টাৱাং, এনফিল্ড ইত্যাদি… (উজ্জ্বল দিপ্লু গগৈ)

টাৱাং, এনফিল্ড ইত্যাদি… (উজ্জ্বল দিপ্লু গগৈ)

টাৱাং, এনফিল্ড ইত্যাদি… (উজ্জ্বল দিপ্লু গগৈ)

by June 16, 2017 0 comments

চে-লা পাচ! ! ভৌগোলিক আৰু ঐতিহাসিক দুয়োটা দিশৰেপৰা বিখ্যাত এই চেলা পাচ৷ প্ৰায় ১৩, ৭০০ফুট উচ্চতাৰ এই গিৰিপথটো পৰ্য্যটক আৰু দু:সাহসিক ক্ৰীড়াপ্ৰিয় লোকসকলৰ বাবে অন্যতম আকৰ্ষণৰ ঠাই৷ স্থানীয় ভাষাৰ মতে ’লা’ মানে হৈছে গিৰিপথ৷ পশ্চিম কামেং আৰু টাৱাং জিলা দুখনক পৃথক কৰা চে-লা বছৰৰ বেছিভাগ সময়তে বৰফাবৃত হৈ থাকে৷ সাগৰপৃষ্ঠৰ বহু ওপৰত থকাৰ বাবে চে-লাত সঘনাই বৰফ পৰে৷ BROৰ জোৱানসকলক বছৰৰ সকলো সময়ৰ বাবে সেই স্থানত নিয়োজিত কৰি ৰখা হৈছে৷ স্ন’ফল নতুবা ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰা ৰাস্তা ড’জাৰ লৈ তেওঁলোকে জনসাধাৰণৰ বাবে মুকলি কৰি ৰখাৰ অহোপুৰুষাৰ্থ কৰে৷ যিকোনো ধৰণৰ বিপদত পৰা যাত্ৰীক তৎক্ষণাত সকলো ধৰণৰ সহায় তেওঁলোকে আগবঢ়ায়৷

চে-লা পাচৰ ৰাস্তাটো গ্ৰীষ্মকালীন সময়ত বছৰৰ আন সময়তকৈ বহু পৰিমাণে মুকলি থাকে৷ গছ-গছনিৰ ভিতৰত প্ৰধানত: সৰলজাতীয় গছ আৰু সৰু জোপোহা ঘাঁহেৰে অঞ্চলটিৰ বহু অংশ আবৃত৷ জীৱ-জন্তুৰ ভিতৰত নোমাল য়াক আৰু জোৱানবিলাকৰ কেম্পত থকা কুকুৰবিলাকক পোৱা যায়৷ পাৰম্পৰিকভাৱে স্থানীয় বৌদ্ধ ধৰ্মাৱলম্বী মনপা লোকসকলৰ বাবে চে-লা হ্ৰদটি এটি পবিত্ৰ হ্ৰদ৷ চে-লা হ্ৰদটি সেই স্থানত থকা সৰ্বমুঠ ১০১টা হ্ৰদতকৈ আয়তনত বৃহৎ আৰু ই টাৱাং নদীৰ উপনদী নুৰাৰাংৰ লগত সংযোজিত৷ ঐতিহাসিক কাৰণতো চে-লা পাচে বিশেষ তাৎপৰ্য্য কঢ়িয়াই লৈ ফুৰিছে৷ ১৯৬২ৰ চীনা আক্ৰমণৰ সময়ত ভাৰতৰ বীৰ জোৱান যশৱন্ত সিং ৰাৱাটৰ আখ্যান সৰ্বজনবিদিত৷ কথিতমতে চেলা আৰু বুমলা নামৰ দুগৰাকী নাৰীয়ে যশৱন্ত সিঙৰ বাবে যুদ্ধৰ সময়ত খাদ্যৰ যোগান ধৰিছিল৷ বিশাল চীনা বাহিনীৰ বিপক্ষে যশৱন্ত সিঙে অকলেই কৰা গেৰিলা যুদ্ধ মাথোঁ এইদুগৰাকী নাৰীৰ সহায়ৰ বাবেহে কিছু পৰিমাণে হ’লেও সফল হৈছিল বুলি জনবিশ্বাস৷

সকলোধৰণৰ সাৱধানতা অৱলম্বন কৰি আৰু লগতে মনৰ দৃঢ়তাক আৰু দৃঢ় কৰি আমি চে-লাৰ গেটেৰে টাৱাং জিলাত সোমাই পৰিলোঁ৷ গ্ৰুপটোৰ একেবাৰে সন্মুখত দিশানদা আৰু শেষত আইচেং আছিল৷ মোৰ স্থানটো আইচেঙৰ ঠিক আগত আছিল৷ দিশান দাৰ বাইকখন ব’মডিলাত বেয়া হোৱাৰ বাবে এৰি আহিছিলোঁ সেইবাবে তেখেতে ৰাইডাৰ পুলক ৰাভাক পিলিয়ন হিচাপে ৰাখি তেওঁৰ বাইকখন চলাইছিল৷ বৰফৰ ওপৰত প্ৰথমবাৰৰ বাবে বাইক চলাইছিলোঁ; অনভ্যস্ত হোৱাৰ বাবে খোপনি নোৰোৱা হ’ল৷ ২০০মিটাৰমান সোমাইছোঁহে মাত্ৰ; আগলৈ চাওঁতেই দেখিলোঁ দিশান দা আৰু পুলক দা বাইকৰপৰা পিছল খাই বৰফত বাগৰি পৰিল৷ লৰালৰিকৈ তেওঁলোক উঠি বাইকখনৰ পেট্ৰলৰ চাবিটো বন্ধ কৰি বাইকখন থিয় কৰালে৷ খন্তেক সময়তে সন্মুখত আৰু দুজনমানক বাইকৰপৰা বাগৰি পৰা দেখিলোঁ৷ বাইকবোৰ ৰখাই এজনে আনজনক উঠাবলৈ গৈ থকা মন কৰিছোঁহে মাথোন, মোৰ নিজৰেই বাইকৰ কণ্ট্ৰ’ল হেৰাই বাইকৰপৰা চিটিকি পৰিলোঁ৷ বাইকখন একতীয়াকৈ পৰি ৰ’ল৷ পাছৰপৰা আইচেঙে নিজৰ বাইকখন ৰখাই লৈ দৌৰি আহি মোৰ বাইকখন উঠাই দিলেহি৷ চক্ খাই বুকুৰ ধপধপনি বাঢ়ি গৈছিল৷ উশাহ ল’ব পৰা নাছিলোঁ৷ মুখখন মেলি জোৰেৰে উশাহ টানিবলৈ লৈছিলোঁ৷

