ডাকৰ বচন: সামাজিক মূল্য (প্ৰানজ্যোতি নাথ)

ডাকৰ বচন: সামাজিক মূল্য (প্ৰানজ্যোতি নাথ)

ডাকৰ বচন: সামাজিক মূল্য (প্ৰানজ্যোতি নাথ)

by January 31, 2017 0 comments

অসমীয়া, ঘাইকৈ কৃষিজীৱী জাতি। কৃষিজীৱী গাঁৱলীয়া সমাজখনত উঠোতে-বহোতে খাওঁতে শোওঁতে প্ৰচলন হৈছিল অনেকবোৰ প্ৰবাদ-প্ৰবচন। কথাই-কথাই ফকৰা-যোজনা গাঁঠি দিয়াত পটু আছিল বুঢ়া-মেঠাসকল। অদ্ভুত এক বাকচাতুৰ্য অসমীয়াৰ পূৰ্বপুৰুষীয়া সম্পদ। অসমীয়া ভাষাটো চহকী। মুখে-মুখে চলি অহা মৌখিক কথা-বতৰাৰে আৰম্ভ হৈছিল ভাষাৰ গঢ়-পিত দিয়া কামটো। যদিও অপৰিস্কাৰ আছিল, এই মৌখিক ভাগটোৱেই লোকসাহিত্যৰ বাহক।( ‘লোক সাহিত্যৰ অন্যতম বাহন মুখ।’-ড° লীলা গগৈ)। ‘ডাকৰ বচন’ লোকসাহিত্যৰ অন্তভূৰ্ক্ত। ডাক- অৰ্থাৎ কথা ক’, মাত। তিব্বতী ভাষাত ডাক মানে জ্ঞানী। গতিকে ‘ডাকৰ বচন’ মানে জ্ঞানী লোকৰ বচন। উপজিয়েই কথা কোৱা কাল্পনিক পুৰুষ এজনৰ নামৰ গইনা লৈ অনাখৰী অথচ বুদ্ধিমান আৰু বাকপটু লোকৰ মুখে-মুখে প্ৰচলন হ’ল ডাকৰ বচন। বনগীত, বিহুগীতৰ দৰে মিঠাসুৰীয়া নহ’লেও ব্যৱহাৰিক জীৱনত ডাকৰ বচনসমূহৰ মূল্য উলাই কৰিব নোৱাৰি। অসমীয়া জাতীয় জীৱনৰ স’তে ডাকৰ বচনৰ এক ওতঃপ্ৰোত সম্বন্ধ।

 

ডাক পুৰুষ কাল্পনিক চৰিত্ৰ নে? ডাক কোন!? — এই লৈ বিভিন্ন জন-প্ৰৱাদ আছে। কেৱল অসমীয়াই নহয়; বঙালী, মৈথিলী, উড়িয়া, বিহাৰীসকলেও ডাক-পুৰুষক নিজৰ বুলি দাবী কৰি আহিছে। ডাক চতুৰ্থ-ষষ্ঠ শতিকাৰ বৰাহ-মিহিৰৰ সমসাময়িক আৰু বৰপেটা অঞ্চলৰ লেহিডঙৰা নামে ঠাইত তেখেতৰ জন্ম বুলি প্ৰৱাদ আছে। আজিকালি ইয়াক লৌহ গাঁও বোলে।

‘লেহিডঙৰা ডাকৰ গাঁও।

তিনি শ পুখুৰীৰ তিনি শ নাও।’

 

