হেম বৰুৱাৰ “The Red River and the Blue Hill”: এটি চমু আলোচনা (ভাস্কৰজ্যোতি দাস)

হেম বৰুৱাৰ “The Red River and the Blue Hill”: এটি চমু আলোচনা (ভাস্কৰজ্যোতি দাস)

হেম বৰুৱাৰ “The Red River and the Blue Hill”: এটি চমু আলোচনা (ভাস্কৰজ্যোতি দাস)

by May 15, 2017 0 comments

হেম বৰুৱাদেৱক অসমীয়াৰ আগত নতুনকৈ পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই৷ তথাপিও নজনাসকলে জনাকৈ তেখেতৰ বিষয়ে কেইটামান বাক্যৰে লেখাটো আৰম্ভ কৰিছোঁ৷

এইজনা মহান ব্যক্তিয়ে ১৯৬০ চনত চীনে ভাৰত আক্ৰমণ কৰি তেজপুৰ চহৰলৈকে আগবাঢ়ি অহাৰ সময়ত সাংসদ হিচাবে লোকসভাত বলিষ্ঠ ভুমিকা পালন কৰিছিল৷ দেশৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে “My heart goes to the people of Assam” বুলি অসম আৰু ইয়াৰ মানুহখিনিক বিদায় দিয়াৰ সময়ত স্বদেশ আৰু স্বজাতিৰ এনে অপমানত তেখেতে সংসদত গৰজি উঠিছিল৷ অধ্যায়নপুষ্ট এটি সুন্দৰ মনৰ গৰাকী হেম বৰুৱা গুৱাহাটীৰ ভোলানাথ বৰুৱা কলেজৰ অধ্যক্ষ আছিল৷ তেখেত এজন সুবক্তা হোৱাৰ লগতে আধুনিক অসমীয়া কবিতাৰ জনকস্বৰূপ আছিল৷ সাহিত্য চৰ্চা, বাগ্মিতা আৰু দেশ-বিদেশ ভ্ৰমণৰ অভিজ্ঞতাপুষ্ট এইজন জাতীয় নায়কৰ জীৱনৰ দৰ্শন আছিল সমাজবাদ৷ নিজৰ জীৱনকালত এইজনা মহানায়কে বহুকেইখন কবিতা পুথি, ভ্ৰমণ কাহিনী লিখি অসমীয়া ভাষা সাহিত্যৰ জগতখনলৈ ভালেখিনি অৱদান আগবঢ়াইছিল৷ তেওঁ ইংৰাজী ভাষাত লিখা পুথি “The Red River and the Blue Hill” হ’ল অসম, ইয়াৰ ইতিহাস তথা অসমীয়া সমাজ জীৱনক তুলি ধৰা এক মনোমোহা চিত্ৰকল্পৰ আক্ষৰিক প্ৰকাশ৷ বুৰঞ্জীয়ে ঢুকি পোৱা সময়ৰ পৰা স্বাধীনতাৰ পাছৰ অসমখনিত থকা অসমীয়াৰ জীৱন গাঁথা হৈছে বৰুৱাদেৱৰ এই পুথিখন৷