বৰফৰ ওপৰত বহি বহিয়েই বাকীবোৰলৈ চালোঁ, প্ৰায়বিলাকেই পৰিছে৷ ভুলবিলাক সকলোৰে একেধৰণৰ আছিল৷ ভৈয়ামত বাইক চলাই আমাৰ হাতবিলাক ব্ৰেক আৰু ক্লাচডাল ধৰাত অভ্যস্ত হৈ পৰিছিল৷ অভ্যাসগতভাৱে আমাৰ হাতবিলাকে ব্ৰেকডাল ধৰি পাইছিল আৰু ফলস্বৰূপে চকাকেইটা স্থিৰ হৈ লগে লগে বাইকখন পিছলি গৈছিল৷ তেনেধৰণেই আমি এবাৰ পৰি আনবাৰ উঠি বাইকবোৰ লৈ আগবাঢ়িলো৷ যিমানবাৰেই পৰোঁ আমি সকলোৱেই সিমানবাৰেই মনত ভাবিছিলোঁ ’আৰু নপৰোঁ’৷ দিশান দাৰ বাইকখনত পিলিয়নৰ সৈতে আগবাঢ়িবলৈ যথেষ্ট দিগদাৰ হৈছিল সেয়েহে পুলক দাই নিজেই বাইকৰপৰা নামি বৰফৰ ওপৰত বাট বুলিবলৈ লৈছিল৷ পুনৰ আগবাঢ়ো, আকৌ পিছলোঁ; কোনোবা পৰে আৰু আন কোনোবাই খোপনি পুতি ৰৈ যায়৷ আমাৰ বাইক যথেষ্ট হোৱাৰ বাবে সৰুকৈ ট্ৰেফিক জাম লাগি গৈছিল চে-লাৰ মাজত৷ বিশেষকৈ আৰ্মীৰ শক্তিমান ট্ৰাকবিলাক আৰু টাটা চুমুবিলাক উপায়হীন হৈ ৰৈ দিছিল৷ আমাৰ কাষে কাষে জোৱানবিলাক থকাৰ বাবে যথেষ্ট সাহস পাইছিলোঁ৷ দুই-এজনে ধমক দিছিল বৰফত বাইক লৈ অহাৰ বাবে কিন্তু আন কেইজনমানে উৎসাহ দিছিল ’জৱানী কা জৌশ’ বুলি কৈ৷ বৰফৰ তৰপটো যথেষ্ট আছিল৷ দুই-এডোখৰ ঠাইত বৰফ গলি বোকা হৈ বেছি বিপদজনক হৈ আছিল৷

এঘণ্টামান তেনেদৰে অহাৰ পাছত মনতে ভাবিলোঁ ’বহুত দূৰ পাৰ হ’লো চাগৈ’৷ আমি পাৰ হৈ অহা চেলাৰ গেটৰ দিশলৈ থকা মাইলপষ্ট এটা দেখিলোঁ, বৰফৰ মাজত আধা ওলাই আছে৷ সেইসময়ত গাড়ী এখনৰপৰা কোনোবা এজনে তাত উঠি ফটো প’জ দিবলৈ গ’ল৷ বৰফবোৰ চাফা কৰি প’জ দিওঁতেহে দেখা পালোঁ চেলা, ৪কিমি বুলি লিখা আছে৷ বাৰেবিংকৰা শব্দ কেইটামান মুখেৰে ওলাই আহিল ’অথনিৰে পৰা মানে আমি অকল ৪কিমিহে আহিলোঁ অৰ্থাৎ এই বৰফৰ মাজত যশৱন্তগড় পাবলৈ আৰু ১৬ কিমি বাকী আছেই!

আমি ৰৈ গৈছিলোঁ সেই ঠাইখিনিৰে পাক এটাত; সন্মুখত জোৱানসকলে ৰাস্তাৰপৰা বৰফ আঁতৰাই আছিল৷ সৰু দোকান দুখন আছে চে-লাৰ সেইটো অঞ্চলত৷ হঠাৎ দেখা পালোঁ খোজ কাঢ়ি গৈ থকা পুলক দা দোকানখনৰপৰা হাতত মম’ প্লেট এখন লৈ ওলাই আহি দিশান দাক সুধিছে ’দাদা এই ঠাণ্ডাত অলপ মম’ আৰু ৰাম হৈ গ’লে কেনে হয়? ’ বৰফৰ মাজত ৰৈ থকা আমাৰ আটাইকেইজনে কথাটো শুনি চক্ খাই তেওঁলৈ চালোঁ৷ তেওঁ থতমত খাই আমাক ক’লে ’ধেমালি কৰিছোঁ দাদা আপোনালোকক’৷ এইখিনিতে কোৱা বাহুল্য যে পুলক দা আমাতকৈ বয়সত ডাঙৰ আছিল যদিও তেখেতে সকলোকে কৰা আপুনি সম্বোধনে আমাৰ মনবোৰ চুই গৈছিল৷

