সাধুকথাৰ কুঁকিত পাৰ হোৱা আমাৰ শৈশৱ আৰু আজিৰ শিশু – গীতিকা শইকীয়া

সাধুকথাৰ কুঁকিত পাৰ হোৱা আমাৰ শৈশৱ আৰু আজিৰ শিশু – গীতিকা শইকীয়া

সাধুকথাৰ কুঁকিত পাৰ হোৱা আমাৰ শৈশৱ আৰু আজিৰ শিশু – গীতিকা শইকীয়া

by June 16, 2017 0 comments

সৰুতে দেউতাই জোনাক নিশা চোতালত ঢাৰি পাৰি লৈ আমাক, মানে মোক, খুৰাৰ ল’ৰা-ছোৱালীবোৰক সাধু কথা শুনাইছিল৷ সেয়া আছিল ৰজা-মহাৰজাৰ পৰা দেও-ভূত তথা জোন-বেলি, গছ-লতালৈ অলেখ অযুত সাধুৰে জল্পনা-কল্পনাৰ এক অন্যন্য পৃথিৱী৷ জোনাক বিধৌত সেই সন্ধিয়াবোৰলৈ আমি অতি আগ্ৰহেৰে বাট চাই ৰৈছিলো৷

মহান ন্যায়পৰায়ণ ৰজা ৰামচন্দ্ৰ তথা সীতাৰ কাহিনী শুনি যেনেকৈ চকুলু বৈছিল, তেনেকৈ চিৰকুমাৰ ভীষ্মৰ প্ৰতিজ্ঞাৰ কথা শুনি অবাক হৈছিলো৷ ভূতৰ ভয়ংকৰ সাধু শুনি ভয়ত বিতত হৈ দেউতাৰ বুকুত কুচি-মুচি সোমাইছিলো৷ কিন্তুু মনলৈ কাহানিও অহা নাছিল অথবা ভৱাই নাছিলো যে সেই কথাবোৰ, সাধুবোৰ তথা সাধুবোৰৰ চৰিত্ৰবোৰকলৈ কিবা প্ৰশ্ন থাকিব পাৰে বুলি! বৰঞ্চ সেই কাহিনীবোৰৰ পৰা পোৱা নৈতিক শিক্ষাই ডাঙৰ হৈ অহাৰ সময়ছোৱাত বহুক্ষেত্ৰত সহায়হে কৰিছিল বুলি ভাবি আহিছো৷ সেয়ে মনতে ভাৱ এটা ৰাখিছিলো যে মোৰ ল’ৰা-ছোৱালীকো এনেবোৰ সাধু কম৷ সেয়ে ডাঙৰ ল’ৰাটিৰ পাঁচ-ছয়বছৰমান হোৱাৰ পাছৰ পৰা মই সৰুকালতে শুনা সাধুবোৰ তথা পাছত নিজেও পঢ়া ’ ’বুঢ়ি আইৰ সাধু’ ’ টিংকল, চন্দ্ৰমামা ইত্যাদিৰ সাধুকথাবোৰ মনতে জুঁকিয়াই লৈছিলো ক’ম বুলি৷ কিন্তুু ৰামায়ণৰ কাহিনী কোৱাৰ পাছত ল’ৰাৰ যি প্ৰশ্নবাণৰ সন্মুখীন হ’লো যে এতিয়া যিকোনো কিবা সাধু ক’বলৈ যোৱাৰ আগত বহু চিন্তা-চৰ্চা কৰিব লগীয়া হয়৷

