যুদ্ধ – খলিল জিব্ৰান, অনুবাদ: অৱনী বুঢ়াগোহাঁই

যুদ্ধ – খলিল জিব্ৰান, অনুবাদ: অৱনী বুঢ়াগোহাঁই

যুদ্ধ – খলিল জিব্ৰান, অনুবাদ: অৱনী বুঢ়াগোহাঁই

by January 31, 2017 0 comments

কোনো এক নিশা ৰাজপ্ৰাসাদত এটা ভোজৰ আয়োজন হৈছিল। আৰু এজন মানুহ আহি ৰাজকুমাৰৰ ওচৰত নতজানু হ’ল আৰু সকলো নিমন্ত্ৰিতই তেওঁলৈ চালে; তেওঁলোকে দেখিলে যে মানুহজনৰ এটা চকু ওলাই পৰিছে আৰু চকুৰ খালী গাঁতটোৰ পৰা তেজ বৈ আছে। ৰাজকুমাৰে তেওঁক সুধিলে, “তোমাৰ কি হ’ল ?” মানুহজনে উত্তৰ দিলে, “হে ৰাজকুমাৰ, মই এটা চোৰ। চুৰি কৰি জীৱন নিৰ্বাহ কৰোঁ, আৰু আজি ৰাতি যিহেতু আকাশত জোন নাছিল, মই টকা ধাৰলৈ দিয়া মহাজনটোৰ তাত চুৰ কৰিবলৈ গৈছিলোঁ, আৰু যেতিয়া মই খিড়িকীৰে পাৰ হৈ প্ৰবেশ কৰিলোঁ, গম পালোঁ মই ভুলতে তাঁতীজনৰ ঘৰতহে সোমালোঁগৈ আৰু আন্ধাৰতে তাঁতশালখনত খুন্দা মাৰিলোঁগৈ, যিটোৱে মোৰ চকুটো ঘুকতি আনিলে। আৰু সেয়ে ৰাজকুমাৰ, আপোনাৰ ওচৰত তাঁতীৰ কৰ্মৰ হৈ সুবিচাৰ আশা কৰিছোঁ।”

তেতিয়া ৰাজকুমাৰে তাঁতীক মাতি আনিবলৈ মানুহ পঠিয়ালে আৰু আহিলত ফৰমান জাৰি কৰা হ’ল যে তাঁতীৰ এটা চকু উলিয়াই অনা হওক।

তাঁতীয়ে হাতযুৰি কলে, “হে ৰাজকুমাৰ, আপোনাৰ আজ্ঞা সম্পূৰ্ণ শুদ্ধ। এয়া ঠিক কথা যে মোৰ চকুটো ঘুকতি উলিয়াই আনিব লাগে। হাঁয় মোৰ কপাল, যদিও মই বোৱা কাপোৰবোৰ দুয়োফালে চোৱাৰ বাবে মোক দুয়োটা চকুৰেই প্ৰয়োজন। কিন্তু মোৰ এজন ওচৰঘৰীয়া আছে, এজন মুচী, তাৰ কিন্তু দুয়োটা চকুৱেই আছে ; পিছে তাৰ কামত দুয়োটা চকুৰ প্ৰকৃততে প্ৰয়োজনেই নাই।”

তেতিয়া ৰাজকুমাৰে মুচীক মতাবলৈ মানুহ পঠিয়ালে। মুচী আহিল আৰু মুচীৰ দুটা চকুৰ এটা উলিয়াই পেলোৱা হ’ল।

আৰু ন্যায়ৰ দেৱীও সন্তুষ্ট হ’ল।

  • •••••••••••••••••••

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.