“মোৰ টাৱাং যাত্ৰাৰ কাহিনী” (বৈদুৰ্য্য বৰুৱা)

“মোৰ টাৱাং যাত্ৰাৰ কাহিনী”  (বৈদুৰ্য্য বৰুৱা)

“মোৰ টাৱাং যাত্ৰাৰ কাহিনী” (বৈদুৰ্য্য বৰুৱা)

by January 31, 2017 0 comments

মোৰ টাৱাং যাত্ৰাৰ কাহিনী এটা আছিল।কাহিনীটো অলপমান মোৰ বাবে মনত ৰৈ যোৱা বিধৰ আছিল। বহুদিনৰ পৰাই ভাবি আছিলো, এই কাহিনীটো মানে অভিজ্ঞতাখিনি আপোনালোকৰ আগলৈ আগবঢ়াম।পিছে দীঘলীয়া হোৱাৰ ভয়ত লিখা নাছিলো।সেইদিনা ভাৱিলো — নাঃ!লিখাই যাওক।টাইপ মাৰি যাবলৈ অলপ কষ্ট হব আৰু…কিন্তু এই অভিজ্ঞতাটো আনৰ সৈতে ভগাই ললে মানে চেয়াৰ কৰিলে ভাল লাগিব। তাতোকৈ ভাল লাগিব আপোনালোকে পঢ়ি ভাল পালে…..।আৰম্ভই কৰা যাওক তেনেহ’লে…
১৯৯৬ চন।ডিচেম্বৰ মাহ।আমি পাঁচ মূৰ্খ বন্ধুৱে পৰিকল্পনা কৰিলো টাৱাঙলৈ যাম– বৰফ চাবলৈ।আমি মানে মই,আকাশ,পাৰ্থ,মুকুল আৰু তনুজ।মূৰ্খ বুলি এই কাৰণেই কৈছো; আজিৰ তাৰিখত টাৱাঙলৈ যোৱা ৰাস্তাটো কেনেকুৱা নাজানো কিন্তু সেই ৯৬ চনত সেই পাহাৰীয়া ৰাস্তাটো বৰ বিপদ সংকুল আছিল।আমাৰ বাবে অতি বিপদ সংকুল এইকাৰণেই হৈ পৰিছিল কাৰণ আমি লৈ যোৱা গাড়ীখন আছিল এখন মাৰ্ক-৩ পুৰণি এম্বেচেদৰ।গৰাকী আছিল তনুজ।গাড়ীখনৰ টায়াৰ কেইটাও ক্ষয় গৈ প্ৰায় মিহি হৈ গৈছিল।ব্ৰেক চিষ্টেমটোও বৰ ভাল নাছিল। হেণ্ড ব্ৰেক নাছিলেই।বেটাৰী প্ৰায়েই বহি গৈছিল।সেইবাবে মাজে মাজে হেণ্ডেল মাৰিব লগা হৈছিল। গতিকে তেনেকুৱা অৱস্থাৰ এখন আওপুৰণি এম্বেচেদৰ লৈ সুউচ্চ পাহাৰীয়া অঞ্চল এটালৈ ফুৰিবলৈ যোৱাতো যে মুৰ্খামীৰ বাহিৰে একো নহয়; জনা সকলে জানিব।আচলতে এই ক্ষেত্রত আমাৰ কোনো আগতীয়াকৈ জ্ঞান নাছিল বা ভাল গাড়ী এখন ভাড়া কৰি নিবলৈ জেপত পইচাও নাছিল।
এই যে মুকুল।সি বৰ সুনিপুন চালক আছিল।ক্লাচ ফাইভ মানৰ পৰাই সি মোমায়েকৰ এম্বেচেদৰ আৰু জীপ দুখন চলাবলৈ সুবিধা পাইছিল। আমি আজিও স্বীকাৰ কৰো, মুকুল নথকা হলে আমি কোনো এটাই হয়টো ঘূৰি আহিব নোৱাৰিলো হেঁতেন।আৰু মুকুলক ধেমালিতে কেতিয়াবা পুৰণি এম্বেচেদৰ লৈ আকৌ এবাৰ টাৱাঙলৈ যোৱাৰ প্ৰস্তাৱ দিলে; সি এতিয়াও দীঘলীয়াকৈ নমস্কাৰ এটা দিয়ে।
আমাৰ গাড়ীয়ে তিনিচুকীয়া ৰাতিপুৱাই এৰিলে যদিও য’ত ত’ত ৰৈ মেলি যাওঁতে দৰকাৰতকৈ বেছি দেৰি হৈ গৈছিল।সন্ধ্যা সাত বজাত বুঢ়া পাহাৰত উঠিছিলোগৈ।এজনৰ প্ৰস্ৰাৱ লাগিল।তেও কলেহে,লগে লগে সকলোৰে লাগিল।তনুজে গাড়ীৰ ষ্টাৰ্ট বন্ধ কৰিলে।হে’ড লাইটটোও অফ কৰিলে।চাৰিও ফালে আন্ধাৰ।দুই এখন গাড়ী পাৰ হৈ যায় মাজে মাজে।সকলোৱে নামি ৰাস্তাৰ কাষৰ পাহাৰৰ দাঁতিত থিয় হৈ কাম ফেৰা কৰি আছো।এনেতে জোনৰ পোহৰত পাহাৰটোৰ গাতে লাগি থকা সৰু চাইন বৰ্ডৰ দৰে কিবা এখন দেখা পালো। শেলুৱৈ লগা পুৰণি চাইন বৰ্ড।সকলোৱে তাতনো কি লিখা আছে পঢ়িবলৈ চেষ্টা কৰিলো। তাত ইংৰাজীতে লিখা বাক্য কেইটাৰ অসমীয়া ভাঙনি কৰিলে এনেকুৱা হ’ব।
“১৯৬X চনৰ Y তাৰিখে এই স্থানতে কোনো বন্দুকধাৰীয়ে শ্ৰী অমুক..শ্ৰী তমুককে ধৰি চাৰিজন লোকক হত্যা কৰিছিল। তেখেত সকলৰ পবিত্র স্মৃতিত এই ফলক খন লগোৱা হৈছে” !
আমি উচপ খাই উঠিলো।আমি প্ৰস্ৰাৱ কৰিবলৈ আৰু ঠাই নাপালো!!
—পলা।পলা।ঠাইখিনি ভাল নহয়।
কোনোবা এটাই ফুচফুচাই উঠিল। আটায়ে লৰালৰিকৈ গাড়ীত উঠিলোগৈ। পুনৰ গাড়ী আগবাঢ়িল।বুঢ়া পাহাৰৰ পৰা নামিছোহে।এনেতে গাড়ীৰ ইঞ্জিন নিজে নিজেই বন্ধ হৈ গল! ..ইমান দুৰ ঠিকেই আহিলো..এতিয়া আকৌ কি হ’ল…!
— কি হ’ল তনুজ ?
—- জা..আ..নো..!
