ৰাম সেতুৰ তীৰ্থ ভূমিত- পৰী শ‍্যামলী ভূঞা

ৰাম সেতুৰ তীৰ্থ ভূমিত- পৰী শ‍্যামলী ভূঞা

ৰাম সেতুৰ তীৰ্থ ভূমিত- পৰী শ‍্যামলী ভূঞা

by April 14, 2017 0 comments

ৰাম সেতু দেখিলোঁ৷ সাগৰ পৃষ্ঠলৈ বাঢ়ি যোৱা এখন যেন দীঘলীয়া বালিৰ দলিচা৷ সেয়াই ৰাম সেতুৰ আৰম্ভণি৷ কালৰ গতিত সাগৰ মধ্যত হেৰাই যোৱা ৰাম সেতুৰ কোনো চিহ্নও দূৰ দূৰলৈ দৃষ্টিত পৰাৰ সম্ভব নহয় যদিও এই ঠাইতে ভৰি দি ক্ষণটোতে কিবা অপাৰ বিজয়ৰ আনন্দ এটাত ৰোমাঞ্চিত হৈ উঠিলোঁ৷ বাঢ়ি অহা জলাশয়ৰ কবলত জাহ যোৱা ৰাম সেতুৰ আশে পাশে দীঘলীয়া বালিময় বিচখনত আজি মই সন্তৰ্পে থিয় দিলোঁহি৷ পুৰণি আখ্যানৰ এটা এটা দৃশ্য মানস পটত ভাঁহি উঠিব ধৰিলে৷ অসীমলৈ বিয়পি পৰা পানীখিনি চাই চাই অতীজ ৰোমন্থনত মনটো হেৰাই যাব ধৰিলে৷ ৰাম, লক্ষ্মণ, হনুমান তিনিওজনৰ পদধূলিতে যেন মই আজি থিয় দি ৰৈছোঁহি৷ তেওঁলোকৰ দিব্যৰূপৰ কল্পনা কৰি সাক্ষাত যেন দেখা পাইছোঁহি৷

দেখিম নে নেদেখিম, কিংবদন্তীৰ সেই সেতুখনৰ বহুতো প্ৰশ্ন মনত লৈ উপস্থিত হৈছিলোঁগৈ ৰামেশ্বৰম৷ ৰামেশ্বৰম আইলেন্দক দেশৰ মাটিৰ লগত সংযোগ কৰি ৰখা যোগাযোগৰ একমাত্ৰ মাধ্যম হল বংগোপ সাগৰৰ পাম্বান ব্ৰীজখন৷ সেই ব্ৰীজেৰেই পাৰ হৈ আমি ৰামেশ্বৰমত উপস্থিত হলোঁগৈ৷ পাম্বান ব্ৰীজৰ সমান্তৰালভাবেই এখন ৰেলৰো দলং৷ সাগৰৰ ওপৰে ঠেক দলঙখনেদি পাৰ হৈ যোৱা ট্ৰেইনখন চাই ভীষণকৈ হিয়ৰি উঠিছিলোঁ৷ দূৰু দূৰুকৈ কঁপি উঠা ভাব এটা মনৰ কোনোবা এটা কোণত লৈ পাৰ হৈ আহিছিলোঁ পাম্বান ব্ৰীজখন৷

পাম্বান ব্ৰীজখন পাৰ হৈ আমি হোটেল অভিমুখে আগবাঢ়িব ধৰিলোঁ৷ হোটেলত ৰাতিটো ভাগৰ মাৰি
পিছদিনা আগবেলাৰ ভাগতে আমি সেতুলৈ বুলি সাজু হৈ উঠিলোঁ৷ হোটেলৰ পৰা গাড়ী লাহে লাহে সেতুৰ ফালে আগুৱাই যাব ধৰিলে৷ যিমানে আমি আগুৱাব ধৰিলোঁ সিমানে যেন দুয়ো ফালৰ পৰা সাগৰে বাটটো চেপি যাবলৈ ধৰিলে৷ চকুৰ পচাৰতে লাহে লাহে মাটি কমি আহিল৷ বাঢ়ি আহিল বাটৰ দূয়োকাশ আবৰা পানীৰ প্ৰচণ্ড প্ৰচণ্ড নীলা৷ অলপ দূৰ গৈয়ে অৱশেষত ৰামেশ্বৰম আইলেণ্ডটোৰ সমাপ্তি ঘটিল৷ বংগোপ সাগৰৰ কাষৰ একেবাৰে শেষ মাটিডৰাত আমি উপস্থিত হলোঁগৈ৷ চাৰিওফালে মাথো সাগৰ আৰু বহলি থকা বিশাল বালি৷ এই বিশাল বালিৰ মাজেদিয়ে আমি অহা বাটটো লুঙলুঙীয়াকৈ সেতু পইণ্টৰ আশে পাশে ধনুষকৰী নামৰ বিচ্চ খনলৈকে আগুৱাই গৈ শেষ হৈছেগৈ৷ এই পথটোৱেই ৰামেশ্বৰম আৰু সেতুৰ যোগাযোগৰ মূল পথ ৷ বালি আৰু সাগৰৰ মাজে মাজে আগবাঢ়িযোৱা লুঙলুঙীয়া দীঘল বাট৷ কিবা চাই থাকিলে চায়ে থাকিবপৰা মন নভৰা বাট৷ ৰাষ্টাটোৰ দুয়োকাষে ডাঙৰ ডাঙৰ পাথৰৰ দীঘলীয়া বেৰ৷ সাগৰত উঠা জোৱাৰ ভাটাক বাধা দিয়াত সহায়ক হব পৰাকৈ সুন্দৰকৈ সেই ব্যৱস্থা কাৰ্য্যকৰি কৰি তোলা হৈছিল৷ পবিত্ৰ তীৰ্থভূমিখনত এবাৰ দৰ্শন দিবলৈ পৰ্য্যটকৰ সোঁত লাহে লাহে ৰাষ্টাৰ চাৰিওফাল বহলি পৰিছিল৷

