বৈষ্ণো দেৱী মন্দিৰলৈ (প্ৰণীতা গোস্বামী বৰঠাকুৰ)

বৈষ্ণো দেৱী মন্দিৰলৈ (প্ৰণীতা গোস্বামী বৰঠাকুৰ)

বৈষ্ণো দেৱী মন্দিৰলৈ (প্ৰণীতা গোস্বামী বৰঠাকুৰ)

by May 15, 2017 0 comments

প্ৰাৰম্ভিক যাত্ৰা: বহুদিনৰ পৰাই “মা বৈষ্ণো দেৱী“ মন্দিৰ দৰ্শনৰ এটা হাবিয়াস আছিল৷ আজিকালি অহা-যোৱাৰ বহুখিনি সুবিধা হোৱাত বহু দূৰ দূৰণিৰ পৰা ভক্তসকল দেৱীৰ দৰ্শনৰ বাবে যাব পাৰে৷

বৈষ্ণো দেৱী মন্দিৰ “ত্ৰিকূট“পৰ্বতৰ কাটৰা নামৰ ঠাইৰ ৫,২০০ ফুট (১৭০০ মিটাৰ) উচ্চতাত অৱস্থিত উত্তৰ ভাৰতৰ এক পবিত্ৰ তীৰ্থস্থান ৰূপে জনা যায়৷ মাতা বৈষ্ণো দেৱীয়ে ভক্ত সকলৰ মনোকামনা পূৰণ কৰে বুলি সকলোৰে বিশ্বাস আছে৷ কিন্তু প্ৰবাদ আছে যে– “মায়ে মাতিলেহে হেনো যাবলৈ পায়“৷ এইবাৰ আমাৰো ‘মাতা’ৰ কৃপা দৃষ্টি পৰাত ধাৰ্য কৰা নিৰ্দিষ্ট দিনত যোৱাৰ যো-জা চলিল৷ সেইমতেই আমি মানে স্বামীসহ মই গোৱাৰ পৰা ইং ১৪ এপ্ৰিল তাৰিখে দিনৰ দুই বজাত উৰাজাহাজেৰে দিল্লী অভিমুখে ৰাওনা হ’লো, উদ্দেশ্য এক বহাগ অৰ্থাত ১৫এপ্ৰিলত দেৱীক দৰ্শন কৰা৷ সময়মতেই আমি দিল্লীৰ ইণ্টাৰনেচনেল এয়াৰপৰ্টত নামিলো৷ আমাৰ লগৰ আন সহযাত্ৰীসকল আহি পাবলৈ আৰু প্ৰায় ডেৰ ঘণ্টামান আছিল বাবে পৰিকল্পনামতেই আমি সেইখিনি সেইখিনি সময় এয়াৰপৰ্টতে কটালো৷

সন্ধ্যা ৬ বজাত আমাৰ সহযাত্ৰীসকল মানে মোৰ বৰজনা, জেশাহু তিনিগৰাকীসহ বিবাহিত ভাগিনী দুজনী অসমৰ পৰা আহি আমাক লগ দিলেহি৷ সকলোকে লগ পাই আনন্দত আত্মহাৰা হ’লো৷ আনন্দৰ মাজতে ফটো দুখনমানো চিন হিচাপে তুলি ল’লো৷ আঠজন ব্যক্তিৰে আমাৰ টিমটো এইবাৰ মজবুত হৈ পৰিল৷ এয়াৰপৰ্টৰ পৰা ভাড়া গাড়ী দুখনেৰে ৰেল ষ্টেচনৰ দিশে আগবাঢ়িলো৷ ৰাতি ১০:১৫ ত ‘চৰাই ৰহিল্লা’ ষ্টেচনৰ পৰা ‘দুৰন্ত ৰেলেৰে’ আমাৰ জম্মু অভিমুখে ৰে’ল যাত্ৰা আৰম্ভ হব৷ ষ্টেচন পাই সকলো একগোট হৈ বহি ল’লো, শৰীৰ আৰু মনে চাহ খোৱাৰ ইচ্ছা দেখুওৱাত দুজনমান চাহ আনিবলৈ দোকান বিচাৰি গ’ল৷ চাহ আৰু ঘৰৰ পৰা নিয়া পিঠা, নিমকি, লাডুৰে দেহাটো সতেজ কৰি ল’লো সকলোৱে৷ ৰঙালী বিহুৰ মাদকতা ষ্টেচনতে অনুভৱ কৰিলোঁ৷ এই “চৰাই ৰহিল্লা“ ষ্টেচনটো বহু পুৰণি, ষ্টেচনটো বেছি ডাঙৰো নহয়৷ যাত্ৰা আৰম্ভ হবলৈ দুঘণ্টামান আছেই, তেতিয়া বৰ বেছি ভিৰো হোৱা নাই, আমি পুনৰ কথাত নিমগ্ন হ’লো৷ এইখন ৰে’ল ক’তো নৰখায় বুলি গম পাই আমি ষ্টেচনতে ৰাতিৰ আহাৰৰ বাবে কিবা কিনি অনাৰ কথা ঠিক কৰিলো আৰু দাদা আৰু ভাগিনজনীয়ে সকলোৰে বাবে ৰুটী তৰকাৰী অনাৰ বাবে গ’ল৷ ৰে’ল যাত্ৰাৰ আগে আগে আমি খোৱাপৰ্বও সমাপন কৰিলো৷ নিৰ্দিষ্ট সময়মতেই আমাৰ ৰে’ল যাত্ৰা আৰম্ভ হ’ল৷ বহু দিনৰ পাছত ৰে’লযাত্ৰা কৰি মন পুলকিত হৈ পৰিল৷ কথা আৰু দেহৰ ভাগৰৰ মাজতে কেতিয়া টোপনি আহিল ক’বই নোৱাৰিলো৷

