উত্তৰ-পূব ভাৰতত প্ৰকৃতিৰ ষোড়শী গাভৰু – দেৱেশ্বৰ কাকতি

উত্তৰ-পূব ভাৰতত প্ৰকৃতিৰ ষোড়শী গাভৰু – দেৱেশ্বৰ কাকতি

উত্তৰ-পূব ভাৰতত প্ৰকৃতিৰ ষোড়শী গাভৰু – দেৱেশ্বৰ কাকতি

by June 16, 2017 0 comments

চৰকাৰী চাকৰিসূত্ৰে বিশ বছৰ মানৰ আগতে তাহানিৰ অসমৰ ৰাজধানী শ্বিলং পালোহি৷ ধানখেতিৰ শ্ৰীশ্ৰী মাধৱদেৱ নামঘৰ পৰিচালনা সমিতি আৰু অসম কৃষ্টি কেন্দ্ৰৰ শ্ৰদ্ধাৰ বিষয়ববীয়া কেইজনমানৰ অনুগ্ৰহত কৃষ্টি কেন্দ্ৰৰ আশে পাশে ভাড়া ঘৰৰ ব্যৱস্থা৷ তাৰ পাছত প্ৰাত্যাহিক জীৱন- অফিচ, ঘৰ- অফিচ৷ প্ৰতি সপ্তাহতে গুৱাহাটীলৈ৷ সোমবাৰে পুৱাই গুৱাহাটীৰ পৰা শ্বিলঙলৈ ধাৱমান ইত্যাদি৷

প্ৰাকৃতিক দৃশ্যৰে মনোমোহা মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলং৷ সঁচাকৈয়ে বিতোপন ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য৷ নানাবিধ সৰল গছৰ গাঢ় সেউজীয়া বেশভূষা৷ অনুমানিক শ বছৰৰো ওপৰ ধানখেতি আৰু চিভিল হস্পিটালৰ বিপৰীতে সেনাবাহিনীৰ বিয়াগোম বিষয়াৰ বঙলাৰ বাটৰ কাষৰ থকা সৰল কেইজোপাৰ গাঢ় সেউজীয়া প্ৰাকৃতিক ৰং৷ শৰতত পাতল গুলপীয়া সৰু সৰু ফুলেৰে সম্পূৰ্ণকৈ আৱৰি থকা পাতবিহীন মনোমোহা চেৰীব্লুজোম গছৰ বেশভূষাত স্বৰ্গৰ অপেস্বৰীৰ ৰূপ৷ ডিচেম্বৰ-জানুৱাৰী মাহৰ ঠেঁটুৱৈ ধৰা জাৰত পুৱাই উঠি চকুত পৰা বননিৰ ওপৰত থকা পাতল মিহি বৰফৰ আৱৰণ –‘ফ্ৰষ্ট’৷ ফেব্ৰুৱাৰী আগমনৰ লগে লগে ধুমুহা সদৃশ পকাই পকাই মৰা আঁচল উৰুৱা বতাহ৷ নাচপতি গছত ফুলা বগা বগা ফুল৷ বাৰিষাৰ আগমনৰ পিচত পোন্ধৰ-বিশ দিনলৈকে একেলেঠাৰিয়ে দি থকা সৰু-বৰ বৰষুণ৷ তাৰ মাজতে কেই মিনিটমানৰ বাবে ওলোৱা টিকা-ফটা ৰ’দ৷ বৰষুণৰ পাছত হোৱা কাষৰ কুলু-কুলুকৈ বৈ থকা নিজৰাটিৰ ধল ধল কৈ বৈ যোৱা জলদেৱতাৰ ক্ৰুদ্ধ প্ৰদৰ্শন৷

