কইনা চাবলৈ গৈ… (ধীৰেণ গগৈ)

কইনা চাবলৈ গৈ… (ধীৰেণ গগৈ)

কইনা চাবলৈ গৈ… (ধীৰেণ গগৈ)

by May 15, 2017 0 comments

(Living is the art of getting used to what we did not expect:: ই. লাৰ্ণাৰ উড)
“ঐ কংকান কায়ুঙ অ’, ৰিবিগাচেং গায়ুঙ অ’ —“

চেনেহৰ বন্ধুজন হ’ল জেংৰাইমুখৰ এজন চৰকাৰী চাকৰিয়াল৷ হলং ফলং ডাঙৰ চৰকাৰী বাসভৱনত থাকে৷ বন্ধুবৰে অনবৰতে টেলিফোনৰ যোগেদি বিনাই থাকে — মাজুলীলৈ যাব লাগে; জেংৰাইমুখত পদাৰ্পণ কৰিব লাগে আৰু ডঙুৱা অকলশৰীয়া কোৱাৰ্টাৰত তাৰ আতিথ্য গ্ৰহণ কৰিব লাগে৷ দিনৰ ভাগত অফিচলৈ মানুহ-দুনুহ আহ যাহ হৈ থাকে; চলি যায়৷ পিছে সন্ধিয়া লগাৰ লগে লগে লেঠা লাগে! সময়বোৰ যেন নাযায়-নুপুৱায়৷ নিশাটো বাসভৱনৰ কাষত থকা বকুল জোপা, ৰূমৰ নিগনিবোৰ, খোলা খিৰিকিয়েদি জোনবাইলৈ চায়; খেৰকটীয়া পাৰৰ ঐনিতম শুনি; ফুলনিৰ ফুলৰ সুবাসেৰেই বুকু জুৰায়৷ বিজুলী চাকিৰ ব্যৱস্থা আছে যদিও অন্য ঠাইত কেতিয়াবা কাৰেণ্ট যায় আৰু আমাৰ বন্ধু থকা ঠাইত কেতিয়াবাহে কাৰেণ্ট আহে৷ বৰ অকলশৰীয়া৷ নিজান ঠাই! তাতে দাং বৰলা৷ এফালে পছোৱা বতাহে দুৱাৰ মেলে, বৰলাৰ গাত জগৰ লাগে!

“ঐ কাংকান কায়ুঙ অ’, ৰিবিগাচেং গায়ুঙ অ’ —“
(বিহুৱান খনিও ধুনীয়া; তাতোকৈ তুমি অতি ধুনীয়া )

ভাবি গুণি এদিন খকা-মকাকৈ ওলালোঁ- হাল এৰি শিয়াল খেদিবলৈ৷ যোৰহাট, পটিয়াগাওঁ, বাহনা, ৰংদৈ তাৰ পিছত নিমাতীঘাট৷ পুৱাৰ হেঙুলী আভাই নিমাতীঘাটক ষোড়শী গাভৰু কৰি তুলিছে৷ চাৰিওফালে যেন ব্যস্ততাৰ নাচোন৷ মাজুলীলৈ যাবলৈ জাহাজখনো সাজু৷ পাৰত অগণন ব্যস্ত যাত্ৰী, অস্থায়ী দোকান-পোহাৰ, বাছ, বিভিন্ন ধৰণৰ সৰু গাড়ীবোৰ৷ সন্মুখত বিশাল পাৰাপাৰহীন ব্ৰহ্মপুত্ৰ৷ সিপাৰে দূৰ সীমনাত মাজুলীৰ পাৰঘাট; কাংকানৰ ঐনিতম৷

এখন বাছ, কেইবাখনো সৰুগাড়ী, মটৰ চাইকেল, চাইকেল, তলে ওপৰে যাত্ৰী পাণ জপাদি জাপি জাহাজ খনে নিমাতী ঘাটৰ বন্দৰ এৰিলে — আই ঐ দেহি! নিমাতী কইনাজনী!

