কুণ্ডলিনী – পৰী পাৰবীন

কুণ্ডলিনী – পৰী পাৰবীন

কুণ্ডলিনী – পৰী পাৰবীন

by January 31, 2017 0 comments

———————————————————————————————-
“নাহৰৰে কুমলীয়া পাতে সৰুমাই
তই বাৰু মোৰে কথা বুজিছনে নাই“
জুবিনৰ গানটো শুনিলে তাইৰ বুকু উৰুঙা উৰুঙা হোৱা দিন সেয়া৷ খিৰিকীৰ সিপাৰৰ এখন খিৰিকীৰ চকুহালে তাইক আমনি কৰা হ’ল৷ খিৰিকীখনত উমলি থাকে পূজাৰ বন্ধৰ দিনকেইটা৷ কোন ক্লাছত আছিল তাই? ক্লাছ নাইনত আছিল নেকি বাৰু তাই? হয়৷ তাই আছিল ক্লাছ নাইনৰ আৰু খিৰিকীৰ সিপাৰৰ গৰাকীয়ে মেট্ৰিক দিব৷ মেট্ৰিক দিব? নাই নাই৷ পঢ়াত ক্ষতি হ’ব তাৰ৷ নিজকে বুজাই মেলি খিৰিকীখন বন্ধ কৰি দিয়ে তাই৷ বন্ধ খিৰিকীত টোকৰ পৰে পদূলিমুখৰ কৰৱীজোপাৰ পৰা খিৰিকীখনলৈ ভুৰুংকৈ উৰা মাৰি অহা শালিকীজনীৰ৷ আগৰাতিৰ বৰষুণে জীপাল কৰা মধুৰিজোপাত কেৰ্কেটুৱা দুটাই বগৰা বগৰি কৰি থাকে৷
খিৰিকীখন বন্ধ থাকে৷
আকৌ লাহেকৈ খোল খায়৷
সিপাৰৰ চকুহাল কিতাপত নিস্তব্ধ দেখি তাই লাহেকৈ ঘৰৰ পৰা ওলাই আহে৷ অস্থিৰ হৈ পৰে পোন্ধৰবছৰীয়া হিয়া৷ হিয়াৰ মাজত কি সুৰ সেয়া, বিষাদৰ নে? ৰিণি ৰিণি নে? নুবুজে, নুবুজে৷ বুজাৰ বয়স নহয় সেয়া৷ সকলোবোৰ কিবা ভাল নলগা অনুভৱৰ জাল চাৰিওফালে৷ মনৰ দমনীয় স্থিতিত বন্দী জীৱন সিঁহতৰ৷ বয়সটোৱেই তেনেকুৱা৷
‘হিৰো ইমপেক্ট’ৰ ৰঙা চাইকেলখন লৈ তাই জপনা খুলি ওলাই আহে৷ এঘণ্টামানৰ পাছত অংকৰ টিউচন আছে তাইৰ৷ কিন্তু তাৰ আগতেই তাই প্ৰিয় বান্ধৱীৰ ঘৰ পায়গৈ৷ ‘কিছমি’ ৰ চকলেট দুটুকুৰা চোবাই চোবাই চাঁদৰ ওপৰত বহি দুয়ো বান্ধৱীয়ে দূৰ দিগন্তৰ হেঙুলীয়া আভা চাই ৰয়৷ বহুত ডাঙৰ ডাঙৰ কথা পাতে সিঁহতে৷ চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱৰ মহাৰথীৰ ‘কৰ্ণ’ৰ কথা পাতে দুয়োজনীয়ে৷ জীৱনৰ অসাৰতাৰ কথা পাতে দুয়োজনীয়ে৷ হীৰুদাৰ “মৃত্যুওতো এক শিল্প” আওৰাই মৃত্যুৰ সতে সহবাস কৰাৰ হাবিয়াহ কৰে দুয়োজনীয়ে৷ আকাশৰ ওপৰৰ আকাশৰ মোহত বন্দী হৈ পৰে দুয়োজনী৷ বান্ধৱীক ক’বলগীয়া খিৰিকীৰ সিপাৰৰ চকুহালৰ কথা তল পৰি ৰয়৷ নীড়মুখী পখীৰ দৰে ওভতিবলৈ হয় তাইৰ৷ খিৰিকীখনত বান্ধি থোৱা চকুহালৰ পৰা কিমান পলাব তাই? কিমান পলাব তাই? শেৱালি শেৱালি গোন্ধ এটাই তাইৰ ভৰি দুখন চোতালতে জপটিয়াই ধৰে৷ নিয়ৰৰ আৱেশে তাইৰ ভৰিত চুমি যায়৷ ইমান উদাস সন্ধ্যা, ইমান ৰিঙা ৰিঙা শৰত৷
ত্ৰিভুজ এটা আঁকি আঁকি সমাধান কৰে,
Sinx ইকুৱেল টু লম্ব বাই কৰ্ণ, cosx ইকুৱেল টু ভূমি বাই কৰ্ণ …………
তাৰ পাছত আউল লাগে তাইৰ৷ লগাৰিথিমৰ মান পাহৰি যায় তাই৷ কি আছিল লগ টু দ্য বেচ ই (log to base e)ৰ মান?
জালিৱানবাগৰ হত্যাকাণ্ড নে পঞ্চম পৰিকল্পনাৰ লক্ষ্য? কিয়েইবা’ তাইৰ দৃষ্টি আঁতৰাব পাৰে সিপাৰৰ খিৰিকীখনৰ পৰা?
চকীখনত দুলি দুলি তাই সূত্ৰবোৰ মুখস্থ কৰি থাকে৷ টেষ্টলৈ বেছি দিন নাই লৰাটোৰ৷ তথাপি মাজৰাতিলৈকে খিৰিকী খোলা ৰাখে দুয়ো৷ বিবেকেৰে পঢ়ে নে আবেগৰ সতে খেলে? পঢ়ে৷ পঢ়েইতো৷ নপঢ়িলেনো মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ দিনা লৰাজনৰ ঘৰ ভৰি পৰে নে? নপঢ়িলেনো কটনত চীট পায় নে সি? নপঢ়িলেনো হৃদয়ৰ মাজসাগৰত অনু্ভৱৰ নাওখনে দিশ হেৰুৱায়নে?
নেপথ্যত বাজি উঠে জুবিনৰ মাত,
“নাহৰৰে কুমলীয়া পাতে সৰুমাই
তই বাৰু মোৰে কথা বুজিছনে নাই”
এনাস্থেচিয়াৰ বেজীটোৰ খোঁচত জ্ঞানশূন্য হৈ পৰা দেহাটোৱে লাহে লাহে মনটো সংগত কৰিবলৈ আৰম্ভ কৰিছে৷ চকুহাল মেলিছে ঈশানীয়ে৷ কাতি হ’ব খুজিও নোৱাৰিলে তাই৷ ধুনীয়া সপোন যেন লগা অতীতৰ সুৰটোৱে বেছি পৰ গুঞ্জন তুলি ৰৈ নাথাকিল৷ থাওকতে নামি আহিল ৰদে ছাটি ফুটি কৰা বাস্তৱৰ উত্তাপ৷ জ্বলি জ্বলি ছাই হোৱা ভস্মখিনি তুলি যেন তাইলৈকে চাই আছিল ষ্টেথোস্কোপ কাণত লৈ সেই চকুহালে৷ মুহূৰ্ততে সম্বিত ঘূৰি আহিল তাইৰ৷ জাপ মাৰিব খুজিও উঠিব নোৱাৰি তাই কোঙা হৈ পৰিল৷ নাই নাই, সেই চকুহাললৈ তাই চাব নোৱাৰে৷ বিদ্ৰূপ কৰি উঠিছে যেন সেই চকুহালে, চোৱা ঈষাণী, তুমি ক’ত, মই ক’ত, তুমি ক’ত, মই ক’ত? অট্টহাস্যৰে কপাঁই তুলিছে যেন হস্পিতেলৰ চৌহদ, হাঃ হাঃ হাঃ! হাঃ হাঃ হাঃ৷

চাৰিযুৰি ওঁঠৰ প্ৰাণখোলা হাঁহিত মুখৰিত হৈ পৰিছিল সিঁহতে গৈ থকা একা-বেঁকা পথ৷ সিঁহত মানে ঈশানী আৰু তাইৰ প্ৰিয় বান্ধৱী সপ্তদৰ্শী, লগতে দুয়োজনীৰে দেউতাক৷ দেউতাকে ফুচুৰি কথা কৈ ভাল পাইছিল৷ ৰস লৈছিল গোটেইকেইগৰাকীয়ে৷ গাড়ীখন আগবাঢ়িছিল সিঁহতৰ হোষ্টেল অভিমুখে৷ দূৰৈৰ চহৰৰ নামী কলেজ এখনত চিট পাইছিল দুয়োজনীয়ে৷ দূৰলৈ পঠিওৱাৰ ইচ্ছা নাছিল ঈশানীৰ মাকৰ৷ কিন্তু দেউতাকৰ হস্তক্ষেপত মাকৰ কথা নৰজিল৷ “এজনীযে মাত্ৰ ছোৱালী, তাই ইচ্ছা কৰিছে, ইয়াতকৈ আৰু বেলেগ কি লাগে? কিমানে এই চিটটোকে নাপাই বছৰৰ পাছত বছৰ ধৰি ঘৰত বহি ৰৈছে৷ কেইটা বছৰৰ কথানো? ঘৰৰ ছোৱালী ঘৰলৈকে ঘূৰি আহিব৷ ”, দেউতাকে তাইৰ হৈ যুক্তি ডাঙি ধৰিছিল মাকক৷ তাই হোষ্টেললৈ বুলি বেডিং-পত্ৰ বান্ধিছিল৷ মাকে চকুলো টুকিছিল৷ মাকৰ চকুলো দেখি তাই মিচিকিয়াইছিল৷ “মা যে আৰু! দেউতা তুমি মাক বুজোৱাচোন৷ হায়াৰ চেকেণ্ডাৰীলৈকে পঢ়িলো দেখোন ইয়াতে৷ মোৰ কেৰিয়াৰৰ কথাও আছে”, তাই আপত্তি দৰ্শাইছিল দেউতাকক৷
দেউতাকে বুজে৷ তাইৰ কথাও বুজে৷ মাকৰ কথাও বুজে৷ বৰ জটিল এই পৃথিৱী৷ নুবুজে মাথোঁ সেই কথা৷ মনৰ দাবীবোৰ পূৰাবলৈ যাওতে সন্মুখত থকা পাহাৰখন চকুত নপৰে৷ গাড়ীখন চলাই যাওতে যিদৰে চকুত নপৰিছিল একা-বেঁকা পথৰ গতিৰোধক চিহ্ন৷
“কেৰেচচচচ! ! ! ”, কোনোমতে ব্ৰেক মাৰি বচাইছিল গাড়ীৰ আগেৰে পাৰ হৈ যোৱা ছাগলীটোক৷ ইজনীয়ে সিজনীৰ গাত হাওলি পৰিছিল৷ আকৌ হাঁহিৰ জোৱাৰ৷ হাঁহিবলৈ কোনো কাৰণ নলগা বয়স এয়া৷ ঘৰৰ পৰা ওলাই আহিছে জীৱনটোক ওচৰৰ পৰা উপভোগ কৰিম বুলিয়ে৷ কেৰিয়াৰৰ কথাটো আছেই বাৰু৷ তদুপৰি আছিল মাকৰ অনুশাসনৰ শিকলিডাল কেনেকৈ ছিঙিব পাৰি তাৰো প্ৰবল তাড়না৷
জীৱনটোক ওচৰৰ পৰা চুব৷ ওচৰৰ পৰা চাব৷ নাকত লগাই শুঙিব৷ কাণ ঊনাই শুনিব৷ জীৱনৰ গান গাব৷ পান কৰিব জীৱনৰ এটোপ এটোপ ৰস৷ হাতৰ মুঠিত যাপন কৰিব জীৱন৷ জীৱনৰ সুৰে বলীয়া কৰা প্ৰাণটোক কেনেকৈ যে খিৰিকীমুখৰ টেবুলখনত বন্দী কৰি ৰাখিছিল তাই জানে৷ জুবিনৰ গানত আকাশ চুই উৰি ফুৰাৰ হেঁপাহক বন্দী কৰি থৈছিল তাই লুকাচুৰিকৈ লিখা ডায়েৰীৰ পাতত৷ সেই হেঁপাহখিনিক এবাৰলৈ মুকলি কৰি দিব তাই৷
নবাগতা সভাত তাই নিসংকোচে ব্যক্ত কৰিছিল সেই আকাংক্ষা৷ খিৰিকীৰ সিপাৰৰ চকুহাল লাহে লাহে ধূসৰ হৈ আহিছিল৷ কৈশোৰৰ প্ৰাকক্ষণৰ এক মিঠা অনু্ভুতি আছিল মাথো সেয়া, সেই প্ৰশ্নৰ উত্তৰ তাই নিজকে তেনেকৈয়ে দি থলে৷ নবাগতা সভাৰ সমবেত সংগীত পৰিবেশন কৰি থাকোতেও তাইলৈ পোনাই থকা অজস্ৰ চকুৰ মাজত সেই চকুহাল বিচাৰি তাই সময়বোৰ পিতপিত পাতপাত কৰা নাছিল৷
অডিটৰিয়ামৰ পৰা খৰখোজেৰে হোষ্টেললৈ খোজ ললে ৰাজহংসিনীৰ জাকটোৱে৷ সিদিনাৰ মুগাবৰণীয়া সাজেৰে এজনীতকৈ এজনীৰ ৰূপ চৰা৷ এইজাক উতনুৱা হংসিনীক বলোৱাটো সহজ যে নহয়, বুজি উঠিছিল হোষ্টেলৰ ৱাৰ্ডেনেও৷ “দিনটো যিমান ঢপলিয়াই ফুৰিলেও সন্ধ্যা ছয় বজাৰ আগতে হোষ্টেল সোমাবই লাগিব৷ হোষ্টেলৰ সান্ধ্য-প্ৰাৰ্থনা সভাত লোৱা এটেণ্ডেন্স ৰেজিষ্টাৰত কোনোবা ছাত্ৰীৰ অনুপস্থিতিক কোনো কাৰণতে ঢিলাই দিয়া নহ’ব ”, চুপাৰিনটেণ্ডেণ্টৰ ৰঙা চকুৰ প্ৰথমদিনাৰ ভাষ্য সেয়া৷
সমবেত সংগীতৰ কলিটো গুণগুণাই গুণগুণাই ঈশানী বাথৰূমত সোমাল৷ পৰিপূৰ্ণ মনটো পখালি পখালি ভাগৰবোৰ পানীত জুবুৰিয়াই থাকোতেই তাইৰ নাম ধৰি কোনোবাই চিঞৰা যেন লাগিল৷ লৰালৰিকৈ টপটো পিন্ধি টাৱেলখন মেৰিয়াই ওলাই আহিল৷ দেখিলে তাইৰ ৰূমৰ আগত এজাক মৌমাখিৰ গুঞ্জন৷ কি হ’ল আকৌ?
