হাড়গিলা নে বৰটোকোলা (ড° লোচন শইকীয়া)

হাড়গিলা নে বৰটোকোলা (ড° লোচন শইকীয়া)

হাড়গিলা নে বৰটোকোলা (ড° লোচন শইকীয়া)

by April 14, 2017 0 comments

বৰটোকোলা৷ বৰ মানে ডাঙৰ৷ টোকোলা নে টোপোলা সেইটোহে ইতিহাসে একো নকয়৷ এই খিনিতে দেখিবলৈ একে হাড়গিলা চৰাইটোৰ মঞ্চত প্ৰবেশ৷ একে পৰিবেশ, একেই খাদ্য মিল আছে কাৰণে দুয়োটাকে চিনি পাওঁনে!

নামতো হাড়গিলা৷ কেনে লাগিছে? নিজেই হাড় গিলা যেন লাগিছে নেকি? ডিঙিৰ কোনোবা এখিনিত যেন হাড় এডাল লাগি ধৰিছে! মোৰ হ’লে ধৰিছে দেই এই চৰাই দুটাৰ বিলৈ দেখি৷ হাড় ডাল ওলায়ো নাহে, সোমায়ো নাযায়৷ মানুহৰ প্ৰকৃতিৰ ওপৰত সীমাহীন অত্যাচাৰ৷ তাৰ ফল ভুগিছে সকলো নিৰপৰাধী চৰাই-চিৰিকতি জীৱ-জন্তু লগতে মানুহে নিজেও৷ কিনো ক’ম, কাক ক’ম, কোনে পতিয়াব, যাক ক’ম, সিয়ে লথিয়াব৷ সকলো ভোকৰ বলি৷ এইয়া লালসাৰ ভোক৷

নৈ পৰীয়া, বিল পৰীয়া অসমীয়াৰ চকুৰ আগেদি বৰটোকোলা আৰু হাড়গিলা চাই থাকোঁতেই সংখ্যাত কমি আহিছে৷ বাহ সজা ডাঙৰ গছৰ অভাৱ ঘটিছে৷ পথাৰৰ পৰিমাণ কমিছে৷ বিলবোৰ পোত খাইছে৷ আলি কাষৰীয়া দ’ ঠাই বোৰ পুতি জীৱিকাৰ নিমিত্তে দোকান খুলিছে৷ বেচেৰা কনুৱা, কৰচন, বগলী, মাছোৰোকা, শামুকভঙা, হাড়গিলা আৰু বৰটোকোলা আদি চৰাই কেইটা যায় কলৈ? পাব কি? পাব ক’ত? খাব কি? চিৰিয়াখানা নামৰ চৰকাৰী যন্ত্ৰ এটা নোহোৱা নহয়৷ এটা দিন দেখিছোঁ, চৰাই চাওঁ বুলি চিড়িয়াখানাতেই গৈ ওলায়৷ এটা দিন আহি আছে, ক’তো একো এটা চৰাই দেখিবলৈ নাপাব৷ গাঁৱতেই পৰিবেশ সলনি হৈছে৷ নগৰ, চহৰৰ নাম নললেও হব৷
এটা সময় আছিল৷ আজিও মনত আছে৷ ১৯৬২-৬৩ মানৰ কথা৷ শিৱসাগৰৰ জয়সাগৰৰ পৰা ভটীয়াপাৰ পাৰ হোৱাৰ আগতে সোঁফালৰ পথাৰ বোৰত জপং জপং কৰি বৰটোকোলা বা হাড়গিলা কেইটামানে ইটোৱে-সিটোৰ পৰা আঁতৰি চিকাৰত ব্যস্ত৷ নাহৰকটীয়াৰ হাবিতলীয়া পৰিবেশৰ পৰা শিলগুটীয়া বাট বুলি যোৰহাটলৈ বাট লওঁতে গোটেই বছৰ পানী থকা আদ্ৰভূমিৰ ঠায়ে ঠায়ে হাড়গিলা দেখিবলৈ পোৱা নৈত্যনিমিত্তিক ঘটনা৷ তেতিয়া একোকে নুবুজিছিলোঁ, একো নাজানিছিলোওঁ৷ সৰু হৈ আছিলোঁ, একোকে নুবুজো৷
এতিয়া প্ৰশ্ন আহে তেলীয়া সাৰেং, শামুকভঙা, হাড়গিলা আৰু বৰটোকোলা দেখিবলৈ প্ৰায় একেই বিধ চৰাই৷ আকাৰত প্ৰায় একে৷ থাকোঁতে পাৰ্থক্য অনেক৷ ভালদৰে লক্ষ্য নকৰিলে দূৰৰ পৰা ধৰিবই নোৱাৰি৷ সেয়ে নামে-কামে চিনি নাপালে অসুবিধাই হয়৷ আহকচোন পাঠক বন্ধু আজি দুআষাৰ বৰটোকোলা আৰু হাড়গিলাৰ বিষয়ে পাতি চাওঁ৷
একোটা বৰটোকোলা ১২০ চেণ্টিমিটাৰৰ পৰা ১৫০ চেণ্টিমিটাৰ ওখ হয়৷ দুয়োবিধৰে ঠোঁট প্ৰকাণ্ড৷ বৰটোকোলাৰ ইংৰাজী নাম Greater Adjudant বৈজ্ঞানিক নাম Leptoptilos dubious৷
হাড়গিলাৰ ইংৰাজী নাম Lesser Adjudant বৈজ্ঞানিক নাম Leptoptilos javanicus৷ বৰটোকোলাৰ সমান বা অলপ সৰু ডাঙৰ চৰাই৷ একোটা হাড়গিলা ১১০ চেণ্টিমিটাৰৰ পৰা ১২০ চেণ্টিমিটাৰ ওখ হয়৷