ৰাস্তা মুকলি নোহোৱাৰ বাবে ভালেমান সময় বাইকৰ ওপৰতে বহি থাকিলোঁ৷ লাহে লাহে অনুভৱ কৰিলোঁ মোক Acute Mountain Sicknessয়ে পাইছে৷ উশাহ লোৱাত কষ্ট পোৱা, মূৰৰ বিষ, চকুৰে জলকতবক দেখাটো Acute Mountain Sicknessৰ প্ৰধান লক্ষণ৷ ৰাজীৱ দা ওচৰলৈ আহি মোক পানী অলপ দিলেহি, মুখত দিয়াৰ পাছত ক্ষন্তেক সময়ৰ বাবে আৰাম পালোঁ কিন্তু অলপ পাছতেই অনুভৱ কৰিলোঁ মোৰ মগজুৱে অৱচেতনভাৱেহে কাম কৰি আছে৷ আইচেঙে গম পাইছিল মোৰ কিবা হৈছে; সি দৌৰি আহি মোক ’উজ্জ্বল ঠিকে আছ নাই জাতীয় কিবা কৈছিলহি৷ মোৰ প্ৰায় চেতনা নাইকিয়া হৈছিল; পাছত মোক সকলোৱে কৈছিল মই বোলে অলসভাৱে মূৰটো ডাঙি সন্মুখলৈ আঙুলিয়াই দি কৈছিলোঁ ’স্ন ব্লাইণ্ডনেচ মই একো দেখা নাই’ আৰু লগে লগে বাইকৰ টেংকিত মূৰটো পেলাই শুই দিছিলোঁ প্ৰায় ১০মিনিটমান সময়৷ লাহে লাহে সুস্থ অনুভৱ কৰি মূৰ দাঙি বহিলোঁ, কাষলৈ চাই দেখিলোঁ প্ৰায়কেইটা লগৰে মোক আগুৰি ৰৈ আছে৷

আইচেঙে গালি দিলে চানগ্লাছ নিপিন্ধাৰ বাবে৷ শশাংকই কামোৰ দিলে ’গগৈয়ে দেখোন বৰফৰ মাজত শুই থাকোঁতেও নাক বজাই বে্ ’৷ দলজিতে কৈছিল ’গগৈৰ গাত নেপোলিয়নৰ তেজ আছে; নেপোলিয়নেও হেনো যুদ্ধৰ মাজত ৫মিনিট সময় পালেও শুই লৈছিল৷ ’ ক্ৰমাৎ সুস্থ হোৱাৰ পাছত গম পালোঁ বৰফৰ অতিপাত বগা বৰণে চকু চাঁট মাৰি ধৰাৰ বাবে চকুৰে একো নেদেখা হৈছিলোঁ৷ এইবাৰ চানগ্লাচখন পিন্ধি ল’লো৷

ইতিমধ্যে ৰাস্তাটোৰপৰা জোৱানসকলে বৰফ আঁতৰাইছিল৷ আমাৰে কোনোবা এটাই পাছৰপৰা চিঞৰিছিল ’আব্বে আজিৰপৰা চুটি কাপোৰ পিন্ধি বৰফত ডেঞ্চ কৰা ভিডিঅ’ নাচাওঁ ব্বে…চব্ চাল্লা ভুল কনচেপ্ত…ফটোত দেখিবলৈহে বৰফ ভাল…বাপ্পা ঐ এনেহেন মৰঠাণ্ডাত নাচকহিচোন, চাম কেনেকৈ নাচে’৷ আকৌ আমাৰ থুপুক-থাপাক যাত্ৰা আৰম্ভ হ’ল ধুপুচ-ধাপাচকৈ পৰি; কিন্তুু এইবাৰ পৰোঁতে আমিবোৰ অলপ চালাক হৈ উঠিছিলোঁ, পৰিম বুলি গম পোৱাৰ লগে লগে বাইকখন হেলনীয়া কৰি আমি কাষলৈ জাঁপ মাৰি দিয়া আৰম্ভ কৰিলোঁ৷ জাঁপ মাৰি মাৰি অনুমান কৰিলোঁ বেয়া নালাগে দেখোন বৰফত থুপুককৈ পৰিবলৈ৷ ঠিক তেনেতে ৰাইডাৰ মনীষে পাছৰপৰা চিঞৰিলে ’আঁতৰি দে’৷ ৰাইডাৰ ৰাকেশ আৰু মই বাইক দুখন কাষলৈ নি ৰখালোঁ৷ বলেৰ’ এখনে কমেও 20-30 কিমি/ঘণ্টাত আহি আমাক পাৰ হৈ ব্ৰেক মাৰিলেহি৷ ক্ষণিকৰ কপালত দুৰ্ঘটনা নহ’ল গাড়ীখনৰ; প্ৰায় ১৮০ডিগ্ৰী ঘূৰি গাড়ীখন ৰৈ গ’ল৷ জোৱানকেইজনমান আহি ড্ৰাইভাৰক বাৰুকৈয়ে ধমক দিলে৷ ক্ৰমাৎ বৰফৰ তৰপ কমি আহিছিল ঠায়ে ঠায়ে আৰু তাৰ ঠাই লৈছিল পানী, বোকা আৰু সৰু শিলবোৰে৷