প্ৰথমতে শ্বিলঙলৈ আহি সঁচাকৈয়ে বৰ আচহুৱা অনুভৱ কৰিছিলোঁ৷ কিন্তু দিন যোৱাৰ লগে লগে ক্ৰমান্বয়ে ভাল লাগি আহিবলৈ ধৰিলে৷ বিশেষকৈ অসম কৃষ্টি কেন্দ্ৰৰ বিভিন্নজনক লগ পাই মোৰ সময় পাৰ কৰাৰ উপায় ওলাল৷ ইয়াৰে কেইজনমান জ্যেষ্ঠৰ নাম নল’লে মোৰ নিজৰে শান্তি নেলাগিব৷ বিশেষকৈ সৰ্বশ্ৰী যতীন দত্ত, হৰেন দাস, স্বৰ্গীয় বুদ্ধেশ্বৰ বৰগোঁহাই, আনন্দৰাম বৰুৱা, স্বৰ্গীয় দেবানন্দ বৰুৱা, বল্লভ কলিতা, সুৰেন বায়ন, সুনীল চৰকাৰ, যতীন বৰা, স্বৰ্গীয় মদন মোহন বৰুৱা, হৰেশ্বৰ বৰগোহাঁই, অনিল বৰা আদি৷ এইসকল লোকৰ লগত প্ৰথম ব্ৰীজ খেলিবলৈ শিকিলোঁ৷ অক্সন ব্ৰীজ৷ ইয়াত ‘কল’ দিয়াতো নিশ্চয় এক বুদ্ধিমত্তাৰ কাম৷ ‘কলৰ’ৰ ৰেচপন্সত বিপক্ষ দল আৰু পাৰ্টনাৰৰ কাৰ্ডৰ স্থিতি অধ্যয়ন কৰিব পাৰিব লাগিব আৰু খেল ল’ব পাৰিলে সেই স্থিতি মনত ৰাখি খেলি পইণ্ট আৰ্জন কৰিব লাগিব৷ আনন্দ বৰুৱা আৰু স্বৰ্গীয় দেৱানন্দ বৰুৱা দাদাই খেল ভালকৈ খেলিব নোৱাৰিলে গালি পাৰিছিল আৰু তেওঁলোকৰ গালিত আমোদ পাইছিলোঁ আৰু ব্ৰীজ খেলাৰ কৌশল শিকিছিলো৷

কেৱল ব্ৰীজ খেলি ভাল পোৱাই নহয়, ৰাজহুৱা আৰু সামাজিক কাম কৰিও আমি ভাল পোৱা মানুহ৷ অসম কৃষ্টি কেন্দ্ৰৰ ৰঙালী বিহু উদযাপন, শ্বিলঙৰ শ্ৰীশ্ৰী মাধৱদেৱ নামঘৰত মাধৱ পুৰুষজনাৰ আবিৰ্ভাৱ তিথিত প্ৰতিবছৰে অনুষ্ঠিত কৰা ভাওনা আৰু পূজা ঘৰৰ কাম কাজৰ লগত জড়িত হৈ অতি আনন্দিত হ’বলৈ ধৰিলোঁ৷

অসম কৃষ্টি কেন্দ্ৰৰ ৰঙালী বিহু উদযাপন এক লেখত ল’বলগীয়া অনুষ্ঠান৷ দুই বা তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা এই ৰঙালী বিহু উদযাপনে তাহানিৰ বৰঅসমৰ অনুভূতি জগাই তোলে৷ অনুষ্ঠানটিৰ কাৰ্য্যসূচীৰ অন্যতম “কপৌফুল” নামৰ স্মৃতিগ্ৰন্থখনে অনুষ্ঠানটিত সোণত সুৱগা চৰাই আহিছে৷ মিজোৰাম আৰু মণিপুৰৰ কলা সংস্কৃতি, আৰু স্থানীয় জনসংস্কৃতিৰ বিভিন্ন বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্য্যসূচীৰ উপৰিও গুৱাহাটী আৰু অসমৰ বিভিন্ন স্থানৰ পৰা বছা বছা শিল্পী, শিল্পীৰ দল আৰু কলা-কুশলীয়ে তিনিদিনীয়া কৰ্য্যসূচীৰ সাংস্কৃতিক সন্ধ্যা অনুষ্ঠান কেইটা বৰ ভাল লগা আৰু মনপৰশা৷ তিনিওদিনৰ কাৰ্যসূচীত দৰ্শকৰ ভিৰ মন কৰিবলগা৷

বিহুৰ তিনি দিনমান আগৰে পৰা মহিলা সকল একত্ৰিত হৈ কৃষ্টি কেন্দ্ৰৰ ভিতৰতে পিঠা-পনা, মিঠৈ আৰু বিহুৰ অন্যান্য সুস্বাদু অসমীয়া খাদ্য প্ৰস্তুত কৰা কাৰ্যসূচী৷ এইটো তেখেত সকলৰ বছেৰেকীয়া আনন্দ প্ৰকাশৰ এক বিৰল সুযোগ আৰু অভিজ্ঞতা৷ পিঠা-পনা বনাই শেষ হোৱাৰ দিনা আকৌ মাছেৰে (নামঘৰ এলেকাত মাংস নিষিদ্ধ) নিজেই ৰান্ধি এসাঁজ ভাত খোৱাও তেখেতসকলৰ আনন্দ আৰু আহ্লাদৰ এক পৰম্পৰা৷

