ঙুনৰাও: কন্দৰ্প কুমাৰ নাথ

ঙুনৰাও: কন্দৰ্প কুমাৰ নাথ

ঙুনৰাও: কন্দৰ্প কুমাৰ নাথ

by December 31, 2016 0 comments

হত্যাকাৰীৰ অভিনৱ শাস্তি

হাতে হাতে বন্দুক, জোং-যাঠি, তৰোৱাল লৈ মানুহবোৰে হাবিখনৰ এটা বৃহত এলেকা ঘেৰি লৈছে। প্ৰায় এশ ডেৰশ মানুহ। তাৰ পিছত ক্ৰমশঃ আগবাঢ়ি গৈ আছে এখোজ দুখোজকৈ। পাহাৰৰ গেজেপনি মৰা হাবি। এঢলীয়া অসমতল। মাজে মাজে বৃহদাকাৰ বৃহদাকাৰ শিল। মাজে মাজে আকৌ কুলু কুলুকৈ নামি অহা সৰু বৰ নিজৰা। আগফালে – পিছফালে, সোফালে- বাওফালে – কেওদিশে মাথোন মৃত্যুৰ কিৰিলি কেতিয়া কোন মূহুৰ্তত মৃত্যুৱে খাওঁ খাওঁকৈ খেদি আহিব সিহঁতৰ কোনেও নাজানে।
সিহঁতে মাথো জানে- জীৱনৰ ঘাট-প্ৰতিঘাত, বাধা-প্ৰত্যাহ্বান বোৰ নেওচি লক্ষ্য প্ৰাপ্তিৰ মাদকতা কি। সেয়ে নিজ নিজ পথত দেখা দিয়া সকলো বাধা অতিক্রমি দলটো ক্ৰমশঃ লক্ষ্যৰ দিশে আগবাঢ়ি গৈ আছে।

সকলো বাধাক অনায়াসে জয় কৰিবলৈয়েতো সিহঁতৰ জন্ম। সিহঁতেতো সেইদিনাই তালৈ অহা নাই। আগতেও আহিছে আৰু আগলৈও আহি থাকিব লাগিব।কাৰণ তাতেই আছে -সিহঁতৰ ভোক, সিহঁতৰ জীৱন।

লাহে লাহে সিহঁত ওচৰ চাপি আহিছে লক্ষ্যৰ পিনে। হঠাৎ সিহঁতৰ এজনে দেখিলে সন্মুখৰ কিছু দূৰৈত জোপোহা এটিৰ আৰত কিবা এটা লৰচৰ কৰি আছে। মূৰটো কিচকিচিয়া ক’লা। লগে লগে সি বন্দুকৰ ট্ৰিগাৰ টিপি দিলে।

লক্ষ্যভ্ৰস্ট নহ’ল। বিকট চিঞৰ এটা মাৰি লক্ষ্য ধৰাশায়ী হ’ল।

বন্দুকৰ শব্দ শুনি সকলোৱে আনন্দত  কিৰিলি পাৰি সেইফালে দৌৰি আহিল। ইটো সিটোকৈ সকলো গোট খালে। দেখিলে সিহঁতৰ মাজৰে এজন তেজেৰে তুমুৰলি হৈ নিথৰ হৈ পৰি আছে।

হায় ! ভাগ্যৰ কি বিড়ম্বনা ! ভোক গুচাবলৈ গৈ জীৱন হেৰুৱালে।

সেইদিনাৰ বাবে সিহঁতৰ অভিযান সিমানতে শেষ। মৃতদেহটো সকলোৱে ধৰাধৰিকৈ  পাহাৰৰ ওপৰলৈ তুলি লৈ আহিল।  স্বাভাৱিক মৃত্যু হোৱা লোকৰ দৰেই তিনি দিন মৃতদেহটো বগা কাপোৰেৰে ঢাকি ঘৰৰ ভিতৰতে শুৱাই থৈ দিলে।
আৰম্ভ হ’ল ভোজ-ভাতৰ আয়োজন। ইফালে ঘৰৰ ভিতৰত মৃতদেহ আনফালে ঘৰৰ বাহিৰত ভোজ। মহাভোজ।  গৰু, গাহৰি , মূৰ্গীৰ মাংসৰে মহা ভোজৰ আয়োজন চলিল।
গাৱঁৰ সকলো মানুহ দলে বলে আহিছে, ঘৰৰ ভিতৰলৈ গৈ মৃতদেহৰ সন্মূখত প্ৰেয়াৰ কৰিছে আৰু যিয়ে যি ভাল পায় সেই মাংসৰে ভোজ খাই গৃহস্থক সামৰ্থনুযায়ী দান বৰঙণি দি ঘৰাঘৰি গুছি গৈছে।

