অশ্ৰু -সৌৰভ জ্যোতি বৰ্মন

অশ্ৰু   -সৌৰভ জ্যোতি বৰ্মন

অশ্ৰু -সৌৰভ জ্যোতি বৰ্মন

by July 17, 2017 0 comments

আজি ৰাতিপুৱাৰ পৰাই বৰষুণ দিছে৷ অইন দিনতকৈ পিছে আজিৰ ৰেহ-ৰূপ অলপ পৃথক৷ ঝিৰ-ঝিৰকৈ সৰিছে টোপালবোৰ৷ বিজুলী-ঢেৰেকনিৰ ভয়াবহতাও নাই অলপো৷ কিয় বা নাজানো… আজি বৰষুণত তিতিবলৈ খুব মন গৈছে মোৰ, তাকো অকলে নহয়… কোনোবা সংগীৰ সৈতে৷

বাছ আস্থানত থিয় হৈ বাহিৰলৈ হাত দুখন উলিয়াই বৰষুণৰ পানীৰ স্পৰ্শৰ আনন্দ লোৱাত ব্যস্ত মই৷ ঠিক সেইখিনি সময়তে মোৰ ওচৰতে থিয় হৈ থকা ছোৱালীজনীয়ে স্বতস্ফুৰ্তভাৱে কৈ উঠিল —
: “বৰষুণত তিতাটো এটা অন্যধৰণৰ অনুভূতি নহয় নে..?”
মই অৱশ্যে একো নক’লো৷ মনে-মনে থাকিলো৷
: “হাঃ হাঃ… কি অদ্ভুত আপুনি… একদম প্ৰতিক্ৰিয়া বিহীন…”
ছোৱালীজনীৰ মুখলৈ লাজ-লাজকৈ এবাৰ চাই পঠিয়ালোঁ৷ বৰ্ষণমুখৰ বতৰ এটাত এনেকুৱা এজনী ছোৱালী, যাক মই কাহানিও চিনি নাপাওঁ অথবা যাৰ বিষয়ে অকণো নাজানো… তেওঁ মোৰ সৈতে কথা পাতিছে…! সাধাৰণতেটো কোনো ছোৱালীয়ে এনেকৈ নিজে প্ৰথমতে বাৰ্তালাপ নকৰে… এই ছোৱালীজনী নিশ্চয় অন্য ছোৱালীতকৈ পৃথক হ’ব৷
: “কেতিয়াবা বৰষুণত তিতি পাইছে?”
: “বৰষুণত বহুবাৰেই তিতি পাইছো আগতে৷ তাৰ বাবেইটো আপোনাৰ দৰে এনেকৈ হাত উলিয়াই বৰষুণৰ পানীৰ স্পৰ্শৰ আনন্দ উপভোগ কৰা নাই৷ মুক্তমনে তিতাৰ যিটো মজা, সেইটো এনেকৈ ক’ত…? আপুনি বাৰু সৰু ল’ৰাৰ দৰে কাম কৰা নাই নে..? …. হাঃ হাঃ হাঃ…”
ছোৱালীজনীয়ে বহুদিন আগৰ চিনাকিৰ দৰেই কথাবোৰ কৈ গৈছে৷
: “আপোনাৰ নাম কি?”
: “অহ্… মই প্ৰান্ত৷”
: “আপোনালোকে কৰিব পৰা বহু কাম আমি কৰিব নোৱাৰোঁ… জানেনে আপুনি?”
ছোৱালীজনীৰ কথা একো নুবুজিলো মই৷ আচলতে তেওঁ কি বুজাব বিচাৰিছে?
: “মই একো বুজা নাই৷”
: “এই যে আপোনালোকে স্বাধীনভাৱে চলা ফুৰা কৰিব পাৰে, আমি ছোৱালীবোৰে নোৱাৰোঁ৷ আমি যে প্ৰত্যেকটো কামৰে স্পষ্টীকৰণ দিব লাগে৷”
: “কথাটো অৱশ্যে হয়৷”
: “জানে… মোৰো এতিয়া বৰষুণত তিতিবলৈ খুৱ মন গৈছে৷ কিন্তু…
ছোৱালীজনীয়ে কথাখিনি সম্পূৰ্ণ নকৰিলে৷ অসম্পূৰ্ণ ভাৱেই ৰৈ গ’ল….
: “কিন্তু কি…?”
: “এই যে স্বাধীনতা নাই৷”
মই কোনো প্ৰত্যুত্তৰ নিদিলোঁ৷ বাছ আস্থানৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ৷ দুহাত মেলি, চকুযুৰি মুদি আকাশৰ পিনে মুখ কৰি ৰ’লোঁ৷ সঁচাকৈ এক অতুলনীয় অনুভূতি…৷
: “বৰষুণত কেতিয়াবা কান্দি পাইছে?”
ছোৱালীজনীৰ কথাই কিছু অপ্ৰস্তুত কৰিলে মোক৷
: “নাই, কান্দি পোৱা নাই কেতিয়াও৷ আপুনি পাইছে?”
: “হয়, বহুবাৰ কান্দিছোঁ৷”
