সম্পাদকীয়, সাহিত্য আহাৰ (জুন,২০১৭) বৰ্ষা বিশেষ সংখ্যা

সম্পাদকীয়, সাহিত্য আহাৰ (জুন,২০১৭) বৰ্ষা বিশেষ সংখ্যা

সম্পাদকীয়, সাহিত্য আহাৰ (জুন,২০১৭) বৰ্ষা বিশেষ সংখ্যা

by June 17, 2017 0 comments

সাহিত্য ডট অৰ্গ
৬ষ্ঠ বছৰ, অষ্টম সংখ্যা, ২০১৭

বৰষা, নাহিকে উপাম তোমাৰ

দুগ্ দুগ্ ডম্বৰু মেঘে বজায় ডম্বৰু…।
…….
মেঘে গিৰ গিৰ কৰে, এজাক যেন বৰষুণ আহোঁ আহোঁ কৰে….।

ভাৰতৰ বৰষুণ নিৰ্ভৰশীল খেতিৰ বাবে বৰ্ষাৰ ৰিম-ঝিম ছন্দোময় শব্দই অযুত সপোনৰ কপাট খুলি পেলায়। ফাগুনৰ পঁচোৱাত হিল্লোলিত ডেউকাত ভৰ দি বসন্তৰ দোলা লাগি কালিদাসৰ ‘মেঘদূতম’ৰ প্ৰণয়িনীৰ দূত হৈ মেঘে বৰ্ষা ৰূপ লৈ মনৰ গোপন খবৰ কঢ়িয়ায়। স্বপ্নোময় ঋতুৰ আকুল-বিকুল আলফুলীয়া প্ৰতিটো টোপালে প্ৰকৃতিৰ বুকুত হেন্দোলনি তুলে। বসন্তৰ বা লাগি ন কুঁহিপাত মেলা প্ৰতিজোপা গছেই গ্ৰীষ্মৰ পৰশত তৃষিত হৈ বৰ্ষালৈ আকুলতাৰে বাট চায়। বালিঘোৰা চৰাইকেইটা আহি ওলায়। টিপ্ টিপ্ টিপ্ টিপ্। দীঘল দীঘল খোজ দি বৰ্ষাই সাগৰ খণ্ডৰ পৰা ভূমিমূৱা হয়। দক্ষিণ-পশ্চিম মৌচুমী বায়ুৱে গতি লাভ কৰে। পৃথিবীৰ এক বৃহৎ ভূমি খণ্ডক অন্নদানৰ ব্যৱস্হা কৰিবলৈ প্ৰকৃতিৰ এইয়া প্ৰধান ৰূপৰ এক ৰূপ। বৰ্ষাৰ স্পৰ্শ পাই চাৰিও দিশে প্ৰাণোচ্ছল মেলা বহে। খেতিয়ক সাজু হয় ভূমি কৰ্ষণৰ কাৰণে। হেঁপাহৰ কুণ-কুণি জহা, ৰঙাদৰীয়া, বিৰিয়াভঙা, জাহিঙ্গীয়া, নেকেৰা বৰা, চকোৱা কেইটা গজালি মেলা সময় সমাগত। আই কামাখ্যা এতিয়া ঋতুমতী হয়। ধৰণীৰ গৰ্ভধাৰণৰ সময়ো সমাগত। ভোক নামৰ দৈত্যক বশ কৰিবলৈ মৰতলৈ ফল্গুধাৰা বৈ আহিব। আহাৰৰ সাত লাগিব। উত্তৰ ভাৰতৰ ঘৰে ঘৰে শাওণৰ গীত-মাত আৰম্ভ হব – আয়া সাৱণ ঝুমকে।
বিষুব ৰেখাৰ উত্তৰত অসম মেঘালয়ৰ দৰে ৰাজ্য সাগৰৰ পৰা বেছি দূৰ নোহোৱা বাবে দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ আগমণে বৰ্ষাক অবিৰাম গতি দিয়ে। মৌচিনৰাম হৈ পৰে পৃথিবীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই। মেঘালয়ৰ নামক সাৰ্থক কৰি মেঘে আৱৰি ধৰে। যি সময়ত উত্তৰ-পশ্চিম ভাৰতত শুকান