বিখ্যাত বিজ্ঞানীৰ মনোগ্ৰাহী কাহিনী (ছানী উজ জামান)

বিখ্যাত বিজ্ঞানীৰ মনোগ্ৰাহী কাহিনী (ছানী উজ জামান)

বিখ্যাত বিজ্ঞানীৰ মনোগ্ৰাহী কাহিনী (ছানী উজ জামান)

by May 15, 2017 0 comments

১) নিকোলা টেছলা(Nikola Tesla):
পদাৰ্থ বিজ্ঞানৰ এজন স্মৰণীয় বিজ্ঞানী৷ পদাৰ্থ বিজ্ঞানত তেওঁৰ অৱদান লেখত লবলগীয়া৷ 1884 চনত তেওঁ চাৰ্বিয়াৰ পৰা আমেৰিকালৈ আহে আৰু টমাছ আলভা এডিছনৰ সৈতে কাম কৰিবলৈ লয়৷ তেওঁ Radio, Robotics আৰু Electricity বিষয়ত কাম কৰিছিল৷ পিছে তেওঁ কৰা বহু কামৰ কৃতিত্ব এডিছনেহে পাইছিল৷ দৰাচলতে লাইট বাল্ব নিকলা টেছলাইহে আবিস্কাৰ কৰিছিল এডিছনে নহয়৷

নিকোলা টেছলাৰ কিছুমান অসাধাৰণ চৰিত্ৰ আছিল৷ তেওঁ খুব সম্ভৱত Obsessive Compulsive Disorder (OCD) ত আক্ৰান্ত আছিল৷ তেওঁ সামান্যও ধুলি-বালি লাগি থকা বস্তু, চুলি আদি কেতিয়াও নুচুইছিল৷ আনকি Pearl Earring আদিৰ দৰে গোলাকাৰ বস্তুবোৰো তেওঁ নুচুইছিল৷ তিনি (3) সংখ্যাটোৱে তেওঁক বিশেষভাবে আকৃষ্ট কৰিছিল৷ কোনো এটা অট্টালিকাত প্ৰবেশ কৰাৰ পূৰ্বে সেই অট্টালিকাটোৰ চাৰিওফালে তিনিপাককৈ ঘুৰিহে অট্টালিকাটোত প্ৰবেশ কৰিছিল৷ প্ৰতিবাৰেই খাদ্য গ্ৰহণৰ আগতে প্লেট, চামুচ আদি নেপকিনেৰে চিকমিক কৰাকৈ ঘঁহি ঘঁহি পৰিষ্কাৰ কৰিছিল৷ তাৰ বাবে তেও প্ৰতিবাৰত সঠিককৈ ওঠৰখন নেপকিন ব্যৱহাৰ কৰিছিল৷

২) ৱিলিয়াম বাকলেণ্ড (William Buchland):
বিখ্যাত প্ৰাণীবিজ্ঞানী William Buchland এ সকলো বস্তুৱেই জিভাৰে চেলেকি সোৱাদ পৰীক্ষা কৰি চাইছিল বুলি জনা যায়৷ এবাৰ তেওঁ ইটালীলৈ যাওঁতে তাৰ এটা গীৰ্জাঘৰৰ মজিয়াত ৰঙা দাগ দেখিলে৷ গাইডজনে তেওঁক জনালে যে সেই দাগডোখৰ থকা ঠাইখিনিতে কেইবছৰমান আগতে গীৰ্জাটোৰ চেইণ্টজনৰ মৃত্যু হৈছিল আৰু সেই দাগডোখৰ প্ৰতিদিনেই ৰাতিপুৱা কেচাঁ তেজেৰে নতুনকৈ ৰাঙলী হয়৷ এই কথা শুনাৰ লগে লগেই তেওঁ সেমেকা দাগডোখৰ হাতেৰে চুই চেলেকিবলৈ ধৰিলে৷ সকলোকে স্তম্ভিত কৰি তেওঁ ঘোষণা কৰিলে যে এয়া মাথো বাদুলীৰ মূত্ৰহে, তাৰ বাহিৰে আন একো নহয়৷

৩) এলবাৰ্ট আইনষ্টাইন (Albert Einstein):
এলবাৰ্ট আইনষ্টাইন সঘনে পদাৰ্থবিজ্ঞান আৰু গণিতৰ আলোচনা চক্ৰবোৰলৈ আমন্ত্ৰিত হৈছিল৷ আইনষ্টাইনে বক্তৃতা দিয়াৰ সময়ত তেওঁৰ ড্ৰাইভাৰজন সদায় হলঘৰৰ পিচফালে বহি বক্তৃতাবোৰ মনোযোগেৰে শুনি থাকিছিল৷ এদিন এখন আলোচনা সভালৈ যোৱাৰ বাটত ড্ৰাইভাৰজনে আইনষ্টাইনক কিবা কথাৰ প্ৰসংগত জনালে যে তেখেতৰ বক্তৃতাবোৰ শুনি শুনি আটাইবোৰ বক্তৃতা ইতিমধ্যে ড্ৰাইভাৰজনৰেই মুখস্থ হৈ গৈছে৷

