অপমৃত্যু – মূল: ওড়িয়া : বিজয় কৃষ্ণ মহান্তি, (অনুবাদ-কবিতা দত্ত গোস্বামী)

অপমৃত্যু – মূল: ওড়িয়া : বিজয় কৃষ্ণ মহান্তি, (অনুবাদ-কবিতা দত্ত গোস্বামী)

অপমৃত্যু – মূল: ওড়িয়া : বিজয় কৃষ্ণ মহান্তি, (অনুবাদ-কবিতা দত্ত গোস্বামী)

by May 16, 2017 0 comments

নিজৰ পৰিধেয়ৰ সম্পৰ্কে মই সদায় উদাসীনেই আছিলো ৷ ইয়াৰ প্ৰতি মোৰ পৰিবাৰ আৰু বন্ধু সমাজখনে মোক বাৰম্বাৰ সচেতন কৰি দিয়া স্বতেও মোৰ স্বভাবৰ কোনো ধৰণৰ পৰিবৰ্তন ঘটা নাছিল৷

“পৰিধেয়ৰ উদ্দেশ্য কেবল লজ্জা নিবাৰণেই নহয়, সেয়া ৰুচিসন্মতও হোৱা উচিত৷” – তেওঁলোকৰ এনে যুক্তিৰ পাছতো মোৰ নিষ্ক্ৰিয়তালৈ লক্ষ্য কৰি তেওঁলোকে নিজ নিজ প্ৰয়াসৰ পৰা ফালৰি কটা হ’ল৷

মোৰ এই উদাসীনতাৰ হেতু, মোক আত্মভোলা বুলি কৈ কোনোবাই কটু মন্তব্য তথা ঠাট্টা মস্কৰা কৰা স্বত্তেও মই সেই পৰিহাসকো লঘু চিত্তে গ্ৰহণ কৰি লৈছিলো৷ আৰু সেই বাবেই মই কোনো ৰকমৰ মানসিক চিন্তাত নাথাকি বেচ আনন্দৰেই দিন কটাই গৈছিলো৷

অতি বেছি উচ্চাকাংখ্যা কৰা মানুহবোৰে অযথা বহুতো দুখ পাব লগা হয় বুলি শাস্ত্ৰৰ যি সত্যতা আছে তাক মই বাৰুকৈয়ে উপলব্ধি কৰিব পাৰিছিলো৷ নিজৰ আনন্দৰ বাবে যদি আনৰ ‘বাহ্ বা’ ৰ প্ৰয়োজন হয় তেন্তে জীৱনত নিসংগ আনন্দ নো লাভ কৰাটো কেনেকৈ সম্ভৱ হব? যি যিমান নিৰ্লিপ্ত তাৰ দুখো তেনেই সীমিত৷ আত্মআনন্দত স্থিত বাহিৰৰ জা-জঞ্জালবোৰে তেওঁক কেতিয়াও বিপাঙত নেপেলায়৷ যাৰ আনন্দ নিৰানন্দই আনৰ মন্তব্যক অপেক্ষা কৰে তেওঁৰ দৰে পৰাধীন লোক আৰু আছে কোন?