পুৱা ৬:৩০ মান বজাত জম্মু ষ্টেচনত উপস্থিত হলো৷ তাতে আমাক সেনা বাহিনীৰ চাৰিজন লোকে লগ কৰিলেহি, তেওঁলোকে আমাক গাড়ীৰে ‘কাটৰা’ অভিমুখে নিয়াৰ বন্দোবস্ত কৰিছিল৷ জম্মুৰ ষ্টেচনৰ পৰা কাটৰালৈ দূৰত্ব প্ৰায় ৫০ কি: মি:, অৰ্থাত প্ৰায় এঘণ্টা সময় লাগিব৷ আমাক কাটৰা চহৰৰ পৰা সেনা বাহিনীৰ ৰেষ্টকেম্পলৈকে নিয়াৰ বন্দোবস্ত কৰিছিল৷ এইখিনি সুবিধা আমি বৰজনা শ্ৰীৰঞ্জিত বৰঠাকুৰৰ (অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়েৰ) অনুগ্ৰহত লাভ কৰিছিলো৷ দাদা বহু বছৰ জম্মুত কৰ্মৰতও আছিল৷ এজন অৱসৰ প্ৰাপ্ত অফিচাৰৰ বাবে ইমান সন্মান বোধকৰো আন কোনো চৰকাৰী বিভাগত দেখিবলৈ পোৱা নাযাব৷ তেখেতসকলক ধন্যবাদ জনাবলৈ আমাৰ ভাষা হেৰাই গৈছিল৷ পিছৰ যাত্ৰাটো আমি বহুখিনি সহায় পাইছিলো তেখেতসকলৰ পৰা৷ তেখেতসকলৰ ওচৰত আমি কৃতজ্ঞ হৈ ৰ’লো৷

পুৱা দহমান বজাত আমি কাটৰা পালোহি৷ ইয়াতো তেওঁলোকৰ ৰেষ্ট হাউচত তেখেতসকলে আমাক দুটা কোঠা দিলে৷ মহিলা সকল এটা কোঠাত আৰু পুৰুষ দুজন আনটো কোঠাত গা-পা ধুই অলপ ফ্ৰেছ হোৱাৰ বাবে মন মেলিলো৷ তেওঁলোকে যোগান ধৰা পুৱাৰ চাহকাপ খাই সকলোৱে এজন এজনকৈ গা ধুবলৈ আগবাঢ়িলো৷ দিনত অত্যন্ত গৰম বাবে তেওঁলোকেই আমাক আবেলিৰ পৰা যাত্ৰা আৰম্ভ কৰিবলৈ পৰামৰ্শ দিলে৷ সেইমতেই সকলো ঠিক হোৱাত আমি তাতেই ব্ৰেকফাষ্ট খোৱাৰ বাবে অৰ্ডাৰ দিলো৷ লুচী তৰকাৰীৰে ব্ৰেকফাষ্ট খাওঁতেই প্ৰায় ১১:৩০ হ’ল৷ খোৱাৰ পাছত সকলোৱে অলপ জিৰালে, আমি কেইজনীমানে পুনৰ কথাত মছগুল হ’লো৷
☆☆

যাত্ৰাৰ দ্বিতীয় পৰ্যায়  (ইং-১৫ এপ্ৰিল, ২০১৭)::

আবেলি চাৰিমান বজাত আমি বস্তু বাহানি সামৰি তাৰে ল’কৰুমত থৈ যাত্ৰাৰ বাবে প্ৰয়োজন হোৱা ‘পাছ’ খন সংগ্ৰহৰ বাবে কাৰ্যালয়লৈ গ’লো৷ এইটো কাৰ্যালয় আৰ্মীৰ ৰেষ্ট হাউচৰ প্ৰায় লগতে৷ তাতে নিজৰ ‘আই কাৰ্ড’ আৰু নাম কোৱাত তেওঁলোকে ফটো তুলি আমাক একোখনকৈ কাৰ্ড দিলে, যিখন যাত্ৰাৰ চেক পষ্টবোৰত আৰু মন্দিৰত সোমাবৰ সময়ত প্ৰয়োজন হয়৷ এইখিনি সংগ্ৰহ কৰোঁতেও আমি বেছি সময় লাইনত ৰ’ব লগা হোৱা নাছিল৷