তাইক বেৰি গোটেইজাক মৌমাখি তাইৰ ওপৰতে পৰিল, গুণগুণাই উঠিল সমস্বৰে, “চুপা ৰুস্তম! কোন আছে তোৰ ক’৷ কাৰ প্ৰেমেৰে ৰঙীন তোৰ সুকোমল হৃদয় ক’ আমাক৷ ক’ৰ ঘাঁহনিৰ সেউজীয়াই কঢ়িয়ালে তোলৈ প্ৰেমৰ আস্থা ক’ আমাক”৷
একো নুবুজাকৈয়ে খিলখিল হাঁহিত মুখৰিত হৈছিল হোষ্টেলৰ প্ৰথম মহলাৰ চুকৰ কোঠাটো৷ আপোনজনৰ ছবি হৃদয়ত অংকন নকৰাকৈয়ে তাই পাইছিল “চুপা ৰুস্তম”ৰ আখ্যা৷ কিন্তু কিয়? কিয়? তাইৰ প্ৰশ্নত সপ্তদৰ্শীয়ে আগুৱাই দিছিল তাইলৈ নীলা খামৰ চিঠিখন৷ চিনাকি চিনাকি যেন লগা খামটো৷ চিনাকি চিনাকি যেন লগা আখৰখিনি দেখি তাই চিঞৰি উঠিল৷
“আৰে এইখনতো! এইখনতো মোৰেই চিঠি”, কেনেকৈ পালি তঁহতে?
কি যে লিখিছিল তাই! নবাগত সভাৰ বিভিন্ন প্ৰতিযোগিতাসমূহত যোগদান কৰাটো একপ্ৰকাৰ বাধ্যতামূলক আছিল৷ তাৰে এটা অবিচ্ছেদ্য অংশ হিচাপে তাই প্ৰেমপত্ৰ লিখিব লগা হৈছিল৷ জুবিনৰ গানৰ উদ্ধৃতি টানি লিখা চিঠিখন নীলা খামত ভৰাই পষ্ট কৰি আহিছিল৷ চিঠিত আবেগ ঢালি লিখিছিল সাতোৰঙী অনুভৱৰ কথা৷ লিখিছিল তাই বিৰহে কাতৰ কৰা ৰাঙলী কলিজাৰ ভিতৰৰ সেউজৰঙী বিশ্বাসৰ কথা৷ খামৰ ওপৰত লিখিছিল বিচাৰকমণ্ডলীয়ে প্ৰদান কৰা কোনোবা এখন হো্ষ্টেলৰ কোনোবা অচিনাকি প্ৰেমিকৰ ঠিকনা৷ ৰেগিংপৰ্বৰ এক নিৰ্দোষ ধেমালি আছিল সেয়া৷ ইমানবোৰ চিঠিৰ মাজত তাইলৈ অহা প্ৰত্যুত্তৰে এক সুকীয়া মাদকতা আনিছিল হোষ্টেলটোলৈ৷ প্ৰথম বাৰ্ষিকৰ ছোৱালীখিনিৰ মাজতেই নহয়, সকলোলৈকে খবৰটো বিয়পি পৰিছিল, কাৰণ সেই পত্ৰ-লিখা প্ৰতিযোগিতাটিত তাই প্ৰথম স্থান পাইছিল৷ আৰু তাই নাম পাইছিল চিত্ৰলেখাৰূপে৷
মিচিকি হাঁহি এটা বৈ পৰিল অজানিতে৷ বুকুলৈ বৈ অহা জীপাল অনুভৱটোৱে তেতিয়াও প্ৰেম নাম পোৱা নাছিল৷ প্ৰেমৰ হাজাৰযোজন আতঁৰত অৱস্থান কৰিছিল তাই আৰু তাইৰ অনুভৱ৷ যদিও ভাল লাগি আহিছিল অনুভৱবোৰ, কিবা এটাৰ অন্বেষণত ব্যস্ত যেন চকুযুৰিত অগাদেৱা কৰিছিল কলেজৰ পুখুৰীত চৰি থকা হাঁহকেইজনীয়ে৷ মূৰ দুপিয়াই তাইৰ প্ৰতিটো কথাকে সমৰ্থন কৰি গৈছিল হোষ্টেল চৌহদৰ দেৱদাৰুকেইজোপাইও৷ হয়৷ লাহে লাহে তাই প্ৰিয়ভাজন হৈ উঠিছিল সকলোৰে৷ অলক্ষিতে ৰৈ গৈছিল নেকি এহাল চকু? নাজানে তাই৷ সেই উত্তৰ তাইৰ আজিও নাই৷ কিছুমান কথা বেছিকৈ নজনাটোৱেই, বেছিকৈ নুবুজাটোৱেই ভাল৷ জানিলেই অস্থিৰতা বাঢ়ে তাইৰ৷ অস্থিৰতা বাঢ়িলেই মাতাল হৈ পৰে নিশাটো৷ মাতাল হৈ পৰে দুভৰিৰ কথকলি মুদ্ৰা৷ চকুৰ জিঞ্জিৰ ছিঙি নামি যায় তাইৰ আশৈশৱ সপোন, তাইৰ উচ্চাকাংখী মনটোৰ প্ৰতিধ্বনি কঢ়িয়াব নোৱাৰে পাহাৰৰ সিপাৰৰ আকাশখনে৷ আকাশ চুব খোজা সপোনটো ধূসৰ হৈ আহে ক্ৰমাৎ, ঠিক যেন খিৰিকীৰ সিপাৰৰ চকুহালৰ দৰেই৷

আচলতে কষ্ট পাবলগীয়া একো কথায়েই ঈশানীক চুব পৰা নাছিল৷ ৰাতিপুৱা বাথৰূমত শাৰী পতাৰে পৰা আৰম্ভ হোৱা দিনটোৰ ক্লাছ শেষ কৰি আকৌ কলেজৰ পুখুৰীটোৰ পাৰৰ সান্ধ্যভ্ৰমণত লগা লগি হৈ ইজনী সিজনীৰ ৰূমত আড্ডা মৰাৰ পৰা ৰাতি ভাতমুঠি ধৰালৈকে সতেজ হৈ থাকে সিহঁতৰ চঞ্চল মন৷ তাৰ পাছতে ভাগৰুৱা হৈ পৰে ওঠৰ-উনৈশবছৰীয়া শৰীৰ৷ বিছনাত ঢলি পৰে কব নোৱাৰাকৈয়ে৷ মাজতে এবাৰ মাকৰ ফোন আহে৷ টোপনিৰ জালত কথাবোৰ আধাখনীয়া হৈ থাকে৷ মাকে কব বিচৰা কথাবোৰ কাণ ভেদি বুকু নাপায়হি ঈশানীৰ৷
নবাগত সভাৰ পাছতে পূৰ্ণোদ্যমে ক্লাছ হৈছিল সিহঁতৰ৷ প্ৰথম চেমিষ্টাৰৰ তাৰিখ ঘোষণাৰ লগে লগেই বাঢ়িছিল ব্যস্ততা৷ ঘৰত মাকৰ সঁকিয়নি৷ অকলে অকলে জীৱনৰ অন্বেষণত ওলোৱা ছোৱালীজনীৰ ভৱিষ্যতক লৈ শংকিত হৈ পৰিছিল মাক৷ কষ্ট কৰাৰ পণ এটা বুকুত বান্ধি ল’লে তাই৷ অন্ততঃ মাকক সুখী কৰিবলৈকে তাই ৰাতি তিনি বজাত বিছনাৰ পৰা উঠি তাইৰ প্ৰিয় বিষয় ইলেক্ট্ৰনিক্সৰ ইনটিগ্ৰেটেড চিপ, গেট, ট্ৰেঞ্জিষ্ট্ৰৰ, ৰেজিষ্ট্ৰৰত মূৰ গুজে৷ জীৱনৰ ৰস পান কৰাৰ উদ্দামত তাই পাহৰি নাযায় নিজৰ কৰ্তব্যবোধ৷ বিশাল বিশ্বত ফেৰ মাৰি জিলিকিব লাগিব ধূলিকণাসদৃশ এক সত্ত্বা, সেই দায়িত্ববোধক কেন্দ্ৰ কৰি অহৰহ আৱৰ্তন কৰি থাকে তাইৰ বিবেক৷ লগত অৱশ্যেই থাকে জুবিনৰ “পাখি পাখি মোৰ মন” নতুবা “ৰং তুমি জানানে” নতুবা “মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে” গানসমূহ৷ নিয়ৰ চেঁচা আঘোণৰ পকাধানৰ গোন্ধ এটাই আমনি কৰি থাকিলেও তাই ফিজিক্সৰ গতিবেগক তৰান্বিত কৰি পিছ পেলাই আহিছিল স্থবিৰ সময়৷ পৰীক্ষাৰ সময়ছোৱাত ঘড়ীৰ কাঁটাত বান্ধি থৈছিল কিতাপ, কলম আৰু ডায়েৰীৰ সতে মিতিৰালি৷ সেই সময়ছোৱাত নিজান হৈ পৰে কলেজ চৌহদ, গোমা হৈ পৰে হোষ্টেলৰ ডাইনিং হল৷ কিতাপৰ পৃষ্ঠাৰ মৃদু আস্ফালনত ছোৱালীবোৰে নীৰবে হুমুনিয়াহ কাঢ়ে৷ পৰীক্ষাৰ ভৰত গধুৰ হৈ পৰে হোষ্টেলৰ চাঁদ৷ তেনে এক প্ৰস্তুতিৰ মাজতেই তাইৰ ৰূমলৈ ধহমহকৈ সোমাই আহিছিল প্ৰান্তিকা নামৰ নামৰূপৰ ছোৱালীজনী৷ পাছৰদিনা হ’বলগীয়া ‘মেকানিকচ’ৰ শকত ভলিউমৰ কিতাপখন হাতত লৈ তাইৰ আগত মেলি দিছিল মেকানিকচৰ দুৰ্বোধ্য যেন লগা প্ৰশ্নসমূহ৷ তাই যিমান পাৰে সৰল ভাষাত প্ৰান্তিকাক বুজাই গৈছিল, প্ৰাঞ্জল সমীকৰণেৰে সমাধান কৰি দিছিল দুৰ্বোধ্য যেন লগা সমস্যাসমূহ৷ পাছৰদিনা মেকানিকচৰ পৰীক্ষাত তিনিঘণ্টাৰ পেপাৰখনৰ উত্তৰবহী এঘণ্টাতে জমা দি হোষ্টেললৈ ঘূৰি আহি বিছনাত শুই থকা ঈশানীক প্ৰান্তিকাই ভয়ে ভয়ে জগাইছিল, “তোমাক কালি মই পঢ়িবলৈ নিদিলো কাৰণে তুমি আজি একো লিখিবলৈ নোৱাৰিলা চাগে৷ মোৰ কাৰণে তোমাৰ পৰীক্ষা বেয়া হ’ল, মোৰ বৰ বেয়া লাগিছে ঈশানী৷ ”
ধুনীয়া হাঁহি এটাৰে ঈশানীয়ে প্ৰত্যুত্তৰ দিছিল, “তোমাক মেকানিকচৰ সমস্যাসমূহ বুজাই দিয়াৰ পাচত প্ৰতিটো টপিকৰ ওপৰত মোৰ কনচেপ্ট ইমান ক্লিয়েৰ হৈ গৈছিল, আই এম ভেৰী থেংকফুল টু ইউ প্ৰান্তিকা৷ আৰু তুমি জানানে এনেকৈ লগ লাগি আলোচনা কৰিলে কিমান লাভ হয়? বাই দ্য ৱে তোমাৰ পৰীক্ষা কেনেকুৱা হ’ল? ”
দুয়োজনী ওলাই গৈছিল চিনেমা হললৈ৷ পাছদিনা দেওবাৰ৷ পৰীক্ষা নাই৷ লক্ষ্য আছিল সঞ্জয় লীলা বাঞ্চালীৰ “হম দিল দে চুকে চনম”৷
সুখে মিচিকি হাঁহি এটাৰে সম্ভাষণ জনাইছিল তাইক প্ৰতিটো খোজলৈ৷ জীৱনটো মধুৰ৷ বৰ মধুৰ৷ প্ৰতিটো খোজত বাঢ়ি গৈছিল আত্মবিশ্বাস৷ অনু্ভৱ কৰিবলৈ শিকিছিল প্ৰেমত ব্যৰ্থ চমীৰৰূপী চলন্ত খানৰ অকৃত্ৰিম অনু্ভূতিসমূহ৷ হোষ্টেলৰ চাঁদত চিঞৰি চিঞৰি গাইছিল চমীৰৰ ওঁঠৰ হিয়াভগা সুৰ,
