ঙুনৰাওঁ – কন্দৰ্প কুমাৰ নাথ

ঙুনৰাওঁ – কন্দৰ্প কুমাৰ নাথ

ঙুনৰাওঁ – কন্দৰ্প কুমাৰ নাথ

by January 31, 2017 0 comments

আবতৰীয়া উৎসৱ
====================

২০০৮ চনৰ নবেম্বৰ মাহ৷

পূজাত ঘৰলৈ আহি বিজয়া দশমীৰ পিছদিনা মই ঙুনৰাওঁলৈ  গৈছো৷ গৈ দেখিলোঁ গাঁওখনত এক উৎসৱমুখৰ পৰিবেশ৷ প্ৰত্যেকৰে পদুলীমূখত মানুহৰ জুমা-জুমি৷ গাঁৱৰ ৰাষ্টা -ঘাট বোৰতো সৰু সৰু ল’ৰা ছোৱালী, ডেকা – গাভৰু, আদহীয়া, বয়সীয়া পুৰুষ মহিলাৰ আহ-যাহ, হাঁহি ফুৰ্তি, দৌৰা- দৌৰি৷

এক বুজাব নোৱাৰা অচিনাকি পৰিবেশ৷

ডেকা ল’ৰাবোৰে যিসকলে নতুনকৈ ম’বাইল ফোন কিনিছে সেইসকলে জুম বান্ধি মবাইলত পশ্চিমীয়া গান শুনি শুনি গানৰ লহৰে লহৰে নৃত্যৰ অঙ্গী-ভঙ্গী কৰি আছে৷   কিছুমানে আকৌ  এফ এম ৰেডিঅ’ত ফুল ভলিউমত গান বজাই নৃত্য কৰি আছে৷ এনেয়ো তাত ডেকা ল’ৰাবোৰে কান্ধত ৰেডিঅটো লৈ গাঁওখন ঘূৰি ফুৰাতো সাংঘাতিক  ধৰণৰ চখ৷ ম’বাইল ফোন তেতিয়া আঙুলিৰ মূৰত লেখিব পৰা কেইজনমানৰহে আছিল৷ যিসকলৰ ম’বাইল নাছিল সেইসকলৰ বাবে ৰেডিঅ’টোৱেই আছিল বিনোদনৰ একমাত্ৰ সম্বল৷  এণ্টেনাডাল নিজেই যোৰা দি দীঘল কৰি লয়, অন্যথা  চ্যেনেলবোৰ নাহে৷

ম’বাইলৰো নেটৱৰ্ক গাঁৱৰ ভিতৰত নাপায়৷ মাথো গাঁওখনৰ পশ্চিমপ্ৰান্তৰ এটা ওখ শিলত মৌচিনৰামৰ নেটৱৰ্ক চিগনেল পায়৷ ফোন কৰিবলৈ হলে সেই শিলটোলৈ সকলো ঢপলিয়াই আহে৷   তাতো সেইদিনা অগণন ডেকা গাভৰুৰ জুম৷

সৌভাগ্যৱান কোনোবাই নেটৱৰ্ক পাইছে আৰু কাৰোবাৰ লগত ফূৰ্তি মনেৰে কথা পাতিছে, কোনোবাই আকৌ বহু সময় ধৰি নেটৱৰ্ক পাবলৈ চেষ্টা কৰিয়েই আছে, কিন্তু পোৱা নাই৷ দূৰ্ভগীয়া কোনোবাই নেটৱৰ্ক নেপাই বেজাৰ মনেৰে উভতি আহিছে৷

মুঠতে এক অস্বাভাৱিক উখল মাখল পৰিবেশ–

পাৰ ভগা উচাহৰ ঢলত যেন উটি-ভাহি গৈছে ঙুনৰাওঁ৷

এনেকুৱা আনন্দৰ পৰিবেশ মই গাঁওখনত থকা সময়ছোৱাত  কেতিয়াও দেখা নাই৷ খ্ৰীষ্টমাছ বা গুড ফ্ৰাইডেত তেনেকুৱা পৰিবেশ দেখা যায়৷

মনতে প্ৰশ্ন জাগিল – বৰদিনলৈওতো এমাহৰ বেছি দিন আছে, তেনেহলে কথাটো কি? নিশ্চয় কিবা এটা অঘটন হৈছে গাঁও খনত৷