“যাওঁ দেই মৰমী ঐ
চকুৰে নেদেখা
কাণেৰে নুশুনা
বহু দূৰ দূৰণিলৈ “

সঁচাকৈ ফেৰীখন বহুদূৰলৈ গুচি আহিল৷ চাৰিওফালে ব্ৰহ্মপুত্ৰৰ পাৰবোৰ যেন চকুৰ পৰা অদৃশ্য হৈ গৈ আছে৷ সীমাহীন দিগবলয়ৰ মাজত যেন এক তুলুং ভুটুং পানচৈ৷ ঠিক দুঘণ্টাৰ জিগজাগ, শামুকীয়া যাত্ৰাৰ পাছত পাৰঘাট৷ তাৰ পিছত কমলাবাৰী, গড়মূৰ, লুইতসুঁতি, ৰঙাচাহি আৰু জেংৰাইমুখ৷ জীৱনত দ্বিতীয়বাৰ মাজুলী ভ্ৰমণৰ বাখৰুৱা পৰিক্ৰমা৷

এইবাৰ ঠায়ে ঠায়ে সুঁতি কিছুমানত গাড়ী, মটৰ বাইক বোৰ নাৱত পাৰ কৰিব লাগে৷ মোৰ ৰথৰ সাৰথি অৰ্জুন যোৰহটীয়া পাহোৱাল ডেকা বন্ধু৷ বন্ধু জনে গীত জুৰিলেই৷

“মাজুলীত এজনী ছোৱালীয়ে দুখ পালে….”

জেংৰাইমুখৰ বন্ধুজন বৰ আশাৰে আমালৈ বাট চাই আছিল৷ আবেগত সাবটি ধৰি ফুলাম গামোচা যাচিলে৷ বিভাগৰ মানুহবোৰ যেন দৰা আদৰিবলৈহে বাট চাই আছিল! চেনেহবোৰ দৰা আগচাতকৈও যেন মহীয়ান৷ ক্লান্তিকৰ যাত্ৰাৰ পাছত এক সুমধুৰ সোপান৷

“মানুষেৰ চেয়ে বড় কিছু নাই, নাই কিছু মহীয়ান”

ফুলাম বাটৰ স্বাগতমত নিজকে তেনেই তুচ্ছ, নগন্য যেন লাগিল! তথাপি মৰমবোৰ শলাগিবলগীয়া৷ শোকোতাকে মুকুতা বুলিছে দেহি!

আবেলি অলপবৰষুণ পৰিছিল৷ গাঁওৰ পথবোৰ বোকাৰে ভৰি পৰিছে৷ পথাৰবোৰত সেউজীয়া ঘাঁহৰ ৰুণুজুণু৷ মৃদু বতাহ আহে আৰু যায়; কোমল পছিমীয়া বতাহ৷ বৰষুণৰ পাছত অদূৰৰ পাহাৰখন তেনেই পৰিষ্কাৰ হৈ স্পষ্টকৈ দেখা দিছে৷ পশ্চিম আকাশত বেলি ডুবো ডুবো৷ কৰ্মব্যস্ত পথাৰখন তেতিয়া শান্ত৷ কোনোবাই কামৰ অন্তত কৰুণ বাঁহীৰ সুৰ বজাইছে; বিষাদৰ মিঠা সুৰ এটি!

পাছদিনাৰ কথা৷
ভাবিছিলোঁ, আজি জেংৰাইমুখতে থাকি ওচৰে-পাঁজৰে ঠাইবোৰ চাম, হাৱাইন গীটাৰত ভূপালী ৰাগত দুটামান সুৰ বজাম, বন্ধুবৰে পুৰণি দিনৰ গীতবোৰ গাব, আনন্দত থাকিম৷ পিছে ভবামতে তেনে নহ’ল৷

ৰাতিপুৱাই বন্ধুবৰে ক’লে- “ব’ল, অলপ ফুৰি আহোঁ৷ ঠাই চোৱাও হব আৰু কইনা এজনী চাই আহোঁ৷ কিমাননো বৰলা ভাত খাই থাকিবি? বেছি দূৰ নহয়৷”

