ভাল মানুহৰ হাঁহিবোৰ- অভিজিত মেধি

ভাল মানুহৰ হাঁহিবোৰ- অভিজিত মেধি

ভাল মানুহৰ হাঁহিবোৰ- অভিজিত মেধি

by April 14, 2017 0 comments

(১) বিশ টকীয়া নোট
————————-
এসপ্তাহৰ ছুটি লৈ তামিলনাডুৰ পৰা অসমলৈ আহিছিলো৷ ২০০৯ চন আছিল কিজানি৷ সেইদিনা দিনটো গুৱাহাটীত ঘূৰি-পকি ৰাতি ন মান বজাত গড়চুক পালো৷ বাইদেউৰ ঘৰত ৰাতিটো কটোৱাৰ উদ্দেশ্যে গড়চুকৰ পৰা টেম্পো ধৰি গণেশপাৰালৈ যোৱাৰ কথা৷ দুৰ্ভাগ্যক্ৰমে সিদিনা কোনোবা বড়ো সংগঠনে বন্ধ দিয়াত গড়চুকত এখনো টেম্পো বা অটো চকুত নপৰিল৷ বিপাঙত পৰি ইফাল-সিফাল কৰি থকাৰ বাদে উপায় নাছিল৷ এনেতে এখন অটো চকুত পৰাত হেৰোৱা কুটুম্বক মতাৰ দৰে হাত বাউল দিলো৷ বাইশ-তেইশ বছৰীয়া যেন লগা চালকজনে গাড়ীখন ৰখাই কলৈ যাম সুধিলে৷

: গনেশপাৰালৈ যাম, পঞ্চাশৰ সলনি সত্তৰ টকা দিম, তাতকৈ কিন্তু এক পইচা বেছি নিদিওঁ৷

চালকে হাঁহি মাৰি যাত্ৰাৰম্ভ কৰিলে৷ বাটত ইটো-সিটো কথা-বতৰা চলিল৷ স্নাতক ডিগ্ৰীধাৰী ল’ৰাজনে তিনি বছৰ ধৰি চাকৰি নাপাই অটো চলাইছে৷

: চেষ্টা কৰি থাকা, তোমাৰ বয়সো কম, কিবা এটা হৈ যাব দিয়া৷

: আমি কলিতা মানুহ দাদা, পঢ়াত চোকা নাছিলো৷ পিছে চাৰ্টিফিকেটখন নথকা চোকাবোৰো দেখোন বহি আছে৷ ভেটি দিবলৈও পইচা নাই, আমাৰ ক’ত কিবা হ’ব৷ পিছে চলিবটো লাগিবই, সেয়ে অটোখন লোনত লৈছো৷

চাৰ্টিফিকেটখন মোৰো নাই৷ সৌভাগ্যবশতঃ আজিলৈ সেইটো কাৰণত ভুগিবলগীয়া হোৱা নাই, পিছে লৰাজনৰ মনৰ চেপা ক্ষোভটোৰ বিষয়ে অনুমান কৰিব পৰিছিলো৷ ভাল লাগিল যে অইন দহজন ডেকাৰ দৰে ঘোঁৰাৰ ঘাঁহ কটাতকৈ নাইবা বিহুৰ চান্দা বিচৰাতকৈ কষ্টৰে পইচা দুটামান উপাৰ্জন কৰাৰ কথা ভাবিছে৷ এনেকুৱা অসমীয়া ল’ৰা খুব কমেই দেখা যায় কিজানি৷ বাইদেউৰ ঘৰ পোৱাৰ পাছত ল’ৰাজনে গেটৰ সমুখত অটোখন ৰখালে৷ ময়ো বন্দবস্ত মতে পঞ্চাশ টকীয়া এখন আৰু বিশ টকীয়া এখন আগবঢ়ালো৷ ল’ৰাজনে হাঁহি মাৰি পঞ্চাশ টকীয়া নোটখন জেপত ভৰালে৷

: পঞ্চাশ টকা দিলেই হ’ব দিয়ক, আচল ভাড়া পঞ্চাশ টকাহে৷

ঘূৰাই দিয়া বিশ টকীয়া নোটখন ল’বলৈ ল’ৰাজনক জোৰ কৰিম বুলিও নোৱাৰিলো৷ নিজকে লাজ দিয়া যেনহে হ’ব৷

: আহো দিয়ক দাদা, গুডনাইট৷

হাঁহি এটা মাৰি সি বিদায় ল’লে, ল’ৰাজনৰ নিষ্ঠাই ভেঙুচালি কৰা বিশ টকীয়া নোটখন মানিবেগত সামৰি থ’লো৷

