দুটা অনুবাদ গল্প – (মৌচম গগৈ)

দুটা অনুবাদ গল্প – (মৌচম গগৈ)

দুটা অনুবাদ গল্প – (মৌচম গগৈ)

by May 16, 2017 1 comment

জীৱনৰ পাঁচটা উপহাৰ [মূল: মাৰ্ক টোৱেইন]

অনুবাদ – মৌচম গগৈ
——————————————
(১)

জীৱনৰ প্ৰভাতীকালত এগৰাকী সুন্দৰী পৰীয়ে যুৱক এজনক আহি ক’লেহি :
: ‘ইয়াত কেইটামান উপহাৰ আছে৷ ইয়াৰে এটা লোৱা, বাকীবোৰ থোৱা৷ কিন্তু সাৱধান, খুব বুদ্ধি সহকাৰে পছন্দ কৰা৷ কাৰণ এইকেইটাৰ মাজত কেৱল এটাহে মুল্যৱান৷’

উপহাৰ পাঁচটা আছিল: যশ, ভালপোৱা, অৰ্থ, সুখ আৰু মৃত্যু৷

যুৱকজনে সাগ্ৰহে কলে, ‘চিন্তা কৰাৰ কোনো দৰকাৰ নাই’, — তেওঁ ‘সুখ’ পছন্দ কৰিলে৷

তেওঁ পৃথিৱীখনলৈ ওলাই গ’ল আৰু যৌৱন উপভোগ কৰাৰ জোখাৰে সমস্ত সুখৰ সন্ধান কৰিলে৷ কিন্তু যথা সময়ত দেখা গ’ল যে তেওঁৰ সমস্ত সুখেই স্বল্পস্থায়ী আৰু হতাশাব্যঞ্জক, ব্যৰ্থ আৰু শূন্য…৷ অৱশেষত তেওঁ ক’লে: ‘ইমানকেইটা বছৰ মই নষ্ট কৰিলো৷ যদি আকৌ এবাৰ পছন্দ কৰাৰ সুযোগ এটা পালোহেঁতেন, তেতিয়া নিশ্চয়েই বুদ্ধিমানৰ দৰে পছন্দ কৰি ল’লোহেঁতেন৷’

(২)
পৰীয়ে আহি আকৌ ক’লে :

‘চাৰিটা উপহাৰ বাকী আছে নহয়৷ আকৌ এবাৰ পছন্দ কৰি লোৱা; আৰু মনত ৰাখিবা — সময় পাৰ হৈ গৈ আছে আৰু এইকেইটাৰ মাজত এটাহে মূল্যৱান’৷

যুৱকজনে বহুত সময় ধৰি চিন্তা কৰিলে, তাৰ পিছত ‘ভালপোৱা’ক বাছি ল’লে; পৰীৰ চকুত যে অকস্মাৎ চকুলো বিৰিঙি উঠিল সেইটো তেওঁ লক্ষ্য নকৰিলে৷

বহু বছৰৰ পিছত যুৱকজনক এখন শূন্য ঘৰত এটি মৃতদেহৰ কাষত বহি থকা দেখা গ’ল৷ তেওঁ আপোনমনে কৈছে: ‘এটা এটাকৈ আটায়েই মোক এৰি থৈ গুচি গৈছে আৰু অৱশেষত এতিয়া ইয়াত পৰি আছে তেওঁ, মোৰ প্ৰিয়তমা৷ সংগতাৰ পিছত নিঃসংগতাই আহি মোক বিধ্বস্ত কৰিছে; কাৰণ সেই বিশ্বাসঘাতক ‘ভালপোৱা’ই এসময়ত মোক বণিকৰ দৰে যি সুখকৰ মুহুৰ্তবোৰ বিক্ৰি কৰিছিল তাৰ প্ৰতিটো মুহুৰ্তৰ বিনিময়ত মই তেওঁক হাজাৰ হাজাৰ দুঃখময় মুহুৰ্ত দিছো৷ সেয়ে মই এতিয়া মোৰ অন্তৰৰ অন্তঃস্থলৰ পৰা অভিশাপ দিছোঁ৷’

(৩)

‘আকৌ পছন্দ কৰা৷’ —সেই পৰীগৰাকীয়ে পুনৰবাৰ ক’লেহি৷ ‘অতবছৰে নিশ্চয়েই তোমাৰ শিক্ষা হৈছে৷ আৰু তিনিটা উপহাৰ বাকী আছেগৈ৷ মনত ৰাখিবা কিন্তু– তাৰ মাজত এটাইহে মূল্যৱান, সেয়ে বুদ্ধিৰে পছন্দ কৰা৷’