অকস্মাৎ ছোৱালী চোৱা নতুন প্ৰস্তাৱ? আগতেতো ঘূণাক্ষৰেও জানিবলৈ দিয়া নাছিল৷ নে খাৰ খোৱা জিভা, বকে কিবা কিবি? প্ৰস্তাৱটো পিছে আমাৰো বেয়া লগা নাই৷

কাহিলি পুৱাতেই চাৰি সিদ্ধ যাবলৈ সাজু হ’লোঁ৷ মই, জেংৰাইমুখৰ বন্ধু, যোৰহটীয়া বন্ধু আৰু স্থানীয় কলেজ এখনৰ পদাৰ্থ বিজ্ঞানৰ প্ৰবক্তা৷ দেশ চাই বেশ – দুখন মটৰ চাইকেলত চাৰিজন ছোৱালী চোৱা পণ্ডিত! গাত লয়াৰ চোট স্প্ৰে!

কেৰকটীয়া (খেৰকটীয়া) নৈখন নোপোৱালৈ ভালদৰেই গৈ আছোঁ৷ চাৰিওকাষে বিস্তৃত পথাৰ, তেনেই পুৱাতে কাংকান কনেঙহঁতে পথাৰৰ কামত ব্যস্ত৷ ক’ৰবাত গাহৰি আৰু কুকুৰাৰ জাক৷ নীৰৱ পুৱাৰ নীৰৱ ভাষা৷ দুখন মটৰ চাইকেলৰ চাৰিটা চকা; চাৰিজন পণ্ডিতৰ চাৰিযোৰ খলাবমা দেখা দগধা চকু৷

খেৰকটীয়া নৈ পায়েই লাগিল লেঠা! যেনি গ’লেও নদীখনৰ একাঠু পানী খচি যাবই লাগিব৷ এফালে চ্যুট-পেণ্ট পিন্ধা চাৰিটা বাবু৷ মাছ মাৰিবলৈ অহা নাই নহয়৷  ছোৱালী চাবলৈ আহিছো৷ দৰাৰ বজাৰত ডিমাণ্ড থকা ল’ৰা৷ ইয়াততো ৰাধাই কোৱাৰ দৰে কোনো কানাইও নাই যে:

“থমকি থমকি যমুনা বাঢ়িছে,
হাতত নাইকিয়া নাও,
মোকে পাৰে কৰা নাও
মথুৰা হাটলৈ যাওঁ”

“ছোৱালী চাবলৈ যাওঁ” — পদাৰ্থ বিজ্ঞানৰ প্ৰবক্তা জনৰ সাহিত্যিক ভাষা৷
ইজনে সিজনৰ মুখলৈ চালোঁ৷ কেনেকৈ পাৰ হওঁ? দুখন মটৰ চাইকেলত চাৰিজন মানুহ৷ পানীৰ ওপৰেদি চলাই গ’লে যদি পানীৰ মাজতে ইঞ্জিন বন্ধ হৈ যায়? বালিত লাগি ধৰে? জোতা মোজা পিন্ধা বাবু, মুখেৰে ওলাই যাব! পানীত তিতি বুৰি কইনা ঘৰত ওলাবগৈ লাগিব৷ বেজবৰুৱা ককাইদেউ! ড: বেজবৰুৱা কথাছবি ৷ আছোঁ বগলী চাই, ক’ৰ পানী ক’লৈ যায়৷

জোতাযোৰ খুলি মই পানীৰ মাজেৰে খোজ দিয়া আৰম্ভ কৰিলোঁ৷ জেংৰাইমুখৰ বন্ধুজনে পানীৰ ওপৰেদি মৰোঁ জীও কৈ মটৰ চাইকেলখন হো-হোৱাই পাৰ কৰি নিলে৷ তাক দেখি বাকী দুজনেও বাইকৰ ওপৰত উঠিয়ে সাউতকৈ পাৰ হৈ ইটো পাৰ পালেগৈ৷ ৰক্ষা তেও! ঐনিতমৰ খেৰকটীয়া পাৰ হ’লো৷ বাটত আছে আনুনিতমৰ লোহিত সুঁতি৷