সি আকৌ চেল্ফ মাৰিলে। চঁ অঁ অঁ..কৈ শব্দ এটাহে হল।ষ্টাৰ্ট হোৱাৰ কোনো লক্ষণ নাই।সকলোৰে চিন্তা এতিয়া ৰাতিখন অচিন ঠাইখনত ক’ত মেকানিক বিচাৰি যাঁও..! সকলোৱে নামি গাড়ীখন এবাৰ ঠেলিলো।ওহোঁ। ষ্টাৰ্ট নহয়।বনেট ডাঙি সকলোৰে মেকানিকেল ইঞ্জিনীয়াৰিং আৰম্ভ হৈ গল।ওহো লাভ নাই। চেল্ফ থিকেই ঘূৰে কিন্তু ইঞ্জিন নুঘূৰে! সকলোৱে কি কৰা যায় তাকে আলোচনা কৰি আছো। আধা ঘণ্টা মান এনেদৰেই পাৰ হল। এনেতে তনুজে আকৌ এবাৰ ড্ৰাইভিং চিটত উঠি চাবি পকালে।কি আচৰিত কথা! ঘেৰ ঘেৰকৈ গাড়ীখন ষ্টাৰ্ট হৈ গ’ল…!
— এই..উঠ..উঠ..উঠ…!
সি চিঞৰি উঠিল।আমি আটাইকেইটা জাপ মাৰি গাড়ীৰ ভিতৰ সোমালোগৈ। গাড়ীৰ ভিতৰত কাৰো মাত-বোল নাই। যেন মাত এটা ওলালেই গাড়ীখন আকৌ ৰৈ যাব…! কিছুসময়ৰ পাছত লাইটৰ পোহৰ আৰু মানুহৰ সমাগম থকা চহৰাঞ্চল পাইহে সকলোৰে মুখত হাঁহি বিৰিঙিল।
— তাত মুতিব নালাগিছিল…
—আমি জানি-শুনিতো মুতা নাই..
—বাদ দে..বাদ দে..সেইবোৰ কথা বাদ দে এতিয়া..
— এহ! একো ভুত-চুতৰ কাৰবাৰ নহয় অ’। পুৰণা গাড়ীত এইবোৰ সমস্যা থাকেই আৰু ….
এনেধৰণৰ কথাৰে আমাৰ গাড়ী আগবাঢ়িল তেজপুৰ অভিমুখে।তেজপুৰৰ পৰা ৰঙাপাৰা…ৰঙাপাৰাৰ পৰা আগলৈ ঘৰিয়ালী নে তেনেকুৱা নামৰ চাহবাগিছা এখন আছে..তাত আমাৰ এজন বন্ধু উৎপল সহকাৰি পৰিচালক হিচাবে আছে..তাৰ বাংলোত নিশাটো কটাম..পুৱাই যাত্ৰা আৰম্ভ কৰিম টাৱাঙলৈ…..
পিছদিনা পুৱা আকৌ আমাৰ যাত্ৰা আৰম্ভ হৈ গল।এইবাৰ ড্ৰাইভিং চিটত মুকুল। তাৰ কাষত তনুজ। বাকী তিনিটা পাছফালে। …..লাহে লাহে ৰাস্তাৰ দুয়োকাষে অৰণ্যই ভুমুকি মাৰিবলৈ ধৰিলে।..ভালুকপুং পালোহি..ভালুকপুং পাৰ হলো..আটায়ে বাহিৰৰ শোভা চাই আপ্লুত হৈ উল্লাসত চিঞৰি উঠিছো..।কৰবাত কৰবাত নামি কেমেৰাৰে ফটো তুলিছো..।..এনেকৈয়ে গৈ আছো। আমাৰ গাড়ী ক্ৰমান্বয়ে পাহাৰত উঠিবলৈ ললে..লাহে লাহে দুয়োকাষৰ অৰণ্যবোৰৰ ঠাইত; একাষে পাহাৰৰ বিশাল গা টো আৰু একাষে এজাক অৰণ্যৰ সৈতে নামি যোৱা এঢলিয়া পাহাৰবোৰ অৱিৰ্ভাৱ হবলৈ ধৰিলে।যিমানেই ওপৰলৈ গৈ থাকিলো; নামি যোৱা এঢলিয়াবোৰো সুন্দৰ অথচ বুকু কঁপি যোৱাকৈ ধৰা দি গৈ থাকিল।ৰাস্তাটোৰ উঠা নমাবোৰ বাঢ়ি আহিছিল। ঘনাই ঘনাই গাড়ীখনৰ মুখৰ আগতে হঠাতে কেঁকুৰীবোৰ ওলাইছিলহি।মই মুকুলক মন কৰি আহিছো।তাৰ মুখখনত অলপ আগৰ হাঁহিমুখৰ চেহেৰাটো ক্ৰমাৎ ম্লান হৈ আহিছে।তাৰ ঠাইত চিন্তাৰ ৰেখাবোৰ লাহে লাহে প্ৰকট হৈ আহিছে…তাৰ তীক্ষ্ন দৃষ্টি কেৱল ৰাস্তাটোৰ ওপৰত।ক্লাটচ্,ব্ৰেক,ষ্টিয়েৰিঙত তাৰ হাত ভৰিবোৰ খপজপকৈ এটা মেচিনৰ দৰে চলিছে। তনুজে মাজে মাজে স্বয়ংক্ৰিয় ভাৱে মুকুলক চিঞৰি উঠিছে। ….এই এই চাবি..।সোঁফালে…সোঁফালে কাট.. ব্ৰেক…ব্ৰেক..মাৰ….পাম্প কৰ…
মইও পৰিস্থিতিটো বুজি উঠিলো…! কাৰণ ইয়াতকৈও অৱস্থা নাইকীয়া এম্বেচেদৰ এখন মোৰো আছে..!সেইখনে ভৈয়ামতে যি বিহু দেখুৱাই মোৰ জনা আছে…! তনুজেও বুজি উঠিছে…।আকাশ আৰু পাৰ্থই কথাবোৰ লাহে লাহে বুজিব..! সিহঁতে খিৰিকীৰে বাহিৰলৈ হাতমূৰ উলিয়াই আনন্দত মচগুল হৈ গৈছে।
— অলপ মনে মনে থাকনা..! ডিচটাৰ্ব হৈছে…!
