শেষ পত্ৰ – কল্যাণী দত্ত

শেষ পত্ৰ  – কল্যাণী দত্ত

শেষ পত্ৰ – কল্যাণী দত্ত

by June 16, 2017 0 comments

আই অ’ তই বেজাৰ নকৰিবি
মই তোক এৰি আহিলোঁ আই..
মই যে নিৰুপায় !
তই চিঠিখন পঢ়ালৈ মই বিলীন হৈ যাম মহাকাশত ….
হয়তো পুলিচ আহিব আম জোপাৰ তললৈ, কোনোবাই কাটি দিব ৰচীডাল
আৰু তোৰ মূৰত হয়তো কোনোৱে
তেল- পানী দিব…
সান্ত্বনা দিব তোক –
” আওমৰণে মৰাৰ সঁচ ,
এইবোৰৰ বাবে নো কান্দেনে?
বুঢ়ী মাকজনীৰ কথা এবাৰ নাভাবিলে !”
আই , তইতো জান’ই মই যে নিৰুপায় !
তোক সময়ৰ হাতত গতালোঁ ,
কুশলে থাকিবি ..মই তোৰ ছাঁটো হৈ তোৰ কাষতে থাকিম ; সংগোপনে ;
আনে গম নোপোৱাকৈ ।
মাথো মোৰ শৰীৰটো দাহ কৰিবি আই
মানুহৰ কথা নুশুনিবি ।
ডাক্তৰলৈ ভয় লাগে ..
পোষ্টমৰ্টেমৰ নামত সিহঁতে মানুহবোৰ
টুকুৰা টুকুৰ কৰে ..
সিহঁত শ কটা মানুহ ; হৃদয়হীন ।।
আই অ’ ৰমেশ কাইৰ দোকানৰ পৰা
ৰচীডাল মইয়েই কিনি আনিছিলোঁ
পিয়নচৰা ছাগলী পোৱালীটো
বান্ধিম বুলি ।
বিধিৰ বিপাক চাচোন আই ..
সেই ৰচীডালৰ হাততেই মোৰ প্ৰাণ যায় ।
হ’ব দে আই ; মই গুচি গ’লে
তই এদিনহে কান্দিবি..
নহ’লে যে তই ওৰেটো জীৱন লাঞ্ছনাকেই সহিবি ।।
সমাজে তোক লেই লেই , চেই চেই কৰিলে মইনো কোন সতে জীয়াই থাকিম আই !
তই যে মোৰ কলিজাৰ আই
তোৰ বাদে মোৰ কোনোৱেই নাই ।
সিদিনা হাটৰ পৰা সন্ধিয়া ওভটাৰ পথত উদণ্ডকেইটাই মোৰ দেহাটো চুৱা কৰি যায় ….
চিঞৰো বুলিও মোৰ মাতটো
ৰৈ ৰৈ যায় ….
আই অ’ মোৰ বুকুখন বৰকৈ বিষায় ।
বচাবলৈ যে মোৰ ভাই ককাই
কোনো নাই ।
আঙুলিৰ মূৰত দিন গণি গণি
তোৰ চকু কোটৰত সোমায় ..
মোৰো পেটতে হাত ভৰি লুকাই ;
ভাগ্যে কথাটো কোনেও ভূ পোৱা নাই ।
আই ; মালতী বুঢ়ীৰ পৰা তই আনি দিয়া ঔষধ পালিয়েও একো কামেই
কৰা নাই।
মালতী বুঢ়ীৰ ফটা মুখ ;
কথাবোৰ গাঁৱত ৰজনজনাই …
সূৰ্যৰ মুখত সোপা দিবলৈ
আমাৰ দেখোন এসোপা
টকা পইচা ও নাই….
কি সতেৰেনো জীয়াই থাকোঁ মই আই !
দুখ নকৰিবি আই ….
অহা জনমত পুৰুষ হৈ জনম ল’ম
তোৰ গৰ্ভতে এধানি ঠাই দিবিনে আই ?
এই জনমলৈ চিৰবিদায় ।।

■■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.