অন্য এক পৃথিৱী -মাধুৰীমা ঘৰফলীয়া

অন্য এক পৃথিৱী -মাধুৰীমা ঘৰফলীয়া

অন্য এক পৃথিৱী -মাধুৰীমা ঘৰফলীয়া

by June 16, 2017 0 comments

(৭)
কাঁইটীয়া জোপোহা অলপ ফালি-চিৰি যাওঁতেই জে শৰ্মা, একলব্যহঁতৰ লগতে অক্ৰামজুৰ ডেকাকেইজনমানক দেখা পালে৷ অভিক দেখি একলব্যহঁতৰ শুকাই যোৱা মুখকেইখন উজলি উঠিল৷
-তই এনেকুৱা কামবোৰ কিয় কৰ অভি? কষ্ট কেৱল তোৰহে হৈছেনে? আমাৰ হোৱা নাই?
-আজি যদি তোৰ কিবা এটা হ’লহেঁতেন আমাৰ কেনেকুৱা লাগিলহেঁতেন ভাবি চাইছনে?
অভিয়ে কাকো উত্তৰ নিদি তলমূৰ কৰি ৰ’ল৷ জে শৰ্মা আগবাঢ়ি আহিল আৰু অভিৰ কাষতে ৰৈ থকা ল’ৰাটোলৈ চাই মিচিকিয়াই সুধিলে –
-মিমো, তই অভিক ক’ত লগ পালি? তোৰ বনৰীয়া স্বভাৱটো কম হোৱা নাই যেন পাইছোঁ ন!
জে শৰ্মাৰ কথাত ল’ৰাটোৱে লাজ লাজকৈ হাঁহি এটা মাৰিলে৷ অভিয়ে ল’ৰাটোলৈ চালে তাৰ নাম তাৰমানে মিমো! অতদেৰি সি মিমোক নামটোকে নুসুধিলে৷ সি মিমোৰ ফালে চাই লাহেকৈ ক’লে-ধন্যবাদ মিমো৷
মিমোৱে আকৌ এবাৰ তাৰ টনা টনা চকুহাল জিলিকাই হাঁহিলে৷ সেই সৰল হাঁহিটো দেখি অক্ৰামত প্ৰথমবাৰৰ বাবে অভিৰ মনটো ভাল লাগি গ’ল৷
ভাল লাগি যোৱা আৰু বহু ঘটনাই দিন পাৰ হোৱাৰ লগে লগে সিহঁতৰ সৈতে ঘটিবলৈ ধৰিলে৷ পৃথিৱীত অনবৰতে নিজৰ সৌন্দৰ্যক লৈ ব্যস্ত থকা মমীয়ে উলাহতে অক্ৰামজুৰ জীয়ৰী-বোৱাৰীৰ সৈতে মাছ ধৰিবলৈ গৈ গোটেই গাটো পানী কাঁইটেৰে খহুলা কৰি আনিলে৷ ল’ৰাকেইটাই অক্ৰামজুৰ কৰ্মঠ ডেকাকেইজনমানৰ লগ হৈ সিহঁতৰ বাবে ঘৰ এটা সাজিলে৷ অনভিজ্ঞ ছোৱালীকেইজনীয়ে মাটিৰ সৈতে গোবৰ মিহলি কৰি ঘৰৰ বেৰবোৰ মচিলে৷ সিহঁতে এই কামবোৰ উৎসাহেৰে কৰিলে যদিও পৃথিৱীলৈ উভতি যোৱাৰ দূৰ্বাৰ হেঁপাহটো কমি যোৱা নাছিল৷ সেই হেঁপাহৰ বাবেই সিহঁত পুনৰ এদিন ব্যস্ত জে শৰ্মাৰ কাষ চাপিল –
-আমি ইয়াৰ পৰা উভতি যাব পাৰিম নে?
