গ্ৰন্থ আলোচনাঃ সজল সন্তুষ্টি আৰু কিছু ৰচনা- ঊষামণি কাকতি

গ্ৰন্থ আলোচনাঃ সজল সন্তুষ্টি আৰু কিছু ৰচনা- ঊষামণি কাকতি

গ্ৰন্থ আলোচনাঃ সজল সন্তুষ্টি আৰু কিছু ৰচনা- ঊষামণি কাকতি

by February 28, 2017 0 comments

গ্ৰন্থৰ নাম: সজল সন্তুষ্টি আৰু কিছু ৰচনা

লেখকৰ নাম: ডাঃ কুমাৰ পাৰ্থ প্ৰতিম

কস্তুৰী প্ৰকাশন, গুৱাহাটী

প্ৰথম প্ৰকাশ: জানুৱাৰী, ২০১৭

নিত্য-নতুন অভিজ্ঞতাৰ সহায়েৰে জীৱনৰ উৎকৰ্ষ সাধন কৰি সন্তুষ্টি লাভৰ যত্ন কৰা৷ এই সন্তুষ্টি সাধাৰণ নহয়৷ সজল সন্তুষ্টি অৰ্থাৎ ই এক পৰম সন্তুষ্টি৷ যাৰ বাবে আমি আবেগিক হৈ পৰোঁ৷ যিয়ে আমাৰ চকু জলজলীয়া কৰে, সেয়ে সজল সন্তুষ্টি৷ – এই মূল বিষয়টোক কেন্দ্ৰ কৰি লেখা পুথিখন হৈছে সজল সন্তুষ্টি আৰু কিছু ৰচনা৷ লেখক ডাঃ কুমাৰ পাৰ্থ প্ৰতিমৰ এইখন প্ৰথম পুথি৷ অকবৰ পঢ়ুৱৈৰ বাবে তেখেত পৰিচিত লেখক৷

পিতৃ-মাতৃৰ লগত সন্তানৰ সৰ্ম্পকৰ দৰে সমকালীন সমাজৰ প্ৰাসংগিক বিষয় একোটাৰে লেখকে পুথিখনৰ পাতনি মেলিছে৷ একেটা পাতনিতে তেওঁ স্বীকাৰো কৰিছে যে “ এয়া কোনো সাহিত্য নহয়, সাহিত্য বুলি কোৱাৰ ধৃষ্টতা মই নকৰোঁ৷ “ এই স্বীকাৰোক্তিষাৰ ভাল লাগিল৷ কাৰণ তত্ত্বগত দিশৰ পৰা পুথিখনত সন্নিবিষ্টত কোনো এটা লেখাও সঁচাকৈয়ে সৃষ্টিশীল সাহিত্য (গল্প, কবিতা, নাটক, উপন্যাস) নহয়৷ তথাপি লেখকৰ অজানিতে সজল সন্তুষ্টি আৰু কিছু ৰচনা পুথিখন অসমীয়া সাহিত্যৰ এক বিশেষ শ্ৰেণীৰ সাহিত্যত অন্তৰ্ভূক্ত হয়৷ সেই শ্ৰেণীটো হ’ল আত্মোৎকৰ্ষমূলক সাহিত্য৷ হোমেন বৰগোহাঞি, দেৱকান্ত সন্দিকৈ, ড° প্ৰহ্লাদ কুমাৰ বৰুৱাকে মুখ্য তেনেই সীমিত সংখ্যক লেখকে এই বিশেষ শ্ৰেণীৰ সাহিত্যৰ চৰ্চাৰ ধাৰাটোক জীয়াই ৰাখিছে৷ সাধাৰণতে এনে সাহিত্যৰাজিত লেখকে ব্যক্তিগত অভিজ্ঞতা একোটাৰ আধাৰত জীৱন সৰ্ম্পকে একোটা সুন্দৰ দৃষ্টিভংগী আগবঢ়ায়৷ সুখী হোৱাৰ বাট প্ৰদৰ্শনেই-এইশ্ৰেণীৰ সাহিত্যৰাজিৰ মূল দিশ৷ এইবাট লেখকে ব্যক্তিগত অভিজ্ঞতা, সমাজৰ অন্যান্য ঘটনা অথবা কিছু বাস্তৱৰ লগত কল্পনাৰ সংযোজনেৰেও আগবঢ়াব পাৰে৷ সাধাৰণতে লেখাটোৰ সামৰণি অংশতেই লেখকে জীৱনক চোৱাৰ সেই সুন্দৰ দৃষ্টিভংগীটোৰ কথা উল্লেখ কৰে৷