“তড়প তড়প ইচ দিল চে আহ নিকলতী ৰহী,
মুঝকো’ চজা দি প্যাৰ কী এইচা ক্যয়া গুনাহ কিয়া,
তো লুট গয়ে, হা লুট গয়ে”
তেনে এক বন্ধৰ দিন এটাত হোষ্টেলৰ চাঁদত চুলি শুকুৱাই ৰৈ আছিল ঈশানীয়ে৷ পুহমাহৰ ঠাণ্ডাত কোমল ৰ’দৰ পৰশত দুৰু দুৰুকৈ কপি থকা এধানমান বুকুখন উমাল হৈ উঠিছিল৷ কুঁৱলীৰ আৱৰণৰ জাল ফালি তাইৰ অৱয়বটো কোনোবা এক হোষ্টেলত বাই্ন’কুলাৰৰ লেন্সত বন্দী হৈ পৰিছিল৷ নাজানে কোন শিল্পীয়ে কি দৃষ্টিৰে তাইৰ শৰীৰৰ নিঁখুততা পৰীক্ষা কৰিছিল সিদিনা৷ ৰং-তুলিকাৰ কাৰুকাৰ্য্যত তাইৰ জলপ্ৰপাতী চুলি, মাখনৰঙী গাল, আয়তাকাৰ চকু, ধেনুভিৰীয়া চেলাউৰিয়ে প্ৰাণ পাই উঠিছিল৷ প্ৰাণ পাই উঠিছিল ৰঙা শ্বলৰ মাজেৰে তাইৰ শৰীৰৰ উচ্ছলতা৷ প্ৰাণ পাই উঠিছিলনে তাইৰ ভৰপূৰ মনৰ পাৰভগা উছাহ? তৃতীয় দিনাৰ পৰীক্ষাগৃহৰ পৰা ওভতি আহোতেই তাইৰ টেবুলত পৰি আছিল অচিন শিল্পীৰ পৈণত হাতৰ পৰশত উজ্জ্বলি উঠা তাইৰ ছবিৰ কেনভাচকেইখন৷ পৰীক্ষাৰ মাজত তাইলৈ দলিয়াই দিয়া সেইজাক ধুমুহাৰ লক্ষ্য কি আছিল তাই নাজানে৷ তাই নজনাকৈয়ে সেইদিনা অভিমন্যুৰ চক্ৰবেহুৰ দৰে এক চক্ৰবেহুত সোমাই পৰিছিল নেকি? কোনে নিৰ্মাণ কৰি তুলিছিল সেই বেহু, যিটো বেহুৰ পৰা ওলাই অহাৰ বাট বিচাৰি ফুৰোতেই বিধ্বস্ত হৈ পৰিল তাইৰ মনৰ সৌধ৷ বেহু ভেদি ওলাব বিচাৰোতেই হাত এৰা খাই গ’ল সহসৃজনৰ৷ কান্দিবলৈ এখন বুকু নতুবা সাৱটিবলৈ এখন কান্ধ বিচাৰি নাপায় তাই এতিয়া৷ অথচ কোনোদিনে শিকাও নহ’ল নিজে নিজৰ কান্ধ সাৱটি ধৰিবলৈ৷ শিকিবলৈ সুযোগ নাপালে নিজৰ বুকুত নিজে মূৰ গুজি উচুপিবলৈ৷ বিধ্বস্ত মনটোক আৱৰিব পৰা এক কঠিন দূৰ্গ নিৰ্মাণৰ প্ৰচেষ্টাত ব্ৰতী হ’ব পৰাকৈ তাই লাহে লাহে অসহায় হৈ পৰিল, নিঃস্ব হৈ পৰিল, যেন খেৰকূটা এডালৰো অভাৱ সেই দূৰ্গ নিৰ্মাণৰ বাবে৷

সাহিত্য দুৱৰা …সেই অচিন শিল্পীৰ নাম৷ নামটোৰ বাহিৰে বাকীখিনি জনাৰ সৌভাগ্য হোৱা নাছিল তাইৰ৷ তাইৰ ছবিৰে তুলিকা বোলোৱা সেই কেনভাচখনৰ তলত থকা নামটোৱে তাইৰ বুকুৰ মাজত অজান পুলক এটাৰ জন্ম দিলে৷ তন্ন তন্নকৈ চালে কেনভাচত তাইৰ অৱস্থিতি৷ বালিমাহী চৰাই এজনীৰ দৰে মৃদু মধুৰ শিহৰণ এটাই তাইৰ বুকুৰ মাজেৰে এনিহালি উম কঢ়িয়াই আনিলে৷ কি নাম বাৰু এই অনুভৱৰ?
অংকৰ দৰে টান বিষয় এটাত লাগি থাকোতে নাম নজনা এই অনুভৱে তাইৰ মনটো উৰুৱাই নি কোনোবাখিনি পোৱালেগৈ৷ ইমানদিনে এৰাল দি ৰখা মনটো সাহিত্য দুৱৰা নামৰ নজনা নুশুনা লৰাজনৰ মনৰ বাকৰিত ছটফটাই থাকিল৷ “পৰীক্ষা ভাল নহ’ব আৰু৷ ই নিৰ্ঘাত সত্য৷ “, নিজে নিজক কৈ উঠিল ঈশানীয়ে৷ আগৰ পৰীক্ষা কেইটাত তাই হয়তো ফুল মাৰ্কচ পাব, তাৰ বিপৰীতে এইটো বিষয়ত তাই মন বহাব পৰা নাই৷ জটিল হৈ পৰিছে মেট্ৰিস্কৰ সমস্যাসমূহ৷ দুৰ্বোধ্য যেন লাগিছে লাপ্লাচৰ সূত্ৰ৷ মগজুৰ ভিতৰত সোমোৱাব পৰা নাই ভেৰিগনৰ থিয়ৰিম৷ কি যে আপদীয়া সময়! প্ৰান্তিকাৰ ৰূমলৈ সোমাই গৈ প্ৰান্তিকাৰ বিছনাখনতে বাগৰ দিলে তাই৷ প্ৰান্তিকা আচৰিত হ’ল, সুধিলে, “কি হৈছে তোমাৰ? গা বেয়া লাগিছে নেকি? “
তাই মিছাতে ও বুলি কৈ মনটো কোনোমতে বুজাই মেলি প্ৰান্তিকাৰ সতে অংকৰ পৰীক্ষাৰ প্ৰস্তুতি চলাইছিল৷ হোষ্টেলখন সেইকাৰণেই আপুৰুগীয়া৷ ইজনীয়ে সিজনীক যিকোনো পৰিস্থিতিতে সহায় কৰিবলৈ উন্মুখ হৈ থাকে৷ বিশাল পৃথিৱীত অকলে বিচৰণ কৰাৰ প্ৰথমটো খোজ হোষ্টেলীয়া জীৱনতে আৰম্ভ হয়৷ জীৱনক উপলদ্ধি কৰাৰ প্ৰথম আদিপাঠ হোষ্টেলীয়া জীৱনতে আৰম্ভ হয়৷
পৰীক্ষা শেষ হোৱাৰ পাছতে হোষ্টেলত উৎসৱমুখৰ পৰিবেশ৷ নতুন বছৰৰ আগমন উপলক্ষে গোটেই ৰাতিটো চাঁদৰ ওপৰৰ কেম্প ফায়াৰত নিমজ্জিত হ’ল সমূহ আবাসী৷ ৰীণা দিদি আৰু শৰ্মা দাক সেই ৰাতিটোৰ বাবে ৰান্ধনীঘৰৰ পৰা অব্যাহতি দি দুজনীমানে হেতা ধৰিলে, বিশেষ খাদ্যৰ আয়োজন কৰিবলৈ দুজনীমানে মাকহঁতলৈ ফোন লগালে, দুজনীমানে পশ্চিমীয়া গানৰ তালে তালে উদ্দাম নৃত্য পৰিবেশন কৰিলে৷ ৱাৰ্ডেন বাইদেউৰ ৰঙা চকু সিদিনা উজ্জ্বল হৈ পৰে৷ নিয়ম শিথিল কৰি দিয়া হয় সিদিনা৷ গেটৰ বাহিৰত অপেক্ষা কৰে বিশেষজনে বিশেষ উপহাৰ লৈ বিশেষ কোনোবাজনীৰ বাবে৷ ঈশানী, প্ৰান্তিকা, সপ্তদৰ্শীহঁতৰ দৰে প্ৰথম বাৰ্ষিকৰ ছোৱালী কেইজনীৰ চকু মেল খাই গৈছিল একেখন হোষ্টেলৰ ন ন ৰূপ দেখি৷ জীৱনৰ বিচিত্ৰতাৰ সোৱাদ দিব এইখন মঞ্চই৷ দুদিনৰ আগত তাইৰ মনৰ প্ৰাংগণ ওলট পালট কৰি দিয়া সাহিত্য দুৱৰাৰ কেনভাচখন আৰু তাৰ পৰিণতি স্বৰূপে মেথমেটিকচৰ ভেৰিগনৰ সূত্ৰই তাইৰ সতে অসহযোগিতা কৰি অনিশ্চয়তাৰ মুখলৈ ঠেলি দিয়া প্ৰথম চেমিষ্টাৰ পৰীক্ষাৰ সম্ভাব্য ফলাফলকো নেওচি ভাগ লৈছিল কেম্প ফায়াৰত৷ হিলৈ ফুটাদি ফুটিছিল সিঁহতৰ উকিবোৰ৷ বয়জ হোষ্টেলৰ পৰা ভাঁহি আহিছিল সুহুৰিৰ মাত৷ উত্তেজিত হৈ উঠিছিল উদ্দাম নৃত্যৰ কম্পনাংক৷ মাজত একুৰা জুই৷ জুইৰ লেলিহান শিখাৰ দগমগীয়া ৰং৷ জুইৰ বৰণ ৰঙা, জুইৰ বৰণ হালধিয়া, জুইৰ বৰণ নীলা৷ জুইৰ নানান পৰিভাষা৷ জুইয়ে আন্ধাৰ নাশে, জুইয়ে অন্তৰ দহে৷ জুইত হোম পোৰে, জুইত চিতা জ্বলে৷ জুই সততাৰ প্ৰতীক, জুই কামনাৰ প্ৰতীক, জুই প্ৰতিশোধৰ প্ৰতীক, জুই ধ্বংসৰ প্ৰতীক৷ শেষৰাতিলৈ ছোৱালীবোৰৰ ভাগৰ লাগিল, নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিল আৰু জুই নামৰ অহংকাৰটিৰ পতন হৈ ৰৈ গৈছিল মাথোঁ ক’লা এমুঠি ছাই৷
আৰু তাইৰ মনৰ কাৰেংঘৰখনি অজাতী চৰাই এজনীৰ সুৰে বাউলী কৰি তুলিছিল ওৰে ৰাতি৷ অচিন কায়া এটাৰ উপস্থিতিৰ নিবিড়তাৰ অনুভৱে তাইৰ মনৰ দোলনাত দুলি থাকিল হালি-জালি৷

“এক ব্ৰাহ্মণ নে কাহা হে কে য়ে চাল আচ্ছা হে, জুল্ম কি ৰাত বহ’ত জল্দ ঢলেগী অৱ তো“, ৰিংটোনৰ মৃদু মধুৰ সুৰত ফোনটো ৰিচিভ কৰোতেই মাকে সিপাৰৰ পৰা চিঞৰি উঠিল, “হ’ল বুলিনো ইমান দেৰিলৈকে শুই থাকিব লাগে নেকি? “৷ মাকৰ ফোনৰ মাতত তাই চকু দুটা মোহাৰি মোহাৰি উঠি বহিব খোজোতেই নাৰ্ছ এজনী দৌৰি আহিল, কৈ উঠিল, “ হেই হেই কি কৰা, কি কৰা, তুমি উঠিব নোৱাৰিবা এতিয়া, চেলাইন দি থোৱা আছে তোমাক৷ “
ঈশানীয়ে চাৰিওফালে চালে৷ কলৈ গ’ল ফোনৰ ৰিংটোনৰ জগজিত সিংৰ গজল? কলৈ গ’ল মাকৰ মৌসনা ধমকি? এই অচিনাকি মুখবোৰৰ মাজত তাই কেনেকৈ আহিল? কত আছে তাই? চেলাইন কিয় দিব লগা হ’ল তাইক?
