অসমৰ সামাজিক-সাংস্কৃতিক প্ৰেক্ষাপটত বাল্মীকিৰ ৰামায়ণৰ অৱলোকন -মিতালী বৰ্মন

অসমৰ সামাজিক-সাংস্কৃতিক প্ৰেক্ষাপটত বাল্মীকিৰ ৰামায়ণৰ অৱলোকন   -মিতালী বৰ্মন

অসমৰ সামাজিক-সাংস্কৃতিক প্ৰেক্ষাপটত বাল্মীকিৰ ৰামায়ণৰ অৱলোকন -মিতালী বৰ্মন

by May 16, 2017 0 comments

 

মাধৱ কন্দলিৰ ‘সপ্তকাণ্ড ৰামায়ণ’ (চতুৰ্দশ শতিকা) অসমীয়া সাহিত্যৰ কীৰ্তিস্তম্ভসমূহৰ ভিতৰত লেখত ল’বলগীয়া। আজি পৰ্যন্ত বাল্মীকি ৰামায়ণৰ যিসমূহ ভাঙণি অসমীয়া ভাষালৈ হৈছে সেই আটাইবোৰৰ ভিতৰতে মাধৱ কন্দলিৰ ৰামায়ণেই বহুলভাৱে সমাদৃত। ইণ্ডো-আৰ্য ভাষা পৰিয়ালৰ ভাষাসমূহৰ ভিতৰত কন্দলিৰ ৰামায়ণখনকেই বাল্মীকিৰ মূল ৰামায়ণৰ প্ৰথম ভাঙণি বুলি ক’ব পাৰি। কাহিনীৰ সৰস বৰ্ণনা, বিবিধ চৰিত্ৰৰ ৰূপাংকণ, কাহিনীৰ নায়ক-নায়িকাক মানৱীয় গুণেৰে উদ্ভাসিত কৰা, অসমীয়া লোক-সমাজৰ বৰ্ণনা আৰু ভাষাৰ মাধুৰ্যই কন্দলিৰ ৰামায়ণক অনন্য মাত্ৰা প্ৰদান কৰিছে। সেয়েহে এই ৰামায়ণখনক ভাৰতীয় আন ভাষালৈ অনুদিত হোৱা ৰামায়ণসমূহৰ তুলনাত মূলৰ অধিক কাষ চাপিছে বুলি ক’ব পাৰি। মাধৱ কন্দলি এগৰাকী বিদ্বান কবিয়েই নাছিল, আধুনিক অসমীয়া ভাষা আৰু সাহিত্যৰ সমৃদ্ধি আৰু বিকাশৰ গুৰিধৰোঁতাসকলৰ ভিতৰতো তেখেত অন্যতম। কন্দলিয়ে কৰা বাল্মীকি ৰামায়ণৰ এই অনুবাদে পৰৱৰ্তী কালৰ কবি-সাহিত্যিকসকলৰ প্ৰেৰণা যোগাই অনুবাদ সাহিত্যৰ বৰপথাৰখনৰ বাট কাটি দিছিল। বৰ্তমান সময়লৈ কবি-সাহিত্যিকসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ গভীৰ আৰু অনস্বীকাৰ্য। তেখেতৰ সাহিত্য কৰ্মৰ জড়িয়তে অসমৰ জন-জীৱনৰ এনে এক চিত্ৰাংকণ কৰিছে যি আনকি বহুক্ষেত্ৰত আজিৰ সমাজৰ লগতো খাপ খাই পৰে। জনসাধাৰণৰ দৃষ্টিত মাতৃভূমি অসমক পৌৰাণিক পৱিত্ৰতা আৰু গৰিমাৰে মহীয়ান কৰিবলৈ তেখেতে ৰামায়ণৰ কিছু ঘটনাৰাজীক অসমৰ সমাজ জীৱনৰ লগত জড়িত কৰাই নহয়, মূল ৰামায়ণক জনসাধাৰণৰ ওচৰ চপাই নিবলৈ ৰামায়ণৰ বিবিধ চৰিত্ৰসমূহকো অসমৰ সাধাৰণ মানুহৰ দৰেই অংকণ কৰিছে। সেয়েহে এই প্ৰসংগত তদানীন্তন অসমৰ সামাজিক-সাংস্কৃতিক দিক্-নিৰ্ণয়ত কন্দলিৰ ৰামায়ণৰ অধ্যয়ন এক গুৰুত্বপূৰ্ণ বিষয়। অসমীয়া সমাজ জীৱনৰ সহজ-সৰল বৰ্ণনাই কন্দলিৰ ৰামায়ণক মাথোঁ বাল্মীকিৰ ৰামায়ণৰ অনুবাদ বা অভিযোজনাৰ শাৰীত নাৰাখি পৃথককৈ এক অদ্বিতীয় সাহিত্যকৰ্মত স্থান প্ৰদান কৰিছে। এই প্ৰবন্ধত ‘অপ্ৰমাদী কবি’ মাধৱ কন্দলিৰ ৰামায়ণৰ কিছু উদ্ধৃতিসহ আজিৰ পৰা প্ৰায় ছয় শতিকাৰ পূৰ্বৰ অসমীয়া সমাজ জীৱনৰ আভাস দিবলৈ প্ৰয়াস কৰা হ’ব।

