কাউৰী, মাছৰ পেটু, নাৰিকলৰ বাকলি ইত্যাদি (ইন্দুকল্প শইকীয়া)

কাউৰী, মাছৰ পেটু, নাৰিকলৰ বাকলি ইত্যাদি (ইন্দুকল্প শইকীয়া)

কাউৰী, মাছৰ পেটু, নাৰিকলৰ বাকলি ইত্যাদি (ইন্দুকল্প শইকীয়া)

by May 15, 2017 0 comments

কাউৰী চৰাইৰ গুৰুত্বই অসমীয়া সমাজত প্ৰায় ক্ষেত্ৰতে “কলৰে পাততে কাউৰী পৰে“ গীতটোৰ সীমাৱদ্ধতা পাৰ কৰিবলৈ অসমৰ্থ হয়৷ কেতিয়াবা অতিথি অহাৰ আগজাননী পাবলৈ এই পক্ষীটিৰ অৱস্থিতিক সামাজিক ভাৱে কিছু গুৰুত্ব দিয়া দেখা যায়৷ পিছে পূৰ্ব ভাৰতৰ পৰা যিমানেই দক্ষিণলৈ আহি থাকিলে কাউৰীৰ গুৰুত্বও সিমানেই বাঢ়ি গৈ থকা দেখিবলৈ পোৱা যায়৷ প্ৰথম বাৰ চেন্নাইলৈ আহি ইয়াৰ লোকসকলে কাউৰীক মৰমতে ভাত খাবলৈ দিয়া দেখি বৰ আচৰিত লাগিছিল৷ কাউৰী যে দক্ষিণ ভাৰতীয়সকলৰ বাবে এক পবিত্ৰ পক্ষী সেয়া লাহে লাহে মানি ল’বলৈ ধৰিছিলো৷

কিন্তু তথাপিও কেতিয়াবা কিছুমান সাধাৰণ ঘটনাই আচৰিতভাৱে বেলেগ ৰূপ ধাৰণ কৰে৷ এদিন ওচৰৰে এখন চাহৰ দোকানৰ কাষত ৰৈ চাহ খাই আছিলো৷ হঠাৎ মোৰ বাইকখনৰ ওপৰত এটা কাউৰী পৰিলহি৷ কাউৰীজনীয়ে বাইকত বিষ্ঠা এৰিব বুলি ভাবি স্বভাৱগতভাৱে কাউৰীটো খেদি পঠিয়ালো৷ মোৰ কাম দেখি দেখি ওচৰতে ৰৈ থকা তামিল কেইজনমানে এনেদৰে মোলৈ চালে যে মই কিবা সাংঘাতিক ‘অধৰ্ম’হে কৰি আহিলো যেনিবা৷ তাৰে মাজৰ এজনে আগবাঢ়ি আহি কাউৰী চৰাইৰ ইতিবৃত্তৰ পাঠদান আৰম্ভ কৰিবলৈ ধৰোতেই মোৰ চাহ কাপ শেষ হ’ল বুলিহে!

তেওঁৰ মতে কাউৰী হ’ল লক্ষী-পক্ষী৷ বাহনত কাউৰী পৰা শুভ লক্ষণ৷ তাতোকৈও শুভ যদিহে বাহনতে কাউৰীয়ে বিষ্ঠা ত্যাগ কৰি যায়৷ তেওঁৰ মতে কাউৰীয়ে বিষ্ঠা এৰি যোৱা বাহনৰ “ইঞ্চিওৰ” কৰাৰো আৱশ্যকতা নাথাকে! মনতে ভাবিলো চেন্নাইৰ পুলিচে যদি ইঞ্চিওৰ বিচাৰিলে কাউৰীৰ বিষ্ঠাকে মানিলেহেঁতেন!