এই পুথিখন মুঠ চাৰিটা অধ্যায় বিভাজন আছে৷ সেইকেইটা হ’ল-
১/ বাস্তৱ
২/কিছু বাস্তৱ, কিছু কল্পনা
৩/হয়, তেখেত এগৰাকী মাতৃ
৪/কিছু ধেমালি৷

অধ্যায়ৰ শিৰোনাম অনুসৰি সেইধৰণৰ লেখা সন্নিবিষ্ট কৰিছে৷

প্ৰথম অধ্যায়ৰ লেখাখিনি হৈছে বাস্তৱ৷ প্ৰতিটো লেখাৰে বিষয় অনুসৰি শিৰোনাম আছে৷ পেচাগত ভাৱে লেখক এজন চিকিৎসক৷ সেয়ে বাস্তৱ শীৰ্ষক লেখাখিনি তেখেতৰ পেচাগত জীৱনৰ বাস্তৱ অভিজ্ঞতা৷ এই অভিজ্ঞতাৰ প্ৰসংগত লেখকে কৈছে যে দৈনিক আহৰণ কৰা অভিজ্ঞতাবোৰে আমাৰ মনোজগতত কিছুমান ভাল আৰু বেয়া স্মৃতি সঞ্চয় কৰে৷ সেই স্মৃতিয়ে আমাৰ জীৱনৰ চালিকা শক্তিৰূপে কাম কৰে৷ বৃদ্ধাশ্ৰম, সেই পুৰুষজনৰ উচুপনি, বিশ্বাসৰ অপমৃত্যু, জধামূৰ্খ, মূল্যবৃদ্ধিত এভূমুকি, জীৱনৰ লক্ষ্য, মৃত্যু এতিয়া ওচৰ আদি প্ৰতিটো লেখাই তেখেতৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতা৷ যিবোৰ অভিজ্ঞতাৰ আধাৰত লেখকে নিত্য-নতুন মানুহ চিনিছে৷ জীৱনৰ লগত জড়িত বিষয় একোটাত গ্ৰহণ কৰিবলগীয়া দৃষ্টিভংগীৰ বিষয়ে নিজৰ লগতে পাঠককো সচেতন কৰিছে৷

এই অধ্যায়ত সন্নিবিষ্ট  ‘জীৱনৰ লক্ষ্য: শিশুটিক পোন প্ৰথমে নিজক বুজিবলৈ দিয়কচোন ’ শীৰ্ষক লেখাটোত লেখকে নিজৰ শিক্ষাজীৱন আৰু এতিয়াৰ কন্যা শিশুটিৰ প্ৰসংগৰে জীৱনৰ লক্ষ্য গ্ৰহণৰ ক্ষেত্ৰত বৰ সুন্দৰ দৃষ্টিভংগী এটা পাঠকলৈ আগবঢ়াইছে—

“আপুনি যদি আপোনাৰ গন্তব্যস্থলৰ বিষয়ে ভালদৰে অৱগত নহয় আৰু সেই বিষয়ে জ্ঞাত কাৰোবাৰ লগত আপুনি আলোচনা কৰিবলৈও অপৰাগ, তেন্তে আপুনি গাড়ীৰপৰা বেলেগ ঠাইত নামি যোৱাৰ সম্ভাৱনাই বেছি৷ নতুবা আপোনাৰ লক্ষ্যস্থান ক’ৰবাত এৰি থৈ গ’লেও আপুনি গম নাপাব পাৰে৷ শিশুটিক নিজকে চিনি পাবলৈ দিয়কচোন প্ৰথমতে৷ তাৰপিছত উপযুক্ত সুবিধা দি প্ৰকৃত ৰূপত পথ প্ৰদৰ্শন কৰক, দেখিব শিশুটি জিলিকি উঠিছে৷ ” (পৃষ্ঠা: ৫৪)