এই কিতাপখন লিখাৰ আঁৰৰ তাগিদাৰ কথা লিখকে পাতনিতে উল্লেখ কৰিছে৷ এটা সময়ত অসমৰ তথা অসমীয়াৰ প্ৰতি বাহিৰৰ মানুহখিনিৰ ধাৰণা আছিল যে এইখন জংঘলেৰে ভৰা, সভ্যতাৰ পোহৰ নপৰা, তন্ত্ৰ মন্ত্ৰৰে আৱিষ্ট এসোপামান বৰ্বৰ লোকৰ দেশ৷ অৱশ্যে ইয়াৰ বাবে বাহিৰৰ মানুহবোৰক দোষ নিদি তেখেতে আন ঠাইৰ দৰে অসমত যোগাযোগ, যাতায়তৰ সুব্যৱস্থা নথকাটোকে ইয়াৰ মুল কাৰণ হিচাবে চিহ্নিত কৰিছে৷ লগতে অসম সম্পৰ্কে তথ্য সম্বলিত পুথি প্ৰকাশ হ’লেও বাহিৰৰ মানুহৰ উপযোগী হোৱাকৈ ইংৰাজী ভাষাত পুথি নিলিখাটোও এটা মুল কাৰণ বুলি তেখেতে উল্লেখ কৰিছে৷ সেয়ে অসমীয়া জাতি, বিভিন্ন জনগোষ্ঠীৰ স্বকীয় উপাদান, লোক সংস্কৃতি আৰু পৰম্পৰা, ভাষা-সাহিত্য, প্ৰাচীন ঐতিহ্য আৰু বুৰঞ্জী-ভোগোলৰ সাম্যক ধাৰণা দিয়াৰ উদ্দেশ্যেই লিখকে পুথিখন লিখাৰ কথা চিন্তা কৰে বুলি উল্লেখ আছে৷ পুথিখনৰ নামটোৰ ক্ষেত্ৰত লেখকে দ্বিতীয় মহাসমৰৰ সময়ত জাপানী সেনাৰ বিৰুদ্ধে যুঁজিবলৈ অহা এজন বিদেশী সেনাৰ প্ৰতিহে কৃতজ্ঞতা জ্ঞাপন কৰিছে৷

লেখকে প্ৰাচীন কামৰূপ, প্ৰাগজ্যোতিষপুৰ আৰু অসমৰ উৎপত্তিৰে বুৰঞ্জীভাগৰ পাতনি মেলিছে৷ এই ক্ষেত্ৰত যোগিনীতন্ত্ৰ, কালিকাপুৰাণ আদিসমূহ পুথিৰ উদ্ধৃতিৰে বুৰঞ্জীৰ চুব নোৱাৰা সময়খিনিত অসুৰ-দানৱৰ নৃপতি নৰকাসুৰ, তেওঁৰ ৰাজ্য প্ৰাগজ্যোতিষপুৰ, শোণিতপুৰৰ ৰজা বানৰ জীয়াৰী ঊষা আৰু অনিৰুদ্ধৰ বিয়া, কামাখ্যা মন্দিৰ, মহাভৈৰৱ মন্দিৰ নিৰ্মান ইত্যাদিবোৰ কাহিনীৰ থুলমুল বিৱৰণ আগবঢ়াইছে৷ বুৰঞ্জীৰ কথা উল্লেখ কৰি তেখেতে অসমৰ বুৰঞ্জীৰ নিৰ্ভৰযোগ্যতাৰ ভিত্তিবৰ্ষ হিচাবে ৬৪৩ খৃষ্টাব্দকহে চিহ্নিত কৰিছে যি সময়ত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপলৈ আহি কুমাৰ ভাস্কৰ বৰ্মাৰ আতিথ্য গ্ৰহণ কৰি এই ঠাইখনৰ বিষয়ে এটি চমু টোকা লিখিছিল৷ অৱশ্যে এই সময়ৰ তাম্ৰফলি, বিভিন্ন পুৰাণ, কালহানৰ “ৰাজতৰঙ্গিনী”, বাণভট্টৰ “হৰ্ষচৰিত” আদিত পোৱা সমলেৰে এৰি অহা সময়ৰ বুৰঞ্জীৰ কিছু আভাস পোৱা যাব বুলি লেখকে উল্লেখ কৰিছে৷

