কাংক্ষিত জোনাক (-জয়শ্ৰী এম. গগৈ)

কাংক্ষিত জোনাক (-জয়শ্ৰী এম. গগৈ)

কাংক্ষিত জোনাক (-জয়শ্ৰী এম. গগৈ)

by December 1, 2016 0 comments

প্ৰস্তাৱনা : সেই সোঁৱৰণি

———————–

 

“তুমি মোৰ জীৱনৰ শুভংকৰ

মোৰ তেজ , দেহা , উশাহ

মোৰ শত জনমৰ নিৰ্মালি

ভগৱানে তোমাক ,মোক দিছে !!

: তুমি কি ভাল পোৱা ?

তাই তেওঁলৈ চাই সুধিছিল

তেওঁ কৈছিল মানুহক ভালপোৱাৰ কথা ! জীৱনটোক ভালপোৱাৰ কথা। গান , চিনেমা , কিতাপ আৰু সেউজীয়া পৃথিৱী খনত সমাহিত সকলো ৰঙৰ কথা।

: আৰু ?

: আৰু তোমাক ভালপাওঁ। এই সকলো বোৰতকৈ বেছি।

আস্ !

হয়তো এই মুহূৰ্তলৈকে তাইৰ জীৱনৰ শ্ৰেষ্ঠতম প্ৰাপ্তি এয়া।

__________________________________

 

বুকুৰ ভিতৰত এজাক বিৰাট ধুমুহা কঢ়িয়াই লৈ ফুৰে এই মানুজনে। অথচ তাইৰ ওচৰত তেওঁ অকল্পনীয় ভাৱে শান্ত সৌম্য হৈ পৰে। নীৰৱ , নিস্তব্ধ ! তেওঁৰ সেই নীৰৱতাক তাই বুজি পায় , অনুভৱ কৰে। অনুভৱ কৰে ; বুকুৰ ভিতৰত বাৰুদৰ বাহ কঢ়িয়াই লৈ ফুৰা নীৰৱতাক ঠিক নীৰৱতা বুলি কব নোৱাৰি। মানিব নোৱাৰি। ধুমুহাৰ পিছৰ নীৰৱতা খিনিৰ দৰে ! তাইৰ তেনে লাগে। পঁজা ভাঙি যোৱা ধুমুহাৰ পিছত সেয়া যেন কাৰোবাৰ শীতল উশাহ – নিশাহ। প্ৰায় নীৰৱ নিস্তব্ধ , য’ত থাকে চিন্তাৰ অযুত – নিযুত ঢৌ।

কেতিয়াবা আকৌ তাইৰ খেলিমেলি লাগে। মনৰ কোনোবাখিনিত এটা চিন্তাই এঙামুৰি কাঢ়ে !

পুৰুষো এনেকুৱা হ’ব পাৰে নে ? ইমান বিশাল মনৰ ! ইমান কোমল , ইমান স্পৰ্শকাতৰ !!!

নাই , তাইৰ আগেয়ে দেখা মনত নপৰে।

ক্ষন্তেকৰ বাবে তাইৰ মনে উভটি দৌৰ মাৰে। এৰি অহা দিনৰ পিছ লয় আৰু বিচাৰি ফুৰে। কোনোবা কৰবাত থাকি গ’ল নেকি বাৰু ? তাই বিচাৰে। ওঁহো ! নাই তাইৰ মনত নপৰে।

তেওঁ আহিলে , তাই সাঁচি থোৱা সামগ্ৰী কেইপদ উলিয়াই দিয়ে। এটা সৰু ৰেকৰ্ডাৰ , কেমেৰাটো , কেইখনমান লেন্স আৰু দুটামান পেন দ্ৰাইভ। তাই অবাক হৈ লক্ষ্য কৰে , যেন পাহাৰ তলিত থিয় হৈ কোনোবাই শৃংগলৈ মূৰ তুলি চাইছে। বিশালতাত ডুব গৈছে ! মুগ্ধ হৈছে।

প্ৰথমবাৰ সামগ্ৰী কেইপদ থবলৈ দি যোৱাৰ পাছত তাই ভয়ে ভয়ে চাইছিল , শুনিছিল ৰেকৰ্ডাৰটোৰ পৰা ভাঁহি আহিছিল বোঁৱটি নৈৰ প্ৰাচীন বেলাড , অৰণ্যৰ দুপৰীয়া চিঁ চিঁ কৈ থকা শব্দ , অচিন চৰাইৰ পাখিৰ ঢপঢপনি , শুকান পাতৰ কামিহাড় ভঙা শব্দ , খোজৰ অহংকাৰ।

