সৰু সৰু মানুহৰ বৰ্ষাকলৈ মনৰ কথা

সৰু সৰু মানুহৰ বৰ্ষাকলৈ মনৰ কথা

সৰু সৰু মানুহৰ বৰ্ষাকলৈ মনৰ কথা

by June 16, 2017 0 comments

সাহিত্য ডট অৰ্গৰ সমূহ পাঠকক বিনীত ভাবেৰে নতজানু হৈ জনাব বিচাৰোঁ এইবাৰৰ সাহিত্য আহাৰ (জুন,১৭)সংখ্যা আমি কোনো ব্যক্তিবিশেষৰ লগত জড়িত নকৰি বৰ্ষাৰ লগত সকলোকে সামৰিব পৰা সমাজৰ কেইবাটাও স্তৰৰ চৰিত্ৰৰ ওচৰলৈ লৈ যাব বিচাৰিছোঁ। জলেই প্ৰাণ। জলবিহীন জীৱনৰ কোনো কথাই চিন্তা কৰিব নোৱাৰি। প্ৰকৃতিৰ অতুলনীয় জলৰূপী ঋতু বৰ্ষা। লগতে মৌচুমী বায়ু। বৰ্ষাৰ দৰে অন্য ঋতুবোৰৰো সমানে গুৰুত্ব আছে। বৰ্ষা আহিলে মানুহ ভেদে জীৱিকা ভেদে বৰ্ষাৰ প্ৰতি অনুভুতি প্ৰত্যেকৰে সুকীয়া হয়। তাৰ অৰ্থ এইটোও নহয় ইজন সিজনৰ ওচৰত ভুল। জীয়াই থকাৰ তাড়নাত সকলো নিজৰ পৰিসৰত শুদ্ধ। আমি সাক্ষাত গ্ৰহণ কৰা ব্যক্তি সকলক জীৱনৰ প্ৰতিতো স্তৰৰ পৰা সোমোৱাব বিচাৰিছোঁ, যাতে কাৰো প্ৰতি পক্ষপাতদুষ্ট হব নুখোজোঁ। আমি সেয়ে একে প্ৰশ্ন তৈয়াৰ কৰি নিছিলোঁ আৰু জানিব বিচাৰিছিলোঁ বৰ্ষাৰ প্ৰতি তেওঁলোকৰ অনুভৱ কেনেকুৱা।

আমাৰ মূল প্ৰশ্ন কেইটা নিম্ন লিখিত ৰূপত আছিলঃ
১। বৰ্ষাৰ অনুভূতি আপোনাৰ কেনে?
২। আপোনাৰ আৰু সমাজ জীৱনৰ লগত বৰ্ষাক কি দৰে ৰিজায়?

বৰ্ষা বুলিলে প্ৰথম মনলৈ আহে কৃষি।  আহকচোঁন আমাক সাক্ষাৎকাৰ দি কৃতাৰ্থ কৰাসকলে কি বক্তব্য ৰাখিছে তাৰে অলপ উমান লওঁ। প্ৰথমেই আমি গৈছিলোঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহ প্ৰযুক্তি বিভাগৰ সহযোগী অধ্যাপক শ্ৰীগৌতম শইকীয়াৰ ওচৰলৈ। শ্ৰীশইকীয়াই তেখেতৰ কৰ্মক্ষেত্ৰৰ পৰিসৰৰ সীমাত ছাত্ৰ-ছাত্ৰীক চাহ বিজ্ঞানৰ লগত জড়িত যথাৰ্থ শিক্ষা দিয়াই নহয়, তাৰ লগতে অসম চৰকাৰৰ অনুদানেৰে পৰিচালিত ক্ষুদ্ৰ চাহ খেতিয়ক সকলক প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে সমগ্ৰ অসমৰ বিভিন্ন স্হানত আজি লৈকে বাইশ হাজাৰৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়কক প্ৰশিক্ষণ দিছে। তেখেতৰ মতে-