চিষ্টাৰজনীয়ে মৰমেৰে বুজালে তাইক, কি পৰিস্থিতিত তাইক আনি হস্পিতেলত এডমিট কৰা হৈছিল৷ কালিৰে পৰা তাই চক খাই আছে কাৰণে ডক্টৰে এনাস্থেচিয়া দি শুৱাই থোৱাৰ বাদে গত্যন্তৰ দেখা নাই৷ লগতে বিষনাশক বেজী আৰু শক্তিবৰ্ধক চেলাইন৷ মা কলৈ গ’ল মোৰ? দেউতা ক’ত? প্ৰান্তিকা, সপ্তদৰ্শীহঁতে বাৰু গম পায়নে মই ইয়াত থকাৰ কথা? আৰু সাহিত্য? , নিজকে নিজে প্ৰশ্ন কৰিলে তাই৷
অলপদেৰিৰ মূৰতহে তাই গম পালে যে এয়া ভ্ৰম মাথোঁ৷ তাইৰ যে এয়া বিভ্ৰান্ত বাস্তৱ! এয়া তাইৰ বিভ্ৰমৰ পৃথিৱী৷ ভৰিৰ পৰা মূৰলৈ সৰ্প শীতল কষ্ট এটা বিয়পি পৰিল৷ ইমান আধিক্যৰ মাজত ক’ত ৰৈ গৈছিল সেই শূন্যতা? কিহে অস্থিৰ কৰি তুলিছিল সেই সুপ্ত মহানাদ? ওফন্দি উঠিছিল বদনামৰ বুৰবুৰণি চৌপাশে৷ দুঃসময় হেন পৰিছিল চঞ্চল সময়৷ দুৰন্ত ঘোঁৰাৰ দৰে দৌৰি থকা সময়বোৰ হিমালয়ত ঠেকা খাই উবুৰ খাই পৰি ৰৈছিল হিমানী শীতলতাত আৰু শিলাখণ্ডত লিপিবদ্ধ হৈছিল তাইৰ ভুলৰ এধাৰি এধাৰি শব্দৰ মালা৷
অফিচাৰ যেন লগা মহিলা পুলিচ এগৰাকী সোমাই আহিছিল৷ তাইৰ ওচৰত বহি কিবা সুধিব লওতেই ডক্টৰৰ ৰূপত সোমাই আহিছিল ক্লাছ নাইনৰ খিৰিকীমুখত এৰি থৈ যোৱা জুবিনৰ গানে মতলীয়া কৰা সেই জিপজিপ চকুহাল৷ কৈশোৰৰ কোনোবাটো কেঁকুৰিত এৰি থৈ অহা সেই চকুহালে বিপৰ্য্যয়ৰ এই মুহূৰ্তত কেনেকৈ আমনি কৰিছেহি কিদৰে বুজায় নিজকে তাই৷ তাই পুলিচ অফিচাৰগৰাকীৰ হাতত খামোচ মাৰি ধৰিলে৷ চকুৰে বৈ আহিল দুধাৰি চকুলো৷ বৰ অসহায় তাই, মহিলা পুলিচগৰাকীক যেন তাকেই বুজাব বিচাৰিলে সেই চকুলোটোপালে৷
তাই চকুহাল মুদি দিলে৷ কাণত পৰিল ডক্টৰে পুলিচগৰাকীক উদ্দেশ্যি কোৱা সেই বাক্যষাৰি, “ চৰী মেডাম৷ চি ইজ নট ইন এ পজিচন টু স্পীক৷ চি নিডচ এ চাউণ্ড শ্লীপ৷ “
মহিলা পুলিচগৰাকী ৰূমৰ পৰা ওলাই যোৱাৰ গিৰিপ গিৰিপ শব্দ শুনিলে তাই৷ “নাযাব, নাযাব“ বুলি তাইৰ ডিঙিৰ পৰা অস্ফুট গেঙনি এটা ওলাই আহিল৷ বৰ অকলে আছে তাই৷ মাকক লাগে তাইক৷ মাক ওচৰত নাই তাইৰ৷ ফুচুৰি কথা কৈ ভাল পোৱা দেউতাককো দেখা নাই তাই৷
কপালত কাৰোবাৰ হাতৰ স্পৰ্শ অনুভৱ কৰিলে৷ কাৰোবাৰ অচিনাকি হাত৷ কি আছিল এই স্পৰ্শত? আছেনে আশ্বাসৰ কলৰৱ? লাহে লাহে তাই আকৌ টোপনিৰ কোলাত ঢলি পৰিল৷
কলেজ সপ্তাহ আৰম্ভ হৈছিল৷ আৰম্ভ হৈছিল বিহু হুঁচৰি প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি ফেশ্যন শ্ব’ প্ৰতিযোগিতালৈকে৷ বিহুবলীয়া বেটচটোক লৈ হোষ্টেলবাসীৰ উৎসাহৰ অন্ত নাছিল৷ ফেশ্যন শ্বলৈকে টানিছিল ঈশানীক৷ ঈশানীয়ে আপত্তি কৰিছিল৷ ৰেম্পত বাদেই, কতোৱেই মেকুৰীৰ দৰে খোজ কাঢ়িবলৈ নিশিকা ৰাজহংসিনীজনীক লৈ তাইৰ নিজৰে আফচোচৰ সীমা নাছিল৷ মনিটৰে টিপ্পনী মাৰিলে, এই উচ্চতা আৰু এই ফিগাৰৰ সদব্যৱহাৰ কৰিব নজনাটো বুৰ্বকামিৰ বাদে আৰু কি? চিনিয়ৰসকলে কথাৰে থকা সৰকা কৰি অলপ দাবী কৰিয়েই পেলাইছিল তাইৰ পৰা কেবাটাও খিতাপ৷ তাই মানি লৈ সিদ্ধান্ত লৈ পেলাইছিল৷
দিপালী বৰঠাকুৰৰ “সোণৰ খাৰু নালাগে মোক“ গানটো বিচাৰি চলাথ কৰিছিল ঈশানীয়ে৷ সেই গানৰ তালে তালে তাই অসমীয়া কইনাৰ বগা পাটৰ সাজেৰে যেতিয়া মঞ্চত প্ৰৱেশ কৰিছিল, উকিয়াই উঠিছিল যেন অডিটৰিয়ামৰ চকীকেইখনো৷ দৃশ্য শ্ৰাব্যৰ সংমিশ্ৰণত ঈশানীৰ চকুৰ কাতৰ চাৱনিয়ে শেল হৈ বিন্ধিছিল বহুকেইযোৰ চকু৷ তেনে বহুযোৰ চকুৰ আহবানক নেওচি ঈশানীয়ে বুকুত বান্ধি লৈছিল সাহিত্য দুৱৰাৰ নামটো৷
“এণ্ড দি এৱাৰ্ড অৱ দ্য বেষ্ট এক্টৰ গ’জ টু মি: সাহিত্য দুৱৰা“, মাইকত সদম্ভে ঘোষণা কৰিছিল সেই নাম৷ নিজৰ কাণখনকে বিশ্বাস কৰিব নোৱাৰিলে তাই৷ ইমানদিনে কল্পনাৰ জগতখনত বিচৰণ কৰি থকা সেই নামটোৰ গৰাকীক তাই এবাৰলৈ দেখিব৷ আবেগৰ বিহ্বলতাখিনিক চম্ভালিব যেন নোৱাৰিব তাই৷ এই যেন দৌৰি গৈ হেঁপাহ পলুৱাই চাব ইমানদিনে তাইৰ মনৰ সমুদ্ৰত জোৱাৰ তুলি থকা সত্তাটোক৷ চুই চাবলৈ মন গ’ল সেই আঙুলিকেইটা যিহেৰে বুলাইছিল কেনভাচত তাইৰ ৰঙীন অৱয়ব৷
হাঁহি থকা চকুহালৰ পৰা নিগৰি আহিল এটোপাল নীৰ৷ শিতানৰ গাৰুটো সেমেকি উঠিল৷ টোপনিতে দেখিলে তাইৰ দেহটি উটুৱাই দিয়া হৈছে বিশাল নদীৰ বুকুত৷ নদীয়ে আকোঁৱালি লৈছে সেই কেনভাচত উজলি উঠা ৰক্তিম শৰীৰ৷ গঙাচিলনীয়ে থপিয়াই লৈছিল তাইৰ চকু, তাইৰ মুখ, তাইৰ সমগ্ৰ শৰীৰ৷ ভালপোৱাৰ সীমাহীন অনাস্থাই গ্ৰাস কৰিছিল তাইৰ মুমূৰ্ষুু হৃদয় ক্ৰমান্বয়ে৷

ঋনাত্মকতাই বাহৰ পাতি ললে ঈশানীৰ মন অৰণ্যত৷ ধনাত্মক আধানৰ ঘৰত এটা ডাঙৰ শূন্য৷ জীৱনে লুটিয়াই বগৰাই তচনচ কৰিলে তাইৰ সৰলৰৈখিক বিলাসিতা৷ জটিল পৃথিৱী, জটিল জীৱন, জটিল সম্পৰ্কবোৰৰ মাজত অকলে নিজকে সান্ত্বনা দিব পৰা নাছিল ঈশানীয়ে৷ কোনোৱেই ৰৈ নগ’ল তাইৰ স’তে৷ না মাক-দেউতাক, না প্ৰান্তিকা, না সপ্তদৰ্শী, না হোষ্টেলৰ আন বন্ধু বান্ধৱ, না তাইক অত্যধিক মৰম কৰা কলেজৰ ছাৰ মেডামসকল৷ একো নজনা কাৰণেই হয়তো কাষত ৰৈছেহি ক্লাছ নাইনত এৰি থৈ অহা সেই চিনাকি চকুহাল৷ বহুত কথা সুধিব বিচাৰিও মৌন হৈ ৰোৱা সেই চকুহালৰ পৰা পলাব খুজিও নিৰূপায়তাত ধৰফৰাই ৰৈছিল তাই৷ উঠিব নোৱাৰে তাই৷ সৰ্বশৰীৰ ভাৰাক্ৰান্ত৷ মন অসুস্থ৷ অলপতে চক খায়৷ পিছমুহূৰ্ততে টোপনি যায়৷ মাজে মাজে অদৃশ্য হাত এখনে কপালত হাত ফুৰোৱা যেন অনুভৱ হয়৷ কাৰ হাত সেইখন? চিষ্টাৰগৰাকীৰ নে? নাই, চকু মেলি চোৱাৰ সাহসকণ তাই কৰিব নোৱাৰে৷ কোনোৱেই ৰৈ নাথাকিল তাইৰ তৰান্বিত সময়ৰ মাজত হঠাতে আহি পৰা মন্থৰণৰ তালত তাল মিলাবলৈ৷ হতাশাৰ হাজাৰটোপাল চকুলোৰে সিদিনা পোহৰৰ উৎসও নুমাই গৈছিল৷ ফেঁচা এটাই নিউ নিউকৈ মাতিছিল৷ তাইৰ আত্মবিশ্বাসৰ মৃত্যুৰ তিলনি আজি৷ লাহে লাহে আকৌ তাই টোপনিত ঢলি পৰিল৷
টং টং টং৷ কৰবাত তিনি বজাৰ সংকেত দিছিল৷
“অই ঈশানী উঠ উঠ, কিচেনৰ বেল বাজিল৷ “ সেয়া তাইৰ হোষ্টেলৰ ৰূমৰ বাহিৰত অনুষ্কাৰ চিঞৰ৷
খপজপকৈ উঠি থালখন লৈ তাই কিচেন পালেগৈ৷ চকু মোহাৰি মোহাৰি লাইন পাতিলেগৈ৷ লগৰবোৰে তাইলৈ পোন্দোৱাই চোৱা দেখি তাইৰ সম্বিত ঘূৰি আহিল৷ কি হ’ল সৱেই কিয় মোলৈ চাই ফিচিঙা ফিচিং কৰি আছে? কাপোৰ কানিবোৰ পাৰে মানে ঠিক ঠাক কৰি হামিয়াই ৰৈ থাকিল তাই৷ টোপনি ভঙাই নাই৷ চাহকাপ খালেহে যদি টোপনি ভাঙে৷ লাইনটো শেষ হৈ ইতিমধ্যে তাইৰ পাল পৰিছিলহি৷ তাই থালখন আগবঢ়াই দিলে৷ ৰীণাদিদিয়ে ক’লে, “কি হে ঈশানী, তুমি থালত খাবা নেকি? “ লগে লগে হাঁহিৰ জোৱাৰ৷
তাইৰ তেতিয়াহে হুঁচ আহিল৷ চাহৰ বেলহে আছিল সেয়া৷ তাইনো কিয় বাৰু থাল লৈ আহিল? তাই সেমেনা সেমেনি কৰিলে৷ ক’লে, “টোপনিৰ জালত মই গমেই নাপালো৷ “