প্ৰায় সন্ধ্যা পাঁচমান বজাত আমি খোজকাঢ়ি ‘মা বৈষ্ণো দেৱী’ মন্দিৰলৈ বুলি মনত দুৰ্বাৰ উৎসাহ আৰু ভক্তি লৈ যাত্ৰা আৰম্ভ কৰিলো৷ এই কাৰ্যালয়ৰ পৰা ছয়-সাত মিনিট খোজ কঢ়াৰ পাছত প্ৰথম আৰু মুখ্য চেকগেটখন পালো৷ তাতে আমাৰ পৰা আৰ্মিৰ লোকজনে বিদায় ল’লে আৰু ‘মা অৰ্দ্ধকুমাৰী’ মন্দিৰৰ ওচৰত নিৰ্দিষ্ট এজন সেনা বাহিনীৰ লোকে লগ কৰিব বুলি আশ্বাস দিলে৷ আমাক এইখিনিলৈকে আগবঢ়াবলৈ অহা সেনা জোৱানজন অসমৰ৷ আমি বাকচবোৰ লকৰুমত থ’বলৈ যাওঁতে আমাৰ কথা বতৰা শুনি তেওঁ মোক ক’ৰপৰা আহিছো সুধিছিল৷ তেখেতৰ ঘৰ বৰপেটাত৷ দাস উপাধিৰ জোৱানজনক দাদায়ো চিনি পোৱাত একেলগে আমাৰ লগত চাহ খাবলৈ ইচ্ছা কৰাত চাহ খুৱাই আমাক আগবঢ়াই থৈ গৈছিলহি৷ তেখেতসকলৰ আন্তৰিকতা সদায়েই স্মৰণীয় হৈ ৰ’ব৷

প্ৰথমখন চেকগেটৰ পৰা ঘোঁৰাৰ পালসমূহ অতিক্ৰম কৰি আমি আগবাঢ়িলো৷ এক-দুই কিল’মিটাৰ যোৱাৰ পাছতে বাটৰ দুয়োকাষে শাৰী শাৰী দোকান আৰম্ভ হৈছে৷ দোকানৰ বস্তুবোৰ ডিঙি মেলি মেলি চাই আগবাঢ়িছো৷ পুৰুষ সমাজৰ পৰা সকিয়নি আহিছে– এইখিনিত ৰ’ব নালাগে, বহুদূৰ যাবলৈ আছে, লাহে লাহে আগবাঢ়িব লাগে৷ সেইমতেই আমি আগবাঢ়িছো৷ তলত কাৰ্ড দিয়া কাৰ্যালয়ৰ পৰা মা বৈষ্ণো দেৱী মন্দিৰলৈ পোন্ধৰ কিল’মিটাৰ; চেকগেটখনৰ পৰা ১৩ কি: মি: ৷ আমাৰ লক্ষ্য প্ৰথম ‘মা অৰ্দ্ধকুমাৰী’ মন্দিৰ দৰ্শণ এক বহাগতে কৰি ৰাতিটো ‘মা বৈষ্ণো দেৱী’ মন্দিৰলৈ আগবঢ়া৷ সেনা জোৱান সকলৰ পৰা জানিছিলো যে সন্ধ্যা ছয় বজাৰ পৰা আঠ বজালৈ মন্দিৰত আৰতি হয়৷ এইখিনি সময়ত মন্দিৰৰ দুৱাৰ বন্ধ থাকে, গতিকে আঠ বজাৰ পাছত আমি ‘মা অৰ্দ্ধ কুমাৰী’ মন্দিৰ দৰ্শণ কৰিব পাৰিম৷ গতিকে আৰু চাৰিঘণ্টামান খোজ কাঢ়িব লাগিব, প্ৰায় আঠ কি: মি: ৷

অৰ্দ্ধকুমাৰী মন্দিৰৰ কথা মই আগতে একো জনা নাছিলো৷ কেৱল বৈষ্ণোদেৱীৰ মন্দিৰৰ বিষয়েহে শুনি আছিলো৷ ইয়ালৈ আহিহে গম পালো যে বৈষ্ণো দেৱীৰ মন্দিৰৰো তিনি কি: মি: মান ওপৰলৈ ‘বাবা’ৰ মানে ‘ভৈৰৱ বাবা’ৰ মন্দিৰো আছে৷ শৰীৰে যিমান টানিব পাৰে যাম বুলি আগবাঢ়িছো৷ মাজে মাজে ৰৈ জিৰাইছো, ক’ৰবাত কোনোবাই ফলৰ ৰস খাইছে, কোনোৱে চাহ- কফি খাই আগবাঢ়িছে৷ মাজতে আমি খোজ কাঢ়িবলৈ সুবিধা হব বুলি বিছ টকা দি দি লাঠি একোডালকৈ কিনি ল’লো৷ দিনতে ব্ৰেকফাষ্ট খোৱাৰ পাছৰ পৰা গধুৰ খাদ্য নোখোৱাৰ বাবে মাজে মাজে ভোক লাগিছিল যদিও বাটৰ পাতল আহাৰেৰে শৰীৰটো পাতল কৰি আগবাঢ়ি গৈছো৷ বছৰৰ প্ৰথম কাৰণেই নে কি নাজানো কিন্তু বহু লোকৰ সমাগম হৈছিল৷ ভাগৰ লাগিলেও আমাৰ দলৰ জ্যেষ্ঠ জেশাহুৱেই ঘোঁৰা বা দোলাত উঠিবলৈ মন নকৰাত আমিবোৰেও ভৰি দুখনৰ ওপৰতে ভৰষা কৰি আগবাঢ়ি গৈ আছো৷ য’তে জিৰাবলৈ বুলি ৰৈছো তাতে ফটো একোখন তুলিছো, মনৰ উদ্যম বাঢ়ি গৈছে৷ হাঁহি ফুৰ্তি, কথাৰ মাজেৰে ভৰি দুখনে গতি লৈছে৷ কোনোবা আগবাঢ়ি গৈছে যদি আঁতৰত গৈ ৰৈ পুনৰ টিমৰ সংগ দিছে৷ ভাগৰ কেনি পলাইছে ততকে নোপোৱা হৈছো৷