পানীৰ পিয়াহ লাগিছিল; মোৰ লগে লগে আহি থকা ৰাইডাৰ ৰাজীৱৰ ওচৰতো পানী নাছিল৷ কোনোবা গাড়ীৰপৰা পানী খুজিম বুলি অলপ সময় ৰৈ দিওঁতেই আমাৰ আগত এখন টাটা চুমো আহি ৰৈছিলহি৷ গাড়ীখনৰ ভিতৰৰপৰা এজুম মানুহে আমালৈ আচৰিত ধৰণেৰে চাই ৰৈছিল আৰু ড্ৰাইভাৰজনে চিঞৰিছিল ’ক’ৰ আপোনালোক; তেজপুৰ নে গুৱাহাটীৰ? ’ গুৱাহাটীৰ বুলি ক’বলৈও সেইটো সময়ত ডিঙি শুকাই আছিল৷ পানী আছেনেকি বুলি সোধোঁতেই গাড়ীত বহি থকা পৰিয়ালটোৱে ড্ৰাইভাৰতকৈও আগতেই পানী বটল বিচাৰি খদমদম লগালে৷ আমাক পানী বটলটো দিয়াৰ উপৰিও Coconut Milkৰ সৰু বটল দুটা আমালৈ আগবঢ়াই দিলে৷ আমি নালাগে বুলি বাৰম্বাৰ কোৱা সত্বেও বয়সস্থ মানুহজনে মৰম মিহলি ধমকিৰে আমাক তেতিয়াই সেইয়া খাবলৈ দি ক’লে ’তুম্হাৰা পিতা কী এজ্ কা হু ম্যে, পী লৌ জল্ডি চে্’৷ তেখেতৰ সেই মৰমসনা ধমকক ভেটা দিয়াৰ ধৃষ্টতা আমাৰ নাছিল; গাখীৰখিনি আমি খাইছিলোঁ৷ পাছৰপৰা আন আন গাড়ীবোৰ আহি থকাৰ বাবে আমি মাত্ৰ অলপ সময়হে পালোঁ কথা পাতিবলৈ৷ তেওঁলোক মাৰাঠী লোক, পুনেত ঘৰ; উত্তৰ-পূব চাবলৈ আহি টাৱাঙৰপৰা ঘূৰি আহি আছিল৷

বিদায় লোৱাৰ অলপ পাছতেই আমি খোজকাঢ়ি গৈ থকা পুলক দাক দেখা পালোঁ, ওচৰ পোৱাৰ লগে লগে তেওঁ ক’লে বোলে কিবাকৈ তেখেত বাচিছে য়াকৰ আক্ৰমণৰপৰা৷ য়াক দেখি ওচৰ চাপি ফটো ল’বলৈ যাওঁতেই য়াকে মুখ মেলি শিং জোকাৰি তেখেতলৈ চোঁচা ল’ব লৈছিল৷ আমি সকলোৱে জোকালোঁ ’আপুনি য়াকৰ লগত ফটো মাৰিব গৈছিল নে চেলফি মাৰিছিল৷ ’

চেলাৰ ৰাস্তাটো বিপদজনক হ’লে কি হ’ব! ফটোগ্ৰাফাৰৰ বাবে যে সেইয়া অন্য এখন স্বৰ্গ৷ আমাৰ গ্ৰুপত থকা প্ৰফেচনেল ফটোগ্ৰাফাৰ হিম কাকতিৰ লগতে দলজিত আৰু শশাংকৰ কেমেৰাৰ চাটাৰকেইখনে ঠাইয়ে ঠাইয়ে বহুতো ধুনীয়া ফটো লৈ গৈছিল৷ মনতে ভাৱ হৈছিল, ’কিয়নো আমি বৰফ চাবলৈ বাহিৰলৈ যাওঁ? পৰ্য্যটনৰ ক্ষেত্ৰত যদি টনকিয়াল কৰোঁ এইয়াই আমাৰ বাবে স্বৰ্গ৷ ’ গ্ৰুপটো তেতিয়ালৈকে কেইবাটাও ভাগ হৈছিল৷ বহুকেইজন আগলৈ ওলাই গৈছিল, কিছুলোক আহি পোৱাহি নাছিল৷ আইচেং আৰু মই ৰৈ দিছিলোঁ সকলো আহি মুকলি ঠাইখিনি পোৱালৈ৷ পুনৰ আগবাঢ়িছিলোঁ; ফাকুৱা আছিল সেইদিনাখন৷ কিছুমান জোৱানে আবিৰ খেলি আছিল৷ আমাকো ৰখাই লৈ তেওঁলোকে আবিৰৰ ফোঁট দিলে৷ অসমীয়া জোৱান কেইজনমানকো লগ পাইছিলোঁ সেই ঠাইতে৷

প্ৰায় ১৫কিমি মান আমি পাৰ হৈছিলোঁ তেতিয়ালৈকে; সময়ো প্ৰায় ৪ঘণ্টামান লাগিছিল৷ জ্যোতিৰ্ময়ৰ বাইকৰ পাচৰ চকা পাংচাৰ হৈছিল; ফুটপাম্পটো উলিয়াই অলপ পাম্প দি জঙলৈকে বাইকখন কেনেকৈ লৈ যাব পৰা যায় দিশান দাই প্ৰেম আৰু জ্যোতিৰ্ময়ৰ লগত তাৰেই আলোচনা কৰিবলৈ ল’লে৷ সকলোটি চেলা পাচ অতিক্ৰম কৰাৰ আনন্দত আত্মহাৰা হৈ আছিলোঁ৷ সকলোৱে নিজৰ অভিজ্ঞতাবোৰ কৈছিল কেনেকৈ বাইকৰপৰা পৰিছিল, কাৰ পাছত চলোৱাৰ বাবে কোনে দিগদাৰ পাইছিল, ৰাইডাৰ ৰাকেশ মণ্ডলে কিদৰে পিয়াহ লগাত পানী নাপাই বৰফ এটুকুৰাকে চোবাই দিছিল, কাক কুকুৰে খেদি আহিছিল ইত্যাদিবোৰ৷ মন কৰিলোঁ পুলক দাই সকলোৰে কথাবোৰ একান্তমনে নিজৰ ম’বাইলত ভিডিঅ’ কৰি লৈছিল৷ সকলোকেইজন ইতিমধ্যে ফটো, চেলফি, ভিডিঅ’ কৰাত ব্যস্ত হৈ পৰিছিল আৰু দুই-এজনে ৰাস্তাৰ কাষৰ বৰফেৰে বল বনাই লৈ গালৈ দলিয়াব ধৰিছিল৷ মই তেওঁলোকলৈ চাই চাই বৰফৰ ওপৰত শুই দিছিলোঁ৷ জীৱনৰ এটা ডাঙৰ হেপাঁহ আছিল, ’বৰফৰ ওপৰত পিঠিখন পেলাই হাত দুখন ওপৰলৈ দাঙি এবাৰ ওলোটা-খৰ দিবলৈ’৷ হেপাঁহ পূৰণ হৈছিল৷