বন্ধৰ দিনৰ বাদেও অন্যদিনা বিহুৰ বাবে চান্দা তুলিবলৈ যোৱা দলে দলে কৰ্মকৰ্ত্তাই অনুষ্ঠানটিৰ বাবে কম বৰঙনি আগবঢ়ায়! প্ৰতিদিনে সন্ধিয়া বিহুৰ কাৰ্য্যালয়ত বিভিন্ন কাৰ্যসূচীৰ অগ্ৰগতিৰ আলোচনা৷ বিভিন্ন জনে সংগ্ৰহ কৰা বিশেষ চান্দা আৰু স্মৃতিগ্ৰন্থৰ বাবে অনা বিজ্ঞাপন সকলোৰে কাম্য৷ দিহা পৰমৰ্শ আছেই৷

সমাজৰ ভব্য-গব্য নিমন্ত্ৰিত অতিথিসকলৰ উপস্থিতিত অনুষ্ঠিত বিহুৰ প্ৰথম দিনাৰ পুৱাৰ আৰম্ভণি কাৰ্যসূচী সবাতোকৈ আদৰণীয়৷ কিয়নো গতানুগতিক পতাকা উত্তোলন, শ্ৰীময়ী অসমীৰ শীতল …………..গীত সমদলে পৰিবেশন কৰাৰ উপৰিও পিঠা-পনা, দৈ-চিৰাৰে আপ্যায়ন কৰোৱা বিহুৰ প্ৰথম জলপানতো কেৱল সোৱাদেই নহয় সকলোৱে একেলগে গ্ৰহণ কৰাতো অতি আনন্দকৰ আৰু একাত্মভাৱৰ পৰিৱেশ৷ নিত্যান্তই ই এক আদৰণীয় কাৰ্য্যসূচী৷ অসমৰ ৰাজহুৱা বিহুত এনেকৈ ৰাজহুৱা চাহ-জলপানৰ কাৰ্যসূচী থাকিলেও নিশ্চয় আঙুলিৰ মূৰত লেখিব পৰা হ’ব বুলিহে আমাৰ ধাৰণা হয়৷

আনন্দৰ মাজতো এই কথা দুখেৰে স্বীকাৰ কৰিবই লাগিব যে সময়ৰ লগে লগে অসম কৃষ্টি কেন্দ্ৰৰ ৰঙালী বিহু উদযাপন কৰিবলৈ কৰ্মকৰ্ত্তাৰ লাহে লাহে অভাৱ ঘটিবলৈ ধৰিছে৷ কাৰণ যিসকল লোকৰ উৎসাহত এই অনুষ্ঠানটিয়ে গঢ় লৈ উঠিছিল, চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত এই লোকসকল সপৰিয়ালে শ্বিলং এৰি নিজৰ নিজৰ ঠাইলৈ গ’লগৈ; নতুবা গুৱাহাটীত ঘৰ-দুৱাৰ কৰি বসতি কৰিছে৷ পুৰণি মৰম আৰু টান এৰিব নোৱাৰি বহুতে অৱশ্যে অৱসৰ লোৱাৰ পাছতো এতিয়াও এই অনু্ষ্ঠানৰ মোহ এৰিব পৰা নাই৷ স্বাস্থ্যই আমনি নকৰিলে এইসকলে এতিয়াও বিহুত শ্বিলঙলৈ এপাক মৰাতো অভ্যাস৷ আমি আশা কৰিম মেঘালয় ৰঙালী বিহু সন্মিলনে পুৰণি সকলৰ এই পৰম্পৰা ৰক্ষা কৰিবলৈ উৎসাহিত কৰিব৷