পুনৰ বালি আৰু শিল মিহলি পথটোৱেদি মটৰ চাইকেলত উঠিলোঁ৷ কি ক্ষণত যে কি হৈ গ’ল ৰাতিপুৱাই! খুজি কিল খালো৷ পথৰ অৱস্থাই নাই৷ এনি তেনি লুংলুঙীয়া বাট৷ এনেদৰেই যাব লাগিব ঢকুৱাখনালৈ৷ টিঙিচকৈ বন্ধুৰ ওপৰত খঙটো উঠি আহিল৷ ৰাস্তা-পদূলি নাই ছোৱালী চাবলৈ লগ ধৰি আনিছে? তাকো ঢকুৱাখনাৰ পৰা আৰু ১৫ কি: মি দূৰত! অঁকৰাক মৈ তুলি ৰং চাইছে! এক্কেবাৰে ডন কুইকচটৰ চাঙ্কো পাঞ্জা!

“আচিনায়াং মানেনো কি অ মৰমী
আচিনায়াং মানে হ’ল বুকুৰে মৰম —“

লাহে লাহে বেলিও দুপৰ হৈ আহিছেই৷ কেতিয়াবা নদীৰ পানীৰ ওপৰেদি, কেতিয়াবা পথাৰৰ মাজেদি, কেতিয়াবা বালি আৰু শিলৰ মাজে মাজে নীৰৱে গৈ আছোঁ৷ বন্ধুবৰে বাইক চলাই আছে৷ মনত সাত ৰঙী ফাগুনৰ ৰং! হ’ব লগীয়া কইনা জনীৰ আজি দেখা সাক্ষাত হব৷ আনন্দ কৰ বোপাই! তোৰ লগতে আমাৰো যমৰ যন্ত্ৰনা৷ ৰাতিপুৱা দহ বজালৈ পেটত চাহ এটোপা নাই৷ বন্ধুৰ নামতে আজি দিনটো উচৰ্গা কৰিলোঁ৷

আজ কা শ্যাম, নাই নহয় — আজ কা দিন তুমহাৰা জেইছা জালিমা দোস্তকে নামমে জঙ্গ! বেহাল তঙ্গ!

: “ফুলবোৰ ইমান ধুনীয়া, গোন্ধটোও যে ইমান ভাল! “
: তোৰ সোণবৰণীয়া চুলিত দুপাহমান আঁৰি দিলে দেখিবলৈ আৰু ধুনীয়া হব৷ “

যাত্ৰা পথত ক্ষন্তেক বিৰিখৰ ছাঁত জিৰণি; ভাগৰ আৰু বেদনাৰ মুলতুবি৷ জেংৰাইমুখৰ বন্ধুজনে প্ৰেমিকৰ দৰে স্বগতোক্তি কৰি আওৰালে সেই ৰাহুল সাংস্কৃতায়নৰ “ভল্গা টু গঙ্গা”ৰ সুৰ আৰু দিবাৰ প্ৰেমাস্পদৰ কাহিনী; প্ৰেমৰ কোমল পৰিভাষা!

জীৱন যুঁজত মানুহৰ দুখ, নিষ্ঠুৰতা, শঠতা, ভণ্ডামিৰ মাজত যি সুৰ সপোন দেখিব পাৰে, জীয়াই থকাৰ সপোন ৰচিব পাৰে, দুখক দুখ নুবুলি জীৱনৰ জয় গান গাব পাৰে সেইয়াই তেওঁৰ সাৰ্থকতা! মানুহ হোৱাৰ স্বাভিমান৷ জীৱনৰ একা-বেঁকা বাটত চেনেহৰ ৰিবিগাচেং!