মুকুলে আগলৈ চাই কৈ উঠিল। তনুজে পিছফালে হাত দেখুৱাই আমাক মনে মনে থাকিবলৈ ইংগিত দিলে।মন কৰিলো গাড়ীখন নামি যাওঁতে মুকুলে ভালদৰে চম্ভালিব পৰা নাই।পাঁচটাকৈ ডেকা ল’ৰাৰ ওজন লৈ এম্বেচেদৰ খনে নিজক ওপৰলৈ টানিব পৰা নাই।আৰু নমাৰ সময়ত গধুৰ হৈ পৰা গাড়ীখনক ব্ৰেকডালে ৰখাব পৰা নাই…! হোঁ হোঁকৈ গাড়ীখন নামি যাওঁতে হঠাতে আগত কেকুঁৰি এটাৰ অবিৰ্ভাৱ হলে গাড়ীখন ব্ৰেক মাৰিলে না ঠাইতে ৰয়…না ষ্টিয়েৰিং ডাল ভৱা মতে ঘূৰাই কেকুঁৰিটো পাৰ হব পাৰি….! গাড়ীখন সেই কেকুঁৰি বোৰত ৰাস্তাৰ দিশে নগৈ হুঁ হুঁ কৈ পোনে পোনে নীলা আকাশৰ ফালে পোনাই দিব খোজে! মুকুলে দাঁত-মূৰ কামুৰি ষ্টিয়েৰিং ডাল যেনে তেনে ঘূৰাই ৰাস্তামূখি কৰে।ভূতৰ ওপৰত দানহ পৰাদি হঠাতে আকৌ সিফালৰ পৰা ভুৰুংকৈ সন্মুখতে গাড়ী এখন ওলাইহি! পাৱাৰ ষ্টিয়েৰিং বোলা বস্তু এটা যে আছে তেতিয়া শুনাই নাছিলো ।যদি কেতিয়াবা হুঁ হুঁকৈ নামি গৈ কেকুঁৰি এটা পাইছো; লগে লগে দেখিছো ৰাস্তাটো সাউতকৈ ওপৰলৈ উঠি গৈছে। এই মূহুৰ্তত এখন পিক-আপ নথকা আৰু হেণ্ড ব্ৰেক নথকা গাড়ীৰ কি অৱস্থা হব পাৰে পাহাৰত গাড়ী চলোৱা অভিজ্ঞতা থকা লোক সকলেহে সঠিক ভাৱে বুজিব। এনে অৱস্থাত একেবাৰে সঠিক সময়ত মূহুৰ্তৰ ভিতৰতে গিয়েৰ সলনি কৰি সমান গতিৰে ওপৰলৈ উঠি যাব পৰা নাযায়; গাড়ীখন পিছফালে চলি অহাটো নিশ্চিত।আৰু এনেবোৰ বিপদৰ পৰা ৰক্ষা পাবলৈকে আজিকালিৰ গাড়ীবোৰত হেণ্ডব্ৰেক দাল দিয়া থাকে।আমাৰটো সেইদাল নাছিলেই। মাত্ৰ এক নম্বৰ আৰু দুই নম্বৰ গিয়েৰতে আমাৰ গাড়ী যেনে তেনে মুঠতে জপিয়াই মেলি আগবাঢ়িল। মুকুলেনো কি কৌশলেৰে গাড়ীখন চলাই নিছিল সেয়া একমাত্র ভগৱানে জানে।
এটা নে দুটা পাহাৰ চুলিৰ আগত জীৱটো বান্ধি যেনেতেনে পাৰ হলো। এটা সমতল ধৰণৰ ৰাস্তা পাই মুকুলে গাড়ীখন ৰখালে।আটাইকেইটা নামি গা কেইটা টঙাই ললো। মুকুলে চিন্তাক্লিষ্ট ভাৱে সুধিলে..
— আগলৈও এনেকুৱাই নেকি?!
আমি ইটোৱে সিটোলৈ চালো।আমিতো আগতে কোনো টাৱাঙলৈ অহা নাই।
—-এনেকুৱা ৰাস্তাত এইখন গাড়ী লৈ মস্কিল আছে….
মুকুলে কৈ উঠিল।
—- ইমান দুৰ আহিলোৱেই যেতিয়া ঘূৰি গৈ লাভ কি! ঘূৰি গলেও সেই একেটা ৰাস্তাই পাম।…গতিকে আগলৈ যোৱাই ভাল।বমডিলাত যদি মেকানিক পাওঁ; গাড়ীখন থিক থাক কৰাই লম…
কোনোবা এটাই কলে। অৱশেষত আলোচনা বিলোচনাৰ অন্তত আগলৈ যোৱাটোৱেই সিদ্ধান্ত হল।
এইবাৰ ড্ৰাইভাৰ হল তনুজ। মুকুলৰ ভাগৰো লাগিছিল।মুকুল পাছলৈ আহিল। আকাশ আগলৈ গল।এই পাঁচটাৰ ভিতৰত মই আৰু মুকুলেই ক্ষীণ আছিলো।গতিকে আগত শকত এটা নবহিলে পিছফালে জেকেটে চুৱেটাৰে ভালুক একোটাৰ দৰে তিনিটা বহিবলৈ বৰ অসুবিধা হৈছিল।
…… পুনৰ গাড়ী চলিবলৈ আৰম্ভ কৰিলে।……আকৌ এটা ওপৰলৈ উঠি যোৱা ৰাস্তাৰে গাড়ীখনে ভঁ ভঁকৈ কেঁকাই-গেঁথাই আগবাঢ়িল…।এক নম্বৰ-দুই নম্বৰ গিয়েৰতে গাড়ী গৈ আছে।নগৈ উপায়ো নাই।বাকী দুটা গিয়েৰে ইমান গধুৰ বোজা ওপৰলৈ টানিব নোৱাৰো বুলি কেতিয়াবাই চাৰেণ্ডাৰ কৰিছে…!
….এনেকৈ গৈ থাকোতে হঠাতে মন কৰিলো গাড়ীখন ৰৈ গৈছে।আৰু লাহে লাহে পিছলৈ আহোঁ যেন কৰিছে…! লগে লগে খাটাৰ-খুটুৰ গিয়াৰ বদলি কৰাৰ শব্দ….! আকৌ ঘটককৈ হামাথুৰি এটা খাই আগবাঢ়িল।
—কি হল তনুজ…!
—গিয়েৰ শ্লীপ হৈছে…নিউট্ৰেল হৈ হৈ যায়…
আকৌ এটা সমস্যা আৰম্ভ হৈ গল..! এই অকোৱা পকোৱা পাহাৰীয়া ৰাস্তাত তনুজে ষ্টিয়েৰিং চম্ভালিব নে…ব্ৰেক চম্ভালিব….নে এক্সলেটৰ…নে গিয়েৰ…!
তাৰো এটা সমাধান ওলাল।গিয়েৰ আকাশে চম্ভালিব..! মানে সেই গিয়েৰৰ লিভাৰদাল আকাশে সোঁহাতেৰে জোৰকৈ আগলৈ থেলি থাকিব।পিছলি নহাকৈ…!
এনেকৈয়ে আৰু এটা পাহাৰ আমি যেনে তেনে উঠিলো…। এইবাৰ নমাৰ পাল..। এক নম্বৰ দুই নম্বৰ গিয়েৰতে লাহে লাহে ব্ৰেক মাৰি মাৰি নামিছো।তিনি নম্বৰ-চাৰি নম্বৰ লগালেটো গাড়ীখন এৰাল চিগা গৰুৰ দৰে কাকো পৰোৱা নকৰাকৈ দৌৰিব।ব্ৰেক মাৰি ৰখোৱাটো অসম্ভৱ। এই পয়মালবোৰ লাগি আছে যদিও তাৰ মাজতে আমি গাড়ীৰ পৰাই বাহিৰৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰি কথা পাতি গৈ আছো। এনেতে আকাশে….
—- এই চা..চা সেইফালে…!
এইবুলি কিবা এটা বাহিৰলৈ আঙুলিয়াই দেখুৱালে। আমিও সেইফালে চালো। ..কিন্তু হঠাতে মন কৰিলো গাড়ীখন হুঁ হুঁকৈ তললৈ নামি গৈছে..
—পাগল হলি..! গিয়েৰদাল কিয় এৰি দিলি…??
তনুজে চিৎকাৰ কৰি উঠিল।সি গাড়ীখনক নিজৰ আয়ত্বলৈ আনিব পৰা নাই..! আকাশে কিবা দেখুৱাবলৈ গৈ ভুলতে গিয়েৰ লিভাৰৰ পৰা হাতখন এৰি দিছে….ইঞ্জিনটো নিউট্ৰেল হৈ পৰিছে…গাড়ীখন বাধাহীন ভাৱে এঢলিয়া ৰাস্তাটোৱেদি পাগলৰ দৰে নামি গৈছে…পাম্প মাৰি মাৰি তনুজে ব্ৰেক হেঁচি ধৰিছে…এক নম্বৰ গিয়েৰটো লগাই গাড়ীখনৰ গতিক বাধা দিবলৈ আপ্ৰান চেষ্টা কৰিছে…কেঁৰহেচ কৈ শব্দ এটা হৈ গাড়ীখনে এবাৰ উচাত(ঝাতকা্!) মাৰি উঠিল..।বোধহয় একনম্বৰ গিয়েৰটো লাগিল।গতি সামান্য মন্থৰ হল…কিন্তু হঠাতে আগত এটা কেকুঁৰি..! তনুজে ষ্টিয়েৰিং সোঁফালে কাটিব পৰা নাই..গাড়ীখন পোনে পোনে আগবাঢ়িছে…চকুৰে মাত্ৰ নীলা আকাশখনৰ সৈতে কেইবাহাজাৰ ফুট তললৈকে বিশাল অৰণ্যখন দেখিলো…। আমি আটাইকেইটাই মাত্ৰ নিশ্চুপ হৈ গাড়ীখনৰ চিটত খামুচি ধৰি চকু কেইটা মুদি দিলো…! …..