এসোপামান ভঙা-চিঙা বস্তুৰ মাজত সোমাই থকা জে শৰ্মাই মূৰ দাঙি সিহঁতলৈ চালে
-মই নাজানো৷
-কিন্তু আপুনিতো এই বিষয়ত যথেষ্ট গৱেষণা কৰিছে৷ কিবা এটা হলেও অনুমান কৰিবতো পাৰে৷
-অক্ৰামত কেৱল ময়েই গৱেষণা কৰি থকা নাই আৰু বহুকেইজনে গৱেষণা কৰি আছে৷ আগতেও বহুতে কৰিছিল৷ তথাপি আমি নিশ্চিত নহয় যে ইয়াৰ পৰা পুনৰ পৃথিৱীলৈ যাব পাৰিম আৰু গলেও বহু সময় পাৰ হৈ যাবচোন!
-মানে?
-মানে তোমালোকক প্ৰথম লগ পোৱাৰ দিনাই মই কোৱা নাছিলোঁ জানো তোমালোকে যেতিয়া পৃথিৱীত আছিলা তেতিয়া ২০১৬ চন হৈ আছিল৷ আৰু তোমালোক অক্ৰাম পোৱাৰ পাছত পৃথিৱীত ২০২১চন হৈছিল৷
-হয় আপুনি কৈছিল৷ সেই সময়ত আমাৰ মনত বেলেগ এজাক ধুমুহা চলি আছিল বাবে সেইটো কথাত গুৰুত্ব দিয়াই নহ’ল৷ কিন্তু এইয়া কেনেকৈ সম্ভৱ! !
-অসম্ভৱ বুলিবলৈ একোৱেই নাই৷ পৃথিৱীত প্ৰায় প্ৰতি পাঁচবছৰৰ মুৰে মুৰে বিভিন্ন ঠাইত উৎপন্ন হোৱা ৱৰ্ম হ’লৰ যোগেদি এজন হলেও মানুহ অক্ৰাম পাইহি আৰু সেই মানুহবোৰৰ পৰা পোৱা তথ্যবোৰৰ যোগেদি অক্ৰামৰ ব্যক্তিসকলে বহু আগতেই হিচাপ কৰি উলিয়াইছিল যে পৃথিৱী আৰু অক্ৰামৰ মাজৰ ডাইমেনচনখন ইপাৰ সিপাৰ হওতে যদিওবা পাৰ হোৱা জনৰ বাবে সময়টো এটা চেকেণ্ড যেন লাগে কিন্তু সেই এটা চেকেণ্ডত পৃথিৱী আৰু অক্ৰামত পাঁচটা বছৰ পাৰ হৈ যায়!
-পাঁচ বছৰ! ! কেনেকৈ?
-কেনেকৈ নাজানো৷ হয়তো ৱৰ্ম হলৰ ভিতৰত সময় ৰৈ যায়৷ সেইবাবে ৱৰ্ম হলৰ ভিতৰৰ সেই সময়কণত আমাৰ একো পৰিবৰ্তন নহয় যদিও বাহিৰৰ জগতখনে পাঁচটা বছৰ অতিক্ৰম কৰি যায় আৰু সেই হিচাপত তোমালোক অহাৰ সময়ত পাঁচবছৰ নষ্ট হ’ল৷ আকৌ পাঁচবছৰ অপেক্ষা কৰিব লাগিব ৱৰ্ম হ’ল জাগ্ৰত হোৱালৈ৷ সেইয়া হ’বও পাৰে নহ’বও পাৰে আৰু কেনেবাকৈ জাগ্ৰত হলে আকৌ পাঁচ বছৰ লাগিব উভতি যাবলৈ৷ মানে তোমাৰ হিচাপত পাঁচবছৰ হলেও পৃথিৱীত সেইয়া পোন্ধৰবছৰৰ পাছত হ’বগৈ৷ সকলোতকৈ ডাঙৰ কথাটো হৈছে ইয়াৰ পৰা গৈ যে তুমি পৃথিৱীতে ওলাবা তাৰ কোনো নিশ্চয়তা নাই৷ ইয়াৰ পাছতো তোমালোকে উভতি যোৱাৰ ৰিস্ক ল’বানে?