ৰামায়ণৰ সাধু কৈ গৈ আছো, ৰাম যে কিমান ভাল ৰজা আছিল, কিমান পিতৃ-মাতৃভক্ত আছিল তথা ন্যায়পৰায়ণতাৰ কথাবোৰ যিমান পাৰি সহজ-সৰলকৈ তথা শুনি ভাল লগাকৈ কৈ গৈ আছিলো৷ সি শুনি আছিল আগ্ৰহেৰে, মোৰো ভাল লাগি গৈছিল৷ অলপ দেৰীৰ পাছত টোপনি যোৱা বাবে সেইদিনালৈ এৰিলো৷ তাৰ পাছদিনা শুবলৈ গৈ সিয়েই মনত পেলাই দিলে, ’মা, কিংগ ৰামৰ সাধুটো কোৱা…’ আগদিনা এৰাৰ পৰা আৰম্ভ কৰিলো… সেইদিনাও ঠিকেই গ’ল… সি শুলে… এনেদৰে কেইদিনমান যোৱাৰ পাছত লক্ষ্মণে সূপৰ্নখাৰ নাক কটাখিনি পালোগৈ৷ তাৰ আগতে ৰামৰ লগত বনবাসলৈ সীতা আৰু লক্ষ্মণ যোৱা কথাটো সি খুব ভাল পালে৷ লগে লগে কৈয়ো দিলে যে সিও তাৰ ভায়েকক খুব মৰম কৰিব আৰু কেতিয়াও তাৰ লগ এৰা নিদিয়ে৷ কিন্তুু লক্ষ্ণণে সূপৰ্নখাৰ নাক কটাটোক সি সহজভাৱে ল’ব নোৱাৰিলে৷ ’চ’ ক্ৰুৱেল’… তাৰ তাত্ক্ষণিক মন্তব্য৷ লগে লগে প্ৰশ্ন, ’নাক কটা যোৱাৰ পাছত সূপৰ্ণখাই কেনেকৈ উশাহ লৈছিল বাৰু…’

তাৰপাছত যেনিবা ৰাৱণে সীতাক অপহৰণ কৰাৰ কথাটোক লৈ অলপ কোমল হ’ল৷ কিন্তুু ৰাৱণে সীতাক লংকাত লৈ যোৱাৰ পাছত কোনো বেয়া ব্যৱহাৰ নকৰাটোৰ কথা কৈ আকৌ লক্ষ্ণণক দোষ দিলে৷ মই ভাৱি-চিন্তি যিমান পাৰি কাহিনীৰ পৰা মাৰা-কটা আদি হিংসাত্মক কথাবোৰ বাদ দি কাহিনীটো চমুৱাই আনিলো৷ কিন্তুু সীতাৰ অগ্নিপৰীক্ষাৰ কথা শুনি ল’ৰাই বৰ দুখ পালে৷ আৰু বিশ্বাসো কৰিব খোজা নাই৷ ’ফায়াৰে বাৰ্ণ কৰে, মানুহ কেনেকৈ জীয়াই থাকিব…’ মই আকৌ চমুৱাবলৈ চালো৷

পাছত ভাবিলো অলপ চাই-চিতিহে ক’ব লাগিব৷ প্ৰয়োজন হ’লে আৰু নকওঁ বুলিও ভাবিলো৷ পিচে শুবলৈ গৈ সি আকৌ জেদ ধৰিলে পাছৰখিনি ক’বলৈ৷ এইখিনিতহে ডাঙৰ পয়মাল হ’ল৷ সন্তানসম্ভৱা সীতাক বনবাসলৈ পঠোৱাৰ কথা শুনি তাৰ বৰ খং উঠিল৷ ’মা, তুমি কেনেকৈ কৈছা যে ৰাম এজন ভাল ৰজা আছিল৷ তেওঁ দেখোন নিজৰ ৱাইফকে ট্ৰাষ্ট নকৰে৷ এনিমিয়েও দেখোন প্ৰেগনেণ্ট লেডীক মাৰ্চি কৰে…. চ’ ৰাম ৱাজ নট এ গুড কিং…মই আৰু নুশুনো এই সাধু…’ এইখিনিতে উল্লেখ কৰিব খোজো যে তাৰ চাৰিবছৰ বয়সত মোৰ দ্বিতীয় সন্তানটি হৈছিল৷ মই কৈছিলো সৰু কেঁচুৱা পেটত থাকিলে ভগৱানে সকলো সময়তে সহায় কৰে৷ শত্ৰুৱেও একো অপকাৰ নকৰে৷ সেয়ে সি তাৰ সেই কথাখিনি মনত পেলাইছিল৷

মই চেষ্টা কৰিলো বুজাবলৈ যে মানুহক বুজাবৰ বাবে এনে কৰাটো ৰামে উচিত বুলি ভাবিছিল ছাগৈ! কিন্তুু তাৰ যুক্তিৰ আগত মই একো নোকোৱাটোৱেই ভাল হ’ব বুলি ভাবিলো৷

