এটি কবিতাৰ জন্মগাঁঠা – পৰাগ শইকীয়া

এটি কবিতাৰ জন্মগাঁঠা – পৰাগ শইকীয়া

এটি কবিতাৰ জন্মগাঁঠা – পৰাগ শইকীয়া

by January 31, 2017 0 comments

Thus a poem is born

 

আবেগৰ নিজা এটা সুৰ আছে –

মাজনিশাৰ কোনোৱা আকুল প্ৰেমিকৰ চিফুঙৰ সুৰৰ দৰে

সেই সুৰ বাজিলে

সৃষ্টিৰ আকুলতাবোৰ হালে–জালে

বুকুৰ বাহিৰে-ভিতৰে

যমুনাৰ সিটো পাৰৰ অভিমানী ৰাধাৰ দৰে

আবেগৰ নিজা এক ভাষা আছে–বৰষুণৰ দৰে ৰুণজুন

মোৰ বুকুত মূৰ গুজি যি

দুহাতত তুলি দিয়ে সেউজীয়া তুলিকা

দুচকুত বাংময় নিস্তব্ধতা

আবেগৰ নিজাকৈ এটি আত্মা আছে–শিশুৰ দৰে

প্ৰতিপলে নিৰৱতা ফালি মোক পিতৃত্বৰ স্বাদ দিয়ে

পলকতে মোৰেই গৰ্ভত বাহ বান্ধি

মোৰেই বুকুত মাতৃত্বৰ হেঁপাহ ৰছে

সেই হেঁপাহৰ ছাঁ–কাঁচলিত আবেগে

কেতিয়াবা মলয়া হৈ জুৰ দিয়ে

কেতিয়াবা বৰদৈচিলা হৈ ভাঙে–ছিঙে

কেতিয়াবা ইন্দ্ৰৰ দৰে ব্ৰজপাত কৰে

কেতিয়াবা কানাই হৈ গোবৰ্ধন দাঙি ধৰে

আবেগৰ চিফুং বাজিলে

কলিজাৰ কেনভাছত

অনুভৱৰ তুলিকাৰে

আঁক–বাঁক কৰে জীৱনৰ কুঁহিপাতৰ ঠিকনা

মাজনিশাৰ চিফুঙৰ সুৰ যেতিয়া উদ্মাদ হয়

যমুনাৰ দুকুল উত্তাল হয়

অভিমানী ৰাধাৰ বুকুত প্ৰতীক্ষাৰ শেৱালি সৰে

বৰষুণৰ ৰুণজুন বাংময় হয়

মোৰ আত্মা দুফাল হয়

এফাল প্ৰসৱৰ যান্ত্ৰনাত ছটফটাই

এফাল পিতৃত্বৰ হেঁপাহত উন্দোল খাই

ক্ৰমশঃ চিফুঙৰ সুৰ নিতাল হয়

যমুনাৰ দুকুল নিৰৱ হয়

ৰুণজুন বৰষুণজাক পাহাৰটোক সাৱতি ৰামধেনু হয়

ৰাধাৰ দুওঁঠ — কানাইৰ দুওঁঠ

একেটি মুৰুলিত ৰাগ বাগেশ্ৰী হয়

জীৱনৰ কুঁহিপাতৰ ঠিকনা পুৰঠ হয়

শুকুলা শেতেলিত নীলাভ আকাশ সানি

প্ৰসৱিত হয় আবেগৰ আত্মা

ব্যাকৰণৰ বুলনিত

আলফুলে নাম থওঁ—কবিতা৷
__________________________

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.