ফাটমেলা ধৰণীৰ বুকুত থিয় হৈ খেতিয়কে দুবাহু মেলি আকুলতাৰে বৰ্ষাৰ টিপ টিপ শব্দলৈ বাট চায়, সেই একে সময়তে ভৌগালিক বৈচিত্ৰতাৰে নৈ, উপনৈৰে সমৃদ্ধ হোৱা ব্ৰক্ষ্মাৰ পুত্ৰ মহাবাহু লুইতে, চেনাইয়ে বাই যোৱা নাৱলৈ চাই চিৰিপ চিৰিপ কৰি কাপোৰ ধুই থকা জোনালীকো উটুৱাই নিবলৈ কুণ্ঠা বোধ নকৰে। নৈ, উপনৈৰ গৰাৰ ওপৰে পানী বাগৰে। ৰুঁই অঁটাই কঁকাল পোনাবলৈ লওঁতেই ধাৰাষাৰ বৃষ্টিৰ প্লাৱনে বুৰাই পেলোৱা সঁজাল ধৰা কঁঠীয়াই আঁঠু কাঢ়ে। নৈৰ পানীক ভেটা দিবলৈ মানুহে সজা বালি, মাটিৰ মথাউৰিত উঁহ ওলায়। চকুৰ পলক পৰাৰ আগতেই নিমিষতে প্ৰলয়ৰ সূচনা হয়। নৈপৰীয়া স্কুল ঘৰবোৰ অস্হায়ী শিবিৰলৈ ৰূপান্তৰ ঘটে। মানুহ, গৰু একাকাৰ হৈ পৰে। হাহাকাৰ ঘটি যোৱা বাতৰি টেলিভিচনৰ শিৰোনাম হয়। কেমেৰা, স্পীকাৰ লৈ টিভি চেনেলৰ মানুহে মানুহৰ যাণ্ত্ৰনাৰ কটা ঘাঁত চেঙা তেল দিয়ে। চৰকাৰক দগৰি দগৰি গালি পাৰে। এইয়াও বৰ্ষা। অ বৰষা তুমি আকৌ আহিলা।
বৰ্ষা আহে। বৰ্ষা যায়। বৰ্ষা আকৌ আহে। ভগা উৰুখা পঁজাত ঢিমিক-ঢামাককৈ আশাৰ বন্তি গছি জ্বলি ৰয়। খেতি মাটিত পলসৰ সলনি বালি পৰে। কেইবা পুৰুষলৈ অভাৱে কোঙা কৰা মানুহৰ কায়াত প্ৰতিফলিত হয় বৰ্ষাৰ প্ৰহাৰ। মুখাবয়ত ফুটি উঠে কঠোৰতা। মানুহ মানুহেই। জীয়াই থকাৰ আকুলতাই প্ৰাণৰ কোনোবা এখিনিত ঢিপ্ ঢিপবোৰ জীয়াই ৰাখে।
খাল, বিল, পুখুৰী, জুৰি, নিজৰা, জান সকলো বৰ্ষাৰ টিপ্ টিপ্ ধ্বনিক বুকুত সামৰি তগ্-বগ্ কৰে। চিকমিক বিজুলীৰ পোহৰত পুখুৰীৰ মাছকেইটাই আকাশখন চুমিবলৈ বিচাৰে। জীৱিকাৰ সন্ধানত নৈপৰীয়াই বৰ্ষাক আদৰণি জনায়। চহকীলোকৰ লুইতৰ বুকুত নৌকা বিহাৰৰ উপভোগ্যতাৰ বেহা বহে। জীবনক সুখৰ প্ৰ্ৰাচুৰ্য আনি দিয়াত বৰ্ষাই কৃপণালি কৰা নাই। নাই, অকণো কৰা নাই।
বৰ্ষা নামে। গীতিকাৰে হৰ্ষৰ উঁহ বিচাৰি পায়। হিয়াত হেন্দোলনি তোলা অনুভৱৰ ঢলত তোলা সুৰকাৰৰ যাদুত মানুহে পাহৰি পেলায়-এই বৰ্ষাই হেঁপাহৰ ঘৰখন এবাৰ নহয়, বাৰে-বাৰে, চিনিব নোৱাৰাকৈ ভাঙি থৈ গৈছিল। তথাপিও মানুহে বৰ্ষাক বেয়া নাপায়, বৰং আদৰে। নতুন উদ্যমৰে ভোক নামৰ নৈমিত্তিক প্ৰয়োজনত আকৌ আখল সাজে। জান হ্যায় তো জাহান হ্যায়।