একেৰাহে তিনিদিন –

দিন ৰাতিৰ কথা নাই,
ৰান্ধনীয়ে ৰান্ধি আছে,
অহাবোৰ আহিছে,
যোৱাবোৰ গুছি গৈছে।
এক বিশাল আড়ম্বৰপূৰ্ণ আয়োজন। দেখিলে এনে লাগিব যেন বিয়া সবাহৰহে আয়োজন চলি আছে।

মই যাওঁতে মোক সোধে কি খাব বুলি। নেখালেও সিহঁতে বেয়া পাব বুলি কেৱল সিজোৱা কনী আৰু চালাদেৰে মই সেই মহাভোজত ভাগ লওঁ।
তিনিদিনৰ দিনা ইতিমধ্যে কফিন সজা শেষ হয়। গাৱঁৰ সকলো মানুহ আহি মৃতদেহ কফিনত ভৰায় আৰু চাৰিওকাষে একগোট হৈ মৃতকলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰি আটায়ে আকৌ ভোজ-ভাত খাই লয়। তাৰ পিছত মৃতদেহৰ কফিনটো সকলোৱে ধৰাধৰিকৈ কান্ধত লৈ শ্মশান অভিমূখে ৰাওণা হয়।

সেয়া আছিল ২০০৭ চনৰ নবেম্বৰ মাহৰ কথা। গাৰ নোম সিয়ৰি উঠা সিহঁতৰ পৰম্পৰাগত ‘ভালুক চিকাৰ'(beh jingim)ৰ এক কৰুণ বাস্তৱ ।
ঙুনৰাওৰ বুকুৰ জীয়া কাহিনী ।
সেই যে মানুহজন  মৰিল তাৰ বাবে কাৰো একো আক্ষেপ নাই । সকলো প্ৰভু যিশুৰ ইচ্ছাতেই হৈছে ।

আৰু সেই যে হত্যাকাৰী সতীৰ্থজন তেখেতৰো কোনো আইনী শাস্তি নহ’ল। মাথো গীৰ্জাত সকলোৰে সন্মূখত স্বীকাৰ (confess ) কৰিলে যে সি ভুলতে ভালুক বুলি তেওঁক গুলিয়ালে।

তাৰ সকলো দোষ মাফ হৈ গ’ল ।
গীৰ্জাৰ ভিতৰত প্ৰতি ৰবিবাৰে প্ৰেয়াৰ কৰে সিহঁতে। আচলতে সেইদিনা সিহঁতৰ খোৱা বোৱা আৰু নৈমিত্তিক নকৰিলে নোহোৱা কাম খিনিৰ বাহিৰে আন কাম মানে উপাৰ্জনমূখী কাম কোনেও নকৰে । সপ্তাহটোৰ প্ৰতিটো দিনৰে নামবোৰ সিহঁতে কামৰ ভিত্তিত ভাগ কৰি লৈছে। শনিবাৰৰ দিনটো কেৱল কাপোৰ ধোৱা আৰু গা ধোৱা দিন আৰু ৰবিবাৰৰ দিনটো কেৱল মাথো ভগৱানক ভবা দিন

 

কাপোৰ আৰু শৰীৰৰ সপ্তাহটোৰ ময়লাবোৰ ধুই নিকা কৰে শনিবাৰে নিজৰাত আৰু মনৰ ময়লাবোৰ ধুই নিকা কৰে ৰবিবাৰে গীৰ্জাত। এক ব্যতিক্ৰমী ছন্দোময় জীৱন।
সেইদিনা ৰাতিপুৱা  এক নিৰ্দ্দিষ্ট সময়ত গীৰ্জাৰ ঘন্টা বাজি উঠে আৰু আবাল বৃদ্ধ বনিতালৈ সকলোৱে পৰিস্কাৰ সাজ-পাৰ পিন্ধি গীৰ্জাত হাজিৰ হয়। বিভিন্ন ধৰ্মীয় গীত-বাদ্যৰে গীৰ্জাৰ পৰিবেশটো মূখৰিত হৈ পৰে। মাজতে গীত, তাৰ মাজে মাজে পুৰুহিত বা পাষ্টৰৰ বাইবেলৰ ভাষণ আৰু মাজে মাজে প্ৰেয়াৰ।

মই লক্ষ্য কৰো – প্ৰেয়াৰ কৰোতে সকলোৱে মূখৰ ভিতৰতে অস্পষ্টকৈ কিবা কিবা কৈ থাকে। কিছু সময় পিছত সিহঁতৰ কিছুমানে কান্দি দিয়ে আৰু কিছুমানে গীৰ্জাৰ মজিয়াতে  ঢলি পৰে।

নিৰৱ দৰ্শকৰ দৰে মই মাথো বিস্ময়াভিভূত হৈ চাই ৰও।

মূৰ্চা গৈ সকলক পাস্তৰে গাল মুখ পিহি দিয়ে আৰু ৫/১০ মিনিত মানৰ পিছত পুনৰ স্বাভাৱিক অৱস্থালৈ ঘুৰি আহে । আকৌ প্ৰেয়াৰ আৰম্ভ কৰে।

এক অবুজ কৌতূহলে মোৰ মনত দোলা দি থাকে – সিহঁতে প্ৰেয়াৰ কৰোতে কিয় কান্দে, কিয় ঢলি পৰে?