“বৰ্ষাৰ কথা ক’বলৈ গলে এক মুখেই ক’ম বৰ্ষাৰ লগত খেতিৰ পোনপটীয়া যোগাযোগ। বৰষুণ নহলে যি কোনো খেতিয়ক মৰি যাব। চাহৰ লগত জড়িত কাৰণেই কওঁ, চাহ উদ্যোগ তেতিয়া লৈকে জীয়াই থাকিব যেতিয়া লৈকে বৰষুণ থাকিব। অসমৰ মুঠ জনসাধাৰণৰ ১২-১৫শতাংশ চাহ উদ্যোগৰ ওপৰতেই জীৱিকা নিৰ্বাহ কৰি আছে। অসমৰ মূল বৰষুণ অংশ বৰ্ষাৰ সময়ত হয় যদিও ফাগুন-চ’ততেই অহা দুই এজাক বৰষুণেই চাহ গছবোৰক সজীৱ কৰি তুলে। এসময়ত যদিও চাহ বৃহৎ বণিক গোষ্ঠীৰ একচেটিয়া সম্পদ আছিল সেইদিন এতিয়া নাই। অসমতেই এতিয়া ষাঠি.হাজাৰৰ ওপৰত পঞ্জীয়নভুক্ত ক্ষুদ্ৰ চাহ খেতিয়কৰ জন্ম হৈছে। অসমৰ মুঠ চাহ উৎপাদনৰ ছাব্বিশ শতাংশ ক্ষুদ্ৰ চাহ খেতিয়কেই উৎপন্ন কৰে। এই ক্ষুদ্ৰ চাহ খেতিয়ক সকলে নিজৰ জীৱিকা উলিওৱাৰ লগতে আনৰো উপাৰ্জনৰ দুৱাৰ খুলি দিছে। আমি আগতীয়া বৰষুণ আহিলে বৰ আনন্দ পাওঁ। ফাগুণ সোমালেই বৰষুণ পালেই নতুন কুমলীয়া পাতো আগতীয়াকৈ ওলায়। বৰষুণ বেছি হলে ভয় খাওঁ। কিয়নো বাঁজীপাত বেছি হলে আহিব ধৰা ফ্লাচ কেইটা ঠেলা খাই মুঠ উৎপাদন কমাই পেলায়। লগতে হেলোপেলটিচ মহৰ আক্ৰমণ বেছি হয়। বৰষুণ নহ’লে চাহপাত উৎপাদন প্ৰক্ৰিয়াটোৱেই বাধাপ্ৰাপ্ত হয়। বৰ্ষা আমাৰ জীৱন। লগতে কবই লাগিব, ন পানী পাই ধৰাৰ বুকুৰ গছ-গছনিৰ সদ্যস্নাতা ৰূপ দেখি বিমোহিত হওঁ। যতেই এনে ৰূপ দেখোঁ, তাতেই যেন ৰৈ যাওঁ। ভেকুলীৰ টোৰটোৰণি শুনি টোপনি যাওঁ, ভেকুলীৰ টোৰটোৰণিত সাৰ পাওঁ।সৰুকালৰ ল’ৰালিৰ ফুটবল খেললৈ মনত পৰে।পানীত লাগি ধৰা বলতো লৈ জোঁটাপোটা লগা কথাবোৰলৈ মনত পৰে। গলপোষ্টৰ সন্মুখত তেনেকুৱা এটা দৃশ্য আপুনিও মনত পেলাই চাওকচোন এইয়াও বৰ্ষাৰ এক চিনাকী ৰোমন্থন।