ইংৰাজী সাহিত্যত বৰষুণক আদৰাৰ বন্যা বয়। এপ্ৰিল সোমালেই কিনকিনীয়া বৰষুণ পৰে। কেণ্টাৰবাৰী কথাৰ পৰা শ্বেক্সপীয়েৰীয়ান যুগৰ বৰ্ষাসিক্ত ধুমুহা, ভিক্টোৰীয়ান ক্লাচিক্ লিখাবোৰত বৰষুণ আৰু বন্যাৰ প্ৰাণোচ্ছল বৰ্ণনা। লিঙ্কণশ্বায়াৰত ঢল নামে। লগতে চমাৰছেট, অক্সফৰ্ডশ্বায়াৰ আৰু কেণ্টত। ছীভাৰ্ণ নৈ খনৰ দুয়ো কাষে পানী চপচপীয়া হৈ ৱৰচেষ্টাৰক মনোমোহা কৰি তুলে। সৌৱা চাওক আৰু সোঁৱৰক, কবি কীটসে নিৰিবিলি বৰ্ষাৰ ছন্দত কেনেকৈ সৌ ঘাঁহনিডৰাত এখোজ-দুখোজ দি পাইচাৰী কৰি আছিল। Ever let the fancy roam: Pleasure never at home. At a touch sweet Pleasure melteth. Like to bubbles when rain pelteth. Then let winged Fancy wander. Through the thought still spread beyond her. Open wide the mind’s cloudward soar. O sweet Fancy! Let her loose……….. । টেমস নদীৰ পাৰত কিনকিনীয়া বৰষুণৰ বতৰত কিতাপৰ ৰেকবোৰত খৰখেদাকৈ খেলিমেলিকৈ দমাই পেলোৱা পাহাৰ সদৃশ কিতাপৰ দ’ম লাগে। ইয়াৰে কিছুমান কিতাপে নিজৰ জীবন পৰিক্ৰমা বৰ্ষাৰ গুণগাণেৰেই আৰম্ভ কৰিছিল। কেইবা শতিকা যুৰি The Canterbury Tales ৰ কাহিনীৰেই ইংৰাজ সকলে দৈনন্দিন জীবনৰ শুভাৰম্ভ কৰিছিল। মহাকাব্যৰ আখ্যা পোৱা এই গ্ৰন্থ খনিৰ কাব্যিক ভাষাই বৰ্ষাক মানুহ আৰু প্ৰকৃতি দুয়োকে নিচেই কাষ চপাই দিছে। নিয়ত প্ৰতি বছৰে অহা বছৰতোৰ প্ৰথম জাক বৰষুণক লৈ ভূমধ্য সাগৰীয় ভূমিৰ কবিয়ে শুকান পৰিবেশক জীপাল কৰা ভূমিৰ গোন্ধত প্ৰেমৰ গীত লিখে। ইফালে পূবলৈ ইংলিশ কবিয়ে বৰষুণক যৌনোচ্ছল পৰ্যায়লৈ লৈ যায়। আৰম্ভণিৰ ধীৰ গতিৰ বৰষুণ, চাই থাকোঁতেই ঢললৈ ৰূপান্তৰ ঘটে। সকলোৰ প্ৰতি নিৰপেক্ষ হৈ উটুৱাই নিয়া বন্যা ৰূপকো ইংৰাজী সাহিত্যই ঠাই দিছে। নৈৰ সংহাৰ ৰূপ অসমতো আছে, বিহাৰতো আছে, উত্তৰ প্ৰদেশতো আছে , টেমচতো আছে।
