অনুবাদ আৰু অসমীয়া সাহিত্যৰ বিকাশত ইয়াৰ ভূমিকা (মদন শৰ্মা)

অনুবাদ আৰু অসমীয়া সাহিত্যৰ বিকাশত ইয়াৰ ভূমিকা (মদন শৰ্মা)

অনুবাদ আৰু অসমীয়া সাহিত্যৰ বিকাশত ইয়াৰ ভূমিকা (মদন শৰ্মা)

by May 16, 2017 0 comments

অনুবাদ

☆☆☆☆☆☆

সাধাৰণতে অনুবাদ মানে আমি বুজোঁ এটা ভাষাত ৰচিত (লিখিত বা কথিত) কোনো এটা পাঠ (কবিতা, প্ৰবন্ধ, গীত, গল্প ইত্যাদিৰ দৰে ভাষাৰ শব্দ আৰু বাক্যৰে ৰচিত অৰ্থপূৰ্ণ ৰচনা) আন এটা ভাষালৈ এনেকৈ পৰিৱৰ্তিত কৰা যাতে মূল পাঠৰ কথা-অৰ্থ, বক্তব্য আৰু সাহিত্যিক গুণসমূহ-ৰ বৰ বেছি ক্ষয়-ক্ষতি নহয়, বা মূল পাঠ বিকৃত নহয়। অনুবাদৰ যোগেদি এটা সংস্কৃতিৰ সৈতে আন এটা সংস্কৃতিৰ সংযোগ সাধিত হয়। কিয়নো প্ৰায়ে এটা ভাষাত ৰচিত কোনো সাহিত্যকৰ্ম, আৰু আনকি সাহিত্য বুলি স্বীকৃত নোহোৱা জ্ঞানমূলক ৰচনা আন এটা ভাষালৈ ৰূপান্তৰ কৰোঁতে মূল পাঠৰ বক্তব্য, সেই বক্তব্যৰ মাজেদি ফুটি উঠা সমাজ-সংস্কৃতি-জীৱন শৈলী, তাৰ ভাষা আৰু তাৰ ৰচনাৰ ধৰণ বা শৈলী আদিৰ কিছু হ’লেও আনটো ভাষালৈ আহে।

পছিমীয়া বিশেষজ্ঞসকলে এই কথালৈ আঙুলিয়াইছে যে অনুবাদত, বিশেষকৈ সাহিত্যৰ অনুবাদত দুটা সংস্কৃতিৰ লগতে দুটা সাহিত্যিক প্ৰণালী বা ব্যৱস্থা জড়িত হৈ থাকে।মূল আৰু অনুবাদৰ মাজৰ পাৰ্থক্য সম্পৰ্কে পছিমীয়া জগতত অন্ততঃ ঊনবিংশ শতিকাৰ পৰাই আলোচনা হৈ আহিছে। জাতীয় সাহিত্যৰ বিকাশত অনুবাদে বাধাৰ সৃষ্টি কৰে-এনে ধাৰণা তেতিয়া পছিমীয়া কিছু দেশত প্ৰচলিত আছিল। তাত ওঠৰ শতিকাৰ আগলৈকে সাহিত্যিক ৰচনাৰ ক্ষেত্ৰত মৌলিকতাৰ কথাটো তেনেকৈ গুৰুত্বপূৰ্ণ হৈ উঠা নাছিল। ইউৰোপত আনকি এটা সময়ত বাইবেলৰ নিচিনা ধৰ্মপুথিৰ অনুবাদ আমাৰ ইয়াতো অনুবাদক মূলতকৈ হীন বুলি ধৰা হোৱা নাছিল।মাধৱ কন্দলিৰ ৰামায়ণ, আৰু শংকৰদেৱৰ বিভিন্ন কাব্য আৰু মাধৱদেৱৰ নামঘোষাৰ বহু অংশ অনুবাদ হ’লেও সেই ৰচনাসমূহে আমাৰ সমাজ-সংস্কৃতিত, আমাৰ জনসমাজত সন্মানৰ আসন অধিকাৰ কৰি আহিছে।

