অনুবাদকৰ কাম [মূল : ৱাল্টাৰ বেঞ্জামিন, অনুবাদ: হেমচন্দ্ৰ দত্ত]

অনুবাদকৰ কাম [মূল : ৱাল্টাৰ বেঞ্জামিন, অনুবাদ: হেমচন্দ্ৰ দত্ত]

অনুবাদকৰ কাম [মূল : ৱাল্টাৰ বেঞ্জামিন, অনুবাদ: হেমচন্দ্ৰ দত্ত]

by May 16, 2017 0 comments

[বিশিষ্ট জাৰ্মান দাৰ্শনিক-সমালোচক ৱাল্টাৰ বেঞ্জামিন(১৮৯২-১৯৪০)ৰ অনুবাদৰ বিষয়ে লিখা “Die Aufgabe des Ubersetzers শীৰ্ষক এখন ৰচনা ‘The task of the translator’ নামেৰে ইংৰাজীলৈ অনুবাদ কৰিছিল হেৰি জহে (Harry Zohn)৷ বহুচৰ্চিত আৰু বহুপঠিত এই ৰচনাখনে প্ৰকাশৰ পাছৰেপৰা অনুবাদ-সচেতন বিদ্বৎসমাজক অনুবাদৰ বিভিন্ন দিশৰ উন্মোচনেৰে ইয়াৰ তাত্ত্বিক দিশৰ প্ৰতি আকৰ্ষণ কৰি আহিছে৷ অসমীয়া ভাষাত এই ৰচনাৰ এটা ৰূপান্তৰৰ প্ৰয়োজন অনুভৱ কৰি এই কামৰ বাবে উৎসাহী হৈয়ো ৰচনাখনৰ অসমীয়া অনুবাদ যথেষ্ট কষ্টসাধ্য যেন বোধ হোৱাত অনুবাদৰ প্ৰয়াস হিচাপে ইয়াৰ সংক্ষিপ্ত ৰূপ এটাকে আগবঢ়োৱা হ’ল৷ – অনুবাদক ]
সৃষ্টি-কৰ্মৰ মূল্যায়নৰ প্ৰসংগত পঢ়ুৱৈৰ বিবেচনা কেতিয়াও ফলপ্ৰসূ নহয়৷ ঠিক সেইদৰে কোনো নিৰ্দিষ্ট পঢ়ুৱৈ অথবা প্ৰতিনিধিক লৈ সৃষ্টি কৰা সৃষ্টি-কৰ্ম ভুলপথেৰে পৰিচালিত হয়৷ কিন্তু কলাৰ তাত্ত্বিক বিবেচনাত আদৰ্শ পঢ়ুৱৈৰ ধাৰণাটো বিপজ্জনক – কিয়নো কলাৰ সৈতে মানুহৰ অস্তিত্ব, চাৰিত্ৰিক বৈশিষ্ট জড়িত হৈ থাকে৷ ঠিক সেইদৰে কলাৰ মাজত মানুহৰ আৱয়বিক আৰু আধ্যাত্মিক অনুসংগও প্ৰোথিত হৈ থাকে৷ হ’লেও সৃষ্টি-কৰ্মত পঢ়ুৱৈৰ প্ৰতিক্ৰিয়া সংশ্লিষ্ট নহয়৷ কোনো কবিতা পঢ়ুৱৈক উদ্দেশ্য কৰি ৰচনা কৰা নহয়, কোনো ছবিয়েই দৰ্শকক উদ্দেশ্য কৰি অঁকা নহয়, কোনো গীতেই শ্ৰোতাক উদ্দেশ্য কৰি সুৰাৰোপিত কৰা নহয়৷

ইয়াৰ অৰ্থ এইটো নেকি যে যিসকল মানুহে মূল পাঠ পঢ়িব নোৱাৰে তেওঁলোকৰ বাবে অনুবাদ ? এই প্ৰশ্নটোৱে কলাৰ প্ৰসংগত পঢুৱৈৰ স্থিতিক সু-সংগতভাৱে ভিন্ন ৰূপত বিশ্লেষণ কৰা যেন লাগে৷ তদুপৰি ইয়াৰ অৰ্থ এনেকুৱাও হয় যেন অনুবাদৰ যোগেদি আমি একেবোৰ কথাকে পুনৰাবৃত্তি কৰো৷ সাহিত্য-কৰ্মইনো কি কয়? সাহিত্যই কেনেধৰণৰ বাৰ্তা বহন কৰে? যিসকলে বুজিব পাৰে তেওঁলোকৰ বাবে সাহিত্য-কৰ্মই খুব কম কথা শিকাব পাৰে৷ সাহিত্যৰ সাৰ বিজ্ঞপ্তি নহয় অথবা তথ্যৰ বিতৰণ নহয়৷ তথাপি অনুবাদ-কৰ্মই বিনিময় কাৰ্যহে সম্পাদন কৰিব খোজে — বা প্ৰকৃততে তথ্যহে বিনিময় কৰে৷ গতিকে এনে অনুবাদত অপ্ৰয়োজনীয় কথা প্ৰকাশ পায়৷ এইটো বেয়া অনুবাদৰ প্ৰাথমিক লক্ষণ৷ কিন্তু আমি অনুবাদ-কৰ্মৰ মাজত এনে কিছু কথা বিচাৰো য’ত বেয়া অনুবাদ হ’লেও তথ্যৰ উপৰি কিছু উপলব্ধিৰ বাহিৰৰ, ৰহস্যময় অথবা কাব্যিক কথা থাকে৷ আচলতে এজন কবিয়েহে এনেধৰণেৰে অনুবাদ-কাৰ্য সাধন কৰিব পাৰে৷ ইয়াৰ মানে বেয়া অনুবাদৰ আন এক বৈশিষ্ট্য হ’ল যাক আমি অপ্ৰয়োজনীয় বিষয়বস্তুৰ অশুদ্ধ বিনিময় বুলিব পাৰো৷ এই কথাটো সত্য প্ৰমাণিত হ’ব যেতিয়া কোনো অনুবাদ-কৰ্মই পঢুৱৈৰ স্বাৰ্থ সিদ্ধি কৰিব খোজে৷ সি যি নহওক অনুবাদৰ লক্ষ্য পঢ়ুৱৈ হ’লেও আমি মূল পাঠৰ প্ৰতিও দায়িত্বশীল হ’ব লাগিব৷ যদি পঢুৱৈলৈ লক্ষ্য ৰাখি অনুবাদ কৰা যায় তেন্তে এইমাত্ৰ কৈ অহা সিদ্ধান্তটো অনুবাদৰ মাজত উপলব্ধ হয়নে?

