হিচাপ – অমিতাভ মহন্ত

হিচাপ – অমিতাভ মহন্ত

হিচাপ – অমিতাভ মহন্ত

by June 16, 2017 0 comments

টকাৰ হিচাপত হিমাংশুৰ কেতিয়াও খেলিমেলি নালাগে৷ মানিবেগত আঠঅনাৰ খেলিমেলি হ’লেও তাৰ চকুৰ পৰা সাৰি যাব নোৱাৰে৷ অতিমাত্ৰা হিচাপী বুলি তাৰ সামান্য এটা বদনামো নথকা নহয়৷ অৱশ্যে এনে ধৰণৰ কথাৰ প্ৰতি সি সামান্যতমো গুৰুত্ব নিদিয়ে৷ আজিৰ এই যুগত হিচাপ ঠিকে নাথাকিলে জানো টিকি থাকিব পাৰি?

আজি পিছে কি হৈ গ’ল সি ধৰিবই পৰা নাই৷ এতিয়া মগজুটোৱেই কাম নকৰাত পৰিছে৷ মেজিকখনত ভাড়াটো দি নমাৰ পিছত তাৰ মানিবেগৰ হিচাপটো হ’ব লাগিছিল এনে ধৰণৰ-
এখন পাঁচশ টকীয়া, তিনিখন এশ টকীয়া, দুখন পঞ্চাশ টকীয়া, এখন বিশ টকীয়া আৰু আঠখন দহটকীয়া নোট৷ লগতে চাৰিটা দুটকীয়া আৰু পাঁচটা এটকীয়া মুদ্ৰা৷ মুঠ এক হাজাৰ তেৰ টকা৷ কিন্তু নাই, হিচাপ খেলিমেলি৷ মানিবেগত আছে এক হাজাৰ সোতৰ টকা৷ অৰ্থাৎ দুটা দুটকীয়া মুদ্ৰা বেছি আছে!! কি ঝেং কাৰবাৰ৷
কপালখনত বিন্দু বিন্দু ঘাম বিৰিঙি উঠিছে৷ ক’ৰপৰা আহিল চাৰি টকা? পিছে চাৰি টকাৰে আজিৰ যুগত কিনো পায়৷ উহু, কথা চাৰি টকাৰ নহয়৷ টকা বেছি কম থকা লৈ নহয়৷ কথা হৈছে, এনেকৈ হিচাপ খেলিমেলি কেনেকৈ হ’ব পাৰে? নিজকে দুই চৰ দিবলৈ মন গ’ল তাৰ৷ আজি চাৰি টকা বেছি৷ কাইলৈ যদি চাৰিশ টকা কম ওলায়? বুকুখন হমহমাই গ’ল৷
ৰাতিৰ খোৱা পৰ্ব আজি সোনকালেই সামৰিব লগা হ’ল৷ বাচন ধুই মেলিয়েই সি টেবুলত বহি ল’লে৷ ডায়েৰী, ৰেইনল্ড পেন আৰু কেলকুলেটৰ লৈ বহি গৈছে সি৷ আজি হিচাপ বাহিৰ নকৰাকৈ তাৰ টোপনি নাহে৷
**
নিশা দুই বাজিছে৷ প্ৰচণ্ড বিৰক্তিত আধাখোৱা চিগাৰেটটো দলিয়াই দিলে সি৷ চিগাৰেটোৱেই আজি তাক আমেজ দিব পৰা নাই৷ চাৰি টকা!! ধেমালি নেকি? কৰপৰা আহিব পাৰে!
বিভ্রান্ত হৈ পৰিছিল হিমাংশু৷ শেষ উপায় হিচাপে কেলেণ্ডাৰত থকা মা কালীৰ ফটোখনৰ শৰণাপন্ন হ’ল৷
“হে মা, এইবাৰলৈ বচাই দিয়া৷ পাগল হৈ গৈছোঁ৷ হিচাপটো মিলাই দিয়া৷ শপত খাইছো, কাইলৈ তোমাৰ মন্দিৰৰ দান পাত্ৰত এই চাৰিটকা জমা কৰি দিম৷ কেৱল মোক হিচাপটো দিয়া৷ এই চাচপেঞ্চ লৈ মৰি থাকিম মা!!
**
ৰাতিপুৱা প্ৰায় চাৰিটা বাজিছে৷ হিমাংশুৱে খকমককৈ সাৰ পালে৷ মগজুত এটা কিক্ আৰু লগে লগে মগজুৱে কাম কৰা আৰম্ভ কৰিলে৷ আজি দুপৰীয়া কেন্টিনত নিৰামিষ থালি খাইছিল৷ ইয়েচ্ ইয়েচ্, লগত এক্সট্ৰা পাপড়৷ কিন্তু বিল দিয়াৰ সময়ত তালুকদাৰে পাপড়ৰ বিল কাটিবলৈ পাহৰিলে৷
সমস্যা শেষ হ’ল জানো? উহু, চাৰি টকা বেছিৰ পৰা এইবাৰ এক টকা কম৷ দাস হাৰ্ডৱেৰৰ কেলেণ্ডাৰৰ মা কালীলৈ এসোপা বিৰক্তি নিক্ষেপ কৰিলে সি৷
**
ৰাতিপুৱাই আহি এই দৃশ্য৷ মূৰে কপালে হাত দি বহি আছে পঞ্চানন শৰ্মা৷ বিশ বছৰ ধৰি এই কালীমন্দিৰৰ পুৰোহিত হৈ আছে শৰ্মা৷ কিন্তু এনে কাণ্ড আজিলৈ কেতিয়াও হোৱা নাই৷ ৰাতিপুৱাই আহি দেখে মন্দিৰৰ দানপাত্ৰৰ তলা ভঙা৷ টকাৰ পৰিমাণ দেখি লগা নাই যে চুৰে চোৰ কৰিবলৈ আহিছিল৷ দানপাত্ৰৰ বাহিৰত ওলমি আছে এখন চিঠি৷
“শৰ্মাবাবু, মাথা মাৰি লাভ নাই৷ মাক জনাব, এগ্ৰিমেন্ট মতে এক টকাটো নিলোঁ৷ ডেফিচিট কম্পেনচেটেড্৷ মাক পাৰিলে বুজাব, টকাৰ পৰিমানটো জৰুৰী নহয়, জৰুৰী হৈছে হিচাপটো মিলি থকা৷
টেনচন হৈছে নেকি? চিন্তা নকৰিব৷ মায়ে গোটেই কেচটো জানে৷
ইতি,
■■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.