অৱশ্যে অনুবাদ অসম্ভৱ বুলি কোৱা বিজ্ঞজনো আছে। উদাহৰণস্বৰূপে স্পেনিশ্ব দাৰ্শনিক খোছে অৰ্টেগা গেছেটৰ মতে অনুবাদ অসম্ভৱ ।তেওঁৰ মতে, লেখকৰ নিজস্ব শৈলীয়ে অনুবাদকৰ বাবে জটিলতাৰ সৃষ্টি কৰে-কিয়নো কেতিয়াবা লেখকৰ নিজস্ব ৰীতিত শব্দ একোটাই তাৰ স্বাভাৱিক অৰ্থতকৈ সুকীয়া অৰ্থ বুজাব পাৰে, তাতে প্ৰতিটো ভাষাৰে নিজস্ব ভাষিক শৈলী আছে-যি আন ভাষাতকৈ সুকীয়া। যিহেতু ভাষাসমূহ নিজস্ব একক লেণ্ডস্কেইপ বা নিসৰ্গত নিজ নিজ অভিজ্ঞতাৰ মাজেৰে গঢ় লৈ উঠে সেয়ে দুটা ভাষাৰ সমাৰ্থক বুলি অভিধানে জনোৱা শব্দৰ অৰ্থ একে নহ’বও পাৰে-দুয়োটা শব্দই আচলতে একেটা বস্তুক নুবুজাবও পাৰে। এনে ধৰণৰ সমস্যাসত্বেও পিছে অনুবাদ হৈয়ে আছে, হৈয়ে থাকিব। আনকি গেছেটৰ লেখাও আমি অনুবাদতহে পঢ়িছোঁ আৰু পঢ়ি তেওঁ কি ক’ব খুজিছিল গম পাইছোঁ।

দাৰ্শনিক দৃষ্টিভংগীৰে অনুবাদৰ আলোচনা আগবঢ়োৱা জৰ্জ ষ্টাইনাৰে তেওঁৰ ‘আফ্টাৰ বেইবল্’ নামৰ কিতাপখনৰ এঠাইত কৈছেঃ অনুবাদ দৰাচলতে সম্ভৱ হয় নে-এই প্ৰশ্নটো প্ৰোথিত হৈ আছে ইটো ভাষাৰ পৰা সিটোলৈ অহা-যোৱা কৰা উচিত নে সেই সম্পৰ্কীয় প্ৰাচীন ধৰ্মীয় আৰু মনোবৈজ্ঞানিক সংশয়ত। তেওঁ কৈছে- কথা যদি স্বৰ্গীয় আৰু শব্দতে যদি ঈশ্বৰত্ব থাকে (শব্দ ব্ৰহ্ম•), তেন্তে তাক আন ভাষালৈ নিয়াটো পাপ কামৰ নিচিনাই। অনুবাদক এক ধৰণৰ ‘ব্লাছফেমি’ অৰ্থাৎ ধৰ্ম আৰু ঈশ্বৰৰ বিৰোধিতা কৰা বুজাব। ষ্টাইনাৰে দেখুওৱামতে ইহুদী ধৰ্মত অনুবাদৰ বিৰুদ্ধে অতি কঠোৰ নিষেধাজ্ঞাই আছে বুলিব পাৰি। ষ্টাইনাৰে লেখামতে খ্ৰীষ্টীয় প্ৰথম শতিকাত ৰচিত বুলি ভবা “মেগিলাথ তা-আনিথ্ ” নামৰ গ্ৰন্থত“‘ল’ ” (অৰ্থাৎ হিব্ৰু বাইবেলৰ অংশ) গ্ৰীক ভাষালৈ অনুবাদ কৰাৰ পাছত হেনো পৃথিৱীখন তিনি দিনলৈ আন্ধাৰে আবৰি ৰাখিছিল।

আমাৰ ইয়াতো বেদৰ অনুবাদ বহু পলমকৈহে হৈছিল আৰু সেই অনুবাদ সকলোৱে বহু পিছলৈহে পাব-পঢ়িব পৰা হৈছিল। শংকৰদেৱে সংস্কৃত ‘শাস্ত্ৰ’ সাধাৰণ মানুহে বুজাকৈ অনুবাদ কৰিবলৈ লওঁতে কম আক্ৰমণৰ সন্মুখীন হোৱা নাছিল। তথাপি আমাৰ দেশত পছিমীয়া দেশতকৈ এই ক্ষেত্ৰত কিছু উদাৰতাই ( –অন্ততঃ মধ্যযুগৰ পৰা–)আছিল বুলি ভাব হয়।
সাহিত্যৰ বিকাশত অনুবাদৰ গুৰুত্ব
☆☆☆☆☆☆