ক্ষন্তেকৰ বাবে আমাৰ অৱচেতন মনৰ তলিত জিৰণি লোৱা স্পৰ্শকাতৰতাক জোকাৰি দিব পাৰে এই শব্দবোৰে। নজনা , নুশুনা অথচ চিনাকি পৃথিৱীৰ মাত।

পেন দ্ৰাইভ কেইটাত ? আস্ ! কত সপোনৰ প্ৰস্তাৱনা , ব্যাখ্যা।

কেমেৰাটো ভৰি থাকে ৰঙেৰে। পৃথিৱীৰ ৰঙেৰে। ছাঁ – পোহৰত গা ধুই থকা ঢেকীয়াৰ প্ৰাৰ্থনা , প্ৰাচীন শিলৰ গাত জিলিকি থকা ঘাঁ বোৰ। লুকাই লুকাই কাপোৰ সলোৱা উঠন বুকুৰ পাহাৰ বোৰ লতা নাইবা পখিলা। কিনো নাথাকে ?

তাই সেইবোৰ চালেই উতলি থকা সপোনৰ গোন্ধ পায়। তেওঁৰ মনৰ গোন্ধত তাই চক্ খাই উঠে। তেওঁ এৰি থৈ যোৱা সেই কিতাপ কেইখন ?

গড অৱ স্মল থিংকছ , হু উইল ক্ৰাই হুৱেন ইউ দাই বা ড্যা মংক হু চল্দ হিজ্ ফেৰাৰী। তেওঁৰ মন মগজু চিকমিকাই জিলিকে তাইৰ মনৰ চোতাল। আৰু ডায়েৰী খন ?

নাঃ ডায়েৰী খনৰ কথা তাই এই মুহূৰ্তত ক’ব নোখোজে। তাইৰ প্ৰিয় পুৰুষ জনক কিয় তাই উলিয়াই দিব ? এতিয়াই !

নাঃ থাকক।

আগেয়ে যেতিয়া তেওঁ আহে তেতিয়া তাই সুধিছিল।

: তুমি এই বস্তু কেইপদ মোৰ হাতত দি যোৱাঁ কিয় ?

: মই ভুল মানুহৰ হাতত দি যোৱা নাই।

মিচিকিয়া হাঁহিৰে চিটিকি আহে এক চমু উত্তৰ।

ক্ষন্তেকৰ বিৰতি ; কেইটামান উদং মুহূৰ্ত।

তাৰপাছত লাহেকৈ হুমুনিয়াহ এটি এৰি অনুচ্ছ কণ্ঠেৰে কয় __

: মোৰ সপোনবোৰক মৰ্যদা দিয়া মানুহৰ হাততহে দিছোঁ।

তাই পুনৰ একো নুসূধে।

তেওঁৰ মুখলৈ নাচাই নোৱাৰে। চাই থাকিবও নোৱাৰে। কঁপি উঠে , চকু নমাই আনে তাই। তাই জানে , তাইৰ প্ৰিয় পুৰুষ জন আঁতৰি যাব। কিন্তু …

কিন্তু বাধা দিব নোৱাৰে , বাধা দিব নোখোজে। মনে নকয় বাধা দিবলৈ। মনক সোধে ,  যুক্তি আছে জানোঁ তেওঁক বাধা দিয়াৰ ? ক’বলৈ , নালাগে যাব। নাযাবা প্লীজ্ !!

বোধকৰোঁ যাবলৈ হে আহে। আহিছে , যাব যেন এক বিৰাট সহজ নিয়ম। সহজ অংক ! কোনোবাই কৈ যায় , যাওঁ। কোনোবাই গোপনে আঁতৰি যায় হাতত সাৰে ভৰিত সাৰে। যাওঁতে নিস্বঃ কৰি থৈ যায় , নিজে সমৃদ্ধ হৈ যায়। কিন্তু মোক এইদৰে যাওঁ বুলি কৈ কোনেও আঁতৰি যোৱা নাছিল। এওঁৰ বাহিৰে। তাই ভাবে ….!!