গাঁৱত কাৰোবাৰ বিয়া সবাহো থাকিব পাৰে বুলি ভাবি বাসস্থান অভিমুখে আহি থাকিলোঁ৷ যাত্ৰা পথৰ সমস্ত দুখ, ভাগৰ, অৱসাদ ঠেলি হেচুকি এটা অচিনাকি হেঁপাহে যেন মোৰ মনত উকমুকাই উঠিল৷

ঘৰ আহি পালোঁ৷ মই যোৱা দেখি ইতিমধ্যে বাদেং, থেইৰিত হঁত আৰু ওচৰ চুবুৰীয়া সদায় অহাৰ দৰেই গোট খালে৷ আটায়ে মিলি চাহ নাস্তা খালোঁ৷ কিছু সতেজ হৈ সিহঁতক সুধিলোঁ কি হৈছে গাঁও খনত৷

থেইৰিতে ক’লে, ’বাবু, আজি আমাৰ গাঁৱৰ মানুহবোৰ ভালুক চিকাৰ (beh jingim) লৈ গৈছে৷ হাবিৰ পৰা দুপৰীয়া খবৰ আহিছে যে এটা ভালুক মাৰিবলৈ সক্ষম হৈছে৷ সেয়েহে গাঁৱৰ মানুহবোৰৰ খুব আনন্দ৷ ’

সোধাৰ লগে লগে তাই যেনেকৈ ক’লে যেন মোক সেই খবৰটি দিবলৈয়ে তাই ব্যাকুল হৈ আছিল৷ মই সুধিলোঁ,

-ভালুক মাৰোতেই ইমান ফুৰ্তিনে?

-বাবু, ভালুক চিকাৰলৈ যোৱাটো আমাৰ গাঁৱৰ এক প্ৰাচীন পৰম্পৰা৷ ভালুকৰ মাংস বছৰত এবাৰ খাবলৈ পালে বছৰটোলৈ ৰোগ-ব্যাধি নহয় বুলি আমাৰ বিশ্বাস৷ ভালুকৰ মাংস আমাৰ বাবে বৰ পবিত্ৰ৷

তাইৰ কথাত মোৰো মনটো খুউব ভাল লাগি গ’ল৷ অন্ততঃ খাবলৈ নাপালেও আজি এক নতুন বিচিত্ৰ অভিজ্ঞতাৰ সোৱাদ মই লাভ কৰিম৷

নিশা তেতিয়া ১০ মান বাজিছে৷ গাৱঁৰ পশ্চিম প্ৰান্তৰ হাবিৰ পৰা গাঁৱলৈ উঠি অহা প্ৰবেশ পথত সকলো মানুহ অপেক্ষাৰত চিকাৰৰ দলটো অহালৈ৷

বাদেঙে মোকো লগত লৈ গ’ল৷

সিহঁতৰ লগতে ময়ো অধিৰ আগ্ৰহেৰ অপেক্ষা কৰি থাকিলোঁ৷

গাঁও খনৰ নামনিত কেঁকুৰী এটা পাৰ হৈ বাছ আস্থানটো আৰু আস্থানটোৰ পৰা ১০০ মি. ওপৰলৈ শিলৰ খটখটিৰে গাঁওখনলৈ উঠি আহিব লাগে৷

আধাঘণ্টা মানৰ অন্তত হঠাতে সকলোৰে মাজত চিঞৰ-বাখৰ, হুলস্থুল লাগি গ’ল৷ আন্ধাৰৰ মাজতে দৌৰা-দৌৰি আৰম্ভ হৈ গ’ল৷ নামনিলৈ দৃষ্টি নিক্ষেপ কৰি দেখিলোঁ এজাক তৰাই তিৰবিৰাই থকাৰ দৰে অগণন  পোহৰ নাচি নাচি কেঁকুৰীটো পাৰ হৈ গাঁৱৰ ফালে আহি আছে৷

হয় ঠিকেই, চিকাৰলৈ যোৱা দলটো নাচি বাগি গীত গাই গাই গাঁৱৰ ফালে আহি আছে৷ প্ৰত্যেকৰে হাতে হাতে টৰ্চ৷ এক দৃষ্টিনন্দন শোভাযাত্ৰা৷   ওপৰত ৰৈ থকাবোৰৰ মাজৰে কিছুমানে আকৌ তললৈ নামি গৈ সিহঁতৰ লগত নৃত্য-গীতত ভাগ লৈছেগৈ৷