অভিলাষা নামৰ চিনিয়ৰ এগৰাকীয়ে চকু টিপিয়াই জোকাই গ’ল তাইক, “সাহিত্যক জনাব লাগিব দেই কথাটো৷ চাহৰ কাৰণে কাপ নহলেও চলিব৷ থালতে চলি যাব৷ “
কাণ মূৰ গৰম হৈ আহিল তাইৰ৷ লাজে শিহৰণে তাইৰ বুকুলৈ অনন্য অনুভূতি এটা আনি দিলে৷ কাহানিও লগ নোপোৱা, কেতিয়াও কথা পাতি নোপোৱা এইজন সাহিত্যই আগৰৰাতিও তাইৰ টোপনি হৰিছিল৷ আগদিনাৰ পুৰস্কাৰ বিতৰণৰ দিনা তাই সাহিত্যক এবাৰলৈ দেখিছিল৷ চিনাকি হোৱা নাছিল যদিও এনে লাগিছিল যেন তাই হৃদয়ৰ আঁহে পাহে সোমাই থকা সুবাসৰ অন্য নামেই আছিল সাহিত্য৷ অথচ তাই এই কথাটো কাকো কব পৰা নাই৷ আনকি সপ্তদৰ্শী নতুবা প্ৰান্তিকাকো৷ অভিলাষা বায়ে বাৰু কেনেকৈ গ’ম পালে সাহিত্য নামৰ লৰাজনৰ প্ৰতি তাইৰ বুকুত সন্তপৰ্ণে সোমাই থকা অনুভৱখিনিৰ কথা, যিজাক বৰষুণত তাই তিতি বুৰি জুৰুলি জুপুৰি হৈ ৰৈছে৷ দৌৰি দৌৰি ওপৰলৈ উঠি গৈ তাই চাঁদৰ ৰেলিঙৰ ওপৰত ঠিয় হৈ তাই হাত দুখন মেলি দিলে, ঠিক যেন টাইটানিক চিনেমাৰ জেক আৰু ৰজৰ দৰে৷ আকাশ চুই নীলা আজুৰাৰ হেঁপাহত বন্দী হ’ল তাইৰ ওঠৰবছৰীয়া মন৷ চালুকীয়া মনটোৱে চকুৰ পতাত আঁকি ললে সাহিত্যৰ ছবি৷ ৰামধেনুৰ ৰঙেৰে এমোনা ভালপোৱা বুলাই ললে হৃদয়ত আলফুলে৷

কলেজ সপ্তাহৰ তৰ্ক প্ৰতিযোগিতাৰ দিন আৰু বিষয়বস্তু নিৰ্ধাৰণ কৰাৰ লগে লগে ৱাৰ্ডেন বাইদেৱে সান্ধ্য প্ৰাৰ্থনা সভাত ঘোষণা কৰিলে, “প্ৰত্যেক চেমিষ্টাৰৰ পৰা এগৰাকীকৈ হলেও ছাত্ৰীয়ে যোগদান কৰিব লাগিব “৷ ছোৱালীবোৰৰ মাজত মৃদু গুণগুণনি আৰম্ভ হ’ল৷ পুৰণা আবাসীসকলৰ মাজৰ পৰা অভিজ্ঞাসকলক বাৰু বাচিব পৰা যাব৷ সমস্যাটো হ’ল নতুন ছোৱালীকেইজনীৰ মাজৰ পৰা উপযুক্ত এগৰাকী বাচি উলিওৱাটোহে৷ ইতিমধ্যে ৱাৰ্ডেন বাইদেউৰ চকুত ঈশানীয়ে এক সুকীয়া আসন লৈ পেলাইছিলেই৷ কিয়নো বাইদেৱে পঢ়োৱা মেকানিকচ বিষয়টোত তাই সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল৷ বাইদেৱে তাইক একো ভাবিবলৈ নিদি তাইৰ নামটো ঘোষণা কৰিলে৷ লগতে নিজকে প্ৰস্তুত কৰাৰ বাবে ঈশানীক পৰামৰ্শ দি গুচি গ’ল৷
ঈশানী অলপ নাৰ্ভাছ হ’ল৷ তথাপি ঋণাত্মক উত্তৰ এটা দিবলৈ মন নগ’ল৷ আগতে কোনোদিনে নকৰা কামবোৰ ইয়ালৈ আহিয়ে কৰিবলৈ লৈছে তাই৷ বেছিভাগতে সফল হৈছে, সফল নহলেও পাইছে মানসিক তুষ্টি৷ আচলতে গোটেই হোষ্টেলখনেই একতাৰ দোলেৰে বন্ধা৷ ব্যক্তিগত বিফলতাৰ খতিয়ানে ইয়াত ঠাই নাপায়৷ ফেশ্বন শ্ব’ৰ প্ৰতিযোগিতাটোতো মিছ কলেজৰ খিতাপটো তাইৰ চিনিয়ৰ এগৰাকীয়ে পালে৷ তাতেই তাই সুখী৷ তাই পালে ৰাণাৰ্ছ আপ৷ সেয়াও তাইৰ বাবে ডাঙৰ প্ৰাপ্তি৷ প্ৰতিযোগিতা নহয় যেন জীৱনৰ বাটৰ একো একোটা ন ন অভিজ্ঞতাহে৷ জীৱনৰ পাকঘূৰণিৰ কবলত পৰি কোনে জানে কোনটো পথৰ কোনটো কেঁকুৰিত লক্ষ্যভ্ৰষ্ট হৈ পপীয়া তৰাৰ দৰে খহি পৰে নতুবা কোনটোত ধ্ৰুৱতৰাৰ দৰে জিলিকি ৰয়৷
“মুক্ত যৌনশিক্ষা এইডছ ৰোধৰ এক কাৰণ হব পাৰে“ -বিষয়বস্তু নিৰ্বাচনৰ
পাছতে তৰ্ক প্ৰতিযোগিতাৰ প্ৰতিযোগীসকলে তথ্য বিচাৰিবলৈ আৰম্ভ কৰিছিল৷ ঈশানীয়েও মেগাজিন, পেপাৰ কাটিংৰ উপৰিও ইণ্টাৰনেটত উপলদ্ধ সমলসমূহ গোটাই লৈ প্ৰস্তুতিপৰ্ব চলাইছিল৷ সেই প্ৰস্তুতিৰ ফলতে ঈশানীয়ে লাভ কৰিছিল শ্ৰেষ্ঠা তাৰ্কিকাৰ সন্মান আৰু বিপৰীতে সমুদ্ৰ নামৰ একে বেটচৰ লৰাজনে লাভ কৰিছিল শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান৷ দুয়োজনকে আন্তঃজিলা তৰ্ক প্ৰতিযোগিতালৈ বাছনি কৰাৰ লগে লগেই দুয়োগৰাকীৰে বন্ধুত্ব চকুত লগা ধৰণেৰে গাঢ় হৈ উঠিছিল৷ পিঠিত ঢকিয়াব পৰা হৈছিল৷ ঘণ্টাৰ পাছত ঘণ্টা ধৰি কলেজ কেণ্টিনত বলে নোৱাৰা বিষয়সমূহ একেলগে আলোচনা কৰিছিল৷
“বন্ধুহে সি৷ প্ৰেমিক নহয় দেই “, লগৰ সপ্তদৰ্শীহঁতৰ প্ৰশ্নবোধক চাৱনিৰ উত্তৰ দিছিল ঈশানীয়ে৷
সহজ সৰল সম্পৰ্কটো পবিত্ৰ ভাতৃত্ববোধৰ এনাজৰীৰে বান্ধ খাইছিল৷ সাহিত্য দুৱৰাৰ প্ৰতি গোজালি মেলা পোখাটি সমুদ্ৰক দেখুৱাওঁ দেখুৱাওঁ বুলিও কিবা এক সংকোচবোধত ৰৈ দিছিল তাই৷ কলিজাত কঢ়িয়াই ফুৰা নিলাজী সুৰটোৱে বুকু ভেদি আহিলেই লাজুকী লতাৰ ৰূপ লয়৷ জঁয় পৰি যায় তাই৷ কেনভাছখনতে তাই উমলি থাকে৷ ৰঙা শ্বলখন মেৰিয়াই লৈ তাই নৈপৰীয়া বতাহজাকৰ সুবাসৰ নিচাত তন্দ্ৰালসী হৈ পৰে৷
তেনে এক শীতৰ দুপৰ এটাত তাইৰ ভিজিটৰৰূপে সমুদ্ৰ আহিছিল হোষ্টেললৈ৷ সমুদ্ৰক গেটৰ ওচৰত দেখাৰ লগে লগেই চাঁদত ৰ’দৰ উম লৈ থকা ঈশানীৰ লগৰ শিয়ালীজাকে ওপৰৰ পৰা হোৱা হোৱা কৰিবলৈ আৰম্ভ কৰিলে৷ শীতৰ দুপৰীয়া সমুদ্ৰৰ কপালত যেন বিন্দু বিন্দু ঘাম৷ ৰঙা চিঙা পৰা চেহেৰা দেখি ঈশানী ওপৰৰ দৌৰি নামি আহিল, আহিয়েই খিলখিলকৈ হাঁহিবলৈ ধৰিলে৷ সমুদ্ৰৰ কৃত্ৰিম খং উঠিল, সুধিলে, “ কি হ’ল অ’ এইজনীৰ? ইমানকৈ হাঁহিবলৈ কি আছে? “
“নহয় অ’৷ তোৰ অৱস্থাটো চাচোন৷ এই ঠাণ্ডাতো ঘামি জামি অৱস্থা নাই৷ “, আকৌ হাঁহি উঠিল তাই৷
“যিহে তঁহতৰ হোষ্টেলৰ ছোৱালীবোৰ৷ এইফালে আহিবলৈকে ভয় লাগে দেখোন৷ আৰু দুনাই এইমুৱা নহওঁ দেই৷ “
কলেজৰ গলিৰে দুয়ো খোজ কাঢ়িছিল৷ বয়জ হোষ্টেলৰ কেঁকুৰিটোৰ ভাঁজ লওতেই ঈশানীয়ে দেখিছিল, কোনোবা এটাই বাইন’কুলাৰ লৈ দূৰৈৰ চৰাইজনীলৈ একেথৰে চাই আছে৷ তাইৰ দৃষ্টি অনুসৰণ কৰি সমুদ্ৰই ক’লে, “ সেয়া সাহিত্যদাদা৷ তৃতীয় ষান্মাষিকৰ৷ খুব ভাল আৰ্ট কৰে৷ বন্ধৰ দিনটো এনেকৈয়ে বাইন’কুলাৰ লৈ কটাই দিয়ে৷ “
বুকুত উথলি উঠা ভাৱটো কোনোমতে দমাই ঈশানীয়ে সমুদ্ৰক সেইদিনা নিতান্ত সহজভাৱেই সাহিত্য দুৱৰাৰ বিষয়ে প্ৰশ্ন কৰিছিল, ক’ত থাকে, কোনটো বিভাগত পঢ়ে জানিব পাৰিছিল৷ সুধিম বুলিও সুধিব নোৱাৰিলে বিশেষ কেনভাছখনৰ কথা৷
হোষ্টেললৈ ঘূৰি আহি ঈশানী এক অবুজ ভাৱনাত ডুব গ’ল৷ বাইন’কুলাৰ লৈ থকা সাহিত্য নামৰ লৰাটোৰ প্ৰতি এক অজান অনুভৱৰ বতাহে বাৰে বাৰে তাইৰ মনৰ পৰ্দা কঁপাই থাকিল৷ সমুদ্ৰই কৈছিল, “বন্ধৰ দিনটো সি এনেকৈয়ে কটাই দিয়ে৷ “ তাৰ এই একাকিত্বৰ কাৰণ কি? ৰহস্যৰ মাজত সোমাই পৰিছে সাহিত্যৰ প্ৰতি তাইৰ অনুভৱ৷
দূৰৈৰ কৰবাৰ পৰা বতাহত বাঁহীৰ সুৰ ভাঁহি আহিল৷ বাঁহীৰ সুৰে উতলা কৰিলে তাইক৷ খিৰিকীখন মেলি দিলে তাই৷ শীতৰ কুঁৱলীৰ আচ্ছাদন ফালি এজাক শীতল বতাহ হুৰমূৰকৈ সোমাই আহি তাইৰ কোলাত উমলিবলৈ ধৰিলে৷ আকাশখনলৈ চালে৷ ধূসৰ পূৰ্ণিমা৷ জোনজনী সম্পূৰ্ণা হৈও আজি নিস্প্ৰভা৷ কলংক ঢাকিবলৈ বৃথা চেষ্টা তাইৰ৷ যিমানেই উজলে, সিমানেই স্পষ্ট হৈ ধৰা দিয়ে চন্দ্ৰকলংক৷ শীতৰ ফেৰফেৰীয়াজাকে তাইৰ অনুভৱৰ জুই শাঁত কৰিব পৰা নাই৷ দুদিন পাছতে তাই সমুদ্ৰৰ সতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আন্ত: জিলা তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যাব৷ দুদিনলৈ ক্লাছ খতি হ’ব তাইৰ৷ হওক কোনো কথা নাই৷ ৰঙা দলিচা পাৰি জীৱনে আদৰিছে তাইক৷ এই ৰসপান ৰুদ্ধ দুৱাৰৰ মাজত কি সম্ভৱ? জীৱনৰ এক ডাঙৰ প্লেটফৰ্মত ভৰি দি তাই বুজি উঠিছে সেই কথা৷ জীৱনটোক যিমানেই খুঁচৰিবা, যিমানেই দাবী জনাবা, সিমানেই ই উজাৰি দিব নিজকে৷