আকৌ, কোনো কোনোৱে বৰাহ-মিহিৰকে ডাকৰ পিতৃ অভিধা দিব খোজে। কোনো কোনোৱে এদিন এৰাতিহে তেওঁ জীয়াই আছিল বুলি কোৱাৰ বিপৰীতে কোনোৱে ভেঁট ফুল তুলিবলৈ যাওঁতে লগৰীয়াই গোট খাই তেওঁক ব্ৰহ্মপুত্ৰৰ পানীত পেলাই মৰা বুলি ক’ব খোজে। কোনোবাই কুমাৰণীৰ সন্তান বুলি কোৱাৰ বিপৰীতে কোনোৱে তেওঁক উত্তম ব্ৰাহ্মণৰ বংশজাত বুলি ক’ব খোজে — ‘উত্তম ব্ৰাহ্মণ ঘৰে জনম লভিলা।’ কিন্তু ইমানবোৰ প্ৰচলিত জন-প্ৰৱাদ থকা সত্বেও ডাক বুলি কোনো ব্যক্তি বা পুৰুষ থকা বুলি নিশ্চিতকৈ ক’ব নোৱাৰি। ডাকৰ বচনসমূহ বুদ্ধিদীপ্ত মনৰ পৰম্পৰাগত উক্তি। কাল অনুক্ৰমে এইসমূহ মুখে মুখে প্ৰচলন, সংশোধন, সংবৰ্দ্ধন হৈ আহিছে আৰু কোনো নিৰ্ভৰযোগ্য প্ৰামাণ্য তথ্য অবিহনেও এইসমূহ ডাক নামৰ প্ৰৱাদ পুৰুষজনৰ নামতে প্ৰচলিত। অসমীয়া লোকসাহিত্যৰ ই এক গুৰুত্বপূৰ্ণ ভাগ। ড° লীলা গগৈ দেৱৰ ভাষাত, “ডাকৰ বচন অসমীয়া জন-জীৱনৰ ব্যৱহাৰিক জ্ঞানৰ এখন মৌখিক বিশ্বকোষ।” বাংলা লোকসাহিত্যৰ গৱেষক ড° সুশীল কুমাৰ দে’ই ডাকৰ বচনসমূহক প্ৰবাদ প্ৰবচনৰ অন্তৰ্ভুক্ত কৰিব নোৱাৰি বুলি কৈছে। অৰ্থাৎ ডাকৰ বচনসমূহ অসমীয়া গাৱলীয়া সমাজখনক ৰীতি-নীতি, লোকাচাৰ বিষয়ক কৰণীয় বা গ্ৰহণীয় পৰামৰ্শমূলক উক্তি। গৱেষক চক্ৰেশ্বৰ দাসে তেখেতৰ ‘প্ৰবাদ প্ৰবচন’ নামৰ গৱেষণাধৰ্মী গ্ৰন্থখনত সুশীল কুমাৰ দে’ক সমৰ্থন কৰি ডাকৰ বচনসমূহ যে প্ৰবাদ নহয়, সেইবিষয়ে যুক্তিপূৰ্ণ বৰ্ণনা আগবঢ়াইছে।

 

আদিতে নিৰ্ধাৰিত ভাগত ভগোৱা হৈছিল নে নাই সেই বিষয়ে কোনো তথ্য নাথাকিলেও কিছুমান সাঁচিপতীয়া পুথিত ডাকৰ বচনসমূহ বিষয় অনুযায়ী পোৱা গৈছে। মুঠতে ষোল্লটা ভাগত এইসমূহ বিভক্ত। জন্ম-প্ৰকৰণত প্ৰসূতিয়ে পালিবলগীয়া বিধি, কৃষি-প্ৰকৰণ(কেনে সময়ত,কেনেকুৱা ঠাইত, কি খেতি কৰিব লাগে আৰু সেই খেতিত কেনে ধৰণৰ সাৰ ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে উল্লেখ থকাৰ উপৰি গৰুৰ লক্ষণ সম্বন্ধে দিহা দিয়া হৈছে।), ধৰ্ম প্ৰকৰণ, নীতি-প্ৰকৰণ, ৰাজনীতি-প্ৰকৰণ, ৰন্ধন-প্ৰকৰণ, গৃহিণী-লক্ষণ, পৰিত্যাগ-কথন, জ্যোতিষ-প্ৰকৰণ আদিৰ উপৰি স্বাস্থ্য-সম্পৰ্কীয় বিবিধ দিহা ডাকৰ বচনসমূহত উপলব্ধ।

 