মন কৰিছেনে বন্ধু প্ৰথম বৈজ্ঞানিক নামতো একে কিন্তু পিচৰ নামতো দুয়োৰে বেলেগ৷ এইটো বৈজ্ঞানিক নামকৰণৰ নিয়ম৷ বৰটোকোলাৰ ঠোঁট প্ৰকাণ্ড৷ যিটো কাৰণত ধাননি পথাৰত দূৰৰ পৰা খেতিৰ মাজত মানুহ থিয় হৈ থকাৰ দৰেই লাগে৷ মানুহৰ উচ্চতা দূৰৈৰ পৰা জুখিব নোৱাৰি৷ বৰটোকোলা কাষৰ পৰা লক্ষ্য কৰাৰ সুযোগ পালে মন কৰিবচোন ই কিমান ডাঙৰ হব পাৰে! সাধাৰণতে দূৰৈৰ পৰা লোৱা ফটো ব ওচৰৰ লোৱা ফটো এখনেও ইয়াৰ উচ্চতাৰ বিষয়ে সঠিক উমান নিদিয়ে৷ ময়ো বহু দিন পিচ লোৱা বৰটোকোলাক হাড়গিলা বা শামুকভঙা বুলি ভুল কৰিছোঁ৷ ঠোঁটৰ ৰং হালধীয়া৷ মূৰ আৰু ডিঙিত পাখি নাই৷ গলধুৰিত মোনাৰ দৰে এটা টোপোলা ওলমি থাকে৷ গাৰ পাখিৰ ৰং ছাই বৰণীয়া৷ কান্ধত অলপ বগা পাখি৷ ঠেঙ ছাঁই বৰণীয়া৷