(২) কমিছন
——————-
২০১০ চনৰ কথা, সেই সময়ত মই চাকৰি সূত্ৰে চেন্নাই চহৰত ভৰি দিছিলো৷ চেন্নাইত ভাড়াঘৰ বিচৰাটো বৰ টান কাম৷ তথাপিও দালালৰ চক্কৰত পৰাতকৈ নিজেই ঘৰ এটা বিচাৰি ল’ম বুলি সেইদিনা চেন্নাইৰ কপটীয়া গৰমকো আওকাণ কৰি ওলাই আহিছিলো৷ পিছে দুঘণ্টাৰ ভিতৰতে মোৰ উৎসাহ ঘাম হৈ ‘টাটা, বাই-বাই’ দি কপালৰ পৰা মাটিলৈ সৰিব ধৰিলে৷ অলপ জিৰাও বুলি পাণ দোকান এখনৰ বেঞ্চত বহি ক’ল্ড-ড্ৰিংকছ এটা লৈ একেবাৰে বকাসুৰ মূৰ্তি ধাৰণ কৰি ডিঙিত ঢালিলো৷ দোকানখনতে আৰু কিছু দেৰি জিৰোৱাৰ কথা ভাবি বৃদ্ধ দোকানীজনকে দুই-এটা কথা সোধাৰ চেলু উলিয়ালো৷

এনেও পাণ দোকানীয়ে ইংৰাজী জনাৰ কথাই নাহে, তাতে তামিল বৃদ্ধ, হিন্দীৰটো প্ৰশ্নই নুঠে৷ ইংৰাজীতে সুধিলো ওচৰে-পাজৰে ভাড়াঘৰ পোৱা যাব নেকি? উত্তৰত আওপুৰণি চোলা-পেণ্ট পৰিহিত অষ্টম দশকত ভৰি দিয়া যেন লগা মানুহজনে সলসলীয়া ইংৰাজীত কেনেকুৱা ঘৰ লাগে, কিমানৰ ভিতৰত লাগে, অকলে থাকিম নেকি ইত্যাদি সুধিলে৷ মোৰ চকু কপালত উঠিল৷ এই বুঢ়াজন পাক্কা দালাল হ’ব৷ চেন্নাইৰ দালালবোৰে সাধাৰণতে অপৰিপাটি পোছাক পিন্ধিলেও ভাল হিন্দী বা ইংৰাজী কয়৷ কিছু দেৰি ক’ত ঘৰ, কি কৰো, দেউতাই কি কৰে, এনে ধৰণৰ প্ৰশ্ন সুধি উঠি বুঢ়াজনে নিজে মোক ঘৰ দেখাবলৈ নিম বুলি ক’লে৷

ঘৈণীয়েকক দোকানত বহুৱাই পিছফালৰ ঘৰটোৰ পৰা এখন পুৰণি চাইকেল উলিয়াই তেওঁ সাজু হ’লেই৷ পেটে পেটে ভাবিলো এই দালাল বুঢ়াক মোটা কমিছন লাগে কিজানি, তথাপিও কি ঘৰ দেখুৱাই সেয়াই চোৱা যাওক বুলি ময়ো বহাৰ পৰা উঠিলো৷ চেন্নাই চহৰৰ ভিৰৰ মাজত এগৰাকী বৃদ্ধৰ চাইকেল চলোৱাৰ মৰসাহটো দেখি হাঁহিও উঠিল৷ ক’লো চাইকেল নালাগে, অটো ভাড়া মই দিম৷

: ঘৰকেইটা ওচৰতে, এক-ডেৰ কিলোমিটাৰহে হ’ব৷ এতিয়া খোজকাঢ়ি যাওঁ, আহোতে মই চাইকেলেৰে আহিম৷

এই গেলা গৰমডালত বুঢ়াজনে মোক আকৌ এক কিলোমিটাৰ মাইলেজ দিব কৈছে, খঙত চাইকেলৰ পাম্প এৰি দিম যেন এটা উদণ্ড ভাব আহিছিল, পিছে একো নকৈ মনে মনে আগবাঢ়িলো৷ বাটত চাইকেল ঠেলি যোৱা বুঢ়াজনে গাড়ী বনোৱা কোম্পেনীত মই কি কাম কৰো সুধি গ’ল৷ যিমান পাৰি চমু উত্তৰ দিলো, বেছি কথা পাতি আপোন দেখাই পিছত আকৌ বেছি কমিছন খুজিব পাৰে বুলি৷ কিবাকিবি গাড়ীৰ ইঞ্জিনৰ কাৰিকৰী দিশৰ কথাও বকি আছিল, মোৰ কাণত নোসোমাল৷

