চীন দেশৰ সাধু – ইন্দুকল্প শইকীয়া

চীন দেশৰ সাধু – ইন্দুকল্প শইকীয়া

চীন দেশৰ সাধু – ইন্দুকল্প শইকীয়া

by June 16, 2017 0 comments

ৰঙা চীনলৈ, মাও চে টুঙৰ চীনলৈ….

“শুনিছিলো যে মানৰ আক্ৰমণৰ সময়ত হেনো সৰু সৰু ল’ৰা ছোৱালীবোৰ গছলৈ দলিয়াই সৈন্য বিলাকে আম-কঠাল পাৰি খাইছিল৷ বৰ আসুৰিক প্ৰকৃতিৰ আছিল হেনো সেইমখা৷ আমি সেয়া শুনা কথাহে৷ পিছে চীনৰ আক্ৰমণৰ সময়ৰ কথা মনত আছে৷ চীনা তেজপুৰ পাবহি বুলি শুনা পাইয়ে মানুহ বিলাকে বস্তু বাহনি সামৰি বোজা বান্ধি বান্ধি গছৰ তলে-বাঁহনিৰ তলে সুমুৱাই যাৰ যিফালে সুবিধা হৈছে সেই ফালেই পলাইছে৷ কেতেকীবাৰীৰ বিজিত শইকীয়াহঁতে মটৰ গাড়ী লৈ লৈ মানুহবোৰৰ খবৰ লৈ ফুৰিছিল কোন কলৈ গৈছে কাৰোবাক কিবা সহায়ৰ প্ৰয়োজন হৈছে নেকি৷ ইফালে আন কিছুমানে আকৌ সেই বিপদৰ সময়তো এতিয়াৰ তেজপুৰৰ টাউনৰ পদুম পুখুৰীৰ পাৰত থকা ষ্টেট বেংকৰ টকা সোপা চীনা অহাৰ আগতেই পেলাই দিবলৈ লৈছে বুলি শুনি বস্তা লৈ লৈ টকা আনিবলৈ ঢাপলি মেলিছিল৷”
– হয় দেই, সেই অৱস্থাৰ মাজতো যে মানুহবোৰো টকাৰ লোভ সামৰা নাছিল ৷ – আইতাই মাজতে মাত লগায়৷
– কিয় আমাৰ গাঁওবোৰৰ পৰাও টকা আনিবলৈ বহুত মানুহ গৈছিল৷ – ককাই পুৰণি স্মৃতিবোৰ জুকিয়াই জুকিয়াই কৈ যায়৷
– তাৰ পিছত কি হ’ল ককা? চীনা আহি কি কৰিলেহি? – মই বা ভণ্টিয়ে ককা-আইতাক পুনৰ কাহিনীৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰোঁ৷
– তাৰ পাচত কিবা হ’ল৷ আমিও ৰাতিটো বস্তু বাহানি বান্ধি চাইৰেণ বাজিলেই যাম বুলি পৰ দি থাকিলোঁ পিচে ৰাতি পুৱাল গৈ৷ পিচদিনা সকলো আগৰ দৰেই হৈ পৰিল৷ চীনা সৈন্য হেনো অলপ আগুৱাই আহি উভতি গুচি গ’লগৈ নে আমাৰ সৈন্যই খেদি পঠিয়ালে পিচত গম নাপালো আৰু৷

“দাদা, নামক, পালোহি” –টেক্সী ড্ৰাইভাৰজনে চেন্নাইৰ এয়াৰপ’ৰ্টত গাড়ী ৰখাই দৰ্জা খুলি তামিলতে মাত দিওঁতেহে সম্বিত ঘূৰিল৷

আমি প্ৰায়ে ককা-আইতাক “পুৰণি দিনৰ কথা” ক’বলৈ আব্দাৰ কৰোতে এই সঁচা কাহিনীবোৰ আমি ককা আইতাৰ মুখত শুনিছিলোঁ৷ মানৰ আক্ৰমণৰ কথা, চীনে আক্ৰমণ কৰাৰ কথা৷