আজিৰ পৰা নটা দশক আগতে কৃষ্ণকান্ত সন্দিকৈদেৱে ‘অনুবাদৰ কথা’ নামৰ এখন মূল্যবান ৰচনা লিখিছিল। অনুবাদ সম্পৰ্কে পঢ়া-শুনা কৰিবলৈ লোৱাসকলে সেইখন পঢ়া উচিত। সন্দিকৈদেৱে পছিমীয়া সাহিত্যৰ বিকাশত অনুবাদৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিশদ আলোচনা আগবঢ়াইছে। তেখেতে বিশেষকৈ আধুনিক চেক, চাৰ্ব আৰু জাপানী সাহিত্যৰ বিকাশত সাহিত্যৰ অনুবাদৰ ভূমিকা আলোচনা কৰিছে। ভাবিলে অবাক হ’ব লাগে–এতিয়াৰ চেক বিশেষজ্ঞৰ মতেও চেক ভাষাৰ সাহিত্যৰ পুনৰুত্থানত অনুবাদৰ ভূমিকা গুৰুত্বপূৰ্ণ। সাম্প্ৰতিক কালৰ বিশেষজ্ঞই দেখুৱাইছে যে ইজিপ্তৰ আৰবী সাহিত্য আৰু জাপানী সাহিত্যত সাহিত্যৰ নতুন ৰূপৰ আবিৰ্ভাৱ বহু পৰিমাণে অনুবাদৰ বাবেহে সম্ভৱ হৈছিল।ইজিপ্তত উপন্যাসৰ বিকাশ অনুবাদৰ পোনপটীয়া ফল বুলি আলোচকসকলে দেখুৱাইছে।জাপানী সাহিত্যৰ সাহিত্যিক আখ্যা দিয়া ভাষাৰ বিকাশো দৰাচলতে বিদেশী সাহিত্যৰ অনুবাদৰ ফল বুলি বিশেষজ্ঞসকলে কৈছে।

কুৰি শতিকাৰ আৰম্ভনিতে ইংলেণ্ডত যি চিত্ৰকল্পবাদী আন্দোলন আৰম্ভ হৈছিল আৰু সেই সময়ত যি ধৰণৰ চিত্ৰকল্পৰে সমৃদ্ধ, ভাবঘন, কম কথাৰে বহু ভাব ব্যক্ত কৰিব পৰা কবিতাৰ সৃষ্টি হৈছিল তাৰ আৰ্হিও কিন্তু এছীয় বিশেষকৈ প্ৰাচীন চীনা কবিতা আৰু জাপানী হাইকুৰ অনুবাদৰ পৰা আহিছিল।

অসমীয়া সাহিত্যৰ বিকাশত অনুবাদৰ ভূমিকা উল্লেখযোগ্য।প্ৰাক্-শংকৰী আৰু শংকৰদেৱৰ যুগৰ সাহিত্য বহু পৰিমাণে অনুবাদ-নিৰ্ভৰ আছিল বুলি ক’ব লাগিব।কিছু ক্ষেত্ৰত পোনপটীয়া অনুবাদ নহ’লেও সংস্কৃত মূলৰ পৰা সমল লৈ অনুবাদ আৰু পুনৰ্লেখন কৰি লোৱা হৈছিল।প্ৰাক্-শংকৰী যুগৰ অপ্ৰমাদী কবি মাধৱ কন্দলিৰ ৰামায়ণৰ অনুবাদ মূলৰ বহু ওচৰ চপা বুলি বিশেষজ্ঞসকলে উল্লেখ কৰিছে।

এই কথা বহুতেই হয়তো নাজানে যে ভাৰতীয় অনুবাদকসকলৰ ভিতৰত মাধৱ কন্দলিয়ে প্ৰথমে অনুবাদ সম্পৰ্কে নিজা মতৰ অলপকৈ হ’লেও আলোচনা কৰিছে, অনুবাদৰ কৌশল বা ষ্ট্ৰেটেজি নিজৰ ধৰণে ব্যাখ্যা কৰিছে। অনুবাদকে যে মূল পাঠৰ নিজস্ব নিৰ্বচন বা ব্যাখ্যা অৰ্থাৎ ইণ্টাৰপ্ৰিটেশ্বনত উপনীত হৈহে অনুবাদৰ কামত হাত দিয়ে তাকো তেওঁ কৈছে ৰামায়ণৰ কিষ্কিন্ধা কাণ্ডতঃ
বাল্মীকি ৰচিলা শাস্ত্ৰ গদ্য পদ্য ছন্দে।
তাহাক বিচাৰ আমি কৰিয়া প্ৰবন্ধে।।
আপোনাৰ বুদ্ধি অৰ্থ যিমত বুজিলো।
সংক্ষেপ কৰিয়া তাক পদ বিৰচিলো।।
সমস্ত ৰসক কোনে জানিবাক পাৰে।
পক্ষীসব উৰই যেন পখা অনুসাৰে।।
কবি সব নিবন্ধয় লোক ব্যৱহাৰে।
কতো নিজ কতো লম্ভা কথা অনুসাৰে।।
দেৱবাণী নুহি ইটো লৌকিকসে কথা।
এতেকে ইয়াৰ দোষ নলৈবা সৰ্বথা।

