কাংক্ষিত জোনাক – জয়শ্ৰী এম গগৈ

কাংক্ষিত জোনাক – জয়শ্ৰী এম গগৈ

কাংক্ষিত জোনাক – জয়শ্ৰী এম গগৈ

by January 31, 2017 0 comments

যোৱা সংখ্যাৰ সাহিত্য ডট অৰ্গ ৰ পিছৰ খণ্ড

দুই
***

……….. হুহ! থৈ দিয়া তোমাৰ ডিগ্ৰী৷ স্কুল কলেজৰ সেই দিন নাই মিচেছ ধৰিত্ৰী৷ তোমাৰ স্থান কেৱল ঘৰখন৷ ঘৰ ধৰা, স্ফুৰ্তি কৰা৷ একাউণ্টৰ টকা শেষ হ’লে ক’বা৷ মাথোঁ নক’বা ল’ৰা ছোৱালীৰ কথা, সিহঁত মোৰ৷ মই চাম, তোমাৰ দৰে ইম’চনেল ফুল নবঢ়াওঁ মই৷ বহুত পঢ়িলা, এতিয়া ভাত ৰান্ধা৷

মাইকত ভাঁহি উঠে _ এট্যেশ্বন প্লীজ্! জেট এয়াৰৱেজ এ, ই থ্ৰী নাইন টু অ’ উইল ফ্লাই টু গুৱাহাটী আচাম এট এইট থাৰ্টি …

আদিত্য থিয় হয়৷
: অকে মই যাওঁ৷ ডিচেম্বৰত বেক কৰিম৷ নিজৰ লেপটপ, মেগাজিন সামৰি আদিত্যই কৈ যায়৷ উভতি আহি পাৰ্টি কৰিম৷ নিউ ইয়েৰ চেলিব্ৰেট কৰিম আৰু ইহঁতক চাবলৈ আহিম৷ তুমি মই নৱৰূপ আৰু আলফুল, এমাহৰ ইণ্ডিয়া ট্যুৰ৷ মই এতিয়া হোটেল যাওঁ, আই থিংক ইউ কেন হেন্দেল ইউৰচেল্ফ৷ এয়া লোৱা, ইয়াত টিকট আৰু কেচ আছে৷ অ কে বাই …
কৈয়ে আদিত্য এক্সিট ড’ৰ ফালে খোজ লয় মুখত কোনো অভিব্যক্তি নাই, আবেগ নাই৷
ধৰিত্ৰী কঁপি উঠে …..চকুৰ পানীৰ ঢল নামি আহে৷ তাই একো ভাবিব নোৱাৰে৷

: কান্দিলেই যদি সকলো সমাধান হয় তেন্তে ময়ো কান্দিলোঁ হেতেন৷ বুজিছে? চেষ্টা কৰিছিলো কিন্তু একো লাভ নহ’ল৷ জীৱনে নিজৰ বাট নেৰিলে৷ আগে আগে জীৱন পাছে পাছে মই৷ জীৱনটো তো এৰিব নোৱাৰোঁ কিন্তু মই কান্দিব এৰিব পাৰোঁ৷ চকুৰ পানীৰ প্ৰতিটো টোপালৰ মূল্য মই বিচাৰিব পাৰোঁ৷ জীৱনক আকৌ জৱাবদিহি কৰিব পাৰোঁ৷
উমম্ চকুৰ পানী আপুনিও মচিব পাৰে …

কেতিয়ানো আদিত্য যোৱাৰ পাছত কোনোবা এজন আহি তাইৰ ওচৰত বহিছিল তাই গমেই পোৱা নাছিল৷ কিন্তু এক অদ্ভুত আবেদনত কোৱা কথা কেইটাই তাইৰ মন মগজুক লাহেকৈ কোব এটা মাৰি দিলে …..টিং ….
স্পষ্ট, তীক্ষ্ম গভীৰ শিপাৰ তান থকা আৰু কোমল মাত এটা ….
: লওক
এখনি অচিনাকি হাত৷ হাতত ৰূমাল, ধৰিত্ৰীলৈ আগবাঢ়ি আহিছে৷ ৰঙা পৰা ঢুল ঢুলিয়া চকু দুটিৰে তাই উভতি চালে৷ আকৌ সেই হেজাৰ বছৰীয়া বিশ্বাসৰ সেউজীয়া তাই সেই দুচকুত দেখা পালে৷ এবাৰ ৰূমাল খনলৈ চালে৷