…ধেৰেচ্ কৈ শব্দ এটা হল। আমি আটাইকেইটা গাড়ীৰ ভিতৰতে উফৰি পৰিলো। গাড়ীখন মাত্ৰ এফুট মান ব্যৱধান আৰু চেকেণ্ড হিচাবৰ হেৰফেৰত পাহাৰৰ তললৈ সৰি নপৰিল! সোঁফালে পাহাৰটোৰ গাতে গাড়ীখনে মজলীয়া খুন্দা এটা মাৰি ৰৈ গল।শেষ মূহুৰ্তত তনুজে যেনেতেনে সোঁফালে কাতি গাড়ীখন পাহাৰৰ গাত খুন্দিয়াই ৰখাই দিলেগৈ। ….বহুদেৰি কাৰো মুখত মাতবোল নাই।হঠাতে দেখা দিয়া মৃত্যুৰ বিভিষীকাই সকলোৰে কলিজা কঁপাই তুলিছিল। ….কিছুদেৰীৰ পাছত যেতিয়া পৰিস্থিতিটো কিছু স্বাভাৱিক হল; আটাইকেইটা গাড়ীৰ পৰা নামি অলপ খোজকাঢ়ি অলপ মুকলি উশাহ ললো।
—তই পাগল হৈছিলি নে কি?
—আৰে পাহৰি গৈছিলো…!চৰী..চৰী!
— চৰী!!!??? আৰে আটাইকেইটা এতিয়া দহ বাৰহাজাৰ ফুট তলত পৰিলো হেঁতেন…আমাৰ হাড় এডালো কোনেও বিচাৰি নাপালে হেঁতেন…!
—আৰে ভাই বাদ দে এতিয়া সেইবোৰ…।বাচি যে গলো। এনেধৰণেই খন্তেক বাক বিতণ্ডা চলিল।গাড়ীখন সকলোৱে ঠেলা-ঠেলি কৰি চিধা কৰিলো।
….আকৌ আৰম্ভ হল আমাৰ যাত্ৰা…। এইবাৰ ড্ৰাইভিং চিটত মুকুল। কাষত তনুজ।গিয়েৰ লিভাৰ সি ধৰে এতিয়া। তনুজে অলপ নাৰ্ভাচো কৰিছিল।গতিকে মুকুলকে গুৰু দায়িত্ব দিয়া হল। আকৌ আগৰ দৰে লাহে লাহে গাড়ী আগবাঢ়িল।নামি পায়েই সমতলৰ কেইখনমান দোকান থকা অঞ্চল এটাত আমি ভাত-পানী খাই অলপ জিৰণি লৈ ললো।ইতিমধ্যে বেলিয়ে লহিয়াবলৈ লৈছিলেই।(এইখিনিতে এটা কথা উনুকিয়াই থলে ভাল হব।মোৰ সমস্যা এটা আছে।মানুহৰ নাম,ঠাইৰ নাম আৰু ৰাস্তা-পদূলী খুব পাহৰো।অৱশ্যে সদায় সম্পৰ্কত থকাখিনিৰ লগত এই কথাটো প্ৰযোজ্য নহয়।আৰু এই সমস্যাটোৰ কাৰণেই এই যাত্ৰাপথত পাই যোৱা সৰু সৰু ঠাইবোৰৰ নাম লিখিব পৰা নাই।)
তামোল পান চিগাৰেট যিয়ে যি খায় খাই লৈ আকৌ নতুন উদ্যমেৰে আমি আগবাঢ়িলো।বমডিলা অভিমুখে….
বহুদুৰ আমি বেচ ভালদৰেই গৈ থাকিলো। গাড়ীয়েও বিশেষ দিগদাৰী দিয়া নাছিল।বা মুকুলেও এই প্ৰতিকূল পৰিস্থিতিত গাড়ীখন কেনেকৈ চম্ভালিব লাগে তাক লাহে লাহে আয়ত্ব কৰি লৈছিল তাৰোপৰি আগতেই কৈছো মুকুলৰ দৰে সুনিপুন গাড়ী চলাব পৰা লোক খুব কমেই আছে।
…এনেকৈ অকাই পকাই গৈ থাকোঁতে এসময়ত আমাৰ সন্মুখত অবিৰ্ভাৱ হল এটা থিয় দীঘলীয়া ৰাস্তা।আমাৰ এই যাত্ৰাপথত একেবাৰতে ইমান থিয় আৰু পোন ৰাস্তা পোৱা নাছিলো।ৰাস্তাটোৰ মুৰটোৱে যেন আকাশখনহে চুই আছে! মোৰ মনটোৱে চেবালে।…এই পৰ্বতত আমাৰ গাড়ী উঠিবনে….!
মুকুলে ৰাস্তাৰ কাষত গাড়ীখন ৰখালে।
—পৰা যাবনে…?
— তাকেইটো…! চেষ্টা এটা দি চাওঁ। একেবাৰে একেটা ম’চনতে এক নম্বৰ গিয়াৰত উঠাব লাগিব….
মুকুলে ক’লে।আকৌ সি গাড়ীত বহিল। এইবাৰ সি ৰানৱেত যেনেকৈ উৰাজাহাজ এখনে গতি লয় তেনেকৈ গাড়ীখন চলাই নিলে।গাড়ীখন ভোঁ ভোঁ শব্দ কৰি তেনেকৈয়ে বহু ওপৰলৈকে গুচি গল। মানে প্ৰায় আধামান ৰাস্তা গুচিয়েই গলো। কিন্তু হঠাতে মাজ ৰাস্তাত গাড়ীখনে আমাক টানিব নোৱাৰা হল।গিয়েৰটোৱে খেতেক খেতেককৈ শব্দ কৰিবলৈ ললে…।গাড়ীখনৰ ষ্টাৰ্ট খপকৈ বন্ধ হৈ গল।….এইবাৰ গাড়ীখনত এক নম্বৰ গিয়েৰ লাগি থকা স্বত্বেও হেকলেচ্ হেকলেচ্ কৈ পিছলৈ লাহে লাহে চলি আহিবলৈ ধৰিলে..! সৰ্বনাশ!
— নাম…নাম…নাম..! চকাৰ তলত কিবা ঘুটকা্ লগা জল্দি…!