তেতিয়া সৰু ল’ৰাটিৰ বয়স প্ৰায় দুবছৰ৷ কেইদিনমানৰ পাছত দুপৰীয়াৰ সময়ত ডাঙৰটো স্কুলৰ পৰা অহাৰ পাছত দুয়োটাকে বিছনাত থৈ মই কাষতে বহি কিবা কাম কৰি আছিলো৷ ডাঙৰটোৱে সৰুটোক ক’বলৈ ধৰিলে, ’মই তোমাক এটা সাধু ক’ম৷ সাধুটো ভাল সাধু নহয়৷ কিন্তুু আমি সাধুটো মনত ৰাখিব লাগিব, চ’ আই এম গয়িং টু টেল ইউ…’ তাৰপাছত ৰামায়ণৰ সাধুটো ক’বলৈ ধৰিলে… মই আচৰিত… সিটো একেবাৰেই ভাল পোৱা নাছিলে৷ কিন্তুু কিয় কৈছে….

সি খুব সোণকালেই মই কোৱা প্ৰায় সকলোখিনি কৈ শেষ কৰি ভায়েকক ক’বলৈ ধৰিলে, ’প্ৰাঞ্চু, ৰাম এজন বৰ বেয়া ৰজা আছিল৷ মই নেজানো মায়ে কিয় ৰামক ভাল ৰজা বুলি কৈছিল…কিন্তুু ৰামৰ দৰে যদি আমাৰ দেউতাই মাৰ লগত কৰে আমি দেউতাক কেতিয়াও ফৰগিভ নকৰোঁ….৷ কেতিয়াও একচেপ্ত নকৰোঁ….৷

মই কি কোৱা উচিত বাৰু….

(বি দ্ৰঃ) বৰ্তমান চাৰে নবছৰীয়া আৰু চাৰে পাঁচ বছৰীয়া মোৰ দুয়োটা ল’ৰাই এতিয়া শুদ্ধকৈ অসমীয়া ক’ব পৰা হৈছে৷ এইবাৰ’অকণিৰ ক-খ’খনো গোটাই লৈছো, শিকাবলৈ৷ উপৰোক্ত লিখনিত ল’ৰাই কোৱা কথাবোৰ তাৰ প্ৰকাশভংগীৰ বাবেহে তেনেদৰে ইংৰাজীত ৰখা হৈছে৷ )

■■

’ভীষ্মৰ কথাৰে… মহাভাৰতৰ ইটো-সিটো….আৰু শ্ৰীকৃষ্ণ’

ৰামায়ণৰ সাধু কোৱাৰ সময়ছোৱাতে মাজে মাজে ল’ৰাক মহাভাৰতৰ কাহিনী, বিশেষকৈ ভীষ্মৰ কাহিনীও ক’বলৈ লৈছিলো৷ ভীষ্ম এজন পিতৃ-মাতৃভক্ত, বিদ্বান তথা মহাপৰাক্ৰমী ব্যক্তি ইত্যাদি বিশদভাৱে কৈ গ’লো৷ ৰামায়ণৰ ক্ষেত্ৰত ল’ৰাৰ মনত সোমোৱা তিক্ততাপূৰ্ণ মনোভাৱলৈ লক্ষ্য ৰাখি যিমান পাৰি সাৱধানেৰে কোৱা ভীষ্মৰ কাহিনী ল’ৰাৰ ভাল লাগিল৷ অৱশ্যে ৰজা শান্তনুক বেয়া বুলি ক’বলৈ হ’লে নেৰিলে৷ তথাপিও ভীষ্মৰ কাহিনী শুনিবলৈ মাজে মাজে আব্দাৰ ধৰে, মই কওঁ৷ লাহে লাহে শ্ৰীকৃষ্ণৰ বিষয়ে ক’বলৈ ধৰিলো৷ খুব স্ফূৰ্তি পাইছিল৷ চব ঠিকেই আছিল৷ কিন্তুু তেনে সময়তে ষ্টাৰ প্লাছত পুনৰ নিৰ্মিত ’মহাভাৰত’ খন দিবলৈ ধৰিলে৷ এই ’মহাভাৰত’খনত কৃষ্ণ চৰিত্ৰটোৰ সংলাপখিনি মোৰ খুব ভাল লাগিছিল৷ সেই সংলাপখিনি মূলতে ’গীতাপুথি’ৰ উক্তি আছিল৷ উল্লেখ কৰিব খুজিছো মই এতিয়ালৈকে পঢ়া সকলোবোৰ কিতাপৰ ভিতৰত ’গীতা’খন মোৰ সবাতোকৈ প্ৰিয়৷ এই পুনৰ নিৰ্মিত ’মহাভাৰত’খন কেৱল কৃষ্ণৰ সংলাপখিনিৰ বাবেই চাইছিলো৷ ইতিমধ্যে শ্ৰীকৃষ্ণৰ বিষয়ে শুনি ল’ৰাইয়ো ’মহাভাৰত’ চাই ভাল পোৱা হ’ল৷ মযো ভাবিলো, অনবৰতে কাৰ্টূনেই চাই থাকে, গতিকে অলপ সময় ’মহাভাৰত’ চালে একো নহয়৷ পিচে মাজে মাজে পাণ্ডৱৰ লগত দূৰ্যোধনে কৰা অন্যায়বোৰ দেখিলে মন বেয়া কৰে৷ আচৰিতো হয়, ভীষ্ম ইমান বীৰ, তথাপিও কিয় দূৰ্যোধনক বাধা নিদিয়ে! অৱশ্যে মাৰা-কাটাবোৰো সি বেয়া পায়৷ সেইসময়ত আঁতৰি যায় প্ৰায়েই৷ উল্লেখযোগ্য যে সি কাৰ্টূনত কাৰোবাক মাৰা তথা অত্যাচাৰ কৰিলেও নাচায়৷ জটুগৃহত পাণ্ডৱক মাৰি পেলাবৰ বাবে কৰা চক্ৰান্ত দেখি সি কান্দি পেলাইছিল৷ মই কৈছিলো মহা শক্তিশালী ভীমে বচাব, তথা ভগৱান শ্ৰীকৃষ্ণই সহায় কৰিব৷ শ্ৰীকৃষ্ণই পাণ্ডৱক সহায় কৰাখিনি দেখিলে সি আনন্দত আত্মহাৰা হৈ পৰে৷