অনুবাদ হ’ল এক মানসিক অৱস্থা৷ এই কথাটো উপলব্ধি কৰিবলৈ হ’লে আমি মূল পাঠলৈ ঘূৰি যাব লাগিব য’ত অনুবাদৰ অন্তৰ্নিহিত বিধিটো অন্তৰ্হিত হৈ আছে৷ সেইটো হ’ল অনুবাদযোগ্যতা৷ কোনো এক সাহিত্য-কৰ্ম অনুবাদৰ যোগ্যনে বুলি যদি প্ৰশ্ন কৰা হয় তাৰ দুটা অৰ্থ ওলাব৷ সমগ্ৰ পঢুৱৈৰ মাজত বিচাৰিলেও এজন উপযুক্ত অনুবাদক পোৱা যাবনে? অথবা অনুবাদৰ বিষয়বস্তুৱে এনে যে অনুবাদকৰ মনৰ অৱস্থা অনুবাদকৰ্মৰ সৈতে মিলে –এনে হোৱা দেখিছেনে? প্ৰথম প্ৰশ্নটোৰ উত্তৰ কেৱল উপৰুৱাকৈ দিব পাৰি৷ দ্বিতীয়টোৰ উত্তৰ অৱশ্যে কিছু বিতৰ্কিত৷ কেৱল উপৰুৱাধৰ্মী চিন্তা-চৰ্চাই দ্বিতীয় প্ৰশ্নটোৰ স্বাধীন অৰ্থ প্ৰত্যাখ্যান কৰিব আৰু লগতে ক’ব যে দুয়োটা প্ৰশ্নৰেই প্ৰাসংগিকতা সমান৷ এটা কথা উল্লেখ কৰা প্ৰয়োজন যে কিছুমান সংলগ্ন ধাৰণাৰ নিজা অৰ্থ আৰু অগ্ৰণী তাৎপৰ্য আছে — যদিহে সেইবোৰ সুকীয়া-সুকীয়াকৈ উল্লেখ কৰা হয়৷ উদাহৰণস্বৰূপে এজন ব্যক্তিয়ে সকলো মানুহে পাহৰি যোৱা বা এক পাহৰিব নোৱৰা ব্যক্তিত্ব অথবা মুহূৰ্তৰ কথা ক’ব পাৰে৷ যদিহে এনে মুহূৰ্ত অথবা জীৱনৰ চৰিত্ৰ মানুহে পাহৰি যায় তেন্তে সেই ব্যক্তিত্ব অথবা মুহুৰ্তটো মিছা বুলিহে প্ৰতীয়মান হ’ব আৰু ইয়াৰ অৰ্থ হ’ব কেৱল মানুহৰ পৰিপূৰ্ণ নোহোৱা এক দাবী৷ সম্ভৱতঃ ইয়াৰ আৰু এটা প্ৰাসংগিকতা থাকিব, সি হ’ল- ভগৱানৰ স্মৰণ৷