অন্যহাতে হাড়গিলাৰ ঠোঁটো হালধীয়া৷ ঠোঁটৰ ওপৰফাল পোন, সমান আৰু হালধীয়া কিন্তু তলফালৰ ঠোঁটৰ ৰং শেঁতা৷ মূৰ আৰু ডিঙিত বৰটোকোলাৰ দৰেই পাখি নাই৷ প্ৰজননৰ সময়ত মূৰৰ ৰং ৰঙা আৰু ডিঙিৰ ৰং গুলপীয়া হৈ পৰে৷ কান্ধতো অলপ বগা পাখি৷ ডেউকা ক’লা, ওপৰ পিঠিৰ পাখি ক’লা৷ বুকু বগা৷ ঠেং মটীয়া বৰণৰ৷ উৰোঁতে এখন ডেউকাৰ দৈৰ্ঘ্য ৫৭.৫ চেণ্টিমিটাৰৰ পৰা ৬৬ চেণ্টিমিটাৰ হয়৷ উৰিবৰ সময়ত ডিঙি অলপ কোঁচাই ৰখা কাৰণে উৰি থকা অৱস্থাত বৰটোকোলা বুলি ভুল হয়৷
বন্ধুবৰ আপুনি বাৰু জানেনে এই দুই চৰাই আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ তালিকাভুক্ত কৰা সংস্থা (International Union for Conservation of Nature)ৰ দুষ্প্ৰাপ্য তালিকাত অন্তৰ্ভুক্ত কৰিছে৷ IUCN ৰ মতে বৰ্তমান বৰটোকোলাৰ সংখ্যা হাজাৰৰ ওচৰত আৰু হাড়গিলাৰ সংখ্যা পাঁচ হাজাৰৰ ওচৰত বুলি নিৰ্দ্ধাৰণ কৰিছে৷ নহয়নে বাৰু এইয়া এক সংকট কাল? অসমৰ পৰিবেশ বৰটোকোলা আৰু হাড়গিলাৰ উপযোগী প্ৰাকৃতিক পৰিবেশ৷ অথচ সেই অসমতে দুয়োবিধৰ সংখ্যা দুষ্প্ৰাপ্য পৰ্য্যায় পালেগৈ৷ শুনি আচৰিত হব যে বৰটোকোলা এতিয়া একমাত্ৰ অসম আৰু কম্বোডিয়াৰ বাদে ক’তো নাপায়৷ ম্যানমাৰ নাম বৰটোকোলাৰ গৃহভূমিৰ তালিকাৰ পৰা আঁতৰোৱা হৈছে৷ হাড়গিলা ভাৰত আৰু ইণ্ডোনেচিয়াৰ বাদে ক’তো দেখিবলৈ নাপায়৷ ঠিক একে ধৰণৰে সেমেকা পানী থকা আদ্ৰভূমিৰ অইন চৰাই বোৰৰো জীবন বিপদাপন্ন হৈছে৷

বৰটোকোলা বৰ লাজকুৰীয়া চৰাই৷ মানুহৰ কাষৰ পৰাই নহয়, স্বজাতিৰ পৰাও আঁতৰি থাকি ভাল পায়৷ মৰাশ খাই জীয়াই থকা চৰাইৰ তালিকাত সোমালেও চহৰৰ কাষত, মানুহৰ খেতি ভূমিত প্ৰজননৰ সময় বাদ দি আন সময়ত দেখিবলৈ নিশ্চয় পোৱা যায়৷ সেই সময়ত অইন চিকাৰো নকৰা নহয়৷ এই লাজকুৰীয়া চৰাইটি ইমান ডাঙৰ আকৃতিৰ হৈয়ো চিকাৰ কৰা ঠাইত নিশব্দে থিয় হৈ থাকে আৰু ইমান নিশব্দে উৰা-নমা কৰে যে ধৰিবই নোৱাৰি৷ চিকাৰৰ ঠাইতে উৰি ঠাই সলাই জলাহ ভূমিত চিকাৰ কৰা দেখা যায়৷ নকৈ নোৱাৰোঁ আমাৰ উদ্যান বাগিছা খনো এনে ধৰণৰ কাৰণে বাৰ মাহেই বিভিন্ন চৰাই-চিৰিকতি দেখিবলৈ পাওঁ৷ পুৱা আঠ বজাৰ আগতে আৰু আবেলি চাৰি বজাৰ পাচত এইয়া চৰাইৰ ৰম্যভূমি৷ দিনৰ বাকী সময় খিনিত কাম কৰা মানুহ থাকে কাৰণে আঁতৰি যায় আৰু কাষৰে অন্য ঠাইত চিকাৰ বিচাৰে৷ হাড়গিলা পৰাপক্ষত মৰাশ বিচাৰি নুফুৰে৷ পালে খায়৷ নহলে নিজেই চিকাৰ কৰাত মনোনিবেশ কৰে৷ খাদ্য স্বৰূপে মাছ, বেং, সৰীসৃপ, অন্য অমেৰুদণ্ডী পানীত থকা প্ৰাণী বিচাৰি লয় চিকাৰ কৰে৷ ইহঁতেও নিৰ্জনতা পছন্দ কৰে৷ প্ৰজননৰ সময়ত লগ খায় আৰু একোটা দলত ছটাৰ পৰা বিশটা লৈকে গোট খায়৷ নহলে অন্য ঋতুত অকলে থাকিয়ে ভাল পায়৷