ঠিক তেনেকৈ অসমীয়া গ্ৰাম্য জীবনৰ বহুতো প্ৰতিছবি বৰ্ষাৰ গুণ-গৰিমাৰেই ভৰা। অসমীয়া সাহিত্যত ভৰদ্বাজ নামৰ লিখক এজনৰ ‘চিমচাঙৰ দুটি পাৰ’ বুলি এখন উপন্যাস সত্তৰৰ দশকত পঢ়িবলৈ পাইছিলোঁ, য’ত চিমচাঙ নৈৰ পাৰত লগ খোৱা এহাল প্ৰেমিক-প্ৰেমিকাই পাৰ কৰা সময় বৃত্তান্তই বৰ্ষাৰ ঝিৰ্ ঝিৰনি, নৈৰ কুলু-কুলু অবিৰাম শব্দ আৰু দুটি প্ৰাণৰ নীৰৱ ভাষাক অনবদ্য ৰূপত তুলি ধৰিছে। অৱশ্যেই সেই কিতাপ খনৰ সমালোচনা বা আদৰ দেখিবলৈ নাপালোঁ।
কবি হীৰেণ ভট্টাচায্যই লিখা বৰ্ষাৰ কবিতা এটি উদ্ধৃতি দিবলৈ মন গল-
বৰ্ষাঃ
শাল বনেৰে বৈ আহে বতাহৰ কুলুকুলু বাঁহী।
বাৰিষাৰ বতাহ যেন হতাশ প্ৰেমিক,
বুকু ভৰি থাকে দুখ, দুখৰ
সৰল হাঁহি।

বৰ্ষাৰ প্ৰভাব অসমৰ পটভূমিত খেতিৰ কিমান ওচৰত তাক বুজিবলৈ তাৰিখ দিব নোৱাৰা অতীতৰ ডাকৰ বচনলৈ উভটি যাবলগীয়া হয়। (সাহিত্য ডট অৰ্গ, ১৬ অক্টোবৰ, ২০১১ শ্ৰীমতী বৰ্ণালী দেউৰী বৰাৰ সংকলন)। আহাৰৰ সাত লাগে। শালিধানৰ কঁঠীয়া পাৰে। কাৰোবাৰ গাঁজ মেলা ধান থুপাই পেলায়। এটা মিঠা গালি। আহুকলীয়া। শাওণীয়া পথাৰৰ বোকাময় ৰঙটো পলকতে সঁজাল ধৰা ধাননি ডৰাই, ধৰাক সেউজ কৰি তুলে। বৰ্ষাৰ ঋতুক ভাল পাওঁ মই, প্ৰতিশ্ৰুতি আছে তাত… (স্বৰ্গীয় জয়ন্ত হাজৰিকা)। এইয়াও বৰ্ষাৰ সাহিত্য, বৰ্ষাৰ গীত।

ভাৰতৰ প্ৰতিবিধ খেতিৰ লগত মৌচুমী বায়ুৰ ওতপ্ৰোত সম্বন্ধ। মাত্ৰ কেইটা খেতিৰ বিষয়ে উল্লেখ কৰিব খুজিছোঁ, যাৰ প্ৰভাব সমাজৰ প্ৰতি স্তৰৰ মানুহৰ ওপৰত পৰে । খাৰিফ আৰু ৰবি শস্য ৰূপে পৰিগণিত পিয়াঁজ খেতিত সময়ত বৰষুণ মিলিলে প্ৰচুৰ উৎপাদন। বেছি হলেও দাম নামে। সাঁচিব পাৰিলে পাচলৈ দাম পায়। নোৱাৰিলে পঁচি যোৱাৰ ফলত বজাৰত সৃষ্টি হোৱা অভাবে পিয়াঁজক আকাশলঙ্ঘী দামত বিকায়। পৰ্যাপ্ত বৰষুণ নহলে উৎপাদনৰ ঘৰত শূণ্য বহে। উপান্ত কৃষকৰ মূৰত ৰামটাঙোন পৰে। ৰাষ্ট্ৰৰ অৰ্থনীতিক আঘাত কৰিব পৰা আন্তৰাষ্ট্ৰীয় আমদানী বজাৰৰ কপাল ফুলে। মহাৰাষ্ট্ৰ, কৰ্ণাটক ৰাজ্যৰ পিয়াঁজ খেতিয়ক সকল দক্ষিণ-পশ্চিম মৌচুমী বতাহে অনা বৰষুণৰ ওপৰতেই নিৰ্ভৰশীল। উত্পাদক, বজাৰ, যাতায়ত, মজুতকাৰী, যোগান আৰু গ্ৰাহক আটাইকে লৈ বৰ্ষাই মানুহৰ জীৱন নিয়ণ্ত্ৰণ কৰে। কানিৰ দৰে নিষিদ্ধ মাদক দ্ৰৱ্য উৎপাদন কৰা পপী খেতিৰ পৰা সংগ্ৰহিত একেই অংশৰ পৰা জীবনদায়িনী ঔষধ মৰফিন প্ৰস্তুত হয়। উচ্চ মানদণ্ডৰ ৰূপত মৰফিন পাবলৈ পপী খেতিয়ে বৰষুণৰ মাত্ৰা আৰু সময়ৰ লগতে সমানে ফেৰ মাৰে। জৈৱিক প্ৰক্ৰিয়াৰে ওপজা ঔষধীয় গছবোৰ বৰ্ষা প্ৰধান অঞ্চলবোৰতহে পোৱা যায়। এইয়াও বৰ্ষাৰ অনুপম ৰূপ।
