ফোঁট (পূৰ্ণিমা বৰা)

ফোঁট (পূৰ্ণিমা বৰা)

ফোঁট (পূৰ্ণিমা বৰা)

by December 31, 2016 0 comments

মানুহ গৰাকী বগী ধুনীয়া৷ কপালত পুৱাই আঁকি লোৱা
সেন্দূৰৰ ৰঙা বেলিটো বেলি নপৰালৈকে প্ৰাণোচ্ছল
হাঁহি এটাৰ সৈতে জিলিকি থাকে৷ হঠাৎ এদিন আকাশত কলীয়া
ডাৱৰৰ দ্ৰুত সঞ্চালন ঘটে৷ বেলিটোও লুকাই গ’ল ডাৱৰৰ
মাজত চিৰদিনৰ কাৰণে৷ মানুহে গঢ়া সমাজখনৰ নিয়ম মানিয়ে
ৰঙীয়াল মানুহজনীয়ে জীৱনৰ ৰংখিনি চকুলোৰ লগতে
উটি যাবলৈ দিলে৷ আপোনজন নাই বুলিয়েই জানো জীৱন
স্থৱিৰ হৈ পৰে? হয়তো নপৰে৷ মানুহজনীও আগৰ দৰেই
হ’ল৷ নাই মাথো কপালত দগমগাই থকা ৰঙাবেলিটো সেই
প্ৰাণোচ্ছল হাঁহিটো৷ হঠাৎ মন কৰিলো মানুহজনীয়ে
আকৌ উকা কপালখনত ইষৎ ৰঙা ফোঁটতো আঁকিছে,
পেকেটৰ টিপ ফোঁট৷ আগৰটোৰ দৰে উজ্জ্বল নহয়
আৰু সেওঁতাত নাই সেন্দূৰৰ সেই দীঘলীয়া বাটটো৷
কৌতুহলেৰে ভৰা মনটো দমাব নোৱাৰি মানুহগৰাকীক সুধি
দিলো “বাইদেউ আপুনি যে ৰঙা ফোঁটটো আকৌ লৈছে “?
মানুগৰাকীয়ে মৰমিয়াল হাতখনেৰ মোৰ চুলিত হাত বুলাই
ক’লে “মাজনী তেখেতক মই প্ৰতিটো উশাহত এই
অন্তৰখনতেই লৈ থাকো কোনেওতো নেদেখে৷ ৰঙা ৰঙটো নাপায় যদিও এতিয়াৰ পৰা দেখাকৈ লৈছোঁ
সকলোৱে জানক তেওঁ মোৰ মাজত এতিয়াও আছে।
ফোঁটটোতেছোন জীৱনটো সুৰক্ষিত, .ফোঁটৱে
মোৰ জীৱনৰ অস্তিত্ব৷ “
মই মুক হৈ ৰ’লো খন্তেকৰ কাৰণে . মোৰ দৃষ্টি
তেতিয়াও আগতকৈ কম উজ্জ্বল ৰঙা বেলিটো ৰ ওপৰত।

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.