অন্ত্যেষ্টিক্ৰিয়া (মূল:ইংৰাজী-ৰাস্কিন বণ্ড) অনুবাদ – ননী চহৰীয়া বৰা

অন্ত্যেষ্টিক্ৰিয়া (মূল:ইংৰাজী-ৰাস্কিন বণ্ড) অনুবাদ – ননী চহৰীয়া বৰা

অন্ত্যেষ্টিক্ৰিয়া (মূল:ইংৰাজী-ৰাস্কিন বণ্ড) অনুবাদ – ননী চহৰীয়া বৰা

by June 16, 2017 0 comments

“মই ভাবোঁ সি যোৱাটো উচিত নহ’ব” -এগৰাকী মহিলাই ক’লে৷
“সি বৰ সৰু হৈ আছে” – সন্মতিসূচকতাৰে আন এগৰাকীয়ে মাত দিলে—
“সি অশান্ত হৈ উঠি হুলস্থূলো কৰিব পাৰে৷ আৰু তুমি জানানে, ফাদাৰ লালে শৱযাত্ৰাত শিশু চামিল হোৱাটো ভাল নাপায়৷”

শিশুটিয়ে কথা বতৰা কোৱা নাই৷ কিছুপৰিমানে আন্ধাৰ কোঠালীটোৰ অন্ধকাৰ চুক এটাত সি বহি আছে৷ সি কি ভাবিছে আৰু অনুভৱ কৰিছে, তাৰ মুখখনত একোৱেই প্ৰকাশ হোৱা নাই৷ সিটো কোঠালীত তাৰ দেউতাকৰ মৃতদেহ ৰখা কফিনটোৰ ঢাকনিখন চিৰদিনৰ বাবে নিকপকপীয়াকৈ বন্ধ কৰি দিয়া হৈছে৷ ল’ৰাজনক উৎসাহ উদ্গনিৰে আগবঢ়াই নিয়া এজন ক্লান্ত মানুহ, যিজন ল’ৰাজনৰ বাবে অতীৱ প্ৰয়োজনীয় আছিল৷ খুড়া-খুড়ী, ককাহঁত–অইন এজন পতিৰ সৈতে দূৰ-দূৰণিত থকা তাৰ মাকৰ বাবেও তেওঁৰ মৃত্যু বিশেষ গুৰুত্বপূৰ্ণ নহয়৷ পাঁচবছৰতকৈও আগতে সি মাকক দেখিছিল৷ তেতিয়া চাৰি বছৰ বয়সীয়া সি মাকৰ মুখখনেই ভালদৰে মনত পেলাব নোৱাৰে৷

বন্ধু বান্ধৱ, আত্মীয় স্বজনেৰে ঘৰখন ভৰি পৰিছে৷ কেইজনমানে অপ্ৰয়োজনীয় ভাৱে তাক নিচুকাবলৈ আহি তাৰ নীৰৱতা দেখি নিৰুৎসাহ হৈ আঁতৰি গৈছে৷ পৰিস্থিতি হৃদয়ংগম কৰা কেইজনে তাৰ পৰা দূৰত্ব বজাই ৰাখিছে৷

সহানুভূতিপূৰ্ণ বিক্ষিপ্ত শব্দ কিছুমান বতাহত উৰিফুৰা জিয়া পাখিৰ দৰে ৰৈ ৰৈ বিচ্ছুৰিত হৈছে—–“কি কৰুণ ঘটনা“-“মাত্ৰ চল্লিশ বছৰ বয়স“—“এইটো যে ইমান গুৰুতৰ আছিল, কোনেও উপলব্ধিয়ে কৰিব নোৱাৰিলে“–“শিশুটিৰ প্ৰতি একান্ত অনুৰক্ত“——–৷

পাহাৰীয়া ঠাইখনৰ গণ্য মান্য প্ৰায় প্ৰতিজন ব্যক্তিয়েই আহিছে যেন ধাৰণা হৈছে শিশুটিৰ মনত৷ আজি প্ৰথমবাৰলৈ তেওঁলোক এই ঘৰটোলৈ আহিছে৷ কাৰণ তাৰ দেউতাক সমাজপ্ৰিয় মানুহ নাছিল৷ শিশুটিৰ বাহিৰে কিতাপ, সঙ্গীত, ফুল আৰু ডাক টিকট সংগ্ৰহ আছিল তেওঁৰ প্ৰধান পছন্দৰ কাম৷