চেলাৰ বাকী অংশ পাৰ হোৱাৰ পাছত যশৱন্তগড় পাইছিলোঁগৈ৷ ৬২ চনৰ যুদ্ধৰ অমৰ জোৱান যশৱন্ত সিং ৰাৱটৰ স্মৃতিত উৎসৰ্গিত যশৱন্তগড়৷ আমি গৈ পোৱাৰ লগে লগে তাত থকা মানুহবোৰে আমালৈ আচৰিত ধৰণে চাবলৈ লৈছিল৷ উনুকিয়াই ৰাখোঁ যে যশৱন্তগড়ত জোৱানসকলৰ দ্বাৰা পৰিচালিত এখন কেণ্টিন আছে য’ত বহুতো বস্তু বিশেষকৈ গৰম কাপোৰ আৰু জোতা-মোজাৰ লগতে চিংৰা আৰু মম’ একেবাৰে কম মূল্যত পোৱা যায়৷ কেণ্টিনৰ বাহিৰত ফ্ৰি গৰম চাহ আৰু ফটফটীয়া খোৱা পানীৰ সুবিধা জোৱানসকলে কৰি ৰাখিছিল৷ বৰফ, বোকা-পানী গছকি অহাৰ পাছত আমাৰ ভৰিবোৰ জঠৰ হৈ পৰিছিল৷ ৱাটাৰপ্ৰুফ হিচাপে ভৰিত পিন্ধি অহা কণ্ডম আৰু হুইচপাৰ পেডেও কাম দিয়া নাছিল৷ জোতা আৰু মোজাবোৰ খুলি কণ্ডম আৰু হুইচপাৰ পেডবিলাক ডাষ্টবিনলৈ দলিয়াই দিলোঁ৷ দুজনমান লোকে চকু থৰ কৰি কাৰবাৰবিলাক চাই ৰৈছিল৷ জোতাৰ ভিতৰৰপৰা বোকাপানীৰ বাহিৰে একো ওলোৱা নাছিল৷ কেণ্টিনত জোতা কম দামতে বিক্ৰী কৰে বুলি গম পাই বুটজোতা-মোজাৰ লগতে আৰু কিছুমান গৰম কাপোৰ কিনি ল’লো৷ সকলোৱে চিংৰা-মম’ৰে ভোক গুচাবলৈ চেষ্টা কৰিছিল৷ দিশান দাই পুলক দাক বাইকৰ পাছত বহাই প্ৰেমক পাংচাৰ হোৱা বাইকখন চলাবলৈ দি জংলৈকে ওলাল যাতে আগতীয়াকৈ গৈ বাইকখন ভাল কৰিবগৈ পাৰে৷ জ্যোতিৰ্ময়ৰ ওচৰত প্ৰেমৰ বাইকখন থাকি গ’ল৷ নিজৰ মাজতে আমি কথা পাতিলোঁ ’অ’ই একেবাৰে বৰফ গলাৰ পাছত ঘূৰি যাম দে’৷

চে-লা পাৰ হৈ আহি সকলো দেশী-বিদেশী পৰ্যটকে যশৱন্তগড়ত জিৰণি লৈছিলহি৷ বহুতো লোকে আহি আমাৰ লগত চেলফি লৈছিলহি আৰু বহুজনে বাইকবোৰত বহি ফটো উঠিছিল৷ নিজকে সেইসময়ত কিবা চেলিব্ৰেটি যেন লাগি গৈছিল৷ IIT, গুৱাহাটীৰ ল’ৰা কেইজনমানক তাতেই লগ পাইছিলোঁ; আটাইকেইজন দক্ষিণ ভাৰতীয়৷ পঢ়ি থকা সময়তে উত্তৰ-পূবখন ভালকৈ ফুৰি লোৱা তেওঁলোকৰ ইচ্ছা৷ কিন্তুু মাউণ্টেইন ৰাইডিংত আহি সম্পূৰ্ণ যোগাৰ নকৰি এনেইয়ে বাইক চলোৱাৰ বাবে বহুত কষ্ট পোৱা বুলি তেওঁলোকে আমাক জনাইছিল৷ এটা কথা ভাল লাগিছিল তাত লগ পোৱা অসমীয়া ড্ৰাইভাৰকেইজনে যথেষ্ট উৎসাহিত হৈ আমাৰ লগত কথা পাতিছিল৷ তেওঁলোকৰ কথাৰপৰা এইটো স্পষ্ট আছিল যে অসমীয়া মানুহে ভ্ৰমণ কৰিব নোখোজে আৰু তাৰ তুলনাত বেংগলী, মাৰাঠী, বিদেশীলোকসকল ভ্ৰমণৰ প্ৰতি কিমান আকৃষ্ট৷ সচাঁ কথা, ভ্ৰমণে অৱসাদ দূৰ কৰে, ভ্ৰমণে মানসিক শান্তি আনে আৰু ভ্ৰমণে অভিজ্ঞতাৰ ভৰাঁল পুষ্ট কৰে৷ আমি অসমীয়াবোৰ যে সেইবোৰৰপৰা কিমান পাছ পৰি আছোঁ…৷ হুমুনিয়াহ এটাৰ বাহিৰে মুখৰপৰা একো নোলাল মোৰ৷