কন্দলিয়ে পূৰ্বৱৰ্তী অসমীয়া সাহিত্য বা ভাৰতীয় কোনো আঞ্চলিক সাহিত্যৰ পৰা অনুপ্ৰেৰণা পোৱা নাছিল বাবে বহুক্ষেত্ৰত তেখেত সংস্কৃত ভাষাৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল। কন্দলিয়ে ৰামায়ণত নিজাকৈ যোগ দিয়া কিছু ঘটনা-পৰিঘটনাৰ বাবে পাঠ্যাংশই বহুক্ষেত্ৰত মূলৰ পৰা ফালৰি কাটি যোৱা যেন লাগিলেও ই কন্দলিৰ ৰামায়ণক মৌলিকত্বহে প্ৰদান কৰিছে। বিভিন্ন সময়ত এগৰাকী সফল অনুবাদকে কৰাৰ দৰে ৰামায়ণক অসমৰ জনসাধাৰণৰ কাষ চপাই নিয়াৰ উদ্দেশ্য সিদ্ধি কৰিবলৈ কন্দলিয়েও কিছুমান কৌশল বা পদ্ধতি অনুসৰণ কৰিছিল। সেইবোৰ হ’ল:

১/  অসমীয়া জনসামজে অগ্ৰহণীয় বুলি বিবেচনা কৰা ঘটনাসমূহ বাদ দিয়া।

২/ অসমীয়া সমাজৰ লগত জড়িত ঘটনাসমূহ সংযোজন কৰা।

৩/ ঘটনাৰ ক্ৰমৰ সামান্য পৰিৱৰ্তন বা সাল-সলনি কৰা।

৪/ ঘটনা বা কাহিনীক মূলৰ দৰে ৰখি স্থানীয় ভাষাত বৰ্ণনা কৰা।

 

বাল্মীকিৰ সুন্দৰ আৰু মহত্বপূৰ্ণ শ্লোকসমূহ কন্দলিয়ে সুন্দৰকৈ ধৰি ৰাখিছে। কোনো কোনো ঠাইত বাল্মীকি ৰামায়ণত থকা চমু শ্লোক এটাৰো কন্দলিয়ে বিশদ বিৱৰণ দিছে আৰু কোনো কোনো ঠাইত বাল্মীকিয়ে বহুকেইটা শ্লোকত বৰ্ণনা কৰা কথাকো কম পৰিসৰতে সামৰি থৈছে। বাল্মীকি ৰামায়ণ অনুবাদ কৰাৰ সময়ত কন্দলিয়ে অসমৰ স্থানীয় পৰশেৰে উজ্জীৱিত কৰি ৰামায়ণখনক অসমীয়া সমাজজীৱনৰ বুকুৰ আপোন কৰি তুলিবলৈ সক্ষম হৈছে।