দলটো ক্ৰমাণ্বয়ে ওপৰলৈ উঠি আহিছে৷ আগত  ৮/১০ জন মানে ধৰাধৰিকৈ সাঙীত মৃত ভালুকটো কঢ়িয়াই আনিছে আৰু পিছত সকলোৱে গীত গাই গাই নাচি বাগি আহিছে৷

ময়ো আন্ধাৰৰ সুযোগতে সেই দলটোৰ মাজত বিলীন হৈ গলোঁ আৰু গাঁৱৰ ভিতৰলৈ বুলি বাট ললোঁ৷ এক ৰোমাঞ্চকৰ অভিজ্ঞতাৰ সাক্ষী হবলৈ পাই মই এক অজান পুলক অনুভৱ কৰিলোঁ৷

গাঁৱৰ সোঁমাজতে গাওঁবুঢ়াৰ ঘৰ৷ ভালুকৰ সাঙীখন তেখেতৰ ঘৰৰ চোতালত থৈ দিয়া হ’ল৷

গাঁৱৰ সকলো মানুহ উধাতু খাই আহিছে গাঁওবুঢ়াৰ ঘৰলৈ,

সকলোৱে বেৰি বেৰি চাইছে,

বহুতে বহুত কিবাকিবি মন্তব্য আগবঢ়াইছে৷

কোনোবাই চুই চাইছে,

কোনোবাই সাঙীৰ এফালে ধৰি কিমান ওজন দাঙি চাইছে,

কোনোবাই মবাইলৰ কেমেৰাত আবদ্ধ কৰিছে,

কোনোবাই আকৌ হাবিৰ খেতি অনিষ্ট কৰাৰ প্ৰতিশোধত মৃত ভালুকটোকেই ভৰিৰে লঠিয়াইছে৷

বেচ ভালদৰেই উপভোগ্য হৈ পৰিল পৰিবেশটো৷ লাহে মানুহৰ ভিৰ কিছু কমিল আৰু ময়ো ভালুকটোৰ ছবি মবাইলৰ কেমেৰাত আবদ্ধ কৰি ঘৰমুৱা হওঁ৷

*************************

নিশা ভাত পানী খাই বিছনাত বাগৰি বহু দেৰিলৈকে টোপনি অহা নাই৷ ভাবিছোঁ একবিংশ শতিকাৰ বিজ্ঞানৰ চৰম সাফল্যই আজিও কিছুমান মানুহক চুব পৰা নাই৷ অন্ধবিশ্বাসৰ কলীয়া ডাৱৰে একোটা জাতি, এখন সমাজক কিমান তললৈ নিব পাৰে৷

ঙুনৰাওঁ তাৰ জীৱন্ত সাক্ষী৷

চিলমিলকৈ টোপনি আহিব খোজে কিন্তু সাৰ পাই যাওঁ৷ বাহিৰত ৰাষ্টাৰে মানুহবোৰে কথা পাতি পাতি অহাযোৱা কৰিয়েই আছে গাঁওবুঢ়াৰ ঘৰলৈ৷
ভালুকৰ বৰভোজলৈ৷

সেইদিনা সমগ্ৰ ঙুনৰাওঁ সাৰে থাকিল৷ মাথো মইহে টোপনি গলোঁ৷

ৰাতিপুৱা থেইৰিতক সুধিলোগৈ ভালুকৰ বৰভোজৰ কথা৷

তাই কলে,

-ভালুকটোৰ মাংস পৰিছিল ৯০ কেজি আৰু চিকাৰলৈ যোৱা ৬০ ঘৰ মানুহে ডেৰ কেজিকৈ ভগাই লয়৷

-তেনেহলে চিকাৰলৈ নোযোৱা ঘৰবোৰে খাবলৈ নাপালে?

তেতিয়া তাই  কলে, –

-বাবু, সকলোৱে খাবলৈ পাইছে৷ ভালুকৰ নাড়ী-ভূৰু বোৰ এটা ডাঙৰ কেৰাহীত ৰান্ধি জোলটো চিকাৰলৈ নোযোৱা প্ৰতিঘৰ মানুহক বিলাই দিয়া হৈছে৷

বাঃ, কি আচৰিত কাৰবাৰ! কি বিষ্ময়কৰ অন্ধবিশ্বাস!