বৰটোকোলা আৰু হাড়গিলাৰ প্ৰজননৰ সময় অসমত হেমন্ত ঋতুৰ পৰা শীতলৈকে৷ প্ৰজননৰ কাৰণে যোৰ পাতিবলৈ বৰটোকোলা আৰু হাড়গিলাই প্ৰায় একে ব্যৱহাৰ প্ৰদৰ্শন কৰে৷ মাইকীজনীয়ে মূৰটো খোচ মৰাৰ দৰে জোকাৰি ঠোঁটেৰে মতাটোৰ ঠোঁটত ঠোঁট লগাই যোৰ পতাত আগভাগ লয়৷ মতা মাইকী দেখাত এনেয়ে একে৷ প্ৰজননৰ সময়ত দল হৈ লৈ একোটা দলত ৬টাৰ পৰা বিশটা বাহ সজাৰ জোখেৰে শিমলুৰ দৰে ওখ গছ বিচাৰি লয়৷ এনেকুৱা বাহ সজা গছৰ উচ্চতা ৪৬ মিটাৰ পৰ্য্যন্ত দেখা গৈছে৷ গছৰ ওপৰত অইন গছৰ ঠাল-ঠেঙুলি আনি এক মিটাৰ মান আহল-বহল আৰু গভীৰ বাহ সাজে আৰু তাতে ২ পৰা ৪ টা কণী পাৰি ২৮-৩০ দিনলৈ উমনিত বহে৷ কণীৰ ৰং বগা৷ পোৱালি ওলোৱাৰ পৰা আৰু দুমাহ সময় সময় লাগে পোৱালি বোৰ নিজে উৰিব পৰা হোৱালৈকে৷ পোৱালিবোৰ ডাঙৰ হৈ আহোতে খুৱাবৰ বাবে আহাৰ বিচাৰি মাক দেউতাক সাধাৰণতে আধা ঘণ্টাৰ ভিতৰতে ঘূৰি আহে আৰু পোৱালি যিমানেই ডাঙৰ হৈ আহে সিমানেই বাহলৈ ঘূৰি অহা সময় পলম কৰে৷ দুমাহৰ ভিতৰতে পোৱালিবোৰৰ জন্ম পাখি সৰি নতুন পাখি গজে আৰু সোনকালেই উৰিব পৰা হয়৷
অসমৰে আৰণ্যক নামৰ স্বেচ্ছাসেৱী সংগঠন এটিয়ে দীপৰ বিলত চলোৱা প্ৰচেষ্টা দেশৰ শিৰোনাম দখল কৰি আছে৷ দা হিন্দুৱে প্ৰকাশ কৰা ফটো এখন সংলগ্ন কৰি দিছোঁ৷ ই উৎসাহজনক যেনেই লাগে৷ আমাৰ কৰণীয় আৰু আছে৷ শিমলু গছৰ দৰে এজোপা বছৰটোতে গজি ওখ হব নোৱাৰে৷ তাকো লোকালয়ৰ পৰা আঁতৰত৷ সেয়ে পথাৰত থকা তেনেকুৱা ওখ গছবোৰ ৰোৱাৰ কথা ভাবিবলৈ আমাৰ মানুহৰ আহৰি হবনে, নে চহৰীকৰণৰ বহুমহলীয়া অট্টালিকাৰ প্ৰতিযোগিতাত নামি এফালৰ পৰা গছ কটা, ঠাই মোকলোৱা কামত সঁহাৰি জনাম? দীপৰ বিলৰ দখলী প্ৰতিযোগিতাৰ বিষয়ে নতুনকৈ কবলৈ একো নাই৷ মানুহ এতিয়া স্বাৰ্থপৰ এক জীবৰ নাম৷ সকলো মানুহ অৱশ্যে নহয়৷
সৰু হৈ আছিলোঁ, একোকে নুবুজোঁ, ——————-৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.