অনুৰূপভাৱে অনুবাদ কৰিব নোৱাৰিলেও ভাষা-বিজ্ঞানৰ অনুবাদযোগ্যতা মানুহে এনেদৰে নিৰ্ধাৰণ কৰিব লাগে৷ এই অৰ্থতেই ভাষা-কৰ্মৰ অনুবাদৰ প্ৰশ্নটিও উপস্থাপন কৰিব লাগে৷ কিয়নো এই প্ৰসংগত এই চিন্তাটো গ্ৰহণীয়৷ যদি অনুবাদক এক মনৰ অৱস্থা বুলি কোৱা হয় তেন্তে অনুবাদযোগ্যতা হব উক্ত কৰ্মৰ এৰাব নোৱৰা বৈশিষ্ট্য৷ অনুবাদযোগ্যতা হ’ল কিছু সংখ্যক সাহিত্য-কৰ্মৰ এক আৱশ্যকীয় গুণ, তাৰ অৰ্থ এয়ে নহয় যে সেইবোৰক অনুবাদ কৰিব লাগিব! বৰঞ্চ ইয়াৰ অৰ্থ হ’ল অনুবাদৰ সময়তো মূল পাঠৰ কেতবোৰ বিশেষ তাৎপৰ্য অন্তৰ্হিত হৈ ৰ’ব৷ সুখৰ কথা যিমানেই উন্নত মানৰ নহওক কিয় কোনো অনুবাদতেই মূল পাঠৰ প্ৰাসংগিকতা লক্ষ্য কৰা নাযায়৷ অৱশ্যে অনুবাদযোগ্যতাৰ গুণত মূল পাঠ অনুবাদ-কৰ্মৰ সৈতে সম্পৰ্কিত হৈ পৰে৷ প্ৰকৃততে এই সম্পৰ্ক বেছি ঘনিষ্ঠ, কিয়নো মূল পাঠৰ সৈতে ইয়াৰ কোনোধৰণৰ গুৰুত্ব দেখা পোৱা নাযায়৷ আমি এই সম্পৰ্কক প্ৰাকৃতিক অথবা বেছি উদ্দেশ্যধৰ্মভাৱে ক’বলৈ গ’লে এক গুৰুত্বপূৰ্ণ সম্পৰ্ক বুলি ক’ব পাৰো৷ যেনেদৰে জীৱনৰ প্ৰকাশ জীৱনৰ বিভিন্ন বৈশিষ্ট্যৰ সৈতে ওত-প্ৰোতভাৱে সাঙোৰ খাই থাকে৷ যি অনুবাদ-কৰ্মত জীৱন অথবা পৰজীৱনৰ কথা নাথাকে, কেৱল মূল পাঠৰ কথাহে থাকে তেনে অনুবাদ গুৰুত্বহীন৷ উল্লেখ্য যে মূল পাঠৰ পাছতহে অনুবাদৰ প্ৰসংগটো আহে৷ যিহেতু উৎকৃষ্ট সাহিত্য-কৰ্মৰ কেতিয়াও উপযুক্ত অনুবাদক পোৱা নাযায়; কাজেই তেনে সাহিত্য-কৰ্মৰ অনুবাদে অনুবাদৰ সময়ৰ অৱহিত জীৱনৰ এক অংশহে প্ৰতিভাত কৰে৷ কলা-কৰ্মৰ মাজত প্ৰোথিত হৈ থকা জীৱন আৰু পৰজীৱনৰ ধাৰণাটো সম্পূৰ্ণভাৱে অ-ৰূপকীয় বস্তুনিষ্ঠতাৰে হিচাপ-নিকাচ কৰাটো ভাল৷ অতি ঠেক মনৰ আসোঁৱাহপূৰ্ণ চিন্তাৰ সময়তো এনে এক পূৰ্বাভাস থাকে যে জীৱনটোক সংগঠিত বাস্তৱতালৈ সীমাবদ্ধ কৰিব নোৱাৰি, ঠিক সেইদৰে ফেছনাৰে চেষ্টা কৰাৰ নিচিনাকৈ আত্মাৰ ধুৱলি-কুৱলি, ঠেৰু লগা প্ৰসাৰিত ক্ষেত্ৰৰ মাজতো জীৱনৰ সংজ্ঞা সীমাবদ্ধ কৰিব নোৱাৰি৷ কিয়নো পশুত্ব, ইয়াৰ আবেগ আদিয়ে জীৱনক চৰিত্ৰ দিয়ে— তাকো ক্ষন্তেকৰ বাবেহে৷ জীৱন হ’বলৈ হ’লে সকলো বস্তুৰে এক নিজা ইতিহাস থাকিব লাগিব— তেহে জীৱনৰ মৰ্য্কদা থাকিব৷ উপৰুৱাকৈ ইতিহাস জাপি দিলে জীৱনৰ ধাৰণাটো পূৰ্ণ নহয়৷ পৰিশেষত ইয়াকে ক’ব পাৰি যে জীৱনক আমি ইয়াৰ চৰিত্ৰৰে জোখাতকৈ ইতিহাসেৰে থিৰাং কৰাটো গুৰুত্বপূৰ্ণ কথা৷ য’ত আত্মা আৰু আবেগৰ দৰে সৰু-সুৰা উপাদানবোৰো সোমাই থাকিব৷ দাৰ্শনিকৰ কাম হ’ল প্ৰকৃতি জগতৰ সকলো বস্তুকে ইতিহাসৰ বহল ভিত্তিক ধাৰণাৰে উপলব্ধি কৰা৷ পশু-প্ৰজাতিৰ ধাৰাবাহিক জীৱনক চিনাক্ত কৰাতকৈ কলা-কৰ্মৰ মাজত অন্তৰ্হিত জীৱনৰ ধাৰাৱাহিকতাক উপলব্ধি কৰাটো সহজ নহয়নে? সকলোবোৰ মহৎ সাহিত্য-কৰ্মই পূৰ্বজসকলৰ কথা কয়, তেনে সাহিত্য-কৰ্মৰ মাজত শিল্পীজনৰ সমকালীন যুগৰ অনুভৱ থাকে আৰু এনে সাহিত্য-কৰ্মই পাছৰ প্ৰজন্মৰ বাবে অনন্তধৰ্মী পৰজীৱনৰ সম্ভাৱনা এৰি থৈ যায়৷ যি সাহিত্য-কৰ্মত এই শেষৰ ধাৰণাটো প্ৰতিভাত হয় তেনে সাহিত্য-কৰ্মই খ্যাতি লাভ কৰে৷ যি অনুবাদ মূল পাঠৰ বিষয়বস্তুৰ বিনিময়তকৈ আন এক কিবা হয় তেনে অনুবাদ-কৰ্মইহে দীঘল সময়ৰ বাবে অস্তিত্ব ৰক্ষা কৰিব পাৰে আৰু খ্যাতি অটুট ৰাখিব পাৰে৷ আনভাৱে ক’বলৈ হ’লে বেয়া অনুবাদকৰ দাবীবোৰ হ’ল তেওলোকে ভবামতে তেওঁলোকৰ অনুদিত-কৰ্মই অস্তিত্ব ফুটাই নোতোলে৷ যদি অনুবাদ-কৰ্মৰ মাজত জীৱনৰ অন্তিম অথচ পুনৰুজীৱিত আৰু আটাইতকৈ পৰিপূৰ্ণ সমৃদ্ধি ঘটে তেনে অনুবাদকৰ্মইহে মূল পাঠকক ধৰি ৰাখিব পাৰে৷ জীৱনৰ এক বিশেষ আৰু উচ্চমানৰ প্ৰতিৰূপ হোৱা হেতুকে এই সমৃদ্ধিক এক বিশেষ ধৰণৰ উচ্চমানৰ উদ্দেশ্যধৰ্মীতাই নিয়ন্ত্ৰিত কৰে৷ জীৱন আৰু উদ্দেশ্যধৰ্মীতাৰ মাজৰ এই সম্পৰ্ক অতি স্পষ্ট যেন লাগিলেও বুদ্ধিৰে ইয়াক আয়ত্ত কৰিব নোৱাৰি—যদিহে যি একক আৰু অন্তিম লক্ষ্যৰ ফালে জীৱনৰ সকলো একক লক্ষ্য ধাবিত হয় তাক একক অথচ উচ্চমানৰ মানসিক অৱস্থাৰে বিচৰা নাযায়৷

জীৱনৰ সকলোবোৰ উদ্দেশ্যমুখী প্ৰকাশধৰ্মীতাৰ মাজত কেৱল অন্তিম বিচাৰ জীৱনতে শেষ নহয়, প্ৰকৃতিৰ স্বৰূপ বিশ্লেষণ, সঠিক তাৎপৰ্য ৰূপায়ণ আদিত এই উদ্দেশ্যধৰ্মীতা প্ৰকাশ পায়৷ শেষ বিচাৰত অনুবাদে ভাষাৰ মাজৰ কেন্দ্ৰীয় পাৰস্পৰিক সম্পৰ্ক ফুটাই তোলে৷ সম্ভৱতঃ অতি সূক্ষ্ম অথবা অতি সুসংবদ্ধ ৰূপৰদ্বাৰাহে এই সম্পৰ্কক প্ৰতিনিধিত্বৰ পৰ্যায়লৈ নিব পাৰি৷ জীৱনৰ গোপন তাৎপৰ্যক অতি সূক্ষ্ম প্ৰচেষ্টাৰে ৰূপায়ণ কৰিবলৈ যাওঁতে জীৱনৰ অ-ভাষিক চৰিত্ৰ কাচিৎহে একক ধৰ্মী ৰূপত উপলব্ধ হয়৷ সাদৃশ্য, প্ৰতীক আদিয়ে সুসংগবদ্ধতকৈও জীৱনৰ আন অৰ্থক ইংগিত কৰিব পাৰে— জীৱনৰ আশা, উদ্দেশ্য আৰু অনুভৱক নিৰ্দেশনা দিব পাৰে৷ ভাষাৰ কেন্দ্ৰীয় সম্পৰ্কৰ বিষয়ে এটা কথাই ক’ব পাৰি যে এই সম্পৰ্ক এক বৈশিষ্টসূচক সমধৰ্মিতাৰে পৰিপূৰ্ণ৷ ভাষাবিলাকৰ মাজত আচহুৱা বুলি একো কথা নাথাকে৷ ঐতিহাসিক সম্পৰ্কক বাদ দিও ভাষাই সংলগ্ন ধ্যান-ধাৰণাক প্ৰকাশ কৰিবলৈ চেষ্টা কৰে৷