তেতিয়াৰ পৰাই মনত ভাৱ লৈ ফুৰিছিলোঁ “চীন আমাৰ চিৰ বৈৰী”৷ তাৰ পিচত ১৯৬২ বুলি কিতাপ খন পঢ়াৰ পৰা সেই ধাৰণা অলপ সলনি হৈছিল যদিও চীনদেশ এখন পৰাক্ৰমী দেশ বা শত্ৰুদেশ বুলি শুনি শুনিয়েই ডাঙৰ হৈছোঁ৷

সেই চিৰবৈৰী চীন দেশলৈকে যাবলৈ আজি এয়াৰপৰ্টলৈ আহিছো৷ ৰঙা চীনলৈ যাবলৈ৷ মাও চে টুঙৰ চীনলৈ৷ ইয়াৰ লগতে চীন দেশৰ নাম শুনিছিলোঁ সস্তীয়া বস্তু তথা আন ডাঙৰ ব্ৰেণ্ডৰ প্ৰডাক্ট কপি কৰি নিজৰ নাম দি উৎপাদন কৰাৰ এক বদনামৰ বাবেহে৷

চীন দেশ বুলি ক’লে মনলৈ সাধাৰণতেই এই ধৰণৰ ধাৰণাই প্ৰায় ক্ষেত্ৰতে আহিছিল৷ কিবা যেন এক অজান শংকা নে এক উত্তেজনাই আৱৰি আছিল মনটো যেতিয়াৰ পৰাই এই চীন যাত্ৰাৰ কথা আৰম্ভ হৈছে৷ ইয়াৰ আগতেও বহুবাৰ বহু কেইখন বেলেগ বেলেগ দেশলৈও গৈছো, কিন্তু এই উত্তেজনা যেন আগৰ সৈতে অলপ বেলেগ৷ তাৰ মাজতে উফৰি পৰিছিলহি চীন-ভাৰতৰ মাজত চলি থকা ৰাজনৈতিক বাক-বিতণ্ডাৰ খবৰবোৰ৷

যি কি নহওক এয়াৰপ’ৰ্টত ইমিগ্ৰেশ্বনৰ বাবে শাৰী পাতি থাকোতেই বেইজিঙৰে এগৰাকী যুৱতীক পালো৷ তেওঁ চেন্নাইলৈ অশোক লাইলেণ্ডৰ লগত কিবা ব্যৱসায়িক মিটিঙৰ বাবে অহা বুলি জনালে৷ অশোক লাইলেণ্ডেও যে চীনৰ উৎপাদন সামগ্ৰী উৎপাদন কাৰীৰ পৰা বস্তু ক্ৰয় কৰে তেতিয়াহে গম পালোঁ৷

খুব সুন্দৰকৈ কথা বতৰা পাতি তেওঁ সুধিলে আমি ক’লৈ যাম, ক’ত থাকিম, কেনেকুৱা বিজনেছৰ লগত জড়িত ইত্যাদি লগতে সুধিলে যে প্ৰথমবাৰ বেইজিং যাম নেকি বুলি! হয় বুলি কোৱাত তেওঁ ক’লে যে চীনত থাকোতে হোটেলৰ পৰা বাহিৰলৈ ওলাই যাব লগীয়া হ’লে ক’লৈ যাম সেই ঠিকনাটো আৰু হোটেল খনৰ ঠিকনাতো চীনা ভাষাত কাৰোবাৰ হতুৱাই লিখাই ল’বলৈ যেন পাহৰি নাযাওঁ, কিয়নো চীনত ইংৰাজী ক’ব বা পঢ়িব পৰা খুব কমেইহে টেক্সী ড্ৰাইভাৰ পোৱা যায়৷ লগতে তেওঁ নিজ ইচ্ছাই কাগজ এখন বেগৰ পৰা উলিয়াই “Pure Veg” বাক্যটো মোৰ সহকৰ্মী ভেংকটক লিখি দিলে যিহেতু তেওঁ কেৱল নিৰামিষহাৰী৷

