অশোক বন (গীতাঞ্জলি গোস্বামী, কলম্বো, শ্ৰীলংকা)

অশোক বন (গীতাঞ্জলি গোস্বামী, কলম্বো, শ্ৰীলংকা)

অশোক বন (গীতাঞ্জলি গোস্বামী, কলম্বো, শ্ৰীলংকা)

by May 15, 2017 0 comments

ৰামায়ণৰ খণ্ডবোৰ বিচাৰি আমাৰ যাত্ৰা অব্যাহত আছে৷ ইয়াৰ মাজতে আমি এদিন অশোক বনত উপস্থিত হ’লোগৈ৷ অশোক গছ (Saraca asoca) ৰে ভৰি থকাৰ বাবেই ইয়াৰ নাম অশোক বন হৈছিল৷ চাকৰি সূত্ৰে শ্ৰীলংকাত আমাৰ এয়া দ্বিতীয়টো বছৰ৷ বিভিন্ন ৰামায়ণৰ কাহিনী বিচাৰি ফুৰোতে এইবাৰ কলম্বোৰ পৰা অকোৱা পকোৱা সুন্দৰ বাটেৰে আমি আহি পালোহি সীতা এলিয়া (Sita Eliya) আৰু ইয়াত থকা সুন্দৰ অশোক বননিৰ কলম্বোৰ পৰা দূৰত্ব ২৫০ কিঃমিঃ৷ এই অশোক বনৰ কথা আমি বিষ্ণুপূৰাণ, বাল্মিকীৰ ৰামায়ণ আৰু তুলসী দাসৰ ৰামচৰিত মানস আদিত পঢ়িবলৈ পাইছিলো৷ এই গ্ৰন্থসমূহত এইটোও উল্লেখ আছিল যে অশোক বনখন বিশ্বকৰ্মাই নিজ হাতেৰে গঢ়ি তুলিছিল৷

মহাকাব্যসমূহৰ মতে এই বনতেই লঙ্কাধিপতি ৰাৱণে সীতাক হৰণ কৰি আনি ৰাখিছিল৷ মহাকাব্যত এইটোও উল্লেখ যে সীতাই ৰাৱণৰ ৰাজপ্ৰসাদত থাকিবলৈ অমান্তি হৈছিল৷ সীতাৰ ইচ্ছা অনুসৰি তেখেতক অশোক গছৰ তলত ৰখা হৈছিল আৰু সীতাক এই অশোক বনখন উপহাৰ হিচাপে দিছিল৷ ৰাৱণৰ সহধৰ্মিনী মন্দোদৰীয়ে হেনো ইয়াত সীতাক লগ কৰিবলৈ আহিছিল৷ হনুমানেও হেনো ইয়াতেই সীতাক বিচাৰি আহিছিল৷ হনুমানে হেনো সীতাক অশোক বনৰ মাজত বিচাৰি ফুৰি নাপাই এই বনৰ বহুত গছ-গছনি নষ্টও কৰিছিল৷ ৰাম-ৰাৱণৰ যুদ্ধৰ শেষলৈকে সীতা মাতাক ইয়াতেই ৰখা হৈছিল বুলি জানিব পৰা যায়৷ আমাৰ এই ৰামায়ণৰ বননি খনেই কালক্ৰমত Hakgala উদ্ভিদ উদ্যান হ’লহি বুলি লোককথা আৰু স্থানীয় লোকসকলৰ পৰা জানিব পাৰিলো৷ মনটো আনন্দত ভৰি পৰিল৷ ১৮৬১ চনৰ কোনোবা এটা দিনত শ্ৰীলংকাৰ কৃষি বিভাগে এই সুন্দৰ বননিখন সংৰক্ষণ কৰি Hakgala উদ্ভিদ উদ্যানৰ নাম দিলে৷ শ্ৰীলংকাত পাঁচখন সুন্দৰ উদ্ভিদ উদ্যান আছে আৰু তাৰ ভিতৰত Hakgala অন্যতম৷