ইয়াৰ পৰা ৫ কি: মি: আগলৈ গলে ধনুষকৰী বিচ্চ৷ সেই ধনুষকৰী বিচ্চ শেষ হোৱা ঠিক শেষৰ ঠাইৰপৰাই ৰাম সেতুৰ আৰম্ভণি৷ সেই সময়ত বাটটোৰ মেৰামতিৰ কাম পূৰ্ণ গতিত আগবাঢ়ি থকাৰ হেতুকে আগলৈ প্ৰাইভেট গাড়ীৰ প্ৰবেশ নিষিদ্ধ আছিল৷ তাৰ ঠাইত বালিময় বিচৰ ওপৰেদি পৰ্য্যটকক ধনুষকৰী বিচ্চলৈ নিয়াৰ অন‍্য পদক্ষেপ কাৰ্য্যকৰী কৰি তুলা হৈছিল৷ আগচোৱা বাটৰ বাবে ভালেসংখ্যক ভান আৰু জিপ ভাড়ালৈ পোৱাৰ সুবিধা আছিল৷
ধনুষকৰি বিচ্চলৈ বুলি এখন ভানত আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ৷ ভানখনে আমাক আশ্বৰ্য্য কৰি আগুৱাই যাবলৈ আৰম্ভ কৰিলে বিশাল বালিৰ ওপৰে ওপৰে৷ চাৰিওফাল বালি আৰু বালি৷ বালিৰ ওপৰে ওপৰে ঠায়ে ঠায়ে নামমাত্ৰ পানী৷ দূৰে দূৰে সাগৰৰ ডাঠ নীলাৰ চামনি৷ বালিময় পানীৰ ওপৰে ওপৰে গাড়ীবোৰৰ নাচোনভৰা স্পিড৷ এক সুকীয়া আমোদভৰা যাত্ৰা এটাহে যেন আৰম্ভ হ’ব ধৰিলে৷ লাহে লাহে বালিৰ বিশালতাও বহলি আহিল৷ বালিৰ বিশালতাৰ লগে লগেই বালিৰ জোপোহা জোপোহা গছবোৰৰ সংখ্যাও ক্ৰমান্বয়ে বাঢ়ি আহিল৷ চালকজনে যিমান পাৰে পানীৰ কাষে কাষে গাড়ী আগুৱাই নিলে৷ আমাৰ যাত্ৰাটো ৰোমাঞ্চকৰ কৰি তোলাটোত তেওঁ পিচে কম উঠি পৰি লগা নাছিল! ! পানী ছিটিকি ছিটিকি আমাৰ গাড়ী আগবাঢ়িব ধৰিলে৷ পানীৰ চিকমিকনিৰ লগতে সকলোৰে হাতৰ মোবাইলবোৰো জিলিকি জিলিকি উঠিল, যুগমীয়া একোটা স্মৃতিৰ আশাত৷ গাড়ীৰ গতিৰ লগে লগে ভিন্ন আকৃতিৰ বালিৰ চাপৰিবোৰ এটা এটাকৈ পিছলৈ গৈছিল৷ দীঘলীয়া দীঘলীয়া ৰেখা সদৃশ বালিৰ অবয়ববোৰ পানীৰ মাজত জিলিকি জিলিকি যেনিয়ে তেনিয়ে ভাঁহি উঠিছিল৷ ক্ৰমান্বয়ে পানী বালি পানী বালিৰ এক সানমিহলি ৰূপত আমি সোমাই গলোঁ৷ প্ৰতিটো ক্ষণতে বেলেগ বেলেগ দৃশ্য একোটাৰ আমেজেৰে ভৰি পৰিলহি