ল’ৰা-ছোৱালীকেইটা অৱশ হৈ পৰিল৷ গোটেইকেইটাৰ চকুবোৰ চলচলীয়া হৈ উঠিল৷ হতাশাৰে আবৰি ধৰা শৰীৰটো কোনোমতে টানি সিঁহত জে শৰ্মাৰ ঘৰৰ পৰা ওলাই গ’ল৷ কিন্তু দুখোজমান যোৱাৰ পাছত কিবা এটা ভাবি অভি ঘূৰি আহিল আৰু জে শৰ্মাৰ চকুত চকু থৈ সি দৃঢ়তাৰে কলে-
-লাগিলে বিশবছৰেই লাগক, আপুনি ৱৰ্ম হলৰ খবৰ গম পালে মোক জনাব৷ মই উভতি যাম৷
সি ওলাই আহিল৷ দূৰৈত দেখিলে ঘোঁৰা এটাৰ পিঠিত উঠি কোনোবা এটা আহি আছে৷ ওচৰ চাপি অহাত দেখিলে সেইটো মিমো৷ তাক দেখি কিয় জানো অভিৰ মনটো ভাল লাগি গ’ল৷ টনা টনা চকুহাল উজলাই একেই হাঁহিৰে সি সুধিলে-বৰশী টোপাবলৈ যাবা?
(৮)
লুংলুঙীয়া বাট এটাৰে মিমোৰ পাছে পাছে অভি আগবাঢ়িল৷ মিমোৰ এখন হাতত বৰশী দুটা আৰু আনখন হাতত দা এখন৷ সেইখনেৰে সি বাট ভেটি ৰখা কাঁইটীয়া গছবোৰ কাটি গৈছিল৷ অভিৰ হাতত মিমোৱে গতাই দিয়া মোনা এটা৷ মোনাটোৰ ভিতৰত গোল জাতিলাওৰ খোলা এটা আছে৷ তাতে মিমোৱে বৰশীৰ বাবে বৰলৰ টোপ ভৰাই আনিছে৷ সেইখিনি হেনো সি পুৱাই গাঁওবুঢ়াৰ গোহালিৰ পৰা ভাঙিছিল৷
অভিৰ খোজ কাঢ়ি ভাগৰ লগাৰ আগতেই গৈ সিহঁতি জুৰি এটা পালেগৈ৷ সেই একেটা জুৰিয়েই যিটোৰ পাৰে পাৰে অভিহঁতে প্ৰথমদিনা নিজৰ ঠাইখন বিচাৰি ফুৰিছিল৷ মাত্ৰ পাৰ্থক্য এইয়াই যে জুৰিটোৰ এইখিনি অংশ অলপ বহল হৈ বিলৰ দৰে হৈ পৰিছে৷
মিমোৱে শিলকেইটামানৰ ওপৰেদি জঁপিয়াই গৈ পানীৰ মাজৰ ডাঙৰ শিল এটাত বহি ল’লে৷ তাক অনুসৰণ কৰি অভিয়েও অত তত ধৰি কোনোমতে নিতিতাকৈ গৈ শিলটোত উঠিল৷ দুয়োটাই সুবিধাজনক ভাৱে বহি লোৱাৰ পাছত মিমোৱে নিজৰ মোনাটোৰ পৰা গছৰ ছাল এবিধ উলিয়াই অভিক দিলে
-খোৱা৷ এইবিধ ছাল তামোলৰ দৰে৷ খাবলৈ বৰ ভাল লাগে৷
অভিয়ে খাওঁ নাখাওকৈ ছালটুকুৰা মুখত ভৰালে৷ মিমোৱে ছাল টুকুৰা পাগুলি পাগুলি বৰশীত টোপ লগালে৷ তাৰ পাছত এটা বৰশী অভিৰ হাতত গতাই নিজৰ পুঙাটো গাৰ জোৰেৰে আঁতৰলৈ দলিয়াই দিলে৷
-এইখিনিত বৰ ভাল মাছ পোৱা যায়৷ তুমি সেই সৰু শিলটোৰ ফালে বৰশী পেলোৱাচোন৷
অভিয়ে মিমোৱে কোৱাৰ দৰেই বৰশীটো পেলালে৷
-তোমাৰ ঘৰ কোন গাঁৱত মিমো?
-অক্ৰামজুৰ পৰা অকণমান আঁতৰত ডাঙৰ বৰ এজোপা আছে সেইজোপা গছতে মোৰ চাংঘৰটো৷
-তুমি চাং ঘৰত থাকা? কিন্তু কিয়?
-এনেই৷ মই হাবিখনক বেছি ভাল পাওঁ৷
-তোমাৰ ঘৰত কোন কোন আছে?