এনে ধৰণৰ বৰ্ণনাৰ প্ৰয়াসেৰে আমি যেন অনুবাদৰ পৰম্পৰাগত তত্ত্বকহে পুনৰ একেলগ কৰিবলৈ চেষ্টা কৰিছোঁ৷ যদি আমি ভাষাৰ সম্পৰ্কক অনুবাদ-কৰ্মৰ যোগেদি প্ৰকাশ কৰিবলৈ চেষ্টা কৰো— আমি মূল পাঠৰ ৰূপ আৰু অৰ্থক সম্ভৱপৰ প্ৰকৃত অৰ্থত প্ৰকাশ কৰিব পাৰিমনে? নিশ্চিতভাৱে কব পাৰি যে এনেধৰণৰ বিশুদ্ধতাৰ বিশ্লেষণ কৰিবলৈ হ’লে এই তত্ত্বক আমি বলপূৰ্বকভাৱে কামত খটুৱাব লাগিব৷ ফলস্বৰূপে অনুবাদ-কৰ্মত আচল কথাৰ আলোক নাথাকিব৷ হ’লেও ভাষাৰ মাজৰ সম্পৰ্কক অনুবাদে বেলেগ ধৰণৰ দুই সাহিত্যকৰ্মৰ কৃত্ৰিম আৰু সংজ্ঞাবিহীন প্ৰকাশতকৈ অধিক স্পষ্ট আৰু গভীৰভাৱে ৰূপায়ণ কৰিব পাৰে৷ মূল পাঠ আৰু অনুবাদৰ মাজৰ প্ৰকৃত সম্পৰ্ক উপলব্ধি কৰিবলৈ হ’লে এক ধৰণৰ যুক্তিযুক্ত অনুধাৱনৰ প্ৰয়োজন হয়৷ অৰ্থাৎ এক বিধিৰ সহায়ত ইমেজ থিঅ’ৰিৰ অসম্ভাৱ্যতাক প্ৰমাণ কৰিবলৈ চেষ্টা কৰা হয়৷ উত্তৰপুৰুষত বস্তুনিষ্ঠতা নাথাকে – উত্তৰপুৰুষে বস্তুনিষ্ঠতাও দাবী কৰিব নোৱাৰে৷ এই ক্ষেত্ৰত বাস্তৱৰ প্ৰতিৰূপৰ প্ৰযোজন হয়৷ ইয়াৰ অৰ্থ এয়ে যে অনুবাদ-কৰ্ম কেতিয়াও সম্ভৱ নহয় যদিহে মূল পাঠৰ সৈতে অনুবাদকে সাদৃশ্য ৰক্ষা কৰিবলৈ যত্ন নকৰে৷ পৰজীৱনৰ কথাকে উদাহৰণ হিচাবে ল’ব পাৰি৷ পৰজীৱনক জীৱিত সত্তা ৰূপান্তৰ অথবা পুনৰ জন্ম বুলিব নোৱাৰি— পৰজন্মত মূলৰ পৰিৱৰ্তন ঘটে৷ আনকি যিবোৰ শব্দৰ পূৰ্বনিদিষ্ট অৰ্থ থাকে তেনে শব্দৰাশিও এক পৰিপক্ক প্ৰক্ৰিয়াৰে অৰ্থৰ সালসলনি হ’বলৈ বাধ্য হয়৷ উল্লেখ্য যে সময় বাগৰাৰ লগে লগে একোজন লিখকৰ সাহিত্যশৈলীৰ প্ৰধান বৈশিষ্ট্যবোৰ স্তিমিত হ’ব পাৰে৷ ইয়াৰদ্বাৰা এক ঠেক মনোবৃত্তি সাহিত্য-কৰ্মৰ মাজত গঢ় লয়৷ প্ৰথম গঠনত যি সাহিত্য সতেজ যেন লাগে তেনে সাহিত্যও পৰৱতী পাঠ্যত নীৰস হবলৈ বাধ্য হয়৷ প্ৰচলিত সাহিত্যও আজব হোৱা দেখা যায়৷ এনেবোৰ পৰিৱৰ্তনৰ মৰ্মাৰ্থ উপলব্ধি কৰিবলৈ হ’লে অথবা অৰ্থ-পৰিবৰ্তনৰ দিশবোৰ অনুধাৱন কৰিবলৈ হ’লে ভাষা আৰু সাহিত্যৰ প্ৰকৃত জীৱনতকৈ উত্তৰপুৰুষৰ ভাবনিষ্ঠতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব৷ এই প্ৰসংগত কোনো বস্তুৰ প্ৰকৃত কাৰণ আৰু ইয়াৰ সাৰবত্তাৰ মাজত খেলি-মেলিৰ সৃষ্টি হৈ আনকি বিশুদ্ধ মানসিক খেলি-মেলিৰো সৃষ্টি কৰিব পাৰে৷ ইয়াৰ অৰ্থ হ’ব চিন্তাৰ নপুংসতাক প্ৰত্যাখ্যান কৰা অৰ্থাৎ ত্ৰতিহাসিক প্ৰক্ৰিয়াবোৰৰ ভিতৰৰে এক প্ৰক্ৰিয়াক অস্বীকাৰ কৰা৷ যদি কোনোবাই এজন লেখকৰ শেষ কলমটো অতি নান্দনিকভাৱে অনুবাদ কৰি তোলেও তথাপি তাৰ মাজত অনুবাদৰ মৃততত্ত্বৰ পুনৰুথান নঘটিব৷ শতিকা বাগৰাৰ লগে-লগে যিদৰে মহৎ সাহিত্য-কৰ্মৰ বিধি আৰু তাৎপৰ্য্যৰ পৰিৱৰ্তন ঘটে ঠিক সেইদৰে অনুবাদকৰ মাতৃভাষাৰো পৰিৱৰ্তন সাধিত হয়৷ ধৰা হওক এজন কবিৰ শব্দৰাজি তেওঁৰ নিজা ভাষাত মুৰ্তমান হৈ আছে৷ এই শব্দৰাজি ভাল অনুবাদতো অনুবাদকৰ নিজ ভাষাৰ শ্ৰীবৃদ্ধিৰ মাজেদি পুনৰুজ্জীৱিত হ’বলৈ বাধ্য৷ অনুবাদ মানে এই অৰ্থত দুটা মৃত ভাষাৰপৰা বন্ধ্যা অনুপাতত স্থিতি লোৱা দুটা সুকীয়া ভাষাৰূপ৷ ইয়াৰে এটাই মূল পাঠৰ ভাষাৰ – পৰিপক্ব প্ৰক্ৰিয়াক বিশেষ মনোযোগেৰে লক্ষ্য কৰে লগতে নিজা ভাষাৰো জন্ম-যন্ত্ৰণা উপলব্ধি কৰিবলৈ চেষ্টা কৰে৷

