শিয়ালৰ মাত : কিছু ব্যক্তিগত অনুভৱ (গীতিকা বৰা)

শিয়ালৰ মাত : কিছু ব্যক্তিগত অনুভৱ  (গীতিকা বৰা)

শিয়ালৰ মাত : কিছু ব্যক্তিগত অনুভৱ (গীতিকা বৰা)

by January 31, 2017 0 comments

পৰীক্ষাৰ বহী চোৱা আৰু ৰিজাল্টৰ কামৰ ব্যস্ততাৰ বাবে  এইকেইদিন ৰাতি অলপ পলমকৈ শোৱা হৈছে । সেইদৰে পৰহি ৰাতি ১২ বাজি ১০মিনিট যোৱাত শুবলৈ বুলি বিচনাত পৰিছোঁহে মাত্ৰ , হঠাৎ দূৰৰ ধাননি পথাৰত শিয়ালৰ মাত শুনিবলৈ পালোঁ । চক্ খাই উঠি বহিলোঁ মই, “সঁচাকৈয়ে নে? এয়া সপোন নেকি ? সপোন দেখিবলৈ মইতো টোপনি যোৱাই নাই ।” সঁচাই হয় , তিনি-চাৰিটামান শিয়ালে একেলগে মাতিছে । মুহূৰ্ততে মোৰ মনত হেৰোৱা বস্তু ঘুৰাই পোৱাৰ দৰে আনন্দ এটাই দোলা দিলেহি আৰু নিজৰ অজানিতেই এটি আশাভৰা মিচিকি হাঁহিয়ে দুওঁঠত ঢৌ খেলি গ’ল — তাৰমানে এতিয়াও ইয়াত শিয়াল শেষ হৈ যোৱা নাই । হিচাপ কৰি চালোঁ , কিমান দিনৰ পিছত আজি আকৌ শিয়ালৰ মাত শুনিছোঁ – চাৰি বছৰ পাঁচ মাহ ।
শৈশৱৰেপৰাই শিয়ালৰ প্ৰতি মোৰ মনত আছিল অপাৰ কৌতুহল, লগতে এটা অহেতুক ভীতি । সাধুকথাৰ ধূৰ্ত, টেঙৰ শিয়ালটোৱে মোৰ সপোনতো অহা-যোৱা কৰিছিল । সেইসময়ত সদায় গধুলি, মাজ ৰাতি আৰু পুৱতি নিশা আমাৰ পিছফালৰ বাঁহনিবাৰী আৰু পথাৰত এজাক শিয়ালে মাতিছিল । সন্ধ্যা শিয়ালৰ মাত শুনিলেই মই পঢ়া টেবুলৰ পৰা উঠি একেলৰে গৈ মাৰ কাষ পাইছিলোঁগৈ , কঁপা কঁপা মাতেৰে কৈছিলোঁ ,”মা , শিয়ালে মাতিছে ।” ভাইটিহঁতে জোকাইছিল মোক । দেউতাই আমাক শিয়ালে কেনেকৈ মাতে মাতি শুনাইছিল,” কে কে হোৱা , ৰাজা হোৱা , ৰাজা হোৱা ।” হাঁহিত উটি গৈছিলোঁ আমি । দেউতাই আমাক শিয়ালৰ বিষয়ে বহু কথাই কৈছিল , শিয়াল যে গাঁতত থাকে , তাতে চাৰি-পাঁচটামান পোৱালি দিয়ে । দেউতাহঁত সৰু থাকোঁতে তেওঁৰ লগৰ ধুৰন্ধৰ ল’ৰা কেইটামানে শিয়ালৰ গাঁতত জুই দি পোৱালি উলিয়াই অনাৰ কথাও কৈছিল । আমাৰ চকু সেমেকি উঠিছিল সেইদিনা ।
শিয়ালৰ মাতৰ লগত সদা-পৰিচিত আছিলোঁ যদিও বহু ডাঙৰলৈকে মই ছবিৰ বাহিৰে বাস্তৱত শিয়াল দেখা নাছিলোঁ । ষষ্ঠ নে সপ্তম মানত পঢ়ি থাকোঁতে এবাৰ আঘোণমহীয়া গধুলি পথাৰেদি দৌৰি যোৱা এটা শিয়াল দেখিছিলোঁ । এবাৰ আমি পুহিবলৈ অনা এটা মৰমলগা , নোদোকা কুকুৰ পোৱালি ৰাতি শিয়ালে ধৰি নি পিছফালৰ বাঁহনিত মাৰি পেলাই থৈ গৈছিল । সেই ঘটনাই  শিয়ালৰ প্ৰতি মোৰ অন্তৰত  কেইদিনমানৰ বাবে ক্ৰোধো  ওপজাইছিল ।
তাৰ কেইবাবছৰো পিছত মই একেবাৰে ওচৰৰপৰা এটা শিয়াল দেখিছিলোঁ । এটা মৰা শিয়াল আমাৰ পিছফালে পৰি আছিল । কেনেকৈ মৰিল কোনেও জনা নাছিল । সেইদিনা হেঁপাহ পলুৱাই চাইছিলোঁ শিয়ালটো ।