আঁতৰি যোৱা মানুহৰ নীৰৱতাৰ যন্ত্ৰণাই তাইক শুকান পাতৰ দৰে কৰি তুলিছিল।

সেউজীয়া ; অতীত হৈ পৰিছিল। হেপাঁহত মামৰে ধৰিছিল।

তেন্তে এয়া কোন ? মোক মাত এষাৰ দি বিদায় লৈ যোৱাৰ প্ৰয়োজনীয়তা কোনেও দেখোন নাভাবিলে আজিলৈ!! এওঁৰ বাহিৰে …!! বুকুৰ ভিতৰৰ পৰা সেঁতা বৰণীয়া হুমুনিয়াহ এটাই খোজ লৈ বাহিৰলৈ ওলাই আহে লাহে লাহে ……….!!

*************************************

(জীৱনৰ কিছু সজীৱ পৃষ্ঠা , কিছু নিৰ্জীৱ )

*************************************

সমগ্র পৃথিৱীয়ে অৱজ্ঞা কৰা সময়ত তেওঁ আহিছিল ধৰিত্ৰীৰ জীৱনলৈ। বেছি ভাগ সময়ত ধৰিত্ৰীয়ে ভাৱে তেনেদৰে। কেতিয়াবা আকৌ মনটোৱে লুটি বাগৰ মাৰে। সুধে , কোন কাৰ জীৱনলৈ আহিছিল ঐ ধৰিত্ৰী , ধৰিত্ৰী ? জাননে ?

ধৰিত্ৰীয়ে মনৰ কথা কাণপাতি শুনে। ভাৱে , এৰা কোন কাৰ জীৱনলৈ আহিল বাৰু ! তাই উত্তৰ বিচাৰি নাপায়। যেন নভঙা সাঁথৰ অজানা। কেতিয়াবা হাত খন মেলি চাই , জানো কি বিচাৰি পায় !

লষ্ট লিংক। নাঃ একো বিচাৰি নাপায়। উত্তৰ নাই।

দিল্লীৰ এয়াৰপোৰ্টত লগ পাইছিল। আৰ্বিভাৱ হৈছিল জীৱনৰ এটা নভৱা অধ্যায়ৰ। কোনো নজনাকৈ নীৰৱে , সন্তৰ্পনে বা সহজে। আৰু যদি সেয়াই নহয় তেন্তে আজিও পৃথিৱীয়ে জনা নাই কিয় তেওঁৰ কথা ? ধৰিত্ৰীৰ গোটেই জীৱন পৰিক্ৰমাক ক্ষন্তেকতে সলনি কৰি দিয়া প্ৰচণ্ড শুভংকৰক কিয় নাজানে পৃথিৱীৰ কোনেও ?

 

ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ ব্যস্ততাই এবাৰলৈও জুমি নাচালে তাইলৈ। এটা নহয় দুয়োটা সন্তানক ডেৰাডুনৰ অভিজাত বৰ্ডিং স্কুলত থৈ শূণ্য হৈ উভটি আহিছিল ধৰিত্ৰী। লগত আছিল আদিত্য যিয়ে হোমাগ্নিক সাক্ষী কৰি শপত লৈছিল ধৰিত্ৰীৰ দেহৰ , মনৰ যত্ন ল’ব বুলি।

ধৰিত্ৰীৰ মুখত হাঁহি নাছিল। আৰু আদিত্য ?? বিৰাট আত্মসন্তোষ্টিৰে পাত লুটিয়াইছিল ইণ্ডিয়া টুডেত। দুটাকৈ সন্তান পঢ়োৱাইছে বাহিৰৰ  অভিজাত স্কুলত। সফল পিতৃৰ অহমিকাই আদিত্যই বহু হেজাৰ যোজন দূৰলৈ থেলি লৈ গৈছিল। সেয়ে , আদিত্য থকাৰ পাছতো ধৰিত্ৰীৰ শূন্যতা পূৰ নহ’ল। হব বা কেনেকৈ শূন্যতা পূৰ কৰিবলৈ টকাৰ নহয় , মাতৰ প্ৰয়োজন। ইণ্ডিয়া টুডেৰ পাতৰ পৰা চকু নোতোলাকৈ  আদিত্যই এক অদ্ভুত শুকান মাতেৰে ফিচফিচাই উঠিছিল।

: এতিয়া ভূতৰ দৰে জুপুকা মাৰি থাকিবা নে ঘৰলৈ যাবা ?