টাটু ঘোঁৰাই টনা, সৰু শৱ কঢ়িওৱা গাড়ী এখন পদুলি মুখেৰে সোমাই আহিল আৰু কেইবাজনো সক্ষম লোকে কফিনটো দাঙি নি ভালদৰে গাড়ীখনত ভৰালে৷ মানুহৰ জুমটো আগবাঢ়িল৷ তললৈ যোৱা ৰাস্তাটোৰে কবৰস্থান এমাইলমান দূৰৈত৷ গাড়ী নথকা সকল খোজ কঢ়িয়ে যাব লাগিব৷

শিশুটিয়ে এখন খিৰিকীৰে পদূলি পাৰ হৈ যোৱা সৰু সমদলটোলৈ চাই পঠিয়ালে৷ একমাত্ৰ লগুৱাৰ হাতত এৰি অহা তাৰ কথা সেই সময়ত কাৰোৱেই মনত নপৰিল৷ বাহিৰত ঘন কুঁৱলীৰ আচ্ছাদন৷ গোটেই উপত্যকাটো কুঁৱলীয়ে লাহে লাহে আৱৰি ধৰিছে আৰু পাহাৰখন এখন ভিজা টাৱেলেৰে যেন মেৰিয়াইহে ধৰিছে৷ বৰষুণ দিয়া নাই যদিও মানুহবোৰৰ শৰীৰ সেমেকি গৈছে৷

মানুহবোৰ গৈ শেষ হোৱালৈ ল’ৰাজনে অপেক্ষা কৰি থাকিল৷ সি বাৰান্দালৈ ওলাই আহিল৷ সুমথিৰা বৰণৰ ফুলগছ এজোপাৰ তলত বহি থকা মালীজনে তাৰ পিনে মূৰ তুলি চাই কিবা লাগে নেকি সুধিলে৷ সি মূৰটো জোকাৰিলে আৰু পুনৰ ভিতৰলৈ সোমাই গ’ল৷ শৱযাত্ৰীসকলে ফুল ছিঙি ফুলনিখন নষ্ট কৰি পেলোৱা বাবে মনত বেজাৰ লাগি থকা মালীজন লেকেছিয়াই লেকেছিয়াই তাৰ কোঠালীত সোমালগৈ৷ মালিকৰ মৃত্যু হোৱা মানে, সিও অচিৰে তাৰ চাকৰিটো হেৰুৱাব—ঘৰটো বেলেগৰ হাতলৈ যাব—শিশুটি অনাথ আশ্ৰমলৈ যাব লাগিব৷ মালী ৰাখিব পৰা মানুহ ইয়াত কেইজননো আছে৷ ৰান্ধনীঘৰত ৰান্ধনি এক ডাঙৰ ভোজনৰ আয়োজনত ব্যস্ত আছে৷ ইয়াৰ আগেয়ে এই ঘৰত এনে ভোজনৰ আয়োজন হোৱা নাছিল৷ ফাদাৰকে ধৰি ভোকাতুৰ আত্মীয়সকল ঘূৰি আহি বিষন্নতাৰে হলেও ইয়াত আহাৰ গ্ৰহণ কৰিব৷ ৰান্ধনিৰো চাকৰি নাথাকিব৷ অৱশ্যে ৰান্ধনিৰ চাহিদা সদায় আছে৷

পিচদুৱাৰ এখনেদি শিশুটি লাহেকৈ বাহিৰলৈ ওলাল আৰু কাঁইটীয়া বনৰীয়া গোলাপ লতা বোৰে আৱৰি ৰখা সুৰসুৰীয়া বাটটোৰে ওলাই আহি যেতিয়া প্ৰধান বাটটো পালে শৱযাত্ৰীসকলক পাহাৰৰ কাষে কাষে সমাধিস্থললৈ গৈ থকা দেখিলে৷ অলপ দূৰত্ব বজাই ৰাখি সিও পিচে পিচে গৈ থাকিল৷
এইটো সেই একেটা ৰাস্তা, যিটোৰে দেউতাকে প্ৰায়ে সন্ধিয়া তাক ফুৰাবলৈ আনিছিল৷ পাহাৰৰ দাঁতিত গজি থকা প্ৰায় সকলোবোৰ গছ লতিকা আৰু বনৰীয়া ফুলবোৰৰ নাম শিশুটিয়ে জানে৷ তাৰ দেউতাকে এইবোৰ আৰু বিভিন্ন চৰাই চিৰিকতি, পোক পতঙ্গলৈ আঙুলিয়াই সেই সকলোবোৰৰ বিষয়ে তাৰ আগত বৰ্ণনা কৰিছিল৷

