অভ্যন্তৰ (প্ৰাঞ্জল দলৈ)

অভ্যন্তৰ (প্ৰাঞ্জল দলৈ)

অভ্যন্তৰ (প্ৰাঞ্জল দলৈ)

by January 31, 2017 0 comments

অন্ধবিশ্বাস আৰু কুসংস্কাৰ ৰোধ কৰিবলৈ আমি যুক্তিক আগস্থান দিব লাগে। কিন্তু যুক্তিবাদ চাকি গছিৰ পোহৰত মুক্ত হৈ চাকি গছিৰ তলত থকা এন্ধাৰখিনিৰ বিষয়ে আমি সজাগ নে? উদাহৰণ স্বৰূপে — বৰ্তমান বিজ্ঞানৰ অগ্ৰগতিৰ যুগত ব্যয়বহুল চিকিৎসা ব্যৱস্থাত ৯০ শতাংশ মানুহে প্ৰকৃত চিকিৎসাৰ পৰা বঞ্চিত হৈ ওজা, বেজ, বেজালিৰ আশ্ৰয় ল’ব লগা হৈছে। চিকিৎসা বিজ্ঞানৰ এই অগ্ৰগতি বিশ্বজনীন হ’লেও কৰ্মক্ষেত্ৰত ইয়াৰ উপকাৰ আৰু উপযোগিতা এটা বিশেষ শ্ৰেণীৰ পৰিসীমাত আৱদ্ধ । বৈজ্ঞানিক মানসিকতাৰ এয়া খুবেই দুখদায়ক দিশ। দুখীয়া মানুহে এইবাবে ব্যয়বহুল চিকিৎসাক বাদ দি কম খৰছৰ বেজ-বেজালিত বিশ্বাস কৰিবলৈ বাধ্য হৈ পৰে। অপ্ৰিয় সত্য কথা এয়া । এয়া যুক্তি আৰু বিজ্ঞানৰ বিপৰীতে অন্ধবিশ্বাসৰ জয়ঢোল বজোৱা প্ৰক্ৰিয়া নাভাবিব। ভাৰতৰ নিচিনা দেশত যুক্তি আৰু বিজ্ঞানৰ সপক্ষে এইবাবে বহুসময়ত পোনপটীয়া অক্লান্ত অভিযান অসম্ভৱ ।

Winin Pereira আৰু Jeremy Seabrook নামৰ দুজন লেখকে “Global Parasite” নামৰ কিতাপ এখন লিখিছিল। অৰ্থাৎ গোলকীয় পৰজীৱী, ৰাজনীতি আৰু অৰ্থনীতি বিষয়ক এইখন গ্ৰন্থৰ পাতনিটো আৰম্ভ কৰিছিল এটি প্ৰাণী বিজ্ঞানৰ উদাহৰণেৰে। এবিধ দেখিবলৈ ধুনীয়া ৰঙীন কুমাৰণী(Wasp) আছে । এইবিধ ক্ষুদ্ৰ প্ৰাণীয়ে চিকাৰ ধৰি খায় । এওঁলোকে চিকাৰ কৰি অনা প্ৰাণীটোক (সাধাৰণতে পৰুৱা জাতীয় ) মাৰি নেপেলায়। এওঁলোকৰ দেহত এক বিশেষ ধৰণৰ বিষক্ৰিয়া কৰাই অৰ্ধমৃত অৱস্থাত ৰাখে। মাইকী কুমাৰণীজনীয়ে এনে এক প্ৰাণীৰ দেহত কণী পাৰে। কণী ফুকাই অৰ্ধমৃত প্ৰাণীটোৰ দেহৰ অভ্যন্তৰতেই পলুৰ জন্ম হয়। এই পলুবিলাকে এক বিশেষ কৌশলেৰে খাদ্য গ্ৰহণ কৰে। যিটো প্ৰাণীৰ দেহত পলুবিলাকৰ জন্ম হয়, সেই প্ৰাণীটোক শেষ পৰ্যন্ত জীয়াই ৰাখি প্ৰাণীকেইটাই এফালৰ পৰা খায়। সৰ্বশেষত প্ৰাণীটোৰ মগজু আৰু হৃৎপিণ্ড খায়। লেখকদ্বয়ে প্ৰাণীজগতৰ এই ভয়ংকৰ ঘটনাটো বৰ্ণনা কৰি পাঠকৰ উদ্দেশ্য লিখিছে এনেদৰে – ” প্ৰিয় পাঠক, আপুনি চাগে এই ঘটনাটো পঢ়ি স্বস্তিৰ নিশ্বাস লৈছে এটা কাৰণত যে মানুহৰ এনেধৰণৰ খাদ্য প্ৰণালী নাই । কিন্তু প্ৰিয় পাঠক, আপোনাৰ স্বস্তিলাভৰ কোনো যুক্তি নাই , কাৰণ বিশ্বায়নৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে মানুহৰ মাজতো এনেকুৱা এক ভয়ংকৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ।
হয়, সাৱধানে খোজ নিদিলে অসমীয়া জাতিৰ এনেকুৱাই হ’ব বুলি ক’বলৈ মই দ্বিধাবোধ নকৰোঁ ।