বৰ্ষা অকল অসমলৈ নাহে। ক্ৰান্ত্ৰীয় পৰিবেশত পালিত হোৱা বৰ্ষাৰ অন্যতম অৱদান হল বৰ্ষাৰণ্য। বৰ্ষাৰণ্য সমূহৰ অৱদান জৈৱ বিচিত্ৰতা। আমেৰিকাৰ জীৱ বিজ্ঞানী ই.এ.নৰছে আৰু তেখেতৰ সহযোগী সকলে আগবঢ়োৱা সূত্ৰ অনুসৰি জৈৱ বৈচিত্ৰ্য হ’ল- জল, স্থল সকলো ঠাইতে সকলো পৰিবেশত থকা সকলো ধৰণৰ জীৱ আৰু সিহঁতৰ বিচিত্ৰতা৷ পৃথিৱীৰ ১০ বিলিয়ন ভাগৰ এভাগ অংশতেই ৫০ মিলিয়ন প্ৰজাতিৰ বিভিন্ন জীৱ-জন্তু আৰু উদ্ভিদৰ বাসস্থান৷ অসম এই ক্ষেত্ৰত অতিকৈ ভাগ্যবান। ডিব্ৰু-চৈখোৱা অভয়াৰণ্য, মানাহ অভয়াৰণ্য, কাজিৰঙা অঙয়াৰণ্য, ওৰাং অভয়াৰণ্য, জয়দিহিং অভয়াৰণ্য ইত্যাদি জৈৱ বিচিত্ৰতাৰে দান।

‘জৈৱ বৈচিত্ৰ'(Biodiversity) ই জীৱিত প্ৰজাতিৰ বিভিন্নতা আৰু সিঁহতে বাস কৰা জটিল পৰিবেশ তন্ত্ৰৰ বিষয়ে আভাষ দিয়ে৷ অতি শুকান মৰুভূমিৰ পৰা ক্ৰান্ত্ৰীয় বৃষ্টি অৰণ্যলৈ, বৰফেৰে আবৃত ওখ পৰ্বতৰ পৰা সাগৰৰ গভীৰতালৈ বিস্তৃত হৈ থকা বিভিন্ন প্ৰজাতিৰ জীৱই ৰং, আকৃতি, আকাৰ ইত্যাদিৰ বিভিন্নতা থকা সত্বেও প্ৰাকৃতিক ভাৰসাম্য নষ্ট নকৰাকৈ জীৱন নিৰ্বাহ কৰি আছে৷ পৰিবেশৰ বিভিন্ন ভৌতিক কাৰক, যেনে – আদ্ৰতা, উষ্ণতা, দ্ৰাঘিমাংশ, অক্ষাংশ আৰু ভৌগালিক উচ্চতা ইত্যাদিয়ে জৈৱিক বৈচিত্ৰৰ সৃষ্টি কৰে৷ গ্ৰীষ্ম প্ৰধান বৰ্ষা অৰণ্য, ক্ৰান্ত্ৰীয় পৰ্ণপাতী অৰণ্য, গ্ৰীষ্ম প্ৰধান পৰ্ণপাতী অৰণ্য আদি পৰিস্থিতিতন্ত্ৰীয় বৈচিত্ৰতাৰ বাবেই সৃষ্টি হৈছে৷ এনে বৈচিত্ৰতাৰ সৃষ্টি হবলৈকে কেইবা নিযুত বছৰৰ প্ৰয়োজন হয়৷ এই আটাইবোৰতে বৰ্ষাৰ ভূমিকাই প্ৰধান।
বিশ্বৰ ২৫ খন উষ্ণ জৈৱ বৈচিত্ৰৰ(Biodiversity hot spots) দেশৰ ভিতৰত ভাৰতবৰ্ষতেই দুখন অৱস্থিত৷ ইয়াৰে এখন উত্তৰ পূৰ্বাঞ্চলত আৰু আনখন পশ্চিমঘাট অঞ্চলত অৱস্থিত৷ জীৱৰ বিস্তৃতি তথা বিতৰণৰ ওপৰত ভিত্তি কৰি জৈৱ-ভৌগোলিক শ্ৰেণীবিভাজন মতে ভাৰতবৰ্ষত পোৱা বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীসমূহৰ বিতৰণ আৰু ইহঁতৰ পৰিবেশৰ লগত থকা সম্পৰ্ক অধ্যয়ন কৰিবলৈ ভাৰতৰ বিভিন্ন অঞ্চলসমূহক দহটা প্ৰধান ভাগত বিভক্ত কৰা হৈছে৷