ৰাতি দুই বাজিল৷ সগৰ্ভা নাৰীৰ দৰে এই ৰাতি৷ পুৰ্ণোদ্যমে নতুন পুৱা এটিক আদৰাৰ প্ৰস্তুতি৷ বতাহত নাচিছে সেয়া শুকুলা কুঁৱলী৷ ঈশানীৰ ওঁঠত গানৰ কলি৷ সৰগম সৰগম ৰেৱাজৰ পুৱা এটিৰ বাবে অপেক্ষাৰতা তাই৷ তাইৰ বুকুত বৰষুণ৷ ৰিমঝিম৷ ৰিমঝিম৷

ডিব্ৰুগড় অভিমুখে আগবাঢ়িছিল বাছখন৷ ঈশানী আৰু সমুদ্ৰক যাত্ৰীৰূপে কঢ়িয়াই নিয়া বাছখনে গতি কৰিবলৈ আৰম্ভ কৰিছিল৷ পুৱাৰ কোমল ৰ’দজাকক আদৰিবলৈ খিৰিকীমুখৰ চিটটো লৈ বাছত উঠোতেই দুয়োটাৰে মাজত অৰিয়াঅৰি আৰম্ভ হ’ল৷ অৱশেষত সমুদ্ৰই হাৰ মানি লৈ ঈশানীক ছিটটো এৰি দিছিল৷
“ডিব্ৰুগড়ৰ পৰা একেদিনাই ঘূৰি আহিব পাৰিমনে বাৰু? “, ঈশানীয়ে সুধিছিল সমুদ্ৰক৷
“এনেয়েতো ঘূৰি আহিব পৰা যাব, পিছে আইতাহঁতৰ ঘৰত থাকিলেহে আইতাই আজি ঘূৰি আহিবলৈ নিদিব৷ মোৰ আইতাৰ ঘৰত থাকিলে তোৰ ঘৰত চিন্তা কৰিব নেকি বাৰু? “, চিন্তিত কণ্ঠেৰে সমুদ্ৰই সুধিলে তাইক৷
“নাই, নাই, তোৰ লগত থাকিলে মায়ে একেবাৰে চিন্তা নকৰে৷ পিছে তোৰ আইতাৰ ঘৰ ক’ত অ’? “
“ইউনিভাৰ্ছিটি পোৱাৰ আগতেই পাই যাম৷ পিছে আমি কম্পিটিচন শেষ কৰিহে তালৈ যাম৷ আইতাই তোক লগ পালে বৰ ভাল পাব৷ অৱশ্যে তোৰ যাবলৈ মন নাথাকিলে তই ঘূৰিও যাব পাৰ “, বুলি কৈ সমুদ্ৰই তাইৰ প্ৰতিক্ৰিয়া জানিবলৈ কেৰাহিকৈ চালে৷
“কিয় অকলে অকলে ঘূৰি যাম, তোৰ লগতে আহিছো, অকলে অকলে কিয় ঘূৰি যাম? আইতাৰৰ ঘৰলৈ নিবলৈ মন নাই যদি খোলাখুলিকৈ কৈ দে, মই ৰাস্তাতে বহি থাকিম, তই ঘূৰি যাওঁতে মোক লৈ যাবি “, তাই দবিয়াই উঠিল৷
গাড়ীখন আগবাঢ়িছিল৷ ভিডিও কোচ গাড়ীখনৰ ভিতৰত যতীন বৰা আৰু ৰবি শৰ্মা অভিনীত ’হিয়া দিয়া নিয়া’ চিনেমাখন চলি থাকিল৷ সিহঁতৰ কলৰৱত মুখৰিত হৈ পৰা ক্ষণবোৰক পিছ পেলাই বাছখনে সিহঁতহালক বিশ্ববিদ্যালয়ৰ গেটৰ মুখতে ৰখাই দিলে৷ “ৰংঘৰ“ অডিটৰিয়ামৰ সন্মুখত এজুম ছাত্ৰ-ছাত্ৰীৰ দল৷ বিভিন্ন ঠাইৰ পৰা বিভিন্ন প্ৰতিযোগীসকল আহিছে৷ ঈশানীৰ এতিয়াহে অলপ ভয় লাগিল৷ ইমানদেৰি ধেমালি কৰোঁতে কৰোঁতে আচল উদ্দেশ্যৰ কথা মনলৈকে নাহিল৷ সমুদ্ৰই তাইৰ হঠাতে গহীন হৈ পৰা মুখখনলৈ মন কৰি কৈ উঠিল, “কি হ’ল অ’? ভয় খাইছ নেকি? একো চিন্তা কৰিবলগা নাই দে৷ আমি সকলোবোৰ সমকক্ষ৷ প্ৰতিযোগিতাত হৰা জিকা আছেই৷ সহজভাৱে লবলৈ শিক৷ “
শুকাই যোৱা কণ্ঠটোত অলপ সজীৱতা আনিবলৈকে সিহঁতে কফি চপৰ পৰা কফি দুকাপ ললে৷ নাহৰৰ তলেৰে অলি গলিবোৰ চালে৷ নাহৰ ফুলাৰ সময় নহয় এয়া৷ কুমলীয়া পাতেৰেও অংগসজ্জা কৰিবলৈ বহু ক্ষণ বাকী৷ শীতে মেলানি মাগিব৷ ফাগুনে সৰাপাত কঢ়িয়াব৷ তেতিয়াহে কুঁহিপাতে ভূমুকি মাৰিব৷
“তেতিয়ালৈ আকৌ আহিম দেই সমুদ্ৰ৷ “, ভাবত মগন হৈ থাকোতেই তাইৰ মুখেৰে ওলাই আহিল৷
“হা? কি ক’লি? “, একো বুজি নাপাই সমুুদ্ৰই প্ৰশ্ন কৰিলে৷
“ নাই৷ কিবা এটা ভাবি আছিলো৷ মুখেৰে ওলাই গ’ল৷ “, ঈশানীয়ে ক’লে৷
“অনুৰাধা শৰ্মা পূজাৰীৰ ’নাহৰৰ নিৰিবিলি ছাঁ’ নামৰ উপন্যাসখন পঢ়ি চাবি৷ ইয়াতে থাকি যাবলৈ মন যাব “, তাই আকৌ ক’লে৷
নাহৰৰ নিৰিবিলি ছাঁতে সিহঁতে লগ পালে মাজুলীৰ পৰা অহা প্ৰকাশ আৰু দিগন্তক৷ লগ পালে অসম চিকিৎসা মহাবিদ্যালয়ৰ মূৰ্ছনা আৰু মনোৱাৰক৷ চিনাকি হ’ল শিৱসাগৰৰ ছোৱালী কলেজৰ অশ্ৰুলেখা আৰু প্ৰিয়াক্ষীৰ সতে৷ মুহূৰ্ততে বাংময় হৈ পৰিল ৰংঘৰ অডিটৰিয়াম৷ অলপ আগলৈকে অচিনাকি লৰা ছোৱালীবোৰে কথাৰ মাজে মাজে প্ৰাণখুলি হাঁহিব পৰা হ’ল৷ অট’গ্ৰাফ, ঠিকনা, ফোননম্বৰৰ আদান প্ৰদান কৰিব পৰা হ’ল৷ প্ৰতিযোগিতাৰ শেষলৈকে
ৰবলৈ যেন সিহঁতৰ সময়হে নাছিল৷ তাৰ মাজতে অৱশ্যে দুজনমান চিৰিয়াচ প্ৰতিযোগীও আছিল৷
“অসমীয়া ভাষা সাহিত্যৰ অৱক্ষয়ৰ অন্যতম কাৰণ হৈছে ইংৰাজী মাধ্যমৰ স্কুল৷ “ – সপক্ষে যুক্তি দিছিল ঈশানীয়ে আৰু বিপক্ষে যুক্তি দেখুৱাব লগা হৈছিল সমুদ্ৰই৷ প্ৰতিযোগিতা চলি থাকোতে এনে লাগিছিল যেন সিহঁতবোৰ বেলেগ বেলেগ গ্ৰহৰ পৰা অহা অচিনাকি সত্ত্বা কিছুমানহে৷ নিজৰ যুক্তিবোৰৰ সত্যতা প্ৰতিপন্ন কৰাবলৈ সিহঁতৰ মাতবোৰ দৃঢ় হৈ ওলাইছিল৷ প্ৰকাশভংগীও বশীকৰণযুক্ত৷ বহুকেইটা সবল যুক্তি দাঙি ধৰা তিনিচুকীয়া কলেজৰ নিবিড় আৰু লক্ষ্মীমপুৰ কলেজৰ শ্ৰেয়াকো চেৰ পেলাই মাইকত ঘোষিত হৈছিল ঈশানী আৰু সমুদ্ৰৰ নাম৷ মুহূৰ্ততে যেন পট পৰিৱৰ্তন হৈছিল৷ আবেগৰ বন্যাত নিজকে ধৰি ৰাখিব নোৱাৰি সমুদ্ৰক সাৱট মাৰি ধৰিলে তাই৷ অভিবাদন আৰু প্ৰশংসাৰে দুয়োকে উপচাই পেলালে বিচাৰকমণ্ডলীয়ে৷ বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ তাৰ্কিক আৰু শ্ৰেষ্ঠা তাৰ্কিকাৰ সন্মান লাভ কৰি সিহঁতে নিজৰ লগতে কলেজৰো নাম উজলালে৷
আবেগৰ নে বিদায়ৰ সংমিশ্ৰিত চকুপানীৰে সকলোৱে বিদায় ললে৷ মনত ৰখাৰ প্ৰতিশ্ৰুতিৰে সকলোবোৰ ঘৰমুৱা হ’ল৷ ঈশানী আহিল সমুদ্ৰৰ আইতাকৰ ঘৰলৈ৷
ওখ পাখ লাহী দেহৰ সম্ভ্ৰান্ত চেহেৰাৰ ছোৱালীজনীক দেখি আইতাকে কোলাতেই লম নে বোকোচাতেই লম যেন কৰিলে৷ ৰাংঢালী ছোৱালীজনীক দেখি ৰাংঢালী আইতাকজনীয়ে কৈয়ে পেলালে, “ নাতিনী বোৱাৰী ঘটি আনিলি নেকি অ’ সমুদ্ৰ? “
সমুদ্ৰৰ মুখখন ধাৰাল৷ তাইক দমাব পৰা উত্তৰবোৰ তাৰ জিভাতে থাকে৷ আইতাকক তপৰাই প্ৰত্যুত্তৰ দিলে, “ নহব নহয় আইতা, এইজনীক দেখা নাই মোতকৈ কিমান ডাঙৰ৷ “, এইবুলি সি তাইৰ ওচৰত থিয় হৈ হাতখন দাঙি মূৰৰ ওপৰেৰে উচ্চতা জুখি দেখুৱালে৷ তাইও তালৈ পোন্দোৱাকৈ চালে, “চাই লম ৰ’ তোক“, এই ভাৱত৷ সমুদ্ৰৰ আইতাকৰ নিভাঁজ মৰমত তাই একেবাৰে পমি গ’ল৷ জুহালত বহি অনৰ্গল কথা পাতি গ’ল তাই৷ বৰশী টোপোৱাৰ পৰা আঘোণৰ পথাৰৰ চকলা টেঙাৰ টকালনিলৈকে শুনি বৰ আমোদ পালে তাই৷ ক’ত যে এই মুকলিমূৰীয়া পৰিৱেশ আৰু ক’ত যে তাইৰ ঘৰৰ বাৰাণ্ডাৰ গ্ৰীলখন৷ ইমানদিনে পঢ়াৰ নামতে ইমান ধুনীয়া পৃথিৱীখন চোৱাৰ পৰা বঞ্চিত হৈ আছিল তাই৷ মাকলৈ সৰু অভিমান এটা এৰিলে মনতে৷ আইতা বুলি সাৱটি ধৰি ঠাইতে ঘূৰি ঘূৰি গাবলৈ আৰম্ভ কৰিলে,
“ আইতা তুমি জেৰেঙাৰ
ককা দেউতা মেজেঙাৰ “
চিঞৰ বাখৰখন শুনি সমুদ্ৰ সোমাই আহিল, “বলিয়াজনীৰ কি হ’ল আকৌ? “,
“অই সমুদ্ৰ, ইয়াত থাকি মোৰ ইমান ভাল লাগিছে৷ আৰু এদিন থাকি যাওঁ দে৷ আইতাৰ লগত গাওঁ ঘূৰিম৷ ৰ’দত বহি টেঙা খাম৷ পুখুৰীত বৰশী টোপাম“, তাই নাচি থাকিয়েই কৈ উঠিল৷