উত্তৰ দিশলৈ চাই সি দেখিলে– হিমালয়ৰ ওখ ওখ পাহাৰৰ শাৰী আৰু শ্বাশ্বত বৰফৰ স্তুপ৷ সমাধিস্থলৰ কবৰসমূহ এনেদৰে বনোৱা হৈছে যে যদি তাত শুই থকা ব্যক্তিসকল এদিন ওলাই অহাৰ দৰে ঘটনা ঘটে, তেনেহলে পোনপ্ৰথমতে বৰফাবৃত শৃংগ সমূহত পৰা সূৰুযৰ জলমল পোহৰ তেওঁলোকৰ চকুত পৰিব৷ প্ৰাকৃতিক দৃশ্যৰ বাবেই বোধহয় এই ঠাইডোখৰ নিৰ্বাচন কৰা হৈছিল৷ কিন্তু প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ এই কঠিন শিলাস্তম্ভ ভাঙি কোনোবা যে ওলাই আহিব পাৰিব, শিশুটিয়ে হ’লে নাভাবে৷ সেই বৰফবোৰৰ দৰেই তেওলোকৰ শয়নো চিৰস্থায়ী৷ এটা ভূমিকম্পইহে সেই শিলাস্তম্ভবোৰ টুকুৰা টুকুৰকৈ ভাঙি কফিনবোৰ ওপৰলৈ উলিয়াই আনিব পাৰিব৷ মৃতসকল সহজে ওলাই আহিব পৰাকৈ কিয়নো মানুহবোৰে নবনায়—তাকে ভাবি শিশুটি আচৰিত হ’ল৷ তেওলোকক ইমান সুদৃঢ় ভাৱে কবৰস্থ কৰা হয় যেন কোনেও তেওঁলোক ওলাই অহাটো নিবিচাৰে যেনহে লাগে৷

“তোমাৰ দেউতাৰাক ঈশ্বৰৰ প্ৰয়োজন হৈছে“—–এজন ধৰ্মযাজকে তাক সান্ত্বনা দিব বিচাৰিছিল৷
এনেদৰে ঈশ্বৰে যদি হাজাৰ হাজাৰ পুৰুষ, মহিলা আৰু শিশুক বিচাৰিলেহেঁতেন, কিমানকনো এই পৰিষ্কাৰ, সন্ধি নথকা ঠাইখিনিত কবৰস্থ কৰিলেহেঁতেন? কি কাৰণে ঈশ্বৰে সিহঁতক বিচাৰে? —-আচৰিত হৈ শিশুটিয়ে ভাবে৷

সমাধিস্থলৰ জপনাখন খোলা; কিন্তু পুৰণি শিলৰ বেৰ এখনত ভেজা দি শিশুটি থিয় হৈ ৰ’ল আৰু বেগী বলাৰ এজনৰ সন্মুখীন হোৱা উদ্বিগ্ন বেটচমেনৰ দৰে লৰচৰ কৰি থকা শৱযাত্ৰীসকললৈ চাই থাকিল৷ ইয়াত কেৱল বলাৰজন অদৃশ্য৷

অন্ত্যেষ্টিক্ৰিয়াৰ সময়খিনিত ফাদাৰ লালৰ একেসুৰীয়া মৃদু মাত ভাঁহি আহিল৷ তাৰপিচত কফিনটো তললৈ নমাই দিলে—গভীৰলৈ—আৰু গভীৰলৈ৷ কিমান তললৈ যাব পাৰে বাৰু—ভাবি শিশুটি বিস্মিত হ’ল৷ এইপৃথিৱীখনতকৈও ভাল পৃথিৱী এখন মাটিৰ গভীৰ তলত আছে নেকি? কেনেকৈ বাৰু কোনোবাই—আনকি ছেমছনৰ দৰে শক্তিশালী এজনেও আকৌ মাটিৰ ওপৰলৈ উঠি আহিব পাৰিব? হাস্যৰসাত্মক গল্পবোৰত চুপাৰমেনে এইবোৰ কৰিব পাৰে৷ কিন্তু তাৰ দেউতাক যে এজন শান্ত প্ৰাণী৷ তেওঁ এই পৃথিৱীৰ বিৰুদ্ধে যুঁজা নাছিল অথবা সৰু সৰু গছৰ শিপা আৰু ঘাঁহবনৰ ওপৰত শক্তি প্ৰয়োগ কৰাও নাছিল৷ হয়তো তেওঁ এজোপা গছ হব আৰু তেনেকৈয়ে পলাই আহিব৷