মিমোৱে অভিৰ প্ৰশ্নটোৰ উত্তৰ দিয়াৰ সলনি চিঞৰি উঠিল
-অভি তোমাৰ বৰশীটো চোৱা৷ লাহে লাহে টানিবা৷ ডাঙৰ মাছ৷ বৰশীৰ জৰী চিঙি লৈ যাব পাৰে৷
জীৱনত প্ৰথমবাৰৰ বাবে বৰশী বাবলৈ যোৱা অভি উত্তেজিত হৈ উঠিল৷ মিমোৱে কি কৈছে সেইটো তাৰ কাণত নপৰিলেই সি ডাঁৰডাল ভালকৈ ধৰি জোৰেৰে চিপ মাৰি দিলে৷ ফলস্বৰূপে জৰী চিঙি মাছ পলাল৷ অভিয়ে দোষী দোষী ভাৱেৰে মিমোলৈ চালে৷ মিমোৰ মুখত তেতিয়াও হাঁহি এটা ওলমি আছিল৷
-কোনো কথা নাই বন্ধু৷ লাহে লাহে তুমিও পাকৈত হৈ উঠিবা৷ এতিয়া মই কেনেকৈ মাছ ধৰোঁ চোৱা৷
অভিয়ে এইবাৰ মিমোৰ বৰশীত মন দিলে৷ লগতে মিমোৰ কথাৰ মাজত হেৰাই গ’ল৷
মিমোৰ ভাল নাম হেনো বেলেগ এটা আছিল৷ অক্ৰামজুত সিহঁতৰ এখন ধুনীয়া ঘৰ আছিল৷ মাক-দেউতাকৰ সৈতে এটা সুখী পৰিয়াল৷ হাবিতলীয়া মাটিত খেতিৰ কামত ব্যস্ত হৈ থকা দেউতাকক এদিন মানুহ খোৱা বাঘ এটাই আক্ৰমণ কৰিলে৷ অলপ আঁতৰতে কনমানি মিমোক পিয়াহ খুৱাই থকা মাকে মিমোক তাতে এৰি হাতত থকা দাখনলৈ বাঘটোক খেদি গ’ল৷ গাঁৱৰ মানুহে যেতিয়া খবৰ পালে তেতিয়ালৈকে বাঘটোৱে মিমোৰ দেউতাক লৈ আঁতৰি গৈছিল আৰু বাঘৰ আক্ৰমণত ক্ষত বিক্ষত হৈ পৰা মাকৰ শৰীৰটো তাতে পৰি আছিল৷ মানুহবোৰে মিমোৰ কথা পাহৰিয়েই গৈছিল৷ তাৰ কান্দোন শুনিহে তাক বিচাৰিলে৷ শহাপহুৰ গাঁত এগালৰ মাজত মিমো বহি আছিল৷ সেইযে শহাৰ গাঁতৰ মাজত তাক বিচাৰি পালে সেইবাবেই গঞাই তাৰ নামটো মিমো ৰাখিলে৷ মিমো মানে অক্ৰামৰ ভাষাত শহা৷ শহা পোৱালিহেন সেই ল’ৰাটো গাঁৱৰ ইঘৰ-সিঘৰত থাকিয়েই ডেকা হ’লগৈ৷ এটা সময়ত সি নিজৰ ঘৰ এখনো সাজি ল’লে৷
-যিবোৰ আমি হেৰুৱালোঁ সেইবোৰক লৈ আমি দুখ কৰি থাকি একো লাভ নাই বুজিছা অভি, জীৱনটোক উপভোগ কৰিব লাগে৷
-তুমি ইমান ধুনীয়াকৈ কথা ক’বলৈ ক’ৰ পৰা শিকিলা মিমো?