লংকাকাণ্ডৰ শেষৰ ফালে কন্দলিয়ে এক প্ৰকাৰ দাবী কৰিছে যে তেওঁ মূলৰ বহলোৱা কথা চমুৱাই সাৰভাগ ৰাখি কাব্যৰস দিওঁতে মূলৰ পৰা আঁতৰি যোৱা নাইঃ

সাত কাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো,
লম্ভা পৰিহৰি সাৰোধৃত।
মহামাণিক্যৰ বোলে, কাব্যৰস কিছো দিলো,
দুগ্ধক মথিলে যেন ঘৃত।
পণ্ডিত লোকৰ যেবে অসন্তোষ উপজয়,
হাতযোৰে বোলো শুদ্ধ বাক।
পুস্তক বিচাৰি যেবে তৈত কথা নপাৱাহা
তেবে সবে নিন্দিবা আমাক।।

কন্দলিয়ে মূলৰ বহলোৱা (লম্ভা) কথা চমুৱাই (সংক্ষেপ কৰিয়া) সাৰ ভাগ ৰাখিছে (সাৰোধৃত) আৰু অলংকাৰৰ সুপ্ৰয়োগ কৰিছে (কাব্যৰস)। কবিসকলে, অনুবাদকে প্ৰয়োজনমতে যোগ-বিয়োগ কৰি পৰম্পৰালৈ চাইহে ৰচে-সেই কথাও তেওঁ কৈ গৈছে-কবিসব নিবন্ধয় লোক ব্যৱহাৰে।দেববাণী নুহি ইটো লৌকিকসে কথা বুলি কোৱাটো উল্লেখযোগ্য। মাধৱ কন্দলিৰ ৰামায়ণত অসমীয়া ভাষাৰ জঁতুৱা ঠাঁচৰ আচৰিতধৰণে বহু পৰিশীলিত ৰূপৰ ব্যৱহাৰ দেখা যায়। ড. ৰমেশ পাঠকৰ মতে কন্দলিৰ ৰামায়ণৰ অযোধ্যা কাণ্ডৰ মুঠ তিনি হেজাৰ দুশ ত্ৰিছটা শব্দৰ ভিতৰত ষোল শ চৌৰানবৈটা সংস্কৃতমূলীয়, আনহাতে পোন্ধৰ শ ছয়ত্ৰিছটা শব্দ তদ্ভৱ অৰ্থাৎ থলুৱা। অসমীয়া ভাষাৰ প্ৰবচন হৈ পৰা বহু উক্তিও এই অনুবাদত পোৱা যায়। অকল সেয়ে নহয়। গহীন ভাবৰ-কথাৰ প্ৰকাশ কৰিব পৰাৰ বাবে ভাষাটোক গঢ় দিয়াত কন্দলিৰ অনুবাদৰ ভূমিকাৰ কথা পাহৰিব নোৱাৰি।মহেশ্বৰ নেওগে কন্দলিয়ে মূলৰ কথাৰ আৰু ভাবৰ হৰণ-ভগন নোহোৱাকৈ কেনেকৈ সংক্ষিপ্তকৰণ কৰিছে , তাৰ উদাহৰণ দাঙি ধৰিছে। লংকা কাণ্ডৰ মূলৰ এটা শ্লোক এনেকুৱা—

দেশে দেশে কলত্ৰানি দেশে দেশে চ বান্ধৱঃ
তম্ তু দেশম্ ন পশ্যামি য়ত্ৰ ভ্ৰাতা সহোদৰঃ।

ইয়াৰ সাৱলীল অনুবাদ কন্দলিয়ে কৰিছে এনেকৈ-

ভাৰ্য্যা পুত্ৰ বন্ধু পাই যথা তথা
হেন নতু দেখোহো সোদৰ পাই কথা।

মাধৱ কন্দলিৰ মৌলিকতা নেওগে কোৱাৰ দৰে দেখা যায় ৰামায়ণৰ অনুবাদত সেই সময়ৰ অসমৰ জনজীৱন আৰু নৈসৰ্গ প্ৰতিফলিত হোৱা বিৱৰণত। বিৰিঞ্চি কুমাৰ বৰুৱাৰ মতে, ‘In short, it is redolent of the temper and genius of the Assamese people.’