এই কথা শুনাৰ পিচতে আইনষ্টাইনে ড্ৰাইভাৰৰ লগত ছিট সালসলনি কৰিলে৷ আইনষ্টাইনে ড্ৰাইভাৰৰ ইউনিফৰ্ম পিন্ধি গাড়ী চলাই গ’ল আৰু ড্ৰাইভাৰজন পিচৰ ছিটত বহিল৷ ড্ৰাইভাৰজনে আইনষ্টাইনৰ দৰেই বক্তৃতা দিবলৈ ধৰিলে আৰু আইনষ্টাইনে ইউনিফৰ্ম পিন্ধি হ’লঘৰটোৰ একেবাৰে পিচৰ ছিটত বহি শুনি থাকিল৷ বক্তৃতা শেষ কৰাৰ পিচত শ্ৰোতাৰ পৰা এজনে বক্তৃতাটোৰ বিষয়বস্তুৰ ওপৰত এটা প্ৰশ্ন কৰি আইনষ্টাইনৰ পৰা উত্তৰটো জানিব বিচাৰিলে৷ তেতিয়া মঞ্চত ভাষণ দি থকা ড্ৰাইভাৰজনে বুধি এটা পাঙি ক’লে – আপোনাৰ প্ৰশ্নটোৰ উত্তৰ খুবেই সহজ৷ ইমানেই সহজ যে এইটোৰ উত্তৰ মোৰ ড্ৰাইভাৰজনেই জানে! এইবুলি তেওঁ হলঘৰটোৰ পিছৰফালে ড্ৰাইভাৰৰ ইউনিফৰ্ম পিন্ধি বহি থকা আইনষ্টাইনৰ ফালে আঙুলিয়াই দেখুৱালে!

৪) এলবাৰ্ট আইনষ্টাইন (Albert Einstein):
এবাৰ আইনষ্টাইন প্ৰিন্সটনৰ পৰা ৰেলেৰে ভ্ৰমণ কৰি আছিল৷ টিকট পৰীক্ষকজনে টিকটবোৰ এজন এজনকৈ পৰীক্ষা কৰি কৰি তেওঁৰ কাষ পালে৷ তেওঁক দেখি আইনষ্টাইনে ছাৰ্টৰ পকেটত হাত ভৰাই টিকটটো বিচাৰি নাপালে৷ এইবাৰ ট্ৰাউজাৰৰ পকেটতো চালে, তাতো নাই৷ তাৰপিচত ব্ৰিফকেছত, নাই! তেওঁ বহি থকা ছিটৰ পিচফালে, কাষৰ ছিটতো চালে৷ নাই, তাতো নাই! তাকে দেখি টিকট পৰীক্ষকজনে খুব বিনয়েৰে আইনষ্টাইনক ক’লে, ‘ডক্টৰ আইনষ্টাইন, মই আপোনাক চিনি পাওঁ৷ আমি সকলোৱেই আপোনাক জানো৷ আপুনি যে টিকট নোলোৱাকৈ ৰেলত নুঠে আমি জানো, আপুনি নিশ্চয় টিকট কাটিছিল, একো চিন্তা কৰিব নালাগে ছাৰ৷’

এইবুলি কৈ টিকট পৰীক্ষকজনে অইন যাত্ৰীবোৰৰ টিকট চোৱাত ব্যস্ত হৈ পৰিল৷ টিকট পৰীক্ষকজনে ডবাটোৰ আটাইবোৰ যাত্ৰীৰ টিকট পৰীক্ষা কৰি শেষ হোৱাত পৰবৰ্তী ডবালৈ বুলি ওলাই এবাৰ পিচলৈ ঘূৰি চালে৷ তেওঁ দেখিলে যে আইনষ্টাইনে তেতিয়াও ৰে’লৰ মজিয়াত আঠুকাঢ়ি ছিটৰ তলত টিকটটো বিচাৰি আছে৷ তেওঁ দৌৰি আইনষ্টাইনৰ ওচৰলৈ গৈ ক’লে- ‘ডক্টৰ আইনষ্টাইন, মই আপোনাক চিনি পাওঁ৷ আপুনি টিকট নেদেখুৱালেও হ’ব৷’

আইনষ্টাইনে গহীনাই উত্তৰ দিলে – “ডেকাল’ৰা, ময়ো জানো, মই কোন৷ কিন্তু মই কলৈ গৈ আছো নিজেও নাজানো৷ টিকটটো পালেহে কব পাৰিম!”