: “আপোনাৰ বহুত দুখ আছে নেকি বাৰু?”
: “কিয় সুধিলে বা..?”
: “মই জানো যিয়ে কষ্ট নামৰ শব্দটোক বুকুৰ মাজত চেপি লৈ.. হাঁহি-স্ফুৰ্টিৰে চলাৰ অভিনয় কৰে তেৱেঁই নিৰৱে বৰষুণত কান্দে৷”
এইবাৰ ছোৱালীজনী নিমাত হৈ গ’ল৷ মোৰ বুজিবলৈ আৰু বাকী নাথাকিল৷
: “অহ্… আপোনাৰ নামটো সোধাই নাই চোন মই…”
: “প্ৰান্তিকা৷”
: “বৰষুণত তিতিব?”
: “ঘৰত গালি পাৰিব… মোৰ দৰে বিধৱা এগৰাকীয়ে গা ঘেলাই ফুৰা বুলি৷”
: “তেনেহ’লে ঠিক আছে… নালাগে দিয়ক তিতিব…”
মই অন্যমনস্ক হৈ পৰিলোঁ৷ ঠিক কিছুক্ষণৰ পিছত প্ৰান্তিকা মোৰ ওচৰলৈ দৌৰি আহিল আৰু ক’লে…
: “ময়ো তিতিম বৰষুণত৷ হিয়া খুলি কান্দিম৷”
মই প্ৰান্তিকাৰ ফালে চাই ৰ’লোঁ৷আৰু মনে-মনে ভাবিলোঁ — কি… তেওঁ সচাকৈয়ে কান্দিব…?
: “কিয় কান্দিব?”
: “মন পাতল কৰাৰ বাবে৷”
: “আপোনাৰ কিনো ইমান দুখ..?”
: “থাকক দিয়ক এইসব কথা৷ আজি আৰু নকওঁ…”
সকলোৰে জীৱনত কিবা নহয় কিবা দুখ থাকেই৷ কোনোৱে প্ৰকাশ কৰে, কোনোৱে নকৰে৷ আৰু যিসকলে প্ৰকাশ নকৰে, তেওঁলোকে বৰষুণত কান্দে আনৰ অগোচৰে৷
: “ব’লক ময়োঁ কান্দিম আপোনাৰ সৈতে…”
: “আপুনি আকৌ কিয় কান্দিব?”
: “মোৰো ইচ্ছা গৈছে৷”
: “আপোনাৰ কি দুখ আছে?”
মই চুপ হৈ ৰ’লোঁ৷ কি বুলি ক’ম ভাবি পোৱা নাই৷ এই যে কিছুসময় আগত কৈছিলোঁ — কোনোৱে দুখ প্ৰকাশ কৰে, কোনোৱে নকৰে৷ ধৰি লওক, ময়ো সেই দলৰে এজন৷
: “ব’লক কান্দোগৈ৷ আৰু পুৰণি স্মৃতি স্মৰণ কৰোঁগৈ৷”
: “ঠিক আছে… ব’লক…”
এইবাৰ দুয়োৱেই হাত মেলি আকাশৰ পিনে চাই পুৰণি স্মৃতিক সোঁৱৰাই কান্দিব ধৰিলোঁ৷
কিছুক্ষণ পাছত প্ৰান্তিকাক সুধিলোঁ —
: “মন পাতলিল আপোনাৰ…?”
: “হয়, বহুখিনি পাতলিল৷”
: “আৰু পাতলাব বিচাৰে?”
: “কেনেকৈ?”
: “দুহাত মেলি চিঞৰি-চিঞৰি কওক — আই হেট ইউ…”
প্ৰান্তিকাই বহু দেৰিলৈকে মোৰ মুখলৈকে চাই থাকিল৷ মোৰ ভাৱ হ’ল — তেওঁ কিবা ক’ব বিচাৰিছে, কিন্তু কি ক’ব ভাবি পোৱা নাই৷ মই নিজেই আৰম্ভ কৰিলোঁ —
: “আই হেট ইউ… আই হেট ইউ…”
এবাৰ, দুবাৰ, তিনিবাৰ… অনেকবাৰ ক’লোঁ৷ সমান্তৰালভাৱে প্ৰান্তিকাৰ মুখৰ পৰাও ভাহি আহিল…
: “আই হেট ইউ… আই হেট ইউ…. আই হেট ইউ….”
প্ৰান্তিকাই ৰোৱাৰ নাম লোৱা নাই৷ কান্দি-কান্দি চিঞৰিছে তেওঁ…. কেৱল চিঞৰিছে….৷ এটা মুহূৰ্তত মাটিতে বহি পৰিল তেওঁ… উচ্চ স্বৰত কান্দিব ধৰিছে দুহাতৰ মাজত মুখ গুজি৷ কান্দক৷ আজিয়েই কান্দি লওক৷ আজি কন্দাৰ দিন৷ নাই, মই আৰু একো নকওঁ তেওঁক৷ এই স্বাধীন মুহূৰ্তটোৰ হেঙাৰ নহওঁ৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.