ঢকুৱাখনা পালোঁহি৷ বন্ধুজনক ক’লোঁ চাহ ন’হলে ভাতকে খাই লওঁ৷ দহ বাজি পাৰ হ’লেই৷ আলহী ঘৰত কেতিয়া কি খাবলৈ পাওঁ নে নেপাওঁ কি ঠিক আছে?

বন্ধুবৰে জোৰে প্ৰতিবাদ কৰি ক’লে- “নেলাগে নেলাগে৷ কইনা ঘৰ পালে সব হৈ যাব৷”

ভাল চাই বৰালি মাছ এটা বজাৰৰ পৰা লৈ ল’লে৷ পুনৰ বাইকত উঠি ছোৱালী চোৱা অভিযান৷ মূৰত শেষ আহিনৰ দুপৰ৷ দুনীয়াখনত হেজাৰ হেজাৰ ছোৱালী৷ তাৰ মাজৰ পৰা নিজৰ পছন্দৰ ছোৱালী এজনী চোৱা, আৰু পছন্দ কৰা, সকলো মিলাই বিয়া পতা কি যে কঠিন কাম! তেনেদৰে দুনীয়াখনত হেজাৰ হেজাৰ মতা কলি, তাৰ মাজৰ পৰা এজন পছন্দ কৰি সব উনৈশ -বিশ মিলাই বিয়া পতা, ছোৱালী বিলাকৰ বাবেও এক অবিশ্বাস্য জেঙজেঙীয়া কাৰবাৰ৷ অৱশ্যে প্ৰেম ভালপোৱা, বুজা বুজিৰ দ্বাৰা বিয়া হোৱা কবলৈ যোৱা নাই৷ কিবা ক্লাচ চেভেনৰ পাটিগণিতৰ দৰে পটকৈ উত্তৰ নোলায়, নিমিলে৷ – বন্ধুজনে কৈ গ’ল আমি অন্যমনস্কভাৱে নদীৰ গৰাত উঠি শুনি গৈ আছোঁ৷

প্ৰথমে ৰজাৰ পিচ দিয়া আলিয়েদি প্ৰায় ১০ কি: মি: মান, ওখোৰা-মোখোৰা শিল দিয়া বাটেৰে প্ৰায় ২ কি: মি: মান, ধূলি বালি আৰু মাটিৰে পূৰ্ণ প্ৰায় ৩ কি: মি: মান বাট যোৱাৰ পাছত সাউতকৈ জেংৰাইমুখৰ বন্ধুজন দীঘল পদূলিৰে মানুহ এঘৰত পটকৈ শিঙা বজাই নামি পৰিল৷ মুখত স্বভাৱসুলভ হাঁহি৷

অৰ্থাৎ -এইয়াই মোৰ কন্যাৰ ঘৰ; হবলগীয়া শহুৰৰ ঘৰ৷ চাই ল৷ ইয়াৰ কন্যাজনীও ধুনীয়া, বাৰীখনো ধুনীয়া, ঘৰটোও কিমান ধুনীয়া! মানুহ বোৰও ধুনীয়া, ঘৰৰ মেকুৰী জনীও ধুনীয়া —কুকুৰটোও —

প্ৰায় হাফ চেঞ্চুৰী মৰা, বয়সীয়াল, ৰঙা- বগা, কিছু চাপৰ, তেনেই সাধাৰণ সাজ পিন্ধা মহিলা এগৰাকী পৰ্দাখন ঠেলি ওলাই আহি আমালৈ চাই ৰ’ল৷ চকুত প্ৰশ্ন –কোননো আপদীয়া জহনিহঁত এই দুপৰীয়াখন আহি ওলালহি? ঘৰ খনত ছোৱালী আছে বুলি আৰু গজং গজংকৈ, দিন নাই ৰাতি নাই দমৰা গৰুবোৰ আহি থাকিব লাগেনে? শান্তিত থাকিবলৈ নিদিয়ে এই সবে!