কন্দলিয়ে ৰামায়ণত তদানীন্তন চতুৰ্দশ শতিকাৰ সমাজখনৰ চিত্ৰ ৰূপায়ণ কৰিবলৈ যাওঁতে চতুৰ্দশ শতিকাৰ অসমীয়া সমাজখনলৈ দৃষ্টি ৰাখি কিছু ঠাইত মূলৰ পৰা আঁতৰি গৈ তাত লৌকিকতাৰ ৰহন সানিছে। তলত কিছু উদাহৰণেৰে ব্যাখ্যা কৰিবলৈ প্ৰয়াস কৰা হ’ল:

১/ যেতিয়াই আমি সমাজ এখনলৈ দৃষ্টি নিক্ষেপ কৰোঁ সৰ্বপ্ৰথমে আহে জাত-পাতৰ কথা। কন্দলিয়ে ৰামায়ণত কেৱল জন্মসূত্ৰে হোৱা জাত-পাতৰ কথাই উল্লেখ কৰা নাই; আনকি, কৰ্মসূত্ৰে হোৱা জাত-পাতৰ কথাও উল্লেখ কৰিছে। ‘অযোধ্যাকাণ্ড’ত ৰামক বনবাসৰ পৰা ওভতাই আনিবলৈ ভৰতক সংগ দিয়া জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে প্ৰজাসমূহৰ এক হৃদয়স্পৰ্শী বৰ্ণনা আছে। এয়া চতুৰ্দশ শতিকাৰ অসমীয়া সমাজখনৰে বিভিন্ন জাতিৰ মানুহৰ বিৱৰণ:

ক্ষত্ৰী বৈশ্যগণ              কায়স্থ সজ্জন

নট-ভাট তেলী তান্তী।

        ঠঠাৰি সোণাৰি              কসাৰ সেঙ্খাৰি

ভৰতৰ লগে যান্তি।।

                              বণিয়া চমাৰ                কমাৰ সুতাৰ

                            ধোবা আৰু কুম্ভকাৰ।

ইসব প্ৰমুখ্যে               চলিল যতেক

আদি অন্ত নাহি তাৰ।। (অযোধ্যাকাণ্ড ২৩৮২)

ক্ষত্ৰিয়, কায়স্থ, বৈশ্য আদি হ’ল জন্মসূত্ৰে হোৱা বিভাজন আৰু তেলী, তাঁতী, সোণাৰী, কমাৰ, কুমাৰ আদি হ’ল কৰ্মৰ ভিত্তিত হোৱা বিভাজন।

২/ সেই সময়ত হিন্দু ধৰ্মৰ বিভিন্ন পন্থা যেনে, শাক্ত, শৈৱ আদিৰ প্ৰচলন আছিল বুলি আমি কন্দলি ৰামায়ণত আভাস পাওঁ৷ ৰামায়ণখনৰ বহুঠাইত চণ্ডী, শিৱ আৰু আন নানা দেৱ-দেৱীৰ উল্লেখ আছে৷ আনকি বহুক্ষেত্ৰত কন্দলিয়ে ৰামক শিৱ আৰু সীতাক পাৰ্বতী বা চণ্ডীৰ লগত অথবা ৰামক বিষ্ণু আৰু সীতাক লক্ষ্মীৰ তুলনা কৰিছে:

দেৱাঙ্গ বস্ত্ৰক             গাৱত চড়াইলা

সব অলঙ্কাৰে মণ্ডি৷

নাৰায়ণ পাশে            যেন লক্ষ্মী দেৱী

হৰৰ কোলাত চণ্ডী৷৷ (লঙ্কাকাণ্ড ৬৬৯৪)

আকৌ “আমি ভৈলো কৈকেয়ীৰ অষ্টমীৰ ছাগ” বাক্যংশৰ পৰা সেই সময়ৰ অসমতো যে দুৰ্গাষ্টমী তিথিত বলি-বিধান চলিছিল তাৰ উমান পোৱা যায়৷

৩/ কন্দলিয়ে কেইবাঠাইতো ‘উৰুলি’ৰ উল্লেখ কৰিছে৷ উৰুলি অসমীয়া মহিলাসকলে কৰা এটি মংগলধ্বনি৷ এতিয়াও অসমীয়া সমাজত বিয়া-সবাহ, পূজা-পাতল আদিত এই মাংগলিক ধ্বনি কৰা হয়৷ কন্দলিৰ ৰামায়ণতো ৰাম-সীতাৰ বিয়াৰ পাছত নৱ বৰ-বধুক অযোধ্যালৈ আদৰি আনিবলৈ অযোধ্যাৰ নাৰীগণে জাত জাত উৰুলি-জোকাৰেৰে চৌদিশ মুখৰ কৰিছে:

ৰাম সীতা আগমন দেখি সৰ্বলোকে৷

থানে থানে উৰুলি পাৰয় জাকে জাকে৷৷ (অযোধ্যাকাণ্ড ১৫০৭)

একেদৰে লঙ্কাকাণ্ডতো শ্ৰীৰামৰ ৰাজ্যাভিষেক অনুষ্ঠানত নাৰীগণে উৰুলি দিছে:

পদূলি পদূলি শুনি উৰুলিৰ ধ্বনি৷

অলঙ্কৃত প্ৰদীপ থাকিলা পুৰী ছানি৷৷ (লঙ্কাকাণ্ড ৬৬৭৩)

৪/ মাংগলিক অনুষ্ঠান অথবা বিশেষ দিন উদযাপনত বিবিধ বাদ্য বজোৱাৰ নিদৰ্শনো কন্দলি ৰামায়ণত আছে৷

নৃত্য গীত আনন্দে বাজয় কৰতাল৷

নানাবিধ মাঙ্গল্য শৱদ কোলাহল৷৷ (লঙ্কাকাণ্ড ৬৬৭৫)

সুগ্ৰীৱৰ ৰাজ্যঅভিষেকৰ পৰত যিবোৰ বাদ্য বজোৱা হৈছিল বুলি কন্দলিয়ে ৰামায়ণত উল্লেখ কৰিছে সেইবোৰৰ উল্লেখ মূল বাল্মীকি ৰামায়ণত নাই৷ কন্দলিয়ে সেই সময়ৰ লোকবাদ্যসমূহ যেনে: শঙ্খ, ঢাক, ঢোল, ডগৰ, ৰামতাল, কৰতাল, টোকাৰি, দোতৰা, বীণা, বাঁহী আদিক ৰামায়ণৰ অন্তৰ্গত কৰাৰ (কিষ্কিন্ধ্যাকাণ্ড ৩৭১৮, ৩৭১৯) লোভ সামৰিব নোৱাৰিলে৷ আনকি নটনটিনীৰ উল্লেখেও সেই সময়ৰ অসমীয়া সমাজখনত মনোৰঞ্জন আৰু বিশেষ উদযাপনৰ বাবে নৃত্যগীতৰ প্ৰচলন থকা কথাৰ সম্ভেদ দিয়ে৷

৫/ কন্দলিয়ে ৰামায়ণ ৰচনা কৰা সময়ত অসমত যাতায়তৰ বাবে নৌ-সেৱা যথেষ্ট আগবঢ়া আছিল৷ নৌ-সেৱাৰ কথাটোৰ উল্লেখ মূল ৰামায়ণ অথবা কোনোধৰণৰ প্ৰাচীন গ্ৰন্থত নাই৷ ভৰতে ৰামক বনবাসৰ পৰা ওভতাই আনিবলৈ যাওঁতে গংগা নদী পাৰ হোৱা বৰ্ণনাত নৌ-সেৱাৰ উল্লেখ আছে:

ভৰতৰ আজ্ঞা নিয়া শিৰত চড়াইল৷

তেতিক্ষণে পঞ্চশত নাৱাৰা অনাইল৷৷

নিৰন্তৰে নাৱাৰা গঙ্গাত কেলি কৰে৷

কতো কতো নাৱত সহস্ৰ লোক ধৰে৷৷ (অযোধ্যাকাণ্ড ২৪৫৪)

/  দুৰ্গ নিৰ্মাণ চতুৰ্দশ শতিকাৰ অসমীয়া সমাজৰ এটা চিৰপৰিচিত বৈশিষ্ট্য আছিল৷ কন্দলিয়েও ৰামায়ণত ৰণ কৌশলৰ দিহাৰ কথা কবলৈ পাহৰা নাই৷