একেদৰে ১২২৮ খৃষ্টাব্দত চীনদেশৰ য়ুনান প্ৰদেশৰ পৰা অহা শ্বান টাই জাতিৰ চাওলুং চ্যুকাফাৰ নেতৃত্বত পাটকাই পাৰ হৈ অসমত প্ৰৱেশ কৰা দলটোৱে থলুৱা আদিবাসীসকলৰে চুতীয়া, মৰাণ, বৰাহী, কছাৰী, বড়ো ইত্যাদিৰ লগত প্ৰয়োজনসাপেক্ষে বন্ধুত্ব কৰি আৰু প্ৰয়োজনসাপেক্ষে যুদ্ধ কৰি বৰ অসমৰ ভেটি গঢ়ে বুলি উল্লেখ আছে৷ প্ৰায় ৬০০ বছৰৰো অধিক কাল শাসন কৰা টাই আহোমসকলৰ প্ৰশাসন, কৰ সংগ্ৰহ, সমৰকলাৰ নিপুণতা ইত্যাদিবোৰ অভুতপূৰ্ব আছিল৷ একেদৰে লেখকে পশ্চিম কামৰূপত পঞ্চদশ শতিকাৰ শেষৰ ফালে কোঁচ নৃপতি বিশ্ব সিংহৰ দ্বাৰা কমতাপুৰ স্থাপন কৰাটোও সমানে উল্লেখনীয় বুলি উদ্ধৃতি দি কোঁচৰজাসকলৰ বীৰ বিক্ৰমৰ গাঁথা পুথিখনত সন্নিৱিস্ত কৰিছে৷

পৰৱৰ্তী সময়ত মোগলে আহোম ৰাজ্য সোতৰবাৰ আক্ৰমণ কৰিছিল যদিও আহোম সেনাৰ হাতত প্ৰতিবাৰেই পৰাভুত হৈছিল৷ এনেদৰে যুদ্ধ কৰিবলৈ মোগল সেনাপতি মিৰজুমলাৰ লগত অহা বুৰঞ্জীবিদ চাহাবুদ্দিন তালিছে অসমৰ মানুহ, সাহিত্য-সংস্কৃতি, স্থাপত্য-ভাস্কৰ্যৰ লগতে অসমৰ প্ৰশাসনীয় ব্যৱস্থাটোৰ ওপৰত এক মুল্যবান টোকা লিখি গৈছে যিটো অসমৰ আধুনিক বুৰঞ্জীৰ ভিত্তি হিচাবে চিহ্নিত হৈছে বুলি লেখকে উল্লেখ কৰিছে৷
অসমৰ সমাজ জীৱন তথা ধৰ্মীয় উত্থান-পতনৰ চমু বুৰঞ্জীৰ দলিলো পুথিখনত সুন্দৰভাৱে প্ৰকাশ পাইছে৷ পঞ্চদশ শতিকাৰ মাজভাগৰে পৰা আহোমসকলে তেওঁলোকৰ তাও ধৰ্ম বাদ দি শাক্ত অনুসংগত হিন্দু ধৰ্মৰ অনুগামী হোৱাৰ লগে লগে বংগীয় আৰ্যসম্ভূত ব্ৰাক্ষ্মণসকলৰ আগমন ঘটে৷ পাছলৈ শংকৰদেৱৰ দ্বাৰা স্থাপিত নাম ধৰ্মই আকৌ আহোম প্ৰশাসনত খলকনি তোলে৷ তাৰ মাজতে বহুবাৰ মোৱামৰীয়া বিদ্ৰোহো হয় যদিও শেষলৈ সকলোবোৰৰ শাম কটোৱাই আহোম ৰাজতন্ত্ৰই সত্ৰৰ পক্ষ লৈ সত্ৰ প্ৰতিষ্ঠা কৰি পশ্চিমৰ গোঁসাই মহন্তসকলৰ আগমনৰ পথ প্ৰশস্ত কৰে৷ পৰৱৰ্তী সময়ত বিভিন্ন জাতি-জনগোষ্ঠীৰ স্বকীয় ধৰ্ম বৈশিষ্টৰ মাজত অসমীয়া জাতিৰ সংস্কৃতি আৰু ধৰ্মীয় স্বকীয়তাৰ ওখ দেউল গঢ় লৈ উঠে বুলি পুথিখনত উল্লেখ আছে৷