মহাপুৰুষ শঙ্কৰদেৱৰ চিন্তা আৰু আদৰ্শ নতুন প্ৰজন্মৰ মাজত যথাৰ্থ ৰূপত এতিয়াও উপস্থাপন হোৱা নাই। বিজ্ঞান-প্ৰযুক্তিবিদ্যা, পাশ্চাত্য সভ্যতা-সংস্কৃতি আৰু বিশ্বায়নে অসমত প্ৰৱেশ কৰি শঙ্কৰদেৱৰ সাংস্কৃতিক পৰিমণ্ডলৰ পৰা নতুন প্ৰজন্মক আঁতৰাই আনিছে। এতিয়া শিক্ষিত ল’ৰা-ছোৱালীয়ে শৰণ লোৱা বা সত্ৰীয়া জীৱন-যাপন কৰা দূৰৰে কথা, বহুতে ধৰ্মীয় সংস্কৃতিৰ অনুষ্ঠানত অংশ ল’বৰ বাবে প্ৰস্তুত নহয়। নতুন প্ৰজন্মৰ বহুতে শঙ্কৰদেৱৰ চিন্তা আৰু আদৰ্শক গ্ৰহণ-পালন কৰিবলৈ অনিচ্ছুক। নতুন প্ৰজন্মৰ মাজত শঙ্কৰদেৱৰ আদৰ্শ আৰু চিন্তা যথাৰ্থ ৰূপত উপস্থাপন নোহোৱাৰ বহুকেইটা কাৰণ আছে। প্ৰবীণ চামে শঙ্কৰদেৱৰ সংস্কৃতি, শিক্ষা , আচাৰ-ব্যৱহাৰ আদি ব্যাখ্যা কৰে কাব্য, মহাকাব্য, আখ্যানৰ যোগেদি। কিন্তু নতুন শিক্ষিত প্ৰজন্মই এইবোৰ বিচাৰ কৰে যুক্তিৰে। বহু বিষয় যুক্তিৰ ওচৰত হাৰ মানে। এই বিষয়ে সাহিত্যিক , পণ্ডিত নগেন শইকীয়াই কৈছিল,” যিবোৰ ঘটনা যুক্তিৰে বিচাৰ কৰিব নোৱাৰি আৰু যিবোৰ বিষয় শিক্ষা দিবৰ কল্পনাৰে কাহিনী সৃষ্টি কৰি লোৱা হৈছে, সেইবিলাক বিষয় সাধাৰণ ভক্তসকলে বিশ্বাস কৰাৰ দৰে আৰু গ্ৰহণ কৰাৰ দৰে গ্ৰহণ কৰিবলৈ আৰু বিশ্বাস কৰিবলৈ নতুন তৰুণ সমাজ ৰাজী নহয়। স্বাভাৱিকতে তৰুণ সমাজ শঙ্কৰদেৱ প্ৰৱৰ্তিত ধৰ্মীয় সাংস্কৃতিক বৃত্তৰ মাজৰ পৰা বাহিৰলৈ ওলাই আহিছে। তেওঁলোকে ধৰ্মৰ লৌকিক আচাৰ মানি চলিবলৈও মানসিকভাৱে সাজু নহয় ।”
নতুন প্ৰজন্মৰ মাজত শঙ্কৰদেৱক যথাৰ্থ ৰূপত উপস্থাপন কৰাৰ সলনি প্ৰৱীণ চামে কি কৰিছে? কোনোবাই শঙ্কৰদেৱক ‘শূদ্ৰ’ বুলি নিজৰ জীৱনৰ পৰা আঁতৰাই থৈছে। কোনোবাই শঙ্কৰদেৱক ‘ব্ৰাহ্মণ বিদ্বেষী’ ৰূপত সজাইছে। কোনোবাই তেওঁক বৈদিক আচাৰ ব্যৱহাৰৰ বিৰোধী বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা চলাই আহিছে। হীৰেণ গোঁহাইয়ে “কীৰ্তন পুথিৰ ৰস বিচাৰ”ত এষাৰি ডাঙৰ কথা লিখিছিল । হীৰেণ গোঁহাইয়ে লিখিছিল,” বিশুদ্ধ আধ্যাত্মিক সাধনাৰে এচাম ধনবান আৰু ক্ষমতাবানক ৰসাপ্লুত কৰি ৰাখিব খোজা “বাবা” শঙ্কৰদেৱ নাছিল।