যুৱকজনে (যুৱক গুচি এতিয়া মানুহ হ’লগৈ আচলতে) বহুসময় ভাবিলে, তাৰ পিছত বাছি ল’লে ‘যশ’, আৰু পৰীজনীয়ে দীৰ্ঘনিঃশ্বাস পেলাই গুচি গ’লগৈ৷’

বহুত বছৰ পাৰ হৈ যোৱাত তেওঁ আকৌ আহিল, আৰু মানুহজনে দিনৰ শেষত যেতিয়া নিৰ্জন ঠাই এডোখৰত বহি চিন্তা কৰিছিল, তেতিয়া তেওঁৰ পিছফালে ৰ’লগৈ৷ তেওঁ মানুহজনৰ মনৰ কথা জানিছিল:

‘মোৰ নাম সমগ্ৰ পৃথিবীতে বিয়পি পৰিল৷ মোৰ প্ৰশংসা আছিল সকলোৰে মুখে মুখে৷ অলপ সময়ৰ বাবে সেইটো মোৰ ভালো লাগিছিল৷ কিন্তু সি যে অলপ সময়ৰ কাৰণে৷ তাৰ পিছত আহিল ইৰ্ষা; তাৰ পিছত কুৎসা, তাৰ পিছত ঘৃণা, তাৰ পিছত লাঞ্ছনা৷ তাৰ পিছত আহিল বিদ্ৰূপ, য’ত আছে শ্লেষৰ ইংগিত৷ আৰু সৰ্বশেষত আহিল কৰুণা, সমস্ত খ্যাতিৰ অন্তিম শয্যা৷ হায়! খ্যাতিৰ পৰিণাম কি যে তিক্ত আৰু দুঃখবহ৷ প্ৰথমে মানুহে বোকা ছটিয়ায়, আৰু পৰিণতিত দিয়ে অৱজ্ঞা আৰু অনুকম্পা৷

(৪)

‘ঠিক আছে, আকৌ পছন্দ কৰি লোৱা৷’ পৰীৰ কণ্ঠস্বৰ৷ ‘দুটা উপহাৰ এতিয়াও বাকী আছে৷ হতাশ নহ’বা৷ আৰম্ভণিতে এইকেইটাৰ মাজত কেৱল মাথো এটাই আছিল মূল্যৱান, আৰু সেইটো এতিয়াও ইয়াত আছে৷’

‘অৰ্থ – সেইটোৱেইতো শক্তি৷ মই কি অন্ধ আছিলো!’ মানুহটোৱে ক’লে৷

‘ইমানদিনে জীয়াই থাকি সুখ পাম, খৰচ কৰিম, উৰাই দিম, সকলোকে চমকিত কৰি তুলিম৷ যিসকলে মোক বিদ্ৰূপ কৰিছে, অৱজ্ঞা কৰিছে, তেওঁলোক মোৰ সন্মুখতে ধূলিত লুটিবাগৰ খাব, মই মোৰ ক্ষুধাৰ্ত হৃদয়খন তেওঁলোকৰ ঈৰ্ষাৰে পূৰ্ণ কৰিম৷ মনৰ সমস্ত বিলাপ, আনন্দ আৰু মনোহাৰী বস্তু আৰু দেহৰ যত সন্তুষ্টি মানুহৰ বাবে প্ৰিয় – চব মই পাম৷ এটাৰ পাছত এটাকৈ সকলোবোৰ মই কিনি ল’ম! সমাদৰ, সন্মান, শ্ৰদ্ধা, পূজা – এই অতি সাধাৰণ পৃথিৱীৰ সমস্তই মই কিনি ল’ম, কিনিম, কিনিম৷ অবাবতে বহু সময় নষ্ট কৰিছোঁ, আৰু অতদিনে মুৰ্খৰ দৰেই জীৱনৰ উপহাৰ পছন্দ কৰিছোঁ, যি হবলগা আছিল হৈ গৈছে; তেতিয়া মূৰ্খ আছিলোঁ, সেয়ে যিহকে ভাল যেন লাগিছে তাকেই কৰিছোঁ৷’

