মেট্ৰ’পলিচ (Metropolis) : বিশ্ব চলচ্চিত্ৰত কল্প-বিজ্ঞানৰ ভুমুকি (অম্লানজ্যোতি গৌতম)

মেট্ৰ’পলিচ (Metropolis) : বিশ্ব চলচ্চিত্ৰত কল্প-বিজ্ঞানৰ ভুমুকি (অম্লানজ্যোতি গৌতম)

মেট্ৰ’পলিচ (Metropolis) : বিশ্ব চলচ্চিত্ৰত কল্প-বিজ্ঞানৰ ভুমুকি (অম্লানজ্যোতি গৌতম)

by January 31, 2017 0 comments

লিঅ’নাৰ্ড’ৰ ৰবট  বুলি খ্যাত, ১৪৯৫ চনত লিঅ’নাৰ্ড’ ডা ভিন্সিয়ে সৃষ্টি কৰা এগৰাকী যান্ত্ৰিক নাইট (knight) ৰ স্কেছটো  আছিল হিউমেনইড  (humanoid) ৰবটৰ অন্যতম প্ৰথম নথিভুক্ত ডিজাইন ৷ লিঅ’নাৰ্ড’ই ১৪৯৫ তেই মিলানত এই ডিজাইনটোৰ প্ৰদৰ্শন কৰিছিল ৷ ১৫৩৩ চনত জোহানেস্ মোলায়েৰ ভান কনিসবাৰ্গে সাজি উলিয়াইছিল লৌহ নিৰ্মিত এটি উৰণক্ষম ঈগল ৷ জাপানৰ এডিচন বুলি পৰিচিত Hisashige Tanaka ই সাজি উলিয়াইছিল কিছুমান জটিল যান্ত্ৰিক পুতলা, তাৰে কিছুমানে কাঁড় মাৰিব পাৰিছিল, চাহ দিব পাৰিছিল, আৰু আঁকিব পাৰিছিল জাপানীজ কাঞ্জি (kanji) ৰ চৰিত্ৰ৷

ৰবট শব্দটো পোনপ্ৰথমে ব্যৱহাৰ কৰা হৈছিল চেক (czech) লিখক ক’নেল চেপেকৰ ১৯২১ চনৰ Rossum’s universal robots (R.U.R) নামৰ নাটকখনৰ জৰিয়তে ৷ চেপেকৰ মতে ৰবট (Robot) শব্দটোৰ মূল হৈছে ‘Robata’ বুলি এটা চেক (czech) শব্দ যাৰ অৰ্থ হৈছে ভৃত্যত্ব ৷ চেপেকৰ এই নাটকখনে জনপ্ৰিয়ভাৱে ব্যৱহাৰ হৈ থকা ‘automaton’ শব্দটো ‘robot’ ৰে সলনি কৰে ৷ ১৯২৭ চনত মুক্তি লাভ কৰা বিশ্ব বিখ্যাত অষ্ট্ৰিয়ান-হাঙ্গেৰিয়ান ফিল্ম নিৰ্মাতা ফ্ৰিটজ্ লেঙ (Fritz Lang) ৰ মেট্ৰ’পলিচ (Metropolis) ছবিখনৰ Maschinenmensch (machine-man, যাক লগতে  Parody ,Futura,Robotrix, বা Maria imperdonator বুলিও কোৱা হৈছিল) নামৰ ৰবটটো হ’ল চিনেমাত দেখুওৱা প্ৰথমটো হিউমেনইড ৰবট ৷ প্ৰথম বিশ্বযুদ্ধৰ ঠিক পিছতেই ইউৰোপীয়ান চিত্ৰ নিৰ্মাণ উদ্যোগত আৰম্ভ হৈছিল অভিব্যক্তিবাদ (expressionism) বুলি এক নতুন কলাত্মক সঞ্চাৰণ ৷ ১৯২০ ৰ দশকত বিশেষকৈ জাৰ্মান চিনেমাৰ সোণালী যুগ (weimer cinema বুলিয়ো জনাজাত) ৰ সময়ত এই ধাৰণাটোৱে প্ৰগতি লাভ কৰিছিল ৷ ষ্টাইলাইজেশ্বন, আন্ধাৰ ছাঁ, নাটকীয় পোহৰ, ভিজুৱেল ষ্টৰি টেলিং, অবাস্তৱিক চৰিত্ৰ নিৰ্মাণ, এবষ্ট্ৰেক্ত চেট ইত্যাদি আছিল অভিব্যক্তিবাদী চিনেমাৰ বৈশিষ্ট্য ৷ ‘মাষ্টাৰ অব ডাৰ্কনেচ’,জাৰ্মান অভিব্যক্তিবাদী চিনেমাৰ অন্যতম জনক ফ্ৰিটজ্ লেঙৰ অন্তিমখন নিৰ্বাক চিনেমা মেট্ৰ’পলিচৰ লগতেই জাৰ্মান অভিব্যক্তিবাদী চিনেমাৰ ধাৰাটোৰ অন্ত পৰে ৷ কিন্তু মেট্ৰ’পলিচে  জন্ম দিলে বিশ্ব চলচ্চিত্ৰত অন্য এক অধ্যায়ৰ ৷ সেই অধ্যায়ৰে পাত লুটিয়াই সৃষ্টি হ’ল  2001: A Space Oddyssey,  Star Wars, E.T. ,Jurassic Park, Avatar, Interstellar আদিৰ দৰে বিশ্ব বিখ্যাত কল্পবিজ্ঞান চিনেমাৰ ৷