যাত্ৰাটো৷ ঠায়ে ঠায়ে গাড়ীৰ চকাৰ আধা অংশই বালিৰ তললৈ সোমাই গৈছিল৷ জাক জাক পৰ্য্যটকে ভৰা আৰু বহুতো ভান, জিপৰো আমাৰ লগতে সেই পথেৰে অহৰহ অহা যোৱা চলিছিল৷ চাৰিওফালটো গাড়ীৰ চকাই বালিত সাঁচ পেলাই যোৱা দ দ গাঁতৰ চিহ্ন৷ সৰু ল’ৰা এজাকে তাতে জালেৰে মাছ ধৰি ফুৰ্তি কৰা দেখি মোৰো মনতো কিবা চটফটাই উঠিছিল৷ এইহেন বাম পানীত মাছবোৰ ভাঁহি ফুৰা দেখি কম ভাল লাগিছেনে সিহঁতবোৰৰ৷ ৷ জীৱনত প্ৰথমবাৰ এনে বাম সাগৰ দেখা পাই বাৰে বাৰে মুখৰ পৰা সেই একেটা শব্দই ওলাব ধৰিছিল৷ ইমান বাম….! ! অলপ দূৰ গৈ এবাৰত মই অলপ বেছিকৈয়ে আচৰিত হৈছিলোঁ, মানুহো থাকিব পৰাকৈ এঠাইত দুঠাইত জুপুৰি ঘৰবোৰেও দেখা দিব ধৰিলে৷ মানুহো ইয়াত থাকিব পাৰেনে, বালিৰ মাজতো কিবা জীৱন আছেনে, মনৰ ভিতৰতে চিঞৰি উঠিছিলো! তথাপিও কিন্তু ঘৰবোৰ দেখি কিবা এটা ভাল লাগি গৈছিল৷ অলপ দূৰ গৈয়ে উৱলি যোৱা পুৰণি ৰেল ষ্টেচনৰ ভগ্নাৱশেষ দেখা পালোঁহি৷ এটা সময়ত কাৰ্য্যৰত ৰেলৰ পথটো বালিৰ মাজে মাজে অলপকৈ জিলিকি আছিল৷ বালিৰ মধ্যতে সৰুকৈ এটা মন্দিৰ, এটা গীৰ্জাৰ অৱশেষ৷ জানিব পোৱা মতে এটা সময়ৰ বানপানীত কবলত এই ষ্টেচনটোৰ ধ্বংৱাবশেষহে বাকী ৰৈ যায়৷ এই ঠাইতে মন হৰি নিয়াকৈ দীঘল দীঘল পাখি মেলি ঘূৰি ফুৰা চাৰিটামানকৈ ম’ৰা চৰায়ে আৰু ৰং ঢালি দিছিল যাত্ৰাটোত৷ এনে ঠাইত ম’ৰা চৰাই দেখা কল্পনাতীত দৃশ্যটোৱে সকলোকে ভীষণ সন্তুষ্টি দিলে৷ এটা এটা আশ্চৰ্য্যই যেন আমালৈ বাট চাই আছিল সেই যাত্ৰাটোত৷ জোকাৰণিৰে ভৰা বাট বাই বাই শেষত আমি উপস্থিত হলোঁগৈ ধনুষকৰী৷ ওচৰে পাজৰে সৰু সুৰাকৈ কেইবাখনো দোকান৷ টুৰিষ্টসকলক লৈয়ে তেওঁলোক ইয়াত গঢ় লৈ এই বালিৰে স্থায়ী বাসিন্দা হৈ পৰিছেগৈ, যাৰ ফলস্বৰূপেই চাগে সেই জুপুৰি ঘৰবোৰ গঢ় লৈ উঠিছে৷