মই ভাবিবলৈ ধৰিলো দ্ৰৌপদীৰ বস্ত্ৰ হৰণৰ সময়ত তাক মহাভাৰত চোৱাৰ পৰা আঁতৰাই ৰাখিব লাগিব৷ কিন্তুু মোতকৈ আগতে সিয়েই সদায় মনত পেলাই দিয়ে, – ’মা, চাৰে আঠটা হল, মহাভাৰত দিব এতিয়া, আহা…’

অগত্যা চাবলগীয়াত পৰোঁ৷ ভাবিলো দেখা যাওক সিনো কেনেকৈ লয় কথাখিনি..৷ দ্ৰৌপদীৰ বস্ত্ৰ হৰণ পৰ্ব আৰম্ভ হোৱাৰ কেইদিনমানৰ আগৰ পৰা সেই ’ছিন’বোৰ ’প্ৰম’ হিচাবে বাৰে বাৰে চেনেলবোৰত, বিশেষকৈ সৰু লৰা-ছোৱালীৰ চেনেলবোৰতো দিবলৈ ধৰিলে৷ তাকে দেখি সি সুধি থাকে মোক, – ’মা, দ্ৰৌপদীৰ ড্ৰেছ কিয় খুলিছে… ইমান বেয়া কথা…’

মই সদায় ল’ৰাদুটাক কৈ আহিছো, বুজাবলৈ চেষ্টা কৰিছো যে মাকবোৰক, ছোৱালীবোৰক সদায়েই সন্মান কৰিব লাগে৷ লগৰ ছোৱালীবোৰক কোনো কথাতে বেয়া ব্যৱহাৰ নকৰিবলৈ, বেয়া কথা নক’বলৈ কৈ থাকো৷ লগতে এইবুলিও কৈ থৈছো যে যদি কেতিয়াবা সিহঁতে ছোৱালীবোৰক লৈ বেয়া কথা কয় তেন্তে সেয়া মোক বেয়া ব্যৱহাৰ কৰাৰ দৰে হ’ব৷