কল্পবিজ্ঞান চলচ্চিত্ৰৰ দিকদৰ্শী আৰু জাৰ্মান অভিব্যক্তিবাদৰ  শেষ ধ্বজাবাহক মেট্ৰ’পলিচ নামৰ চিনেমাখন মূলত:  ফ্ৰিটজ্ লেঙৰ পত্নী Thea van Harbou ৰ এটি allegorical গল্পৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছিল ৷ Karl Fruned ৰ অভিনৱ  চিনেমাট’গ্ৰাফী, Otto Hunte, Erich Kettlehut, Karl Vellbrecht ৰ আৰ্ট ডিজাইন, Edgar Ulmer ৰ  চেট ডিজাইন  আৰু Fritz Lang ৰ সুুদক্ষ পৰিচালনাৰে Metropolis হৈ পৰিছিল ১৯২০ৰ দশকৰ এখন অত্যন্ত উচ্চ শৈলীৰ দৃষ্টিনন্দন মেল’ড্ৰামাটিক কল্পবিজ্ঞান কথাছবি ৷ ক্ষীপ্ৰতাৰে প্ৰসাৰিত হোৱা ঔদ্যোগিক বিপ্লৱ, Fascism ৰ উত্থান আৰু  আৰ্থিক মন্দাৱস্থা, ১৯২০ ৰ কালছোৱাত আমেৰিকাত হোৱা শ্ৰমিক আন্দোলন, শ্ৰমিক শ্ৰেণীৰ শোষণ, ১৯১৭ ত চোভিয়েট ইউনিয়নত হোৱা কমিউনিষ্ট বিদ্ৰোহ, এই সকলো দিনৰ প্ৰভাৱ সাঙুৰি জাৰ্মান অভিব্যক্তিবাদ আৰু কল্প বিজ্ঞানৰ এক অপূৰ্ব সংযোজনেৰে সৃষ্টি হৈছিল লেঙৰ অবিস্মৰণীয় মাষ্টাৰপিচ মেট্ৰ’পলিচ ৷

আন এক দিশতো মেট্ৰ’পলিচৰ আছিল এক সুকীয়া অৱদান ৷ প্ৰথম বিশ্বযুদ্ধৰ ঠিক পূৰ্বে ফ্ৰান্সত অাবিৰ্ভাৱ হৈছিল ‘আৰ্ট ডেকো’ (Art Deco) বুলি ভিজুৱেল আৰ্ট, আৰ্কিটেক্সাৰ আৰু ডিজাইনৰ এক নতুন ধাৰা আৰু ১৯২০ আৰু ১৯৩০ ৰ দশকত এই ধাৰাটোৱে বিল্ডিং, আচবাব, জুৱেলাৰী, গাড়ী, ট্ৰেইন, চিনেমা হল আদিৰ ডিজাইনবোৰ প্ৰভাৱন্বিত কৰিছিল ৷ মেট্ৰ’পলিচত প্ৰদৰ্শন কৰা একবিংশ শতিকাৰ  ডিষ্টপিয়ান চহৰখনো সজোৱা হৈছিল আৰ্ট ডেকো ষ্টাইলেৰে ৷ চিনেমাখনত ব্যৱহাৰ হোৱা আৰ্ট ডেকো আৰ্কিটেক্সাৰে পিছলৈ ইউৰোপ আৰু আমেৰিকাত এই নতুন ষ্টাইলটো জনপ্ৰিয় হোৱাত অৰিহণা যোগাইছিল ৷