বাৰান্দাৰ খুটা এটাত আঁউজি আমালৈ চাই আশ্চৰ্য প্ৰকাশ কৰিলে৷ ওঁঠত কাকিনি তামোলৰ ৰং৷ আমি লিলি কোম্পানীৰ ফণিৰে চুলি ফণিয়াই ইজনে সিজনৰ মুখলৈ দৃষ্টি বিনিময় কৰিলোঁ৷ পলকতে মানুহ জনীলৈও চালোঁ৷ মুখাবয়ত এক অদ্ভুত টান অঙ্ক এটা, শিক্ষকে বাৰে বাৰে বুজালেও নুবুজাৰ দৰে ভাব৷ যেন: এ স্কোৱাৰ + 2 এ বি + বি স্কোৱাৰ = (জাকৈ + খালৈ ) হোল স্কোৱাৰ৷

ক’তা আমি, চাৰি কন্যা ভিখাৰীৰ বাটত কাৰোবাৰ হাতভৰি ক’ৰবাত থাকি আহিল নেকি? ইমান আচৰিত হৈ চাই আছে যে! নিশ্চয় পথাৰত হাল বাই আহিছে বুলি ভাবিছে৷ চাৰ্ট পেণ্টত ধূলি, বোকা৷ চেহেৰাবোৰ ছোমালিয়া দুৰ্ভিক্ষৰ মানুহৰ দৰে কিম্ভুত – কিম্বাকাৰ! অ চাৰ্ট পেণ্ট, জোতা, মোজা পিন্ধা হালোৱা! বাইকত উঠিহে মালিকৰ ঘৰলৈ আহে৷

: মাহীদেউ! আইমণি ঘৰত আছেনে? আমি জেংৰাইমুখৰ পৰা আহিছোঁ৷

অ’- অ’- এতিয়া মনত পৰিছে৷ কালি তুমিয়েই ফোন কৰিছিলা হ’ব পায়৷ আহাঁ আহাঁ৷ বহাহি৷

অৱশেষত অঙ্কটো বুজি পালে৷ পিছে শাহু আয়ে নিজে অঙ্কটো কৰি দেখুৱাইনে নে নেদেখুৱাই৷ সময়ত কিবা ভাও জোৰে? ঘৰখনত দুজনী ছোৱালী; এটা ল’ৰা৷ আমাৰ বন্ধুবৰৰ ডাঙৰ জনীয়ে টাৰ্গেট৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এম এ পঢ়ে৷ আজি ঘৰ আহি পোৱা কথা আছিল; কিন্তু এতিয়ালৈকে আহি পোৱাহি নাই৷ বাটত ক’ত বা লাগি ধৰিল? কনিষ্ঠ কন্যাৰত্নয়ো মাজতে ৰেম্পলৈ আহি এক মিচিকিয়া হাঁহিৰে বিজ্ঞাপন এটা দি গ’লহি৷ লগতে চফগুটিৰ একো একোটা ফিজিচিয়ান চেম্পল৷

হওক তেও, বেয়া লগা নাই৷ ইমান কষ্টৰ মূৰত আহি এক ধুনীয়া হাঁহিৰ মুখামুখি!

ছোৱালীৰ ককায়েকজনে মাথো দুআষাৰ কথা পাতিলেহি — ঘৰ ক’ত? আমাৰ পিতৃ প্ৰদত্ত নামবোৰৰ পিছত উপাধিবোৰ কি কি৷

দেউতাকক ঘৰত নেদেখিলোৱেই৷ তাৰ পাছত সন্মুখত নিতাল নিস্তব্ধ প্ৰাচীৰ৷ এফালে ছোৱালী ভিখাৰীৰ সমদল; আনফালে কন্যাদাতা গৃহস্থ মাতৃ- কন্যাৰ আবেগ বিহ্বল৷ সময় পাৰ হৈ আছে৷ এক বাজি গ’লেই৷ চাৰি সিদ্ধৰ পেটত ভোকৰ পাহাৰ; মুখত মিছলীয়া হাঁহিৰ বাহাৰ৷ কিমাননো আৰু অভিনয় কৰিম?