মুকুলে প্ৰায় অসহায় ভাৱে আৰ্তনাদ কৰি উঠিল। মই পিছফালৰ সোঁফালে দুৱাৰৰ কাষতে বহিছিলো।এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হব পাৰো বুলি মই আশংকা এটা কৰিয়েই আছিলো।লগে লগে দুৱাৰ খুলি বাহিৰলৈ জপিয়ালো। ৰাস্তাৰ কাষত পৰি থকা শিল এটা আনি চকাৰ পিছফালে লগাই দিলো।গাড়ীখন ৰৈ গল।।এতিয়া কথা হল গাড়ীখনৰ বৃদ্ধ ইঞ্জিনটোৱে মাত্র ড্ৰাইভাৰ আৰু খুব বেচি এজনৰ বাহিৰে বাকী সকলক টানিবলৈ কোনোপধ্যে মান্তি নহয়! তাকো এটা চৰ্তত। পিছফালৰ পৰা বাকী কেইজনে ঠেলিবও লাগিব! উপায় নাপাই আমি এইবাৰ গাড়ী ঠেলিবলৈ লাগি গলো।ইফালে একনম্বৰ গিয়েৰত মুকুলে পূৰা এক্সলেটৰো হেঁচি গৈছে…! এইদৰে ঠেলি ঠেলি নি গাড়ী একেবাৰে মূধচত উঠালোগৈ। ইতিমধ্যে আমাৰ এম্বেচেদৰক চেৰাই কেইবাখনো নতুন মডেলৰ গাড়ী অনায়াসে পাৰ হৈ গৈছে। আমি মাত্ৰ ঈৰ্ষাৰে চাইছো।
….এইবাৰ নমাৰ পাল..।ৰাস্তাটো যিধৰণে থিয়কৈ উঠি আহিছিল; নামিও গৈছে থিয়কৈ।অসম্ভৱ ভাগৰ লাগিছিল আটাইৰে।গতিকে সকলো আকৌ আৰামেৰে বহি ললো। গাড়ী এইবাৰ নামিবলৈ ধৰিলে সেই একনম্বৰ গিয়েৰতে…। কিন্তু গধুৰ গাড়ীখনে থিয় এঢলিয়া ৰাস্তাটো পাই এনেকৈ যাবলৈ বিচাৰিলে যে এক নম্বৰ গিয়েৰটোক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই গিয়েৰ বক্স ভাঙো যেন কৰি আগবাঢ়িল।ব্ৰেকদালেও ভালদৰে কাম কৰা নাই।অলপ দুৰ যেনে তেনে গাড়ীখন নি গতি মন্থৰ কৰি মুকুলে আকৌ চিঞৰি উঠিল…
—নাম..নাম..!
আকৌ যিয়ে যেনেকৈ পাৰো জপিয়াই নামিলো।মুকুলে খালী গাড়ীখন তললৈ চলাই লৈ গল।আমি তললৈ খোজকাঢ়ি গলো!
তাৰ পিছৰ পাহাৰবোৰ ইমান থিয় নাছিল যদিও মাজে মাজে গাড়ীখনে টানিব নোৱাৰি ৰৈ গৈছিল।মই চিটৰ তলত চকাত ঢোকা লগাবৰ বাবে মজলীয়া আকাৰৰ শিলৰ টুকুৰা দুটামান থৈ দিছিলো।গাড়ীখন ৰৈ গলেই মই দুৱাৰখন খুলি একেজাপে নামি চকাৰ তলত শিলৰ টুকুৰা ভৰাই দিছিলো। তাৰপাছত আকৌ খালি গাড়ীখন মুকুলে চলাই নিছিল।আমি খোজকাঢ়ি আগবাঢ়িছিলো।সুবিধাজনক ঠাইত আকৌ আমি উঠি লৈছিলো।এই দৰেই আমি যেনেতেনে গৈ আছিলো।এই চকাৰ তলত শিলৰ ঢোকা দিয়া কামটোৰ গুৰু দায়িত্ব মোৰ ওপৰত ন্যস্ত কৰা হৈছিল।কাৰণ মই ক্ষীণ আৰু পাতল আছিলো বাবে বিদ্যুত বেগেৰে গাড়ীৰ পৰা জপিয়াই নামি চকাৰ তলত শিলৰ টুকুৰা ভৰাবৰ বাবে উপযুক্ত বুলি প্ৰমাণ পত্ৰ এখন ইতিমধ্যেই প্ৰদান কৰা হৈছিল।
যিকি নহওক সমগ্ৰ যাত্ৰা পথত বিভিন্ন বাধা অতিক্ৰম কৰি নিশা ন মান বজাত ভাগৰে জুগৰে বমডিলাৰ বন্দোবস্ত কৰি থোৱা হোটেলত উঠিলোহি।গাড়ীখন ভাল কৰাৰ বাবে সেই নিশাখন কোনো উপায় নাছিল…।পিছদিনা পুৱা আমি যাম টাৱাঙলৈ। পাহাৰত বৰফ পৰা চাবলৈ….!
পিছদিনা পুৱা খাই বৈ আমি পুনৰ সাজু হলো।আমাৰ এম্বেচেদৰ এইবাৰ টাৱাং অভিমুখে আগবাঢ়িল। …কিছুদূৰ গৈ কোনো কোনো অঞ্চলত আকৌ সেই আগৰদৰেই সমস্যাবোৰ আৰম্ভ হৈ গল। সেই একেই।বেচি থিয় ৰাস্তা পালে গাড়ীখনে আমাক টানিব নোৱাৰি ৰৈ যায় আৰু পিছলৈ উভটি আহে।মই লগে লগে জাপ মাৰি নামি চকাৰ তলত শিল এটা ভৰাই দিও।আমি নামি গাড়ীৰ পাছে পাছে দৌৰি যাও।দৰকাৰ পৰিলে সকলোৱে ঠেলো। নমাৰ সময়তো সেই আগৰ পদ্ধতিয়েই এপ্লাই কৰো।মই এই চকাৰ তলত শিলৰ থেকা দিয়া কামটোত লাহে লাহে পাৰ্গত হৈ পৰিছিলো।পিছলৈ এনেকুৱা হলগৈযে মই সোঁহাতেৰে দুৱাৰখন সামান্য খুলি সাজুৱেই হৈ থকা হ’লো।এইদৰে কিছু খোজকাঢ়ি,কিছু গাড়ীত গৈ,কিছু জিৰণি লৈ,কিছু প্ৰাকৃতিক পৰিবেশ উপভোগ কৰি ফটো আদি তুলি গৈ থাকোঁতে আমাৰ বহুদেৰী হৈ গৈছিল…।
….এসময়ত আমি দেখিলো পথৰ ওপৰত বগা বগা বৰফৰ চামনি আৰম্ভ হৈ গৈছে! জীৱনত প্ৰথমবাৰৰ বাবে পাহাৰত বৰফ দেখিলো!এই প্ৰথম তুষাৰপাত হোৱা অঞ্চললৈ আহিছো..! আমি আটায়ে আনন্দত কিৰিলিয়াই উঠিলো।নামি গৈ বৰফবোৰ স্পৰ্শ কৰি চালো। আঃ…! আমি সকলোবোৰ দুখ কষ্ট ভাগৰ খন্তেকৰ কাৰণে পাহৰি আনন্দত আত্মহাৰা হৈ পৰিলো।তোমাক চাবলৈ তোমাক চুই চাবলৈয়েতো আমি ইমান দূৰৰ পৰা আহিছো…! খন্তেক তাতে ৰৈ আমি আকৌ আগবাঢ়িলো।যিমানেই আগলৈ গৈ আছো সিমানেই শুভ্ৰতা বাঢ়ি আহিছে…লগতে বাঢ়ি আহিছে হাড় কপোৱা জাৰ….।পাহাৰটোৰ ওপৰলৈ আমাৰ গাড়ী উঠি গৈ আছে…চাৰিওফালে এতিয়া কেৱল বৰফেই বৰফ..।আমি আত্মহাৰা হৈ চাই আহিছো..। হঠাৎ …