-আমাৰ গাঁওবুঢ়া বৰদেউতাৰ পৰা৷ তেওঁ বৰ ধুনীয়াকৈ কথাবোৰ কয়৷
ইতিমধ্যে মিমোৱে কেইবাটাও মাছ ধৰিলে৷
-এইবাৰ বৰশীটো তুমি লোৱা অভি৷
অভিয়ে লওঁ নলওকৈ মিমোৰ বৰশীটো ল’লে৷ তাৰ বৰশীটো ল’বলৈ মন গৈ আছিল যদিও আকৌ এবাৰ বৰশীটো ছিঙিব বুলি ভয় খাই আছিল৷ এতিয়া মিমোৱে নিজেই দিয়াত সি পুঙাটোত মিমোৰ দৰেই থু অকণ পেলাই দলিয়াই দিলে৷ বেছি দেৰি নহ’লেই, পুঙাটো পানীত ওলোৱা সোমোৱা কৰিবলৈ ধৰিলে৷ এইবাৰ অভিয়ে মিমোৰ পৰামৰ্শমতে জৰীডাল টনা আঁজোৰা কৰি মাছটোৰ লগত খেলা কৰিবলৈ ধৰিলে৷ অলপসময় খেলা কৰা পাছত মাছটো ভাগৰ লগা যেন অনুমান কৰি লাহে লাহে মাছটো টানি আনিলে আৰু এটা সময়ত অভিৰ হাতত এটা ডাঙৰ মাছ লাগিলহি৷ সি গৌৰৱেৰে মিমোলৈ চালে৷ মিমোৰ সেই একেটাই হাঁহি যিটো হাঁহিয়ে অভিক অকণমান সময়ৰ বাবে পৃথিৱীখন পাহৰি যাবলৈ বাধ্য কৰাইছিল৷
(৯)
দিনবোৰ বাগৰি গৈ থাকিল৷ বাৰিষাৰ বৰষুণে নষ্ট কৰা পুনিহঁতৰ অক্ৰামৰ ঘৰখনৰ বেৰবোৰ কেইবাবাৰো মচিব লগা হ’ল৷ ঘৰখনৰ পিৰালি কাষত ৰুই দিয়া বেঙেনা গছবোৰত লমালমে বেঙেনা লাগিবলৈ ধৰিলে৷ সিহঁতি চিকুণাই লোৱা ঘৰৰ সমুখৰ চোতালখনৰ বনবোৰ মৰি ফু মাৰি ভাত খাব পৰাকৈ চফা হৈ পৰিল আৰু এই গোটেই সময়খিনিৰ ভিতৰত সিহঁতৰ মনবোৰো ফৰকাল হৈ পৰিল৷ হয়তো সিহঁতি মানি ল’বলৈ বাধ্য হ’ল৷ মনৰ মাজত লৈ ফুৰা ধুমুহাজাক লাহে লাহে শাম কাটিবলৈ ধৰিলে৷ কিন্তু এই সকলোবোৰৰ বিপৰীত মেৰুত আছিল গাৰ্ডজন৷ যিজনৰ বিষয়ে ছমাহমানৰ পাছতহে পুনিহঁতে গম পাইছিল৷
মানুহজনৰ নাম অমূল্য বৰুৱা৷ যিখন অৰণ্যৰ গাৰ্ড হিচাপে তেওঁ কৰ্মৰত আছিল, যিখন অৰণ্যই পুনিহঁতক অক্ৰাম পোৱালেহি সেইখন অৰণ্যই গাৰ্ডজনৰ সৰু সংসাৰখনকো নষ্ট কৰি পেলাইছিল৷ দহবছৰীয়া সন্তানটোক লৈ তেওঁৰ পত্নী গাঁৱৰ মানুহৰ সৈতে বাছ ভাৰা কৰি অৰণ্যৰ কাষৰ জুৰিটোৰ পাৰত বনভোজ খাবলৈ গৈছিল৷ কৰ্মব্যস্ততাৰ বাবে বৰুৱা যাব নোৱাৰিলে৷ সেইয়া হয়তো বিধাতাই বিচৰা নাছিল৷ বনভোজৰ আনন্দৰ মাজত তেওঁৰ কনমানীটোৱে আনকেইটামান লগৰীয়াৰ সৈতে জুৰিটোৰ পানীত খেলি আছিল৷ আচম্বিতে পাহাৰৰ ওপৰৰ পৰা হৰহৰাই পানীৰ ঢল বৈ জুৰিটো ভৰাই পেলাইছিল৷ আনন্দত মতলীয়া হৈ থকা মানুহখিনিৰ মাজত হাহাকাৰ লাগি গ’ল৷ তেওঁৰ পত্নীৰ লগতে আৰু বহুকেইজনে পানীত উটি যাব খোজা কনমানীকেইটাক বচাবলৈ বুলি জুৰিত জাঁপ দিলে৷ কেইজনমান পানীৰ পৰা ঘূৰি আহিল আৰু ঘূৰি নহা কেইজনৰ ভিতৰত বৰুৱাৰ পত্নী আৰু সন্তানটোও আছিল৷