বীৰবাহু বল আৰু সুবাহু বানৰে

কাঠগড়া নিৰ্মিলেক আদেশে ৰামৰে৷৷

পূবৰ দুৱাৰে কুমুদাক্ষ নামে হৰি৷

দশ কৌটি সেনা লৈয়া থাকিলা আৱৰি৷৷( লঙ্কাকাণ্ড ৫০৩৭)

দক্ষিণ দুৱাৰে কাঠগড়াক আকলি৷

ত্ৰিশ কৌটি বানৰ থাকিলা মহাবলী৷৷

বালীৰায়ৰ শশুৰ সুষেণ নাম হৰি৷

দশ কৌটি সৈন্য লইয়া থাকিলা আৱৰি৷৷ (৫০৩৮)

উত্তৰ দুৱাৰে আছে ৰাম মহাবীৰ৷

লক্ষ্মণ শ্ৰীহৰি আৰু দুৰ্জয় শৰীৰ৷

গোলাঙ্গুল জাতি আৰো গবাক্ষ বানৰ৷

কৌটি সহস্ৰেক ৰাখে ডাহিনে ৰামৰ৷৷ (৫০৩৯)

/ গৃহ নিৰ্মাণ শৈলীত অসমীয়া সৰ্বসাধৰণৰ মাজত বাঁহ আৰু খেৰেৰে নিৰ্মিত শৈলীটোৱেই সৰ্বাধিক জনপ্ৰিয় আছিল৷ কিন্তু সামাজিক স্থিতি অনুসৰি গৃহ নিৰ্মাণ শৈলীতো পাৰ্থক্য লক্ষণীয়৷ যিসকলৰ সামাজিক আৰু আৰ্থিক স্থিতি সৰ্বসাধাৰণ ৰাইজতকৈ উন্নত আছিল তেওঁলোকৰ প্ৰাসাদ নিৰ্মাণ কাৰ্যত সোণ আৰু নানা তৰহৰ মণিমুকুতা ব্যৱহাৰ কৰা হৈছিল৷ কন্দলিয়ে এই কথা উল্লেখ কৰিছে এনেধৰণে:

ৰামৰ প্ৰাসাদ শোভে কৈলাশ সমান৷

বিদ্যুতৰ কান্তি যেন জ্বলে থানেথান৷৷

সুৱৰ্ণৰ মাণ্ডলি চালত বলিয়াইল৷

বৈদুৰ্য্য ৰুৱলি শুদ্ধ ৰজতেহি চাইল৷৷ (অযোধ্যাকাণ্ড ১৬৪১)

হস্তী দন্তে বাৰ দিলা হিঙ্গুলৰ কাম৷

কুন্দৰুখ জালা থৈলা দেখি অনুপাম৷৷

হিৰ্মাণি মাণিক জ্বলে মৰকত মোতি৷

জ্বলে বাসঘৰ পূৰ্ণ চন্দ্ৰমাৰ জ্যোতি৷৷ (১৬৪৪)

প্ৰাসাদ ওপৰে দিল মাণিকৰ কান্তি৷

ইন্দ্ৰনীল মণি দিল থানে থানে জান্তি৷। (১৬৪৫)

 

৮/ কন্দলি ৰামায়ণত ৰামৰ অনুপম প্ৰাসাদৰ কাৰুকাৰ্যৰ বিৱৰণ দিওঁতে প্ৰাসাদৰ বেৰবোৰত নানা দেৱ-দেৱীৰ চিত্ৰও আঁকিবলৈ পাহৰা নাই৷

শংকৰক লেখিল আছে বৃষ যানে৷

পাৰ্বতীক লেখি আছে সিংহৰ বাহনে৷৷ (অযোধ্যাকাণ্ড ১৬৪৬)

কেৱল শংকৰ-পাৰ্বতীয়েই নহয়, গণেশ, কাৰ্তিক, বামণ, বলি ৰজা, বিষ্ণু-লক্ষ্মী, ব্ৰহ্মাকে আদি কৰি আন দেৱ-দেৱীৰ ছবিয়েও ৰামৰ প্ৰাসাদ মনোমোহা কৰি তুলিছে৷ এইধৰণৰ বৰ্ণনাবোৰ মূল ৰামায়ণত নাই৷ এয়া সম্পূৰ্ণৰূপে কন্দলিৰ নিজা সৃষ্টিহে৷ এনে বৰ্ণনাৰ পৰা চতুৰ্দশ শতিকাৰ চিত্ৰশৈলীৰ আভাস পোৱা যায়৷