“ হয়নে? আৰু ইফালে কাইলৈ ১২ বজাত বেক্টেৰীয়াৰ ক্লাছ আছে৷ গৈ নাপালে বাৰ বজাব বেক্টেৰীয়াই “, সমুদ্ৰই চকু পকাই ধৰিলে৷
বিভাগীয় মুৰব্বীজনক সমুদ্ৰহঁতে বেক্টেৰীয়া নাম দিছে, যাক কোনো এণ্টিবায়টিকেও ৰোধ কৰিব নোৱাৰে৷ কোনো কাৰণ নোহোৱাকৈ তেওঁৰ ক্লাছ খতি কৰা আৰু বাঘৰ নেজেৰে কাণ খজুওৱা একেই কথা৷ কলেজত ভৰি দিয়াৰ পাছতে সেই বেক্টেৰীয়া ছাৰেই দুয়োকে উষ্ম সম্ভাষণ জনালে৷ উৎসাহ দিছিল পৰৱৰ্তী পৰ্যায়ৰ সদৌ অসম ভিত্তিক তৰ্ক প্ৰতিযোগিতাৰ কাৰণে৷
আইতাকে তাইলৈ বুলি বান্ধি পঠোৱা ঘিলা পিঠা আৰু নাৰিকল লাড়ুৰ টেমাকেইটা মুহূৰ্ততে খালি হৈ দাঁত নিকটাই তাই ৰূমলৈকে ঘূৰি আহিল৷ খালী টেমাকেইটা দেখি তাইৰ মনটো আকৌ আইতাকৰ জুহাল পালেগৈ৷ সাদৰী আইতাকজনীয়ে ৰাতি এপৰলৈকে সিঁহত দুটাৰ কাৰণে পিঠা পুৰিছিল৷ অস্তগামী বেলিৰ হেঙুলীয়া পোহৰ পৰি জিলিকি উঠা সোণগুটিৰে ভৰা পথাৰখনৰ সৰু সৰু আলিবাটবোৰৰ মাজে মাজে চেমনীয়াজাকে সুমথিৰা বলটো পথাৰলৈ ঠেলি নিয়া দৃশ্যটো মনলৈ আহিল তাইৰ৷ যান্ত্ৰিকতাৰ আঁৰৰ পৃথিৱীখন ইমান সুন্দৰ৷ কৃত্ৰিমতাই গ্ৰাস কৰিব ধৰা সমাজখনৰ পৰা শতযোজন আঁতৰত তাইৰ, মানে সমুদ্ৰৰ আইতাকৰ ঘৰ৷ মাজেৰে চেঁচা নৈ পাৰ হৈ যোৱা গাওঁখনৰ নামঘৰীয়া ডবাৰ কোবটোৱে তাইক নষ্টালজিক কৰি তুলিলে৷ কিমান পৰনো কটাইছিল সেই গাঁৱত? বুকু খান্দি নিলে যেন সেই লহমাকেইটাই৷ সুন্দৰতাৰ সংজ্ঞা এটি তাইৰ ওঁঠত গুণগুণাই উঠিল৷ স্মৃতিবোৰ আবেগৰ চকুলো হৈ বৈ আহিল৷ তাই উচুপিবলৈ ধৰিলে৷ কোনো কাৰণ নোহোৱাকৈয়ে৷

কোনো কাৰণ নোহোৱাকৈয়ে উচুপি আছিল তাই৷ আনন্দৰ উচুপনি নে সেয়া? নে শিকলি ছিঙাৰ ব্যাকুলতা? নাজানে তাই৷ নোপোৱাৰ বেদনা এটাই বুকু খান্দি আছিল অলক্ষিতে৷ সেয়াও নুবুজিলে তাই৷ উচুপনিটো লাহে লাহে দুৱাৰমুখ পালেগৈ৷ উচুপনিটোৱে এইবাৰ তাইৰ ৰূম এৰি বাহিৰলৈ ওলাই গ’ল৷ উচুপনিটোৱে কান্দোনৰ ৰূপ ল’লে৷ তেতিয়াহে তাইৰ হুঁচ আহিল৷ এয়াতো তাইৰ উচুপনিৰ শব্দ নহয়৷ এয়া যে আন কোনোবা ক্ৰদনৰতা নাৰীৰ আৰ্তনাদ! সেমেকি থকা চকুহাল মোহাৰি মোহাৰি তাই ৰূমৰ পৰা ওলাই আহিল৷
“প্ৰান্তিকা, অই প্ৰান্তিকা, দুৱাৰ খোলচোন৷ তলৰ মহলাত হুলস্থুল শুনিছনে নাই? কাৰ কি হ’ল বাৰু? ”, তাই প্ৰান্তিকাৰ ৰূমৰ দৰ্জা টকটকালে৷
ৰাতি তেতিয়া বাৰ বাজিছিল৷ এক নিমাওমাও পৰিৱেশ ভেদি হঠাতে অহা কান্দোনৰ শব্দই গোটেইখিনি ছোৱালীৰ মাজত হুৱাদুৱা লগালে৷
ভৌতিকতা?
“নহয়৷ নহয়৷ তলত কাৰোবাৰ কিবা হৈছে৷ ব’লচোন যাওঁ”, একপ্ৰকাৰ টানি নিয়াদি প্ৰান্তিকাহঁতক লৈ গ’ল ঈশানীয়ে৷
তলৰ মহলালৈ গৈ দেখিলে অন্বেষাবাৰ ৰূমৰ সন্মুখত এজুম আবাসী৷ লগৰ মহছিনাক দেখি তাই আগবাঢ়ি গৈ সুধিলে, কাৰ কি হ’ল বুলি৷ ভিতৰৰ পৰা বন্ধ আছিল অন্বেষাবাৰ ৰূম৷ বাকীসকলে ঢকিয়াই ঢকিয়াইও দুৱাৰ খুলিব পৰা নাছিল৷ সিফালে অন্বেষাবাৰ বুকুফলা আৰ্তনাদ৷
অৱশেষত ৱাৰ্ডেন বাইদেউ আহিল৷ চকীদাৰজনে আহি দুৱাৰৰ হুক ভাঙিলে৷ ভিতৰত অন্বেষাৰ বিশৃংখল ৰূপ৷ নিৰ্জু যেন লগা গহীন-গম্ভীৰ চিনিয়ৰ বা’ গৰাকীৰ এনে আচৰণত হতভম্ব হ’ল ঈশানীহঁত৷ অলপ পাছতে ৱাৰ্ডেন বাইদেউ আহিল৷ ঈশানীহতঁক আঁতৰি যাবলৈ কোৱা হ’ল৷ এম্বুলেন্স মতা হ’ল৷ একপ্ৰকাৰ জোৰ কৰিয়ে তাইক দাঙি মেলি এম্বুলেন্সত সুমুৱাই লৈ যোৱা হ’ল৷
সিমানখিনিলৈকে সিহঁতে দেখিলে৷ লগতে দেখিলে অন্বেষাবাৰ এফাল ৰঙা টপটো৷ নেদেখিলে এনে আচৰণৰ ৰহস্যজনক কাৰণ৷ অবুজ শংকাই সিহঁতৰ বুকু কঁপালে৷
অন্বেষাৰ ৰূমটো ছীল কৰি দিয়াৰ প্ৰস্তুতি চলিছিল৷ তাৰ মাজতো ঈশানীহঁতৰ চকুত পৰিছিল ৰূমৰ ৱালত লিখা অজস্ৰ টোকা৷ কোনোবা জ্যোতিষ্মান শইকীয়ালৈ লিখা অজস্ৰ টোকাৰে ভৰি আ্ছিল অন্বেষাবাৰ ৰূমৰ ৱাল৷
“কোন এই জ্যোতিষ্মান শইকীয়া? ”
“কোন হয় অ’? ”
“অন্বেষাবাৰ বয়ফ্ৰেণ্ড নেকি”,
“অন্বেষাবাৰ ক্লাছমেট নেকি? ”
“নাজানো নাজানো৷ ”
মনৰ মাজত উকমুকাই থকা এশ এবুৰি প্ৰশ্নৰ মাজত কোনোবা এজনীয়ে টপককৈ মাত মাতিছিল,
“জ্যোতিষ্মান শইকীয়া মানে আমাৰ টিপটপ ছাৰ আকৌ”৷
“টিপটপ ছাৰ? ”
“সেই যে থাৰ্ড চেমিষ্টাৰত মেথচ ক্লাছ লয়”৷
তেতিয়াহে সিহঁতৰ মনত পৰিল, দেখিলেই ভাল লাগি যোৱা সুদৰ্শন ছাৰজনৰ ভৰিৰ জোতাৰে পৰা চকুৰ ছছমালৈকে লেখত লব লগীয়া৷ সেইবাবেই নাম পালে টিপিটপ ছাৰ৷ ছাৰৰ ভাল নাম জ্যোতিষ্মান শইকীয়া৷ পিছে ছাৰৰ ভাল নাম সৱেই পাহৰাৰ লেখীয়া৷ টিপটপ ছাৰ বুলিহে বিখ্যাত৷
“পিছে অন্বেষাৰ অস্বাভাবিক আচৰণৰ লগত টিপটিপ ছাৰৰ সম্পৰ্ক কি? ”
এজনীয়ে সেই সম্ভেদো আনিলে৷
“ছাৰৰ প্ৰেমত বলীয়া হৈ পৰিছিল অন্বেষা৷ একপক্ষীয় প্ৰেম আছিল সেয়া৷ এতিয়া ছাৰৰ বিয়াৰ কাৰ্ড দেখি উন্মাদ হৈ পৰিছে অন্বেষাবা৷ “
“হা! ”, ঈশানী আচৰিত হোৱাৰ পাল৷
প্ৰেমৰ এনে ভয়ংকৰ ৰূপ! এই ৰূপৰ সতে তাই পৰিচিত নহয়৷ নোপোৱাৰ বেদনাই হওক বা পাই হেৰোৱাৰ বেদনাই হওক, প্ৰেমে জন্ম দিয়া প্ৰতিটোপাল চকুলোক সাৱটি জীৱন পাত কৰিব পৰাৰ দৰে মানসিক শক্তিৰ গৰাকী তাই৷ প্ৰেমৰ আন এটা ৰূপ ত্যাগ৷ ত্যাগে ব্যক্তিত্ব মহীয়ান কৰে৷ কিন্তু তাইৰ অলক্ষিতে প্ৰেমৰ কি সংজ্ঞা এয়া? প্ৰেমৰ নামত প্ৰতিশোধ, নিজৰ ওপৰতেই হওক বা আনৰ ওপৰতেই হওক, এনে প্ৰেমৰ সুন্দৰতা ক’ত?
মনটো গধুৰ হৈ পৰিল তাইৰ৷ সেমেকা চকুহাল অস্থিৰ হৈ পৰিল৷ চেলুলয়ডৰ পৰ্দাৰ দৰে কেবাখনো দৃশ্য ভাঁহি গ’ল৷ জ্যোতিষ্মান শইকীয়া ছাৰৰ গাম্ভীৰ্যপূৰ্ণ ব্যক্তিত্ব, শ্ৰেণীকোঠা কঁপাই যোৱা কণ্ঠ, মেধাৱী অন্বেষাবাৰ প্ৰতি বিশেষ দৃষ্টি, আবেগিক অন্বেষাবাৰ একপক্ষীয় প্ৰেম আৰু শেষত অন্বেষাবাৰ উন্মাদিনী ৰূপ৷ ঈশানীৰ মনত ৰৈ যোৱাকৈ দেখা সেই টপটোৰ এফাল ৰাঙলী দৃশ্যটোৱে হীৰুদাৰ কবিতাটোৰ তেজৰঙা বুলবুলিহাললৈ মনত পেলাই দিলে, সেই যে ….
ফুলতকৈ কাঁইটেই ভাল…..
কাঁইটিয়া গোলাপৰ ডাল
বতাহত দোঁ খাই আহি
ছিঙি নিবহি যেন
মোৰ কলিজাৰ এফাল৷ ”
হোষ্টেলখনৰ পৰিবেশ গহীন হৈ পৰিল৷ ফুচফুচনি এটা বতাহত উৰি ফুৰিলে৷ প্ৰাচীন কোনো নগৰীৰ সুউচ্চ দেৱাল পাৰ হৈ যাব নোৱাৰি সেই ফুচফুচনিটো কলঢপত পৰিণত হ’ল৷ ৱাৰ্ডেন বাইদেউৰ চকুৱে মুখে দুশ্চিন্তা৷ যেন সেই দেৱালৰ মাজত আৱদ্ধ হৈ থকা সহসৃজন নাগৰিকৰ মৌন সমদলত বিতুষ্ট হৈ ৰৈছে নগৰপালিকা আৰু সভাসদগণ৷
ছোৱালীবোৰে অকলে থাকিবলৈ নোৱাৰা হ’ল৷ টোপনিটোতো কেতিয়াবাই পলাই ফাঁট মাৰিলে৷ একেটা ৰূমতে কেবাজনীও ছোৱালী জাক পাতি থকা হ’ল৷ অনবৰতে ফোনটোলৈ কাণ ঊনাই থাকিল৷ কোন মুহূৰ্তত বিপদৰ ৰণধ্বনিয়ে হোষ্টেল চুই যায় কোনে জানে?
