেখযোগ্য হ’ল-
১- ডায়েবটিজৰ নিয়ন্ত্ৰণত সহায়ক – ইতিমধ্যে বজাৰত ঔটেঙাৰ পাউদাৰ এই উদ্দেশ্যে উপলব্ধ হৈছে বুলি জনা গৈছে ৷
২- বীজানুনাশক গুণযুক্ত – এন্টিচেপ্টিক আৰু এণ্টিভাইৰেল গুণযুক্ত বাবে অসমীয়া লোকবিশ্বাসমতে ঔটেঙা আৰু ইয়াৰ পাত শোৱনি কোঠাৰ বিচনাৰ তলত দি থোৱা হয় যাতে বসন্ত বা আন সংক্ৰামক ব্যাধি নিয়ন্ত্ৰণত থাকে ৷
৩- লিউকেমিয়াৰ দৰে গুৰুতৰ ৰোগ নিয়ন্ত্ৰণৰ ক্ষমতাযুক্ত ৷
৪- কীটনাশক গুণ : ঔটেঙাৰৰ পাত বা পাহি চতিয়াই থলে ধানৰ ভঁৰালত কীট-পতংগ নহয় আৰু এন্দুৰ, নিগনি আঁতৰ হয় ৷
খাদ্যৰ বাহিৰে আন সচৰাচৰ কিছুমান ব্যৱহাৰ তলত উল্লেখ কৰিলোঁ –
আয়ুৰ্বেদৰ মতে পেটৰ বিষ, ডায়েৰিয়া, ভাগৰ, স্নায়বিক দুৰ্বলতা জনিত ৰোগৰ চিকিৎসাত প্ৰয়োগ হয় ৷
চুলি সৰা, উফিৰ বাবে ঔটেঙাৰ বীজেৰে মূৰ ধোলে আৰোগ্য হয় ৷ চাবোনৰ পৰিবৰ্তে ঔটেঙাৰ বীজ ব্যৱহাৰ কৰিব পাৰি ৷
ঔগছৰ ডাল আৰু ঠাল-ঠেঙুলিৰ ভাল খৰি হয় ৷
ঔটেঙাৰ পাতেৰে উত্তৰ প্ৰদেশ,বিহাৰ আদি ঠাইৰ লোকে বিড়ী নুৰিওৰাত প্ৰয়োগ কৰে ৷
উপসংহাৰ : – প্ৰাণীজগতক প্ৰকৃতিয়ে দিয়া এই গছৰ গুণৰ ওপৰত বিস্তাৰত অনুসন্ধান বৈজ্ঞানিক প্ৰয়োগশালাত চলি আছে ৷ নৰসিংহ, ভেদাইলতা, মহানিম আদিৰ দৰে ঔটেঙাৰ বিষয়েও আমাৰ বহুতৰ ধাৰণা আছে যে উচ্চ ৰক্তচাপ থকালোকে ঔটেঙা খোৱা অহিতকাৰী ৷ কিন্তু মই এই বিষয়ে বহু অনুসন্ধান কৰিও ঔটেঙাৰ বিৰুদ্ধে একো বিৰূপ তথ্য নাপালোঁ ৷ এতিয়ালৈকে উপলব্ধ মেডিকেল তথ্য মতে ঔটেঙা খোৱাৰ আন কোনো অপকাৰিতাৰ কোনো বৰ্ণনা আমাৰ ক’তো চকুত পৰা নাই ৷ প্ৰবাসী জীৱন কটোৱাৰ পৰা মধ্য প্ৰাচ্যৰ দেশসমূহৰ চুপাৰমাৰ্কেটৰ পৰাই শাক পাচলি আৰু ফলমূল কিনি আহিছোঁ ৷ ইয়াৰ বিপণীবিলাকত বিশ্বৰ বিভিন্ন দেশৰ খাদ্য সামগ্ৰীয়েই পোৱা যায় – আনকি কচুথুৰি আহে বাংলাদেশৰ পৰা,কলডিল আৰু পচলা আহে কেৰেলাৰ পৰা, লেতেকু আহে থাইলেণ্ডৰ পৰা, কণবিলাহী আহে অষ্ট্ৰেলিয়াৰ পৰা, মাটিকান্দুৰি আৰু কলমৌ আহে শ্ৰীলংকাৰ পৰা ৷ নোপোৱা অসমীয়া দুষ্প্ৰাপ্য সম্পদকেইটি হ’ল- ঢেঁকীয়া, বেতগাজ আৰু ঔটেঙা !
সাধাৰণতে ঔটেঙাৰ গছ মানুহে বাৰীত নোৰুৱে ৷ ইয়াৰ কাৰণ হয়তো ঔটেঙা খাবলৈ বনৰীয়া হাতী,বান্দৰ আদি আহিলে গিৰিহঁতৰ অহিত হোৱাৰ সম্ভাৱনা থাকে বাবেই ৷ আনহাতে আমোদজনক ভাবে ঔৰ গছত ভূতে বাহ লয় বুলি একাংশ বঙালী লোকৰ ধাৰণা ৷
গুৱাহাটীকে ধৰি অসমৰ প্ৰমুখ নগৰসমূহৰ বজাৰত একোটা ঔটেঙাৰ দাম দহটকা বা ততোধিক, অৱশ্যে গ্ৰামাঞ্চলত ই সুলভ মূল্যত পোৱা যায় ৷ ইয়াৰ উপকাৰিতাৰ বিষয়ে অৱগত হোৱাৰ পিছত অসমৰ ৰাইজে ইয়াৰ ব্যৱসায়িক দিশটোলৈ চকু দিলে ভাল হয় ৷
দুই তিনিদিনৰ আগতে অসমৰ এজন যুৱকে (নামটো মনলৈ অহা নাই) মোক ঔৰ বিষয় লিখিবলৈ অনুৰোধ কৰাত খৰখেদাকৈ এই লিখনিটো যুগুতাইছিলোঁ ৷ জৈৱিক চাহৰ খেতি কৰা সেই যুৱকজনে এই লেখাটো পঢ়িলেনে নাই, মই গম পোৱা নাই ৷ তেওঁৰ ব্যৱসায়ত ঔটেঙাৰ সংযোজন ঘটাব বুলি মই আশা কৰিলোঁ ৷

********

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.