আধা কি: মি: খোজ কাঢ়িবলৈ এলাহ কৰা মই জনীয়ে কেনেকৈ ছয়- সাত কি: মি: খোজ কাঢ়িছো কব নোৱাৰো৷ মনলৈ নোৱাৰিম যেন ভাৱ আহিব খুজিলেও কণ কণ ল’ৰা-ছোৱালীবোৰে দুপদুপাই জয়ধ্বনি দি আগবাঢ়ি যোৱা দেখিলে মনলৈ হেৰোৱা উদ্যম ঘূৰি আহে৷ মাজে মাজে দুই তিনি ঠাইত ঢোল বজাই থকা লোকসকলৰ ওচৰত দুই একে হাত দাঙি দাঙি নচা দেখিলে মনটো আৰু ভাল লাগি যায়৷ মুঠতে মানুহৰ ৰেহ-ৰূপ চাই মনৰ জোৰত খোজ লৈছো৷ বাটত দুই তিনি ঠাইত থকা চেক গেটত সকলো যাত্ৰীকে চেক কৰিছিল৷ এঠাইত অসমীয়া কথা শুনি উভতি চাই দেখো পাঁচ ছয়জনমান অসমীয়া ডেকা ল’ৰাই নিজৰ ভিতৰতে কথা পাতি আমাৰ কাষেদিয়েই পাৰ হৈ গৈছে৷ চিনাকি হোৱাৰ সুবিধা নহ’ল তেওঁলোকৰ লগত৷ অলপ ওপৰলৈ আমাৰ মাত কথা শুনি এজন ডেকাই আগবাঢ়ি চিনাকি হ’ল- নৱবিবাহিতা পত্নীৰ সৈতে আহিছে, অসমৰে যদিও চাকৰি সূত্ৰে জম্মুত থাকে৷ খোজ কাঢ়িয়েই কথা হ’লো — ৰ’বলৈ কাৰো সময় নাই৷  সকলোৰে গতি কেৱল আগলৈ৷

☆☆
অৰ্দ্ধকুমাৰী মন্দিৰ দৰ্শন:

সেইদিনাই অৰ্থাৎ ১৫ তাৰিখে আমি ৰাতি ৯:৩০ মান বজাত অৰ্দ্ধকুমাৰী মন্দিৰৰ ওচৰ পালো৷ মন্দিৰ পোৱাৰ এক কি: মি: ৰ মান তললৈকেহে ঘোঁৰা আহিবলৈ দিয়ে৷ সেইখিনিৰ পৰা ওপৰলৈ খোজ কাঢ়ি যাব লাগে৷ এই এক কি: মি: আগবাঢ়ি আমি মানুহৰ ভিৰ দেখি আচৰিত হৈ পৰিলো৷ বহু লোকে মাটিত শুই আছে, বহুলোক বহি আছে, অহা আহিছে, যোৱা গৈছে— মুঠতে লোকে লোকাৰণ্য৷ আমাক কৈ পঠোৱা মতে সেনা জোৱানজনৰ লগত ফ’নেৰে যোগাযোগ কৰিলো৷ এইকণ সময় আমি অলপ বহি জিৰাইছো৷ বহিবলৈ ওখ ওখ চিৰি সাজি দিছে ধুনীয়াকৈ৷ বহি থাকোতেই দুই এজনৰ লগত কথা পাতি গম পালো যে– কোনো কোনো অহা আজি দুদিন হ’ল৷ দুদিন ৰৈ টিকটৰ মতে যাবৰ বাবে ৰৈ আছে৷ তাতে ওচৰৰ দোকানতে খাইছে, বাটৰ প্ৰসাৱগাৰতে দৈনন্দিন কামবোৰো কৰিছে৷ গোটেই ৰাস্তাটোত প্ৰসাৱগাৰৰ সুবিধা প্ৰশংসনীয়, লগতে লাইট আৰু লোৰ গ্ৰিলৰ বন্ধন, ওপৰত টিনৰ চালি– যাত্ৰীসকলৰ সুবিধাৰ বাবে বৰ সুন্দৰ ব্যৱস্থা কৰি ৰাখিছে৷

মন্দিৰলৈ সোমোৱাৰ আগতে বেগ, জোতা, মবাইল আদি সকলো সামগ্ৰী বিনা মাচুলত লকৰুমত থৈ যোৱাৰ ব্যৱস্থা আছে৷ সেনা জোৱানজনে দেখুৱাই দিয়া মতেই আমি লকৰুমত বস্তুবোৰ থৈ মন্দিৰত দিবলৈ হাতত কেইটামান টকা লৈ ল’লো৷