ইতিমধ্যে দিশান দা, প্ৰেম আৰু পুলক দাই জ্যোতিৰ্ময়ৰ পাংচাৰ হোৱা বাইকখন লৈ আগতীয়াকৈ গুচি যোৱাৰ পাছত টীমটো জঙলৈকে লৈ যোৱাৰ দায়িত্ব পৰিছিল আইচেংৰ ওপৰত৷ গৰম চাহ, মম’ আৰু চিংৰা খাই সকলোবিলাক সতেজ হৈছিল৷ আৰ্মী কেণ্টিনৰপৰা কম দামত আমি নতুন গৰম কাপোৰ আৰু জোতা কিনি লৈছিলোঁ৷ তিতি অহা কাপোৰবোৰ সলনি কৰি নিজৰ সুবিধামতে সকলোৱে প্লাষ্টিক বেগত ভৰাই বাইকত বান্ধি লৈছিল৷ আইচেঙে টীমটোৰ দায়িত্ব ল’লে সন্মুখৰপৰা আৰু মই একেবাৰে শেষত৷ যশৱন্তগড়ৰপৰা জঙলৈকে ৰাস্তাটো চে-লাৰ তুলনাত ভাল আছিল৷ ৰাস্তাৰ কাষত কিছু কিছু অংশত বৰফ আছিল, কিন্তু ৰাস্তা সম্পূৰ্ণ মুকলি আছিল৷ চে-লাৰ সেই সুউচ্চ ৰাস্তাৰপৰা আমি তললৈ নামিবলৈ ল’লো৷

বেলি পৰাৰ সময় হৈ আহিছিল; বুজি পাইছিলোঁ আজিও আন্ধাৰ হ’ব টাৱাং গৈ পাওঁতে৷ শাৰী পাতি গৈ থাকোঁতেই হঠাৎ বাইকৰপৰা সন্মুখৰ কোনোবা এজনে দূৰৈৰ পৰ্বতবিলাকলৈ আঙুলিয়াই দিলে; সূৰ্য্যাস্ত আছিল সেইয়া৷ দূৰ-দূৰণিলৈকে বিস্তৃত হিমালয়ৰ হৰাইজন (Horizon)ৰ মাজত সূৰ্য্যটো টুপকৈ সোমাই গুচি গৈছিল৷ আকাশখনৰ নীলা ৰঙটো ঠাইত হঠাৎ হেঙুলীয়া হৈ পৰিছিল৷ এখন বিশাল হেঙুলীয়া আকাশ; হিমগৰকা বৰফাবৃত হিমালয়ৰ শৃংগবিলাক চিকমিকাই উঠিছিল ৰঙৰ প্ৰভাৱত৷ অঁকোৱা-পকোৱা ঠেক বাটেৰে গৈ গৈ আমি জঙ পাইছিলোঁগৈ৷ আমাৰ আগৰ পৰিকল্পনামতে আমি সেইদিনাই জঙ জলপ্ৰপাত চাই যাবলগীয়া আছিল, কিন্তুু দেৰি হোৱাৰ বাবে সেই পৰিকল্পনা বাদ দিছিলোঁ৷

জঙত মাত্ৰ এখনহে চকাৰ দোকান খোলা আছিল৷ বিহাৰী ল’ৰা এটাৰ দোকান আছিল সেইখন; কামতকৈ কথাৰ বেছি আখৈ ফুটিছিল মেকানিকজনৰ৷ দিশানদাহঁতে পাংচাৰ মৰা কামটো প্ৰায় শেষ কৰাইছিল৷ আমিও সকলোৱে চে-লাত চকাৰ পাম্প কমাই লোৱাৰ বাবে পুনৰবাৰ চকাত পাম্প সোমোৱাটো জৰুৰী হৈ পৰিছিল৷ দিশান দাই ক’লে ’যা হাৱা ভৰা, গম পাবি ৰখ’৷ মেকানিকৰ কাহিনী ক’লে দিশান দাই; ভালদৰে বোলে চকাকে খুলিব নাজানে লগতে প্ৰতিটো কথাতে ফিটিং কৰি দিম, মিলাই দিম টাইপৰ ফুটনি৷ ওচৰলৈ গৈ হাৱা ভৰাবলৈ ক’লো তাক; টায়াৰ প্ৰেচাৰৰ মেচিনটো লগাই প্ৰেচাৰ চেক নকৰাকৈয়ে মেকানিক বাপুৱে চিধাচিধি চকাত হাৱা সুমুৱাই দিলে আৰু লগে লগে চকাটোত কাণখন লগাই সি কি শুনিলে সেইয়া আমি আজিও বুজি নাপালোঁ, মাত্ৰ তাৰ কৰ্ম-কাণ্ড লক্ষ্য কৰি থাকিলোঁ৷ এইবাৰ থিয় হৈ টায়াৰত দুটা টুকুৰ মাৰি সি ক’লে ’কাম হৈ গ’ল৷ ’ তাক আমি সুধিবলৈহে পালোঁ মাত্ৰ টায়াৰ প্ৰেচাৰ চেকাৰ নথকাকৈ কি হিচাপত হাৱা সোমোৱালে? লগে লগে সি গৰগৰাই উঠিল ’ইয়াত কাম এনেকাই হয়’, মোৰ দচ চালৰ এক্সপিৰিঞ্চ আছে’৷ নাই মোমাইতকৈ কণা মোমাইয়ে ভাল বুলি তাক পইছা দি আমি তাৰপৰা ওলালোঁ৷