যদি অনুবাদৰ মাজত দুটা ভাষাৰ সম্পৰ্ক বা সাদৃশ্য প্ৰতিভাত হয় তাৰ অৰ্থ হ’ব ই এনে এক সাদৃশ্য য’ত পৰিমাৰ্জিত আৰু মূল পাঠৰ মাজত ধূসৰ একৰূপতা থাকে৷ ইয়াৰ অৰ্থ এই নহয় যে সাদৃশ্যৰ মাজত একৰূপতা নাথাকিব৷ খুব সীমিত অৰ্থতহে এই ক্ষেত্ৰত সাদৃশ্যৰ ধাৰণাটো ব্যৱহাৰ কৰা হৈছে৷ দুয়োটা ক্ষেত্ৰতে মূলৰ চিনাক্তকৰণ অথবা মূল ধাৰণাৰ অৱশ্যম্ভাৱী এক সীমিত ব্যৱহৃত ৰূপ সংজ্ঞাবদ্ধ কৰিব পাৰি৷ ঐতিহাসিক ধ্যান-ধাৰণাবোৰ বাদ দিও দুটা ভাষাক আন ক’ৰবাত সম্পৰ্কিত কৰিব পাৰিনে? নিশ্চয়কৈ সাহিত্য-কৰ্ম অথবা শব্দৰাজিৰ মাজত এনেধৰণৰ সাদৃশ্য আনিব নোৱাৰি৷ বৰঞ্চ সকলোবোৰ অধিঐতিহাসিক ভাষা একোটাহঁত প্ৰবল ইচ্ছাৰ ওপৰত বৰ্তি থাকে৷ কোনো এটা ভাষাই একক ৰূপত এই ইচ্ছাশক্তি আহৰণ কৰিব অথবা উপলব্ধি কৰিব নোৱাৰে৷ বৰঞ্চ এটা ভাষাত আন এটা ভাষাৰ সাহায্যৰ প্ৰয়োজন হয়৷ বিদেশী ভাষাৰ শব্দ, বাক্য, গঠন-প্ৰক্ৰিয়া আদিৰ মাজত উমৈহতীয়া সম্পৰ্ক আছে৷ বিদেশী ভাষাই প্ৰবল ইচ্ছাশক্তিৰ যোগেদি সহায়কাৰীৰ ভূমিকা পালন কৰে৷ উদাহৰণ হিচাপে broch আৰু pain শব্দ দুটাক ল’ব পাৰি৷ এই শব্দ দুটাই একে বস্তুৱে নিৰ্দেশনা দিয়ে৷ অৱশ্যে শব্দ দুটাৰ মাজত প্ৰোথিত হৈ থকা শব্দৰ ইচ্ছাশক্তি broch এ এজন জাৰ্মান নাগৰিকৰ ক্ষেত্ৰত যি অৰ্থ কৰিব pain এ এজন ফৰাচী নাগৰিকৰ ক্ষেত্ৰত একে অৰ্থ নকৰে৷ ইয়াৰ অৰ্থ হ’ল এই শব্দ দুটাৰ এটাক আনটোৰ ঠাইত ব্যৱহাৰ কৰিব নোৱাৰি৷ অৱশ্যে শব্দ দুটাৰ অভিপ্ৰেত অৰ্থ একে৷ অথবা সূচিত বস্তু দুটাও একে৷ স্বতন্ত্ৰ ভাষাত অৰ্থ কেতিয়াও আপেক্ষিক স্বাধীনতাৰ মাজত উপলব্ধি কৰিব নোৱাৰি৷ একে কথা শব্দ আৰু বাক্যৰ ক্ষেত্ৰতো খাটে৷ এনে ধৰণেৰে পৰিৱৰ্তনৰ এক স্ৰোতে কালক্ৰমত অনেক প্ৰবল ইচ্ছাশক্তিক একত্ৰিত কৰি একোটা বিশুদ্ধ ভাষাৰ জন্ম দিয়ে৷ বিশুদ্ধ ভাষাটো জন্ম নোহোৱালৈকে এই কথাবোৰ প্ৰতিভাত নহয়৷ যদি এই ভাষাবোৰ পৰিৱৰ্তনৰ এক পৰ্যায়ত উপনীত হয় তেন্তে অনুবাদে এনে ভাষাৰ সাহিত্য-কৰ্মত সোণত সুৱগা চৰায় আৰু ভাষাৰ পুনৰ জন্ম ঘটে৷ অনুবাদে প্ৰকৃততে দুটা ভাষাৰ মাজৰ খালী ঠাইবোৰ পূৰ্ণ কৰে৷ পঢ়ুৱৈৰ চকুত নপৰা অন্তৰ্হিত অৰ্থৰ সন্ধান কৰে৷ সকলোবোৰ অনুবাদেই নিশ্চিতভাৱে ক’ব পাৰি— দুটা অপৰিচিত ভাষাৰ মাজত এক সাময়িক পৰিচিতি অনাৰ প্ৰয়াস৷ মানৱ জাতিয়ে এনে পৰিচিতি ক্ষণিক আৰু অন্তিম এই দুই পৰ্যায়ত উপলব্ধি কৰিব পাৰে, সাময়িক আৰু ক্ষণস্থায়ী অৰ্থত উপলব্ধি কৰিব নোৱাৰে৷ সিফালে ধৰ্মৰ শ্ৰীবৃদ্ধিয়ে অন্তৰ্হিত বীজক এক উচ্চস্তৰীয় ভাষিক উত্তৰণলৈ আগবঢ়াই লৈ যায়৷ কলাৰ নিচিনাকৈ অনুবাদেও স্থায়িত্ব দাবী কৰিব নোৱাৰে৷ হ’লেও অনুবাদৰ লক্ষ্য হ’ল সকলোবোৰ ভাবিক সৃষ্টিৰ মাজত এক অন্তিম পৰিশীলিত আৰু সিদ্ধান্তকাৰী পৰ্য্যায় আহৰণ কৰা৷ ক’বলৈ গ’লে অনুবাদৰ সময়ত মূল ভাষাই উচ্চস্তৰীয় আৰু অতি বিশুদ্ধ ভাষিক আবেগ লাভ কৰে৷ নিশ্চিতভাবে এই অৱস্থা বেছি সময় স্থায়ী নহয়৷ ঠিক সেইদৰে সৃষ্টি-কৰ্মৰ সামগ্ৰিকতাৰ মাজত এনে বিশুদ্ধতাক একে সময়তে উপলব্ধিও কৰিব নোৱাৰি৷ অৱশ্যে এক একক আৰু মোহনীয় অৱস্থাৰ মাজেদি ই এক এনে ক্ষেত্ৰলৈ লৈ যায় য’ত পুনৰ সংস্থাপন আৰু ভাষাৰ মাজৰ পুৰ্বনিৰ্ধাৰিত অবস্থালৈ প্ৰাপ্তি নঘটে৷ এই অৱস্থাত পূৰ্ণাংগ অৰ্থত বিনিময় কেতিয়াও সম্ভব নহয়৷ হ’লেও এই অৱস্থাতেই বিনিময় কৰিবলগীয়া বিষয়বস্তুৰ ঊৰ্ধত এক সুকীয়া ক্ষেত্ৰৰ সৃষ্টি হয়৷ এনে ক্ষেত্ৰক অনুবাদ কৰিব নোৱাৰি৷ এইখিনিতে ভাল অনুবাদকে এক ধৰণৰ উৎকণ্ঠাৰ মুখামুখি হয়, যেন সকলোবোৰ ওপৰুৱা ভাষিক ঐক্যক অনুবাদৰ যোগেদি বিনিময় কৰাৰ পাছতো কিবা যেন ৰৈ গ’ল৷ মুল পাঠৰ শব্দক যিদৰে অনুবাদ কৰিব নোৱাৰি ঠিক সেইদৰে মূল বিষয়বস্তু আৰু তাৰ ভাষা আৰু অনুবাদৰ মাজত পাৰ্থক্য ৰয়৷