মোৰ নিজৰ পৰিধেয়ৰ সম্পৰ্কে মোৰ কিমান যে উদাসীনতা তাৰ কেইটিমান দৃষ্টান্ত দিলো ৷

মোৰ পিন্ধি থকা কামিজটোৰ বুকুখনত ফাউন্টেইন পেনটোৰ চিয়াহীবোৰ মোৰ অসতৰ্কতাৰ হেতু কেতিয়া যে বিয়পি গোটেইখন চিয়াহীময় হৈ আছে অথচ মই তাৰ গমকেই নাপাওঁ৷ আনে মোক আঙুলিয়াই দিওতে হয়তো ক্ষন্তেক সময়ৰ বাবে মই বিমৰ্ষ হৈ পৰিছিলো৷ কিন্তু তাৰ পিছ মুহুৰ্ততে মোৰ বিমৰ্ষতাই অন্তৰ্ধান হৈ গ’ল৷ এই ঘটনাৰ পাছত মোৰ কৰ্তব্য আছিল কামিজটো পুনৰ তেনেকৈ নিপিন্ধি চিয়াহীৰ দাগবোৰ ধুই পখালি চফা কৰি লোৱাতহে যত্নপৰ হব লাগে৷ অথচ তেনেকো কোনো প্ৰচেষ্টা নকৰি সেই দাগদুগবোৰ লৈয়েই পুনৰ একেটা কামিজকে পুনৰবাৰ পিন্ধিলো৷ তাৰবাবে মোৰ কোনো দ্বিধাবোধেই নহ’ল৷

আকৌ এদিন হাৱাইন ছাৰ্ট এটা পিন্ধিলো৷ কিন্তু ইফালে প্ৰায় একে জোখাৰে গেঞ্জীটোও যে তলত পিন্ধি থকা বাবে কামিজৰ হাতৰ তলেৰে গেঞ্জীৰ হাতখনেহে বাহিৰলৈ ভুমুকি মাৰিবলৈ চেষ্টা কৰি আছিল তালৈ মোৰ কোনো ভ্ৰূক্ষেপেই নাই৷ কামিজৰ হাতৰ তলেৰে পুৰণা লেতেৰা গেঞ্জীৰ হাত খন ওলোম ধোলোমকৈ ওলাই অহা দেখি আনে ইংগিত দিয়াৰ পাছতো মই অকণো অপ্ৰস্তুত নহৈ বৰঞ্চ হাঁহি এটা মাৰি আঁতৰি গ’লো৷

অপৰিষ্কাৰ পেণ্টটোৰ সতে মই চফা হাৱাইন চাৰ্ট এটা পিন্ধিয়েই অফিচলৈ গুছি গৈছো৷ এই বিসংগতি পুৰ্ণ কাৰবাৰ দেখি আনে আকৌ মোৰ দৃষ্টি আকৰ্ষণ কৰালে৷ তথাপিও মোৰ কোনো ভ্ৰূক্ষেপেই নাই৷

আনকি ফটা লুঙীখন পিন্ধি আন আন বন্ধু বান্ধৱ, চুবুৰীয়াৰ লগত বেছ নিৰ্বিকাৰ চিত্তেই ঘুৰি ফুৰিছো৷ এই বিষয়ে কোনোজনে তাচ্ছিল্য কৰাৰ পাছতো মোৰ মনত কোনো সংকোচ বা লজ্জাবোধেই নাছিল৷ লাজ, ভয়, সংকোচ থকালৈকে দুখৰ পৰিত্ৰাণ ক’ত? সেয়ে অন্য লোকৰ পৰা পোৱা এনে পৰিহাস, ঠাট্টা মস্কৰা, আক্ষেপ আৰু সমালোচনাবোৰ শুনিয়ো মোৰ কাণৰ ফুটাৰ দুয়োটা বাটেই পোন কৰি থৈছিলো৷ এফালে সোমাই আনফালে ওলাই যায়৷

বাহিৰৰ ইমানবোৰ অভাৱ থকা স্বত্বেও ভিতৰেৰে মই বৰ নিশ্চিন্ত হৈ ঘুৰা পকা কৰি ফুৰিছিলো৷
মোৰ বাবে আন প্ৰতিজনৰে ইমান অস্বস্তি, অথচ মই সদায় আশ্বস্ত আৰু নিৰুদ্বেগ৷

কিন্তু এক পলকতে এক প্ৰচণ্ড ভুমিকম্পত যিদৰে ঐশ্বৰ্যশালিনী, হৰ্ম্যমালিনী নগৰী ধুলিসাৎ হয় সেইদৰেই মোৰ ভিতৰত থকা যৎকিঞ্চিত সঞ্চয়, যৎসামান্য প্ৰাপ্তিখিনি এক নভবা নিচিন্তা ঘটনাৰ প্ৰচণ্ড ঘুৰ্ণি বতাহত বিপৰ্য্যস্ত হৈ গ’ল৷ ‘মই হৈ পৰিলো’ বোলা ভাবটোৱেই বাৰু মোৰ ধ্বংসৰ হেতু নেকি ? অথবা দৃঢ় আত্মবিশ্বাসৰ অভাবৰ বাবে আনৰ কটুক্তিৰ ওপৰত হোৱা মোৰ নিঃসংশয় আস্থা স্থাপনেই বাৰু মোক জোকাৰি পেলালে নেকি?