দাদাৰ অনুগ্ৰহত আমি ইয়াতো দীঘলীয়া শাৰীত ৰ’ব লগা নহ’ল৷ সেনা জোৱানজনে আমাক বিশেষভাৱে ভিতৰৰ মন্দিৰৰ গেটখনলৈকে আগবঢ়াই দি বিদায় ল’লে৷ ভিতৰতো দুই তিনিটা শাৰী আছে, এঘণ্টামান সময় লাগিব বুলি মনতে অনুমান কৰিলো৷ তেতিয়ালৈ দহ বাজি ত্ৰিছ মিনিট পাৰ হৈছিল৷ ভিতৰৰ মাৰ্বল দিয়া পকাত বহি বহি আগবাঢ়িছো৷ মনতে ভাবিছো আজি দিনটোত মানে ৰাতি বাৰ বজাৰ আগতে দৰ্শণ পালেই হয় যেন৷

মন্দিৰৰ একেবাৰে সমুখ পাই বুকুখন ধপ্ ধপাই উঠিল৷ মানুহবোৰে বহি লৈ মুৰটো সুমুৱাই পাছত পেটপেলাই চুচৰি চুচৰি আগবাঢ়িছে৷ সোমোৱাটোহে দেখি, অতি ঠেক বাট৷ এইটো ‘গৰ্ভ জুন’ বুলি কয়৷

ইয়াৰো এটি কাহিনী আছে৷ প্ৰবাদ মতে– “মা বৈষ্ণো দেৱী“য়ে কুমাৰী ৰূপ লওঁতে “ভৈৰৱ বাবা“ দেৱীৰ ৰূপত মোহিত হয়, আৰু কন্যাৰ ঐশ্বৰিক শক্তিৰ প্ৰতি আকৰ্ষিত হৈ পৰীক্ষা ল’বৰ মনেৰে ত্ৰিকূট পৰ্বতলৈকে দেৱীক অনুসৰণ কৰে৷ “ভৈৰৱ বাবা“ ৰ পৰা পৰিত্ৰাণ পাবৰ বাবে পলায়ন কৰি কন্যা ৰূপী বৈষ্ণো দেৱীয়ে এই গুহাত মাতৃ গৰ্ভত সোমোৱাৰ দৰে ন-মাহ দিন লুকাই (ধ্যানত ) আছিল৷ সেই সময়ত দেৱীয়ে বীৰ হনুমানক ভৈৰৱ বাবাৰ পৰা ৰক্ষা পাবলৈ সহায় বিচাৰিছিল, আৰু হনুমানে গুহাৰ বাহিৰত ভৈৰৱ বাবাৰ লগত যুদ্ধত লিপ্ত হৈ দেৱীক ৰক্ষা কৰিছিল ৷ এই গুহাৰ সমুখভাগ অতি ঠেক আৰু ভিতৰভাগ অঁকোৱা পকোঁৱা৷ প্ৰায় ১৫ ফুট দৈৰ্ঘ্যৰ এই পথটি পাৰ হবলৈ ত্ৰিছ ছেকেণ্ডমান সময় লাগে৷ পাছত দেৱীয়ে গুহাৰ আনটো দিশেৰে ওলাই ত্ৰিশূলেৰে ভৈৰৱ বাবাৰ মুৰটো কাটি হত্যা কৰিছিল৷ যি ঠাইত বাবাৰ কটা মুৰতো পৰিছিল তাতে “ভৈৰৱবাবা“ৰ মন্দিৰ স্থাপন হৈছিল৷ অৰ্দ্ধকুমাৰীৰ কাষতে দেৱীৰ চৰণ পাদুকাও আছে৷

মা বৈষ্ণো দেৱীৰ যাত্ৰাৰ ঠিক মাজতে এই মন্দিৰটি আছে৷ এই দেৱী মাৰ দৰ্শন কৰিলেহে যাত্ৰা সম্পূৰ্ণ হয় বুলি জনবিশ্বাস আছে৷ মন্দিৰৰ ভিতৰত জয়ধ্বনি দিয়াৰো মানা আছে৷ সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৪,৮০০ ফুট ওপৰত এই মন্দিৰ অৱস্থিত৷