যি কি নহওক বেইজিঙৰ সময়মতে ৬ মেই, ২০১৭ৰ দিনৰ প্ৰায় ১২ মান বজাত চীন দেশত ভৰি থলোঁগৈ৷ চীন দেশৰ ইমিগ্ৰেশ্বন প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্য্যন্ত মনটো কিবা উচপিচাই আছিল কিবা অসুবিধা হ’ব পাৰে নেকি এনে ভাৱত! সকলো লাগতিয়াল অফিচিয়েল প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি বেইজিং বিমান বন্দৰৰ পৰা বাহিৰ ওলোৱালৈ আমাৰ প্ৰায় দুপৰীয়া ১.৩০ হৈছিল৷ ইতিমধ্যেই আগতে জনাই থোৱা মতে অফিচৰ ফালৰ পৰা হাতত প্লে-কাৰ্ড লৈ ড্ৰাইভাৰজন আমালৈ ৰৈ আছিল৷ খুব সুন্দৰকৈ হাউলি নমস্কাৰ জনাই আমাক গাড়ীলৈ আগ বঢ়াই লৈ গ’ল৷ সেইখিনিৰে পৰাই আৰম্ভ হৈছিল আমাৰ আচৰিত হোৱাৰ পাল৷ সাধাৰণতে জাৰ্মানীলৈ গ’লে বি.এম.ডব্লিউ. গাড়ী এখন এয়াৰ পৰ্টলৈ নিবলৈ পঠিয়ালে আমি আচৰিত নহওঁ, কিয়নো বি.এম.ডব্লিউ. জাৰ্মানীতে তৈয়াৰ হোৱা গাড়ী৷ গতিকে তাত সেয়া সিমান ডাঙৰ কথা নহয়, কিন্তু চীন দেশত বি.এম.ডব্লিউ. এখনে আমাক এয়াৰপ’ৰ্টৰ পৰা নিবলৈ অহাত আমি অলপ আচৰিত হৈছিলো৷ আচলতে আমাৰ চীন দেশৰ প্ৰতি যি এক ধাৰণা আছিল সেই ধাৰণাৰ লগত এই কথাটো অলপ কিবা যেন খাপ খোৱা নাছিল৷

যি কি নহওক বিমান বন্দৰ এৰি আমি যিমানেই বেইজিং চহৰৰ মাজলৈ সোমাই যাবলৈ ধৰিলোঁ আমাৰ মনত চীন দেশৰ প্ৰতি থকা সকলো ধাৰণাই লাহে লাহে যেন সলনি কৰি যাবলৈ বাধ্য হ’লোঁ৷ প্ৰায়বোৰ বাট-পথ ইউৰোপ মহাদেশৰ দৰেই, মাত্ৰ ট্ৰেফিক কিছু বেছি৷ ৰাস্তাবোৰৰ চৌকাষে চালে চকুৰোৱাকৈ শাৰী শাৰী কৈ গোলাপ ইত্যাদি ফুল গছ ৰুই থৈছে৷ সম্পূৰ্ণ পৰিষ্কাৰ আৰু পৰিপাটি৷ ক’তো এটাও গছপাতো পৰি থকা দেখিবলৈ নাপালোঁ৷ ৰাস্তাৰ কাষে কাষে আমাৰ গাড়ীৰ গ্লাচেৰে মণিব নোৱাৰাকৈ ওখ ওখ অট্টালিকা৷

এই সকলো দেখি মনতে ভাৱ হ’ল – হয় জানো এয়া কমিউনিষ্ট চীন? ৰঙা চীন? মাও চে টুঙ ৰ চীন?

নে এইয়া এক নতুন চীন! উন্নতি তথা ক’ৰ্পৰেটৰ চাবি-কাঠি নিজ ইচ্ছাৰে গঢ়ি দোপত দোপে ওপৰলৈ উঠি গৈ বিশ্বক নিজৰ বহতীয়া কৰিব খোজা এক নতুন চীন৷

বেইজিং চহৰৰ মাজেৰে গৈ গৈ প্ৰায় ডেৰঘণ্টা মানৰ পাছত আমাৰ গন্তব্য স্থান হোটেল বেইজিং ইষ্ট পালোগৈ৷ ৫৫ মহলা হোটেল খনৰ ২২ নম্বৰ মহলাৰ ৰূমটোত যেতিয়া সোমাইছিলোঁগৈ তেতিয়ালৈ প্ৰায় ১৫ ঘণ্টাজোৰা যাত্ৰাৰ অৱসাদে বাৰুকৈয়ে আৱৰি ধৰিছিল৷

■■

চাইনা, চাইকেল আৰু দেশপ্ৰেম ইত্যাদি..