*আজিৰ শ্বিলং সুকীয়া৷ আগৰ পুলিচ বজাৰ, ধানখেতি, লাবান, মতীনগৰ, গাড়ীখানা, লাচুমিয়াৰ, লাইটুমখ্ৰাঁ আদিৰ সীমা চেৰাই আহি “মওদিয়াংদিয়াং” একেবাৰে নতুন ঠাই৷ পল’ গ্ৰাউণ্ডৰ পৰা প্ৰায় ৬ কিঃ মিঃ পূবলৈ অৱস্থিত ঠাই, মানে গাঁও৷ আমি ২০০৬ চনত প্ৰথম হস্পিটাল খুলোঁতে ইয়াত এটা পানীৰ বটলো কিনিবলৈ পোৱা নগৈছিল৷ দোকান-পোহাৰ একেবাৰে নাই৷ আমি হস্পিটাল খুলি আৰম্ভ কৰা প্ৰতিষ্ঠান এতিয়া পূৰ্ণ পৰ্যায়ৰ মেডিকেল কলেজ৷ এম বি বি এচৰ উপৰিও আঠ-দহটা বিভাগত এম ডি/ এম এচ, কাৰ্ডিঅ’লজিৰ ডি এম (পোষ্ট ডক্টৰেট) আদি মেডিকেল শিক্ষা দিয়া বিভাগ আছে৷ ইয়াৰ উপৰিও নিউৰ’চাৰজাৰি, চি টি ভি এচ (কাৰ্ডিয়াক চাৰ্জাৰি), ইউৰ’লজী, ডাৰমেট’লজী, ৰেডিঅ’লজী (থেৰাপেটিক) আদি বিভাগ আমাৰ প্ৰতিষ্ঠানৰ সম্পদ৷ ইয়াৰে ভালে কেইটা বিভাগত বিভিন্ন নীতিগত কাৰণৰ বাবে উচ্চশিক্ষা প্ৰদানৰ ব্যৱস্থা হোৱা নাই যদিও, অদূৰ ভবিষ্যতে আৰম্ভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ অহা দুই-তিনি বছৰৰ ভিতৰত “ৰিজনেল কেঞ্চাৰ চেণ্টাৰ” গঢ় লৈ উঠিব যাৰ বাবে নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলি আছে৷ আমাৰ এই প্ৰতিষ্ঠানৰ লগত এখন নাৰ্চিং কলেজো আছে য’ত বি এচ চি নাৰ্চিং আৰু এম এচ চি নাৰ্চিং শিক্ষা প্ৰদান কৰা হয়৷ স্বাস্থ্যশিক্ষা আৰু চিকিৎসাৰ বাবে এতিয়া ই এক উন্নত প্ৰতিষ্ঠান, বিশেষকৈ যিসকল ৰোগী জটিল চিকিৎসাৰ বাবে চেন্নাই, দিল্লী আদিলৈ যাব লগা হয়, তেখেতলোকে চৰকাৰী সুবিধা গ্ৰহণ কৰিব পাৰে৷ দেশত একমাত্ৰ চিকিৎসা-শিক্ষা প্ৰতিষ্ঠান য’ত এডমিচনৰ বাবে কোনো শাখাতেই অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিচ পৰা শ্ৰেণীৰ বাবে কোনো সংৰক্ষিত আসন নাই৷

শ্বিলঙৰ “মাওদিয়াংদিয়াং”ত এতিয়া এক নিত্য নতুন পৰিবেশ৷ ইয়ালৈ আই আই এম, শ্বিলং, আয়োচ হস্পিটালৰ উপৰিও মেঘালয় বিধান সভা ভৱন ইত্যাদি কৰি নতুন নতুন চৰকাৰী অনুষ্ঠান- প্ৰতিষ্ঠানৰ আগমন হৈ বিকাশৰ এক সুন্দৰ পৰিবেশ গঢ় লৈ উঠিছে৷ ষষ্ঠ অনুসূচী অন্তৰভূক্ত এলেকা হোৱাৰ বাবে ভূমি আৱণ্টন আদিৰ প্ৰক্ৰিয়া কিছু জটিল হোৱাৰ বাবে বিকাশৰ গতি যথেষ্ট মন্থৰ৷

যোৱা বিশ বছৰত প্ৰাকৃতিক পৰিবেশৰো আমূল পৰিৱৰ্তন অনুভৱ কৰিছোঁ৷ বৰষুণৰ অনুপাত বহুত কমিল, ঠাণ্ডা আগৰ দৰে ঠেঁটুৱৈ ধৰা বিধৰ নহয়৷ তথাপিও পৰ্য্যটকক আকৰ্ষণ কৰিব পৰাকৈ শ্বিলং এতিয়াও উত্তৰ-পূবত প্ৰকৃতিৰ ষোড়শী গাভৰু৷
■■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.