অসমীয়া ভাষাক ওখ ভাবৰ আৰু বিভিন্ন ৰসৰ কথা সাৱলীলতাৰে প্ৰকাশ কৰিব পৰা কৰি তোলাত মহাপুৰুষ দুজনাৰ অনুবাদৰ ভূমিকা অনস্বীকাৰ্য। মাধৱদেৱে ৰামায়ণৰ আদি কাণ্ড আৰু শংকৰদেৱে ৰামায়ণৰ উত্তৰাকাণ্ড অনুবাদ কৰি পাঁচটা কাণ্ড থকা কন্দলি ৰামায়ণক সাত কাণ্ডৰ পূৰ্ণতা প্ৰদান কৰে। শংকৰদেৱে উত্তৰাকাণ্ড অনুবাদ কৰোতে মূলৰ পৰা আঁতৰি আহি সীতাক প্ৰতিবাদী নাৰী হিচাপে উপস্থাপন কৰাটো মন কৰিবলগীয়া কথা। অনুবাদৰ আধুনিক তাত্ত্বিকে অনুবাদক ৰি-ৰীডিং আৰু ৰি-ৰাইটিং বুলি কোৱা কথাৰো যেন উমান পোৱা যায় এনে অনুবাদত।

শংকৰদেৱে ভাগৱতৰ প্ৰথম, দ্বিতীয়, তৃতীয়, সপ্তম, অষ্টম, নৱম, দশম আৰু দ্বাদশ স্কন্ধৰ অনুবাদ কৰে। ভাগৱতৰ অসমীয়া অনুবাদক অসমীয়া কবিতাৰ নৱজাগৰণ বুলি ড. বিৰিঞ্চি কুমাৰ বৰুৱাই কৈছে। কেৱল কৃষ্ণ কথাক ৰাইজৰ ভাষাত উপস্থাপন কৰাই নহয়, অসমীয়া কবিতাত কাব্যৰূপ আৰু কাব্যৰীতিৰ নতুন প্ৰয়োগৰ জৰিয়তে নতুন যুগৰ সূচনা কৰা বাবেও এই অনুবাদ উল্লেখযোগ্য। ভাগৱতৰ কেইটিমান শ্লোকৰ অনুবাদ আৰু বিস্তাৰ ঘটাই শংকৰদেৱে কীৰ্তনৰ ৰাসলীলা অধ্যায় ৰচি তেখেতৰ অনুবাদত দক্ষতা আৰু সৃষ্টিশীলতাৰ নিদৰ্শন দি গৈছে। শংকৰদেৱৰ অনুবাদৰ বিষয়ে এই নিবন্ধকাৰে লেখা ইংৰাজী ৰচনা এখন ৱেব ছাইটত পঢ়িবলৈ পোৱা যায়। অনুবাদক মাধৱদেৱৰ সৃষ্টিশীলতা আৰু মৌলিকতাৰ পৰিচয় পাওঁ তেওঁৰ নামঘোষাত।নামঘোষাৰ দৰে ইমান প্ৰভাৱশালী আৰু অৰ্থবহ আৰম্ভনি থকা কাব্য বিৰল বুলি ক’ব লাগিব।

মাধৱ কন্দলিৰ অনুবাদে পাছৰ কালৰ কবিসকলে ৰামায়ণৰ কাহিনীক লৈ ৰচা কাব্য আৰু গদ্যত ৰচা ৰামায়ণৰ সৃষ্টিত সহায় কৰে। দৰাচলতে শংকৰী আৰু শংকৰোত্তৰ যুগৰ অসমীয়া সাহিত্য সমৃদ্ধ হয় অনুবাদ আৰু অনুবাদ-আশ্ৰিত ৰচনাৰ দ্বাৰা। অনুবাদে অসমীয়া সাহিত্যৰ ভাষালৈ অজস্ৰ নতুন শব্দ, নতুন প্ৰকাশভংগী, কবিতাৰ নতুন আৰু বৈচিত্ৰ্যময় ছন্দ আৰু কাব্যৰূপ আনে। অসমীয়া ভাষাত আমি ব্যৱহাৰ কৰি থকা, সাহিত্য ৰচোঁতে ব্যৱহাৰ কৰা অজস্ৰ শব্দ মাধৱ কন্দলি আৰু শংকৰদেৱৰ পৰাই আহিছে। অনুবাদ কৰোঁতে সংস্কৃতৰ আৰ্হিত বহু নতুন শব্দ গঢ়ি লোৱা হৈছে, বহু শব্দক অসমীয়া সাঁচত ঢালি লোৱা হৈছে।

এই ধৰণৰ অনুবাদৰ জৰিয়তে ভাৰতৰ ধৰ্মীয় সাহিত্য আৰু পৰম্পৰা আৰু সংস্কৃতিৰ সৈতে সম্পৰ্ক সাধিত হয়।দাৰ্শনিক মতৰ সৈতেও সংযোগ গঢ়ি উঠে।ই নিশ্চয়কৈ অসমীয়া মানস , অসমীয়াৰ ভাবজগত প্ৰসাৰিত হোৱাত সহায় কৰে।আৰু সিয়ে অসমীয়া সাহিত্যৰ বিকাশতো সহায় কৰে।