 

দুজন মানুহৰ মাজৰ ব্যৱধান ইমানো হ’ব পাৰে নে য’ত উত্তৰে বাট হেৰুৱাই ? নীৰৱতাই মাথোঁ বিনায় !

 

যান্ত্ৰিক ঘোষণা বোৰ ভাঁহি আহে। হিন্দী , ইংৰাজী ত। নিজৰ ফ্লাইটলৈ বুলি দৌৰ দিয়া মানুহ বোৰৰ ব্যস্ততা কাণত হেডচেট লৈ নিজৰ পৃথিৱীত মচগুল হৈ থকা চেমনীয়া ল’ৰাটো , কেউফালে পিটপিটাই ফুৰা চি আই এচ এফ ৰ জোৱান কেইজন।

কোনেও নাজানে ধৰিত্ৰীৰ কথা।

: আদিত্য ?

চকুৰ পানীৰে দুচকু ওপচি পৰা ধৰিত্ৰীৰ কঁপা মাত। তাই একোবত আদিত্যৰ হাত দুখনত খামোচ মাৰি ধৰে। বিশ্ব বন্দীত মাকৰ সেই চিনাকী আবেগেৰে কয় _

: ঘৰত কোন আছে আদিত্য ? ঘৰত আছে আছে কোন ? কেনেকৈ থাকিম মই কোৱাঁ ? ব’লানা আদিত্য প্লীজ্ , আলফুলক উভতাই আনো। মই পঢ়াম তাইক। বিশ্বাস ৰাখা মোৰ ওপৰত। বৈ অহা চকুৰপানী খিনি কেনেবাকৈ মচি ধৰিত্ৰীয়ে আকৌ কাবৌ কাকূতি কৰে।

: আদিত্য , মই কথা দিছোঁ। প্ৰমিজ , তুমিতো জানাই মোক , মোৰ স্কুলৰ দিনৰ পৰা। মই তোমাৰ সন্তানক তিল্ তিল্ কৈ গঢ়িম আদিত্য। মই মা হয় আদিত্য , কণমানি জনীৰ সৈতে মোক থাকিব দিয়া।

নৱৰূপ , নৱৰূপ থাকক হোষ্টেলত। সি জনা হ’ল। কিন্তু আলফুল ! তাইতো জোতাৰ লেচ ডালো বান্ধিব নাজানে। ৰাতি লাইট অফ কৰিলে তাই ভয় খায় আদিত্য।

ধৰিত্ৰী ভাঙি পৰে। বাৰিষা নামে , সমগ্র সৃষ্টি যেন উটুৱাই লৈ যাব দুচকুৰ দুকোল পোতা বানে। উদং বুকুৰ মাতৃৰ দুখ। বহু হেজাৰ বছৰীয়া বিশ্বাসৰ মৰি যোৱা শিপা। অৰ্থৰ আস্ফালন ! মানুহ কিয় এনে হয় ?

প্ৰাথমিক শ্ৰেণীৰ মজিয়াৰ পৰা বিশ্ববিদ্যালয়ৰ মজিয়ালৈকে কেতিয়াও ধৰিত্ৰীক পৰাজিত কৰিব নোৱাৰা আদিত্যই অমানুহৰ দৰে ইমান ভয়ানক ষড়যন্ত্ৰ কৰিছিল ?????

ছিঃ বিশ্বাসৰ গভীৰতাক গনি গনি ভাগৰি পৰা শিপাবোৰ ক্ৰমশঃ গেলি যায়। পচে , ধৰিত্ৰী জৰ্জৰ হয়। সেন্দুৰ দি মানুহে মানুহক আপোন কৰে। এটা আত্মাই আন এটা আত্মাৰ সৈতে সংযোজিত হয়। কিন্তু .. জয়ী হ’বলৈ , প্ৰতিশোধ ল’বলৈ ??? ধৰিত্ৰীয়ে ব্যস্ত বিমানকোঠত একো নেদেখে , নুশুনে। জলক তবক যেন জলছবী জিলমিল। কোলাহল , যান্ত্ৰিকতা। কাষত পৃথিৱীৰ শ্ৰেষ্ঠ বিশ্বাস ঘাটক জন। নাম , আদিত্য …।

 

( ক্ৰমশঃ )

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.