তিনিটা বছৰ পাৰ হৈ গ’ল, এনে এটা দিন আহিল যিদিনা মানুহটোৱে সৰু কোঠা এটাত সোমাই কঁপিছিল; তেওঁৰ শৰীৰ শুকাই গৈছে, চকু সোমাই গৈছে, ক্লান্তিত তেওঁ ভাগি পৰিছে, পোছাক ফাটি-ছিটি গৈছে, আৰু শুকান ৰুটিৰ টুকুৰা চোবাই চোবাই তেওঁ বিৰবিৰাই কৈছে:

‘ধিক জীৱনৰ সমস্ত উপহাৰকে, কাৰণ সেইবোৰ চবেই মিথ্যা৷ মিছাকৈ এইবোৰক উপহাৰ বোলা হয় জীৱনৰ৷ এইবোৰ উপহাৰ নহয়৷ আচলতে, মানুহৰ জীৱনৰ বাবে কেৱল ঋণহে মাত্ৰ৷ সুখ, প্ৰেম, যশ, অৰ্থঃ এইবোৰ হ’ল মানৱজীৱনৰ বাবে এক ব্যথা মাত্ৰ৷ আৰু এই সমস্তই পৃথিৱীৰ স্থায়ী সত্যৰ সাময়িক ছদ্মবেশ মাত্ৰ৷ পৰীয়ে ঠিকেই কৈছিল, তেওঁৰ এটা উপহাৰেই মাত্ৰ দামী আছিল, তেওঁৰ সেইটো উপহাৰহে মূল্যহীন নহয়৷ সেই উপহাৰটো অপৰিমেয়; যিটোৱে মধুৰ আৰু প্ৰিয়, যিটোৱে স্বপ্নহীন অনন্ত নিদ্ৰাত ডুবাই দিয়ে সেই ব্যথাক, যি দেহক যন্ত্ৰণাৰে বিদ্ধ কৰে৷ অন্য উপহাৰবোৰ যে সস্তা আৰু তুচ্ছ সেইটো মই আজিহে বুজিব পাৰিছোঁ৷ সেই উপহাৰটো মোক আনি দিয়া৷ মই ক্লান্ত, মই জিৰণি ল’ম৷’

(৫)

পৰী আহিল, আকৌ লগত লৈ আহিল চাৰিটা উপহাৰ, তাৰ মাজত কিন্তু নাছিল মৃত্যু৷ তেওঁ ক’লে:

‘মই এজনী মাতৃৰ মৰমৰ কণমানি ল’ৰা এটাক সেইটো দি থৈ আহিছোঁ৷ তেওঁ অজ্ঞান আছিল, কিন্তু মোক বিশ্বাস কৰিছিল৷ মোক পছন্দ কৰি দিবলৈ কৈছিল৷ কিন্তু তুমিতো মোক পছন্দ কৰি দিবলৈ কোৱা নাছিলা৷’

‘উঃ কি দুৰ্ভগীয়া মই! বাৰু, মোৰ বাবে এতিয়া কি বাকী আছেগৈ?’

‘যিটো তোমাৰো প্ৰাপ্য নহয় : বৃদ্ধ বয়সৰ অসংযত অপমান’

☆★☆

[মূল লেখকৰ পৰিচয় : আমেৰিকাৰ বিশ্ববিখ্যাত লেখকসকলৰ ভিতৰত মাৰ্ক টোৱেইন অন্যতম৷ মাৰ্ক টোৱেইন (যাৰ অৰ্থ হ’ল ‘নিৰাপদ জলৰাশি’) ছদ্মনামহে; তেওঁৰ আচল নামটো হ’ল চেমুৱেল ল্যাংহৰ্ণ ক্লিমেন্স৷ এওঁৰ জন্ম হয় ১৮৩৫ চনৰ ৩০ নৱেম্বৰ তাৰিখে আমেৰিকাৰ ফ্ল’ৰিডা চহৰত৷ ১৯১০ চনৰ ২১ এপ্ৰিলত এইজনা সাহিত্যিকৰ দেহাৱসান ঘটে৷]
==========================================

কোনো এক শৰৎ সন্ধ্যা মূল : ল্যেংষ্টন হিউজ
অনুবাদ – মৌচম গগৈ
——————————————-
বিল যেতিয়া প্ৰায় কিশোৰ, তেতিয়াৰ পৰাই সিহঁতৰ মাজত ভালপোৱা আছিল৷ ৰাতিৰ বহু নিৰ্জনতা সিহঁত দুটাই একেলগে খোজকাঢ়ি, গল্প-গুজব কৰি কটাইছে৷ আৰু তাৰ পাছত অতি স্বাভাৱিকভাৱেই দুয়োৰে মাজত এৰাএৰি হৈ গৈছে৷ ছোৱালীজনীয়ে আগৰে পৰাই ভাল পাই থকা এজনৰ লগত বিয়া হৈ গৈছে৷ ছোৱালীবোৰৰ সম্পৰ্কে এটা তিক্ত ধাৰণা লৈয়েই বিলে সিহঁতৰ পৰা নিজকে আঁতৰাই ৰাখিছিল৷