কুকুৰে কামোৰা ছোৱালীজনীক বিনামূলীয়া বেজি দিবলৈ চিকিৎসালয়লৈ আনিবলে দূৰত্বৰ অজুহাত দেখুওৱা মানুহজনক কোৱা “ বয়সটো বাঢ়ি গ’লেই নহ’ব, মনটোও অলপ ডাঙৰ কৰক৷ অলপমান মানুহ হওক” কথাষাৰো মন কৰিবলগীয়া৷

দ্বিতীয় অধ্যায়ৰ লেখাখিনিৰ শিৰোনাম- কিছু বাস্তৱ আৰু কিছু কল্পনা৷ এইলানি লেখাৰো সৰহখিনিয়ে লেখকৰ পেচাগত জীৱনৰ অংশবিশেষ৷ এইলানি লেখাৰ অধ্যায়ৰ শিৰোনাম অনুসৰি অৱশ্যে কল্পনাৰ সংযোজন হৈছে বুলি অনুমান কৰিব পাৰি৷ প্ৰথম লেখাটোৱে হৈছে সজল সন্তুষ্টি৷ পুথিখনৰ শিৰোনাম অনুসৰি লেখাটোৰ নাম৷ সেয়ে পাঠকৰো লেখাটোত দৃষ্টি থমকি ৰয়৷ চিকিৎসক এজনে দুখীয়া ৰোগীৰ বাবে নিজৰ মাহেকীয়া উপাৰ্জনৰ ধন দান কৰি সজল সন্তুষ্টি লাভ কৰাৰ বৰ্ণনা পোৱা যায়৷ লেখকৰ ভাষাৰে ক’বলৈ গ’লে কাৰোবাক আমি সহায় কৰোঁ, কোনোবাই আমাক সহায় কৰে৷ আৰু এনেদৰেই এদিন আমি বিৰামবিহীন এই যাত্ৰাৰ অন্তিম স্তৰত উপনীত হওঁ৷ সফলতাৰ খতিয়ান নামৰ লেখাটোত ৰোগীৰ লগত চিকিৎসকৰ সৰ্ম্পকৰ অভিজ্ঞতাৰ প্ৰসংগৰে মানুহৰ সৰ্ম্পকৰ বিষয়ে তেওঁৰ নিজা দৰ্শন এটি পাঠকলৈ এনেদৰে আগবঢ়ালে—

“প্ৰত্যেক বৃত্তিতে আমি কেৱল বৃত্তিগত কামবোৰ সমাপন কৰিবলৈয়ে যত্ন নকৰোঁ, নিয়াৰিকৈ সংবেদনশীল হৃদয়েৰে কৰা আমাৰ কামবোৰেৰে আমি প্ৰতিদিন প্ৰতিৰাতি অজানিতে নিত্য নতুন সৰ্ম্পক কিছুমানৰ সৃষ্টি কৰোঁ৷ কিছুমান সৰ্ম্পক হয়তো ক্ষণস্থায়ী, কিন্তু কিছুমান সৰ্ম্পক আকৌ যাউতিযুগীয়া হৈ পৰে৷ আৰু জীৱনটোৰ শেষত আপোনাৰ কৃতকাৰ্যতা অথবা আৰ্থিক সচ্ছলতা আদি কথাবোৰ নিতান্তই গৌণ হৈ পৰাৰ সময়তো কিন্তু এই মধুৰ সৰ্ম্পকবোৰেই আমাৰ জীৱনজোৰা সাধনাৰ সফলতাৰ খতিয়ান দাঙি ধৰে৷ “ (পৃষ্ঠা: ১১৪)

মুঠ সোতৰটা লেখা এই অধ্যায়টোত আছে৷ বাস্তৱৰ লগত কল্পনাৰ সংযোজনৰ বাবে বহুক্ষেত্ৰত ডেকা ডেকা মন, এচিকুট দুষ্টামি আদিৰ দৰে কেইবাটাও লেখা গল্পৰ দৰেই লাগিল৷