তেওঁৰ আদৰ্শ আধ্যাত্মিক হ’লেও সমাজৰ গতি প্ৰকৃতিৰ ওপৰত ইয়াৰ  প্ৰভাৱ আছিল প্ৰত্যক্ষ , গভীৰ আৰু স্থায়ী।” — এইকথা তৰুণ প্ৰজন্মক জনাব লাগে। আদৰ্শৰ প্ৰতি নিষ্ঠা আৰু আদৰ্শ ৰক্ষাৰ সংগ্ৰাম শঙ্কৰদেৱৰ কেন্দ্ৰীয় প্ৰেৰণা । যি আদৰ্শ আৰু চিন্তাই ঘাত-প্ৰতিঘাতেৰে ভৰা শঙ্কৰদেৱৰ জীৱন সঞ্জীৱিত কৰিছিল, যি হাজাৰ-হাজাৰ মানুহৰ জীৱনৰ বিকাশত সহায় কৰিছিল আৰু সাম্প্রতিক সময়তো লক্ষজনৰ জীৱনৰ বিকাশত সহায় কৰি আহিছে, এই আদৰ্শ আৰু চিন্তা নতুন প্ৰজন্মৰ মাজত উপস্থাপন কৰিব লাগিব । হয়, শঙ্কৰদেৱৰ আদৰ্শ আৰু দৰ্শন জীয়াই ৰখাটো অসমীয়া যুৱক-যুৱতীৰ কৰ্তব্য আৰু দায়িত্ব । অকল শঙ্কৰী প্ৰথামতে সাজ-পোছাক পৰিধান বা বেশভূষা গ্ৰহণ কৰিলেই শঙ্কৰদেৱৰ আদৰ্শ আৰু চিন্তাক জীয়াই ৰখাটো নুবুজায় । মনৰ পোছাক হ’ব লাগিব শঙ্কৰী । ভক্তিৰ দুৱাৰখনেৰে সোমাব নিবিচৰা নৱপ্ৰজন্মই জ্ঞানৰ দুৱাৰেৰে প্ৰৱেশ কৰক শঙ্কৰদেৱৰ ওচৰলৈ । তেতিয়াহে শঙ্কৰদেৱৰ প্ৰতি থকা বহু নৱপ্ৰজন্মৰ অনীহা আৰু বিকৰ্ষণ দূৰ হ’ব ।

পুহ মাহত চৰকাৰে যেতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলং মুকলি নকৰে , তেনেকুৱা বাতাৱৰণত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিষয়ে ক’বলৈ গ’লে বিপ্লৱৰ নিচিনাই কথা । হয়, অন্ধবিশ্বাস আৰু কুসংস্কাৰ ধ্বংস কৰি আম্ জনতাৰ (???)  মাজত বৈজ্ঞানিক দৃষ্টিভংগী গঢ়ি তুলিবলৈ সৰ্বপ্ৰথম প্ৰয়োজন ব্যাপক বিজ্ঞানভিত্তিক জনশিক্ষা । কিন্তু এয়াও সত্য যে বহুসময়ত কেৱল জনশিক্ষাৰ মাধ্যমত সমাজ জীৱনৰ কুসংস্কাৰ নিৰ্মূল নহয় । অনেক উচ্চ শিক্ষিত মানুহে কুসংস্কাৰ লালন কৰে । পি. এইচ. ডি. ডিগ্ৰী ল’বলৈ কামাখ্যাত ‘বলি’ আগবঢ়ায় । ব্যাপক বিজ্ঞানধৰ্মী লোক-শিক্ষাৰ লগত প্ৰয়োজন এক বিৰাট সাংস্কৃতিক বিপ্লৱৰ । যি বন্যাত উটি যাওক কুসংস্কাৰ আৰু অন্ধবিশ্বাস । ইতিহাসৰ মিছিলত তেতিয়াহে প্ৰথমে উৰিব ভাৰতীয় জাতীয় পতাকা ।
__________________

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.