এই উদ্যানখন Nuwara Eliya ৰ পৰা ১৬ কিঃমিঃ নিলগত অৱস্থিত৷ আমি সেই স্থান পোৱাৰ সময়ত তাত খুউব ঠাণ্ডা (ঠেটুয়ৈ কঁপোৱা জাৰ) ১০°৷ সাগৰ পৃষ্ঠৰ পৰা ৫৪০০ ফুট উচ্চতাত অৱস্থিত মনোৰম উদ্যানখন নেদেখিলে কল্পনাই কৰা টান৷ প্ৰতিবছৰে পাঁচ লাখতকৈও অধিক লোক এই সুন্দৰ উদ্যানখন দৰ্শন কৰিবলৈ আহে, নাহিবই বা কিয়, জীৱন্ত ৰূপত দেখা পোৱা স্বৰ্গপুৰী বুলি ক’লেও ভুল কোৱা নহ’ব৷

আগতে উল্লেখ কৰি অহা হৈছে এই Hakgal উদ্ভিদ উদ্যানখন ১৮৬১ চনত স্থাপিত হৈছিল, ইয়াৰো এক বিশেষ কাৰণ আছিল৷ George Henry Kendrick Thwaites নামৰ এজন লোকে বিশেষ গৱেণামূলক কামৰ বাবে এই বননিখন ব্যৱহাৰ কৰিছিল৷ ইয়াত Cinchona বুলি ব্যৱসায়িক দিশৰ পৰা গুৰুত্বপূৰ্ণ এবিধ ঔষধি গছ ৰোপণ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত তাতেই চাহ খেতি কৰা হ’ল৷ শেষত ১৮৬১ চনত এই বননি সম্পদৰূপে উদ্ভিদৰূপে উদ্যানলৈ ৰূপান্তৰিত হ’ল৷ এই উদ্যানখনত কৰ্মৰত কিছু বিষয়াৰ পৰা এই কথাখিনি জনাৰ লগতে তেওঁলোকে জনালে যে ইয়াত ১০, ০০০ৰো অধিক প্ৰজাতিৰ মূল্যৱান গছ আছে৷ Hakgala উদ্ভিদ উদ্যানখন Hakgala Strict Nature Reserve ৰ সৈতে সংযোজিত হৈছেগৈ৷