যি কোনো এখন চহৰৰ মাদকতা অথবা কমনীয়তা সেই চহৰখনৰ মাজনিশা আৰু ৰাতিপুৱাবোৰত লুকাই থাকে৷ এয়া মোৰ এক ব্যক্তিগত ধাৰণা যে চহৰ এখনৰ মাজনিশাৰ ৰূপটো দিনৰ বা সন্ধ্যাৰ চহৰখনতকৈ সম্পূৰ্ণ বেলেগ হয় আৰু ঠিক সেইদৰেই পুৱানিশাৰ চহৰ এখনৰ কমনীয়তা বাকীকেইটা প্ৰহৰতকৈ বহু পৃথক হয়৷ সেয়ে পৰা পক্ষত এই দুয়োটা সময়তেই নতুন যিকোনো চহৰত থাকিলে ওচৰে-পাজৰে খোজকাঢ়ি হ’লেও এবাৰ বাহিৰ খন চাই অহাৰ চেষ্টা কৰো৷

সেই মানসিকতাৰেই পুৱা ৫ বজাতে চীনদেশৰ প্ৰথমটো ৰাতিপুৱাৰ বেলি চাবলৈ উঠিছিলো৷ খিৰিকীৰ স্ক্ৰীণখন টানি থোৱা আছিল বাবে বাহিৰত কিমান পোহৰ কিমান আন্ধাৰ একো অনুমান কৰিব পৰা নাছিলো৷ কিন্তু যেতিয়া স্ক্ৰীণখন গুচাই দিলো তেতিয়া বাহিৰ খন দেখি অবাক মানিলো৷ ই কি! পুৱা ৫ বজাতে চেন্নাইৰ পুৱা ৮ বজাৰ লেখিয়াকৈ ৰ’দে চৌ চৌৱাই আছিল৷ অৰ্থাৎ বেইজিঙত হয়তো ৪ মান বজাৰে পৰাই এন্ধাৰ আঁতৰিবলৈ লয়৷ যি কি নহওক হোটেল ৰুমত থকা ইলেকট্ৰনিক কেটলীটোত পানী গৰম কৰি অকণমান চাহ খাই বাহিৰলৈ ওলাই গ’লো৷ চহৰ খনৰ নিয়মীয়া ব্যস্ততা তেতিয়ালৈ লাহে লাহে আৰম্ভ হৈছিল৷ আমাৰ হোটেল খনৰ কাষতেই আছিল “Indigo” বুলি এটা বিশাল শ্বপিং মল৷ তাৰ পৰা অলপ ওলাই গ’লেই আছিল এটা মেট্ৰো ষ্টেশ্বন৷ ষ্টেশ্বনটো দেখি মনতে পাঙিলো এদিন মেট্ৰোত উঠি কোনোবা ফালে এপাক যাব লাগিব৷ মেট্ৰোৰ ষ্টেশ্বনটোৰ গাতে লাগি বেইজিং চহৰৰ প্ৰধান আলিবাট এটা য’ত ব্যস্ততাৰে পাৰ হৈ গৈ আছিল গাড়ী-মটৰ-স্কুটাৰ-চাইকেল ইত্যাদি৷ সেইখিনি সময় ইফাল সিফাল কৰিয়ে দেখিলো বেইজিঙত মানুহে চাইকেল খুব ব্যৱহাৰ কৰে৷ চৰকাৰে চাইকেলৰ বাবে সুকীয়াকৈ প্ৰধান ৰাস্তাৰ লগতে ফুটপাথৰ কাষেদি একোটাকৈ ট্ৰেকো সাজি দিছে য’ত কেৱল চাইকেলহে যায়৷ লগতে বেলেগ বেলেগ ধৰণৰ কোনো ব্ৰেণ্ড নথকা দুচকীয়া বাহন বহুতো দেখিলো যি বোৰত কোনো আড়ম্বৰতা নাই, কিন্তু দৈনিক ব্যৱহাৰৰ বাবে বিৰাটেই সুচল৷ কোনো খনৰ লগত কোনো খনৰ কোনো মিল নাই৷ আমাৰ ইয়াত দুচকীয়া বাহনবোৰ সাধাৰণতে হিৰ’, টি.ভি.এচ. ইত্যাদিৰ কিবা এক সামঞ্জস্য থাকে, কিন্তু সেই সময়ত মোৰ সন্মুখত যিবোৰ দেখিছিলো, তাৰ ইখন সিখনৰ লগত পৃথক আছিল প্ৰায় দিশতে৷ দেখি এনেকুৱা লাগিছিল যেন ফ্ৰেম এটা বনালে নিজৰ মৰ্জ্জি মতে, ডিজেল বা পেট্ৰোল মটৰ এটা লগাই দিলে আৰু দুচকীয়া সাজু!