ঘটনাটো তেনেই সামান্য অথচ তাৰ অন্তৰতেই যেন মোৰ সৰ্বনাশৰ মুল কাৰণটোৱে মোলৈ বাট চাই আছিল৷

মোৰ হাৱাইন ছাৰ্টটোৰ বুটামৰ শাৰীবোৰৰ পৰা মাজৰ বুটামটো কেতিয়াবাতেই চিঙি পৰি কৰবাত হেৰাই থাকিল৷ অথচ মই তাৰ প্ৰতি উদাসীন হৈ থাকিলো৷ মোৰ পত্নী মাকৰ ঘৰলৈ গৈছিল৷ তেওঁ থকা হলে অনতিপলমে ছাৰ্টৰ বুটামৰ ৰিক্তস্থান পুৰ্ণ কৰি থলেহেঁতেন৷ মোৰ সেইদৰেই দিন গৈ আছিল৷ দুদিনমান পাছত মোৰ ঘৰৰ পৰা সৰু লগুৱা ৰবিয়ে মোক ছাৰ্টৰ বুটামটোৰ কথাটো মন কৰাই দিলে আৰু অফিচৰ পৰা উভতি আহোতে যাতে মই বুটাম এটা লৈ আহো সি বাৰম্বাৰ মনত পেলাই দিলে৷ সিয়ে হেনো বেজী সুতাৰে বুটামটো সিয়াই দিব৷ মইও তাক কথা দিলো, কিন্তু অফিচৰ পৰা ঘৰ অহাৰ পাছত ৰবিৰ মুখখন দেখাতহে মনত পৰিল যে মই বুটাম নানিলো৷ সেই দিনে যি হ’ল হ’ল পিছৰ দুদিনো একে ঘটনাৰেই পুনৰাবৃত্তি হ’ল৷ মুঠতে মোৰ বুটাম অনা নহল৷ ৰবিৰ ওচৰত মই এক প্ৰকাৰ অপ্ৰস্তুতেই হৈ পৰিলো৷ ইমান নো মানুহে পাহৰেনে ?

ৰাতি খাই বৈ শুবলৈ গৈ, টেবুলখনত ওপৰত থকা অকণমানি টেমা এটাত চকু পৰাত দেখিলো তাতেইতো আগে পিচে মোৰ গৃহিণীয়ে বুটাম, বেজী বোৰ থোৱা দেখো৷ ততালিকে টেমাটো খুলি তাত থকা নানান বৰণৰ নানান আকৃতিৰ বুটামবোৰৰ পৰা মোৰ বুটামটোৰ জোখাৰে এটা পাই গ’লো৷ কিন্তু বুটামটো আছিল নীলা৷ পিছে মোৰ ছাৰ্টৰ বুটামবোৰ ব’গাহে৷ এহ! ৰং লৈ নো কি কথা আছে, বুটামটো যথাস্থানত লাগি থাকিলেই হ’ল আৰু ৷

ৰাতিপুৱাই বুটাম, সুতা, বেজী ৰবিলৈ আগবঢ়াই দি লগাই দিবলৈ হুকুম জাৰি কৰিলো৷ সি নীলা বুটামটো দেখি লগাই দিবলৈ কিছু কুণ্ঠাবোধ কৰা যেন পালো৷ কিন্তু মই তাক একপ্ৰকাৰ ধমক দিয়েই কলো – ‘তোক বুটাম লগাই দিবলৈ কৈছো, তাকে কৰ৷ বাকী কথা মই চিন্তা কৰিম৷