চাৰি কাপ ৰঙা চাহ, চাৰিটা তিলৰ কাচি পিঠা৷ ভোকাতুৰ ৰাক্ষসৰ সন্মুখত কোন কুটা! ছোৱালী ঘৰৰ আতিথ্য তেনেই নিৰুত্তাপ; শীতল৷ আলপৈচান, মৰমবোৰ অগা-ডেৱা৷ থাক বহি কেলেহুৱা ছোৱালী ভিখাৰী৷ বোলো গুড়ি পৰুৱাৰ অলপ পানীয়েই বান, সোলা মুখত একেচৰেই টান৷

ৰূমৰ ৱালত খোদিত এমব্ৰদাৰী ফ্ৰেমত ’পতি পৰম দেৱতা ’ শব্দ কেইটা ঘেঁহাই ঘেঁহাই পঢ়াদি পঢ়ি যোৰহটীয়া বন্ধুবৰে দুখৰ মাজতে সুখৰ কবিতা আওৰালে:

পতি যদি পৰম দেৱতা হয়
জেংৰাইমুখৰ হবলগীয়া
পতি জনৰ লগতে আমিও
এদিনীয়া দেৱতা
কেৱল ৰঙা চাহ পিঠা এটা দি
ঠগিলেই নহ’ব৷
ইমান ভোকত আছোঁ
নিমখ হ’লেও এসাজ ভাত খোৱাব লাগিব
পতি যদি দেৱতা হয়
পত্নীও নমস্যা দেৱী…

বন্ধু জনে নিশ্চয় ভোকত চকুমুদি ভ্ৰম বকিছিল৷

: তামোল খোৱা৷ হব লগীয়া শাহু আইৰ লেৰেলা সাদৰ৷
ইমান ভোকত আছোঁ! তামোল খোৱা! বৰ কট্ কিনা মানুহ দেই৷
: মাহীদেউ, আমি গৈয়ে থাকো নেকি? -জেংৰাইমুখলৈও ঘূৰি যাব লাগিব নহয়৷ সময়ো বহুত হ’ল৷ আবেলি হয়েই আৰু৷
: যোৱাই নে? (জোঁৱাই নে? ) ওঁ, ভাল বাৰু৷
হব লগীয়া শাহু আয়ে গালে মুখে দগধা হাতেৰে আটাইকে মোহাৰি বিদায়ৰ মৰম যাচিলে৷

: আই ঐ দেহি! তোমালোক আহিলা বৰ ভাল পালোঁ৷ আকৌ কেতিয়াবা আহিবা দেই৷

হাঁহি হাঁহি মাতে, ৰেপি ৰেপি কাটে৷
বৰ মৰম ঐ! লেংমৰা লেৰেলা মৰম! ইমান মৰম নেলাগে দেই৷ বাহিৰত লটপট ভিতৰত কপট!
ছোৱালী চাবলৈ আহি, কন্যা নেদেখাকৈ হো হোৱাই ঘৰৰ পৰা ওলাই আহিলোঁ৷ অৱশেষত নেছেল ঘাইশাক মৰলীয়া!

জেংৰাইমুখৰ বন্ধুজনক চুইহে কিলাবলৈ বাকী থাকিল৷ বোলো খং নামে চণ্ডাল, ভোক নামে বিতল৷
ছোৱালী চাবলৈ আহি ভোকত এনে বিপৰ্যয়! আবেলি তিনি বজালৈকে পেটত নাই খুদকণ! হবলগীয়া শহুৰৰ ঘৰত অকটা আলহী সোধন, পথৰ মৰ্মান্তিক যাত্ৰাই চাৰি ছোৱালী ভিখাৰীক দুঃশাসনৰ নিচিনা খঙাল ৰক্তপিপাসু কৰি তুলিলে৷ মনৰ বেজাৰত গধূলি আহি জেংৰাইমুখ পালোঁহি- বন্ধুজনক যিমান পাৰি কুকুৰে নোখোৱা গালি পাৰি পাৰি৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.