ইণ্টাৰনেটত অসমীয়া ভাষা-ভাষণিকা : (মিতালী বৰ্মন)

ইণ্টাৰনেটত অসমীয়া ভাষা-ভাষণিকা : (মিতালী বৰ্মন)

ইণ্টাৰনেটত অসমীয়া ভাষা-ভাষণিকা : (মিতালী বৰ্মন)

by February 1, 2017 0 comments

২০১০ চনৰ কথা৷ বন্ধু দেৱজ্যোতি মহন্তৰ ‘ৱাল পোষ্ট’ত তেওঁৰ ভাতৃপ্ৰতীম প্ৰণৱজ্যোতি ভূঞাই অসমীয়া লিপিত অভিমত প্ৰেৰণ কৰা দেখিলোঁ৷ দেখিয়েই আপ্লুত হৈ পৰিলোঁ৷ বন্ধুক খাটনি ধৰিলোঁ, প্ৰণৱৰ পৰা অসমীয়া লিপিত লিখাৰ কৌশলটো শিকি আহি মোক শিকাবৰ বাবে৷ দুদিনমানৰ পাচত মোক নিৰাশ কৰি বন্ধুৱে ক’লে যে প্ৰণৱৰ কম্পিউটাৰটোত অসমীয়া ‘চফ্টৱেৰ’ লগোৱা আছে৷ সঁচাকৈ কৈছোঁ সিদিনা যে প্ৰণৱৰ প্ৰতি মোৰ খুব ঈৰ্ষা হৈছিল৷ সিদিনা হতাশ হৈছিলোঁ যদিও কম্পিউটাৰত অসমীয়া আখৰ লিখাৰ আগ্ৰহৰ প্ৰৱণতাটো কিন্তু মোৰ দিনে দিনে বাঢ়ি গৈ আছিল৷ এনেকৈয়ে দিনবোৰ বাগৰি গ’ল৷ লাহে লাহে ইণ্টাৰনেটত মোৰ বন্ধু-বান্ধৱৰ সংখ্যাও বাঢ়ি গ’ল৷ এনেতে এদিন অৱন্তিকা পৰাশৰে মোক “নলবেইৰা ফেচবুক” নামৰ গোট এটাত অন্তৰ্ভুক্ত কৰিলে৷ তাতে লগ পালোঁ হৃষীৰাজ শৰ্মাক৷ হৃষীয়ে মোক ‘আমি অসমীয়া’, ‘অসমীয়াত কথা-বতৰা’কে আদি কৰি বহুতো গোটত অন্তৰ্ভুক্ত কৰিলে৷ এই গোটবোৰত সোমাই দেখিলোঁ যে আমাৰ পৃথিৱীখনে আমাক পিছ পেলাই বহুদূৰ আগুৱাই গৈছে৷ কেতিয়াবা কিবা এষাৰ ক’বলৈ মন যায়, কিন্তু কোৱাহে নহয়৷ কাৰণ এটাই, অসমীয়া লিপিত লিখিব নাজানোঁ৷ (প্ৰথমতে মানুহবোৰৰ এই গোটবোৰৰ প্ৰতি এই কাৰণটোৰ বাবেও অনীহা আছিল কিজানি! অংক কৰি টান পোৱা/নেওতা বা এলজেব্ৰাৰ ফৰ্মুলা মুখস্থ কৰিব নোৱাৰা শিক্ষাৰ্থী এজনেও অংক কৰি বেয়া পায়। কথাটো ঠিক একেধৰণৰে হ’ব J ৷) হৃষীয়ে  কেতিয়াও অসমীয়া আখৰত লিখিবলৈ মোক একো জোৰ কৰা নাছিল৷ কিন্তু কিবা এটা সুধিলে উত্তৰটোহে অসমীয়া আখৰত লিখি দিছিল। এনেয়ো মোৰ আগ্ৰহটোতো আছিলেই, তাতে তেতিয়া হৃষীৰ উত্তৰ লিখাৰ কায়দাবোৰত মই আৰু বেছি প্ৰলোভিত হৈ পৰিলোঁ৷ এদিন সুধিয়েই পেলালোঁ৷ সোধা মাত্ৰেই তেওঁ মোলৈ দিহা-পৰামৰ্শসহ  ফেচবুকৰ বাৰ্তাবাকচত বাৰ্তা পঠিয়াই দিলে৷ তাৰপাচত, এইবাৰ আহিল অঞ্জলৰ পাল৷ নিজৰ ফেচবুক ৱালত ৰোমান লিপিৰে অসমীয়া কথাবোৰ লিখি থকা দেখি এদিন অঞ্জলে মোলৈ বাৰ্তা এটা পঠিয়ালে “আপুনি অসমীয়াত লিখা নাই কিয়?” এইবুলি অঞ্জলেও মোলৈ ইণ্টাৰনেটত অসমীয়া লিখাৰ লিংক পঠিয়ালে৷ অৱশেষত মই অসমীয়া আখৰত লিখিব পৰা হ’লোঁ৷ মোক উৎসাহিত কৰা বাবে হৃষী আৰু অঞ্জলৰ ওচৰত মই সদায় কৃতজ্ঞ হৈ থাকিম৷ পাৰোঁ নে নোৱাৰোঁ বুলি চাবলৈ যিদিনাই কম্পিউটাৰত পৃথিৱীৰ আটাইতকৈ সহজ অথচ মহৎ শব্দ “মা” অসমীয়া আখৰত লিখিছিলোঁ সিদিনা আনন্দই পাৰ নধৰা হৈছিল৷

