কাহিনীটো – ৰিতুপৰ্ণ মহন্ত

কাহিনীটো – ৰিতুপৰ্ণ মহন্ত

কাহিনীটো – ৰিতুপৰ্ণ মহন্ত

by January 31, 2017 0 comments

বেংকৰ কৰ্মচাৰী বান্ধৱীক তাই বহু বছৰৰ মূৰত লগ পালে। খা-খবৰ লোৱাৰ পাছত বান্ধৱীয়ে সুধিলে তাইক, “কি কৰি আছ এতিয়া?” “মই একো নকৰোঁ অ’, এনেয়ে ঘৰতে।” কুণ্ঠিতভাৱে তাই উত্তৰ দিলে। উত্তৰটো দিওঁতে বুকুৰ কোনোবা এডোখৰ মোচৰ খাই উঠিল। এই প্ৰশ্নটোৰ কাৰণেই তাই পৰাপক্ষত বন্ধু-বান্ধৱৰ পৰা আঁতৰত থাকিব খোজে।

আচল ছবিখন

সঁচাকৈয়ে তাই একো নকৰেনে? থাকেনে এনেয়ে ঘৰতে? যোৱা তিনিবছৰে যাম যাম বুলিও মাকৰ ঘৰলৈ যাবলৈ সময় উলিয়াব পৰা নাই। এইখন ঘৰ কাৰ হাতত এৰি থৈ যাব? এদিনমান তাই অসুখত পৰিলেই গোটেই ঘৰখন তল ওপৰ হ’বলৈ আৰম্ভ কৰে। পাকঘৰটো চাব নোৱাৰাকৈ বিশৃংখল হয়, ল’ৰা-ছোৱালী দুটাই স্কুল বাছ ধৰিবগৈ নোৱাৰে, ঘৰখন বাহি হৈয়ে থাকে, লেতেৰা বাচনে পাহাৰৰ আকৃতি লয়। উপায় নাপাই বেমাৰী দেহাৰেই সকলো টানি আজুৰি ফুৰে তাই। শাহুৱেকৰ বাতবিষ আছে। বৰকৈ উঠিব মেলিব নোৱাৰে। সকলো যতনাই মেলি দিব লগা হয়। গা ধোৱা পানীটোপাৰপৰা ভাতৰ কাঁহীখনলৈকে। ল’ৰা-ছোৱালীহাল পুৱা সাত বজাতে স্কুললৈ যায়। ছোৱালীজনী সৰু হৈ আছে, নিজে ইউনিফৰ্ম পিন্ধিব পৰা হোৱাগৈ নাই। সিহঁতৰ আকৌ খোৱা বোৱাত বৰকৈ বাচ-বিচাৰ আছে। টিফিনত খাবলৈ ভালকৈ কিবা এটা ৰান্ধি নিদিলেই নহয়। আৰু মানুহজনো যে! বিয়াৰ আগত কেনেকৈ আছিল তেওঁহে জানে। এতিয়াচোন ৰুমালখনো বিচাৰি নাপায়। সকলোকে খুৱাই বুৱাই পঠিওৱাৰ পাছত ঘৰ-দুৱাৰ চাফ-চিকুণ কৰি অটাই মানে দুপৰীয়াৰ কাৰণে ভাতৰ যোগাৰ কৰিবলগীয়া হয়। শাহুৱেকৰ কাৰণে বেলেগকৈ ৰান্ধিব লাগে। কমকৈ তেল দি, আলু, মছলা নিদিয়াকৈ। ল’ৰা-ছোৱালীহালে ভাল পাই বেছিকৈ তেল-মছলা দি ৰন্ধা খাদ্য। মানুহজনে আকৌ শাকজাতীয় বস্তুবোৰহে ভাল পায়। তাই নিজে কি খাই ভাল পাইছিল সেয়া মনত পেলাব নোখোজে কেতিয়াও। সকলোলৈকে বিধে বিধে ৰন্ধাৰ পাছত নিজৰ কাৰণে আকৌ বেলেগকৈ ৰন্ধাৰ হেঁপাহ নাথাকেগৈ। গতিকে তাই শাহুৱেকলৈ ৰন্ধা, বেছি হোৱা সিজোৱা ভাজিকণো খায়, মানুহজনৰ কাঁহীত থাকি যোৱা শাকৰ ভাজিকণো খায়। জীয়ৰী কালত পিছে এইবোৰ দেখিলেই তাই ভাতৰ কাঁহী দূৰলৈ ঠেলিছিল। অৱশ্যে জীয়ৰী দিনৰ চখবোৰ তাই কেতিয়াবাই সামৰি-সুতৰি থ’লে। চিনেমা হ’লত চিনেমা চাই তাই বৰ ভাল পাইছিল, স্থানীয় সভাই সমিতিয়ে মাজে মাজে দুই এটা গান গাইছিল, কবিতা লিখিছিল, প্ৰচুৰ পৰিমাণে কিতাপ পঢ়িছিল। কতদিন হ’ল এইবোৰৰপৰা আঁতৰত থকা। আজিকালি তাইৰ নতুন চখ কিছুমান হ’ল। তাৰ ফলস্বৰূপেই আগফালে ধুনীয়া ফুলনি এখন হ’ল, পাছফালৰ অকণমানি ঠাইডোখৰতে সৰুকৈ হ’লেও শাকনিবাৰী এখন হ’ল, ঘৰৰ সকলোৱে তাই গোঁঠা গৰম কাপোৰ পিন্ধিলে। অতবোৰ কামৰ মাজত কবিতা লিখিবলৈ, গান গাবলৈ সময়নো ক’ত? তাৰপাছতো তাই ক’বলগীয়া হয়, “একো নকৰোঁ, এনেয়ে ঘৰতে থাকোঁ।” কিয় নকৰে তাই একো! কৰে। তাই দায়িত্বসহকাৰে কাম কৰে কাৰণেই সংসাৰখন সুচাৰুৰূপে চলি থাকে। ল’ৰা-ছোৱালীহালৰ পৰীক্ষাৰ ৰিজাল্ট ভাল হয়, শাহুৱেকৰ অসুখ টান নোহোৱাকৈ থাকে, মানুহজনৰ চুগাৰ, ব্লাড প্ৰেচাৰ কণ্ট্ৰলত থাকে।
—————————-

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.