এই সুন্দৰ উদ্যানখনত এবাৰ সোমালে এনে লাগে স্বৰ্গখন যেন ইয়াতেই৷ কি সুন্দৰ দৃশ্য! পাহাৰ এখনত খাজ কাটি যেন বেলেগ বেলেগ ৰঙেৰে সজাই থৈছে৷ ইয়াত যেন একো ৰঙৰেই অভাৱ নাই৷ মোৰ সেই ৰঙবোৰ দেখি শৈশৱৰ এটা খেল আৰু গানলৈ বৰকৈ মনত পৰিল৷ “ৰং ৰং, কি ৰং? ? হালধীয়া, মনতে ভাব হ’ল ইয়াত খেলোব পাৰিলে কেতিয়াও হাৰিবলগীয়া নহ’ল হয়৷ আকৌ মনত বাজি উঠিল শৈশৱত আমি গোৱা এটি সুন্দৰ গীতলৈ, ৰং ৰং নানা ৰং কিনিবলৈ যাওঁ………“৷ সেই পাহাৰৰ টিলাবোৰৰ জকমজাই থকা দৃশ্য চাই গান আদি ভাবি থাকোতেই মোৰ কণমাণিজনীয়ে মাত লগালে, মই যেন সপোনৰ পৰাহে সাৰ পালো, “মা চোৱাচোন, আমাৰ অসমৰ ফুলবোৰ…“৷ কি অসমৰ ফুল বুলি একেকোবেই তাইৰ লগত খোজ মিলালো, এইয়া দেখোন বিভিন্ন ৰঙৰ কপৌফুল৷ যথাসম্ভৱ, আজিৰ পৰা তিনিটা বছৰ আগৰ এটি ব’হাগতেই তাইক ফুলপাহৰ সৈতে চিনাকি কৰাই দি কৈছিলো যে এই ফুলপাহ আমাৰ অসমীয়া মানুহৰ বৰ মৰমৰ; ইয়াৰ লগত অসমীয়া মানুহৰ এক এৰাব নোৱাৰা আপোন সম্পৰ্ক আছে৷ সেয়ে তাই ফুলপাহ দেখিয়েই অসমৰ ফুল বুলি মোক দেখুৱাইছিল৷ বিভিন্ন ৰঙৰ অৰ্কিডেৰে এইয়া যেন এইয়া যেন আন এক সপোনপুৰী৷ উদ্যানখনত পাহাৰৰ যিমানেই ওপৰলৈ উঠিছো সিমানেই ধুনীয়া ধুনীয়া ফুলেৰে বুটা বচা এখন ফুলাম দলিচাই যেন আমাক আদৰি লৈ গৈছে৷ কিছুসময়ৰ বাবে মই যেন হেৰাই গৈছো, প্ৰকৃতিৰ বুকুত বাকৰুদ্ধ হৈ পৰিছো৷ ইয়াত যথেষ্ট পৰিমাণৰ Badulla ( শ্ৰীলংকাত পোৱা আয়ুৰ্বেদিক গুণসম্পন্ন এবিধ গছ ), ইয়াৰ বৈজ্ঞানিক নাম Semecarpus Coriacea৷ প্ৰত্যেকটো স্থানত নতুন নতুন অভিজ্ঞতাৰে আমি বহু দূৰ বাট আগুৱাই গ’লো, কিন্তুু ইয়াৰ যে কোনো শেষ নাই৷ যিমানেই আগুৱাইছো সিমানেই মনৰ আনন্দ দুগুণহে চৰিছে৷ লাহে লাহে বতৰ ডাৱৰীয়া হোৱাত কণমাণিজনীৰ কথা ভাবি আমি তললৈ নামি আহিলো৷ আমি নামি আহি আছো, তেনেতে মোৰ ছয় বছৰীয়া ছোৱালীজনীয়ে ক’লে, “মা, তুমি যে মোক ৰামায়ণৰ সাধু কথাবোৰ কোৱা সেইবোৰ সাধু কথা নহয়, সঁচা জানা! সীতামাতা হয়তো এতিয়াও ইয়াত ক’ৰবাত আছে৷ “ তাইৰ নিষ্পাপ সৰু মনটোৱে হয়তো কথাবোৰ সঁচা বুলি ভাবিছিল৷ ভাবাৰ থল আছিল, ইমান সুন্দৰ ঠাইবোৰ!