অলপ পৰ পাছত তেখেতে এঘৰৰ দুৱাৰত টোকৰ মাৰিলে৷ দুৱাৰ খুলি এজন মধ্য বয়স্ক তামিল ভদ্ৰলোক ওলাই আহিল৷ ভদ্ৰলোকে ‘ৱান্নাকম, ৱান্নাকম ছাৰ’ বুলি বুঢ়াজনক একেবাৰে নি ড্ৰয়িং ৰুমত বহুৱালে, লগতে মোকো৷ ভাবিলো বৃদ্ধ দালালে ভাল নেটৱৰ্ক বনাই থৈছে৷ তামিলত কথা-বতৰা চলিল, মই ফেঁচাটোৰ দৰে বহি আছো৷ মোৰ কথাকেই চলি থকা বুলি অনুমান কৰি ল’লো৷ ভদ্ৰলোকজনে তেওঁৰ ঘৰটো ইতিমধ্যে বেলেগক ভাড়া দিয়া বুলি কোৱাত মই বিদায় ল’বলৈ থিয় দিলো৷ বুঢ়াজনে কফি খাই যাবলৈ হাতেৰে ইংগিত দিলে৷ সময় নষ্ট কৰা কাৰণে খং উঠিল যদিও মনে মনে বহি থাকিলো৷ কথা-বতৰা এইবাৰ ইংৰাজীত চলিল, যাতে ময়ো ভাগ ল’ব পাৰো৷ মধ্য বয়স্ক ভদ্ৰলোকজনে কথা-বতৰাৰ মাজতে ক’লে যে এই বুঢ়াজন এসময়ত তেখেতৰ শিক্ষক আছিল৷ মই সুধিলো স্কুলত নেকি বুলি৷

: নহয়, ছাৰে আমাক ফিজিক্স পঢ়াইছিল, আই আই টি মাদ্ৰাজত!

মুৰটো ঘূৰোৱা যেন লাগিল৷ কি? এই পুৰণি পোছাক পিন্ধা পাণ দোকানীজন আই আই টিৰ শিক্ষক?

হে হৰি! আৰু মই কি কি যে ভাবি আছিলো! সেই সময়ত লাজতে ৰঙা, ক’লা নে নীলা পৰিছিলো এতিয়া মনত নাই৷ কফি পৰ্ব সমাপ্ত কৰি চাইকেল ঠেলি যোৱা বৃদ্ধজনৰ পিছে পিছে ময়ো লজ্জিতভাৱে খোজ ললো, দ্বিতীয়টো ঘৰলৈ৷ মাজতে এবাৰ চেগ বুজি তেখেতক পাণ দোকান কিয় দিছে বুলি সুধিলো৷

: চাকৰিৰ পৰা অৱসৰ পোৱা দিন হ’ল, লৰা-ছোৱালীয়ে নিজকে চম্ভালি লৈছে৷ মই দিনটো দোকানত বহি কিতাপহে পঢ়ি থাকো, দুটামান পইচাও আহে, তোমাৰ নিচিনা নতুন নতুন মানুহো লগ পাওঁ, আৰু কি লাগে….হে হে হে..!

কি সুন্দৰ সেই হাঁহি! আব্দুল কালাম ছাৰৰ সাধাৰণ জীৱন-যাপনৰ কথা পঢ়িছিলো৷ পিছে তেনে এক হুবহু উদাহৰণ নিজে দেখা পাম বুলি কেতিয়াও ভবা নাছিলো৷ তেওঁ কমিছনৰ আশাত মোক ঘৰ বিচাৰি দিব খোজা নাছিল, এজন অনা-তামিল ডেকাৰ ভাষাটোৰ বাবে অচিনাকি চহৰত অসুবিধা নহওক বুলিহে ওলাই আহিছিল৷

সিদিনা ভাড়াঘৰ নাপালো, কিন্তু তেওঁৰ আপুৰুগীয়া সান্নিধ্যই মনটো জীপাল কৰি তুলিলে৷ পিছলৈ তেওঁৰ দোকানৰ আগেৰে পাৰ হ’লেই ‘ৱান্নাকম ছাৰ’ বুলি মাত লগাই যোৱা কৰিলো, তেওঁ হাঁহি মাৰি ‘নাল্লা ইৰকা? ’ বুলি ভালে আছোনে সোধে৷

চেন্নাইৰ দক্ষিণ তাম্বৰমত, আঞ্জাপ্পৰ হোটেলৰ কাষত বৃদ্ধ পাণ দোকানীজনক দেখিলে ভাড়াঘৰৰ দালাল বা কেৱল এজন বয়স্ক পাণদোকানী বুলি ভুল কৰি মোৰ দৰে লজ্জিত নহ’ব৷ তেখেতৰ নামৰ আগত ডক্টৰেট আছে, ডক্টৰ মুৰালী এন৷ ‘ছাৰ’ সম্বোধনটো এওঁলোকৰ নিচিনা মানুহেই গৰিমাময়ী কৰি ৰাখিছে৷

সেই গড়চুকৰ অসমীয়া তৰুণজনৰ সৈতে তেখেতৰ হাঁহিটোৰো এক অদ্ভুত মিল বিচাৰি পাওঁ৷ কামৰ সৰু-বৰ নেদেখা এই ভাল মানুহবোৰৰ হাঁহিবোৰ একেই নেকি বাৰু? হয় বুলি ভাবি ভাল লাগে৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.