হঠাতে আমাৰ গাড়ীখন পিছফালে সামান্য পিছলি অহাৰ দৰে কৰি ৰাস্তাটোৰ মাজতে কেৰেচিয়া ভাৱে পথালিকৈ পিছলৈ যাওঁ পিছলৈ যাওঁকৈ ৰৈ গল..! আমাৰ বুকু কপি গল! আৰু অলপ পিছলৈ যদি গাড়ীখন গুচি আহে; গাড়ীয়ে-চাড়ীয়ে আমি কমেও চৈধ্য হাজাৰ ফুট তলত পৰিমগৈ! পিচফালৰ চকা দুটাই আইনা যেন মিহি বৰফৰ ওপৰত আগুৱাই যাবলৈ নিষ্ফল চেষ্টা চলাই আছে! কিন্তু আগলৈ যোৱা বাদেই; গাড়ীখন লাহে লাহে পাক লৈ লৈ পাছলৈহে আহি আছে! গাড়ীখনৰ চকা কেইটাৰ গ্ৰিপ বা খামোচবোৰো আধাতকৈও বেচি ক্ষয় যোৱা আছিল…! এতিয়া যদি মুকুলে ব্ৰেক মাৰি দিয়ে; হিতে বিপৰীত হব..।গাড়ীখন এঢলীয়া আইনা যেন বৰফৰ ওপৰেদি পিছলি তললৈ নামি আহিব! গতিকে মুকুলে এক জ্ঞানীৰ কাম কৰি আছে।সি ব্ৰেক হেচি ধৰা নাই। বা ক্লাটচ্ হেচি ইঞ্জিনটোও ফ্ৰী কৰি দিয়া নাই। এক্সলেটৰ দাল একেলেঠাৰিয়ে হেচি ধৰি বৰফৰ বিৰুদ্ধে যুজি প্ৰানপণে আগলৈ যাবলৈ চেষ্টা কৰি আছে..! গাড়ীখন ইমানপৰে সেইকাৰণেহে পিছলৈ নোযোৱাকৈ চকা দুটা ঘূৰি ঘূৰি ৰৈ আছে। গাড়ীখনৰ চাইলেঞ্চাৰেদি ঘেঁ ঘেঁকৈ বিকৎ শব্দ ওলাইছে…ক’লা ধোঁৱা মাৰিছে…!
— নাম! নাম! নাম..! চকাই শ্লীপ কৰিছে…!
মুকুলে প্ৰায় আৰ্তনাদ কৰি উঠিছিল। অৱশ্যে তাৰ আগতেই আমি জপিয়াই নামি গাড়ীখন পাছফালৰ পৰা ঠেলিবলৈ লাগি গলো আৰু পিছফালে আহিব নোৱাৰাকৈ এখোপ এখোপকৈ চকাৰ পিছত শিলাখণ্ড লগাই গলো। এই হুৰাহুৰি ঠেলনত নিজেও বৰফত পিছল খাই পৰিলো।অৱশেষত গাড়ীখন সুৰক্ষিত স্থানলৈ অনা হল। অলপ ৰৈ উশাহ সলাই আকৌ আৰম্ভ হ’ল যাত্ৰা। এইবাৰ খালি গাড়ীখন সাৱধানেৰে চলাই নিয়া হ’ল।আমি পিছে পিছে খোজেৰে গৈ থাকিলো।অলপ ভাল ৰাস্তা পাই আকৌ উঠি ললো।এইদৰেই উঠানমা ঠেলাঠেলি কৰি আমি এসময়ত বিখ্যাত চেলালে’ক পালোহি। সেই লে’কৰ বৰফৰ ওপৰত কিছু ৰং-তামাচা,ফূৰ্তি কৰিলো কেমেৰাৰে ফটো তুলিলো….।চেলাটপৰ ১৩৭১০ ফুটৰ ওপৰত প’জ দি ফটো উঠিলো…
….তেতিয়ামানে বেলি লহিয়াইছিল। বেচিদেৰী নাথাকি আকৌ যাত্ৰা আৰম্ভ কৰিলো।এতিয়া চেলাটপৰ পৰা তললৈ নামিম..লাহে লাহে আমাৰ গাড়ী সাৱধানেৰে খোপনি পুতি পুতি আগবাঢ়িল।গাড়ীখন বৰফৰ ৰাস্তাটোত পিছল খাই পিছল খাই সামান্য একাবেকাকৈ গৈ থাকিল।এনেকৈয়ে আমি বহুদূৰ আহিলো। অলপ দূৰৰ পাছত এটা কিছু থিয়কৈ নামি যোৱা ৰাস্তা পালো। আগৰ গাড়ী যোৱা চকাৰ লিক দুটা জিলিকি আছিল।ৰাস্তাটো ভগা আছিল।বৰফে বোকাই শিলেৰে ৰাস্তাটোৱে জৰাজীৰ্ণ ৰূপ এটা লৈছিল। মনলৈ আটাইৰে এটা শান্তিৰ ভাৱ আহিছিল কাৰণ এই ৰাস্তাটোত অন্ততঃ গাড়ীৰ চকাই পিছল নাখাই। হুম হুমকৈ গাড়ী যথেষ্ট বেগেৰেই তললৈ নামি গল। হঠাৎ ….
ধাৰাম ধাম..থাৰাক…!
হঠাতে গাড়ীখনৰ তলত এটা শব্দ হ’ল ।ফ্লৰখনত আমাৰ ভৰিকেইটাই অনুভৱ কৰিলে তলত কিহবাৰ প্ৰচণ্ড খুন্দা! বচ। গাড়ী ৰৈ গল।না গাড়ী আগলৈ যায়..না পিছলৈ আহে! ইঞ্জিনটো কিন্তু চলি আছে।গিয়েৰো লাগে।কিন্তু গাড়ী নলৰে..!ইফালে সন্ধ্যা লাগো লাগো..।টাৱাঙলৈ এতিয়াও বহু দূৰ…! হে’ ভগৱান এইবোৰ কিহৰ পৰীক্ষা লৈছা….
—চাল্লা…গিয়েৰ বক্স গল যেন পাইছো…!
তনুজে কৈ উঠিল। আমি ইটোৱে সিটোলৈ চালো। আকৌ আমি নামি পৰিলো।তলফালে জুমি চালো।ঠিকেইতো আছে..! মুকুলে আকৌ গিয়েৰ লগাই এক্সলেটৰ হেচিলে। এইবাৰ গাড়ীখন চলি গল।মাত্ৰ তলফালৰ পৰা খেতেং খেতেংকৈ শব্দ এটা গতিৰ লগত সংগতি ৰাখি বাজি গল। আকৌ স্বস্তিৰ নিশ্বাস পেলালো। যাহওক গাড়ীখনটো চলিব..! আটায়ে পুনৰ গাড়ীত বহিলো। যাঃ!আকৌ আগৰ দৰে অৱস্থা! গাড়ী নলৰে। আকৌ মই আৰু তনুজ নামি পৰি তললৈ জুমি চালো। বেমাৰ ধৰা পৰিল।পিছ চকা ঘূৰুৱা ধূৰাদাল অৰ্থাৎ প্ৰপেলাৰ চাপদাল শিলত এনেকুৱা খুন্দা খালে যে গুৰিৰ ফালে ওলমি ধেনুভিৰীয়া হৈ থাকিল।এতিয়া আমি বহিলে ওজনৰ ভৰত সেই ধূৰাদাল ৰাস্তাত লাগি ধৰি নুঘূৰা হয়। খালী গাড়ীখন চলি যায় যদিও সেই ধেনুভিৰীয়া ধূৰাদালে খেতেং খেতেংকৈ ৰাস্তাত ঘঁহনি খায় যায়…!