এইদৰে এৰা-এৰি হোৱাৰ বহুদিনৰ পাছত, কালি হঠাতে ৱাশ্বিংটন স্কোৱাৰ পাৰ্কৰ মাজেৰে গৈ থাকোতে ছোৱালীজনীয়েই ল’ৰাটোক সৰ্বপ্ৰথমে দেখিবলৈ পালে৷

‘আৰে, বিল ৱাকাৰ নহয়নে বাৰু এয়া! ” বিস্ময়াভূত হৈ ছোৱালীজনীয়ে প্ৰায় চিঞৰি উঠিল৷

বিল থমকি ৰ’ল৷ প্ৰথমে সি ছোৱালীজনীক চিনিবই পৰা নাছিল, দেখি ভাব হৈছিল৷ তাই যেন কিবা বুঢ়ীজনী হৈ পৰিছে৷ ‘ই কি, মেৰী, তুমি! ক’ৰ পৰা?’

নিজে গম নোপোৱাকৈয়েই মেৰীয়ে মুখখন এনেভাৱে তুলি ধৰিলে যেন তাই বিলৰ পৰা চুমা এটাহে বিচাৰিছে৷ বিলে কিন্তু নিজৰ হাতখনহে আগবঢ়াই দিলে৷ ছোৱালীজনীয়ে তাৰ হাতখন নিজৰ হাতৰ মুঠিৰ মাজত আলফুলকৈ চেপি ধৰিলে, তাৰ পাছত ক’লে, ‘মইতো এতিয়া নিউইয়ৰ্কতেই থাকে, বিল৷’

‘অ’, হয় নেকি৷’ ভদ্ৰতাৰ ভংগিমাৰে বিলে হাঁহি এটা মাৰিলে৷ তাৰ পাছমুহূৰ্ততে তাৰ ভ্ৰূযুগলৰ মাজত ফুটি উঠিল এটা অস্পষ্ট ভ্ৰকুটি৷
‘তুমি ক’ত আছা, কি কৰিছা, এইবোৰ ভাবিলে সঁচাকৈয়ে মোৰ খুব অবাক লাগে, বিল৷’
‘মই এতিয়া ওকালতি কৰো৷ ডাউনটাউনতে এটা অফিচ খুলিছো৷’
‘বিয়া কৰিলানে?’
‘ও৷ দুটি ল’ৰা-ছোৱালীও আছে৷’
‘এ’, হয় নেকি!’

পাৰ্কখনৰ মাজেৰে সিহঁতৰ কাষেৰে বহু সংখ্যক মানুহেই অহা-যোৱা কৰিছে৷ কিন্তু সিহঁতে তেওঁলোকৰ মাজৰ কাকোৱেই চিনি নাপায়৷ তেতিয়া প্ৰায় সন্ধিয়া লাগিবৰ হৈছে৷ শেষবেলাৰ সূৰ্যটো প্ৰায় ডুব গৈছে৷ হিম হিম ভাব এটাও অনুভৱ হৈছে৷

‘আৰু তোমাৰ খবৰ কি?’ স্বাভাবিকভাৱেই বিলে সুধিলে৷
‘মোৰ তিনিটা ল’ৰা-ছোৱালী৷ মই কলম্বিয়াৰ বাৰচাৰৰ অফিচত কাম কৰো৷’
‘তোমাক কিন্তু ভীষণ, (বিলে ক’ব খুজিছিল— বুঢ়ী যেন দেখাইছে) থাকক দিয়া, তাৰ পাছত?’
মেৰীৰ বুজিবলৈ একো অসুবিধা নহ’ল৷ ৱাশ্বিংটন স্কোৱাৰত এই গছৰ তলত ৰৈ তাইৰ ভাব হ’ল যেন সেই অতীতৰ মধুৰ দিনবোৰলৈ তাই আকৌ ঘূৰি গৈছে৷ বিল যেতিয়া অ’হিয়ত আছিল, তাই তাতকৈ বহুগুণে বুঢ়ী হৈ পৰিছে৷ এতিয়া তাই আৰু সেই গাভৰুজনী হৈ থকা নাই৷ অথচ বিল সেই আগৰ দৰেই ডেকাটো হৈ আছে৷

