শৈশৱ, বৰষুণ আৰু ইটো- সিটো – ইন্দিৰা গোস্বামী

শৈশৱ, বৰষুণ আৰু ইটো- সিটো – ইন্দিৰা গোস্বামী

শৈশৱ, বৰষুণ আৰু ইটো- সিটো – ইন্দিৰা গোস্বামী

by June 16, 2017 0 comments

১৷ আমাৰ গাওঁখনৰ নাম বুঢ়াপতিয়া গাওঁ৷ আজি কিছুবছৰৰ পৰা গাওঁখনৰ নামটোৰ পৰিৱৰ্তন হৈ নাম হ’ল কামপুৰ ২নং ৱাৰ্ড৷ মোৰ দাদা আৰু ভণ্টিক বাদ দি মোৰ পঢ়াশালিৰ দিনবোৰ পাৰ হৈছিল গাঁৱৰ মূৰতে থকা প্ৰাইমেৰী স্কুলখনত৷ প্ৰণতি আৰু কিচিৰি নামৰ বনকৰা ছোৱালী দুজনীৰ লগত মই, মুনু, বেবি, অৰূপ, মৃদুল, ববিতা, মণি আটাইবোৰ স্কুললৈ যাওঁ৷ ৰাস্তাৰ কাষৰ আমলখি, পৰামলখি, বগৰী, বিলম্বি আদি বতৰৰ ফলবোৰ বুটলি মেলি স্কুল পাওঁগৈ৷
আমি কেতিয়াবা খালি ভৰিৰেও স্কুললৈ গৈছিলোঁ৷ বিশেষকৈ বৰষুণৰ দিনবোৰত৷ শিলগুটি দিয়া ৰাস্তাটোৰ দুই এঘৰৰ পদূলিমুখ বৰষুণৰ দিনবোৰত ইমানেই পিচল হৈছিল যে আমি ৰাস্তাৰ কাষৰ তাতিবোৰত ধৰি খুপি খুপি পাৰ হৈছিলোঁ৷ আমাৰ গাওঁখনৰ কাষেৰেই বৈ গৈছে কপিলী নদীখন৷ ঠিক কপিলীৰ দলংখন পোৱাৰ আগে আগে সোঁহাতে আমাৰ গাওঁখন৷ গাঁৱলৈ সোমাই যোৱা ৰাস্তাটোৰ সেইখিনি বিৰাত গড়া৷ বৰষুণৰ দিনবোৰত আমি সেই গড়াৰে বৈ অহা পানীৰ সৰু সৰু সূতিবোৰেৰে খোজ কাঢ়ি মেইন ৰাস্তাত উঠিছিলোঁ আৰু সেই ৰাস্তাটো পাৰ হৈয়েই আমি পঢ়া স্কুলখন৷
ব্ৰজবাইদেউ, জানেকী বাইদেউহঁতৰ মৰম আৰু শাষনৰ মাজেৰেই চাৰিটা বছৰ সেইখন স্কুলত পঢ়ি পাছত অলপ দূৰৈৰ আন এখন স্কুলত পঢ়িবলৈ যাওঁ৷
২৷
এই সময়ছোৱাত তগৰবোৰ ফুলি গোটেইখন জকমকাই উঠে সুবাসটোৰ কথা নকলোৱেই যেনিবা৷ সেইসময়ত ঘৰৰ সকলো কাম বনত প্ৰয়োজন হোৱা পানীবোৰ দমকলৰ পৰাই লোৱা হৈছিল৷ কুঁৱা এটাও আছিল সেইটোৰ ভিতৰখন চাবলৈ হ’লে আমি মুঢ়া নাইবা চকীত উঠি লৈছিলোঁ৷ টিঙপাত দুখনেৰে কুঁৱাটো সদাই ধাকি থৈছিল৷ আইতাই কৈছিল কুঁৱাটোৰ পানী খিনি ব্যৱহাৰৰ অনুপযোগী আছিল৷ আজিৰে পৰা ১২ বছৰমান আগতে আমাৰ সেই কুঁৱাটো পুতি পেলোৱা গ’ল৷