একবিংশ শতিকা বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগ। ব্যক্তিজীৱন এতিয়া প্ৰযুক্তিনিৰ্ভৰ। সময়-জ্ঞানৰপৰা আদি কৰি নিত্য নৈমিত্তিক সকলো কামতে আমি শেহতীয়া প্ৰযুক্তিৰ ওপৰত আস্থা ৰাখিছোঁ আৰু বিজ্ঞানত ৰাখিছোঁ বিশ্বাস। বিজ্ঞানমনস্ক মনটোৱে আজিৰ জীৱনশৈলীত ‘ডাকৰ বচন’ৰ গুৰুত্ব কোনোপধ্যেই স্বীকাৰ কৰিবলৈ মান্তি নহ’লেও কৃষি-ভিত্তিক, ৰন্ধন-প্ৰকৰণ আৰু স্বাস্থ্য-সম্পৰ্কীয় কিছু কিছু পৰামৰ্শ অথবা ব্যৱহাৰিক জ্ঞান আমি এই বচনসমূহৰ পৰা ল’ব পাৰোঁ। যেনে, আহু আৰু শালি খেতিৰ ক্ষেত্ৰত__

পুহত আহু জেঠত শালি।

তেতিয়া চাবা গৃহস্থালি।।

 

শাওণৰ কঠীয়া নহয় ধান।

আহিনৰ গোছ বিফল জান।।

 

(আহু আৰু শালি ৰোৱাৰ ক্ষেত্ৰত)

আহু ব’বা খোজত বুৰি।

শালি ৰুবা বেগত জুৰি।।

আঁঠুৰ ওপৰে দেখিবা পানী।

গোছ দিবা হাতক জানি।।

বাসভূমিত ঘনে দিবা আলি।

দৰ পানী দিবা মেলি।।

তেও যদি নহয় শালি।

তেহে পাৰিবা ডাকক গালি।।

 

ধান খেতিৰ উপৰিও কপাহ, সৰিয়হ, তামোল, বাঁহ, মাহ আদি কৃষিজাত বস্তুৰ সম্পৰ্কে ডাকৰ বচনত আৱশ্যকীয় কেতবোৰ দিহা-পৰামৰ্শ পোৱা যায়।

যেনে,

ঘন সৰিয়হ পাতল মাহ।

মূলা কপাহত কৰিবা চাহ।।

 

জালুকত গোবৰ পাণত মাটি।

কলপুলি ৰুবা তিনিবাৰ কাটি।।

 

সাতত সেৰেঙা পাঁচত ঘন।

ছয়ত তামোল নদন-বদন।।

 

শীত সৰিয়হ মী–ত মাহ।

গণ্ড যোগত নুৰুবা বাঁহ।।

 

কেনে গৰুৰে হাল জোৰা দিলে সুবিধা, কেনে গৰুৱে গৃহস্থৰ ঘৰৰ ভঁৰাল নদন-বদন কৰি ৰাখে, সেই লৈও ডাকৰ দিহা মনকৰিবলগীয়া।

গৰু কিনিবা চিকণ জালি।

দুই-চাৰি দন্তীয়া ভালি।।

হৰিণৰ নিচিনা জিবা কাণ।

তেনে বলধক বিচাৰি আন।।

 

বিছানেজীয়া কালীয়া চুটা।

বিচাৰি কিনিবা বলধ গোটা।।

 

গৰু কিনিবা দীঘল নেজা।

মৈত উঠিলে নহয় কুঁজা।।

 

কৃষিকৰ্ম বতৰ নিৰ্ভৰ। প্ৰকৃতিৰ লক্ষণ চাই কোন মাহত বৰষুণ-বানপানী হ’ব, বা কোন মাহত খৰ মাৰিব অথবা কোন সময়ত শইচ সিঁচিবলৈ বা কঠীয়া পাৰিবলৈ সুচল সময় — এইলৈয়ো ডাকৰ নীতি বচনসমূহ উল্লেখনীয়।

 