৯/ সাধাৰণতে ৰাজপ্ৰাসাদত দাস-দাসীসকলৰ দ্বাৰাই অতিথি আপ্যায়ন কৰা হয়৷ কিন্তু কন্দলিৰ মানৱীয় গুণেৰে বিভূষিত ৰাম আৰু সীতাই বহুসময়ত আদৰ্শ গৃহস্থ আৰু গৃহিনীৰ দৰে অতিথিক আপ্যায়ন কৰিছে৷ এয়া মূল ৰামায়ণত নথকা এক গুৰুত্বপূৰ্ণ পৰিঘটনা৷ ইয়াৰ দ্বাৰা বুজিব পাৰি যে অসমীয়া সমাজখন কেৱল আজিয়েই নহয় চতুৰ্দশ শতিকাতো অতিথি পৰায়ণতাত আগৰণুৱা আছিল৷

তাসম্বাক অৰ্চা            কৰিতে জানকী

মই যেন নহো লাজ৷

জানিবা নিশ্চয়            তোমাতে লাগিল

ইঠাৱৰ যত কাজ৷৷

স্বামীৰ বচন              শুনি সীতা দেৱী

বুলিলা হৰিষ মনে৷

ইঠানৰ কাৰ্য             চৰ্চিবোহো আমি

চলিয়ো তুমি এক্ষণে৷৷ (অযোধ্যাকাণ্ড ১৬৬০)

সীতাই এগৰাকী আদৰ্শ পত্নীৰ দৰে অতিথি আপ্যায়নৰ দায়িত্ব মূৰ পাতি লৈ ৰামচন্দ্ৰক ‘ৰাজধৰ্ম’ পালনৰ কথাহে সোঁৱৰাই দিছে৷

১০/  এইবোৰৰ উপৰি কন্দলিয়ে তদানীন্তন অসমীয়া সমাজৰ সাজপোচাক, অলংকাৰ, খাদ্যাভ্যাসৰ লগতে নান খেলধেমালিৰো উল্লেখ কৰিছে৷ কন্দলি ৰামায়ণৰ চৰিত্ৰসমূহৰ আচাৰব্যৱহাৰেও তদানীন্তন সমাজ ব্যৱস্থাৰে চিত্ৰ দাঙি ধৰিছে৷

আদিকবি বাল্মীকিয়ে তেখেতৰ ৰামায়ণত এক সৰ্বভাৰতীয় চিত্ৰ অংকণ কৰিছে৷ কিন্তু কন্দলিৰ ৰামায়ণখন চতুৰ্দশ শতিকাৰ অসমীয়া সমাজৰ দাপোণস্বৰূপ; ইয়াত তেখেতে স্থানীয় ৰং-ৰহণেৰে প্ৰতিটো দৃশ্য আৰু চৰিত্ৰ জীৱন্ত কৰি তুলিছে আৰু এইবাবেই কন্দলিৰ ৰামায়ণ অনন্য আৰু মৌলিক৷

______________________

গ্ৰন্থপঞ্জী:

দত্তবৰুৱা, হৰিনাৰায়ণ (সম্পা.), ১৯৫২ (১ম প্ৰকাশ), সপ্তকাণ্ড ৰামায়ণ, গুৱাহাটী, দত্তবৰুৱা পাব্লিচিং কোম্পানী প্ৰাইভেট লিমিটেড

শৰ্মা, শশী, ১৯৮৭ (১ম প্ৰকাশ), মাধৱ কন্দলিৰ ৰামায়ণ, নলবাৰী, জাৰ্ণাল এম্প’ৰিয়াম

শৰ্মা, সত্যেন্দ্ৰনাথ, ২০০৬ (৯ম প্ৰকাশ), অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, গুৱাহাটী, অৰুণোদই প্ৰেছ

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.