আমি সাহিত্য ডট অৰ্গৰ পৰা লগ কৰিছিলোঁ ব্ৰক্ষ্মপুত্ৰ জৈৱিক চাহকোষৰ ধনভৰালী শ্ৰীকংকণ গোস্বামীক। শ্ৰীগোস্বামীৰ ঘৰ তিনিচুকীয়া জিলাৰ ফিলোবাৰীত। তেখেত নিজেও ক্ষুদ্ৰ চাহ উদ্যোগী হোৱাৰ ওপৰিও সমগ্ৰ অসমৰ সকলো জৈৱিক চাহ উৎপাদকসকলক লগত লৈ ব্ৰক্ষ্মপুত্ৰ জৈৱিক চাহ কোষটোৰ জৰিয়তে অসমৰ জৈৱিক চাহৰ উন্নত মানদণ্ডৰে গোটেই পৃথিবীক চমক খোৱাবলৈ যত্ন কৰিছে। আজি কেইমাহমান আগতে নতুন দিল্লীৰ প্ৰগতি মৈদানত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় কৃষি মেলাত অংশ গ্ৰহণ কৰি বিদেশী গ্ৰাহকৰ সমাদৰ লভি বজাৰ এখন সৃষ্টি কৰিছে। পঢ়ক, তেখেতৰ ভাষ্যঃ

——–
অসমৰ সৰ্বমুঠ ৬৭হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ ভিতৰত আমাৰ গোটতোৱে জৈৱিক চাহ কৰ্মতহে গুৰুত্ব দিছোঁ।(কাম বাকী আছে)
এইয়া এজন দিন হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰা ব্যক্তি শ্ৰীমাইনা নায়াৰ। বৃটিছৰ দিনতে অসমলৈ অহা পূৰ্বপুৰুষ সূত্ৰে অসমীয়া। পূৰ্বপুৰুষ এটা সময়ত চাহ বাগানৰ কৰ্মচাৰী। মাটি-বাৰীও ঘটি থৈ গৈছিল ককাকহঁতে। পিতৃৰ অকালতে বিয়োগ হোৱাত পঢ়া আধাতে সামৰিব লগীয়া হোৱাত দিন হাজিৰাৰ বাদে অন্য বিকল্প নোহোৱাৰ দৰে। আমাৰ প্ৰশ্নতো শুনি মুখত মিচিকিয়া হাঁহিতো লৈ কলে-

বৰষুণ আমি খুবেই ভাল পাওঁ। আমাৰ নিজা ব্যৱহাৰৰ কাৰণে পানীৰ কোনো ভাল ব্যৱস্হা নাই। গোটেই যোৰহাট জিলাখনতেই দমকলৰ পানী ৰঙচুৱা। খাবও নোৱাৰি, কাপোৰ-কানিও ধুব নোৱাৰি। বাজলৈ যাবলৈহে হয়। পানীখিনি ভগবানে বৰষুণৰ ৰূপত পৰিষ্কাৰ কৈয়ে দিছে। মাটিৰ তললৈ যাওঁতেহে আইৰণ লগত লৈ বেয়া হৈছে। আমাৰ দৰে মানুহৰ হাতলৈ অহাখিনিৰেই দিনতো পাৰ কৰিব লাগে। পানী নহলে ধনী-দুখীয়া বুলি কোনো কথা নাই। পানী নহ’লে গছ-গছনি, মানুহ জীৱজন্তু কোনোৱেইতো জীয়াই থাকিব নোৱাৰিব।আমি পুখুৰীৰ পানীকেই ব্যৱহাৰ কৰোঁ। বৰ্ষাই আমাৰ জীৱনৰ প্ৰাণ। অৱশ্যে ক’বই লাগিব যিদিনা বৰষুণ দিয়ে সেইদিনা আমাৰ চৰুৰ তলত জুই নজ্বলে। বৰষুণৰ বতৰত বাহিৰৰ কামবোৰ প্ৰায় নহয়েই। আমাৰ উৰুঁখা পঁজাৰ ঘৰত পানী টুকিব লগীয়া হয়। সেই বুলি বৰ্ষাক বেয়া নাপাওঁ। বৰ্ষাই আমাৰ জীৱনৰ প্ৰেৰণা। দুখীয়া হৈ জন্ম গ্ৰহণহে কৰিছোঁ। তাৰ কাৰণে বৰ্ষাৰ কোনা দোষ নাই। বৰষুণ আহিলে আহাৰ শাওণ আমি হিচাব নকৰোঁ। আমাৰ পূৱা আৰম্ভ হয় ভোকক লৈ। গধূলি শেষ হয় ভোকক লৈ। আমি আপোনালোকে বিচৰা ধৰণে সাহিত্যিক ভাষাত কথা কবই নাজানোঁ। দিনৰ এটা বেলা পাৰ হলেই ঘৰখনৰ ভোকাতুৰ পেটকেইটালৈ মনত পৰে। বাকীবোৰ আপোনালোকক নক’লেও বুজিব।
লওঁক পাঠক, এইয়া এজন অটোচালকৰ ভাষ্য। এখেতৰ নাম শ্ৰীকৃষ্ণ চুতীয়া। ডেকা বয়সতে আৰম্ভ কৰা যাত্ৰী কঢ়িওৱা অটো চলাই জীৱন নিৰ্বাহ কৰা শ্ৰীচুতীয়াৰ অনুভৱ পঢ়ক। যোৰহাটৰ জামুগুৰি চুতীয়াকাৰী গাঁওৰ নিবাসী শ্ৰীচুতীয়াই আমাৰ প্ৰশ্নৰ কি উত্তৰ দিছে, পঢ়ক।