১। হিমালয়ৰ পাদদেশঃ হিমালয়ৰ ওপৰৰ অংশত অৱস্থিত লাডাখ পৰ্বত আৰু তিব্বত মালভূমি৷ মাটি কালি ১,৮৬,২০০ বৰ্গকিলোমিটাৰ৷
২। হিমালয়ঃ উত্তৰ পশ্চিম হিমালয়, পশ্চিম হিমালয়, মধ্য হিমালয় আৰু পূব হিমালয় অন্তৰ্ভূক্ত৷ মাটি কালি ৯,৩২,৯০০ বৰ্গকোলিমিটাৰ৷
৩। মৰুভূমিঃ কচ্চ আৰু থৰ অঞ্চল অন্তৰ্ভূক্ত৷ মুঠ মাটিকালি ২,২৫,০০০ বৰ্গকিলোমিটাৰ৷
৪। অৰ্দ্ধ শুকান অঞ্চলঃ পঞ্জাৱ আৰু গুজৰাট ৰাজৱাৰ৷ মুঠ মাটিকালি ৫০,৮০০ বৰ্গকিলোমিটাৰ৷
৫। পশ্চিমঘাটঃ মালাৱাৰ উপকূল আৰু পশ্চিমঘাট পৰ্ব্বতক লৈ এই অঞ্চল গঠিত। এই অঞ্চলৰ মুঠ মাটিকালি ১,৫৯,০০০ বৰ্গকিলোমিটাৰ৷
৬। দক্ষিণ উপকূলীয় অঞ্চলঃ মধ্য পাহাৰীয়া অঞ্চল, চোটনাগপুৰ, পূবৰ পাহাৰীয়া অঞ্চল, মধ্য উপদ্বীপ অঞ্চল আৰু দক্ষিণৰ উপদ্বীপক লৈ এই অঞ্চল গঠিত৷ মুঠ মাটিকালি ১৪,২১,০০০ বৰ্গকিলোমিটাৰ৷
৭। গঙ্গাৰ সমভূমিঃ গঙ্গাৰ উচ্চ সমভূমি আৰু নিম্ন সমভূমি অঞ্চল লৈ গঠিত৷ মুঠ মাটিকালি ৩,৫৯,৪০০ বৰ্গকিলোমিটাৰ৷
৮। উপকূলঃ পূব উপকূল আৰু পশ্চিম উপকূল লৈ এই অঞ্চল গঠিত৷ মুঠ মাটিকালি ১৩,০০০ বৰ্গকিলোমিটাৰ৷
৯। উত্তৰ পূব ভাৰতঃ এই অঞ্চল ব্ৰক্ষ্মপুত্ৰ উপত্যকা আৰু উত্তৰ পূব পাৰ্বত্য অঞ্চল লৈ গঠিত৷ ইয়াৰ মুঠ মাটিকালি ১,৭১,৪০০ বৰ্গকিলোমিটাৰ৷
১০। দ্বীপপুঞ্জঃ আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপক লৈ এই অঞ্চল গঠিত৷ ইয়াৰ মাটিকালি ৮,৫০৭ বৰ্গকিলোমিটাৰ৷
জৈৱ বৈচিত্ৰৰ মূল্য
বাণিজ্যিক উপযোগিতা, পাৰিপাৰ্শ্বিক শোভাবৰ্দ্ধন, সামাজিক আৰু সৌন্দৰ্য্যবৰ্দ্ধক আদি দিশেৰে চাবলৈ গ’লে জৈৱ বৈচিত্ৰৰ মূল্য বহু বেছি৷ অতিশয় ক্ষুদ্ৰ, তাৎপৰ্য্যপূৰ্ণহীন যেন লগা অণুজীৱ কিছুমানেও পৰিবেশৰ ভাৰসাম্য ৰক্ষা কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷ কেতিয়াবা এনে কিছুমান ক্ষুদ্ৰ অণুজীৱই কেঞ্চাৰ, এইডচ জাতীয় মাৰাত্মক ৰোগ নিৰাময়তো সহায় কৰা দেখা যায়৷ মেকনিলে আৰু তেওঁৰ সহকৰ্মীবৃন্দই (১৯৯০) জৈৱ বৈচিত্ৰতাৰ মূল্যক তলত দিয়া ধৰণে বিভক্ত কৰিছে –