…আকৌ জন্ম হল এটা নতুন সমস্যাৰ! কি কৰা যায় এতিয়া…বেলিও পৰি আহিছে…বেলেগ গাড়ীৰ আহ যাহ ইতিমধ্যেই নাইকীয়া হৈছে..।ইমান দেৰিলৈকে এই বিপদ সংকুল জনপ্ৰাণী হীন অঞ্চলত কোনো মূৰ্খই অহাযোৱা কৰিবলৈ ৰৈ নাথাকে। …ঠাণ্ডাৰ প্ৰকোপটো লাহে লাহে বাঢ়ি আহিছে…বেলি ডুবিলেই ইয়াত এতিয়া তেজ গোত মাৰিব..।কিন্তু বহি থাকিলেওটো নহব।আগবঢ়াৰ বাহিৰে উপায় নাই।সেই নিৰ্জন বৰফ পৰি থকা ৰাস্তাটোৱেদি মুকুলে খেতেং খেতেংকৈ এম্বেচেদৰখন লাহে লাহে চলাই লৈ গল। আমি পাছে পাছে কেতিয়াবা দৌৰি,কেতিয়াবা খোজকাঢ়ি,মাজে মাজে ভাগৰত কোনো শিলৰ ওপৰত বহি অদৃষ্টক ধিয়াই যাব লাগে কাৰণে গৈ থাকিলো।মাজে মাজে ওখ ঠাইত আমি গাড়ীখন ঠেলিব লগীয়াও হৈছে। সাংঘাটিক ভাগৰৰ লগতে ভোকো লাগিছে।ইফালে ঠেটুৱৈ লগা ঠাণ্ডাটো আচৰিত ধৰণেৰে বাঢ়ি আহিছে…।
এনেকৈ গৈ থাকোতে মই এঠাইত মন কৰিলো, বৰ্ডাৰ ৰ’ডচৰ এটা সৰু কেৰাচিন তেলৰ টিনেৰে সজা ঘৰ ৰাস্তাৰ কাষতে আছে।অলপমান খৰিও পৰি আছে বাৰাণ্ডাত।মোৰ মনলৈ চিন্তা এটা আহিল ।….গাড়ীৰ অৱস্থা হল এইয়া..টাৱাং যে এনেকৈ গৈ পাম তাৰ আশা ক্ষীণ….
মই সকলোকে এটা প্ৰস্তাৱ আগবঢ়ালো।
—এটা কামকে কৰো বল।
— কি?
— ৰাতিটো ইয়াতে কটাই দিও বল! মজা লাগিব। গাড়ীৰ পৰা পেট্ৰল উলিয়াই সেই খৰি খিনি জ্বলাই জুই ফুৱাই কটাই দিম…খৰি বিচাৰিলে আৰু পাম…গাড়ীত ব্ৰেড চ্ৰেড আছেই…
—- পাগল হৈছ? আৰে ৰাতিলৈ ইয়াত মাইনাচ পোন্ধৰ ডিগ্ৰী হয়। খবৰ আছে…!!?
পাৰ্থই জকজকাই উঠিল।
—- হওক।আমিতো জুই জ্বলাই থাকিম….মানুহ কি এনেকৈ নাথাকে..?
—- এ ভাই! আকাশ ইয়াক বুজা…!
—- নোৱাৰিবি দোষ্ট! ঠাণ্ডাত ডেড বডী হৈ পৰি থাকিবি পুৱালৈ…বাদ দে এইবোৰ চিন্তা..।
—- সেইবুলি মই কি টাৱাঙলৈকে গাড়ী ঠেলি যাম..?
—- আৰে ভাই আগত মেকানিক পামতো…! ব’ল না…!
—- চা ভাই..মইতো এনেকৈ গাড়ী ঠেলি যাব নোৱাৰো…! তহঁত যা।আৰু এটা লগ পালেই মই ইয়াত থাকি যাম।…এনেকুৱা এটা ৰাতি আৰু কত পাবি..!
—- তহঁতে যি কৰ কৰি থাকিবি। মইতো গাড়ীৰ পিচ চিটত শুই যাম!
তনুজৰ চিঞৰ।সি না মোৰ ফালে হল।না পাৰ্থৰ ফালে হল! মাজৰ ধোঁৱা কোঁৱা ডিচিচন এটা দি দিলে।
মই গম পালো। এটাৰো ইয়াত থকাৰ ইচ্ছা নাই। মুকুলৰ ফালে চালো।
— থাকিবি মুকুল?
অল্পভাষী মুকুল ফতকৈ তল পৰি দিয়া বিধৰ নহয়।তাৰো ইয়াত থকাৰ সমূলি ইচ্ছা নাছিল যদিও লাহেকৈ কলে।”থাকিব পাৰি”!
মুকুলৰ মুখৰ পৰা সেই বাক্যটো সৰি পৰাৰ লগে লগে পাৰ্থৰ যুক্তি আৰম্ভ হৈ গল।
—আৰে ইমান সহজ কথা…?..এবাৰ কাশ্মীৰত…তিনিটা লৰাই…
মুকুল মোৰ ফলিয়া হৈ যোৱাৰ লগে লগে সকলোৰে দুঃচিন্তা স্বাভাবিকতে বাঢ়ি গৈছিল।
—এতিয়া ব’ল চোন ! আগত আৰু ঠাই আছেটো…! দৰকাৰ হ’লে থাকি যাম কি আছে।এৰাতিৰ কথাহে…!
আকাশে একেবাৰে পানী নসৰকা ডিপ্লমেটিক আনচাৰ এটা দিলে।য’ত কোনো উপায়েই নাই! মোৰ ফালে মাত্র মুকুলৰহে ভোট পৰিছে।তাকো আধা!
আকৌ গাড়ীখন ঠেলি ঠেলি আমি আগবাঢ়িলো।বিপদ হল হেঁতেননে নাই নাজানো।কিন্তু আজিও মোৰ সেই নিশা তাত কটাবলৈ নোপোৱাৰ আফচোচতো অলপ অচৰপ থাকি গল!
ভাগৰ লাগি হেলাই হেফাই পিছফালৰ গাড়ীখন ঠেলি নি আছো…এনেতে ঘটনা এটা ঘটিল।ৰাস্তাটোৰ বৰফৰ একইঞ্চিমান তলত ক’লাকৈ কিবা এটা জিলিকি থকা দেখিলো।কি নো বস্তু চাওঁ বুলি নখেৰে খুচৰি উলিয়াই আনিলো।উৱা..! এইদাল এদাল ঘোঁৰাৰ নাল দেখোন ! মানে ঘোঁৰাৰ খুৰাৰ তলত লগোৱা লোহা চতা! মই আহ্লাদিত হৈ পৰিলো।কাৰণ কোৱা শুনো ঘোঁৰাৰ নাল হেৰাই পালে বোলে সৌভাগ্যৰ উদয় হয় বোলে। মই সকলোকে দেখুৱালো নালদাল।
— ওৱাও! ইটচ্ এ গুড চাইন..!