৫) বেঞ্জামিন ফ্ৰেংকলিন (Benjamin Franklin) :
বিখ্যাত পদাৰ্থ বিজ্ঞানী বেঞ্জামিন ফ্ৰেংকলিনে ১৭ বছৰ বয়সত অনুভব কৰিলে যে তেওঁ সমাজৰ লগত মিলিব পৰা নাই৷ মানুহে তেওক এৰাই চলিব খোজে৷ তেখেতে নিজকে স্বনিৰ্বাসন দি বষ্ট’ন নগৰ এৰিবলৈ থিৰাং কৰিলে৷ তেওঁৰ এই সিদ্ধান্তক পিছে ঘৰৰ মানুহে কোনোপধ্যেই মানি নললে৷ নগৰ এৰিবলৈ বদ্ধপৰিকৰ ফ্ৰেংকলিনে অনুমতি নোপোৱা বাবে এটা কূটবুদ্ধি সাজিলে৷ তেওঁ জাহাজৰ কেপ্টেইন এজনক কলে যে তেখেতে বষ্টন নগৰৰ এগৰাকী বদমাছ, বজৰুৱা মহিলাৰ পাল্লাত পৰিছে৷ আনকি মহিলাগৰাকীৰ বন্ধু-বান্ধবীসকলে জোৰ জুলুমকৈ ফ্ৰেংকলিনৰ লগত মহিলা গৰাকীৰ বিয়া দিয়াৰো পৰিকল্পনা কৰিছে৷ গতিকে মহিলাগৰাকীৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে এই চহৰ এৰি পলোৱাটো খুব জৰুৰী আৰু তেওঁক পলাবলৈ কেপ্টেইনজনে সহায় কৰিব লাগে৷ এই কথা শুনাৰ লগে লগে দয়ালু কেপ্টেইনজনে এক মুহূৰ্তও বিলম্ব নকৰাকৈ তেওঁক সন্তৰ্পনে ফিলাডেলফিয়া নগৰলৈ লৈ গল৷

৬) এলবাৰ্ট আইনষ্টাইন (Albert Einstein):
আইনষ্টাইন প্ৰিঞ্চটনত অধ্যাপক হিচাপে থকাৰ সময়ৰ কথা৷ এদিন ক্লাছ কৰি থাকোতে তেওঁৰ খুব খং উঠিল আৰু ক’লে যে, ল’ৰা-ছোৱালী উভয়ে একেলগে শিক্ষাগ্ৰহণ কৰা কলেজত শিক্ষকতা কৰাটো খুব কঠিন কাম৷ ইয়াৰ কাৰণ হ’ল ল’ৰাবোৰে শিক্ষকৰ কথালৈ মনোযোগ দিয়াটো বাদ দি ছোৱালীবোৰৰ ফালেহে বেছিকৈ চাই থাকে৷ আইনষ্টাইনৰ কথা শুনি ক্লাছৰ ছাত্ৰসকলে তেওঁক কলে, “ছাৰ, আমি আপোনাক কথা দিলো, আজিৰ পৰা আমি ছোৱালীৰ ফালে নাচাওঁ, কেবল আপোনাৰ কথাই শুনিম৷”

আইনষ্টাইনে শান্তভাৱে উত্তৰ দিলে, “কিন্তু এনে ছাত্ৰবোৰ ভাল শিকাৰু কেতিয়াও হব নোৱাৰে!”

৭) আইনষ্টাইন আৰু ৱাৰনাৰ হাজেনবাৰ্গ (Albert Einstein, Warner_Heisenberg):
পদাৰ্থ বিজ্ঞানৰ দুজন প্ৰখ্যাত ব্যাক্তি এলবাৰ্ট আইনষ্টাইন আৰু ৱাৰ্ণাৰ হাজেনবাৰ্গ ভাল বন্ধু আছিল৷ এদিন দুয়ো পদাৰ্থ বিজ্ঞানৰ কথা পাতি পাতি খোজকাঢ়ি গৈ থকা অৱস্থাত আইনষ্টাইনে হঠাতে কলে, “ৱাৰ্ণাৰ, ৰ’বাচোন!”
হাইজেনবাৰ্গ ৰৈ গ’ল৷ লাহেকৈ সুধিলে, “কি হ’ল?”

আইনষ্টাইনে কলে, “মই ভাবত বিভোৰ হৈ আহি থাকোতে হেৰাই গ’লো৷ কোনফালে আহি আছো মনেই কৰা নাছিলো৷ এইখিনি কি ঠাই বাৰু?”

হাইজেনবাৰ্গে ইফালে সিফালে চাই উত্তৰ দিলে, “ময়ো সঠিককৈ কব নোৱাৰিম!”

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.