ভালুকৰ মাংস খাই সকলোৰে যেন অনুভৱ হ’ল —

সেইদিনাৰ পৰা বছৰটোলৈ  সিহঁত ৰোগ-ব্যাধিৰ পৰা ৰক্ষা পৰিল৷

————————————————–

গাড়ীৰ ভাড়া
========================

সেই দিনা ঘৰৰ পৰা ঙুনৰাওঁলৈ গৈছোঁঁ৷ মাউকিৰৱাট টাউনত ডাঙৰ বজাৰ৷ তাত সপ্তাহত তিনি দিনৰ মুৰে মুৰে দুখন বজাৰ হয়৷ এখন সিহঁতৰ ভাষাত ’হাট বা’ অৰ্থাৎ বৰ বজাৰ আনখন ’হাট না’ অৰ্থাৎ সৰু বজাৰ ৷ তিনি দিনৰ হিচাপত যদি কোনোবাটো ৰবি বাৰ পৰে তেনেহলে পিছদিনা অৰ্থাৎ সোমবাৰে বজাৰ বহে৷

বজাৰৰ দিন বুলি কলে মাউকিৰৱাট টাউনৰ আশে পাশে থকা গাওঁ বোৰৰ বাবে যেন এক উৎসৱৰহে দিন তেনে লাগে৷ গাঁওবোৰৰ পৰা সিহঁতৰ বিভিন্ন উৎপাদিত সামগ্ৰী, ফল-মূল, শাক-পাচলি বিক্ৰী কৰিবলৈ তালৈ আহে৷ গাড়ীবোৰত ওপৰে তলে বস্তু-বাহানি আৰু মানুহ ঠাহ খুৱাই লৈ আহে৷ আনকি এম্বেচেদৰ, টেক্সি আদিৰ পিছফালৰ ডিকিৰ ঢাকনি খুলিও মানুহ অহা যোৱা কৰাতো এটা সুলভ দৃশ্য৷

ঙুনৰাৱো তাৰ ব্যতিক্ৰম নহয়৷ গাঁৱৰ প্ৰধান জীৱিকাৰ সম্বল কমলা, ঝাড়ু, পিপলি আৰু লগতে আদা, হালধি, জলকীয়া, তেজপাত আদি বিকিবলৈ তাৰ পৰাও মানুহবোৰ আহে৷ এখনেই বাছ আৰু এখনেই চুমু৷ আগদিনাই গাঁৱৰ মানুহে বস্তু-বাহানিবোৰ দুয়োখন গাড়ীতেই থৈ চিটবোৰ দখল কৰি থৈ যায়৷ এটা চিটৰ মালিক হোৱা মানেই এখন গাড়ীৰ মালিক হোৱা যেন অনুভৱ হয় সিহঁতৰ৷
বজাৰৰ দিনা আনদিনাতকৈ কিছু দেৰিকৈ গাঁওখনৰ পৰা বাছখন  আহে আৰু উভতি যাওঁতে আবেলি সোনকালেই উভতি যায়৷ চুমুখন কিছু দেৰিলৈকে থাকে৷

চুমুখনৰ চালকজন আছিল নেপালী৷ কুমাৰ উপাধিৰ সেই চালকজনক সকলোৱে চুমু কুমাৰ বুলিয়েই মাতিছিল৷ ৩৫/৪০ বছৰীয়া পাতল চেহেৰাৰ যুৱক৷ অসমীয়া খুব ভালকৈ কব জানিছিল৷ ঙুনৰাওঁৰেই এজনী ছোৱালীয়ে তাক বিয়া কৰাইছে৷ সম্পূৰ্ণ বৃত্তিগত কাৰণত সি খাচি ছোৱালীলৈ বিয়া হৈ খৃষ্টাণ ধৰ্ম গ্ৰহণ কৰিছে৷ তাৰ মাক-বাপেকো ওচৰৰে গাঁও এখনত থাকে কিন্তু তেওঁলোকে এতিয়াও হিন্দু ধৰ্মী হৈয়ে আছে৷