‘মই চেণ্ট্ৰেল পাৰ্ক পশ্চিমত থাকোঁ৷’ মেৰিয়ে ক’লে৷ ‘কেতিয়াবা আহিবাচোন৷’
‘নিশ্চয়েই৷ তোমালোকো এদিন আমাৰ ঘৰলৈ ভাত এসাঁজ খোৱাকৈ আহিবাচোন৷ দিনত অথবা যিকোনো এৰাতি৷ তোমালোক আহিলে লুচিলি আৰু মই সঁচাকৈয়ে বৰ সুখী হম৷’
পাৰ্কৰ মাজত গছৰ পাতবোৰ এখিলা-দুখিলাকৈ সৰি পৰিছে৷ বতাহ অবিহনেই সৰি পৰিছে৷ ঘনীভূত হৈ উঠিছে শৰতৰ সন্ধা৷ সকলোবোৰেই মেৰীৰ যেন কিবা বিষণ্ণ যেন লাগিবলৈ ধৰিছে৷
‘আমাৰো খুব ভাল লাগিব বিল৷’

হঠাতে বাটৰ ষ্ট্ৰীটলাইটবোৰ জ্বলি উঠিল৷ যেন নীলিম বতাহত কুঁৱলীৰে আগুৰা উজ্জ্বলতাৰ দুশাৰী মালা৷
মেৰীয়ে হঠাতে ক’লে, ‘বিল,মোৰ বাছ আহিল৷’
বিলে তাৰ হাতখন আগবঢ়াই দিলে, ‘বিদায় মেৰী৷’
‘কিন্তু তুমি…’, মেৰীয়ে কিবা এটা ক’ব খুজিছিল, কিন্তু তেনে সময়তে বাছখন চলিবলৈ আৰম্ভ কৰিলে৷ মেৰীয়ে একো কথাই ক’ব নোৱাৰিলে৷
হঠাৎ বেছ জোৰকৈ তাই চিঞৰি উঠিল, ‘বিদায়, বিল’৷ কিন্তু বাছৰ দুৱাৰখন ইতিমধ্যেই বন্ধ হৈ গৈছে৷

বাছখন লাহে লাহে গুচি গ’লগৈ৷ বাহিৰত, সিহঁত দুয়োৰে মাজেৰে অসংখ্য লোকে অহা-যোৱা কৰিছে, ৰাস্তাটো পাৰ হৈছে, যাক সিহঁত দুয়োটাই চিনি নাপায়৷ অসংখ্য মানুহ- অথচ নিৰ্জনতা৷ বিলক তাই আৰু দেখা নোপোৱা হ’ল৷ ঠিক তেতিয়াহে তাইৰ মনত পৰিল যে তাই বিলক নিজৰ ঠিকনাটো দিবলৈ পাহৰি থাকিল৷ বিলৰ ঠিকনাটোও তাইৰ সোধা নহ’ল, আনকি তাক কোৱাও নহ’ল যে, তাই তাইৰ ডাঙৰ ল’ৰাটোৰ নামটোও ৰাখিছে বিল৷
☆★☆
[লেখকৰ পৰিচয়: আধুনিক বিশ্বসাহিত্যৰ এজন দুৰ্লভ কবি, নাট্যকাৰ তথা কথাশিল্পী ল্যেংষ্টন হিউজৰ জন্ম হয় ১৯০২ চনত মিছৌৰিৰ জোপলিন চহৰত৷ বিশ্বৰ প্ৰধান ত্ৰিশটাৰো অধিক ভাষাত হিউজৰ ৰচনাৰাজিৰ অনুবাদ হৈছে৷ ১৯৬৭ চনত মিছৌৰিৰ ‘হাৰলেম ৰেণেছাঁৰ’ অন্যতম প্ৰতিভাৱনা এই শিল্পীগৰাকীৰ মৃত্যু ঘটে মাত্ৰ পঁয়ষষ্ঠি বছৰ বয়সতে৷]
★★★

Comments

1 Comment so far

Jump into a conversation
  1. ধীৰেণ গগৈ
    #1 ধীৰেণ গগৈ 20 May, 2017, 14:34

    পঢ়ি আপ্লুত হ’লোঁ । মাৰ্ক টোৱেনৰ গল্প অনন্য ।

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.