এটা ফল আৰু তাৰ বাকলিৰ মাজত যি সম্পৰ্ক, বিষয়বস্তু আৰু ভাষাৰ মাজতো একে সম্পৰ্কই থাকে৷ ৰাজকীয় সাজ-পোছাকৰ মাজত সোমাই থকা কাপোৰৰ ভাঁজবোৰৰ দৰেই অনুবাদৰ ভাষাই বিষয়বস্তুক ভাঁজ কৰি ৰাখে৷ যিহেতু এই ভাষাই এক উচ্চস্তৰীয় প্ৰাপ্তিৰ মুখামুখি হয়, সেয়ে বিষয়বস্তু আৰু ভাষাৰ মাজত সম্পৰ্ক নৰয়— কাজেই বিদেশীসুলভ এক গুণ প্ৰতিভাত হয়৷ এই অৱস্থাতে অনুবাদৰ বিফলতা ধৰা পৰে, অনুবাদ উপৰুৱা হয়৷ এনে প্ৰসংগতেই ৰমণ্যাসিকসকলে ‘আইৰণিক” শব্দটো ব্যৱহাৰ কৰিছে৷ আন সৃষ্টিকাৰসকলতকৈ ৰমণ্যাসিকসকলৰ অন্তৰ্দৰ্শন কিছু প্ৰখৰ, সাহিত্যৰ মাজলৈ সোমাই যাব পাৰে৷ সেয়ে ৰমণ্যাসিক সাহিত্যৰ অনুবাদে একধৰণৰ প্ৰামাণ্যতা লাভ কৰিছে৷ এটা কথা নিশ্চিত যে ৰমণ্যাসিকসকলে কাচিৎহে এই অৰ্থত অনুবাদক উপলব্ধি কৰিছিল৷ বৰঞ্চ জীৱনৰ অধিক সময় সমালোচনাৰ ক্ষেত্ৰত ব্যয় কৰিছিল৷ যদিও ৰমণ্যাসিকসকলে অনুবাদক অৱজ্ঞা কৰিছিল৷ তথাপি তেওঁলোকে কৰা অনুবাদৰ মাজত এনেধৰণৰ উচ্চস্তৰীয় সাহিত্যিক ভাবাবেগ অন্তৰ্হিত আছিল৷ এজন কবিৰ ক্ষেত্ৰত এনে দশা সাধাৰণতে দেখা পোৱা নাযায়৷ অৱশ্যে কবিগৰাকী তাৰ প্ৰতি সচেষ্ট নহ’বও পাৰে৷ অৱশ্যে সাহিত্যৰ ইতিহাসে কোৱা নাই যে ভাল কবিয়েই ভাল অনুবাদক৷ অথবা তলখাপৰ কবি মানেই তলখাপৰ অনুবাদক৷