দুপৰীয়া এক দুই ঘন্টামান জিৰণি হয়। সকলো ঘৰাঘৰি গুছি আহে আৰু খোৱা বোৱা, ৰন্ধা বঢ়াত ব্যস্ত হৈ পৰে কাৰণ আকৌ যে যাবই লাগিব প্ৰেয়াৰলৈ ।
কৌতূহল লৈয়েই মইও ঘৰমুৱা হওঁ । বিচনাত বাগৰি তাৰ উত্তৰ ভাবি থাকোতে কেতিয়া যে টোপনি আহে  গমকে নাপাওঁ।

নিশা ৮ মান বজাত সাৰ পাই শুনা পাওঁ বাহিৰত মোৰ ঘৰৰ সন্মূখৰ ৰাস্তাটোৰে মানুহবোৰে কিবা-কিবি আলোচনা, হাঁহি খিকিন্দালি কৰি ঘৰমুৱা হৈছে। মই নিশ্চিত হওঁ যে গীৰ্জাৰ প্ৰেয়াৰ ইতিমধ্যে শেষ হৈছে। মই শুই উঠি ভাত ৰান্ধো  আৰু খাই-বৈ ওচৰৰে থেইৰিতহঁতৰ ঘৰলৈ ওলাই যাওঁ।

ইতিমধ্যে সিহঁতৰ পৰিয়ালৰ আটায়ে খাই-বৈ জুহালৰ চাৰিওফালে পীৰা পাৰি বহি বিভিন্ন বিষয়ৰ আলোচনা কৰি আছে। মই যোৱাত মোকো বহিবলৈ পীৰা এখন আগবঢ়াই দিয়ে। বিভিন্ন বিষয়ৰ আলোচনা হয় জুহালত। সিহঁতে সুধিলে মই উত্তৰ দিও আৰু মই সুধিলে সিহঁতে উত্তৰ দিয়ে। গীৰ্জাত গৈ মোৰ কেনেকুৱা লাগিল , আমি ভগৱানক কেনেদৰে প্ৰাৰ্থনা কৰো –এনে ধৰণৰ নানা প্ৰশ্ন।
তাৰ মাজতেই থেইৰিতক মই সুধিলো গীৰ্জাৰ সেই কৌতূহলৰ কথা । গীৰ্জাত প্ৰেয়াৰ কৰোতে কিছুমানে কিয় কান্দে আৰু  কিয় ঢলি পৰে।
তাই মোক যি উত্তৰ দিলে সচাকৈয়ে মোৰ মন প্ৰাণ ভৰি গ’ল।
তাই কলে, – ‘ বাবু, আমি প্ৰেয়াৰত ভগবানৰ সন্মুখত সকলো দোষ-পাপ-, কূকৰ্ম আদি অকপতে স্বীকাৰ কৰো। ভগবানে আমাক ক্ষমা কৰি দিয়ে বুলি আমাৰ গভীৰ বিশ্বাস। সেই আনন্দত আমি ইমানেই আত্মহাৰা হওঁ যে আমাৰ দুচকুৱেদি আনন্দৰ লোটক বৈ আহে আৰু কেতিয়াবা পাৰ ভগা আনন্দত আমি মূৰ্চা যাওঁ। ‘

তাই আৰু কলে,-বাবু , অতীতৰ  ভুল স্বীকাৰ কৰা আৰু তাৰ অনুশোচনাত দগ্ধ হোৱাৰ সমান ডাঙৰ শাস্তি কি হব পাৰে ?’

কিবা এক প্ৰাপ্তিৰ শিহৰণে মোৰ দেহ-মন-প্ৰাণ ভৰাই তুলিলে। কেতিয়া মই সিহঁতৰ পৰা বিদায় লৈ আহিলোঁ, কেতিয়া আহি মই বিচনাত পৰিলোঁ – মোৰ মনত নাই। মাথো পিছদিনা সাৰ পাই  ৰাতিপুৱাটো অধিক উজ্জ্বল আৰু সজীৱ সজীৱ লাগিল।