পিছে ট্ৰেফিক নিয়ম পালনৰ ক্ষেত্ৰত লোকসকলৰ মানসিকতা বেইজিঙতো আমাৰ ভাৰততকৈ কোনো গুণে কম নহয়৷ ট্ৰেফিক চিগনেলত ৰঙা লাইট জ্বলি থকা দেখিও দুই এক চালকে নিজৰ মতেৰেই চিগনেল পাৰ হৈ গুচি যায়, সোঁফালৰ পৰা ঘূৰি গৈ পকাইমেলি বাওঁফাল পাইগৈ ইত্যাদি৷

এইদৰেই অলপ সময় ইফাল সিফাল কৰি হোটেললৈ উভতি আহিলো দিনটোৰ বাবে সাজু হ’বলৈ৷ প্ৰায় আঠমান বজাত চীনদেশলৈ যোৱাৰ আমাৰ প্ৰকৃত উদ্দেশ্য ইণ্টাৰনেশ্বনেল প্ৰিণ্ট ট্ৰেড ফেয়াৰ খনলৈ যাবলৈ সাজু হ’লো৷ দুখন বিশালকাৰ বাছ আমাৰ গ্লোবেল টিমটোৰ বাবে ৰৈ আছিল হোটেলৰ বাহিৰত৷ বাটত যাওঁতে এটা কথা মন কৰিলো প্ৰায় দুই-তিনি কিঃমিঃ মানৰ দূৰে দূৰে ৫০ ৰ পৰা ২০০ খন মানকৈ চাইকেল থকা ষ্টেণ্ড কিছুমান আছে নতুবা কিছুমান চাইকেল থৈ দিয়া আছে৷ কোনো খিনিত ট্ৰেফিক চিগনেলত আমাৰ বাছখন ৰওঁতে দেখিলো মানুহে আহি তাৰ পৰা চাইকেল লৈছে আৰু চলাই লৈ গুছি গৈছে নতুবা আন কোনোবা এজন আহি তাতে চাইকেল থৈছে আৰু তাৰ পৰা গাড়ী বা ট্ৰেইন ধৰিবলৈ গুছি গৈছে৷ গোটেই প্ৰক্ৰিয়াটো দেখি এনে লাগিল যেন চাইকেলবিলাক তাত ফ্ৰীতে থৈ দিয়া আছে আৰু যাৰ মন সিহঁতেই লৈ যাব পাৰে৷ কিন্তু আচল কথাটোনো কি এই বিষয়ে জানিবলৈ মনটো খুঁ-দুৱাই থাকিল৷

প্ৰায় ৪৫ মিনিটৰ মানত আমি বিশ্বৰ প্ৰায় ১৫ খন মান দেশৰ পৰা অহা আমাৰ কোম্পানীৰ প্ৰতিনিধি সকলক লৈ যোৱা বাছ দুখন ট্ৰেড ফেয়াৰ হ’ব লগা ঠাইত উপস্থিত হ’ল গৈ৷ বিশ্বব্যাপি প্ৰিণ্টিং টেকনলজীৰ বাবে হোৱা লেখত ল’বলগীয়া ট্ৰেড ফেয়াৰ সমূহৰ ভিতৰত, জাৰ্মানীত অনুস্থিত হোৱা “দ্ৰুপা” নামৰ ট্ৰেড ফেয়াৰ খনৰ পিছত এই “চ্চাইনা প্ৰিণ্ট” উল্লেখনীয়৷ প্ৰায় ১, ৬০, ০০০ বৰ্গ মিটাৰ এলেকা বিয়পি থকা ট্ৰেড ফেয়াৰ খনত বিশ্বৰ বিভিন্ন দেশৰ প্ৰায় ১, ৩০০ প্ৰিণ্টিং মেচিন নিৰ্মাতাই অংশ লৈছে য’ত দুই লাখৰো ওপৰ আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণকাৰীৰ উপস্থিতি আশা কৰা হৈছে৷ প্ৰধান প্ৰৱেশ দ্বাৰৰ কাষতে কেইখন মান দেশৰ ৰাষ্ট্ৰীয় পতাকা উৰুৱাই থোৱা আছিল৷ ভালকৈ চাই তাত ভাৰতৰ তিনি বৰণীয়া জাতীয় পতাকা খনো উৰি থকা দেখি বুকু খন কিবা ফুলি উঠা যেন ভাৱ হ’ল৷ বৈৰী দেশত স্বদেশৰ পতাকা বতাহত উৰি থকা দেখিলে দেশপ্ৰেমৰ কি এক ভাৱ জাগি উঠে সেয়া বৰ্ণনা কৰিব নোৱাৰি৷