টীমটো ৰেডী হ’বলৈ লওঁতেই দিশান দাই আইচেং আৰু মোক একাষৰীয়াকৈ মাতি নি ক’লে, “আজি প্ৰেমৰ বাৰ্থডে, তাক এতিয়াই উইচ্ নকৰিবি আমি টাৱাং গৈ পাই হোটেলত তাৰবাবে চাৰপ্ৰাইজ পাৰ্টী এৰেঞ্জ কৰিম আৰু লগতে কেক এটা বিচাৰিব লাগিব৷ ’ আমিও হয়ভৰ দিলোঁ; চাৰপ্ৰাইজৰ পাৰ্টীয়েই সুকীয়া তাতে বাইক ৰাইডাৰ মাজত বাৰ্থডে৷ জঙৰপৰা টাৱাংলৈ দূৰত্ব প্ৰায় ২৭কিমি৷ একৰ পৰা ডেৰঘণ্টাৰ বাট৷ দিশান দাই টাৱাংত আমাক আতিথ্য দিবলগীয়া স্থানীয় যুৱক ল’বচাঙলৈ ফোন কৰি আমি জঙৰপৰা ওলোৱাৰ খবৰটো দিলে৷ আন্ধাৰৰ মাজেৰে আমি আগবাঢ়িলো৷ ৰাস্তাটো সম্পূৰ্ণ বহল আৰু ভাল আছিল৷ বাইকে গতি ল’লে সকলোৰে৷ জঙৰ দলংখন পাৰ হ’লো, বাইকৰ হেডলাইটৰ পোহৰতে দেখিলোঁ, আমাক গুৱাহাটীত কৈ পঠোৱাৰ দৰেই দলংখন খুবেই সুন্দৰ৷ ব’মডিলাৰ দৰেই টাৱাঙতো সন্ধিয়া ৬বজাৰ পাছতেই দোকান-পোহাৰবিলাক বন্ধ কৰে৷ দুই-এখন গাড়ীৰ বাদে আমি আন কোনো গাড়ী ৰাস্তাত নাপালোঁ৷ মাইলষ্টনবিলাক এটাৰ পাছত এটা পাৰ হৈ গৈ আছিল TAWANG 25KM…TAWANG 24KM……TAWANG 20KM…৷ ভোকে আমনি কৰিছিল; মূৰত মাত্ৰ এটা কথাই সুমুৱাই ৰাখিছিলোঁ ’হোটেল গৈ পায়েই দকচি খাম’৷ প্ৰেম, আইচেং আৰু শশাংকৰ বাইক তিনিখন কিবা এটা কাৰণত পাছ পৰিছিল আৰু আমাৰ লগত তাঁহাতৰ দূৰত্ব প্ৰায় ৫কিমি মান হৈছিল৷ পাকলগা ৰাস্তাবোৰত এটা পাহাৰৰপৰা আমি পাৰ হৈ অহা পাছৰ পাহাৰটোলৈ চাই তিনিখন বাইকৰ হেডলাইট দেখোঁ; নিশ্চিন্ত: মনে আকৌ আগবাঢ়ো৷ আগলৈ মূৰ তুলি চাওঁ; দূৰৈত অসংখ্য লাইট জ্বলি থকা পৰ্বত কিছুমান, ’টাৱাং চহৰ’ আমাৰপৰা বেছি দূৰৈত নাছিল ৷

প্ৰায় ৮ বাজিছিল সেই সময়ত, ৰাস্তাত ঘূৰি ফুৰা নোমাল ঢেকুৰা কুকুৰ কেইটামানে ভুকভুকাই বাইকৰ প্ৰায় সমান্তৰালকৈ দৌৰি দৌৰি আমাক খেদি আহিল৷ সেই ৰাতিৰ সময়ত নিস্তব্ধ চহৰখনত কোলাহল সৃষ্টি কৰা দেখি তাহাঁতৰ চাগৈ খং উঠিছিল৷ Bulls of Assam Motor Cycle ক্লাবৰ টীম টাৱাং পাইছিলগৈ৷ ৰাতিৰ বুকুত ইমানকেইখন এনফিল্ডৰ গুমগুমনি দূৰৈৰপৰাই চাগৈ মানুহে শুনা পাইছিল৷ ৰাস্তাৰ কাষৰ বহুতো মানুহে নিজ নিজ ঘৰৰ দুৱাৰ খুলি আমালৈ চাইছিল৷ চহৰৰ মাজৰ এখন সৰু দোকান খোলা দেখা পাই দিশান দাই বাইক তাতে ৰখালে৷ অৱশেষত আমি টাৱাংৰ বুকুত কদম পেলালোঁ৷ ল’বচাঙলৈ ফোন কৰাৰ খন্তেক পাছতেই স্কুটী এখন লৈ ল’বচাঙ আহি ওলালহি আৰু তাৰ অলপ পাছতেই প্ৰেম, আইচেং আৰু শশাংক আহি আমাক যোগ দিলেহি৷ ল’বচাঙৰ লগত চিনা-পৰিচয় হোৱাৰ পাছতেই আমাক তেখেতে হোটেললৈ লৈ গ’ল৷ হোটেল ৰেডিয়েঞ্চ ইণ্টাৰনেচনেলত সেইটো ৰাতি আমি থকাৰ বাবে বন্দৱস্ত কৰি ৰখা হৈছিল৷ হোটেলৰ পাছফালৰ পাৰ্কিঙত বাইকবোৰ ৰাখি আমি বেগবিলাক লৈ লৈ নিজ নিজ ৰূমত সোমালোঁ৷ ঘৰলৈ ফোন কৰিবলৈ ম’বাইল উলিয়াই দেখোঁ নেটৱৰ্ক নাই; বিড়ম্বনা আছিল যে টাৱাংত ভডা’ফন, এয়াৰটেল আৰু বিএচএনএলৰ বাহিৰে বেলেগ নেটৱৰ্কৰ কাম নাই৷ আইচেঙৰ নেটৱৰ্ক চাৰ্ভিচ এয়াৰটেল বাবে তাৰপৰাই ঘৰলৈ ফোন কৰি আহি পোৱাৰ খবৰ জনালোঁ৷ ঠাণ্ডাত গা ধোৱাৰ কোনো প্ৰশ্নই নাছিল সেইসময়ত; গিজাৰত পানী গৰম কৰি মুখ-হাতবিলাক ধুই অলপ ফ্ৰেচ হৈ হোটেলৰ মেনেজাৰক বাৰ্থডে কেক ক’ত পোৱা যাব সুধিলোঁ৷ মেনেজাৰে পোনচাটেই ৰাতি পোৱাটো অসম্ভৱ বুলি আমাক জনালে৷ উপায় বিচাৰি অলপ সময় চিন্তা কৰি মেনেজাৰক সুধিলোঁ মম পোৱা যাবনে? পাব বুলি কোৱাৰ লগে লগে তেওঁক সোণকালে পাঁচডাল মম, পাপৰ ফ্ৰাই আৰু পাঁচটা xxxRumৰ বটল আনি দিবলৈ ক’লো আৰু লগতে ডিনাৰৰ কাৰণে যাৱতীয় অৰ্ডাৰবোৰ দিলোঁ৷ বস্তুবোৰ আহি পোৱাৰ পাছতেই আমি ততালিকে কামত লাগিলোঁ৷ সৰু টেবুলখনত পাপৰৰ প্লেটখন সজালোঁ; ৰামৰ বটলকেইটা ঘূৰণীয়াকৈ সজাই লৈ প্ৰতিটোৰ ওপৰত একোডালকৈ মম ৰাখি জ্বলাই দিলোঁ৷ কেক সাজু হৈ গৈছিল আৰু আইচেঙেও ইতিমধ্যে সকলোকে আমাৰ ৰূমলৈ মাতি পঠাইছিল৷ প্ৰেমৰ বাবে সেইয়া জীৱনৰ এক অন্যতম বাৰ্থডে পাৰ্টী হৈ ৰ’ব৷ যোগাৰবিলাক দেখি হতবাক হৈ ৰোৱা সি আনন্দতে সকলোকে সাৱটি ধৰিছিল৷ মমবিলাকত ফু মাৰি নুমুৱাই দিওঁতেই আমি বাৰ্থডে চং গাইছিলোঁ আৰু তাৰপাছতেই প্ৰেমে এক সাঁফৰকৈ ৰাম সকলোৰে মুখত বাকি দিছিল৷ ল’বচাঙেও আহি আমাৰ পাৰ্টীত যোগ দিছিলহি৷ অংগৰাগৰ গান ব্লুটুথ স্পীকাৰত লগাই আমাৰ পাৰ্টী আৰু আড্ডা সমান্তৰালকৈ চলি গৈছিল৷