তৃতীয় অধ্যায়টো মাতৃবিষয়ক৷ মুঠ নটা লেখাত ন গৰাকী মাতৃৰ বাস্তৱ অভিজ্ঞতাৰ বৰ্ণনা৷ প্ৰায় আটাইকেইটা লেখাতে মাতৃৰ সৰ্বজনীন চৰিত্ৰ মমতাময়ী ৰূপটোৱে প্ৰকাশ পাইছে৷ হস্পিতেলৰ বিছনাত পৰি থকা ৰোগীয়া মাতৃয়েও নিজৰ সন্তানটিক ভাত খুৱাই থকাৰ পৰা লেখকৰ পত্নীয়ে নিজৰ অকণমানিজনীৰ আঘাতক লৈ সৃষ্টি কৰা পৰিৱেশলৈকে আটাইকেইটা লেখাতে মাতৃৰ সৰ্বজনীন ৰূপটোৱে লেখকে দেখুৱাবলৈ যত্ন কৰিছে৷

“কিছু ধেমালি “ শীৰ্ষক চৰ্তুথ অধ্যায়ৰ লেখালানিৰ বিষয়বস্তু অলপ সুকীয়া৷ লেখকৰ দৰ্শন অনুসৰি ক’বলৈ গ’লে জীৱন নামৰ নাটঘৰত অলপ ধেমালি কৰি জীৱনৰ ৰস পান কৰা উচিত৷ এই উদ্দেশ্য আগত ৰাখিয়ে তেখেতে পাঠকলৈ সততে সন্মুখীন হোৱা সৰু সৰু ঘটনাৰ যোগেদি নিজেও হাঁহিছে৷ পাঠককো হহুৱাবলৈ যত্ন কৰিছে৷ কাপোৰৰ দোকানত সজাই থোৱা পুতলাটোক লৈ সৃষ্টি হোৱা ঘটনাটিৰ পৰা গা ধোৱাৰ চিনচিয়েৰটিৰ নামত মাহৰ প্ৰথমভাগতে গোটেই মাহটোৰ বাবে ভালকৈ গা ধোৱাৰ বৰ্ণনাৰে হাঁহিৰ খোৰাক যোগায়৷

সজল সন্তুষ্টি আৰু কিছু ৰচনা শীৰ্ষক পুথিখন  পোনপটীয়াকৈ সৃষ্টিশীল সাহিত্যৰ ভিতৰুৱা নহয়, সেয়ে ইয়াৰ সমালোচনাও কৰিবলগীয়া নেথাকে৷ কাৰণ সৃষ্টিশীল সাহিত্যিহে তত্ত্ব, সৌৰ্ন্দযৰ গুৰুত্ব বিচাৰ কৰা হয়৷ এইখন লেখকৰ পেচাগত জীৱনৰ অভিজ্ঞতাৰ ফচল৷ যি অভিজ্ঞতাৰে লেখকে জীৱন সৰ্ম্পকে নিজে দেখা বাটটো পাঠককো দেখুৱাইছে৷ অৱশ্যে পুথিখনৰ শেষৰ অধ্যায়টোত যদিও লেখকে হাস্যৰসাত্মক কৰি তুলিবলে যত্ন কৰিলেও, বহুক্ষেত্ৰত সফল নহ’ল৷ তেখেতৰ বৰ্ণনাশৈলীৰ বাবে পাঠকক জোৰ কৈ হহুৱাবলৈ গৈ লেখাটো পঢ়িলো এতিয়া হাঁহিম নেকি জাতীয় প্ৰশ্ন সোধাৰ পৰিৱেশ এটাহে গা কৰি উঠে৷ আনহাতে গোটেই পুথিখনতে লেখকৰ দীঘল বাক্যৰীতিয়ে (যৌগিক, জটিল বাক্য)আমনি কৰে৷ অযথা দীঘল বাক্যৰে কোৱা বাবে বহুসময়ত পাঠকে বুজিবলে অসুবিধা পাব যেন লাগিল৷ এনেধৰণৰ দুই-এটা ভুলৰ বাদে সামগ্ৰিকভাবে সজল সন্তুষ্টি আৰু কিছু ৰচনা পুথিখন সুখপাঠ্য পুথি৷ পুথিখনে পাঠকক সঁচাকৈয়ে সজল সন্তুষ্টি প্ৰদান কৰিব বুলি আশা কৰিলোঁ ৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.