: পৰিষ্কাৰ, ল’ব পাৰে৷ একদম চাফ চিকুণ৷
ক্ষন্তেকৰ বাবে অপ্ৰস্তুত ধৰিত্ৰী৷ এয়া নাৰীৰ সহজাত আবুৰতা৷
কিন্তু কি হৈছে ধৰিত্ৰীয়ে ধৰিব নোৱাৰিলে৷ কলা বোবাৰ দৰে মূক হৈ ৰ’ল৷
কোনো কথাই নোকোৱাকৈ নুসুধাকৈ হাত খন আগবাঢ়ি গ’ল৷ তাই ৰূমাল খন হাতত ললে৷ অকণমান বিব্ৰতবোধো নকৰাকৈ থকা নাছিল, কৰিছিল৷ কিন্তু তাই পাহৰি গৈছিল৷ জীৱনৰ ৰং যেতিয়া হেৰাই যাব ধৰে, চকুৰ আগত সকলো ধূসৰ হ’ব ধৰে৷ যেতিয়া হুমুনিয়াহে সখী পাতে, দিন, – নিশাৰ সহচৰ হৈ পৰে তেতিয়া তেনে অৱস্থাত এগৰাকী নাৰীয়ে মনত ৰাখে কেনেকৈ স্থান কাল পাত্ৰ৷

আলফুলে ৰাতি অকলে শুব নোৱাৰে৷

ৰূমাল খন তাই হাত পাতি লৈ লিৰিকি বিদাৰি থাকে৷ শূন্য প্ৰায় মন, চকুলো মচিবলৈ দুচকুত তাই হেঁচি ধৰে ৰূমাল খন৷ ৰূমালৰ বুকু ভৰাই তোলে উমাল চকুলো বোৰে৷

: অসমলৈ? হুঁ? গুৱাহাটী লৈ?

ধম্ কৰি উঠে ধৰিত্ৰীৰ বুকু৷ যেন বিৰাট প্ৰাচীন, চিনাকি সেই কণ্ঠ৷ তাইৰ তেনে লাগে৷
সৰুতে মাকে পুৱা গধূলি চোতালৰ সিপাৰত সৰু মন্দিৰত চাকি দিয়ে৷ ধূপ জ্বলাই টিলিঙা বজায়, টিং টিং টিং …..
সন্ধিয়াৰ আন্ধাৰ চাকিৰ পোহৰত দূৰলৈ আঁতৰি যায়৷ আৰু দূৰৈত নাচিব ধৰে৷
চগাই নহৰুৰ বাকলি যেন পাতল পাখি মেলি দৌৰ মাৰে৷ ধূপৰ সুবাস আৰু এই সকলো বোৰে মনক দিয়ে এক বিৰাট প্ৰশান্তি৷ নিৰাপত্তা৷
কিন্তু ইয়াত? ৰূমাল খনত? সেই যেন একেই প্ৰশান্তি! ! !

তাই মূৰ দুপিয়াই এবাৰ মূৰ তুলি চায় এই অচিনাকি মানুহ জনলৈ৷ মাথোঁ এপলকৰ বাবে৷ চকমকাই উঠে মনৰ আকাশ৷ তাই চকু নমাই আনে৷ প্ৰশান্ত এক দৃষ্টি যেন তাইৰ ভিতৰলৈ সোমাই যাবলৈ বাট বিচাৰিছে৷ চাব বিচাৰিছে তাই সযতনে সাঁচি থোৱা দুখৰ ভঁৰাল টো৷

নাঃ তাই কুচিমুচি বহে৷

: মই যাম গুৱাহাটী লৈ৷ মানে তিনিচুকীয়া লৈ৷ এক সোপা কাম আছে বুজিছে?
মোৰ মূৰ চূৰ একদম গৰম হৈ আছে৷ নিজৰ বেগ খুচৰি খুচৰি অচিনাকি সেই মানুহ জনে কৈ যায়৷