————————-

সুস্বাদু ব্যঞ্জন
এপ্ৰিল মাহৰ ঙুনৰাওৰ এটি সন্ধিয়া । ৰুমত সোনকালেই ভাত কেইটা খাই থেইৰিতহঁতৰ ঘৰৰ ফালে ফুৰিবলৈ ওলাই আহিলো ।
থেইৰিতহঁতৰ ঘৰৰ সকলোৱে তেতিয়া পাকঘৰৰ চৌকাৰ চাৰিওফালে ঘেৰি পিৰা পাৰি বহি আছে। পাকঘৰৰ জুহালত বহি সকলোৱে আড্ডা মৰাটোৱেই সিহঁতৰ স্বভাৱ।
গাঁৱৰ কোনোবা ফুৰিবলৈ আহিলেও সেই জুহালৰ আড্ডাতেই বহিবলৈ কয় । মাকক ঘৰুৱা কামত আমনি কৰি থকা এমা-ডিমা কেচুৱাবোৰ পিঠিত বান্ধি পুৰুষবোৰে ইঘৰ সিঘৰ ফুৰিবলৈ আহে আৰু কোনোবা এঘৰৰ সেই জুহালতেই বহি সময়বোৰ কটায়। জুইও পুৱাই , বিভিন্ন কথাও পাতে, মিনিতৰ মূৰে মূৰে তামোল বিড়িও খায়, গৃহস্থৰ লগত কেতিয়াবা ভাতো খায় লগতে কেচুৱাও ৰখে। গাঁৱৰ এক্ সদা পৰিচিত দৃশ্য।

সেইদিনাও থেইৰিতহঁতৰ পাকঘৰৰ জুহালত  বহি সিহঁতৰ ঘৰৰ পৰিয়ালৰ লগতে পানীকেচুৱা পিঠিত বান্ধি গাৱঁৰ দুজনমানে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰি আছে। কমলা বিকি কোনে কিমান পালে, পিপেলি বিকি কিমান পালে, ঝাড়ু আৰু অন্যান্য খেতিৰ পৰা কিমান উপাৰ্জন পালে, গাঁৱৰ কোন লৰাই কোন ছোৱালীৰ লগত ঘুৰা ফুৰা কৰে বা নৈশযাপন কৰে, কোন ছোৱালীয়ে কোন লৰাক বিয়া কৰাই আনিলে বা পলুৱাই আনিলে ইত্যাদি বিষয়ৰ নানান আলোচনা।
তাত ছোৱালীবোৰেহে লৰাবোৰক বিয়া কৰায়। মই যোৱাত ‘চং ন বাবু ‘(মানে বহক বাবু) বুলি সিহঁতে আথে বেথে পীৰা এখন বহিবলৈ আগবঢ়াই দিলে। মইও জুইৰ ওচৰতে পীৰাত বহি সিহঁতৰ আড্ডাৰ আংশীদাৰ হওঁ।
থেইৰিতৰ মাকে চৌকাৰ পৰা ভাতৰ চৰুটো নমাই চাহৰ কেটলিটো বহুৱাই দিছে। অনিচ্ছা স্বত্বেও মাকে জোৰ কৰাত চাহ খাবলৈ বহিবলগীয়া হ’ল।
সিহঁতৰ আটায়ে একেলগে এক প্লেটকৈ সুদা ভাত আৰু একাপ একাপ চাহ খাবলৈ সাজু হৈছে। হঠাৎ থেইৰিতৰ মাকে চৌকাটোত এখন তাৱা বহুৱাই ভিতৰৰ পৰা পলিথিনৰ টোপোলা এটি লৈ আহিল আৰু পলিথিনটো ওলোটাই তাৱাখনত কিবা বাকি দিলে। মই দেখিলো সেইবোৰ উই পৰুৱা। পাখি  গজা উই পৰুৱা। কিছুমান মৰিছে আৰু কিছুমান আধামৰা হৈছে। মোৰ দেখি চকু কপালত উঠিল। কি কৰে এইবোৰ!
মই হতবাক হলো আৰু সুধিলো কি কৰিব বুলি। সিহঁতে সেইবোৰ খাব বুলি যেতিয়া কলে মোৰ বিশ্বাস নহ’ল। এনেই ধেমালি কৰা বুলি ভাবিলো।
ইতিমধ্যে সেইবোৰ হেতা এখনেৰে ওলট পালটকৈ লাৰি আছে। উইৰ পাখিবোৰ পুৰি ক’লা হৈ গৈছে আৰু গোটেই ঘৰৰ ভিতৰখন লগতে বাহিৰৰ পৰিবেশটো এটা উটা উৎকট গন্ধই ছানি ধৰিছে। মই দৌৰি যেন ওলাই আহিম – তেনেকুৱা লাগিছে। কিন্তু সিহঁতে বেয়া পোৱাৰ আশংকাত মই মথো নিৰৱে চাই থাকিলো জীৱনৰ এটি নতুন অভিজ্ঞতাৰ  সোৱাদ লবলৈ। ক’ৰ পৰা আনিছে বুলি সোধাত থেইৰিতৰ মাকে কলে যে দিনত হাবিত খৰি কাটিবলৈ যাওতে এখন উই হাফলু পাই সেইখন ভাঙি গোটেই উই পৰুৱাবোৰ পলিথিনত ভৰাই লৈ আহিছে ।
ভজা শেষ হ’ল। ইতিমধ্যে উইপৰুৱা ভাজি গৰমে গৰমে পৰিবেশনৰ বাবে সিহঁত সাজু হৈছে। থেইৰিতৰ মাকে প্ৰত্যেকৰে প্লেটত ভাতৰ ওপৰতে এক হেতাকৈ উইপৰুৱা ভাজি দি গৈছে। আটায়ে সমূহীয়া প্ৰেয়াৰ কৰি পৰম তৃপ্তিৰে উইপৰুৱা ভাজিৰে  ভাত আৰু লাল চাহ খাবলৈ আৰম্ভ কৰিছে।
কোনোমতে চাহটুপি খাই মই সিহঁতৰ পৰা বিদায় মাগিলো। গোন্ধটো তেতিয়াও নাকত লাগিয়েই আছে। আহোতে বাটে বাটে ভাবি আহিলো। কি বিচিত্ৰ এই ঙুনৰাও। প্ৰতিটো খোজতেই কৌতূহল , প্ৰতিটো খোজতেই বিষ্ময়। যেন কৌতূহল আৰু বিষ্ময়ৰ অন্য নাম ঙুনৰাও। একেই পৃথিৱী , একেই মানুহ  , একেই ভোক। অথচ এই পৃথিৱীৰেই কিছু সংখ্যকে হয়তো এই মূহুৰ্তত পঞ্চতাৰকা হোটেলত সুস্বাদু ব্যঞ্জনৰ জুতিৰে উদৰ পুৰাই খাইছে আৰু এই পৃথিৱীৰেই মেঘালয়ৰ এখন অখ্যাত গাঁও ঙুনৰাওত কিছুসংখ্যকে সামান্য উই পৰুৱাৰ ভাজিৰে পৰম তৃপ্তিৰে উদৰ পুৰাই খাইছে। কিমান আকাশ-পাতাল প্ৰভেদ। সাদৃশ্য মাথো এটাই — সেয়া ভোক। সচাকৈয়ে  ভোকতকৈ সুস্বাদু ব্যঞ্জণ আৰু কি হব পাৰে?