অনিচ্ছাসত্বেও মোৰ নিৰ্দেশ পালন কৰিবলৈ সি বাধ্য হ’ল৷

ৰবিয়ে বুটাম লগাই দিয়া ছাৰ্টটো পিন্ধি মই নিশ্চিতমনে অফিচ পালোগৈ৷ অফিচ পাওঁতেই প্ৰথমে দাৰোৱান সনাতনে নমস্কাৰ কৰি ফিককৈ হাঁহি মাৰি ক’লে – আপোনাৰ ছাৰ্টৰ বগা বুটামৰ মাজত এই নীলা বুটামটো কোনে লগালে ? বৰ বেয়াকৈ চকুত পৰিছে নহয়?”

মই সনাতনৰ হাঁহিৰ সতে হাঁহি মিলাই হাঁহি মাৰিলো ঠিক, কিন্তু তাৰ প্ৰশ্নৰ উত্তৰত মই কিন্তু সঁচা কথা ক’বলৈ নোৱাৰিলো৷ মোৰ নিৰ্দেশনাতেই মোৰ লগুৱাটোৱে লগাই দিছে, কিন্তু তাৰ হলে ইচ্ছা নাছিল বুলিও মই ক’ব নোৱাৰিলো৷ কথাষাৰ কিয় জানো কবলৈ খুজিও মোৰ মুখৰ পৰাই নোলাল৷ মই নিজেই আচৰিত হলো, পৰিধানৰ সম্পৰ্কে মোৰ দৰে এক বেপেৰোৱা মানুহটোৱে সত্য প্ৰকাশ কৰিবলৈ ইমান দ্বিধাবোধ কিয়বা কৰিলে ?

মই মোৰ ব্ৰাঞ্চলৈ সোমাই যাওঁ মানে দ্বিতীয় প্ৰতিৰোধৰ সমুখীন হলো৷ মোৰ সহকৰ্মিনী সুমিতা আৰু সুপ্ৰিয়া , যি দুজনীয়ে মোৰ ছাৰ্টৰ বুটাম চিঙি যোৱা বুলি দেখুৱাই দিছিল, দুয়োজনীয়ে আহি খিলখিলাই হাঁহি কলে – ‘বুটামটো বাৰু ঠিক লাগিল, কিন্তু বগা বুটামৰ মাজত এই নীলা বুটামটো বাৰু কেনেকুৱা লাগিছে কওকচোন ? নবৌয়ে যে এনে কাম কৰা বুলি মনে নকয় ?”

দাৰোৱানৰ কথাখিনিয়েই এওঁলোকৰ মুখত বেলেগধৰণে ওলাল৷ এওঁলোকৰ কিন্তু মোৰ পত্নীৰ প্ৰতি যথেষ্ঠ সন্মান আছে৷ সেয়ে এনে অপদাৰ্থৰ দৰে কামবোৰ মোৰ পত্নীয়ে কাহানিও নকৰে, কোনোবা বেলেগেহে কৰিলে৷

সুমিতা, সুপ্ৰিয়াৰ কৌতুহলপূৰ্ণ জিজ্ঞাসাৰ উত্তৰ দিবলৈ গৈ মই ক’লো – “তোমালোকৰ নবৌয়েৰা ঘৰত নাই৷ গাঁৱৰ ঘৰলৈ গৈছে৷ সেয়ে এই কামটো মোৰ কাম কৰা লৰাটোৱেহে কৰি পেলালে”৷

“সি কৰিলে বুলিয়েই আপুনিও তাকেই পিন্ধি গুছি আহিল ? – এই বুলি ব্যংগ হাঁহি এটা মাৰি দুয়ো আঁতৰি গ’ল৷

সেই সৰু ল’ৰাটোৰ নাম লৈ ইমান গোকাট মিছাটো কোৱা কি দৰকাৰ আছিল ? সত্য কথা কবলৈ মোৰ সৎসাহসকণ নহ’ল কিয় ? মই বাৰু কিয় ভদ্ৰতাৰে কৈ পেলাব নোৱাৰিলো যে বুটামটো ময়েই লগোৱাইছো বুলি? বেলেগ ৰঙৰ বুটাম লগোৱাৰ বাবেই কি তাৰ ওপৰত এসোপা মিছাকথা জাপি দিব লাগিছিল নে?