ভগৱতীক চিন্তা কৰি মনত সাহস গোটাই গুহাৰ দিশে আগবাঢ়িলো৷ শৰীৰৰ কলেৱৰৰ বাবে মাজতে লাগি ধৰো বুলিও শংকা লাগিছে; তথাপিও ইমানবোৰ মানুহ পাৰ হোৱা দেখি মনোবলো পাইছো৷ গুহাৰ সমুখ পাই “দেৱী মা“ ক দীঘলীয়া সেৱা এটি জনাই মুৰটো সুমুৱাই চুচৰি আগবাঢ়িছো৷ মোৰ আগত দাদা, ডাঙৰ জেশাহু, ভাগিনীজনী আছে৷ ভিতৰত লাইটৰ সুব্যৱস্থা আছে৷ কিন্তু গাটো ইফাল সিফাল কৰিব নোৱাৰি৷ যেনেকৈ পেট পেলাই সোমোৱা যায়, তেনেকৈয়ে আগবাঢ়িব লাগে৷ অতি কম সময়ৰ যদিও এইচোৱা বাটেই বহু দীঘলীয়া যেন লাগিছিল৷ দাদা প্ৰথমে ওলাই আমাক হাতত ধৰি টানি ওলোৱাত সহায় কৰি দিলে৷ পাছত আমিও সকলোকে ওলোৱাত সহায় কৰি দিলো৷ গুহাৰ ভিতৰৰ শিলবোৰ যথেষ্ট মিহি বাবে চুচৰি আগবাঢ়োতে একো অসুবিধা হোৱা নাছিল৷ ঠিক ৰাতি 11: ৩০/৪৫ মান বজাত আমাৰ “অৰ্দ্ধ কুমাৰী মা“ক দৰ্শন কৰা হৈ গৈছিল৷ আমিও সুখী হৈছিলো যে পৰিকল্পনা মতেই এক বহাগত “মা“ ৰ দৰ্শন লাভ কৰিছিলো৷ এইয়া হয়তো সেনা বাহিনীৰ সহায় নোপোৱা হলে কেতিয়াও সম্ভৱ নহ’লহেঁতেন৷ মনেৰেই তেওঁলোকক কৃতজ্ঞতা জনালোঁ৷

পাছত আমি লকৰুমৰ পৰা বয়-বস্তুবোৰ লৈ কিবা এটি খোৱাৰ বাবে ওচৰৰে হোটেললৈ গ’লো৷ ওচৰতে বহু হোটেলত চৌবিছ ঘণ্টাই নিৰামিষ আহাৰ পোৱা যায়৷ ৰাতি বাৰ বাজি যোৱাত আমি ৰাতিৰ আহাৰ গ্ৰহণ কৰিলো৷ গৰম গৰম তন্দুৰ ৰুটি আৰু পনীৰ তৰকাৰীৰে ভোক নিবাৰণ কৰি পুনৰ সতেজ অনুভৱ কৰিলো৷

যাত্ৰা অব্যাহত ৰাখিব লাগিব– “মা বৈষ্ণো দেৱী“ৰ দৰ্শন বাকী আছেই৷ ইয়াৰ পৰা আৰু সাত কি: মি: ওপৰলৈ যাত্ৰা কৰিবলৈ বুলি সাজু হ’লো সকলো৷

☆☆
‘বৈষ্ণো দেৱী মা’ৰ দৰ্শণ

নিশা বাৰ বজাৰ পাছত আমি ‘মা বৈষ্ণো দেৱী’ মন্দিৰৰ দিশে অগ্ৰসৰ হ’লো৷ তলৰ সেনা জোৱানসকলৰ পৰামৰ্শ মতে আমি অৰ্দ্ধকুমাৰী মন্দিৰৰ কাষৰ পথেদি আগবাঢ়িলো৷ ইয়াৰ বাহিৰেও আৰু এটা ৰাস্তা আছে যিটো বহুত থিয়৷ সেয়েহে তেওঁলোকৰ কথামতেই অলপ কম ঢালৰ পথেৰে পুনৰ যাত্ৰা কৰিলো৷ এইখিনি পথত ঘোঁৰা অহাৰ ব্যৱস্থা নথকা বাবে অলপ মুকলি যেন লাগিল৷ কেৱল দোলাৰেহে যাব পাৰি৷ কিছুমান বেটাৰী গাড়ীৰ সুবিধা আছে যদিও এইকেইদিন যাত্ৰীৰ ভিৰৰ বাবে বেটাৰীৰ চাৰ্জ কৰিব নোৱাৰা বাবে আগদিনাখনৰ পৰা এইবোৰ গাড়ীৰ চলাচলো বন্ধ আছিল৷ সৰু সৰু ল’ৰা ছোৱালীবোৰক তাৰে মানুহবোৰে বোকোচাত বান্ধি লৈ গৈছিল৷ এইদৰে আঠ দহ বছৰীয়া শিশুকো বোকোচাত বা কান্ধত লৈ ওপৰলৈ খপ্ খপকৈ উঠি যোৱা দেখিলে তেওঁলোকৰ শাৰীৰিক কষ্ট কৰি পোৱা ধনকেইটাৰ মূল্য কিমান হব পাৰে ভাবি বুকুখন বিষাই গৈছিল৷ দোলাভাৰী কেইজনৰ কষ্ট দেখিলেও খোজকাঢ়ি যোৱাই উত্তম বুলি ভাবিছিলো৷ সদাই এইদৰেই কষ্ট কৰি কিমান বাৰ ওপৰলৈ অহা-যোৱা কৰে ভাবিলে আচৰিত লাগে৷ বাটত কেইজনমানে ভৰি মালিচ কৰিবলৈ বিচাৰি সুধি ফুৰিছিল৷ এইদৰেই গোটেই ৰাতি জিৰাই শতাই আমি হাজাৰ হাজাৰ লোকৰ লগত আগুৱাই গৈছিলো৷ মাজে মাজে দুই এজনক আৰু কিমান দূৰ আছে সুধিবলৈও নাপাহৰিছিলো৷ ওপৰলৈ যিমান মানুহ গৈছিলো, উভতি নামিও আহিছিল সমানেই৷ অনৰ্গল মানুহৰ অহা-যোৱা৷ উভতি অহা কোনো লোকে বাটৰ কাষতে কম্বল লৈ শুই পৰিছিল৷ উল্লেখযোগ্য যে অৰ্দ্ধকুমাৰী মন্দিৰৰ ওচৰত কম্বল যোগান ধৰা এটি কাৰ্যালয়ো আছে৷