এতিয়া মূল কথাটো হ’ল অসমীয়া আখৰত লিখাৰ প্ৰয়োজনীয়তানো কি? হয়, অসমীয়া আখৰত লিখাৰ প্ৰয়োজনীয় দিশ বহুতো আছে৷ কাৰীকৰি আৰু ব্যৱহাৰগত দিশৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিজ্ঞজনে ক’ব৷ আমি ক’ব বিচাৰিছোঁ, অতি সাধাৰণ যেন লগা দিশ এটাৰ কথাহে৷ ২০০৫ চনত জীৱিকাৰ তাড়নাত দিল্লী অভিমুখী হোৱাৰ দিনৰে পৰাই যেতিয়াই অসমলৈ যাওঁ, উভতিবৰ পৰত কিতাপৰ টোপোলা এটা সদায় লগত আহে৷ কোনোবা আহিলেও লৈ আহে অথবা প্ৰয়োজন সাপেক্ষে ডাকত পঠিয়ায়৷ তেতিয়াই এনে এচাম ছাত্ৰ-ছাত্ৰীৰ লগত কথা হৈছিলোঁ, যিবোৰে কেৱল অসমীয়া আখৰকেইটা এপলকৰ বাবে চাবলৈ দিল্লী বিশ্ববিদ্যালয়ৰ পুথিভঁৰাললৈ ঢাপলি মেলে৷ অনুভৱ কৰিছিলোঁ তেওঁলোকৰ সেই বুভুক্ষা!! তেওঁলোকে কৈছিল, “কেতিয়াবা এনেদিনো পাৰ হৈছিল যিদিনা ঘৰৰ পৰা বাতৰি কাকতেৰে মেৰিয়াই পঠিওৱা খোৱাবস্তুৰ পাৰ্চেলতকৈও মেৰ খাই অহা বাতৰি কাকতখনহে বেছি দৰকাৰী যেন লাগিছিল৷”  তেওঁলোকৰ হেঁপাহ দেখি আমি কিতাপ-আলোচনীৰ আদান-প্ৰদানো কৰিছিলোঁ৷ (কিন্তু লাভৰ মূৰত বহুতো কিতাপ হেৰুৱালোঁ৷ সেয়া এক অন্য কাহিনী…) এতিয়া ভাবিছোঁ এই কৌশলবোৰ আগতে আয়ত্ব কৰা হ’লে কিমান ভাল আছিল!!