সেইদিনা ঘৰৰ পৰা যাওঁতে মই আগতীয়াকৈ ফোন কৰি মোৰ বাবে অলপ সময় ৰখিবলৈ কলোঁ৷ সেইমতেই সি মই যোৱালৈ অপেক্ষা কৰি আছে৷ মাউকিৰৱাট টাউন পাওঁগৈ সন্ধিয়া ৭ মান বাজিছিল৷ বাছৰ পৰা নামিয়েই কতো নৰোৱাকৈ চুমু আস্থানলৈ গলো৷ সেই সময় খিনিত গুণ্ডা, মদাহী প্ৰকৃতিৰ মানুহবোৰৰ উৎপাত বেছি হয়৷ তাতে বজাৰৰ দিন, ’ডিখাৰ’বোৰলৈ সিহঁতৰ বৰ চকু৷ সেইবাবেই ক’তো নৰৈ পোনে পোনে চুমু আস্থান পালোগৈ৷ গৈ দেখিলোঁ চুমুখন যাত্ৰীৰে ঠাহ খাই পৰিছে৷ কি ভিতৰ কি ওপৰ সকলোতে মানুহ৷ ১১/১২ জন চিট সামৰ্থৰ চুমুখনত প্ৰায় ৩০ জন মান মানুহ৷ বহিবলৈতো জাগা নায়েই, উশাহ লবলৈও জাগা নাই৷ পিছৰ আৰু মাজৰ চিটত ৮ জনকৈ বহিছে অৰ্থাৎ চাৰিজন বহি আৰু আন চাৰিজন কোলাত৷ বজাৰৰ পৰা অনা বয়-বস্তুবোৰ ওপৰত অহা মানুহবোৰক লবলৈ দিছে৷ সেইদৰে ওপৰতো ৮/১০ জন মান ল’ৰাৰ পৰা আদহীয়া তথা বুঢ়ালৈ যেয়ে যেনেকৈ পাৰে বহি লৈছে৷ সন্মুখৰ চিটত কুমাৰৰ বাওঁফালে তিনিজন আৰু কুমাৰৰ সোঁফালে অৰ্থাৎ খিৰিকীৰ কাষত মোক বহিবলৈ কলে৷

যথা সময়ত গাড়ী চলিল৷ ইকাটি সিকাটি হব নোৱাৰা অৱস্থা৷ ড্ৰাইভাৰ কুমাৰৰ একেবাৰে বাওঁফালে এগৰাকী সুন্দৰী খাচি গাভৰু৷

ইতিমধ্যে গাড়ীৰ ভিতৰত যাত্ৰীবোৰৰ  মাজত কথা-বতৰা, হাঁহি খিকিন্দালি আৰম্ভ হৈছে৷ কোনে কি বেচিবলৈ আনিছিল, কিমান পালে, কি কি কিনিলে ইত্যাদি ইত্যাদি৷ কোনোবাই জোলোঙাৰ পৰা তামোল, চুন, চাধা উলিয়াই নিজেও খাইছে লগৰবোৰকো দিছে৷ মেঘালয়ত ঘৰতেই হওক কিম্বা বাহিৰতেই হওক পুৰুষ মহিলা সকলোৱে  কান্ধত  এটি সৰু জোলোঙা লৈ ফুৰাতো এটা অভ্যাস৷ মহিলাবোৰৰ জোলোঙাত ৰাতিপুৱাই দিনটোৰ বাবে কাটি লোৱা তামোল পান, ধপাত আৰু দবুৱা কটাৰী  লৈ ফুৰে৷ বয়সীয়াল দাঁত নথকাবোৰে জোলোঙাত সৰু খুন্দনাও লৈ ফুৰে৷ আনহাতে পুৰুষবোৰৰ জোলোঙাতো তামোল পানৰ লগতে বিড়ি সজা সামগ্ৰী – এবিধ পাতল কাগজ আৰু মিহিকৈ কুটি চেনি মিহলাই তৈয়াৰ কৰা ধপাতৰ মিক্সাৰ থাকে৷ গাড়ী চলিবলৈ ধৰাৰ লগে লগেই সিহঁতৰ কিছু সময় নিটাল মাৰি থকা জোলোঙাবোৰ সক্ৰিয় হৈ উঠে ৷ তামোল খোৱাই তামোল খাইছে, বিড়ী খোৱাই বিড়ী সাজি খাইছে৷ লগতে ওচৰ পাজৰৰ কেইটাকো আগবঢ়াই দিছে৷ গাড়ীৰ ভিতৰৰ এক সদা পৰিচিত দৃশ্য৷

কুমাৰৰ সেইফালে থকা গাভৰু গৰাকীয়ে বেগৰ পৰা তামোল উলিয়াই কুমাৰক খাবলৈ দিলে লগতে মোৰ ফালেও এখন আগবঢ়াই দিলে৷   মই নাখাওঁ বুলি কৈ ধন্যবাদ জনালো ৷  তাইক প্ৰথম দেখিছোঁ  মই কুমাৰক তাইৰ ঘৰ ক’ত বুলি সোধাত সি ঙুনৰাওঁতে ঘৰ বুলি কলে৷

-কিবা পঢ়ি আছে নে চাকৰি কৰে?

