ইংলিছমেন (পূৰ্ণাক্ষী ভট্টাচাৰ্য)

ইংলিছমেন (পূৰ্ণাক্ষী ভট্টাচাৰ্য)

ইংলিছমেন (পূৰ্ণাক্ষী ভট্টাচাৰ্য)

by May 15, 2017 0 comments

২০১০ চনৰ কথা৷ ‌ হাইস্কুলৰ দেওনা পাৰ হৈ কটন কলেজত নাম লগালোঁ৷ ‌ কলেজীয়া ছোৱালী হোৱাৰ আনন্দতে দুদিনমান ভালকৈয়ে পাৰ হ’ল৷ ‌পাণবজাৰ, ফাঁচীবজাৰৰ গলিবোৰ, ডায়মণ্ড বেকাৰীৰ পেষ্ট্ৰি, ৰেৱতীৰ চাওমিন, মহামায়াৰ চাহ পলকতে আপোন হৈ পৰিল৷ ‌ ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান বিভাগৰ গেলেৰীৰ শেষৰ বেঞ্চকেইখনৰ লগতো ভাল বন্ধুত্ব গঢ়ি উঠিল৷ ‌ অনবৰতে কথা পাতি থাকিব পৰা দুজনীমানৰ গোট এটাও গঠন হ’ল৷ ‌ মুঠতে এটা ধুনীয়া কলেজীয়া জীৱন৷‌ পিছে লাহে লাহে আমনি লগা হ’ল৷ ‌ কলেজ আৰু ঘৰৰ মাজত দূৰত্ব বেছি হোৱাৰ বাবে এঘণ্টীয়া বাছযাত্ৰাত টোপনিয়াই থকা হ’লো৷ ‌তাতে ভূতৰ ওপৰত দানহ পৰা দি টিউচনবোৰ আছিলেই৷ ‌পঢ়াশুনাৰ কথাটো ক’বই নালাগে৷ ‌ কিতাপ মেলিলেই আখৰবোৰে ওভতগোৰে নাচিবলৈ ধৰে৷ ‌একেঘেয়ামী দিনবোৰ হিচাপ নোহোৱাকৈ পাৰ হৈ গৈ থাকিল৷ ‌

হেমন্তকালৰ কোনোবা এটা দুপৰীয়া৷ ‌ এক বজাত পদাৰ্থ বিজ্ঞানৰ ক্লাছ আছে৷ ‌ বান্ধৱী আৰু মই অলপ সোনকালে আহি পোৱাৰ বাবে দুয়ো বাহিৰতে ৰৈ কথা পাতি আছিলোঁ৷ সাধাৰণ কথাৰ মাজতে বান্ধৱীয়ে উৎফুল্ল হৈ কৈ উঠিল-

: অই, চা চোন! এই ল’ৰাটোক ইমান ভাল লাগে!
: কোন?

সুধিব লাগে বাবেই সুধিলোঁ৷ ‌ চঞ্চল স্বভাৱৰ বান্ধৱীৰ সদায়ে নতুন নতুন ল’ৰা ভাল লগা কথাটো মোৰ পছন্দৰ নাছিল৷ ‌

:সেয়া, তোৰ পাছফালে৷ ‌ এইপিনেই আহি আছে!

বান্ধৱীৰ কথাত আনন্দৰ ৰেশ৷ ‌ পটককৈ ঘূৰি চালে বেয়া দেখাব বুলি মূৰ ঘূৰাই নাচালোঁ যদিও কাষেৰে পাৰ হৈ যোৱা ল’ৰাটোৰ ওপৰত চকু নপৰাকৈ নাথাকিল৷ ‌ ফেডেড জিনছ্ আৰু গুলপীয়া ছাৰ্ট পৰিহিত জপৰা চুলিৰ ওখ-পাখ ল’ৰাটো দেখিবলৈ আকৰ্ষণীয় আছিল৷

: ছিনিয়ৰ৷ এবছৰ ডাঙৰ মানে হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰৰ৷ চেক্সচন চি!
মোৰ দৃষ্টি অনুসৰণ কৰি বান্ধৱীয়ে কৈ উঠিল৷

: উৱা! এওঁচোন দুদিনমানতে বহু কেইখাপ ওপৰলৈ উঠিল৷
মনতে ভাবিলোঁ৷ উৎসুকতা দমাই সুধিলোঁ-