আগতে অসমৰ বিষয়ে বা অসমীয়া সাহিত্য-সংস্কৃতিৰ বিষয়ে ইণ্টাৰনেটত কিবা এষাৰ বিচৰা আৰু পৰ্বতত কাছকণী বিচৰা প্ৰায় একেই কথা আছিল। কিন্তু আজি সেই দৃশ্য সলনি হ’ল। দলে-বলে ইণ্টাৰনেটত অসমীয়া ভাষা অসমীয়া আখৰত লিখিবলৈ ওলাই অহা ৰাইজৰ প্ৰচেষ্টাত ইণ্টাৰনেটত অসম, অসমীয়া, অসমীয়া সাহিত্য-সংস্কৃতিৰ নানা তথ্য সঞ্চিত হৈছে। যদিও এই তথ্য যথেষ্ট নহয় তথাপিও আগৰ তুলনাত যথেষ্ট হ’ল। কিন্তু এই দিশত আৰু কাম-কাজ কৰাৰ, চিন্তা-চৰ্চা কৰাৰ থল আছে। য়ুনিক’ডৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগে লগে চ’চিয়েল মিডিয়াত কেৱল য়ুনিক’ড ব্যৱহাৰ কৰি প্ৰকাশ কৰা কেইবাখনো অসমীয়া আৰু অসমীয়া-ইংৰাজী দ্বিভাষী আলোচনীৰ জন্ম হ’ল। কম্পিউটাৰ বা মোবাইল ফোন ব্যৱহাৰ কৰিয়ে অসমীয়া সমাজৰ অমূল্য সম্পদ কীৰ্তনঘোষা আৰু নামঘোষা পঢ়িবলৈ পোৱা হ’লোঁ। থাপনাৰ পৰা কম্পিউটাৰ বা মোবাইলত হাতৰ টিপতে কীৰ্তনঘোষা-নামঘোষাৰ এই যাত্ৰা মাথোঁ য়ুনিক’ডেহে সম্ভৱ কৰিলে। বিচাৰিলে এনে উদাহৰণ আৰু বহুতো ওলাব।

কম্পিউটাৰত অসমীয়া আখৰ লিখিবলৈ শিকি, অসমীয়া আখৰত লিখিবলৈ অনুপ্ৰেৰণা যোগোৱা এই গোটবোৰৰ লগত জড়িত হৈ অনুভৱ কৰিব পাৰিছিলোঁ যে ইমানদিন কিহৰ অভাৱত ভুগি আছিলোঁ! আচলতে কি জানে ৰাইজ, যিকোনো কামতে সংঘাত (সমাজৰ লগত ব্যক্তিৰ সংঘাত/ব্যক্তিৰ লগত ব্যক্তিৰ সংঘাত/নিজৰ মনৰ লগত ব্যক্তিবিশেষৰ সংঘাত) থাকে৷ কিন্তু পৰিস্থিতি বিশেষে এই সংঘাতবোৰে কামটো অধিক ফলদায়ী হোৱাত সহায়হে কৰে৷ এচাম মানুহে হয়তো এতিয়াও নিজৰ গোড়ামিৰ সীমা ভাঙি ওলাই আহিব পৰা নাই৷ তেওঁলোকে নিজেও নিশিকে আৰু আনে শিকিলেও “FB ত অসমীয়া লিখাৰ ভুতে লম্ভিলে” বুলি টিতকাৰি দিয়ে৷ কিন্তু ২০১০ৰ পৰা ২০১৭ৰ জানুৱাৰী মাহলৈ য়ুনিক’ডৰ যথেষ্ট প্ৰচাৰ আৰু প্ৰসাৰ হ’ল। প্ৰায় সকলোবোৰ মোবাইল ফোনতে এতিয়া অসমীয়া ভাষাৰ বিকল্পটো সহজলভ্য হ’ল। অসমীয়াত লিখা পঢ়া কৰিবলৈ নানা তৰহৰ ছফ্টৱেৰ, ফণ্ট, এপচ আদি ওলাল। তথাপি সেই এচাম মানুহে নিজৰ ভাষাটো নিজৰ লিপিৰে লিখিবলৈ এলাহ কৰে। কিন্তু মানুহৰ এনে গোড়া মানসিকতাৰ পৰিৱৰ্তন ঘটিবলৈ হয়তো আৰু বেছি দিন নাই৷

শিকাৰ কোনো সময় নাই, শিক্ষাৰ্থীৰ কোনো বয়স নাই৷ আমি সদায় আশাবাদী৷ আশা কৰোঁ, য়ুনিক’ড আন্দোলনৰ এই যাত্ৰাত আমি আৰু বহুদূৰ আগুৱাই যাব পাৰিম৷ এজনক শিকাই বুজাই সৈমান কৰাব পাৰিলে দহজনক নোৱাৰাৰ কাৰণ নাই৷ আৰু সময়ত সেই দহজনে এশজনলৈ বৃদ্ধি পাব, আৰু এশজন হাজাৰজনলৈ…! আৰু তেতিয়াই তেওঁলোকেও অসমীয়া লিপিত লিখিব পৰা হৈ আমাৰ দৰে লিখিব “চিৰ চেনেহী মোৰ ভাষা জননী”।
—————————-

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.