————————-

এটা নতুন পাঠ
বাৰিষা ঠিক আৰম্ভ হৈছেহে মাথোন । মে’-জুন মাহৰ বৰ্ষণমুখৰ এটি আবেলি।  মুষালধাৰ বৰষুণ আৰম্ভ হৈছে মৌচিনৰামত। গাজনি-ঢেৰেকণি আৰু ফিৰফিৰিয়া চেচাঁ বতাহ। বাহিৰলৈ ওলাব নোৱাৰি।  যিহেতু ঙুনৰাৱো সেই এলেকাৰেই অন্তৰ্গত তাতো সেই একেই অৱস্থা। প্ৰচণ্ড বতাহ-বৰষুণৰ প্ৰকোপত সেইদিনা ৰুমৰ ভিতৰতেই আবদ্ধ হৈ আছো । কলৈকো যাব নোৱাৰি। পাকঘৰত মেইমেইয়ে জুইকুৰা ধৰি লৈছে , মইও বুঢ়ীৰ লগতে জুই পুৱাই আছো।
হঠাৎ পলিথিন এখন মেৰিয়াই বাদেঙ হেহাঁই-ফোপাই পাকঘৰৰ ভিতৰলৈ হুৰমুৰকৈ সোমাই আহিল। তিতি বুৰি জুৰুলি জুপৰি হৈ আহিছে। পলিথিনৰ পৰা সৰ সৰকৈ পানীৰ টোপালবোৰ পৰি গোটেই মজিয়াখন তিতি গৈছে। আহিয়েই মোক কলেহি,’ হাই ন বাবু, দিহ্ থত জাপি হা খ্লাও।’
মানে হাবিলৈ জাপি নামৰ কিবা এটা বস্তু বিছাৰি যাবলৈ মোকো লগ ধৰিছে। তাৰ অৱস্থাটো দেখি মোৰ হাঁহি উঠি গ’ল।
‘ব’লা, কিমান আৰু ঘৰৰ ভিতৰত সোমাই থাকিম।’
এই সময়ত এনেকুৱা বতৰত ক’ত হাবিলৈ যাব ? ধেমালি কৰা বুলি ভাবি মইও ধেমালিতে যাওঁ বুলি ক’লো।

মাজে মাজে সি মোক এইদৰে কৰবালৈ যাবলৈ লগ ধৰেই। কেতিয়াবা যাওঁ , কেতিয়াবা নেযাওঁ।  মই সচাকৈয়ে যাম বুলি কোৱা বুলি ভাবি সি মোক ওলাবলৈ কলে আৰু লগতে এইটোও কলে যে গাৱঁৰ হেনো বহুত মানুহ আজি জাপি বিচাৰি হাবিলৈ যাব।
‘বাবু গলে খুব ভাল লাগিব।’- সি ফুৰ্তিতে কলে।
তেনেহলে ইহঁত যে যাবই সেয়া খাটাং। ‘জাপি’ৰ অৰ্থ কি সেয়া মই তেতিয়ালৈকে জনা নাছিলো। যিহেতু বতৰ বেয়া আৰু সেইবোৰ ঠাইলৈ মই আগতে গৈ পোৱা নাই সেয়েহে মই নেযাওঁ বুলি কৈ তাক যাবলৈ কলো।