তাৰ পাছত কেইবছৰমান পাৰ হৈ গ’ল। পঢ়া-শুনাৰ বাবে ঘৰৰপৰা আঁতৰি থাকিলোঁ ।শিয়ালৰ কথাও মনৰ তলিত গোট মাৰি পৰি ৰ’ল । কিন্তু আজি পাঁচ-ছয়বছৰ ধৰি যেতিয়া আমাৰ পথাৰবোৰত  এজাক কুকুৰৰ উপদ্ৰৱৰ বাবে মানুহে গৰু , ছাগলী এৰাল দিব নোৱাৰা হ’ল , সৰু সৰু গৰু পোৱালি, ছাগলী কুকুৰে মাৰি মাৰি খাবলৈ ধৰিলে , তেতিয়াহে শিয়ালৰ স্মৃতি মনত পুনৰ উজ্জ্বীৱিত হৈ উঠিল । কুকুৰৰ উত্পাত বেছি হোৱাৰ পৰাই দেউতাই কৈ থাকে, “আগতে শিয়ালবোৰ আছিল , কুকুৰৰ পোৱালিবোৰ ধৰি ধৰি মাৰিছিল । গতিকে কুকুৰৰ সংখ্যাও সীমিত আছিল । এতিয়া শিয়ালেই নাই , কুকুৰৰ যিমান পোৱালি হয় , সকলোবোৰ জীয়াই থাকে । গৰাকীবিহীন কুকুৰবোৰৰ খাদ্যৰ নাটনি হৈছে  , ফলস্বৰূপে গৰুপোৱালি বা ছাগলী ধৰিবলৈ লৈছে ।” মই তেতিয়া কৈছিলোঁ ,”কিন্তু শিয়ালেও গৰুপোৱালি, ছাগলী এইবোৰ ধৰে ।”দেউতাই বুজাই দিছিল মোক ,” যদিও  শিয়ালে আগতে দুই-এটা গৰুপোৱালি মাৰিছিল , সেয়া নিজানত অকলে পালেহে । কিন্তু এতিয়াৰ কুকুৰবোৰে দিনদুপৰতে মুকলি পথাৰতে যেনেকৈ ছাগলী ধৰি খায় , শিয়ালে সেই সাহ নকৰে । ”
তেতিয়াহে মোৰ মনলৈ আহিছিল , হয়তো , আজিকালি দেখোন গধুলি শিয়ালে নমতা হ’ল। শিয়ালবোৰ ক’লৈ গ’ল –এইকথা ভাবি মোৰ মনটো গধুৰ হৈ পৰিল । দেউতাৰ লগত আলোচনা কৰি গম পাইছিলোঁ , কুকুৰ বা শিয়ালে মৰা গৰু-ছাগলীৰ মৃতদেহত মানুহে নানাধৰণৰ কীটনাশক দ্ৰব্য মিহলাই থৈ দিয়াৰ ফলত শিয়াল, শগুণ আদি মাংসাহাৰী জীৱৰ মৃত্যু ঘটিছে । ফলত এতিয়া শিয়ালো নাই , শগুণো দেখিবলৈ নোহোৱা হ’ল। তাৰ পিছৰ পৰা শৈশৱৰ সাধুকথাৰ শিয়ালটোলৈ মনত পৰি মোৰ মাজে মাজে দুখ লাগি থকা হ’ল- সৰু হ’লেও , সামান্য হ’লেও এজাতি প্ৰাণীৰ বিলুপ্তিত প্ৰকৃতিত হ’ব পৰা ভাৰসাম্যহীনতাৰ কথা মানুহবোৰে কিয় চিন্তা কৰি নাচায় । আমাৰ ঠাইৰপৰা শিয়াল বিলুপ্ত হ’ল নেকি , আমাৰ ভৱিষ্যত প্ৰজন্মই শিয়ালৰ মাত শুনিবলৈ নাপাব নেকি , প্ৰশ্নবোৰে গুজৰিগুমৰি আছিল মনত ।
আমাৰ অঞ্চলত সাধাৰণতে বানপানী নহয় যদিও ২০১২ চনৰ জুলাই মাহত মথাউৰি ভাগি ব্ৰহ্মপুত্ৰৰ পানী সোমাইছিল । চাৰিওফালে পানী , পথাৰবোৰ সাগৰ সদৃশ, মাজে মাজে মাথোঁ একো একোটা সৰু  টিলা দেখা যায় । বানপানীৰ মাজতে এদিন সন্ধিয়া তেনে এটা টিলাৰপৰাই এটা শিয়ালৰ মাত ভাঁহি আহিল । ক’ৰবাৰপৰা পানীত উটি অহা অকলশৰীয়া শিয়ালটোৱে টিলাটোত আশ্ৰয় লৈছিলহি । তাৰলগত মাতিবলৈ এটাও সংগী নথকা সত্বেও সি অকলেই যেন তাৰ দায়িত্ব পালন কৰিছিল সেইদিনা । তাৰ মাতটোত যেন বিষাদৰ এটা কৰুণ সুৰ বাজিছিল । মোৰ ডিঙিত কিহবাই সোপা মাৰি ধৰিছিল , তাক যেন গৈ ক’ম,” তই অকলে হ’লেও জীয়াই থাক, তই নিৰ্বংশ নহ’বি ।”
তাৰ প্ৰায় চাৰি বছৰ পাঁচ মাহৰ পিছত পৰহি নিশা তিনি-চাৰিটা শিয়ালৰ মাত শুনি মনটো অতীতলৈ উৰা মাৰিছিল , আশা জাগিছিল মনত , সিহঁত এতিয়াও আছে, সিহঁত শেষ হৈ যোৱা নাই । এই দুদিন ঘৰৰ সকলোকে সুধি আছোঁ, এইকেইদিন শিয়ালে মতা শুনিছে নেকি । কোনেও শুনা নাই । মাত্ৰ মায়ে ক’লে , “পৰহিৰ আগতেও এদিন শুনিছোঁ । মই আকৌ পৰহি ৰাতি তুমি ভয় খাইছা বুলিহে ভাবিছিলোঁ ।” মই লাজ পাই গ’লোঁ,”ইছ্ , আজিকালি মই ভয় নকৰোঁ দিয়া ।”
————————————————

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.