বৰষুণৰ এনিশা -পৰী শ্যামলী ভূঞা

বৰষুণৰ এনিশা -পৰী শ্যামলী ভূঞা

বৰষুণৰ এনিশা -পৰী শ্যামলী ভূঞা

by June 16, 2017 0 comments

বৰষুণৰ নিশাবোৰ মোৰ প্ৰিয়৷ ভাল লাগে সূৰ্যাস্তৰ লগতে আৰম্ভ হোৱা বৰষুণৰ টোপালবোৰ৷ কিন্তু ভয়ংকৰ ৰূপ ধাৰণ কৰি বিজুলী গাজনিৰে সেই ধাৰাষাৰ বৰষুণজাকে যেতিয়া ৰাতি তাণ্ডৱ চলায়, কেনে লাগিব পাৰে৷ তাতে যদি ৰাতি ঘৰটোৰ ভিতৰত মই অকলে৷ সাহস পাবলৈ লগ এটা পোৱাটো দূৰৈৰে কথা ওলোটাই নিজে যদি কাৰোবাৰ সাহস হৈ ৰ’বলগীয়া হয়৷ বহুদিনৰ মূৰত কালি আকৌ এনে এটা ভয়লগা নিশা পাৰ কৰিলোঁ৷ ঘৰত অকলে মই আৰু মোৰ ল’ৰাটো৷ ‘ন’মান বজাতে হঠাতে ভয় লগাকৈ গাজনিৰ শব্দ আৰম্ভ হব ধৰিল৷ সৰু সৰু গাজনি অলপকৈ হলেও ভালেই লাগে৷ কিন্তুু সেই কাণ তাল মৰা গাজনিবোৰত কঁপি উঠোঁ৷ ভয় লাগিছে যদিও লৰাটোৰ সাহসকণ ময়ে৷ বতাহো বলিবলৈ ধৰিলে৷ ধাৰাষাৰ বৰষুণজাক আৰু বতাহৰ শব্দত বাকী একো শুনি নোপোৱা হলোঁ৷ লাহে লাহে বতাহৰ তীব্ৰ ৰূপত গছগছনি জোকাৰি উঠিল৷ কাৰেণ্টো নোহোৱা হল৷ হাতত থকা ফোনটোৰে টৰ্চটো অন কৰালৈকে আকৌ কেইটামান গাজনি যেন মোৰ ঘৰৰ ওপৰতে বাজিলে৷ লগে লগেই ল’ৰাটোৰ মুখৰ পৰাও মাত ওলাল “মা “মা“৷ এখন হাতেৰে ল’ৰাটোক ধৰিয়ে আছোঁ যদিও দুয়োখন কাণত তাৰ আঙুলিৰ সোপা৷ লগে লগেই বিজুলীৰ তাণ্ডৱ৷ বতাহৰ কোবত পৰ্দাবোৰ লাগি কিবা পৰাৰ নিচিনা ঠাং ঠুং শব্দও বাজি উঠিল৷ ফোনৰ টৰ্চটো অন কৰালৈকে সেই ছেকেণ্ড কেইটাত আটাইকেইটা ঘটনা একেলগেই ইমান তৎক্ষণাত ঘটি গল যে মই নিজেই কঁপি গলোঁ৷ লৰাটোক সাহস দি মম এডাল জ্বলাই টিভি, ফ্ৰিজ, অভেন, আদিবোৰ অফ কৰি পেলালোঁ৷ সি মোৰ পিচে পিচে, তাৰ দুয়োখন কাণত আঙুলি৷ হাতত টৰ্চটো লৈ দুয়োটা ইটো কোঠা, সিটো কোঠা কৰোঁ মানে আৰু দুটামান গাজনি বিজুলী যেন ঘৰতে পৰিলহি৷ বাহিৰত কেৰেককৈ গছ ভাঙি পৰাৰ শব্দও ভাঁহি আহিল৷ আটাইবোৰ কাম আঁট মাৰি শোৱাকোঠাত সোমাই দূৱাৰ বন্ধ কৰিহে যেন ৰক্ষা পালোঁ৷ খিৰিকীৰ গ্লাচেৰে বাহিৰখন টৰ্চ মাৰি চালো, তেতিয়ালৈ সম্পূৰ্ণ ফুলনিখন পানীত ডুবি গৈছিল৷ নতুনকৈ ওলোৱা পালেঙৰ পুলিবোৰৰো কোনো চিনেই নোহোৱা হৈ ৰৈছিল৷

দুয়োৰে চকুত টোপনি নাই৷ আহিবও কৰপৰা যিহে গাজনি, বিজুলী৷ এইদৰেই চাৰে দহ বাজি গ’ল৷ এবাৰত সি ক’লে ফোনতে গান ডাউনল’ড কৰি গান শুনোঁ৷ কোনোদিনে গান ডাউনল’ড কৰি নোপোৱাজনীৰ চকুৰ আগতে কণমানিটোৱে গান ডাউনল’ড কৰি বজাইয়ো শুনালে৷ গান বাজি উঠিলত পৰিবেশটো সাধাৰণ হৈ উঠিল৷ গান শুনাই শুনাইয়ে লাহেকৈ তাক শুৱাবও পাৰিলোঁ৷ চাৰে এঘাৰমান বজালৈকে সি ধুনীয়াকৈ টোপনি গল৷ তেতিয়াহে মই অনুভব কৰিলো মই যে কিমান অকলশৰীয়া হৈ পৰিলোঁ৷ খিৰিকীৰ বাহিৰৰ চিনবোৰে মোক আৰু শুবলৈ নিদিলে৷ অলপ অলপকৈ টোপনি আহোঁতে দুই বাজিবৰে হৈছিলগৈ৷ তেতিয়ালৈ বাহিৰত পানী আৰু ওপৰলৈ উঠি আহিছিল৷ বিজুলীৰ পোহৰত দেখিছিলোঁ খিৰিকীৰ ওচৰতে কিবা কিবি ওলমি থকা দীঘল ছাঁবোৰ৷ গছৰ ডালবোৰ ভাঙি ওলমি পৰিছিল৷ মমডাল নুমুৱাই টৰ্চটো অন কৰি ভয়ত সাৰ পাই পাই উঠা লৰাটোক সাহস দি দি ৰাতিটো পাৰ কৰিলোঁ৷■■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.