ইয়াৰ পাছতে এই সামান্য খাপ নোখোৱা ৰঙৰ বুটামটো লৈ বন্ধুমহলত গুজৱ আৰম্ভ হ’ল৷ একো একোটা মন্তব্য দিয়াত কোনো পিছ পৰি নাথাকিল৷ কৌতুহল সম্বৰণ কৰিবলৈ নোৱাৰি প্ৰতিজনে কিবা নহয় কিবা এটা ব্যঙ্গৰ হাঁহি মাৰি মোক নানাৰকমে তিৰস্কাৰ কৰি যাব ধৰিলে৷ বন্ধু সহকৰ্মীসকলৰ পৰা শুনা প্ৰতিটো বিদ্ৰুপৰ হাঁহি, প্ৰতিটো মন্তব্যই মোক ক্ৰমান্বয়ে অবদমিত কৰাই পেলালে৷ মোৰ মন কোঁচ খাই আহিল৷ হতাশাত ভাগি পৰিলো৷ এটা মন্তব্য কাৰোবাৰ পৰা শুনাৰ লগে লগে পৰৱৰ্তী মন্তব্যটো শুনাৰ প্ৰতি মোৰ আতংকিত প্ৰতীক্ষা আৰম্ভ হ’ল৷

অথচ এইটো কোনো ভয় খাব লগীয়া কথাওতো হোৱা নাছিল, তেতিয়াও নিজৰ নিৰ্দোষিতাৰ প্ৰমান দিবলৈ সেই সৰু ল’ৰাটোৰ নামৰ আশ্ৰয় লৈ অবিৰত মিছা কৈ গৈ থাকিলো৷ কাৰ ভয়ত? কিয়? কিয় বাৰু হঠাতে ইমান মিছা কথাষাৰ কৈ গৈছো? মোৰ স্বভাৱতো এনে নহয়, নিজৰ ভুলবোৰ লোকৰ মুৰত জাপি দিয়া প্ৰকৃতিৰ মানুহ দেখোন মই নহয়, বৰঞ্চ আনৰ দোষকো নিজে মূৰ পাতি লোৱাৰ সৎসাহসকণ মোৰ চিৰদিনেই আছিল৷ কিন্তু আজিৰ এই ব্যতিক্ৰম কিয়? ঘটনাটো ইমান সামান্য, অথচ মোৰ এনে লাগিবলৈ ধৰিলে যেন গোটেই হিমালয় পৰ্বত খনেহে মোক হেঁচা মাৰি ধৰিছেহি আৰু মই তলত নিশ্চিহ্ন হৈ যাব ধৰিছো৷

আবেলি চাৰে চাৰি বজাত কিবা এটা ফাইলৰ কথা লৈ সুব্ৰমণিয়ম চাহেবে মোক যেতিয়া মাতি পঠিয়ালে, মই বৰ শংকিত হৃদয়েৰে তেওঁ অফিচৰ কোঠালৈ সোমালো৷ মনৰ ভিতৰত ঘনীভূত আতংকটোৱে মোক আকৌ এবাৰ শিয়ঁৰাই দিলে, আজি দিনটো অফিচৰ প্ৰতিজন মানুহৰ মুখত শুনি থকা কথাটোৰেই পুনৰ সমুখীন নহও তো?

মোলৈ চাইয়েই সুব্ৰমণিয়ম চাহেবে প্ৰথমেই সুধিলে – “কি হ’ল মহাপাত্ৰ বাবু !আপোনাৰ শৰীৰ ভাল নহয় নেকি? আপোনাক বৰ অসুস্থ যেন দেখা গৈছে!”