এনেকুবা দিনবোৰত পকা তামোলবোৰ ফালি চোতালত মেলি দিয়ে চুপাৰি বনাবৰ বাবে৷ এই বৰষুণ, এই ৰ’দ মাহঁতৰ হাহাকাৰ লাগে৷ কেতিয়াবা শুকাই খোলাটোৰ পৰা উঠি অহা তামোলবোৰ ঘৰৰ ডাঙৰবোৰৰ সৈতে মিলি আমিও গুচাও৷ পাছে আমাক কটাৰীৰ পৰিৱৰ্তে চামুচ এখনেৰে সেই কামটো কৰিবলৈ দিছিল৷ কঁঠালৰ গুটি, মিঠা আলু মায়ে পাকঘৰ সামৰি আহোঁতে চৌকাৰ চাইত সোমুৱাই থৈ আহে আৰু পাছত আমি সেইবোৰ খাওঁ৷
বৰষুণ আহিলেই আমাক কৰিবলৈ দিয়া কামবোৰৰ ভিতৰত এটা আছিল কলপাৰৰ পৰা আনি ডাঙৰ ডাঙৰ বাল্টিবোৰ নাওৰাৰ তলত পাতি দিয়া৷ সেই পানীবোৰ বৰষুণ পৰি থকা দিনত কোনোবা আহিলে ভৰি ধোৱা কামত আৰু কেতিয়াবা ৰাতি ভাতখোৱা বাচনবোৰ ধোৱাৰ কামটো মাক ব্যৱহাৰ কৰা দেখিছিলোঁ৷
বৰষুণৰ পৰিলে পাকঘৰ, গোঁসাইঘৰৰ পানীবোৰ পাছফালৰ বাৰীলৈ আৰু মূলঘৰটো, ভঁড়াল আৰু গোহালিৰ পানী আগফালৰ বাৰীলৈ বৈ গৈছিল৷ পদূলিৰ পৰা ঘৰলৈ সুমুৱাই অহা দীঘল ৰাস্তাটোত ডাঙৰ বৰষুণ দিলে পানী জমা হৈছিল৷ আমি বৰষুণ এৰাৰ পাছত সেই পানীত নামি খুব উৎপাত কৰিছিলোঁ৷ কাগজৰ নাও বনাই উটুৱাইছিলোঁ৷ কেতিয়াবা কেতিয়াবা সেই পানীত দুই এজনী কাৱৈ মাছো পোৱা গৈছিল৷
বৰষুণৰ পানীৰে ঘৰৰ সমুখৰ পুখুৰীটো ভৰ্তি হৈছিল৷ দেউতাই মালেক কাইক কৈ তাত মাছৰ পোনা মেলিছিল৷ বৰষুণৰ পাছত ৰ’দ ওলালে সেই মাছবোৰ জাক পাতি পুখুৰীটোত ঘূৰি ফুৰিছিল৷ এই মাছবোৰ অলপ ডাঙৰ হোৱাৰ পাছত আমাৰ ডাঙৰ পুখুৰীটোলৈ লৈ যোৱা হৈছিল৷
আমি সৰু থাকোঁতে গধূলি হ’লেই কাৰেণ্ট নুহোৱা হৈছিল৷ পঢ়া টেবুলত লেমৰ ফিতা বঢ়াই কমাই মাৰ ভাত হোৱালৈকে সময়খিনি ফাঙফুঙকৈ পাৰ কৰিছিলোঁ৷ সেমেকা বাহিৰত তেতিয়া ভেকুলীবোৰে সমস্বৰে গীত জুৰি থাকিছিল৷ বৰষুণজাক ৰৈ ৰৈ পৰি থাকিছিল৷

■■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.