এই অশোক বনৰ কিছু দূৰত সীতা মাতা মন্দিৰ অৱস্থিত৷ আমি সীতামাতাৰ মন্দিৰ চোৱাৰ মানসেৰে আগবাঢ়িলো৷ যাত্ৰা পথচোৱা শাৰী শাৰী পাহাৰ আৰু অকোৱা পকোৱা পথেৰে কিছুদূৰ যাত্ৰা কৰিয়েই আমি ডাঙৰ সৰু বিভিন্ন ধৰণৰ বান্দৰ দেখিবলৈ পালোঁ৷ যাত্ৰাপথত অনেক ভাৰতীয় লোক, তেওঁলোকৰ সাজ-সজ্জাই তেওঁলোকৰ লগত আমাৰ পৰিচয় কৰি দিলে৷ সকলোৰে কপালত কমলা ৰঙৰ এটি ফোঁট, জানিবলৈ বাকী নাথাকিল যে আমি মন্দিৰৰ কাষ পাইছোঁহি৷ কিছুদূৰৰ পৰাই নিজৰাৰ পানীৰ কুলু-কুলু শব্দ শুনিবলৈ পালোঁ৷ অলপ পিছতেই গাড়ীখন ৰৈ গ’ল৷ নামি দেখিলো হনুমান জীৰ এটি প্ৰতিমূৰ্ত্তি, আমি তেওঁলৈ সেৱা আগবঢ়াই ভিতৰলৈ সোমাই গ’লো৷ মন্দিৰটো ৰাস্তাৰ পৰা তললৈ সোমাই যাব লাগে৷ মন্দিৰৰ পুৰোহিতক লগ ধৰি পূজা অৰ্চনা আগবঢ়াই তেওঁলোকৰ পৰা মন্দিৰটোৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিলোঁ৷ পুৰোহিতজনে আমাৰ আগ্ৰহ দেখি অলপ সময়ৰ কাৰণে নিজৰ কামৰ পৰা বিৰতি ল’লে৷ আমি যি স্থানত সীতা মাতাৰ পূজা অৰ্চনা আগবঢ়াইছো সেই স্থান ৫০০০ বছৰ পুৰণি৷ ইয়াত এটা ঘৰত সীতা মাতাক ৰখা হৈছিল, সেইটোৱেই এতিয়া সীতা মাতাৰ মন্দিৰ৷ সেই ঠাইডোখৰ বৰ ডাঙৰ নহয়, বহলে ৬ ফুট আৰু দীঘলে ৬ ফুট৷ এতিয়া সেই স্থানত ৰামচন্দ্ৰ, লক্ষ্মণ আৰু সীতা মাতাৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰি পূজা-অৰ্চনা আগবঢ়োৱা হয়৷ ৰাজকীয় কাৰুকাৰ্য্যৰ সেই ঠাইডোখৰৰ ওচৰে-পাজৰে এতিয়া নতুন নতুন মন্দিৰ নিৰ্মাণ হৈছে৷ আগতে তাত একো নাছিল বুলি পুৰোহিতজনে জানিবলৈ দিলে৷ সেই ঠাইডোখৰ হেনো আগতে যথেষ্ট পৰিমাণৰ গছ-গছনিৰে ভৰপূৰ আছিল৷ কথাখিনি কৈ কৈ পুৰোহিতজন নিজৰাৰ পাৰ পালেগৈ, আমিও তেখেতক অনুসৰণ কৰি নিজৰাটো পালোগৈ৷ ( ইয়াৰ পুৰুহিতসকলে সুন্দৰভাৱে ইংৰাজী ক’ব পাৰে আৰু সমান্তৰালভাৱে তেওঁলোকৰ সিংহলী আৰু তামিল ভাষাটো দক্ষতা আছে ) নিজৰাৰ শিলত তেখেতে আমাক হনুমানৰ ভৰিৰ চাপ দেখুৱালে, আমি আচৰিত হৈ চাই ৰ’লো৷ সীতা মাতাক উদ্ধাৰ কৰিব আহি হনুমানে হেনো সেই শিলবোৰতে নামিছিল, সেই শিলবোৰে এতিয়াও তাৰ অতীত বহন কৰি সাক্ষী হৈ আছে৷ সেই ভৰিৰ খোজ চাই ভাবি থাকোতেই পুৰোহিতজনে আকৌ মাত লগালে আমাক৷ সীতা লিয়াৰ মাটিৰ ৰং ক’লা৷ সীতা মাতাক বিচাৰি আহি নাপাই হনুমানে যে লংকাখন জ্বলাই চাৰখাৰ কৰিছিল, সেয়েহে ইয়াৰ মাটি এতিয়াও ক’লা৷ কথাটো কিবা বিশ্বাস কৰিব নোৱাৰা যেন দেখা পাই পুৰোহিতজনে আমাক বাহিৰলৈ উলিয়াই আনিলে৷ তেওঁ মাটিবোৰ দেখুওৱালে, এইয়া কি সঁচাই ইয়াৰ মাটিৰ ৰং সম্পূৰ্ণ ক’লা৷ মোৰ সৰুতে শুনা সাধু কথাবোৰৰ যেন এইবোৰ দিঠক৷ সীতা এলিয়াৰ সীতা মাতাৰ মন্দিৰ, অশোক বনৰ স্মৃতি সামৰি, কথাবোৰ ভাবি ভাবি কোন সময়ত কলম্বো পালোঁহি গমেই নাপালোঁ৷ সেই ধুনীয়া ৰাস্তাবোৰ, ফুলৰ দলিচাবোৰ, সীতা মাতাৰ মন্দিৰ, হনুমানৰ ভৰিৰ খোজ৷ মই যেন এটা মধুৰ সপোনৰ পৰাহে সাৰ পালোঁ৷
(গীতাঞ্জলি গোস্বামী, কলম্বো, শ্ৰীলংকা)
☆★☆

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.