ধৰিত্ৰীয়ে শুনিব বিচাৰিছে নে নাই সেইবোৰলৈ একেবাৰে ভ্ৰূক্ষেপ নাই৷ কৈ গৈছে আপোন মনে৷

: কিমান যে কাম আছে নহয়! পিঠা গুড়িৰ পৰা কলফুল লৈকে৷ কলফুল খায় নে আপুনি? পাহৰৰ কলফুলৰ টেষ্টেই বেলেগ৷ ভীমকলৰ? ভীমকলৰ আকৌ বেলেগ দেই৷

আলফুলে বা কি কৰিছে! চিঞৰ টো আকৌ পাহাৰৰ ওখ টিঙৰ পৰা ভাঁহি অহা চিঞৰৰ দৰে ধৰিত্ৰীৰ বুকুত বাজে৷ অ মা …. মা …

মা মোৰ মৰমৰ মা … মা অ ..
ধৰিত্ৰী কঁপি উঠে৷

: চৰি দেই৷ মন নগ’লে কথা পাতিব নালাগে৷ আপোনাক দেখা পাই কিয় জানো মন গ’ল৷ বহু দিন ঘৰ দেখাই নাই নহয়৷ সেই কোৰিয়ান এগালৰ মাজত আছিলোঁ৷ কি দুৰ্দান্ত জাতি, মাটিৰ গোন্ধ বুলি ক’লে বলিয়া হৈ যায়৷ ট্ৰেডিশ্ব্যনেল ভেল্যু বুলি ক’লে শেষ আৰু৷ ন’ কম্প্ৰমাইজ৷
সিহঁতে জীয়াই থাকিবই বুজিছে৷ সেই যুক্তিৰে নিজক সামৰা প্ৰতিটো জাতি জীয়াই থাকিব৷ কোৰিয়ান সকলে প্ৰতিটো কথা যুক্তিৰে ফঁহিয়াই চায়৷

ধৰিত্ৰীয়ে এবাৰ ঘূৰি চায় এই অনৰ্গল কথা কৈ থকা মানুহ জনলৈ৷
কেনে মানুহ! বুজিবলৈ চেষ্টা কৰে তাই৷
হঠাতে চকুৱে চকুৱে পৰে …

: অহ্ ৰূমাল খন? ৰাখি থওক, ৰাখি থওক৷ আপোনাক গিফট্ কৰিছোঁ৷ কেইটিমান মুহূৰ্ত ৰয় আৰু ক’ব ধৰে …
মোৰ মনে কৈছে আপুনি আৰু কিছু সময় কান্দিব৷ বাৰে বাৰে মই ৰূমাল খন কিয় দি থাকিম? এইখন একেবাৰে দিছোঁ ৰাখি থওক৷ যিমান কান্দে সিমানেই মচিব পাৰিব৷

আচৰিত! অদ্ভুত! ক’ৰ মানুহ? কিয় এনেদৰে কথা কয়? কাৰো মানসিক পৰিধি এইজনৰ বাবে গুৰুত্বপূৰ্ণ নহয় নেকি?
ইমানেই সৰল নে? দৌৰি ফুৰিছে৷
এবাৰ ধৰিত্ৰীৰ মনৰ চোতাল পাইছে, এবাৰ গৈ বাৰিৰ কলফুল৷ আকৌ এবাৰ কোৰিয়া৷

মা … অ মা …. আকৌ আলফুলে চিঞৰ মাৰে…. তাইৰ মনৰ ভিতৰত৷
মা তুমি নাকান্দিবা, মই নিজে ভাত খাম নহয়, জোতাও পিন্ধিম …..!
মা নাকান্দিবা …. ধৰিত্ৰীয়ে কঁপি কঁপি কান্দি উঠে৷ ভাঁহি আহে আলফুলৰ কৰুণ মুখখন ….!

: উহ্! মোৰ বিৰাট ভোক লাগিছে কিবা খাব? বলক কিবা খাওঁগৈ?

ধৰিত্ৰীয়ে মূৰ জোকাৰে৷ তাইৰ একো খাবলৈ মন নাযায় ….. ( ক্ৰমশঃ )

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.