’মহাভাৰত’ৰ এই দ্ৰৌপদীৰ বস্স্ৰ হৰণ পৰ্ব চোৱাৰ পাছত মোৰ ল’ৰাই ৰজা-মহাৰজাৰ কাহিনী, সাধু আদি শুনিবলৈ একেবাৰে বেয়া পায়৷ আটাইতকৈ বেয়া পাইছিল ভীষ্মক৷ মই সদায়ে কৈছিলো ভীষ্ম এজন মহান ব্যক্তি আছিল৷ কিন্তুু ল’ৰাৰ কথা হ’ল যে ভীষ্মই এগৰাকী ’লেডী’কেই সহায় নকৰিলে, তেওঁ কেনেকৈ ভাল মানুহ হ’ব! তাৰ মতে ভগৱান শ্ৰীকৃষ্ণ সঁচাকৈয়ে ভাল ভগৱান৷ কাৰণ তেওঁ সকলোকে সহায়েই কৰিছে৷ তাকে কৰিবলৈ কৃষ্ণই বেয়া কামো কৰিছে, কিন্তুু তথাপিও ভাল মানুহক সহায় কৰিছে৷

ভীষ্ম সম্পৰ্কে ল’ৰাৰ যুক্তি শুনি মই পুনৰ ভাবিবলৈ চেষ্টা কৰিছো সঁচাকৈয়ে ভীষ্ম বাৰু মহান আছিল নে! নিজ পিতৃক দিয়া বচন ৰক্ষা কৰাটো ইমান বেছি গুৰুত্বপূৰ্ণ আছিল, নে এখন ৰাজসভাত চূড়ান্ত অপমানেৰে দগ্ধ হ’বলৈ ধৰা এগৰাকী নাৰীক সহায় কৰাটো বেছি উচিত বুলি ভবাৰ থল নিশ্চয়কৈ থাকি যায়৷ কেৱল নিজৰ নামত চেকা নলগাবলৈ নিৰ্লিপ্ত হৈ তলমূৰ কৰি বহি থকাটোত এতিয়া মই ভীষ্ম চৰিত্ৰটিৰ মাজত কোনো মহানতা বিচাৰি নাপাওঁ৷

এতিয়া বাৰে বাৰে ’মহাভাৰত’ৰ দ্ৰৌপদীৰ বস্ত্ৰহৰণ কাণ্ড, পাঁচজন স্বামীৰ লগত জীৱন-যাপন কৰা নাৰী দ্ৰৌপদীৰ অন্তৰ্দ্বন্দ্ব, দেৱতাৰ ঔৰষত কুন্তীৰ সন্তান জন্মৰ কাহিনী, সদায় উপেক্ষিত অভিমুন্যুৰ মাতৃ সুভদ্ৰা চৰিত্ৰটোৰ কথা, তথা ৰামায়ণৰ সীতা, আৰু লক্ষ্মণৰ উপেক্ষিতা পত্নী উৰ্মীলাৰ কথা, ৰাৱণৰ পত্নী মন্দোদৰীৰ কথা ভাবিলে মন বৰ ব্যথিত হয়৷ আকৌ পঢ়িবলৈ মন যায় সেই খণ্ডবোৰ৷ নতুনকৈ ভাবিবলৈ মন যায় সেই চৰিত্ৰবোৰৰ মনৰ ব্যথাৰ কথা….৷ অনুভৱ হয় মহান ৰচকদুজনে ৰচি যাওঁতেও বোধহয় অনুভৱ কৰিছিল যে এই নাৰী চৰিত্ৰখিনিৰ প্ৰতি ক’ৰবাত অন্যায় কৰা হৈছে৷ সেয়ে হয়তো শেহান্তৰত সেই চৰিত্ৰবোৰক একো একোগৰাকী মহান, মহীয়শী নাৰীৰ মৰ্যাদাৰে ৰখোৱা হ’ল যাতে যুগ-যুগান্তৰ ধৰি মানুহে তাকেই অনুসৰণ কৰি যাব পাৰে৷ এয়াটো ভীষণ অন্যায়!

সৰুতে দেউতাই এই কাহিনীবোৰ কৈ যাওঁতে এনে ধৰণৰ ভাৱবোৰ মনলৈ কেতিয়াও অহাই নাছিল৷ কেৱল শুনিছিলো আৰু বুজিছিলো যে সদায় সততাৰে থাকিব লাগে৷ তাতোকৈ বেলেগ কিবা মনলৈ অহাই নাছিল৷

মোৰ ল’ৰাৰ কৌতূহলপূৰ্ণ প্ৰশ্নবোৰে মোক এই কথাবোৰ নতুনকৈ ভাবিবলৈ বাধ্য কৰালে৷ সঁচাকৈয়ে পৰিস্থিতি, পৰিবেশ, বয়স আৰু অভিজ্ঞতাই আমাক বহুত কথা শিকায়৷

 

■■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.