পুনৰ এটা মিছাৰ আশ্ৰয় ল’লো- “হয় ছাৰ, আজি গোটেই দিনটো মোৰ জ্বৰ জ্বৰ ভাৱ এটা লাগি আছে ৷”

“এহ, তেন্তে আজি আপুনি ৰেষ্ট ল’ব লাগিছিল নহয়৷ আজি থাকক দিয়ক, কাইলৈ আপোনাৰ লগত এটা বিশেষ জৰুৰী কথা আলোচনা কৰিম৷”

সুব্ৰমনিয়ম চাহেবৰ কাষৰ পৰা যেন একপ্ৰকাৰ পলাই হাত সাৰিলো৷ নাই, নহয়, মোৰ আশংকা সত্য নহ’ল৷ হয়তো আৰু কিছু সময় তেওঁৰ কাষত ঠিয় হৈ থাকিলেই বুটামটো তেওঁৰো চকুত পৰিলেহেঁতেন৷ কিন্তু লগে লগে মোৰ মনলৈ আকৌ এক চিন্তাই হেঁচা মাৰি ধৰিলে – “আজিতো মই গোটেই দিনটো বেছ সুস্থই আছিলো! তেন্তে সুব্ৰমণিয়ম চাহেবক মই অযথা মিছাকৈ কিয় ক’লো ? মোৰ এয়াটো দৈহিক অসুস্থতা নহয়? ইয়াৰ কাৰণ দেখোন একেবাৰে বেলেগ ?

ভুলৰ পাছত ভুল কৰি, সেই ভুলসোপাক লুকোৱাৰ অপচেষ্টা কৰি মিছাৰ পিছত মিছাকে গাই যোৱাটো হয়তো অতি সহজ কথা অথচ তাবাবে এইকণ কথাতে ইমান সংকোচ অথবা মানসিক গ্লানিও নাহে৷ ভগৱানে যে আমাক চিন্তাৰ স্বাধীনতাখিনি দিছে সেয়া বাৰু এই প্ৰহসনবোৰৰ বাবেই নেকি?

অপৰাধবোধ মনতে কঢ়িয়াই ঘৰলৈ উভতাৰ সময়ত ৰবিৰ ওচৰত ক্ষমা খোজাৰ দৃঢ় সিদ্ধান্ত এটা মনে মনে লৈ পেলাইছিলো৷ কিন্তু ই কি? ঘৰ গৈ পাওঁগৈ মানে ক্ষমা খোজাতো দুৰৰে কথা আকৌ মালিকৰ মেজাজটোহে জাগি উঠিল৷ ৰবি চিৰাচৰিত ভৃত্যটোৱেই হৈ ৰ’ল৷ গতিকে ক্ষমা খোজাৰ প্ৰশ্ন ক’ত? গাৰ পৰা কামিজটো খুলি দি দোকানৰ পৰা কিনি নিয়া বুটামটো ৰবিলৈ আগবঢ়াই দি আকৌ হুকুম দিলো, “চাৰ্টৰ পৰা নীলা বুটামটো খুলি পেলাই এই বগা বুটামটো লগাই দে!”

এই ঘটনাৰ পিছৰে পৰা মোৰ সহধৰ্মিনী পিতৃগৃহৰ পৰা উভটি আহি অনুভৱ কৰিলে যে মোৰ পৰিধানৰ সম্পৰ্কে মই এতিয়া বেছ কিছু সচেতন হ’লো৷ মোৰ আগতে থকা সেই উদাসীনতাবোৰৰ অৱসান ঘটিল৷ মোৰ এই বিস্ময়কৰ পৰিবৰ্তনক মোৰ মোৰ বন্ধুমহলে বৰ উৎসাহিত হৈ অভিনন্দন জনালে৷ কিন্তু মোৰ মনৰ ভিতৰত যেন এটা ভাৱে খুন্দিয়াবলৈ ধৰিলে – মই মই হৈ নেথাকিলো, এক শৱলৈ ৰূপান্তৰিত হ’লো তাৰমানে?

☆★☆

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.