মোগলৰ আক্ৰমণৰ সময়খিনিত আৰু ইয়াণ্ডাবু সন্ধিমতে অসমখন ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ যোৱাৰ সময়ৰে পৰা অসমত ইচলাম আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ আগমণ ঘটে৷ বৃটিছৰ হাতত পৰা অসমখন পুৰ্বতকৈ কাৰিকৰী দিশেৰে বহুগুণে আগবাঢ়ে৷ অসমৰ চাহ ১৯৩৪ চনত প্ৰথমবাৰলৈ ইংলেণ্ডলৈ ৰপ্তানি হয়৷ আন্তৰাষ্ট্ৰীয় ব্যৱসায়খণ্ডত এইদৰে অসমে প্ৰথমবাৰলৈ আত্মপ্ৰকাশ ঘটাই৷ ১৮৩৯ ৰ অসম টি কোম্পানী আৰু ১৮৫৯ ৰ যোৰহাট টি কোম্পানী স্থাপন হোৱাৰেপৰা অসমলৈ প্ৰথমে চীনমুলীয় বনুৱা আৰু পাছলৈ ভাৰতৰ উৰিষ্যা, অন্ধ্ৰ আৰু তামিলনাডুৰ শ্ৰমিকক আনি চাহ উদ্যোগত জঢ়িত কৰোৱা হৈছিল বুলি পুথিখনত উল্লেখ কৰা হৈছে৷

চাহ উদ্যোগৰ পূৰ্বে অৱশ্যে অসমত বৃটিছে কয়লাৰ সন্ধান পায় ১৮২৮ চনত শিৱসাগৰ জিলাৰ চাফ্ৰাই অঞ্চলত৷ পৰৱৰ্তী সময়ত নাজিৰা, বিহুবৰ, লিডু, মাৰ্ঘেৰিটা আৰু এতিয়াৰ অৰুণাচলৰ চংলং জিলাত কয়লাৰ সন্ধান পায়৷ এই কয়লাৰ খনন আৰু ব্যৱসায়ৰ দিশটো চোৱাচিতা কৰিছিল নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ কমিশ্যনে৷ একেদৰে ১৯০১ চনত আসাম অইল কোম্পানী খুলি প্ৰথমটো শোধনাগাৰ বৃটিছে ডিগবৈত স্থাপন কৰে৷ তৈলক্ষেত্ৰৰ ক্ষেত্ৰত অৱশ্যে আধুনিকতা স্বাধীনোত্তৰ কালতহে দেখা যায়৷ ১৯৫২ চনত নাহৰকটীয়া মৰাণ তৈলক্ষেত্ৰ স্থাপন হোৱাৰ পাছত ১৯৫৯ চনত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ পুৰ্বাঞ্চলীয় মণ্ডল নাজিৰা, শিৱসাগৰত স্থাপন হোৱাৰ পাছতহে ৰুদ্ৰসাগৰ, লাকুৱা, গেলেগী ইত্যাদি বৃহৎ তৈলক্ষেত্ৰ আৱিস্কাৰ হয় আৰু উৎপাদন আৰম্ভ হয়৷

ইংৰাজৰ শাসনকালত ভাৰতৰ স্বাধীনতালৈকে বিদ্যুতক্ষেত্ৰত অভুতপূৰ্ব কাম কিছু ঘটিছিল বুলি লেখকে উল্লেখ কৰিছে৷ এইসমূহ কামৰ বাবে Central Waterways and Navigation Department ৰ দ্বাৰা জৰীপ চলাই কেৱল ব্ৰহ্মপুত্ৰ নদীৰ পৰাই ৩৬ নিযুত কিলোৱাট বিদ্যুত উৎপাদন কৰিব পৰা যাব বুলি কোৱা হৈছিল যদিও স্বাধীনতাৰ পাছৰ সময়খিনিত ব্ৰহ্মপুত্ৰৰ পৰা এক ইউনিট বিদ্যুতো উৎপাদন কৰা দেখা নগ’ল৷

অসমৰ কৃষিখণ্ডৰ বিভিন্ন দীশৰ সাৱলীল বৰ্ণনা লেখকে পুথিখনৰ মাধ্যমেৰে কৰিছে৷ ফল-মুলৰ খেতি, পশুধন, এড়ি, মুগা, পাটৰ উদ্যোগ ইত্যাদিবোৰে অসমীয়া লোকক কিদৰে অতীজৰে পৰা স্বাবলম্বী কৰি আহিছে তাৰ সুন্দৰ বিৱৰণ পুথিখনত সন্নিবিষ্ট হৈ আছে৷