সোতৰ শতিকাৰ শেষৰ পৰা ঊনবিংশ শতিকাৰ আৰম্ভনিলৈ সুদীৰ্ঘ সময়ছোৱাত -অসমৰ সামাজিক-ৰাজনৈতিক-অৰ্থনৈতিক অৱস্থালৈ অহা অস্থিৰতা আৰু অশুভ পৰিৱৰ্তনে অসমৰ সাহিত্যৰ গতি স্থবিৰ কৰি তোলে।ঊনবিংশ শতিকাত ঔপনিৱেশিক শক্তিয়ে অসমত খোপনি পোতাৰ পাছত অসমলৈ ঔপনিৱেশিক আধুনিকতাৰ আগমন ঘটে। পছিমীয়া শিক্ষা আৰু ঘাইকৈ ইংৰাজী সাহিত্যৰ সৈতে সম্পৰ্ক ঘটাৰ ফলতইে অসমীয়া সাহিত্যত নতুন যুগ এটাৰ বাট মুকলি হয়।

জোনাকী যুগ আৰম্ভ হোৱাৰ ঠিক আগে আগে—১৮৮৮ চনত অসমীয়া ভাষালৈ শ্বেইকছপিয়াৰৰ ‘কমেডি অভ্ এৰৰয’ৰ অনুবাদ হৈছিল-ভ্ৰমৰংগ নামেৰে। কুৰি শতিকাৰ আগ ভাগলৈকে অসমৰ বিভিন্ন মঞ্চত এই নাটকখন সফলতাৰে মঞ্চস্থ হৈছিল। ই অসমীয়া আধুনিক নাটকৰ বিকাশত বৰঙনি যোগায়।

সত্যনাথ বৰাই এই অনুবাদৰ আলোচনা কৰোঁতে এটা মন কৰিবলগীয়া দিশৰ কথা উল্লেখ কৰিছে-। বৰাই তাৎপৰ্যপূৰ্ণভাৱে কৈছে যে ভ্ৰমৰংগত হাস্যৰস কেৱল ভাবত বা চিন্তাত নাই, ভাষাত-কথনতোআছে। ধেমেলীয়া ভাবেই নহয় ,ভাষাৰে, কথাৰে ধেমালি কৰা–এইটো প্ৰথম বাৰলৈ সম্ভৱতঃ ভ্ৰমৰংগই দেখুৱালে। পিছলৈ বেজবৰুৱাৰ লেখাত সেয়া অধিক বিকশিত ৰূপত দেখিবলৈ পাওঁ। অসমীয়া হাস্যৰসাত্মক সাহিত্য সৃষ্টিত, ধেমেলীয়া নাট সৃষ্টিত এই অনুবাদৰ ভূমিকাৰ কথা বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যদেৱেও কৈ গৈছে। অসমীয়া ভাষাৰ সমল ব্যৱহাৰ কৰি মূল নাটকৰ দৰে বা সমানেই প্ৰতিক্ৰিয়া সৃষ্টি কৰিব খোজা হৈছে । এটা সৰু উদাহৰণ ল’লে কথাটো স্পষ্ট হ’ব—

মূলঃ Dromio of Ephesus : The clock has stricken twelve upon the bell,
My mistress made it one upon my cheek.

অনুবাদঃ ঘড়ীত বাজিল বাৰ,
আয়ে আমাৰ গালত বজালে এক

ভ্ৰমৰংগৰ ৰচনাৰ সময়ত অসমীয়া বানান, লেখনৰীতি আদিয়ে এটা সৰ্বজনস্বীকৃত ৰূপ পোৱা নাছিল।তালৈ চাই এই নাটখনত জঁতুৱা অসমীয়াৰ ব্যৱহাৰ আৰু ইংৰাজীৰ গঢ়ত সজা অসমীয়া বাক্যৰ আমোদজনক দৃষ্টান্ত পোৱাটো উল্লেখযোগ্য।

Act IV, Scene I :
মূলঃ Angelo : Then you will bring the chain to her yourself.
অনুবাদঃ সোনেশ্বৰঃ তেনেহলে হাৰ-গচ আপুনিয়েই দিব গৈ.

মূলঃ Antipholus E: No ! Bear it with you, lest I come not time enough.