“মোক যদি এইদৰে কেতিয়াবা আৱদ্ধ কৰি ৰাখে, মই এজোপা গছৰ শিপাৰ ভিতৰত সোমাই যাম, তাৰ পিচত মই এটা ফুল হ’ম আৰু তেতিয়া সম্ভৱ এটা চৰাই আহি মোৰ বীজ কঢ়িয়াই লৈ যাব আৰু——কিবা উপায়েৰে মই বাহিৰ ওলাই আহিবলৈ সক্ষম হম৷
ফাদাৰে আৰু কিছুমান শব্দ উচ্চাৰণ কৰিলে আৰু তাৰপৰা গুছি অহাৰ আগতে কেইজনমানে কফিনটোৰ ওপৰত মাটি ছটিয়ালে৷

দুজন বা তিনিজন গোট বান্ধি শৱযাত্ৰীসকলে প্ৰস্থান কৰিলে৷ ঘন কুঁৱলীয়ে তেওলোকক আৱৰি ৰাখিছিল আৰু বেৰখনৰ পিচফালে থিয় দি থকা শিশুটিক কোনেও দেখা নাছিল৷ তেওঁলোকৰ ভোক লাগিছিল৷

সকলো গৈ শেষ হোৱালৈ শিশুটি তাতেই থিয় দি থাকিল৷ সি লক্ষ্য কৰিলে মালী আৰু ৰখীয়াকেইজনে কবৰটোৰ ওপৰত মাটি জাপিছে৷ সি ধৰিব পৰা নাছিল—আগলৈ যাব নে নাযাব? তাৰ অলপ ভয়ো লাগিছিল৷ ইতিমধ্যে বহুত পলমো হৈছে৷ কবৰটো মাটিৰে পূৰ্ণ হৈ গৈছে৷

সি পিচলৈ ঘূৰিলে আৰু কবৰস্থানৰ পৰা ওলাই আহিল৷ কুঁৱলীয়ে ঢকা ৰাস্তাটো তাৰ সমুখত পৰি আছে৷ সি অকলশৰীয়া৷ এবাৰ দেউতাকে তাক কি কৈছিল বাৰু? —–যিয়ে অকলশৰে থিয় হব পাৰে, সিয়ে এই পৃথিৱীৰ আটাইতকৈ শক্তিশালী মানুহ“৷ ভাল কথা–সি অকলশৰীয়া৷ কিন্তু এই মুহূৰ্তত তাৰ নিজক শক্তিশালী যেন অনুভৱ হোৱা নাই৷

এক মুহূৰ্তৰ বাবে দেউতাক তাৰ কাষতে থকা যেন অনুভৱ হ’ল৷ দীঘলীয়াকৈ খোজ কঢ়াৰ সময়ত যিদৰে একেলগে আছিল৷ দেউতাকৰ স্পৰ্শৰ উত্তাপ বিচাৰি স্বাভাৱিক ভাৱে সি হাতখন আগবঢ়াই দিলে৷ কিন্তুু তাত একো নাছিল–একোৱেই৷ কোনো নাছিল তাত৷
হাত দুখন টানকৈ মুঠি মাৰি সি জেপত ভৰালে৷

সি মূৰটো তল কৰিলে যাতে কোনেও তাৰ চকুপানী নেদেখে৷ কুঁৱলীৰ মাজে মাজে মানুহবোৰ গৈ আছিল৷ সি পিচে তেওঁলোকৰ ওচৰলৈ যাব বিচৰা নাছিল——কাৰণ তাৰ দেউতাকক তেওঁলোকেই আঁতৰলৈ পঠিয়ালে৷

প্ৰচণ্ড খঙেৰে সি নিজকে কোৱাদি ক’লে—–“তেওঁ এটা পথ বিচাৰি উলিয়াব৷ কিবা প্ৰকাৰে তেওঁ বাহিৰ ওলাই আহিবই“৷
■■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.