অসমত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ বিষয়ে পুথিখনত চমুকৈ হ’লেও বৰ্ণনা আগবঢ়াইছে লেখকে৷ এইসকলৰ ভাষা, উৎসৱ, ধৰ্মীয় বিস্বাস-দৰ্শন, লোকাচাৰৰ ওপৰত থুলমুলকৈ আলোকপাত কৰা হৈছে পুথিখনত৷ আনহাতে প্ৰচলিত অসমীয়া ভাষা গঠন প্ৰক্ৰিয়াত প্ৰাচীন মাগধী প্ৰাকৃতৰ অৱদানৰ কথা লেখকে বিশেষভাৱে উল্লেখ কৰিছে৷ যদিওবা এই প্ৰক্ৰিয়াটোত মঙ্গোলয়দ, অষ্ট্ৰ-এচিয়াটিক আৰু পৰ্বত-বৰ্মনীয় উপভাষাবোৰৰ অৱদান আছে তথাপি মধ্যযুগত এই মুলুকলৈ প্ৰব্ৰজিত হোৱা পশ্চিমৰ ৰাজ্যসমূহৰ আৰ্যমুলীয় লোকৰ প্ৰভাৱে এই ভাষাটোক ইন্দো এৰিয়ান ভাষাগোষ্ঠীত অন্তৰ্ভূক্ত কৰাইছে বুলি লেখকে অভিমত প্ৰকাশ কৰিছে৷

অসমীয়া সাহিত্যৰ ৰূপৰেখাৰ বিভিন্ন দিশ লেখকে পুথিখনত সাঙুৰিছে৷ ডাকৰ বচনৰ পৰা আৰম্ভ কৰি প্ৰচলিত গীত-মাতসমূহ, পৰৱৰ্তী সময়ত গুৰু দুজনাৰ বিভিন্ন ধৰ্মগ্ৰন্থক তেখেতে আধুনিক অসমীয়া ভাষা সাহিত্যৰ বুনিয়াদ বুলি উল্লেখ কৰিছে৷ আহোম সাম্ৰাজ্য চলি থকাৰ মধ্যকালৰেপৰা চলা বুৰঞ্জী চৰ্চা, মিশ্যনেৰীসকলে প্ৰণয়ন কৰা ব্যাকৰণৰ পৰা আৰম্ভ কৰি বিভিন্ন সমলে বিভিন্ন সময়ত কিদৰে সাহিত্যলৈ অৱদান আগবঢ়াই আহিছে তাৰ উদ্ধৃতি পুথিখনত দেখিবলৈ পোৱা যায়৷ একেদৰে উপন্যাস, চুটি গল্প, কবিতা ইত্যাদিবোৰ ক্ষেত্ৰলৈ সূৰ্যকুমাৰ ভুঞাৰ পৰা আৰম্ভ কৰি বীৰেণ বৰকটকীলৈকে বিভিন্নজনৰ অৱদানৰ বিষয়েও পুথিখনত সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে৷
মুঠ দুশ পৃষ্ঠাযুক্ত পুথিখনত হেম বৰুৱাদেৱে মুলত: অসমীয়াৰ জীৱন, বৰ্ণ, ভাষা, সাহিত্য, সংস্কৃতিৰ লগতে সামাজিক আৰু ৰাজনৈতিক চিন্তাধাৰাৰ পৰিচয় ডাঙি ধৰিছে৷ স্বাধীনতাৰ সময়খিনিত কিদৰে অসমীয়াই স্বৰাজৰ বাবে প্ৰাণ দিবলৈ সাজু হৈছিল তাৰ বিৱৰণো পুথিখনত আছে৷ মুঠ সাতটা অধ্যায় আৰু ছয়টা পৰিশিষ্ট সম্বলিত পুথিখন কেৱল অনা অসমীয়া লোকৰ বাবেই নহয়, অসমীয়া লোকৰ বাবেও সুখপাঠ্য গ্ৰন্থ৷
☆★☆

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.