আচলতে সি মোৰ বিষয়ে একোৱেই নাজানে। সি নাজানে মই কি পৰিবেশত ডাঙৰ দীঘল হৈছো , নাজানে মোৰ জীৱন ধাৰণ প্ৰক্ৰিয়া – মোৰ ৰীতি-নীতি , খাদ্যাভাস , ধৰ্ম-সংস্কৃতি এই সকলোবোৰৰ বিষয়ে সি সম্পূর্ণ অজ্ঞ। সি মাথো জানে মই সিহঁতৰ দৰেই এজন সাধাৰণ মানুহ।

হাবিলৈ জাপি বিচাৰি যাবলৈ অমান্তি হোৱাৰ আগলৈকে মই সিহঁতক কোনোদিনে অনুভৱ কৰিবলৈ দিয়া নাছিলো যে মই এজন বেলেগ পৰিবেশৰ পৰা অহা মানুহ। গাৱঁৰ ৰাস্তা মেৰামতিৰ কামলৈ যোৱাৰ পৰা গীৰ্জাৰ সমূহীয়া প্ৰেয়াৰলৈ , বিয়া সবাহৰ পৰা মৃতকৰ অন্তোষ্টিক্ৰিয়ালৈ , গাঁৱৰ ইঘৰ-সিঘৰৰ পাকঘৰত বহি আদ্দা মৰাৰ পৰা পাহাৰৰ নামনিলৈ  নিজৰাত গা ধুবলৈ যোৱালৈকে – সকলোতে মই সিহঁতৰ সৈতে আগভাগ লৈছিলো , সিহঁতৰ সৈতে একাত্ম হৈছিলো। খুব ভাল পাইছিল সিহঁতে। কিন্তু আজি তাক নিৰাশ কৰি মনটো কিছু বেয়াও লাগিছিল। সি হয়তো মোৰ ৰুমত আবদ্ধ হৈ থকা বিৰক্তিকৰ অনুভৱটি বুজি পাইছিল। সেইবাবেই লগ ধৰিছিল।
সি গুছি যোৱাৰ পিছত মোৰ অনুভৱ হল – কি ধাতুৰে গঢ়া এই আচৰিত মানুহবোৰ! ৰ’দ-বৰষুণ, বতাহ-ধুমুহা, গাজনি-ঢেৰেকণি একোৱেই যেন ইহঁতক টলাব নোৱাৰে। ইমান দূৰ্দান্ত সাহস ইহঁতৰ! সৰুৰে পৰাই আমাকতো মা-দেউতাই এনেকুৱা প্ৰতিকূল বতৰত আমাক ঘৰৰ ভিতৰত সোমাই থাকিবলৈহে শিকালে। কয় – বেছি ৰ’দত নোলাবা , ক’লা পৰিবা , বৰষুণত নিতিতিবা , গা অসুখ হব, ধমুহা-গাজনিত ঘৰৰ বাহিৰলৈ নোলাবা , বিপদ হব – মুঠতে এইটো নকৰিবা , সেইটো নকৰিবা। বতৰৰ প্ৰতিকুল অৱস্থাবোৰৰ প্ৰতিয়েই হওঁক বা জীৱনৰ আন প্ৰত্যাহ্বানবোৰৰ ক্ষেত্রতেই হওঁক এই ‘নকৰিবা’, ‘নাযাবা’বোৰেই হয়তো আমাৰ মনত সৰুৰে পৰাই ভয় বা ত্ৰাসৰ বীজ সিচি থৈ গৈছিল ।
কিন্তু ইহঁতৰ ক্ষেত্ৰত কথাটো সুকীয়া। মাক-দেউতাকৰ পৰা ইহঁতে কোনোদিন ‘নকৰিবা’, ‘নাযাবা’ , ‘নাখাবা’ জাতীয় শব্দবোৰ শুনিব লগা হোৱা নাই। সম্পূৰ্ণ স্বাধীনভাৱেই সিহঁতে প্ৰকৃতিৰ সৈতে সৰুৰে পৰাই সহবাস কৰিবলৈ শিকিছে।  সেইবাবেই হয়তো হাবিলৈ যোৱাতো সিহঁতৰ বাবে ভাতৰ লগত পানী খোৱাৰ লেখিয়া কথা। পাহাৰৰ ওপৰৰ পৰা তললৈ প্ৰায় দুই ঘন্টা পথ হুৰ হুৰকৈ নামি যাব লাগে। লুংলুঙীয়া একা-বেকা শিলৰ খট খটি। অ’ত এটা শিল , ত’ত এটা শিল। এটা শিলৰ পৰা আন এটা শিললৈ জপিয়াই জপিয়াই যাব লাগে। ঠিয় গড়া। তেনে দূৰ্গম পথেৰে ৰাতি কিয়, দিনতো যাব নোৱাৰি , দুই ঘন্টা নেলাগে , দুই মিনিট সময় তললৈ নামি ওপৰলৈ উঠিবলৈ সাহস নহয়। বৰষুণ নেলাগে ফৰকাল বতৰতো যাব নোৱাৰি।