মানুহজন তেতিয়াই শৰ দৰে হৈ পৰিছিল৷ অৰণ্যখনক নিজৰ সন্তানৰ দৰে ভালপাইছিল বাবেহে তেওঁ নিজৰ মানসিক ভাৰসাম্যতা ধৰি ৰাখিছিল৷ কিন্তু যেতিয়া পুনিহঁতৰ সৈতে অক্ৰামত প্ৰৱেশ কৰিছিল তেতিয়া তেওঁ ভিতৰি ভিতৰি ভাগি পৰিছিল৷ পুনিহঁতৰ বেদনাত ছটফটাই থকা মুখবোৰে তেওঁৰ বুকুৰ ভিতৰখন জ্বলাই পেলাইছিল৷ ঠিক তেনেকুৱা সময়তেই আকৌ এটা ঘটনাই তেওঁক জঠৰ কৰি পেলাইছিল৷
অক্ৰামবাসীয়ে তেওঁলোকক উদ্ধাৰ কৰিছিল৷ কোঠাৰ ভিতৰত বন্দী হৈ থকা মানুহজনে যেতিয়া জ্ঞান ঘূৰাই পাইছিল তেতিয়া পুনিহঁত অজ্ঞান হৈয়ে আছিল৷ বৰুৱাই চকু মেলিয়েই সমুখত অক্ৰামজুৰ গাঁওবুঢ়াক দেখা পাইছিল৷ ঘটনাৰ একো গম গতি ধৰিব নোৱাৰি ভয়ে ভয়ে বৰুৱা বহিছিল আৰু কিবা সোধাৰ আগতেই গাঁওবুঢ়াই মাত লগাইছিল –
-আপোনাক সুস্থ হোৱা দেখি বৰ সুখী হলো ডাঙৰীয়া৷
সেইয়াই আৰম্ভণি৷ তাৰ পাছত মুখ হাত ধুই চাহৰ জুতি লৈ বৰুৱাই গাঁওবুঢ়াৰ মুখেৰে অক্ৰামৰ বিষয়ে, ৱৰ্ম হ’লৰ বিষয়ে শুনি গৈছিল৷ জীৱনৰ আটাইতকৈ ডাঙৰ ট্ৰেজেডীটো পাৰ কৰি অহা বৰুৱাক পেৰেলেল ৱৰ্ল্ডৰ কথাই জঠৰ কৰিব পৰা নাছিল৷ সিমানখিনি আশ্চৰ্য সহ্য কৰিব পৰা শক্তি তেওঁৰ আছিল৷ কিন্তু তেওঁক জঠৰ কৰি তুলিলে আন এটি ঘটনাইহে!
চাহ খাই উঠাৰ পাছত তামোল যাঁচিবলৈ অহা মহিলা গৰাকীৰ ফালে চাই গাঁওবুঢ়াই চিনাকি দিলে-বৰুৱা এইয়া মোৰ পত্নী৷ অক্ৰামজুৰ গাঁওবুঢ়ানী!
বৰুৱাই মূৰ ডাঙি চালে৷ সমুখত থকা গাঁওবুঢ়ানী চকুৱে চকুৱে পৰিল৷ বিস্ময়ত চকু দুটা যেন ওলাই আহিব৷ গাঁওবুঢ়ানীৰ হাতৰ পৰা বঁটাটো সৰি পৰিছিল৷ তেনেতে কোনোবাই খবৰ দিছিল-
-ল’ৰা-ছোৱালীকেইটাই সাৰ পাই হুলস্থুল কৰি আছে৷
গাঁওবুঢ়াৰ পাছে পাছে টলং-ভটং খোজেৰে মানুহটো আগৰ ঘৰটোলৈ গুচি গৈছিল, অন্য এখন পৃথিৱীত অন্য এটা মানুহ হৈ৷
(আগলৈ)
■■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.