অৰুণাচললৈ গৈ অৰুণাচলী এজনৰ লগত আড্ডা দিলে সাধাৰণতে সকলোৰে মুখত ইণ্ডো-চীনৰ ৬২চনৰ যুদ্ধৰ কথাই ওলায়৷ ল’বচাঙৰ লগত আড্ডাটো আমাৰ সেই টপিকতোৱেই স্থান পালে৷ তৰ্ক, খুহুতীয়া কথাৰে আড্ডা চলি থাকিল৷ নেহৰুৱে ক’ত ভুল কৰিছিল, টাৱাঙৰ মানুহে কিয় চীনৰ লগত যাবলৈ নিবিচাৰে, চীনৰ লগত যুদ্ধ কৰোঁতে ভাৰতীয় সৈনিকৰ কেনে ধৰণৰ কষ্ট হৈছিল ইত্যাদি সকলো কথাই আড্ডাত স্থান পালে৷ সেইসময়তে ডিনাৰৰ খবৰ আহিছিল আৰু আমি সকলোৱে ডিনাৰ কৰি আহিলোঁগৈ৷ খোৱাৰ পাছত প্ৰায় সকলোৰে টোপনি ধৰিছিল সেয়েহে মাত্ৰ কেইজনমানহে ৰূমলৈ ঘূৰি আহি পুনৰ আড্ডাত বহিছিলোঁ৷ এইবাৰ জ্যোতিৰ্ময় আৰু ল’বচাঙৰ মাজত মুকলি তৰ্ক হ’বলৈ ধৰিলে৷ চীনা যুদ্ধৰ কথাত তৰ্ক লাগি লাগি হঠাতে জ্যোতিৰ্ময়ে ক’লে, “এইখিনি কথা মই মিনাৰেল তলৱাৰৰ কিতাপত পঢ়িছিলো৷ “ সকলোৰে অবাক হোৱাৰ পাল আছিল “কোন এই মিনাৰেল তলৱাৰ? “ জ্যোতিৰ্ময়েও নিজৰ কথাত অলৰ-অচৰকৈ থাকিল যে সি মিনাৰেল তলৱাৰৰ কিতাপতহে এইবোৰ কথা পঢ়িছে৷ আড্ডা ভাঙোতে প্ৰায় বাৰ বাজি গৈছিল; সকলোকে বিদায় দি দিশান দা, মই আৰু আইচেঙ নিজৰ নিজৰ কম্বলৰ তলত সোমালোঁ৷ বহুত দেৰিৰ পাছত চিলমিলকৈ টোপনি আহোঁতেই দুৱাৰত কোনোবাই জোৰেৰে নক্ কৰা শুনিলোঁ৷ ঘড়ীটো চালোঁ, দুই বাজিছে৷ কোন হ’ব পাৰে বুলি ভাবোঁতেই দিশান দাই ক’লে ’চাচোন কোন হয়’? দুৱাৰখন খোলাৰ লগে লগে জ্যোতিৰ্ময় সোমাই আহি ক’লে ’দিশান দা মোৰ ভুল হ’ল, মানুহজনৰ নাম মিনাৰেল তলৱাৰ নাছিল, মৃণাল তালুকদাৰহে হয়, তেখেতৰ কিতাপতেই মই অথনিৰ কথাখিনি পঢ়িছিলোঁ৷ ’ আমি তিনিওটাই মূৰে-কপালে হাত দি এটাই আনটোৰ মুখলৈ চাওঁতেই জ্যোতিৰ্ময় তাৰপৰা উধাও হৈ নিজৰ ৰূম পাইছিলগৈ৷

(ক্ৰমশ:)

■■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.