: ইমান খবৰ ক’ত পালি?
: এহ ! গোটালোঁ আৰু৷ ’

বান্ধৱীৰ চকুত দুষ্টালিৰ হাঁহি৷ তাইলৈ বেঁকাকৈ চাই ক্লাছৰুমৰ ভিতৰত সোমালোঁ৷
“গ’ন কেচ!” – ল’ৰাটো যোৱাৰ পিনে চাই থকা বান্ধৱীক দেখি মনলৈ সেই দুটা শব্দই আহিল৷

ওহোঁ, কথা সিমানতে শেষ নহ’ল৷ দুদিনমান পাছৰ কথা৷

ৰসায়ন বিজ্ঞানৰ ক্লাছ শেষ কৰি গেলেৰীৰ পৰা ওলাবলৈ লৈছো মাথো৷ তেনেতে হুৰমূৰ কৰি এজাক ল’ৰা-ছোৱালী সোমাই আহিল৷ ‘ছিনিয়ৰ, ছিনিয়ৰ’- দুটামানে কৈ উঠিল৷ তেনেতে ক’লা বেগ এটা লৈ কোনোবা এজনে ইষৎ হাঁহি এটা মাৰি কাষেৰে পাৰ হৈ গ’ল৷ ভিৰৰ মাজত ধৰিব নোৱাৰিলোঁ যদিও ‘জপৰা চুলি’কেইডালে পাছত ঠিকেই মনত পেলাই দিলে যে সেয়া কোন আছিল৷ দৈৱসংযোগ বুলি চাগে এইবোৰকে কয়৷ ৰাস্তাত, দোকানত, লাইব্ৰেৰীত আনকি ক্লাছৰুমবোৰতো প্ৰায়ে ‘জপৰা চুলি’ৰ লগত দেখা-সাক্ষাৎ হ’বলৈ ধৰিলে৷ নক’লেও হ’ব যে কথা নাপাতিলেও দুয়ো দুয়োৰে ইতিমধ্যে ভাল চিনাকি হৈ পৰিছিলো৷ তাতে কেতিয়াবা চকুৱে চকুৱে পৰি গ’লেতো হৈছিলেই আৰু৷ কাণ, গাল সব ৰঙা হৈ উঠিছিল৷ কোনোমতে সেইখিনিৰ পৰা পলাব পাৰিলেই বাচিছিলোঁ৷ কেতিয়াবা সন্মুখৰ পৰা ‘জপৰা চুলি’ক আহি থকা দেখিলে ৰাস্তাও সলনি কৰিছিলোঁ৷ কিন্তু ক’ৰবাত একঘেয়ামী জীৱনত মাদকতা আহি পৰিছিল৷ দুদিনমান ‘জপৰা চুলি’ক নেদেখিলে উৰুঙা উৰুঙা লাগিল৷ অৱশ্যে, ‘জপৰা চুলি’ক দেখুৱাই দিয়া মোৰ সেই বান্ধৱীজনীও তেতিয়ালৈ আন কাৰোবাৰ লগত ‘কমিটেড’ হৈ গৈছিল৷

এদিনাখন টিউচনৰ পাছত বাহিৰত ৰৈ আছোঁ৷ আন এগৰাকী বান্ধৱীয়ে ছাৰৰ লগত কিবা এটা বুজাত ব্যস্ত৷

: হাই!

সন্মুখৰ পৰা অহা মাতষাৰ শুনি ফোনটোৰ পৰা মূৰ তুলি ওপৰলৈ চালোঁ৷ সেই মুহূৰ্তত ভূত বা ভগৱানক দেখিলে কিমান আচৰিত হ’লোহেঁতেন নাজানো৷ কিন্তু ‘জপৰা চুলি’ক দেখি মেলা মুখ মেলাতে ৰৈ গৈছিল৷

: হাই! তোমাৰ নামটো জানিব পাৰিম নেকি?