মাকলৈ মনত পৰিল ঈশানীৰ৷ যিমান যি হলেও মাকৰ বাহিৰে কোনেও তাইক সেই শীতলতা দিব নোৱাৰে৷ যি শীতলতা তাইৰ প্ৰতি খোজত মাকৰ হাতৰ ছাঁৰ বাহিৰে কোনেও দিব নোৱাৰে, সেই শীতলতাৰ বৰ প্ৰয়োজন এতিয়া তাইক৷ নীৰৱে মনত পেলালে অন্বেষাবাৰ মাকলৈকো৷

শূন্য দৃষ্টি এটাৰে হস্পিতেলৰ চিলিংখনলৈ চাই ৰৈছিল অন্বেষাই৷ চকুত কি আছিলা সেয়া? ইমান শূন্যতা! যেন শূন্য আকাশ৷ যেন শূন্য দিগন্ত৷ শূন্যতাৰ শিখৰত উঠি যেন ঈশানীয়ে চুই যাব শূন্য সপোনৰ সেই তাৰকাপুঞ্জ৷
সময় গধুৰ৷ জীৱন গধুৰ৷ উশাহবোৰ যেন বলে নোৱাৰা শিলৰ দৰে গধুৰ হৈ পৰিছিল৷ শেলুৱৈ হেন পিছল হৈ পৰিছিল নিশাহবোৰ৷ নিশাহৰ মাজে মাজে হুমুনিয়াহ সৰকে৷ কি হৈছিলনো অ’ ছোৱালীজনীৰ? অন্বেষাৰ মাকে কান্দি কান্দি তালফাল লগাই দিছিল৷ হস্পিতেলত অন্বেষাৰ বেডৰ ওচৰতে বহি থকা ঈশানীৰ বাহুত ধৰি বাউলী হৈ পৰা মাকে বহু প্ৰশ্নই জানিবলৈ বিচাৰিছিল, যিবোৰৰ উত্তৰ কেৱল ঈশানীৰ ওচৰতে নহয়, হয়তো অন্বেষাৰ ওচৰতো নাছিল৷
হোষ্টেল চৌহদৰ পখিলাবোৰ নিশ্চুপ মাৰি বহি আছিল৷ দেৱদাৰুকেইজোপাইও যেন পাত এখিলা লৰচৰ নকৰিব৷ সৰাপাতৰ আৰ্তনাদ এটা ভাঁহি আহে মাজে মাজে৷ কিনো ভুল আছিল জ্যোতিষ্মান শইকীয়া ছাৰৰ? কিনো ভুল কৰিছিল অন্বেষাবাই? ভুল হয়তো মানসিক স্থিতাৱস্থাৰ? ৰাতিৰ পাছত ৰাতি চক খাই উঠিছিল ঈশানীয়ে৷ ঢোকঢোককৈ গিলিছিল এবটল পানী৷ হাতৰ সিৰা কাটি অত্যধিক ৰক্তক্ষৰণৰ বলি হৈ অস্থি চৰ্মসাৰহীন হোৱা অন্বেষাক ঘৰলৈ ওভতাই নিয়া হৈছিল৷ লগতে ওভোতাই নিছিল বহুতো সপোন, এৰি গৈছিল কিছু প্ৰশ্ন৷
“মোৰ দায়িত্বকালত দুনাই এনেকুৱা ঘটনা শুনিবলৈ যাতে নাপাওঁ৷ “, প্ৰতিজনী আবাসীলৈ চাই ৱাৰ্ডেন বাইদেৱে সতৰ্কবাণী এৰিছিল৷
“ চেমিষ্টাৰ ফাইনেল পৰীক্ষাৰ প্ৰস্তুতি চলাবা তোমালোকে “, পুনৰবাৰ সঁকিয়াইছিল ৱাৰ্ডেন বাইদেৱে৷
“ আৰু তুমি? তোমাৰ তৰ্ক প্ৰতিযোগিতাৰ প্ৰস্তুতি কেনে? “, ঈশানীলৈ চাই সুধিলে বাইদেৱে৷
প্ৰস্তুতি আৰম্ভ কৰা নাছিল ঈশানীয়ে৷ হোষ্টেলটো নৈশব্দত ডুব গলেও প্ৰত্যেকে নিজৰ ভিতৰখনৰ জোকাৰণিৰ উমান ঠিকেই পাইছিল৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত শ্ৰেষ্ঠ তাৰ্কিক হিচাবে বাছনি হোৱাৰ পাছতে সদৌ অসম তৰ্ক প্ৰতিযোগিতালৈ অংশগ্ৰহণৰ বাবে যাবলগীয়া আছিল ঈশানীৰ৷ প্ৰতিযোগী মানসিকতা তাইৰ শেষ হৈ গৈছিল৷ অন্বেষাৰ শূন্য চকুযুৰিয়ে খেদি ফুৰিছিল তাইক৷ কোনেও দেখা নোপোৱা দুখ এটাই বুকুৰ বৰগছজোপাত নিৰলে বাঁহ সাজিছিল৷ কেৱল অন্বেষাবাৰ কাৰণেই কি এই হুমুনিয়াহ? নাজানে তাই৷ একো নজনাকৈয়ে তাই সমুদ্ৰৰ স’তে গুৱাহাটীলৈ টিকট কাটিছিল৷
“শুন সমুদ্ৰ, আমি অন্বেষাবাৰ ঘৰলৈ যাম দেই৷ “, তাই সমুদ্ৰৰ ফালে মুখ ঘূৰাই সুধিছিল৷
“ ঠিক আছে, যাম বাৰু৷ কিন্তু আমি প্ৰথমে কম্পিটিশ্যনটো ভালকৈ এটেণ্ড কৰিব লাগিব”, সমুদ্ৰই উত্তৰ দিলে৷
এ আৰ নাইট চুপাৰখন হোষ্টেলৰ ওচৰলৈকে আহিছিল৷ হোষ্টেলৰ লৰা-ছোৱালী যাব লগীয়া থাকিলে বাছখন সিহঁতৰ হোষ্টলৰ ওচৰলৈকে আহে৷ এজাক লৰা-ছোৱালীৰ উষ্ম শুভকামনা লৈ বাছত উঠোতেই দেখিছিল, সেই শূন্য দৃষ্টি৷ বাছত উঠিবলৈ গৈ তাই পিছ হুহঁকি আহিছিল৷
সেয়া আছিল সাহিত্য দুৱৰা৷ কোনোবা এটা শীতৰ দুপৰীয়া সমুদ্ৰই চিনাকি কৰি দিছিল তাইক৷ বুকু খহাই নিয়া সেই শূন্য গহ্বৰত তাই বাৰুকৈয়ে সোমাই পৰিল৷ জীৱন জিনাৰ বয়সত কি’হৰ বাবে জীৱন শেষ কৰি দিয়াৰ প্ৰৱণতা জাগে? বাছত উঠিও তাই চকুপানী ৰখাব পৰা নাছিল৷
সমুদ্ৰই তাইৰ উচুপনিৰ কাৰণ বুজি পোৱা নাছিল৷ বাৰে বাৰে সুধি আছিল তাইক, “কি হ’ল অ’ ঈশানী? কিয় ফেচফেচকৈ কান্দি আছ’? ”
কেনেকৈ বুজায় তাক তাই, সাহিত্যৰ দৃষ্টিত যে তাই অন্বেষাবাৰ চকুৰ শূন্যতা দেখা পাইছিল৷ সাগৰসম গভীৰ চকুযোৰৰ উদাসী দৃষ্টিক তাই কোনোমতেই সহজভাৱে লব পৰা নাছিল৷ এই একাকিত্ব, এই শূন্যতা সাহিত্যৰ দৰে শিল্পীসুলভ লৰা এজনৰ লগত কোনোপধ্যেই খাপ নাখায়৷ ধুনীয়া ছবি অঁকা লৰা এজন, অভিনয়কলাত পাৰ্গত লৰা এজনক জীৱন জীয়াবলৈ বেলেগ আৰু কি লাগে? তাই দেখোন পাঠ্যপুথিকেইখনৰ বাদে একোতেই পাৰ্গত নহয়৷ তথাপি তাই দেখোন জীৱনৰ গান নিৰন্তৰ গাই আছে৷
সমুদ্ৰই তাইক তাৰ লগৰ বিস্তীৰ্ণাৰ কথা কৈছিল৷ স্কুটি চলাবলৈ গৈ যিজনী ছোৱালীয়ে সাতফুট নৰ্দমাত উফৰি পৰি ভৰি এখন হেৰুৱাই পেলাইছিল৷ কৃত্ৰিম ভৰি এখনেৰে তাই এতিয়া মেডিকেলৰ প্ৰৱেশিকা পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে৷
মানুহ কেতিয়াবা ভাৱেও পংগু হয়, কেতিয়াবা মানসিকভাৱেও পংগু হয়৷ এযোৰ চকু, দুখন কাণ, হাত- ভৰি- নাক আদি সকলোবোৰ ঠিকে থকাৰ পাছতো মানুহৰ চিন্তা শক্তি কিমান দুৰ্বল হ’ব পাৰে, অথচ কিছুমান বিশেষভাৱে সক্ষম মানুহৰো মানসিক শক্তি ইমান সবল৷ মনৰ জোৰ কিমান হলে ষ্টিফেন হকিন্সৰ দৰে পদাৰ্থবিজ্ঞানীজনে হুইল চেয়াৰৰ পৰাই সৃষ্টি কৰিব পাৰে বিশ্ববাসীৰ উপযোগী অসংখ্য কিতাপ৷ ‘মোৰ বাওঁ ভৰি’ৰ স্ৰষ্টাৰ নায়ক ক্ৰাইষ্টি ব্ৰাউন সৰুৰে পৰাই চেৰিব্ৰেল পালছিত আক্ৰান্ত আছিল৷ গোটেই শৰীৰৰ অসহযোগিতাৰ পাছতো তেওঁক শক্তি দিয়া বাঁওভৰিখনেৰেই তেওঁ সৃষ্টি কৰিছিল জীৱনদায়িনী কবিতা৷ আজন্ম বধিৰ বিথোভেনৰ সুৰে কাক আকুল কৰি নোতুলে?
অস্থিৰতা এটাই ঈশানীৰ সমগ্ৰ সত্তা গ্ৰাস কৰি অনাৰ সময়তে বিস্তীৰ্ণা নামৰ ছোৱালীজনীৰ সাধনাই তাইক নতুন জীৱন এটাৰ সম্ভেদ দিলে৷ যোৱা কিমানদিন ধৰি অন্বেষাৰ শূন্য দৃষ্টিয়ে তাইৰ টোপনি হৰিছিল৷ সাহিত্য দুৱৰাৰ সতে একাকাৰ কৰা সেই শূন্যতাৰ উত্তৰ বিচাৰি তাই অহৰহ শিতানৰ গাৰু তিয়াইছিল৷ অস্থিৰ হৈ পৰিছিল তাইৰ অন্তৰ্জগত৷ কোনোমতেই বশলৈ অহা নাছিল অস্থিৰতাৰে ভৰা সেই পৃথিৱী৷ বিস্তীৰ্ণাৰ প্ৰবল জীৱনবোধৰ চানেকিয়ে তাইৰ অস্থিৰতা নিমিষতে দমাই আনিলে৷ প্ৰত্যেক জীৱনৰে এক লক্ষ্য থাকে৷ লক্ষ্যৰ সেই বাট বিচাৰি নোপোৱালৈকে মানুহ অস্থিৰ হৈ থাকে৷ যিদৰে অস্থিৰ হৈ আছিল সিদ্ধাৰ্থ, বোধিবৃক্ষৰ তলত বুদ্ধত্ব লাভ কৰি তেওঁ গৌতম বুদ্ধ হৈছিল৷ অস্থিৰ আছিল নৰহত্যাকাৰী অংগুলিমাল, ৰক্তপান কৰিও নতুবা মানুহৰ আঙুলিৰে মালা পিন্ধিও যাৰ বুকু শাঁত পৰা নাছিল, সেই অংগুলিমালক গৌতম বুদ্ধই জীৱনৰ উচিত দৰ্শন দেখুৱাইছিল৷ বিস্তীৰ্ণাই তাইক প্ৰদান কৰিছে সেই দৰ্শন, তাই কঢ়িয়াই লৈ যাব তাইৰ জীৱনৰ মাজেৰে৷ তাই যাব এবাৰ অন্বেষাৰ ওচৰলৈ, তাই এষাৰ কথা পাতিব সাহিত্যৰ সতে৷ এখন দুৱাৰ বন্ধ হ’লে যে হাজাৰখন দুৱাৰ খোল খাই যায় সেই দৰ্শন কঢ়িয়াব তাই৷
উজাগৰী ৰাতি এটাৰ অন্তত এঙামুৰি দিয়া পুৱাটিক সম্ভাষণ জনাবলৈ তাই বাছখনৰ খিৰিকীৰ পৰ্দাখন চপাই আনিলে৷ কুঁৱলীৰ ফেহুজালি ফালি ৰ’দৰ ফুল এপাহিয়ে নিয়ৰকণা চুমিছে৷ গোটেই ৰাতি উচুপি থকা নিয়ৰেও সান্নিধ্য পালে ৰ’দৰ উত্তাপৰ৷ পলকতে উজাগৰী নিশাৰ ক্লেশ তাইৰ নাইকীয়া হৈ গ’ল৷ সমুদ্ৰ এতিয়াও টোপনিত লালকাল৷ তাইৰ এতিয়াহে মনত পৰিল, সিঁহত দুয়োটাই যে সদৌ অসমভিত্তিক তৰ্ক প্ৰতিযোগিতাত কলেজক প্ৰতিনিধিত্ব কৰিবলৈ আহিছে৷ প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগেয়েই তাই ক’ব লগা কথাখিনি এবাৰ জুকিয়াই লব লাগিব৷
“সমুদ্ৰ৷ অই সমুদ্ৰ উঠ৷ গুৱাহাটী পালোহি৷ “
পল্টনবজাৰত নামি দুয়ো এখন অটো ল’লে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গেষ্ট হাউচ অভিমুখে সিহঁতৰ অটোখন আগবাঢ়িল৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.