উপভোগিক ব্যৱহাৰঃ জৈৱ বৈচিত্ৰৰ বিভিন্ন উপাদানবোৰ প্ৰত্যক্ষভাবে উৎপাদন কৰি উপভোগ কৰিব পাৰি৷ যেনে – খাদ্য,ইন্ধন,ঔষধ,সূতা ইত্যাদি৷
সমীক্ষা মতে মানুহে খোৱা খাদ্যৰ ৮০,০০০ সংখ্যক বনৰীয়া উদ্ভিদ৷ বৰ্তমান যিবিলাক উদ্ভিদ মানুহে খাদ্য হিচাপে গ্ৰহণ কৰি আছে তাৰে ৯০ শতাংশ উদ্ভিদ বনৰীয়াৰ পৰা ঘৰচীয়া কৰি লোৱা৷ জনসংখ্যা বৃদ্ধিৰ লগে লগে খাদ্যবস্তুৰ চাহিদাও বৃদ্ধি হোৱাত বৈজ্ঞানিকসকলে জিন কাৰিকৰী বিদ্যাৰ (Genetic engineering) প্ৰসাৰণ ঘটাইছে৷ বন্য উদ্ভিদ সমূহে প্ৰকৃতিৰ প্ৰতিকূল অৱস্থাতো ভাৰসাম্য ৰক্ষা কৰি বৰ্তী থাকিব পাৰে৷ সেয়েহে এই উদ্ভিদ সমূহৰ পৰা নতুন কাৰ্য্যক্ষম আৰু উৎপাদনক্ষম জিন সৃষ্টিৰ প্ৰক্ৰিয়া বিজ্ঞানীৰ দ্বাৰা অব্যাহত আছে৷ উদ্ভিদৰ উপৰিও আমি যথেষ্ট সংখ্যক বন্য প্ৰাণীক খাদ্য হিচাপে গ্ৰহণ কৰোঁ৷
বিভিন্ন প্ৰকাৰৰ জীৱনদায়িনী ঔষধৰ মূল উপাদানৰ উৎস হৈছে প্ৰকৃতিৰ বুকুত বিস্তৃত হৈ থকা উদ্ভিদ সমূহ৷ বিশ্বৰ জনসংখ্যাৰ ৭৫ শতাংশই ঔষধৰ কাৰণে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে৷ ভাৰতবৰ্ষৰ বৰ্ষাৰণ্যবোৰতে ৮৫০০ মান বিভিন্ন ঔষধীয় গছৰ মূল স্হান। তাৰেই সৰহখিনিৰ অৱস্হান উত্তৰ-পূব ভাৰত আৰু পশ্চিমঘাট পৰ্ব্বতত।
অৰণ্যৰ পৰা ইন্ধন হিচাপে কাঠ সংগ্ৰহ কৰা কাৰ্য্য পুৰণি কালৰ পৰা চলি আহিছে৷ ভূ-গৰ্ভত জমা হৈ থকা কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেচৰ দৰে জীৱাষ্ম ইন্ধনবোৰৰ মূল উৎস হ’ল জৈৱ বৈচিত্ৰ৷
কিছুমান জৈৱ বৈচিত্ৰৰ উৎপাদনশীল ব্যৱহাৰিক মূল্যৰ কাৰণে সেইবোৰ উপাদান বজাৰত বিক্ৰী কৰি বাণিজিকভাবে লাভবান হব পাৰি৷
জৈৱ বৈচিত্ৰই মানুহৰ সামাজিক জীৱন, নীতি-নিয়ম, ধৰ্ম, আবেগ ইত্যাদিতো যথেষ্ট পৰিমাণে প্ৰভাৱ পেলায়৷ বহুতো উদ্ভিদক আমাৰ দেশত পৱিত্ৰ জ্ঞান কৰা হয়,যেনে – তুলসী, আঁহত গছ, আম গছ, ডিমৰু, পদুম ফুল, বেল গছ ইত্যাদি৷ তাৰোপৰি বহুতো জীৱ-জন্তু যেনে – গৰু, সাপ, ষাড় গৰু, ময়ুৰ, ফেঁচা ইত্যাদিৰ লগত কিছুমান সম্প্ৰদায়ৰ ধৰ্মীয় আবেগ জড়িত হৈ থাকে৷ অৰ্থাৎ জৈৱ বৈচিত্ৰৰ বিভিন্ন সমাজত বিভিন্ন ধৰণেৰে সামাজিক মূল্য আছে৷