হাঁহি এটা মাৰি প্ৰত্যুত্তৰ দিলোঁ৷ আঁৰ চকুৰে বান্ধৱীলৈ চালো৷ নাই, তেখেত ছাৰৰ লগত ব্যস্ত৷ তেনেকৈ থিয় হৈ থাকিও কমখন অস্বস্তি লগা নাছিল৷ নীৰৱতা ভংগ কৰি ‘জপৰা চুলি’য়ে পুনৰ মাত দিলে-

: তোমাক প্ৰায়ে কলেজত দেখি থাকো৷ ফাৰ্ষ্ট ইয়েৰ, ছেক্সন বি’ নহয় জানো?
: আও! মহাশয়োচোন কম নহয়! – কিবা ক’বলৈ লওঁতেই বান্ধৱী আহি পালে৷ লাহেকৈ মূৰ দুপিয়াই গুচি আহিলোঁ৷

বান্ধৱীৰ ওপৰা উপৰি প্ৰশ্নৰ উৎপাতত সকলোখিনি ভাঙি-পাতি ক’বলৈ বাধ্য হ’লোঁ৷ কথা শুনি শুনি বাছষ্টেণ্ডত বিদায় ল’বলৈ লৈ বান্ধৱীয়ে সুধিলে-
: পিছে, তাৰ নামটো নো কি?
: অহ্, সোধাই নহ’ল নহয়৷
: বৰ ভাল৷ আৰু তই তাৰ লগত ইংলিছত কিয় কথা পাতি আছিলি? –  কৃত্ৰিম খং বান্ধৱীৰ৷
: কাৰণ সি ইংলিছত কথা সুধি আছিল৷ সেয়ে মই তেনেকৈ উত্তৰ দি আছিলোঁ৷
: ইংলিছমেন ক’ৰবাৰ! –  বান্ধৱীয়ে ভোৰভোৰাই গুচি গ’ল৷

ময়ো হাঁহি মাৰি ঘৰমুৱা হ’লো৷ সেইদিনাৰ পৰা ‘জপৰা চুলি’ৰ নাম ‘ইংলিছমেন’ হ’ল৷ ইয়াৰ পাছতো বহুদিন কলেজত লগ পাই কথা বতৰা পতা হ’ল৷ সদায়ে ইংলিছতহে৷ কিন্তু সুধিম সুধিম বুলিও সদায়ে তাৰ নামটো সুধিবলৈ পাহৰি থাকিলো৷

শীতৰ কোনোবা এদিনৰ কথা৷ টিউচনলৈ দেৰি হোৱাৰ বাবে দৌৰা-দৌৰিকৈ খোজ দিছোঁ৷ দেখিলো বিপৰীতফালৰ পৰা ‘ইংলিছমেন’ আহি আছে৷ হাঁহি এটা মাৰি যাবলৈ লওঁতেই মাত দিলে-
: শুনাচোন৷
: হয়৷
: মোক পাঁচ মিনিট দিব পাৰিবা নেকি? কথা এটা আছে৷
: পাছত কোনোবা এদিন হাঁ৷ –  সমুখত টিউচন ছাৰক দেখি থতমত খাই ক’লোঁ৷
: নিশ্চয়’৷ – হাঁহি মাৰি ‘ইংলিছমেন’ গুচি গ’ল৷ কোৱা বাহুল্য যে সেই ‘পাঁচ মিনিট’ কোনোদিনে দিয়া নহ’ল৷ কোনো কথা কেতিয়াও কোৱা নহ’ল৷

তাৰপাছত কেইবাৰমান লগ পাইছিলোঁ যদিও দূৰৈৰ পৰাহে হাঁহিৰ আদান-প্ৰদান হৈছিল৷ শেষৰবাৰ লগ পাইছিলোঁ কটন কলেজত বি এছ্ ছিৰ নামভৰ্তিৰ দিনাখন৷ খা-খবৰ লোৱা হৈছিল৷ সি ইঞ্জিনিয়েৰিঙত ছিট পোৱাৰ খবৰ শুনাইছিল৷ ভৱিষ্যতৰ বাবে শুভেচ্ছা জনাই দুয়ো দুয়োৰে পৰা বিদায় লৈছিলোঁ৷ ৰাতি বান্ধৱীক ফোনত কৈ আছিলোঁ ’ইংলিছমেন’ক লগ পোৱাৰ কাহিনী৷

: আচ্ছা, আজি নামটো সুধিলিনে?

বান্ধৱীৰ প্ৰশ্নত থৰ হৈ বহি থাকিলোঁ৷ সেই ‘ইংলিছমেন’জন মোৰ বাবে সদায় ’ইংলিছমেন’ হৈয়ে ৰ’ল৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.