– নাই বাবু, পঢ়া শুনা বাদ দিছে৷ শ্চিলঙত কিবা কিবি কৰে৷ এইৰ বিষয়ে বাবুক পিছত কৈ আছোঁঁ ৰব৷

এইবুলি কৈ সি তাইৰ লগত কিবা কিবি কথা কৈ আহিল৷ তাই মিচিক মাচাক কৈ হাঁহি হাঁহি লাজ কৰাৰ ভঙ্গীত কুমাৰৰ কথাবোৰৰ উত্তৰ দি আহিল৷ টুলুং ভুটুংকৈ আগবঢ়া  গাড়ীৰ জোকাৰণি, হাত ভৰি লৰাব নোৱাৰাকৈ আকুট বিকুটকৈ বহি  ড্ৰাইভাৰ আৰু দৰ্জাৰ চেপাখুন্দাত প্ৰাণবায়ু যাওঁ যাওঁ এক অৱস্থাৰে সিহঁতৰ কথাত মোৰ মনযোগ দিবলৈ ইচ্ছা নগ’ল৷ কিবাকৈ বাসস্থান পালেই ৰক্ষা পৰোঁ – ভাৱেৰে গৈ আছোঁ৷

ইতিমধ্যে এঘণ্টাৰ পথ পাৰ হৈ আহিলোঁ৷ হঠাত কুমাৰে এটা ডাঙৰ কেকুৰীৰ আগতে গাড়ীখন ৰখাই দিলে৷ এটি এটিকৈ সকলো নামি পৰিল সৰু পানী চুবলৈ৷ আকাশত ফৰিং ফুটা জোনাক৷   সকলোৱে গাড়ীৰ পিছফালে যিয়ে যেনেকৈ পাৰে কামফেৰা কৰিলে৷ কুমাৰে ছোৱালীজনীক লগত লৈ কেকুৰীটোৰ ফালে গ’ল আৰু অদৃশ্য হৈ পৰিল৷ ইফালে গাড়ীৰ পিছফালে সকলোৱে তামোল বিড়ী খোৱাত লাগি গ’ল৷ বিড়ীও হুপি আছে সিহঁতৰ মাজত বু-বু বা-বাকৈ কিবা আলোচনাও কৰি আছে৷ মই বুজিলোঁ সিহঁতে কুমাৰৰ কথাকে পাতি আছে৷ সিহঁতৰ ফালে চাই মোৰ হাঁহি উঠি গ’ল৷

এজনে কলে,

– বাবু গলেও ভাগ পাবি৷

– কিহৰ ভাগ?

সিহঁতৰ মাজৰে আন এজনে খোলাখুলিকৈ কৈয়েই পেলালে৷ মোৰ কাণ মূৰ গৰম হৈ গ’ল৷ কি কয় এইবোৰ? লাজ চৰম কি বস্তু একোৱেই নাজানেনে ইহঁতে? কি আচৰিত এই মানুহবোৰ! ইমান মুক্ত যৌনাচাৰ৷

১৫ মিনিট মানৰ মূৰত সিহঁত দুয়ো কেকুৰীটোৰ ফালৰ পৰা ওলাই আহিল৷ সকলোৱে আকৌ আগৰ দৰে নিজৰ নিজৰ চিটত বহি পৰিল৷ গাড়ীৰ ভিতৰত আকৌ আগৰ দৰেই স্বাভাৱিক পৰিবেশ৷ নতুন একো কথা যেন হোৱা নাই সকলোৰে তেনে দৃষ্টিভংগী৷

আহোতে সি মোক কৈ আহিল-

ঐ বাবু, এই ছোৱালী জনী শ্চিলঙত থাকে৷ আমি ড্ৰাইভাৰ মানুহ৷ কোনে ক’ত কি কৰে আমি চব জানো৷ তাই ধান্দাবাজী৷ তাই মোক ভাড়া দিবলৈ পইচা নাই বুলি কলে৷ সেয়েহে ভাড়াটো দি দিলে৷ ’

চুমুৰ ভাড়া তেতিয়া  ৪০ টকা আছিল৷

(ক্ৰমশঃ)

#কন্দৰ্প কুমাৰ নাথ

কন্দৰ্প কুমাৰ নাথ

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.