“সকলো জীৱক সংৰক্ষণ কৰিব লাগে৷” জৈৱ বৈচিত্ৰ অতি মূল্যবান সম্পদ৷ এই ধৰণৰ মূল্যই কিছুমান নৈতিক দিশ সাঙুৰি লয়৷ আমাৰ হলৌ বান্দৰ, ধনেশ পক্ষী, দেওহাঁহ, গড় ইত্যাদি অনেক জীৱ আছে যিবিলাক বৰ্ষাৰ লগত জড়িত হৈ বৰ্ষাৰণ্য চিহ্নিত বনাঞ্চলতহে পোৱা যায়।
জৈৱ বৈচিত্ৰতাৰ লগত বৃহৎ সৌন্দৰ্য্যবোধক মূল্য জড়িত হৈ আছে৷ প্ৰকৃতিৰ সৌন্দৰ্য্যবোধে মানুহক সদায় আকৰ্ষণ কৰি আহিছে৷ বহু দূৰ দূৰণিৰ পৰা যথেষ্ট সময় আৰু ধন খৰচ কৰি প্ৰকৃতিৰ মাজলৈ মানুহে বনাঞ্চল পৰিদৰ্শন কৰি জৈৱ বৈচিত্ৰতাৰ সৌন্দৰ্য্যবোধৰ মূল্য উপভোগ কৰিবলৈ আহে৷ এইয়াইতো পৰিবেশ পৰ্য্যটন৷ এই পৰিবেশ পৰ্য্যটন উদ্যোগৰ পৰা বছৰি প্ৰায় ১২ বিলিয়ন ডলাৰ ভাৰতবৰ্ষলৈ আহে৷

বৰ্ষাই অনা মাদকতাত জীবনৰ পিয়লা চপচপীয়াকৈ ভৰি উঠে। বৰ্ষাই জন্ম দিয়া অৰণ্য আৰু অৰণ্য নিবাসী প্ৰাকৃতিক জন্তুবোৰে মানুহক নিৰহংকাৰী হ’বলৈ শিকায়। মানুহ যে তেনেই ক্ষুদ্ৰ! খালী পৰি থকা পথাৰময় শুকান ও বগা পৰিবেশ, মানুহৰ অদৈম্য শাৰীৰিক পৰিশ্ৰমত সেউজীয়া হৈ উঠে। বৰ্ষাৰ প্ৰকৃতিয়ে ভৰাই ৰখা প্ৰতিটো জুৰি, নিজৰা, জান, নৈ, নদ ৰূপত বেলেগ নাম লৈ লুইত, সোৱণশিৰী, বুঢ়ীদিহিং, ধনশিৰি, দিক্ৰং, দিগাৰু, কপিলী, দিচাং, দিখৌ, ভৰলী, গাই আদি হৈ আকৌ সাগৰলৈকে বৈ যায়। প্ৰতিশ্ৰুতি দি যায় আকৌ অহাৰ। বৰ্ষাই অনন্য ৰূপ দিয়া প্ৰকৃতিপ্ৰদত্ত চিৰ নমস্য অসম মাতৃৰ প্ৰাকৃতিক পৰিবেশত ৰঙৰ মেলা বহে। সেউজীয়া, হালধীয়া, ৰঙা, গুলপীয়া। আহক, এই বৰ্ষাৰ যোগেদি অন্য ঋতুবোৰকো সামৰি ৰখা এক চিৰ নমস্য মহাশক্তিৰ অমোঘ শক্তিৰ ওচৰত আমি নতশিৰ হওঁ আৰু আই অসমীৰ সাহিত্য পূজাতো আমি বিলীন হৈ যাওঁ।
वृथा वृष्टिः समुद्रेषु वृथा भोजनम।
वृथा दानं धनादयेषु वृथा दीपो दिवापि च।।

प्रकितैयब च कर्माणिक्रियमानानि
य़ः पश्य़तितथात्मानमकर्ताब्य़ सपश्य़ति।।
ঃঃঃঃঃ

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.