এতিয়া অনুবাদকৰ কাম হ’ল মূল পাঠৰ অভিপ্ৰেতি ইচ্ছাৰ অনুবাদ-কৰ্মত অনুৰণন ঘটোৱা৷ এইখিনিতে কবি আৰু অনুবাদকৰ পাৰ্থক্য ধৰা পৰে৷ যিহেতু অনুবাদকে ভাষাক লক্ষ্য হিচাপে নলয়, সামগ্ৰিকতাক গুৰুত্ব নিদিয়ে৷ কেৱল ভাষাৰ কেতবোৰ আভ্যন্তৰীণ দিশকহে লক্ষ্য হিচাপে লয়৷ সাহিত্যৰ কৰ্মৰ মাজত অনুৰণন অনভূত হয়৷ পঢুৱৈৰ বাবে এই অনুৰণন বিদেশীয়েই নহয় অপৰিচিতও৷ কবিৰ ইচ্ছা স্বতঃস্ফুৰ্ত প্ৰাথমিক আৰু অনুবাদকৰ লক্ষ্য অন্তিম, আদৰ্শধৰ্মী আৰু মূলানুগবাদী৷ কিয়নো অনুবাদৰ সময়ত অনুবাদকে ভাষাৰ বিভিন্ন দিশ এটা প্ৰকৃত সাজত গঢ় দিব লগা হয়৷ এনে ভাষাত স্বাধীন বাক্য, শব্দ, সমালোচনামূলক চিন্তা-চৰ্চা আদিৰ বিনিময় সাধন নঘটে এইবাবেই যে এই সকলোবোৰ দিশ অনুবাদ প্ৰক্ৰিয়াৰ বহতীয়া৷ হ’লেও সূচক আৰু পুনৰ সংস্থাপনৰ যোগেদি অনুবাদৰ ভাষাই এক সামঞ্জস্য আহৰণ কৰে৷ দৰ্শনক যেনেদৰে গুণগুণাব নোৱাৰি ঠিক সেইদৰে অনুবাদৰ মাজতো সংগীত আশা কৰাটো সমীচীন নহয়৷ আবেগপ্ৰৱণ কলা-কুশলীসকলে দাবী কৰিলেও আমি ক’ব পাৰো দৰ্শন আৰু অনুবাদ একে নহয়৷ যদি এনে আলোকত আমি অনুবাদকৰ কৰ্তব্য বিশ্লেষণ কৰিবলৈ যাওঁ তেন্তে আমি এক অস্পষ্ট আৰু অনতিক্ৰমনীয় সিদ্ধান্ততহে উপনীত হ’ম৷ প্ৰকৃততে ভাষাৰ যি শ্ৰীবৃদ্ধিমুখী বীজ সি অনুবাদত প্ৰতিভাত নহয় আৰু সমস্যাও সমাধান নোহোৱাকৈ ৰ’ব৷ তাৰ অৰ্থ এনে নহ’বনে যে অৰ্থৰ পুনৰ উৎপাদন উদ্দেশ্যমুখী নোহোৱাত সমস্যাৰ আন্তঃগাঁথনিটো আমি কাটি পেলালো? নঞৰ্থক অৰ্থত চাবলৈ গ’লে এইখিনিয়ে হ’ল আগেয়ে কৈ অহা কথাখিনিৰ অৰ্থ৷ অনুবাদৰ পৰম্পৰাগত ধাৰণাত মূল পাঠৰ বিশ্বাসযোগ্যতা আৰু ভাবৰ পুনৰ উৎপাদনেই অনুবাদৰ আলোচ্য বিষয়৷ আৰু এই সেৱাত ব্ৰতী হোৱাসকলে শব্দৰ বিশ্বাসযোগ্যতাক অক্ষুন্ন ৰাখিব লাগিব৷ পুনৰ উৎপাদনেই অনুবাদ-কৰ্মৰ শেষ কথা নহয়৷ প্ৰশ্ন হয় মূল পাঠৰ অৰ্থৰ অনুবাদ বুলি ক’লে বিশ্বাসযোগ্যতাই কি কৰা বুলিম? যিমানেই বিশ্বাসযোগ্য নহওক কিয় অনুবাদত গাইগুটীয়া শব্দৰাশিৰ অৰ্থ উদ্ধাৰ কেতিয়াও কৰিব নোৱাৰি৷ কিয়নো কাব্যিক প্ৰাসংগিকতা অথবা তাৎপৰ্য কেৱল অৰ্থলৈকে সীমিত নহয়৷ বৰঞ্চ শব্দই সূচকীয় অৰ্থও প্ৰকাশ কৰে৷ আমি মাজে সময়ে কওঁ যে শব্দৰ মাজত আবেগিক অনুষংগ নিহিত হৈ থাকে৷ শব্দৰ আক্ষৰিক অনুবাদত অৰ্থৰ পুনৰ উন্মোচনৰ ধাৰণাটো সম্পূৰ্ণভাৱে নষ্ট পায়, ফলত অনুবাদ কৰ্মৰ বোধগম্যতালৈ ভাবুকি আহে৷

হোলদাৰলিনে চফ’ক’লছৰ অনুবাদ কৰিছিল৷ উনৈছ শতিকাৰ এই অনুবাদ আক্ষৰিক অনুবাদৰ এক ভয়ানক উদাহৰণ৷ অৱশেষত এই কথা স্বতঃসিদ্ধ হৈ পৰে যে মূল পাঠৰ পুনৰ উন্মোচন কৰিবলৈ যাওঁতে অৰ্থৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হয়৷ তাৰ অৰ্থ হ’ব এয়ে যে আক্ষৰিক অনুবাদৰ যোগেদি অৰ্থৰ তাৎপৰ্য ধৰি ৰাখিবলৈ চেষ্টা কৰা মানেই এক ব্যৰ্থ ইচ্ছাক প্ৰশ্ৰয় দিয়া৷ এফালে অৰ্থ অধিক স্পষ্ট কৰিবলৈ যাওঁতে আনফালে সাহিত্য আৰু ভাষাৰ গুণগত মান অবনমিত হয়৷ এয়াই হ’ল বেয়া অনুবাদকৰ কৰ্ম-স্বাধীনতা৷ সেয়ে আক্ষৰিকৰ প্ৰতি থকা অনুবাদকৰ দাবী অথবা মোহক আমি এক অৰ্থত সমৃদ্ধ প্ৰসংগৰ যোগেদি বুজিবলৈ চেষ্টা কৰাটো ভাল৷ এখন নাও ধুনীয়া হ’বলৈ হ’লে তাৰ জোৰা লগোৱা অংশবোৰো ধুনীয়া হ’ব লাগিব৷ ইয়াৰ অৰ্থ এয়ে নহয় যে নাওখনৰ সকলো অংগই দেখাত একেই৷ ঠিক সেইদৰে অনুবাদ কৰোঁতেও মূল পাঠৰ অৰ্থ অনুৰূপতা ঘটোৱাতকৈ মূল পাঠৰ সূচকীয় ভাবাবেগ ধৰি ৰাখিবলৈ চেষ্টা কৰাটো ভাল৷ কেতিয়াবা কেতিয়াবা অনুবাদ-কৰ্ম মূল পাঠৰ সৈতে প্ৰায় একে যেন লাগে৷ আমি প্ৰশংসা কৰোঁ৷ আমি ভাবোঁ যেন অনুবাদ নহয় মূলতহে লিখা হৈছে৷ কিন্তু এই কথা নিশ্চিত যে এনে অনুবাদত আক্ষৰিক বিশ্বাসযোগ্যতা সিদ্ধ হয়, ভাষিক প্ৰয়োজন পূৰণৰ বাসনা চৰিতাৰ্থ হয়৷ প্ৰকৃত অনুবাদ অতি স্বচ্ছ; এনে অনুবাদত মূল পাঠত আবুৰ নপৰে, মূল পাঠৰ আলোক বিঘ্নিত নহয়, বৰঞ্চ মূল পাঠক অধিক শক্তিশালী কৰি তোলা যেন লাগে৷ এই ক্ষেত্ৰত অনুবাদকে শব্দৰাশিৰ আক্ষৰিক অনুবাদত গুৰুত্ব দিয়ে৷ যদিহে বাক্যক ভাষাৰ বেৰ বুলি কল্পনা কৰা হয় তেন্তে আক্ষৰিকতাক ঘৰৰ তোৰণ বুলিব লাগিব৷