পোহৰ হোৱাৰ প্ৰায় লগে লগে আমি “মা বৈষ্ণো দেৱী“ মন্দিৰৰ সমীপত উপস্থিত হ’লো৷ পুৱা 6:20 ৰ পৰা পুৱাৰ আৰতি হয়, তাৰ আগতেই ভগৱতীক দৰ্শণ কৰিবলৈ বুলি লৰালৰিকৈ পুনৰ লকৰুমত বস্তু বাহানি, জোতা আদি থৈ শাৰীত থিয় হ’লো৷ এইখিনিতো আমি বহু দীঘল শাৰীত ৰ’ব লগা হোৱা নাছিল৷ মন্দিৰৰ ভিতৰৰ শাৰীত থিয় হৈ আগবাঢ়ি গ’লো৷ মনত এক অনাৱিল প্ৰশান্তি লাভ কৰিলোঁ৷ পুৰণি গুহাৰ কাষত আধুনিক কাৰু-কাৰ্যৰে দেৱীৰ আৰাধনাৰ স্থলী৷ গুহাৰ ভিতৰলৈ আজিকালি সোমাবলৈ নিদিয়ে( ভক্তৰ সংখ্যা কম হলে আজিকালিও দিয়ে বুলি শুনিবলৈ পালো পাছত)৷ এই গুহাৰ দৈৰ্ঘ্য 30 মিটাৰ আৰু উচ্চতা 1.5 মিটাৰ৷ কিন্তু গুহাৰ মুখখনেৰে ভিতৰলৈ জুমি চাব পাৰিছিলো৷ তাৰপৰাও পুনৰ শাৰী পাতি আগুৱাই অলপ দূৰ যোৱাৰ পাছত “তিন পিণ্ড“ (মূৰ্তি) ৰূপী দেৱীৰ এক মুহুৰ্তৰ বাবে দৰ্শণ কৰিবলৈ পালো৷ দেৱীৰ “তিন পিণ্ড“ৰ মাজত- মহা সৰস্বতী, সোঁফালে- মহা কালী আৰু বাওঁফালে- মহা লক্ষ্মীৰ অৱস্থান৷ মা বৈষ্ণো দেৱী ইয়াত অদৃশ্য ৰূপতহে আছে, যদিও ইয়াক “মা বৈষ্ণো দেৱী“ৰ মন্দিৰ বুলিয়েই কোৱা হয়৷

ইয়ৰো এক কাহিনী আছে৷ দেৱী মাৰ দৰ্শন লাভ কৰি জীৱন ধন্য হোৱা যেন অনুভৱ হ’ল৷ সঁচাকৈয়ে দেৱীৰ আশীৰ্বাদ নহ’লে পৰ্বতৰ শিখৰলৈ এনে এক দীঘলীয়া যাত্ৰা কেতিয়াও সম্ভৱ নহ’লহেঁতেন৷ ভক্তিত শিৰ নত হৈ ৰ’ল৷ গোটেই ৰাতি টোপনি খতি কৰি খোজ কাঢ়িও ভাগৰ নলগা যেন অনুভৱ হ’ল৷ দেৱীক দৰ্শণ কৰি দুখ – ভাগৰ সকলো পাহৰি পেলালো৷ দেৱীৰ মন্দিৰৰ প্ৰসাদ শিৰত লৈ ওভতনি যাত্ৰাৰ বাবে সাজু হ’লো৷

খোজাকাঢ়ি তললৈ এচোৱা নামি গম পালো বেটেৰী গাড়ীবোৰ চলিছে, কিন্তু  টিকট ল’বলৈ পুনৰ শাৰী পাতিব লাগিব৷ আইকাৰ্ড চাই এজনক দুটাকৈ টিকট দিয়ে৷ চাৰিজনে আধাঘণ্টাৰ ওপৰ শাৰী পাতিলো, কিন্তু টিকট শেষ হল– আমি নাপালো৷ খোজ কাঢ়িয়েই যাব লাগিব বুলি পুনৰ বাট ল’লো৷ অলপ দুৰ অহাৰ পাছত কম মানুহ থকা এখন বেটেৰী গাড়ী পাই থেপা থেপিকৈ অৰ্দ্ধকুমাৰী মন্দিৰৰ ওচৰলৈকে প্ৰায় তিনি কি: মি: ৰাস্তা আহিলো৷ “পুনৰ মুচিকো ভৱ: “- বুলি খোজৰ গতি বঢ়ালো৷ বাটতে এগৰাকীৰ পৰামৰ্শত চিৰিৰে নামিলে ওচৰ হব বুলি চিৰিৰে নামিলো৷ কিন্তু তেতিয়ালৈ সকলোৰে ভৰিৰ শক্তি কমি আহিছিল৷ ওখ ওখ চিৰিবোৰ নামোতে মোৰ আঠুটো সুলকি পৰিব যেন অনুমান হৈছিল৷ প্ৰায় এহেজাৰৰ ওপৰ চিৰি বগালো যেন অনুমান হল৷ কৰবাত 125 টা, কৰবাত 565টা, কৰবাত 52 টা — এনেকৈ বহুবাৰ চিৰিৰে নামি দিনৰ প্ৰায় 1: 00 বজাত সম্পূৰ্ণ 20 ঘণ্টীয়া পদযাত্ৰাৰ সামৰণি মাৰি আমি আমাৰ ৰেষ্ট কেম্প পালোহি৷ তাতে সকলোৱে হাত-মুখ ধুই, অলপ জিৰাই দিনৰ দুই বজাত ৰেষ্ট কেম্পৰ পৰা গাড়ীৰে অমৃতসৰ অভিমুখে ৰাওনা হ’লো৷ ওভতনি ৰাস্তাতে দিনৰ আহাৰ গ্ৰহণ কৰি ললো৷