অনুবাদঃ নিৰঞ্জনঃ নহয়, তুমিয়ে ল’ই যোৱা, মই ‘জোখৰ বেলি’ত নাপাওগৈ কিজানি

ইয়াত ‘জোখৰ বেলি’ত অলপ আচহুৱা । এতিয়া আমি হয়তো সময়মতে বা সঠিক সময়ত বুলিহে ক’লোহেঁতেন।যোৱাবেলি-ৰ নিচিনা শব্দগুচ্ছ এতিয়াও কোৱা হয় যদিও জোখৰ বেলি -ৰ নিচিনা শব্দগুচ্ছ দৰাচলতে ব্যৱহাৰ হোৱা দেখা নাযায়।

কেতিয়াবা ইংৰাজী সাহিত্যৰ পোনপটীয়া অনুবাদ আৰু কেতিয়াবা ৰূপান্তৰিত অনুবাদে অৰ্থাৎ এডাপ্টেশ্বনেও অসমীয়া সাহিত্যত নতুন ফৰ্মৰ লেখা সৃষ্টিত উদগনি যোগাইছিল। এই ক্ষেত্ৰত আমি নিশ্চয় হিতেশ্বৰ বৰবৰুৱাৰ চতুৰ্দশপদী কবিতাৰ শৃংখলা (ছনেট ছিকুৱেন্স) ডেছডিমোনা কাব্য লৈ আঙুলিয়াব পাৰোঁ। ইংৰাজী ভাষাত কবি ফিলিপ ছিডনি, এডমাণ্ড স্পেন্সাৰ আৰু অন্যান্যই ৰচা ছনেট ছিকুৱেন্সৰ আৰ্হিত হিতেশ্বৰ বৰবৰুৱাই শ্বেইকছ্পিয়াৰৰ অথেলো নাটকৰ পঞ্চম অংকৰ কেইটিমান বচনৰ ভিত্তিত নিজৰ কাব্যিক কল্পনাৰ প্ৰয়োগ কৰি এলানি ছনেট ৰচনা কৰে। তাকে কৰোঁতে অৱশ্যে কবিয়ে কিছু স্বাধীনতা লৈছে। তেওঁ ইংৰাজ ডেছডিমোনাক অসমীয়া বা ভাৰতীয় সতী যেনকৈ চিত্ৰিত কৰিছে।

কুৰি শতিকাৰ আগভাগত অসমীয়া কবিসকলে ইংৰাজীৰ পৰা কবিতা অনুবাদ কৰোঁতে প্ৰায়ে সিবোৰক অসমীয়া গঢ় দিছিল–এনেকৈ গঢ় দিছিল যে সিবোৰ কোন ভাষাৰ কোন কবিতাৰনো অনুবাদ জনাই নগৈছিল। এনে অনুবাদক ঘৰচীয়াকৰণ বা ডমেষ্টিকেইশ্বন বুলি কোৱা হয়। আগৰ বহু কবিতাৰ অনুবাদত মূলৰ চিন-চাব নথকা এই ডমেষ্টিকেইশ্বনতে জোৰ দিছিল। তথাপি অনুবাদৰ মাধ্যমেৰ ভিন ভিন ভাবৰ, ৰসৰ আৰু ৰূপৰ কাব্যসৃষ্টিত সেই অনুবাদৰ বৰঙনি কম নাছিল।অসমীয়া আধুনিক কবিতাৰ যি বিকাশ আমি চল্লিছৰ দশকৰ পাছত দেখোঁ তাতো কিন্তু অনুবাদৰ যোগেদি অহা বিদেশী কবিতাৰ ভাব আৰু আংগিকৰ প্ৰভাৱ লক্ষ্য কৰোঁ। প্ৰগতিশীল কবিতাৰ ক্ষেত্ৰতো বাংলাৰ লগতে বিদেশী ভাষাৰ পৰা ঘাইকৈ ইংৰাজী আৰু বাংলাৰ সহায়ত কৰা অনুবাদৰ প্ৰভাৱ নুই কৰিব নোৱাৰি। কাহিনী সাহিত্যৰ অনুবাদে আকৌ নতুন ৰচনা পদ্ধতি, আংগিক আৰু কথকতাৰ নতুন আৰ্হিৰ আমদানি কৰে। কাহিনী সাহিত্যৰ বিষয় বৈচিত্ৰ্যৰ ক্ষেত্ৰতো অনুবাদৰ ভূমিকা অনস্বীকাৰ্য।