যি কি নহওক দিনটোত বিশ্বৰ বিভিন্নজন লোকৰ লগত কথা বতৰা হ’ল৷ সাধাৰণতে এনে ইণ্টাৰনেশ্বনেল ট্ৰেড ফেয়াৰবোৰ এই কথাটোৰ বাবেই ভাল লাগে যে একঘেমীয়া এক চিন্তাধাৰাৰ পৰা ওলাই আহি মগজুটোক কিছুমান নতুন চিন্তাৰ খোৰাক যোগাব পাৰি৷ মোৰ ব্যক্তিগত লক্ষ্য আছিল চিন দেশৰ ভিতৰৰ বজাৰ খনৰ বিষয়ে বুজ লোৱাৰ৷ যদিও চাইনিজ বেচি ভাগ সহকৰ্মীয়েই ভালকৈ ইংৰাজী ক’ব নোৱাৰিছিল তথাপি দুজনমান সহকৰ্মী লগ পালো যি সকলে সুন্দৰকৈ ইংৰাজীত কথা ক’ব পাৰে৷ তেওঁলোকৰ লগত কথা পাতি এনেকুৱা লাগিল যেন গৰিষ্ঠ সংখ্যক লোকেই তুলনামূলক ভাৱে সহজ সৰল৷ তেওঁলোকে ক’লে ক্ৰমাগত ভাৱে দুৰ্বল হৈ পৰা চীনৰ অৰ্থনীতিৰ কথা, হঠাতে বাঢ়ি যোৱা বনুৱা ভাট্টাৰ কথা, বহু ফেক্টৰী চীন দেশৰ পৰা বাংলাদেশ, ভিয়েটনাম আদি দেশলৈ গুছি যোৱাৰ কথা ইত্যাদি৷ কিন্তু ইয়াৰ মাজতো চীন দেশৰ বজাৰ খন এই বাবেই বৰ্তি আছে যে দেশ খনৰ ঘৰুৱা চাহিদাই বহু বেচি৷ চীন দেশে হয়তো জনসংখ্যাক যোগাত্মক দিশত ব্যৱহাৰ কৰাৰ কিটিপ আমাতকৈ বহু আগতেই আয়ত্ত কৰি লৈছিল৷ সহকৰ্মী সকল বা আন আন আমাৰ প্ৰতিষ্ঠানৰ গ্লোবেল মুৰব্বী সকলে কৈছিল পৃথিৱীৰ ভিতৰতে এতিয়া প্ৰায় সকলোৰে চকু ইণ্ডিয়াৰ ওপৰত৷ ইণ্ডিয়াৰ উন্নতিৰ হাৰ ইউৰোপ বা চীন দেশতকৈও বেগেৰে গতি কৰিছে বৰ্ত্তমান সময়ত৷ এই কথোপকথন সমূহত সঘনে উচ্চাৰি হোৱা এটা নাম আছিল “Mr. Modi”. “Mr. Modi is doing great things for India” etc. etc. যি মান যি নহ’লেও, ৰাজনীতিৰ লগত দুৰ-সূদুৰলৈকে কোনো ব্যক্তিগত সম্পৰ্ক নাথাকিলেও নিজৰ দেশ খনৰ প্ৰধানমন্ত্ৰীজনৰ নাম যেতিয়া বিশ্বৰ বাকী দেশ সমূহৰ লোকৰ মুখত সন্মানেৰে লোৱা শুনিবলৈ পাওঁ, বুকুখন কিবা এফুটমান ফুলি যায়৷ ২০১২ চন মানৰে পৰাই বিভিন্ন অফিচিয়েল কামত পৃথিৱীৰ বহু কেইখন দেশ ভ্ৰমণ কৰাৰ সৌভাগ্য হৈছে৷ কিন্তু আগতে প্ৰায়ে সুধিছিল আন দেশবোৰত “Who is the PM of India now”? কিন্তু ২০১৪ চনৰ পৰা শ্ৰীযুত নৰেন্দ্ৰ মোডীয়ে কাৰ্য্যভাৰ লোৱাৰ পিছত যিমানবাৰ বিদেশলৈ গৈছো, আমি সেই প্ৰশ্নৰ সন্মুখীন হ’ব লগীয়া হোৱা নাই৷ উত্তৰ দিবলগীয়া হৈছে আন এটা প্ৰশ্নৰ হে – “How Is Mr. Modi doing”?