বিশ্বাসযোগ্যতা আৰু স্বাধীনতাক অনুবাদৰ প্ৰসংগত সদায়েই বিপৰীত মেৰুৰ মনোভংগী বুলি গণ্য কৰা হৈ আহিছে৷ বিশ্বাসযোগ্যতাৰ প্ৰসংগত দুয়োটা ধাৰণাকে একে গোত্ৰীয় কৰিব নোৱাৰি৷ এটাৰ প্ৰসংগত আনটোৰ অস্তিত্ব সদায়েই অস্বীকাৰ কৰা হয়৷ স্বাধীনতা মানেনো কি? ইয়াৰ অৰ্থ অৰ্থৰ অনুবাদত সকলো ধৰণৰ সীমাবদ্ধতাক এৰাই চলা হ’ব নেকি? যদি ভাষিক সৃষ্টিৰ অৰ্থক তথ্যৰ সৈতে সমান কৰা যায়ো তথাপি কিছুমান অতি গহীন বিশিষ্টধৰ্মী অথবা শক্তিশালী ভাবাদৰ্শ বিনিময় নোহোৱাকৈ ৰয়৷ উল্লেখ্য গহীন আৰু আংশিক এনে টুকুৰাবোৰেই জীৱনত শক্তিশালী সূচকীয় ৰূপ পৰিগ্ৰহ কৰে৷ ফলস্বৰূপে ভাষিক সৃষ্টিৰ মাজত একধৰণৰ গধুৰ আৰু বিজতৰীয়া অৰ্থ উপলব্ধ হয়৷ লুথাৰ, ভছ, ওলন্দাৰলিন আৰু জৰ্জে জাৰ্মান ভাষাৰ ভাষিক পৰিসীমা সুদূৰপ্ৰসাৰী কৰি তুলিলে৷ এই ক্ষেত্ৰত অনুবাদ আৰু মূল পাঠৰ মাজত কিবা অৰ্থগত গহীন সম্পৰ্ক ৰ’লনে? এই বিষয়ে পানউইটজে এনেদৰে লিখিছে—“আমাৰ অনুবাদ-কৰ্ম যিমান উন্নত পৰ্যায়ৰ নহওক কিয় এক ভুল বিধিৰদ্বাৰা পৰিচালিত হয়৷ আমি হিন্দী, গ্ৰীক আৰু ইংৰাজী ভাষাক জাৰ্মানলৈ অনুবাদ কৰিবলৈ খোজো, কিন্তু জাৰ্মান ভাষাক হিন্দী, গ্ৰীক অথবা ইংৰাজী কৰিব নোখোজোঁ৷ আমাৰ অনুবাদকসকলৰ নিজা ভাষাশৈলী বুলি অসীম শ্ৰদ্ধা আছে, বিদেশী সাহিত্য-কৰ্মৰ কালিকা শক্তিয়ে আমাৰ অনুবাদকসকলক মোহাচ্ছন্ন নকৰে৷ অনুবাদকসকলৰ প্ৰাথমিক গুণটো হ’ল তেওঁ নিজৰ ভাষাৰ চৰিত্ৰ ধৰি ৰাখিব খোজে- বিদেশী ভাষাৰ শক্তিশালী বাগবৈশিষ্ট্যৰে নিজৰ ভাষাক শক্তিশালী কৰিব নোখোজে৷ অনুবাদ কৰিবলৈ গৈ তেওঁলোকে সততে ভাষাৰ প্ৰাথমিক উপাদানবোৰৰ ওপৰত লক্ষ্য ৰখাতকৈ সৃষ্টি-কৰ্মৰ চিত্ৰকল্প আদিৰ মাজত সমতুল্য ৰূপৰ সন্ধান কৰে৷ এই ক্ষেত্ৰত বিদেশী ভাষাৰ সাহচৰ্যত তেওঁ নিজৰ ভাষাটো উন্নত কৰা উচিত৷”

কোনো এক অনুবাদ-কমই মূল পাঠৰ মানসিক অৱস্থা ধৰি ৰাখিব পাৰিছেনে নাই এই কথা মূল পাঠৰ অনুবাদযোগ্যতাৰ বস্তুধৰ্মীতাৰে থিৰাং কৰিব পাৰি৷ ভাষাৰ গুণ আৰু মযাদা নিম্নখাপৰ হ’লে অনুবাদত তথ্যৰ মাত্ৰা বাঢ়ে৷ ঠিক সেইদৰে বিষয়বস্তুক অধিক প্ৰাধান্যশীল কৰি তুলিলে মূল পাঠৰ মানসিক অৱস্থাৰ অনুবাদ অসম্ভৱ হৈ পৰে৷ হোলদাৰলিনৰ অনুবাদসমূহ এইবিধৰ৷ সেইবোৰক মূল পাঠৰ চানেকিস্বৰূপ বুলিব পাৰি৷ এইক্ষেত্ৰত হোলদাৰলিন আৰু ৰোডোলফ বৰচাদিয়ে কৰা পিনদাৰৰ ‘থাৰ্ড পাইথিয়ান অড’ৰ অনুবাদ দুটাকে তুলনা কৰিব পাৰি৷ হোলদাৰলিনত অনুবাদৰ আটাইবোৰ ভ্ৰান্তি উপস্থিত৷ বিষয়বস্তুৰ উত্তৰণৰ লগে-লগে হোলদাৰলিনৰ অৰ্তাৰ অপঘাত ঘটে আৰু এক পৰ্য্যায়ত ভাষাৰ গভীৰতাত অনুবাদ-কাৰ্য শেষ হয়৷
☆★☆

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.