“চাৰ, আপুনি আমাৰ চিনাকি। কেতিয়াবা আপুনিও আমাৰ বাহনৰ যাত্ৰী হয়। আমাৰ জীৱনৰ ঘাত-প্ৰতিঘাতৰ সাক্ষী আপুনিও। বৰষুণ দিলে আমি ভালেই পাওঁ। মই খেতিয়কৰ ল’ৰা। খেতি নকৰিলে আমি খাম কি আৰু আনক খুৱাম কি? আমি খেতিয়কবোৰে খেতি নকৰিলে খেতি নকৰা আটাইবোৰ ভোকতেই মৰিব। আমাক বৰষুণ লাগে। খেতিৰ সময়ছোৱা শালি খেতি কৰি বছৰতোৰ ধানকেইটা গোটাই লওঁ। ৰাহিখিনি ছেগ বুজি বজাৰলৈ নিওঁ। বৰ্ষা বুলিলে আমাৰ জীৱন সংঘৰ্ষই নুবুজায়। বৰ্ষা আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ। ৰ’দ-বৰষুণ আমাৰ জীৱনৰ প্ৰতি মুহুৰ্ত্তৰ লগ৷”

পঢ়ক পাঠক, এইবাৰ এজন ধান খেতিয়কৰ ভাষ্য।এখেতৰ নাম শ্ৰী অনিল শইকীয়া। ঘৰ টিয়কৰ টিয়ক নৈৰ পাৰৰ এখন অখ্যাত গাঁওত। এখেতে কি কয়, পঢ়ক।

“আপোনাৰ প্ৰশ্ন শুনি কি কওঁ কি নকওঁ লাগিছে। আমাৰ কাৰণে বৰষুণেই প্ৰাণ। আমাৰ জীবন বৃত্ত ধান খেতি, গৰু ম’হ লৈ ঘূৰে। শালি খেতিৰ কথা আহিলেই আমাৰ ডাকৰ বচনলৈ মনত পৰে। অম্বুবাচীয়ে মনত পেলাই দিয়ে আহাৰৰ সাত লাগিল। সেয়ে চাৰিদিন হাল খতি হব। সময়ত কঁঠীয়া নাপাৰিলে ৰুই অঁটাব নোৱাৰিলে ধান নাপামেই। আমাৰ শালি খেতি প্ৰকৃততে বহাগতেই আৰম্ভ হব লাগে। কথাতে কয় নহয়-ষোল্ল চাষে মূলা, তাৰ অৰ্দ্ধেকে তুলা, তাৰ অৰ্দ্ধেকে ধান, বিনা চাষে পাণ। আগবাৰিষাৰ বৰষুণত মাটি কোমল হলেই এচাষ দি মাটি লুটিয়াই দিয়া হয়। জেঠত পুনৰ এচাষে বন-বাতবোৰ মাৰি মূল খেতিৰ উপযোগী কৰি তুলে। ইফালে আহাৰ সোমায়। বৰ্ষা আহে। আমাৰ উলাহে নুজোৰে। চপচপীয়া হোৱা মাটিত ৰুবলৈও ভাল। বন-বাতো কম হয়। সময়ত বৰষুণ নহলে অকল আমিয়ে নহয়, আপোনালোকো ভোকত থাকিব লাগিব। আৰুনো কি কম!”
বলক, এইবাৰ আমি যৌবনোচ্ছল এহাল ডেকা-গাভৰুৰ ওচৰ চাপোঁ। অলপ আগতে শ্ৰেণীবোৰো শেষ হৈছে। সৌৱা কৃষি বিশ্ববিদ্যালয়ৰ ভিতৰৰ মূল পথৰ কাষতে থকা ধেনুভিৰীয়া দলংখনতে এহালে কথা পাতি আছে। এই দলংখন বহুতো প্ৰেমৰ জীবন্ত কিন্তু অবাক সাক্ষী। কিনকিনীয়া বৰষুণো আৰম্ভ হৈছে। স্হান, কাল, পাত্ৰসকলো মিলি পৰিছে। চাওঁচোন হালেই কি প্ৰতিক্ৰিয়া দেখুৱায়।