আকাশে চিঞৰি উঠিল।সকলোৱে নালদাল লিৰিকি বিদাৰি চালে। ময়ো সেইদাল জেকেটৰ জেপত ভৰালো। আকৌ আমি গাড়ী ঠেলাঠেলি কৰি আগবাঢ়িলো।এনেকৈ গৈ আছো…
অলপ দূৰ যোৱাৰ পাছত এটা নাটকীয় ঘটনা ঘটিল। আমি দেখিলো বিপৰীত দিশৰ পৰা এখন সেনা বাহিনীৰ ট্ৰাক আহি আছে।আমাৰ অৱস্থা দেখি ট্ৰাকখন ৰখালে।গাড়ীৰ পৰাই সুধিলে আমাৰ গাড়ীখনে কি অসুবিধা দিছে। আমি বিৱৰি কলো। এজন জোৱান নামি আহিল।তেওঁ তললৈ জুমি চালে।তনুজো গল।তনুজক তেওঁ কলে যে হাতুৰী এটা লৈ বেকা হৈ যোৱা অংশটোত ভালকৈ মৰিয়াই দে। গাড়ী যেনেতেনে গুচি যাব লাগে…। বাকী টাৱাং পোৱাৰ আগে আগে এটা গেৰেজ পাবি…
আমি জোৱান জনক ধন্যবাদ দিলো। ট্ৰাকখন গলগৈ।জোৱান জনে দিহা দিয়া মতেই তনুজে হাতুৰীৰে তলফালে বেকা হৈ যোৱা অংশত কেইকোব মান মাৰি সামান্য পোন কৰিব পাৰিলে।
কি কথা! গাড়ীৰ সেই তলত খুন্দিয়াই যোৱা বেমাৰটো প্ৰায় নাইকীয়া হল! মাত্ৰ এটা সমস্যায়েই দেখা দিলে।গাড়ীখনে আগফালে বোজা নলয়। আকৌ কিবা এটাত লাগি যায়! এইবাৰ আগফালে কেৱল মুকুলেই থাকিল।আমি চাৰিওটা পাছফালে বহিলো।গাড়ী এইবাৰ বেচ ভালদৰেই আগবাঢ়িল…আমি অতি সাৱধানেৰে গৈ গৈ এসময়ত সেই গেৰেজটো পাই গলোগৈ..! কি কপাল!
গেৰেজটোত মোতামোতিকৈ গাড়ীখন যাব পৰা কৰি দিলে।আমি বহুত অনুনয় বিনয় কৰি মেকানিক লৰা এটাকো লগত উঠাই ললো যাতে বাকী থকা বাটত গাড়ীয়ে কিবা অসুবিধা দিলেও চিন্তা নাথাকে। সুকলমে নিশা টাৱাং পাই গলোহি…।
টাৱাঙত দুদিন বেচ আনন্দৰে থাকিলো। এম্বেচেদৰ খন গেৰেজ এটাত খৰচি মাৰি বনাবলৈ দিয়া হল।
টাৱাঙৰ পৰা ঘূৰি অহা পথত আমাৰ বিশেষ দিগদাৰ নহল।মাত্ৰ দুই এটা থিয় উঠা নমা ৰাস্তাবোৰত জপিয়াই নামি চকাৰ তলত শিলৰ থেকা দিয়া,ঠেলা ইত্যাদি কামবোৰ মাজে মাজে কৰিব লগিয়া হৈছিল যদিও ভয় খোৱা নাছিলো।কাৰণ আহোতে হোৱা অভিজ্ঞতাই আমাক এই প্ৰতিকূল পৰিস্থিতিক কেনেকৈ আয়ত্বলৈ আনিব লাগে তাক শিকাই পঠাইছিল। মুকুলো এই চূড়ান্ত ড্ৰাইভাৰী পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ ওলাইছিল। গাড়ীখনৰো ব্ৰেক,ক্লাটচ্ গিয়েৰ ইত্যাদিৰ ভালদৰে মেৰামতি কৰা হৈছিল…
এইখিনিতে সময়ত কবলৈ পাহৰা কথা এটা কোৱাৰ লোভ সামৰিব নোৱাৰিলো । টাৱাঙলৈ আহি থাকোতে আমি ৰাস্তাত মন কৰিছিলো,পথেৰে আহি থকা কিছু স্থানীয় বস্তীৰ লোকে আমাৰ গাড়ীখন দেখিলে পথৰ কাষত ৰৈ দি মুৰটো সামান্য হাওলাই বা চেলুট মাৰি আমাক সন্মান যাচে! প্ৰথমে কাৰণটো গম পোৱা নাছিলো।এইয়া এই অঞ্চলৰ নিয়ম বুলিয়েই আমিও ওলোটাই চেলুট মাৰি গৈছিলো।পাছত গম পাইছিলো টাৱাঙৰ ডেপুটি কমিচনাৰৰ আমাৰ দৰে এখন বগা এম্বেচেদৰ আছে! সমগ্ৰ টাৱাঙত মাত্ৰ সেই এখনেই এম্বেচেদৰ আছিল।সেইখন অৱশ্যে সকলো আধুনিক সুবিধা থকা শেহতীয়া ইচুযু মডেলৰ এম্বেচেদৰ আছিল! আমি উভটি অহাৰ সময়তো বাটৰুৱাৰ পৰা তেনে বিৰল সন্মান লাভ কৰিছিলো।এইবাৰ কিন্তু আমি প্ৰত্যেকেই এজন এজন ডেপুটি কমিচনাৰৰ দৰে বহি আহিছিলো!
আমাৰ এম্বেচেদৰ ভৈয়ামলৈ আহিয়েই পুনৰ ৰজাৰ মুকূট টো পিন্ধি লৈছিল।যিকি নহওক।আৰু এটা শেষ মুহূৰ্তৰ নাটকীয় ঘটনাৰ বিষয়ে কৈ এই লেখাটো সামৰিম।
…আহি আহি পুনৰ আমি বুঢ়াপাহাৰ পাইছিলোহি।আকৌ কোনোবা এটাৰ প্ৰস্ৰাৱ কৰিবলৈ লাগিল।লগে লগে সকলোৰে লাগিল। আটাইকেইটা গাড়ীৰ পৰা নামি গলো।পাহাৰটোৰ কাষত লাইনকৈ থিয় হলো….
— ঐ..ভাগ..ভাগ..ইয়াৰ পৰা।বল বল আগলৈ ব’ল..!সেইখন দেখিছ নাই!
কোনোবা এটাই চিঞৰি উঠিল। আমি চালো সন্মুখলৈ।কি আচৰিত! আমি একে ঠাইতে থিয় হলোহি…!সন্মুখত সেই চাইনবৰ্ড খন…।য’ত লিখা আছিল..”অমূক চনৰ অমূক তাৰিখে এই স্থানত….গুলিয়াই হত্যা কৰা হৈছিল ….”
তাৰপাছততো আৰু তাত ৰৈ থকাৰ কাৰণ নাছিল! আটাইকেইটা আহি পুনৰ গাড়ীত বহিলোহি। পুনৰ আগবাঢ়িল আমাৰ মাৰ্ক থ্ৰী এম্বেচেদৰ…উজনিলৈ বুলি..
( ..তনুজ।তনুজ দত্ত।আমি যাক অক্লু বুলি মাতিছিলো…। সেই অক্লু আজিৰ পৰা তিনিবছৰ মানৰ আগতে হঠাতে আমাক অবাক কৰি এটা পথ দূৰ্ঘটনাত পতিত হৈ চিৰকালৰ বাবে আমাৰ মাজৰ পৰা হেৰাই গল।আজিও বিশ্বাস নহয়।অক্লু আমাৰ মাজত নাই…।)
**য’তে আছ শান্তিৰে থাক দোষ্ট**

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.