ঠিক সেইদৰে আন এক বস্তু হৈছে মাছৰ পেটু৷ এওঁলোকে ছাগলী আনকি মূৰ্গীৰো নাড়ী-ভুৰু সকলো কিনা দেখিছো ৷ কিন্তু ভুলতো যদি মাছৰ বেপাৰীক মাছ কাটোতে পেটুখিনি দিবলৈ কয়, মাছ বেপাৰী সম্বলিতে আশে-পাশে থকা সকলো গ্ৰাহকে এনে এক চাৱনি দিব যেন পৃথিৱীৰ সকলোতকৈ ঘিণলগা খাদ্যবিধ সেইসময়ত আমাৰ বাহিৰে সেইখিনিত থকা আন কোনেও গ্ৰহণ কৰা নাই৷ কেতিয়াবা মনতে ভাৱো বোলো কিবা খং উঠিলে একেবাৰে মাছৰ পেটু, ধনীয়া পাত মিহলাই ভাজি খুৱাই থৈ যামহি ! এইসকলে এইবিধ ব্যঞ্জনৰ মোল তেতিয়াহে বুজিব পাৰে যদি !

আন এবিধ এনে বস্তু হ’ল “নাৰিকলৰ বাকলি”৷ মাজতে ঘৰৰ পৰা আহোতে অলপ ধূনা লৈ আনিছিলো৷ ভাবিছিলো যে ইমানকৈ নাৰিকলৰ তেল খোৱা দেশত নাৰিকলৰ বাকলিৰ নো কি আকাল হ’ব? পিছে কথা বিপৰীত! ইয়াত নাৰিকলৰ বাকলিক পেলনীয়া বস্তুতকৈ কোনো গুণে কম জ্ঞান নকৰে৷ নাৰিকল আহে থিকেই, পিচে বাকলি ক’ত এৰ খাই আহে নাৰিকল বেচোতাইও ক’ব নোৱাৰে৷ বিচাৰি বিচাৰি এঠাইত এদিন নাৰিকলৰ বাকলি দেখিলো ৰাস্তাৰ কাষৰ দোকান এখনত৷ আমিও খুব উৎফুল্ল হৈ দোকানীক ক’লো বোলো অলপ নাৰিকলৰ বাকলি লাগিছিল৷

যেন আমি কিবা নুখুজিবলগীয়া বস্তুহে খুজিলো! প্ৰথম দেখোতে গ্ৰাহক বুলি ভাৱি যি এক সম্ভ্ৰম সহিত চাৱনিৰে চাইছিল সেই চাৱনি যেন নিমিষতেই সলনি হৈ গ’ল৷ মোক চকুৰে ইংগিত দি ক’লে – লৈ যা৷ মই বোলো দাম? তেখেতৰ যেন খং হে উঠিবলৈ বাকী৷ বোলে জাবৰৰ কিবা দাম থাকে নেকি ? যিমান লাগে সিমান লৈ যা৷ ময়ো নিজেই গৈ মোনা এটাত যিমান পাৰি নাৰিকলৰ বাকলি ভৰাই আনিলো৷ সেই বাকলি ভৰাই থাকোতে নিজকে সেই ডাষ্টবিনবোৰত খুচি খুচি প্ৰয়োজনীয় বস্তু বিচাৰি ফুৰা শিশুটোৰ নিচিনা লাগিছিল৷ আনকি কাষতে থকা মানুহবোৰৰ চাৱনিও ঠিক তেনেকুৱাই আছিল ৷ যেন সুধিবলৈহে বাকী – ‘এই লেতেৰা জাবৰবোৰ কিহলৈ নিছে বাৰু!’

মনতে ভাবি আছিলো, বোলো এইহেন মহৰ ৰাজধানীখনত থাকি তহঁতে নাৰিকলৰ বাকলিৰ মোল নুবুজ ! এবাৰ যেতিয়া বুজি পালে সেৰে সেৰে বিক্ৰী হ’বলৈ কেতপৰ ? তেতিয়া চাগে তেলতকৈ নাৰিকলৰ বাকলিৰ চাহিদাহে বাঢ়িব !
☆★☆

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.