চীনলৈ যোৱাৰ আগতে সঘনাই শুনিবলৈ পোৱা আন এটা সম্ভাৱ্য সমস্যা আছিল “চীন দেশৰ খাদ্য”৷ সকলোৱে কৈছিল তাত কেঁচু, সাপ, ভেকুলী আদি নোহোৱাকৈ কোনো খাদ্যই পোৱা নাযায়৷ চিন্তা আমাৰো হৈছিল৷ কেঁচু-সাপ খাই দহদিন কেনেকৈ জীয়াই থাকিম! সেয়ে বেগ ভৰ্ত্তি কৰি লৈ গৈছিলো সহজে ৰান্ধি খাব পৰা পেকেট ফুড্ কিছুমান৷ ট্ৰেড ফেয়াৰ হোৱা ঠাইত অৰ্থাৎ দুপৰীয়া সাঁজৰ বাবে খোৱাৰ আহুকাল হ’ব বুলি তথাপিও এটা মনতে ভাৱ আছিল৷ কিন্তু তাত গৈ দেখিলো পিজ্জা হাট, ডমিন’জ, কে.এফ্.চি. আদি সকলোৱেই উপলব্ধ৷ লগতে আমাৰ আয়োজক সকলেও একোখন কেণ্টিনৰ ব্যৱস্থা কৰিছে৷ সিজোৱা কবি, ভাত, সিজোৱা চ্চিক্কেন, কেঁচা মাছ(অলপ সিজোৱা), গৰুৰ মাংস, গাহৰিৰ মাংস সকলো বেলেগ বেলেগ কৈ সজাই থৈ দিছিল৷ প্ৰত্যেক দিনাই বেলেগ বেলেগ ধৰণৰ মেনু ও থোৱা হৈছিল৷ আমি হ’লো ভাত খোৱা মানুহ৷ ভাত একাঁহী নিমখ তেল দি দিলেও সুখী৷ গতিকে সেই ফালৰ পৰা ভাতৰ লগত চ্চিক্কেন-সিজোৱা কবি আদিৰে দিনৰ সাঁজ সোৱাদ পূৰ্ণই আছিল বুলিব পাৰি৷ স্বীকাৰ কৰিব লাগিব, এদিন বাদ দি, বাকী কেইদিন চ্চিক্কেণখিনিৰো জিভাত লগাকৈ জুতি এটা আছিল বুলিব পাৰি৷