ভোজন-বিলাসী অসমীয়াৰ ৰন্ধন-প্ৰকৰণ সম্পৰ্কে নজনা কিছু কথা ডাকৰ বচনত উপলব্ধ। কোন মাহত কি খালে স্বাস্থ্যৰ পক্ষে হানিকৰ, এই লৈও ডাকৰ বাধা-নিষেধ আছে। আনহাতে অসমীয়া থলুৱা খাদ্যসমূহ ৰন্ধাৰ দিহাবোৰ আপুৰুগীয়া।

শোকোতাৰ পাত বেহুৱাৰ জোল।

তেলৰ ওপৰে ভাজিবা ভোল।

পূৰৈ শাক ৰোহিত মাছ।

ডাকে বোলে সেহি ব্যঞ্জন সাঁচ।।

 

কাৱৈ মাছক কচি কুটিয়া।

হালধি মৰিচ দি তেলে ভাজিয়া।।

ওলট-পালট কৰিয়া পিঠি।

খাই পাবা তেবেসে মিষ্টি।।

 

পকা তেতেলি বুঢ়া বৰালি।

___ এনে অনেক ৰন্ধন-প্ৰকৰণ সম্পৰ্কীয় আমোদজনক অথচ মনকৰিবলগীয়া দিহাই ভোজন ৰসিকক ডাকৰ বচনৰ পুনৰ চৰ্চাৰ বাবে নিশ্চয় উচতাব।

 

সবাৰে ওপৰে হ’ল স্বাস্থ্য। অসমীয়াত এষাৰ কথা আছে; “দেহা থাকিলেহে বেহা।” এই দেহা ৰক্ষাৰ্থে, সচেতন এচামে কৃত্ৰিম ৰাসায়নিক দৰৱ এৰি সৰু-সুৰা অসুখবোৰৰ বাবে ঘৰুৱা পথ্য, বনদৰৱ আদিত আজিও বিশ্বাস ৰাখি ৰান্ধনী শালতে বা বাৰীতে পোৱা সহজলভ্য ঔষধী বস্তুবোৰ ব্যৱহাৰ কৰি আহিছে। ঘৰে-ঘৰে জনপ্ৰিয় হৈ পৰিছে ৰামদেৱ তথা পতঞ্জলীৰ সামগ্ৰীবোৰ। তেনেক্ষেত্ৰত দ্ৰব্য-গুণ বিচাৰ কৰি অসমৰ হাবি-বননিৰপৰা ঔষধ সংগ্ৰহ কৰি অসুখৰ উপচাৰ কৰিবলৈ ডাকে দিয়া বিধানসমূহ কদাপি অমূলক হ’ব নোৱাৰে। উদাহৰণস্বৰূপে,

জালুক পিপলী আদা খায়।

ডাকে বোলে তাৰ কাহ পলায়।।

 

ত্ৰিফলা দিয়া নিমৰ ছাল।

ছাগ দুগ্ধৰে বাটিব ভাল।।

নিশা ভাগে তাক নিয়ৰে থৈব।

প্ৰভাত সময়ে মাথাত লৈব।

হাতে ঘঁহি ঘঁহি মাথাত দিব।

শুকালে পাছে স্নান কৰিব।।

যিজনে কৰিব এহি প্ৰকাৰ।

ক্ৰোশেকৰ পথলৈ দৃষ্টি তাহাৰ।।

 

জ্যোতিষ, ধৰ্ম আদি সম্পৰ্কীয় কিছু ডাকৰ বচনৰ আজিৰ সময়ত বিশেষ মূল্য নাই যদিও ওপৰত উল্লেখ কৰা কিছু কিছু বিধান আজিও অমূল্য তথা সমাজ জীৱনত প্ৰযোজ্য। সেয়ে আধুনিক দৃষ্টিভংগীৰে আলোকপাত কৰিলেও ডাকৰ বচনৰ সামাজিক মূল্য যে আজিৰ সময়তো আছে সেইবিষয়ে নুই কৰা মানুহ আঙুলিৰ মূৰত লেখিব পৰা হ’ব। ডাকৰ বচনসমূহৰ পুনৰ পঠন, পুনৰ চৰ্চা আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে এইবোৰৰ পুনঃ বিশ্লেষণে এক নতুন দিশ মোকলাব বুলি আমি আশাবাদী।

————————–

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.