এদিন এশ মিটাৰ তললৈ নিজৰাত গা ধুবলৈ গৈয়েই মোৰ যিহে অৱস্থা হৈছিল সেয়া মনত পৰিলে আজিও মোৰ বুকু কপি উঠে। নামি যাওতে কিবা এক নতুন অভিজ্ঞতা প্ৰাপ্তিৰ আনন্দত অসুবিধা অনুভৱ কৰা নাছিলো। কিন্তু গা ধুই উঠি যেতিয়া ওপৰলৈ উঠি আহিলো মোৰ অৱস্থাটো চাই বাদেঙ আৰু তাৰ লগৰবোৰে মাথো মোক ইতিকিং কৰি হাঁহিছিল। দহ খোজমান ওপৰলৈ উঠি পাচ মিনিটমান জিৰণি লওঁ। আকৌ দহ খোজ ওপৰলৈ উঠো, পাচ মিনিত জিৰাও।  এনেদৰে এঘন্টামানৰ মুৰতহে মই পাহাৰৰ ওপৰলৈ উঠি আহিবলৈ সক্ষম হৈছিলো। ভাগৰত ফোপাই জোপাই ঘৰ পাইছিলোহি। মোক হাঁহি হাঁহি কৈছিল ,
‘ঐ বাবু , এইখিনি বাট উঠোতেই অৱস্থা কাহিল হৈছে। দুই আঢ়ৈ ঘন্টা উঠি আহিবলগীয়া হলে কি কৰিবি?’
মই মাথো মুৰ দুপিয়াই মানি লৈছিলো।
তেনেকুৱা দূৰ্গম পথেৰে ৰাতি, তাতে আকৌ গাজনি ঢেৰেকনীৰে মুষালধাৰে বৰষুণ , হাবিলৈ দুইঘন্টা তললৈ নামি আকৌ দুঘন্টাৰো অধিক ‘জাপি’ নে কি সেয়া বিচাৰি ওপৰলৈ উঠি অহা কথাটো মোৰ বাবে কল্পনাতীত কথা। ভাবিলেই গাৰ নোম সিয়ৰি ডাল ডাল হয়।
কিন্তু সিহঁতৰ বাবে সেয়া যেন কোনো কথাই নহয়। সৰুৰে পৰাই সিহঁত অভ্যস্ত প্ৰকৃতিৰ সৈতে ওমলাত। হাবিলৈ যোৱা পথৰ প্ৰতিটো শিল , প্ৰতিজোপা গছ , প্ৰতিডাল লতা , প্ৰতিটো নিজৰাই সিহঁতক চিনি পায়। হাবিৰ হিংস্ৰ জন্তুৱেও সিহঁতক দেখিলে বাট এৰি দিয়ে।  বিপদ , ভয় , শংকা এই শব্দবোৰ সিহঁতৰ জীৱনৰ অভিধানত নাই। এক কঠিন জীৱন সংগ্ৰামৰ অদম্য সৈনিক সিহঁত। বিলাস কি সিহঁতে নাজানে , সুখ কি সিহঁতে নাজানে , স্বাচ্ছন্দ্য  কি সিহঁতে নাজানে। সিহঁতে জানে মাথোন জীৱন আৰু ভোক। এৰা , জীয়াই থাকিবলৈ হলে ভোক নিবাৰণ কৰিবই লাগিব আৰু ভোক নিবাৰণ কৰিবলৈ কঠোৰ সংগ্ৰাম কৰিবই লাগিব। দুয়োটাৰ মাজত আহি পৰা সকলো বাধা , সকলো প্ৰত্যাহ্বান সিহঁতে হেলাৰঙে অতিক্ৰম কৰিবলৈ বদ্ধপৰিকৰ ।
সেইদিনা নিশা বাদেং আৰু গাৱঁৰ বহুতো লগ লাগি হাবিলৈ ‘জাপি’ৰ সন্ধানত গ’ল । মই এটা নতুন অভিজ্ঞতাৰ সন্ধানত বিচনাত শুই পৰিলো।

***********

পিছদিনা থেইৰিতে মোক জগাই এটি মুখ বন্ধা মোনা দিলে আৰু সেইটো বাদেঙে দি পঠোৱা বুলি কলে। মই খুলি চাই দেখো সেইবোৰ কেকোঁৰা। মোৰ খুব ভাল লাগিল। মই তাইক সুধিলো, ‘ এইবোৰকেই জাপি বুলি কয় নেকি?’