এইখিনিতে ক’ব লাগিব যে অসমীয়ালৈ কৰা অনুবাদত বহুক্ষেত্ৰত এতিয়াও ঘৰুৱাকৰণ কৰি অৰ্থাৎ লক্ষ্য বা উদ্দিষ্ট ভাষা (টাৰ্গেট লেংগুৱেজ) অৰ্থাৎ অসমীয়াৰ সাঁচত ঢালি কৰা অনুবাদ চলি আছে। এনে অনুবাদে সাহিত্যকৰ্ম একোটিৰ বিষয়বস্তু বা কণ্টেণ্ট বহু পৰিমাণে ধৰি ৰাখিলেও মূলৰ সাহিত্যিক বৈশিষ্ট্য, আলংকাৰিক বৈশিষ্ট্যসমূহ ধৰি ৰাখিব নোৱাৰে–মূলৰ সাংস্কৃতিক বৈশিষ্ট্যও হেৰাই যাব পাৰে। এনে অনুবাদে কোনো সাহিত্যক বিশেষভাবে সহায় নকৰিবও পাৰে। শিশু সাহিত্যৰ ক্ষেত্ৰত এনে ঘৰুৱা কৰা অনুবাদ কিছু পৰিমাণে গ্ৰহণযোগ্য হ’লেও সাহিত্যিক অনুবাদৰ ক্ষেত্ৰত এতিয়া কিন্তু বিদেশীকৃত বা আচহুৱাকৃত বা ফৰেনাইজিং অনুবাদত অৰ্থাৎ অনূদিত মূল পাঠ একেবাৰে অপৰিচিত কৰি নেপেলোৱা ধৰণৰ অনুবাদতহে গুৰুত্ব দিয়া হয়। মূলৰ সুৰ, লয়, মূলৰ প্ৰবাহ ধৰি ৰখাত জোৰ দিয়া সাহিত্যিক অনুবাদ ক এতিয়া অধিক প্ৰভাৱশালী আৰু ¸গ্ৰহণযোগ্য বুলি ধৰা হয়। অৱশ্যে ইয়াৰ বিপৰীত অৱস্থান গ্ৰহণ কৰা অনুবাদকো আছে– লক্ষ্য ভাষাৰ জঁতুৱা ঠাঁচৰ ওচৰ চপা অনুবাদ কৰোঁতে অলপ বেছি সৃষ্টিশীল স্বাধীনতা লোৱাত এওঁলোকে গুৰুত্ব দিয়ে।পিচে এই কথা মন কৰিব লাগিব —অলপ ফৰেনাইজিং ধৰণৰ অনুবাদে মূলৰ সাহিত্যিক-সংস্কৃতিক বৈশিষ্ট্যৰ আৰু সোৱাদৰ আভাস দি লক্ষ্য ভাষাৰ সাহিত্যক বেছি সহায় কৰিবও পাৰে।

বিশ্বৰ বিভিন্ন ভাষাত ৰচিত বাছকবনীয়া বা উৎকৃষ্ট বুলি বিবেচিত সাহিত্যকৰ্মৰ অনুবাদে এটা ভাষাৰ সাহিত্যক সদায়ে সমৃদ্ধ কৰিব পাৰে কিয়নো সাহিত্যৰ অনুবাদ কৰিবলৈ লোৱাৰ লগে লগে নিজৰ ভাষাটোৰ সমলসমূহ সম্পৰ্কে, সিবোৰৰ প্ৰকাশিকা শক্তিৰ সম্ভাৱনা সম্পৰ্কে সজাগতা বাঢ়ে, ভাষাটোৰ নমনীয়তা বাঢ়ি যাব পাৰে, সি অভিনৱ ভাব-চিন্তা-কল্পনাৰ বিভিন্ন অভিব্যক্তি সুন্দৰকৈ ফুটাই তুলিবৰ জোখাৰে সমৃদ্ধ হৈ উঠিব পাৰে। । অনুবাদে ভাষাৰ অধিক সৃষ্টিশীল প্ৰয়োগলৈ বাট মুকলি কৰাৰ লগতে নতুন ধৰণৰ, নতুন ৰূপ বা ফৰ্মৰ সাহিত্যকৰ্ম সৃষ্টিত অৰিহনা যোগায়৷ উৎকৃষ্ট অনূদিত কিতাপৰ পঠনে লেখকসকলক সাহিত্যৰ ভাব বস্তু আৰু ৰূপবস্তুৰ ক্ষেত্ৰত ন ন সম্পৰীক্ষালৈ উদগাবও পাৰে। সেইবাবে আমাৰ ভাষালৈ উৎকৃষ্ট লেখাৰ (কেৱল সাহিত্যৰে নহয়, চিন্তামূলক লেখাৰো)অনুবাদ যিমানে হয়, সিমানে ভাল। দুৰ্ভাগ্যবশতঃ জ্ঞান-বিজ্ঞানৰ -দৰ্শন-চিন্তনৰ বহু ভাল কিতাপ আমাৰ ভাষালৈ অনূদিত নোহোৱাকৈয়ে আছে।অসমীয়া ভাষাৰ বাছকবনীয়া সৃষ্টি আন ভাষা জনা অনুবাদকে সেই সেই ভাষালৈ অনুবাদো কৰিব পাৰে। অনুবাদ আচলতে ভাষাত দখল আয়ত্ত কৰাৰ উৎকৃষ্ট উপায় যেন ভাব হয়।
☆★☆☆★☆☆★☆
(লেখক তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু বিদেশী ভাষা বিভাগৰ অধ্যাপক)

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.