: নমস্কাৰ। বেয়া নাপাবা। আমি তোমালোকৰ ওচৰলৈ সৰু সাক্ষাৎ এটা বিচাৰি আহিলোঁ। আমি তোমালোকৰ পৰিচয় নিবিচাৰোঁ। মাথোন আমাক কোৱাচোন বৰ্ষাই তোমালোকৰ মনত কি অনুভূতি জগায়?

(আমাৰ পৰিচয় আৰু উদ্দেশ্য জনোৱাৰ পাচত সামান্য লজ্জা জড়িত ভাবত যুবকজনে কৈ উঠিল)-কি কম! ভাবিয়েই পোৱা নাই। ভাল লাগে। বৰ্ষা.. বৰ্ষা মানে প্ৰকৃতি, বৰ্ষা মানে খেতি, বৰ্ষা মানে কবিতা, বৰ্ষা গীতো হব পাৰে। বৰ্ষা আবেগো হব পাৰে। অ হয়, বৰ্ষাই বেমাৰ-আজাৰো বঢ়ায়। মই পিচে বৰষুণত তিতি ভালেই পাওঁ। (ছোৱালীজনীয়ে লাজ লাজকৈ মিচিকিয়াই ৰ’ল। আমিও ধন্যবাদ ও শুভেচ্ছা জনাই আঁতৰি আহিলোঁ)।

এজন ছাত্ৰৰ কাষ চাপিলোঁ। নামটো কবলৈ মানা কৰিছে কাৰণে নিদিওঁ বাৰু। আমাৰ প্ৰশ্ন শুনি উত্তৰ দিলে- বৰ্ষা আমাৰ জীবন। পানী নহলে খেতিয়ে নহ’ব। কিনকনীয়া বৰষুণ বৰ ভাল লাগে। বেছি মানে দপদপীয়া বৰষুণ বেয়া পাওঁ। কাম-বন সকলো স্তব্ধ হৈ পৰে। আমি নৈপৰীয়া ঠাইৰ ল’ৰা। নৈত ফেনে-ফুটুকাৰে পানী বাঢ়ি অহা দেখিলে বুকুৰ কোনোবা এখিনিত ভয়ে বাহ লয়। হ’লেও বৰ্ষা ভাল লাগে।

(প্ৰকৃতিৰ অমোঘ নীতি পালি বৰ্ষা বছৰি আহে। হৰ্ষ-উল্লাস সৃষ্টি কৰি সকলোকে একাকাৰ কৰি পৃথিবীৰ বুকুলৈ বৰ্ষাৰ ঢল নামে। ক্ষুদ্ৰ মানুহৰ অনুভূতিয়ে ঢুকি নোপোৱা প্ৰকৃতিৰূপী বৰ্ষাই জীৱৰ কল্যাণৰ অৰ্থেই ধৰাৰ বুকুলৈ আগমণ কৰে। জীৱন চলমান। সকলো নিজ নিজ কক্ষপথত চৰৈবেতীঃ মুখ্য সম্পাদক)।
■■■

 

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.