‘মা বৈষ্ণো দেৱী’ৰ দৰ্শণ লাভ কৰি কৃতাৰ্থ হৈ মাৰ আশীৰ্বাদ শিৰত লৈ কাটৰা এৰিলোঁ৷ ভৈৰৱ বাবাৰ দৰ্শণৰ বাবে শৰীৰ আৰু মন দুয়োটাই দুৰ্বল হৈ পৰিছিল৷ ওপৰতে এৰাতি থকাকৈ নগ’লে তিনি স্থান দৰ্শন কৰা সম্ভৱ নহয়৷
☆☆
-জয় মাতা দি- মা বৈষ্ণো দেৱীৰ অমৰ কথা ::

মা বৈষ্ণো দেৱীৰ মন্দিৰত দেৱী অদৃশ্য অৱস্থাতহে আছে৷ দেৱীয়ে শ্ৰীৰামচন্দ্ৰই লংকাৰ পৰা উভতি অহাৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণৰ অপেক্ষাত আজিও অদৃশ্য ৰৃপতেই আছে৷

এই সম্পৰ্কত কথিত আছে যে— ধৰ্ম ৰক্ষাৰ বাবে ভগৱান শ্ৰীবিষ্ণুৰ অংশৰ পৰা দক্ষিণ ভাৰতৰ ৰামেশ্বৰম পৰ্বতত পণ্ডিত ৰত্নাকৰৰ ঘৰত এগৰাকী কন্যা সন্তানৰ জন্ম হৈছিল৷ ন বছৰ বয়সত এই কন্যাই জানিব পাৰিছিল যে, ভগৱান বিষ্ণুৱে ৰামচন্দ্ৰৰ ৰূপে পৃথিবীত জন্ম গ্ৰহণ কৰিছে৷ দেৱী “ত্ৰিকূটা“ই শ্ৰীৰামক পতিৰূপে পাবলৈ তপস্যা কৰিবলৈ ধৰিলে৷ সীতা হৰণৰ সময়ত শ্ৰীৰামে যেতিয়া সীতাক বিচাৰি ৰামেশ্বৰমলৈকে গৈছিল, তেতিয়াই দেৱীৰ লগত প্ৰথম দৰ্শণ হয়৷ দেৱী ত্ৰিকূটাই শ্ৰীৰামক পতি ৰূপে পাবলৈ ইচ্ছা প্ৰকাশ কৰাত শ্ৰীৰামে এগৰাকী পত্নী ব্ৰতত বচন বদ্ধ বুলি অৱগত কৰি বিবাহ কৰাবলৈ অসন্মতি প্ৰদান কৰিছিল৷ দেৱীৰ অনুনয় বিনয়ত পাছত শ্ৰীৰামে প্ৰতিশ্ৰুতি দিছিল যে– “লংকাৰ পৰা ওভতি আহি তেওঁ দেৱীৰ ওচৰলৈ আহিব, যদিহে দেৱীয়ে শ্ৰীৰামক চিনিব পাৰে, তেতিয়াহে বিবাহ কৰাব৷ “

শ্ৰীৰামেও নিজৰ কথা মতেই লংকাৰ পৰা উভতি দেৱী ত্ৰিকূটাৰ ওচৰলৈ গৈছিল যদিও শ্ৰীৰামৰ চলনাৰ বাবে দেৱীয়ে চিনিব নোৱাৰিলে৷ পাছত ৰামে দেৱীৰ দুখ বুজিব পাৰি ত্ৰিকূট পৰ্বতৰ এই গুহাত অপেক্ষা কৰিবলৈ ক’লে; আৰু কলিযুগত যেতিয়া শ্ৰীৰামে পুনৰ অৱতাৰ ল’ব তেতিয়া বিবাহ কৰাব বুলি আশ্বাস দিলে৷

ভগৱান শ্ৰীৰামৰ কথা সাৰোগত কৰি দেৱী এতিয়াও শ্ৰীৰামৰ অপেক্ষাত অদৃশ্য ৰূপত বিৰাজ কৰি আছে বুলি জনবিশ্বাস৷
☆★☆

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.