‘নহয় বাবু, এইবোৰক আমি ‘থাম’ বুলি কওঁ। জাপি বোৰ ঘৰতেই আছে।
জাপি মানে কি তাইও মোক বুজাই কব পৰা নাই। হয়তো মোক আকাৰে ইংগিতেৰে বুজালেওঁ মই বুজি পাওঁ। কিন্তু তাই লাজ কৰিলে। মোৰ কৌতুহল বাঢ়ি গ’ল। কেকোঁৰাৰ মোনাটো তেনেকৈয়ে গজালত আৰি থৈ থেইৰিতৰ পিছে পিছে সিহঁতৰ ঘৰলৈ বুলি খোজ ললো। সদায় বহিবলৈ দিয়াৰ দৰে একেবাৰে পাকঘৰৰ  ভাত ৰন্ধা চৌকাৰ কাষত বহিবলৈ দিলে।

মই দেখিলো বাহঁৰ তমালেৰে ডিঙিটো ফুটাই ইটোৰ পিছত সিটোকৈ গথা প্ৰকাণ্ড দুডাল ভেকুলীৰ মালা। এডাল চৌকাৰ জুইৰ ওপৰত ওলোমাই থৈছে আৰু আনডাল তমালত গাথি থকা অৱস্থাতেই ভেকুলীবোৰৰ পেটুবোৰ থেইৰিতৰ মাকে উলিয়াই আছে। প্ৰতি ডাল মালাতেই প্ৰায় এশৰো অধিক ভেকুলী। চৌকাত আৰি থৈ দিয়া ভেকুলীবোৰ জুইৰ তাপত ইতিমধ্যেই কোনো অপৰাধীয়ে অস্ত্ৰ সস্ত্ৰ পেলাই দুই হাত ওপৰলৈ দাঙি আত্মসমৰ্পণ কৰাৰ ভঙ্গীত শুকাই থৰঙা দিছে। মোৰ বুজিবলৈ বাকি নাথাকিল তাই কিয় মোক অভিনয় কৰি বা ইংগিতেৰে বুজাবলৈ টান পাইছিল। টান পোৱাটোৱেই কথা। কেনেকৈনো তাই মোক ভেকুলীৰ দৰে জপিয়াই জপিয়াই জাপিৰ অৰ্থ বুজাব?
থেইৰিতে মোক চাহ খাই যাবলৈ কৈ ভাতৰ চচটো নমাই চাহৰ কেটলিটো বহুৱাই দিলে। মই না নকৰিলো। এটা নতুন অভিজ্ঞতা লাভৰ আশাৰে মই সিহঁতৰ কাৰু কাৰ্যবোৰ সূক্ষ্ম দৃষ্টিৰে নিৰীক্ষণ কৰি থাকিলো।

মোক চাহ, বিস্কুট খাবলৈ দি সিহঁতৰ পৰিয়ালৰ আটায়ে সুদা ভাত আৰু লাল চাহ সাজু কৰি লৈছে। তাৰ পিছত শুকাই থৰঙা দিয়া ভেকুলী এটা এটাকৈ পুৰি প্ৰত্যেকৰে প্লেটত দি গৈছে। আটায়ে প্ৰেয়াৰ কৰি পৰম তৃপ্তিৰে এচামুচ ভাত, একামোৰ ভেকুলী আৰু এঢোক লাল চাহ – এইদৰেই প্ৰত্যেকে একপ্লেটকৈ ভাত খাই শেষ কৰিলে।
সিহঁতৰ লগত চাহ খাই থাকোতে মোৰ মনত প্ৰশ্ন জাগিছিল – বতাহ-বৰষুণ, গাজনি-ঢেৰেকনি, আন্ধাৰ, বিপদ সংকুল পথ – সকলো প্ৰত্যাহ্বান নেওচি বিচাৰি অনা এটি সামান্য ভেকুলীৰে সৈতে পৰম সন্তুষ্টিৰে খোৱা এসাজ ভাতক আমি কি দৃষ্টিভংগীৰে গ্ৰহণ কৰিম? এয়া জানো তেনেই সাধাৰণ এসাঁজ ভাত?

মোহনভোগৰ প্ৰকৃত সংজ্ঞা কি মই নাজানো। কিন্তু মোৰ উপলব্ধি হ’ল – আচলতে সকলো খাদ্যই পৰম আগ্ৰহেৰে বা মনৰ সন্তুষ্টিৰে খাব পাৰিলে সেয়াই মোহনভোগলৈ পৰিবৰ্তিত হব পাৰে। আমি সকলো খাদ্যকেই সন্মান কৰা উচিত। খাদ্যৰ ভাল বা বেয়া বুলি কোনো কথা নাই। সেয়া মাথো নিৰ্ভৰ কৰে খাওঁতাজনৰ দৃষ্টিভংগীৰ ওপৰতহে।
জীৱনৰ বাবে এটা নতুন পাঠ শিকি মই সিহঁতৰ পৰা বিদায় লৈ আহিলো।

(ক্ৰমশঃ)

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.