গাড়ী ৰখাই দি চালকজনে আমাক ২০/৩০মিনিট সময়ৰ পাছত লগ হম বুলি কৈয়ে আঁতৰি গ’ল৷ চকুৰ আগত ভাঁহি আহিল চাৰিওফালৰ বিশাল আকাশ আৰু সাগৰৰ নীলাৰ সংমিশ্ৰণ ৰূপ৷ নিজ চকুৰে নেদেখা এজনেও চাগে এই ৰূপৰ কল্পনাত ডুব যাব পাৰিব৷ এই ঠাইৰ কিছুদূৰৰ পৰাই সাগৰ পৃষ্ঠত জাহ যোৱা সেতুৰ আৰম্ভণি৷ ইয়াৰ পৰা ৩০/৩৫ কি মি দূৰত্বতে শ্ৰীলংকা৷ জানিব পৰা মতে এই সেতুখনৰ অৱশিষ্টখিনি এতিয়া কেইবাটাও আইলেণ্ডত পৰিণত৷ পানীত জাহ যোৱা সেতুৰ অৱশিষ্ট এতিয়া ভাৰত লংকাৰ সাগৰীয় বাটত পোৱা দ্বীপ সমূহৰ সমষ্টি৷ এই সেতুখনকে নেটত আদাম ব্ৰীজ বুলি পোৱা যায়৷ দূৰ দূৰণিলৈ ককাল ডুব যোৱা সাগৰ৷ সেই পানীতে স্থানীয়লোকসকল বিভিন্ন কামত চলাফুৰা কৰি ফুৰিছিল৷ বিশেষকৈ নাওবোৰক লৈয়ে বিভিন্ন কামত ব্যস্ত তেওঁলোক৷ আশ্চৰ্য্য হৈ পৰিছিলোঁ প্ৰকৃতিৰ এই অদ্ভূত সৃষ্টিত৷ আকৌ মুখৰ পৰা একেটাই শব্দ ওলাই পৰিছিল, ইমান বাম সাগৰ..! ! ঢৌৰ কোনো চিন চাবে নোহোৱা৷ পানীৰ তলত জিলিকি জিলিকি উঠা হালধীয়া হালধীয়া মাটি৷ এনে সৌন্দৰ্য্যৰ পৰা নিজকে বিৰত ৰাখিব পৰাটোৱেই যেন অন‍্য এটা আশ্চৰ্য্য ৷ পানীৰ তলত জিলিকি জিলিকি উঠা মাটিৰে মই আগুৱাই যাব ধৰিলোঁ, আগলৈও মাটি দেখি থকা পানী৷ জুম পাতি থকা সৰু সৰু মাছবোৰ ছেদেলী ভেদেলী হব ধৰিল মোৰ খোজৰ গতিত৷ কেতিয়াও নেদেখা জেলী ফিচ এটা সাক্ষাত দৃষ্টিগোচৰ হোৱাত মোৰ আনন্দৰ সীমা য়ে নোহোৱা হ’ল৷ এনে লাগিল যেন আৰু আগুৱাই গৈ থাকিম৷ পিছে চাৰিওফালৰ পানীৰ মাজত নিজকে থিতপি দি ৰখা দেখাৰ দৰে সহজ নহয়৷ মই আৰু ৰৈ থাকিব পৰা নাছিলোঁ৷ চাৰিওফালৰ পানীত মোৰ মূৰটো আচন্দ্ৰাই কৰা যেন লাগিল৷ খৰখেদাকৈ উভতি আহিলোঁ৷
পাম্বান ব্ৰীজ পাৰ হোৱাৰ পৰা সেতুত আহি উপস্থিত হোৱালৈকে প্ৰতিটো ক্ষণতে ন ন অভিজ্ঞতাৰে ভৰা যাত্ৰাটোত আৰু এটা আশ্চৰ্য্যই আমালৈ বাট চাই আছিল৷ পানীত উপঙা পাথৰ৷ দোকানীজনে আমাক চিঞৰি চিঞৰি মাতি কোৱা কথাটোত আমি গুৰুত্ব দিয়া নাছিলোঁ৷ লাহে লাহে বাঢ়ি অহা জুমটো দেখি আমাৰ অনুসন্ধিৎসু মনটোও লাহে লাহে আগুৱাই গ’ল৷ সকলো আচৰিত হৈ চাই ৰৈছিল পানীত উপঙি ৰোৱা পাথৰএটুকুৰা৷ সাগৰতো উপঙাই দেখুউৱা সেই পাথৰ তেওঁলোকে আমাক ৰাম সেতুৰ পাথৰ বুলি জানিব দিলে৷ হয় নহয় দুমোজাৰ মাজতে কিন্তু সৰু ল’ৰা ছোৱালীবোৰে খুউব আনন্দ পোৱা দেখিলোঁ৷

সময় হৈ আহিল, ঘূৰি যাবৰ বাবে চালকজনে আমাক ইংগিত দিবলে ধৰিলে৷ মনত খুদুৱনি লগাই থকা সপোন এটা পূৰ হল৷ মনত এটা সন্তুষ্টিৰ অনূভূতি৷ সাফল‍্য হৈ যেন উভতিম এতিয়া৷ জোকাৰণিৰে ভৰা বাট বাই বাই ভানখনে শেষত আমাক ঘূৰাই আনি আগৰ ঠাইত উপস্থিত কৰালেহি৷ সেইদিনা ৰাতিটো হোটেলতে কটাই পিছদিনালৈ ৰাম সেতুৰ তীৰ্থ ভূমিক বিদায় জনাই পাম্বান ব্ৰীজ অভিমূখে ঘৰলৈ বুলি ৰাওণা হ’ব ধৰিলোঁ৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.