ছাতি – দীপজ্যোতি গগৈ

ছাতি – দীপজ্যোতি গগৈ

ছাতি – দীপজ্যোতি গগৈ

by June 16, 2017 0 comments

নন্দিনী বৰুৱাৰ প্ৰিয় বস্তুবোৰৰ ভিতৰত ছাতি অন্যতম৷ আচলতে নন্দিনী বৰুৱাক যি সকল লোকে চিনি পায়, তেওঁলোকে গম পায় নন্দিনী বৰুৱাৰ ছাতি প্ৰীতিৰ কথা!
স্কুলৰপৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়লৈকে, এই সূদীৰ্ঘ পৰিক্ৰমাত ছাতিটো নন্দিনী বৰুৱাৰ অভিন্ন সংগী হৈ পৰিল৷ বজাৰ কৰিবলৈ যাওঁতে হওক অথবা বান্ধৱীৰ ঘৰলৈ যাওঁতেও নন্দিনী বৰুৱাৰ হাতত ছাতিটো থাকেই৷ সেয়ে পিছলৈ বন্ধু-বান্ধৱীসকলেও তাইক ছাতি বুলি মতা হ’ল৷ প্ৰথমতে নন্দিনী বৰুৱাই খং কৰিছিল, কিন্তু পিচলৈ খং নকৰা হ’ল, ভিতৰি ভিতৰি নন্দিনী বৰুৱাই আমোদহে পোৱা হ’ল৷
ক্লাচ চেভেনত পঢ়ি থাকোতে এবাৰ নন্দিনী বৰুৱাক কোলাত লৈ মৰম কৰাৰ চলেৰে গাত হাত ফুৰোৱা সম্পৰ্কীয় মলয় খুড়াক হাতৰ ছাতিটোৰে প্ৰহাৰ কৰাৰ পিছৰপৰাই তাইৰ ছাতি প্ৰীতিৰ জন্ম হ’ল বুলিও নন্দিনী বৰুৱাই নভবা নহয়৷
“ঐ ছাতি, নোটচখিনি লিখা হ’ল নাই তোৰ? “ ৰাস্তাতে এদিন প্ৰণামীয়ে চিঞৰি মাতিছিল৷ কাষত ৰৈ থকা নন্দিনী বৰুৱাৰ মাকে ঘোপাকে জীয়েকলৈ চাই পঠিয়াইছিল৷ ৰাস্তাৰ কাষত জুম বান্ধি থকা ডেকা কেইটাই খুকখুকাই হাঁহি দিছিল৷ পিছলৈ সন্ধিয়া যেতিয়া নন্দিনী বৰুৱাই ৰাস্তাটোৰে ঘৰলৈ খোজ দিছিল, আন্ধাৰৰ মাজে মাজে তাইৰ কাণত উফৰি পৰিছিল ’ছাতি, ছাতি ছাতি’৷
“মোৰ কেতিয়াবা এনে লাগে, মোতকৈ যেন ছাতিটোক হে তুমি বেছি ভালপোৱা৷ “
নাহৰজোপাৰ তলতে এদিন অনিৰুদ্ধ মহন্তই নন্দিনী বৰুৱাক কৈ উঠিছিল৷ তাৰ দুবছৰৰ পিছত এদিন সেই ঠাইতে অনিৰুদ্ধ মহন্তই সম্পৰ্ক শেষ কৰাৰ কথা কৈছিল৷ অনিৰুদ্ধৰ কথা কেইষাৰ শুনি নন্দিনী বৰুৱাই হাতত লৈ থকা ছাতিটো সেইদিনা জোৰেৰে খামুচি ধৰিছিল৷ ইয়াৰ পিছত বিশ্ববিদ্যালয়লৈ কনভ’কেচনৰ বাবে আহোতে নন্দিনী বৰুৱাই কিছুসময় নাহৰ জোপাৰ তলত আহি থমকি ৰৈছিল, সংগী হিচাপে আছিল ছাতিটো৷
“কেতিয়াবা বৰষুণতো অলপ তিতিব চোন, বহাগৰ প্ৰথমজাক বৰষুণত তিতাৰ মাদকতাই বেলেগ“, সহকৰ্মী যতিন চেতিয়াই এদিন অফিচ কেণ্টিনতে নন্দিনী বৰুৱাক কৈ উঠিছিল৷
কবিতা লিখা যতিন চেতিয়াৰ কথা কেইটা শুনি নন্দিনী বৰুৱাই সেইদিনা মিচিকিয়াই হাঁহি দিছিল৷ তাইৰ ছাতি প্ৰীতিৰ কথা যুৱ কবিৰো চিন্তাৰ কাৰণ হ’ব বুলি তাই ভবা নাছিল৷
“এই গেলা গৰমতো বাছবোৰত মানুহৰ ইমান ভিৰ! ইফালে বেংকলৈ ন’গলেও নহয়৷ মূৰৰ ওপৰত জেঠমহীয়া ৰ’দ৷ ক’তো গছৰ ছাঁ অলপ পাবলৈ নাই! “
বাছৰ বাবে ৰৈ থকা বৃদ্ধজনৰ কথা কেইষাৰ নন্দিনী বৰুৱাৰ কাণত পৰিল৷ হাতত লৈ থকা ৰুমালখনেৰে বাৰে বাৰে মুখৰ ঘাঁম মচি থকা মানুহজনলৈ নন্দিনী বৰুৱাই হাতত লৈ থকা ছাতিটো আগবঢ়াই দিলে৷
ছাতিটো হাতত লৈ বৃদ্ধই কিবা এটা ক’ব খুজিও ৰৈ ৰ’ল৷ কেতিয়াবা নীৰৱতাই বহু কথা কৈ যায়৷ সেইদিনা নন্দিনী বৰুৱাৰ মুখত জিলিকি ৰোৱা হাঁহিতো অইন দিনাতকৈ পৃথক আছিল৷

■■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.