কাহিনীত দেখুওৱা মেট্ৰ’পলিচ হৈছে একবিংশ শতিকাৰ এখন আটক ধুনীয়া ডিষ্টপিয়ান চহৰ ৷ গগণচুম্বী অট্টালিকা, ওলোমা ৰাস্তা, ওখ দলঙবোৰেৰে অনবৰত ব্যস্ত এই চহৰখনে দ্ৰুত গতিত প্ৰগতি লাভ কৰিছে ৷ কিন্তু ঠিক একে সময়তে মেট্ৰ’পলিচৰ আঁৰত  লুকাই আছে এক গোপনীয়তা, আনকি চহৰখনৰ প্ৰতিস্থাপক Joh Frederson ৰ পুত্ৰ ফ্ৰেডাৰ (Freder) য়েও গম নাপায় এই গুপ্ত কথাটো ৷ এদিনাখন মাৰিয়া (Maria) বুলি এগৰাকী মহিলাৰ পম খেদি খেদি ফ্ৰেডাৰে উদ্ধাৰ কৰে মেট্ৰ’পলিচৰ সেই গোপন ছবিখন; চহৰখনৰ তলত আছে শোষিত, পীড়িত বনুৱাসকলৰ এখন অন্য জগত ৷ ওপৰৰ সেই আৰ্ট ডেকো চহৰখন সক্ৰিয় হৈ থাকে বনুৱাসকলে চলোৱা জটিল যন্ত্ৰ-পাতিৰ দ্বাৰা, যাৰ ওপৰত উদ্যোগপতি শ্ৰেণীটোৱে নিজৰ স্বাৰ্থালাভৰ বাবে নিয়মিতভাৱে চলাই গৈছিল শোষণ, উৎপীড়ন ৷ মাৰিয়াৰ সহযোগত ফ্ৰেডাৰে বনুৱাসকলক উদ্ধাৰ কৰাৰ পৰিকল্পনা কৰে ৷ কিন্তু Frederson য়ে Rotwang বুলি বলিয়া বিজ্ঞানীজনে সাজি উলিওৱা হিউমেনইড ৰবটটোৰ সহায়ত সৃষ্টি কৰে এগৰাকী নকল মাৰিয়াৰ, আৰু  আচল মাৰিয়াক অপহৰণ কৰি ৰবটটোৰ জৰিয়তে বনুৱাবোৰক বিপথে পৰিচালিত কৰে ৷ কিন্তু অৱশেষত ফ্ৰেডাৰ আৰু বনুৱাবোৰে মাৰিয়াৰ দেহধাৰী সেইটো এটা ৰবট বুলি গম পায় আৰু Rotwang ক হত্যা কৰি Fredersonৰ শোষণৰ পৰা ৰক্ষা পৰে ৷

Rotwang এ সৃষ্টি কৰা Maschinenmansche নামৰ হিউমেনইড ৰবটটোৰ দ্বাৰাই উন্মোচিত হ’ল বিশ্ব চলচ্চিত্ৰত এক নতুন দিশ ৷ কল্পবিজ্ঞানৰ এই প্ৰথম ৰবটিক চৰিত্ৰটো ডিজাইন কৰিছিল Walter Schulze-Mittendorff য়ে ৷ বহুতো  অভিনৱ কৌশল আৰু ধাৰণাৰ সংমিশ্ৰণ ঘটাই চিত্ৰায়ণ কৰা এই ৰবটটোৱে চলচ্চিত্ৰৰ দৰ্শকক দিবলৈ সক্ষম হৈছিল এক নতুন সোৱাদ ৷ ফ্ৰিটজ্ লেঙৰ এই কাল্পনিক ৰবটটোৱে পিছৰ সময়চোৱাত চিত্ৰ নিৰ্মাতাসকলক চলচ্চিত্ৰৰ এই নতুন ধাৰণা বা বিষয়টোৰ প্ৰতি আকৰ্ষিত কৰি তোলে আৰু ১৯৩০ ৰ পৰা ১৯৫০ দশকৰ কালচোৱাত বিজ্ঞানৰ বহুতো দিশৰ ওপৰত ভিত্তি কৰি সৃষ্টি  হয় তুলনামুলকভাৱে কম বাজেটৰ বহু কল্পবিজ্ঞান চিনেমা ৷ সময়ৰ সোঁতত সৃষ্টি হয় ছুপাৰ হিৰ’, দূৰ-দূৰান্তৰ গ্ৰহ, অসম্ভৱ অভিযান, দুঃসাধ্য সাজ-সজ্জা, মনোমোহা ঠাই, ভৱিষ্যৎবাদী প্ৰযুক্তিবিদ্যা, অপ্ৰকাশ্য শক্তিৰ আধাৰত  নতুন নতুন কল্প বিজ্ঞান চিনেমা ৷ ১৯২৭ চনত মেট্ৰ’পলিচৰে আৰম্ভ হোৱা চলচ্চিত্ৰৰ এই বিশেষ ধাৰাটোৱে বিশ্ব চলচ্চিত্ৰপ্ৰেমীৰ মাজত লাভ কৰিবলৈ সক্ষম হ’ল এক সুকীয়া আসন ৷ ১৯৬৮ চনত ষ্টেনলী কুব্ৰিকৰ 2001: A Space Oddyssey য়ে কল্পবিজ্ঞান চিনেমাক আৰু জনপ্ৰিয় কৰি তুলিলে, নিৰ্মাণ হ’ল Solaris, E.T.-the Extra Terrstrial, Blade Runner, Alien, Avatar, Close encounter with the third kind, Intersteller ৰ দৰে ব্যয়বহুল বাজেটৰ বিশ্ব বিখ্যাত কল্প বিজ্ঞান চিনেমা ৷ চলচ্চিত্ৰ ইতিহাসত ধ্ৰুৱ তৰা হৈ জিলিকি ৰ’ল ফ্ৰিটজ্ লেঙৰ মেট্ৰ’পলিচ ৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.