দিনটোৰ সেই সকলো আলোচনা, নতুন লোকৰ লগত চিনাকি আদি পৰ্ব্বৰ মাজতে মই সুধি উলিয়াবলৈ সক্ষম হৈছিলো চীন দেশৰ চাইকেলৰ কাহিনীতো৷ আমি ভবাৰ দৰেই চাইকেল বোৰ ভিন ভিন ঠাইত থৈ দিয়া হয়৷ কিন্তু সেয়া বিনামূল্যে ব্যৱহাৰ কৰিব নোৱাৰি৷ চাইকেল সমূহ নিয়ন্ত্ৰণ কৰে কিছুমান ব্যক্তিগত প্ৰতিষ্ঠানে৷ এইটো চীনদেশৰ এটা নতুন “Start-Up Concept”. আমাৰ দেশত অ’লা, উবাৰ আদিৰ দৰেই চীন দেশত চাইকেলো ভাড়াত ল’ব পাৰি৷ এই ধাৰণাটোৰ জন্ম দিলে চীন দেশৰ উবেৰ টেক্সীৰ পৰা অব্যাহতি লোৱা ভূতপূৰ্ব সঞ্চালক এজনে৷ চাইকেল বিলাক ব্যৱহাৰ কৰিবৰ বাবে এটা মোবাইল এপ আছে৷ চাইকেল খনত এটা বিশেষ তলা লগোৱা থাকে আৰু চিটত এটা “Bar-Code” অথবা QR Code থাকে৷ মোবাইলৰ সেই বিশেষ এপ্লিকেশ্বনট খুলি কেমেৰাৰে চাইকেলৰ সেই ক’ডটো স্কেন কৰিলে মোবাইললৈ চাইকেলৰ তলা খুলিব পৰা নাম্বাৰটো আহি যায় আৰু যিকোনো লোকেই চাইকেল খন ব্যৱহাৰ কৰিব পাৰিব৷ ভাড়াও একেবাৰে ন্যূনতম যিটো নিজে নিজেই মবাইল এপ্লিকেশ্বনৰ একাউণ্টৰ পৰা গুচি যাব৷

কথাতো বিৰাট সহজ যেনেই লাগিছিল৷ বাছ ষ্টেণ্ড বা ৰেলৱে ষ্টেচনৰ পৰা ঘৰলৈ যাবলৈ যিকোনো লোকে ব্যৱহাৰ কৰিব পাৰে চাইকেল খন৷ প্ৰদূষণো কমিল, স্বাস্থ্যৰ বাবেও ভাল৷ চাইকেলবোৰ ট্ৰেক কৰিব পৰাকৈ প্ৰতিখন চাইকেলত একোটা জি.পি.এচ. ডিভাইছ সংলগ্ন কৰি থোৱা আছিল আৰু সেইটো চলাবলৈ এখন সৰু চ’লাৰ প্লেট চাইকেলৰ সন্মুখ ভাগত আছিল৷ চৰকাৰে তৈয়াৰ কৰি দিয়া চাইকেলৰ বাবে সুকীয়া ৰাস্তা আৰু ব্যক্তিগত খণ্ডই সুচল কৰি দিয়া চাইকেলৰ উপলবদ্ধতাই চাইকেলৰ এই ব্যৱসায়টোক এক ভাবিব নোৱাৰা পৰ্যায়লৈ লৈ গৈছে চীন দেশত৷ গোটেই চীন দেশত এই চাইকেল ভাড়া দিয়া ব্যৱসায়টোৰ বছৰি ব্যৱসায় ৫০০ মিলিয়ন আমেৰিকান ডলাৰ অৰ্থাৎ প্ৰায় ৩০০০ কোটি টকা! প্ৰথম শুনি উচপ খাই উঠিছিলো যদিও পিছত বুজিছিলো সেইয়াই হৈছে চীন দেশৰ জনসংখ্যা তথা ঘৰুৱা বজাৰৰ চাহিদা৷ কিন্তু এই চাইকেল ভাড়া দিয়া ব্যৱস্থাই কিছুমান চহৰত ৰাতিটোৰ ভিতৰত অসংখ্য চাইকেলৰ আৱিৰ্ভাৱ হৈ চৰকাৰ তথা প্ৰশাসনক কিছু দোমোজাতো পেলাইছে বুলি চাইনাৰ সহকৰ্মী সকলৰ মুখত শুনিছিলো৷

এয়াই নে মই ভাবি থকা ৰঙা চীন? কমিউনিষ্ট চীন? মাও চে টুঙৰ চীন? আমাৰ দেশত যদিও এতিয়া চাইকেল চলোৱাৰ মানসিকতা এটা গঢ়ি উঠিছে, কিন্তু তাৰ বাবে প্ৰয়োজন হোৱা আন্তঃগাঁথনি যেনে চাইকেলৰ বাবে সুকীয়া ৰাস্তা আদিৰ এতিয়াও আমাৰ দেশত বাৰুকৈয়ে অভাৱ৷ কেৱল এই ক্ষেত্ৰতেই নহয় প্ৰায় সকলো ক্ষেত্ৰতেই ভাৰত দেশৰ আন্তঃগাঁথনি পৃথিৱীৰ বাকী দেশ সমূহৰ লগত তুলনা কৰিলে বহুযোজন পিছপৰা৷
■■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.